15.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – দেহ-অভিমান হৈছে আসুৰি চৰিত্ৰ, সেয়া সলনি কৰি দৈৱী চৰিত্ৰ ধাৰণ কৰিলে ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত হৈ যাবা”

প্ৰশ্ন:
প্ৰত্যেক আত্মাই নিজৰ পাপ কৰ্মৰ শাস্তি কেনেকৈ ভোগ কৰে, তাৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

উত্তৰ:
প্ৰত্যেক আত্মাই নিজৰ পাপৰ শাস্তি প্ৰথমতে গৰ্ভ কাৰাগাৰত ভোগ কৰে, দ্বিতীয়তে ৰাৱণৰ কাৰাগাৰত অনেক প্ৰকাৰৰ দুখ পায়। বাবা তোমালোক সন্তানসকলক এই কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ আহিছে। ইয়াৰ পৰা মুক্ত হ’বলৈ সভ্য হোৱা।

ওঁম্শান্তি।
ড্ৰামাৰ পৰিকল্পনা অনুসৰি পিতাই বহি বুজায়। পিতাহে আহি ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰে কাৰণ সকলো আসুৰিক, পাপ আত্মা। গোটেই সৃষ্টিৰ মনুষ্য মাত্ৰেই আসুৰিক হোৱাৰ বাবে ৰাৱণৰ কাৰাগাৰত আছে। আকৌ যেতিয়া শৰীৰ এৰে তেতিয়া গৰ্ভ কাৰাগাৰত যায়। পিতা আহি দুয়োখন কাৰাগাৰৰ পৰা মুক্ত কৰে তাৰপাছত তোমালোক আধাকল্প ৰাৱণৰ কাৰাগাৰতো নোযোৱা আৰু গৰ্ভ কাৰাগাৰতো নোযোৱা। তোমালোকে জানা পিতাই লাহে লাহে পুৰুষাৰ্থ অনুসৰি আমাক ৰাৱণৰ কাৰাগাৰৰ পৰা আৰু গৰ্ভ কাৰাগাৰৰ পৰা মুক্ত কৰে। পিতাই কয় ৰাৱণৰাজ্যত তোমালোক সকলো আসুৰিক। আকৌ ৰামৰাজ্যত সকলো দৈৱিক (সভ্য) হৈ যায়। কোনো ভূতৰ প্ৰৱেশ নঘটে। দেহৰ অহংকাৰ আহিলে আকৌ ভূতৰ প্ৰৱেশ ঘটে। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰি দেহী-অভিমানী হ’ব লাগে। যেতিয়া এনেকুৱা (লক্ষ্মী-নাৰায়ণ) হৈ যাবা তেতিয়াহে দেৱতা বুলি কোৱা হ’ব। এতিয়াতো তোমালোকক ব্ৰাহ্মণ বুলি কোৱা হয়। ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ পিতা আহি পঢ়ায় আৰু সকলোৰে চৰিত্ৰ যি নষ্ট হৈ গৈছে সেয়া শুধৰায়। আধাকল্পৰ পৰা চৰিত্ৰ নষ্ট হৈ হৈ বহুত বেয়া হৈ গ’ল। এই সময়ত হৈছে তমোপ্ৰধান চৰিত্ৰ। দৈৱী আৰু আসুৰি চৰিত্ৰৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। পিতাই বুজায় - এতিয়া পুৰুষাৰ্থ কৰি নিজৰ দৈৱী চৰিত্ৰ গঢ়ি তুলিব লাগে, তেতিয়াহে আসুৰি চৰিত্ৰৰ পৰা মুক্তি পাবা। আসুৰি চৰিত্ৰ দেহ-অভিমান হৈছে এক নম্বৰ। দেহী-অভিমানীসকলৰ চৰিত্ৰ কেতিয়াও বেয়া নহয়। সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে চৰিত্ৰ। দেৱতাসকলৰ চৰিত্ৰ কেনেকৈ স্খলিত হৈছিল। যেতিয়া তেওঁলোক বাম মাৰ্গত গৈছিল অৰ্থাৎ বিকাৰী হৈছিল তেতিয়া চৰিত্ৰ স্খলিত হৈছিল। জগন্নাথৰ মন্দিৰত বাম মাৰ্গৰ এনেকুৱা চিত্ৰ দেখুওৱা হৈছে। এয়াতো বহু বছৰ পুৰণি মন্দিৰ, পোছাক আদিও দেৱতাসকলৰেই। দেৱতা বাম মাৰ্গত কেনেকৈ যায় সেয়া দেখুৱায়। এয়া হৈছে সৰ্বপ্ৰথম আসুৰিকতা। কাম চিতাত উঠে, তাৰপাছত ৰং সলনি হৈ হৈ একেবাৰে ক'লা হৈ যায়। পোন প্ৰথমে স্বৰ্ণীম যুগত সম্পূৰ্ণ বগা (পৱিত্ৰ), তাৰপাছত দুটা কলা কম হৈ যায়। ত্ৰেতাক স্বৰ্গ বুলি কোৱা নহ’ব, ,সেয়া হৈছে অৰ্ধ-স্বৰ্গ। পিতাই বুজাইছে - ৰাৱণ অহাৰ বাবেই তোমালোকৰ মামৰৰ প্ৰলেপ পৰিবলৈ আৰম্ভ কৰিলে। সম্পূৰ্ণ আসুৰিক শেষৰ ফালে হোৱা। এতিয়া 100 শতাংশ আসুৰিক বুলি ক’ব। 100 শতাংশ নিৰ্বিকাৰী আছিলা আকৌ 100 শতাংশ বিকাৰী হ'লা। এতিয়া পিতাই কয় - শুধৰণি কৰি যোৱা, এই ৰাৱণৰ কাৰাগাৰ বহুত ডাঙৰ। সকলোকে আসুৰিক বুলিয়েই কোৱা হ’ব কাৰণ ৰাৱণৰ ৰাজ্যত আছে নহয়। ৰামৰাজ্য আৰু ৰাৱণৰাজ্যৰ বিষয়ে তেওঁলোকে নাজানেই। এতিয়া তোমালোকে ৰামৰাজ্যলৈ যোৱাৰ বাবে পুৰুষাৰ্থ কৰি আছা। কোনো সম্পূৰ্ণ হোৱা নাই। কোনোবা প্ৰথম, কোনোবা দ্বিতীয়, কোনোবা তৃতীয় শ্ৰেণীত আছে। এতিয়া পিতাই পঢ়ায়, দৈৱীগুণ ধাৰণ কৰায়। দেহ-অভিমানতো সকলোৰে আছে। যিমানে তোমালোক সেৱাত ব্ৰতী হৈ থাকিবা সিমানে দেহ-অভিমান কম হৈ যাব। সেৱা কৰিলেহে দেহ-অভিমান কম হ'ব। দেহী-অভিমানীয়ে ডাঙৰ ডাঙৰ সেৱা কৰিব। বাবা দেহী-অভিমানী বাবে কিমান ভাল সেৱা কৰে। সকলোকে আসুৰি ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰি সৎগতি প্ৰাপ্ত কৰাই দিয়ে, তাত (স্বৰ্গত) আকৌ দুয়োখন কাৰাগাৰেই নাথাকে। ইয়াত দুখন কাৰাগাৰ আছে, সত্যযুগত আদালতো নাই, পাপ আত্মাও নাই, ৰাৱণৰ কাৰাগাৰো নাই। ৰাৱণৰ হৈছে বেহদৰ কাৰাগাৰ। সকলো পাঁচ বিকাৰৰ ৰছীৰে বান্ধ খাই আছে। সীমাহীন দুখ আছে। দিনে-প্ৰতিদিনে দুখ বৃদ্ধি হৈ গৈ থাকে।

সত্যযুগক সোণালী যুগ বুলি কোৱা হয়, ত্ৰেতাক ৰূপালী যুগ। সত্যযুগৰ সুখ ত্ৰেতাত থাকিব নোৱাৰে কাৰণ আত্মাৰ দুটা কলা কম হৈ যায়। আত্মাৰ কলা কম হলে শৰীৰো তেনেকুৱা হৈ যায়, গতিকে এইটো বুজিব লাগে যে যথাযথ আমি ৰাৱণৰ ৰাজ্যত দেহ-অভিমানী হৈ গৈছোঁ। এতিয়া পিতা ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ আহিছে। আধাকল্পৰ দেহ-অভিমান আঁতৰাবলৈ সময়তো লাগেই। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। যিসকলে সোনকালে শৰীৰ এৰি গ’ল তেওঁলোক তথাপিও ডাঙৰ হৈ আহিলে কিছু জ্ঞান আহৰণ কৰিব পাৰে। যিমানে দেৰি হৈ যায়, তেতিয়া পুৰুষাৰ্থতো কৰিব নোৱাৰে। কোনোবা মৰিলে পুনৰ আহি পুৰুষাৰ্থ কৰিব তেতিয়াহে পাৰিব যেতিয়া ইন্দ্ৰিয়সমূহ পৈণত হ'ব, বুদ্ধিমান হ’লে কিবা কৰিবও পাৰে। দেৰিকৈ অহাসকলেতো একো শিকিব নোৱাৰিব। যিমান শিকিলে সিমানেই সেই বাবে মৰাৰ আগতে পুৰুষাৰ্থ কৰিব লাগে, যিমান পাৰে এইফালে অহাৰ চেষ্টা নিশ্চয় কৰিব। এইটো অৱস্থাত বহুত আহিব। বৃক্ষৰ বৃদ্ধি হ’ব। বুজনিতো বহুত সহজ। বোম্বাইত (এতিয়া মুম্বাই) পিতাৰ পৰিচয় দিয়াৰ ভাল সুযোগ আছে - এওঁ আমাৰ সকলোৰে পিতা, পিতাৰ পৰা নিশ্চয় স্বৰ্গৰেই উত্তৰাধিকাৰ লাগে। কিমান সহজ। অন্তৰ গদগদ হ’ব লাগে, এওঁ হৈছে আমাক পঢ়াওঁতা। এয়া হৈছে আমাৰ লক্ষ্য-উদ্দেশ্য। আমি প্ৰথমতে সৎগতিত আছিলোঁ, আকৌ দুৰ্গতিত আহিলোঁ, এতিয়া আকৌ দুৰ্গতিৰ পৰা সৎগতিত যাব লাগে। শিৱবাবাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হৈ যাব।

তোমালোক সন্তানসকলে জানা - যেতিয়া দ্বাপৰত ৰাৱণৰাজ্য হয় তেতিয়া 5 বিকাৰ ৰূপী ৰাৱণ সৰ্বব্যাপি হৈ যায়। য'ত বিকাৰ সৰ্বব্যাপি, ত’ত পিতা সৰ্বব্যাপি কেনেকৈ হ’ব পাৰে। সকলো মনুষ্যই পাপ আত্মা নহয় জানো। পিতা সন্মুখত আছে সেইবাবেতো এনেকৈ কয় যে মই তেনেকৈ কোৱাই নাই, ওলোটাকৈ বুজি লৈছে। ওলোটাকৈ বুজি, বিকাৰত অধঃপতিত হৈ হৈ, গালি পাৰোতে পাৰোতে ভাৰতৰ এইটো অৱস্থা হৈছে। খ্ৰীষ্টান লোকসকলেও জানে যে 5 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল, সকলো সতোপ্ৰধান আছিল। ভাৰতবাসীয়েতো লাখ লাখ বছৰ বুলি কৈ দিয়ে কিয়নো বুদ্ধি তমোপ্ৰধান হৈ গৈছে। তেওঁলোক (খ্ৰীষ্টানসকল) আকৌ ইমান উচ্চও নহয়, ইমান নীচো নহয়। তেওঁলোকেতো বুজে যে যথাযথ স্বৰ্গ আছিল। পিতাই কয় - এওঁলোকে ঠিক কথা কয় - 5 হাজাৰ বছৰ পূৰ্বেও মই তোমালোক সন্তানসকলক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ আহিছিলোঁ, এতিয়া পুনৰ মুক্ত কৰিবলৈ আহিছোঁ। আধাকল্প হৈছে ৰামৰাজ্য, আধাকল্প হৈছে ৰাৱণৰাজ্য। সন্তানসকলে সুযোগ পালে বুজাব লাগে।

বাবায়ো তোমালোক সন্তানসকলক বুজায় - সন্তানসকল, এনেকৈ এনেকৈ বুজোৱা। ইমান সীমাহীন দুখ কিয় হৈছে? আগতেতো যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল তেতিয়া সীমাহীন সুখ আছিল। এওঁলোক সৰ্ব-গুণসম্পন্ন আছিল, এতিয়া এই জ্ঞান হয়েই নৰৰ পৰা নাৰায়ণ হোৱাৰ। এয়া হৈছে পঢ়াৰ কথা, ইয়াৰ দ্বাৰা দৈৱী চৰিত্ৰ গঠন হয়। এই সময়ত ৰাৱণৰ ৰাজ্যত সকলোৰে চৰিত্ৰ স্খলিত হৈছে। সকলোৰে চৰিত্ৰ শুধৰাওঁতা এজনেই ৰাম। এই সময়ত কিমান ধৰ্ম আছে, মনুষ্য কিমান বৃদ্ধি হৈ গৈ থাকে, এনেকৈ বৃদ্ধি হৈ থাকিলে তেতিয়া খাদ্য ক'ৰপৰা পাব! সত্যযুগততো এনেকুৱা কথা নাথাকে। তাত দুখৰ কোনো কথাই নাই। এই কলিযুগ হৈছে দুখধাম, সকলো বিকাৰী। সেয়া হৈছে সুখধাম, সকলো সম্পূৰ্ণ নিৰ্বিকাৰী। বাৰে বাৰে তেওঁলোকক এয়া শুনাব লাগে তেতিয়া কিবা বুজি পাব। পিতাই কয় - মই পতিত-পাৱন, মোক স্মৰণ কৰিলে তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হ’ব। এতিয়া পিতাই কেনেকৈ শুনাব! নিশ্চয় শৰীৰ ধাৰণ কৰি শুনাব নহয়। পতিত-পাৱন সকলোৰে সৎগতিদাতা এজনেই পিতা, নিশ্চয় তেওঁ কাৰোবাৰ ৰথত আহিব। পিতাই কয় - মই এই ৰথত (ব্ৰহ্মাৰ শৰীৰত) আহোঁ যিয়ে নিজৰ জন্মৰ বিষয়েই নাজানে। পিতাই বুজায় এয়া 84 জন্মৰ খেল, যিসকল প্ৰথমে আহিছিল তেওঁলোকেই আহিব, তেওঁলোকৰে বহুত জন্ম হ’ব তাৰপাছত কমি গৈ থাকিব। সকলোতকৈ প্ৰথমে দেৱতাসকল আহিল। বাবাই সন্তানসকলক ভাষণ দিবলৈ শিকায় - এনেকৈ বুজাব লাগে। ভালকৈ স্মৃতিত থাকিলে, দেহ-অভিমান নাথাকিলে ভাষণ ভালকৈ দিব। শিৱবাবা দেহী-অভিমানী হয় নহয়। তেওঁ কৈ থাকে - সন্তানসকল, দেহী-অভিমানী হোৱা। কোনো বিকাৰ যাতে নাথাকে, ভিতৰত যাতে কোনো আসুৰিকতা নাথাকে। তোমালোকে কাকো দুখ দিব নালাগে, কাৰো নিন্দা কৰিব নালাগে। তোমালোক সন্তানসকলে কেতিয়াও অহুকাণে-পহুকাণে শুনা কথাত বিশ্বাস কৰিব নালাগে। পিতাক সোধা - এওঁ এনেকৈ কৈছে, সত্য কি? বাবাই কৈ দিব। নহ’লেতো বহুত আছে যিয়ে মিথ্যা ৰচনা কৰাত দেৰি নকৰে - অমুকে তোমাৰ বিষয়ে এনেকৈ ক'লে, এনেকৈ শুনাই তেওঁকেই জ্বলাই মাৰিব। বাবাই জানে, এনেকুৱা বহুত থাকে। ওলট-পালট কথা শুনাই অন্তৰ বেয়া কৰি দিয়ে সেইবাবে কেতিয়াও মিছা কথা শুনি ভিতৰি জ্বলিব নালাগে। সোধা - অমুকে মোৰ বিষয়ে এনেদৰে কৈছে নেকি? অন্তৰ পৰিস্কাৰ হোৱা উচিত। বহুত সন্তানে অহুকাণে-পহুকাণে শুনা কথাত বিশ্বাস কৰিও নিজৰ মাজত শত্ৰুতাৰ সৃষ্টি কৰে। পিতাক পাইছা যেতিয়া পিতাক সুধিব লাগে নহয়। পিতা ব্ৰহ্মাৰ প্ৰতিও বহুতৰে বিশ্বাস নাথাকে। শিৱবাবাকো পাহৰি যায়। পিতাতো সকলোকে উচ্চ কৰি তুলিবলৈ আহিছে। মৰমেৰে উৎকৰ্ষ সাধন কৰাই থাকে। ঈশ্বৰীয় মত ল’ব লাগে। নিশ্চয়েই যদি নজন্মে তেন্তে নুসুধিবই আৰু তেতিয়া সঁহাৰিও নাপাব। পিতাই যি বুজায় সেয়া ধাৰণ কৰিব লাগে।

তোমালোক সন্তানসকল শ্ৰীমতত বিশ্বত শান্তি স্থাপনা কৰাৰ নিমিত্ত হৈছা। একমাত্ৰ পিতাৰ বাহিৰে আন কাৰো মত উচ্চতকৈও উচ্চ হ'ব নোৱাৰে। উচ্চতকৈও উচ্চ মতে হয়েই ভগৱানৰ। যাৰ দ্বাৰা পদ মৰ্যাদাও কিমান উচ্চ পোৱা যায়। পিতাই কয় - নিজৰ কল্যাণ কৰি উচ্চ পদ লোৱা, মহাৰথী হোৱা। যদি নপঢ়াই তেন্তে কি পদ পাবা। এয়া হৈছে কল্প-কল্পান্তৰৰ কথা। সত্যযুগত দাস-দাসীও ক্ৰমানুসৰি হয়। পিতাতো উচ্চতকৈও উচ্চ কৰি তুলিবলৈ আহিছে কিন্তু নপঢ়িলে কি পদ পাবা। প্ৰজাৰ মাজতো উচ্চ-নীচ পদ থাকে নহয়, এয়া বুদ্ধিৰে বুজিব লাগে। মনুষ্যই গম নাপায় যে আমি ক’লৈ যাওঁ। ওপৰলৈ যাওঁ নে তললৈ নামি যাওঁ। পিতা আহি তোমালোক সন্তানসকলক বুজায় - ক'ত তোমালোক সোণালী, ৰূপালী যুগত আছিলা, ক’ত লৌহযুগত আহি গৈছা। এই সময়ততো মনুষ্যই মনুষ্যকে খাই পেলায়। এতিয়া এই সকলোবোৰ কথা যেতিয়া বুজিব তেতিয়াহে ক’ব যে জ্ঞান কাক কোৱা হয়। বহুত সন্তানে এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিয়ে। ভাল ভাল সেৱাকেন্দ্ৰৰ ভাল ভাল সন্তানৰো আসুৰিক দৃষ্টি থাকে। লাভ, লোকচান, সন্মানৰ প্ৰতি ভ্ৰূক্ষেপেই নকৰে। মূল কথা হয়েই পৱিত্ৰতাৰ, ইয়াৰ বাবেই কিমান কাজিয়া হয়। পিতাই কয় - এই কাম হৈছে মহাশত্ৰু, ইয়াক জয় কৰা তেতিয়া জগতজিৎ হ’বাগৈ। দেৱতাসকল সম্পূৰ্ণ নিৰ্বিকাৰী নহয় জানো। আগলৈ গৈ বুজিবা। স্থাপনা হৈয়েই যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও অহুকাণে-পহুকাণে শুনা কথাত বিশ্বাস কৰি নিজৰ স্থিতি বেয়া কৰিব নালাগে। ভিতৰি পৰিস্কাৰ হ’ব লাগে। মিছা কথা শুনি ভিতৰি জ্বলিব নালাগে, ঈশ্বৰীয় মত লৈ ল'ব লাগে।

(2) দেহী-অভিমানী হ’বলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে, কাৰো নিন্দা কৰিব নালাগে। লাভ, লোকচান আৰু সন্মানৰ প্ৰতি ধ্যান দি আসুৰি দৃষ্টি সমাপ্ত কৰিব লাগে। পিতাই যি শুনায় সেয়া এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিব নালাগে।

বৰদান:
ত্ৰিকালদৰ্শীৰ আসনত স্থিত হৈ প্ৰতিটো কৰ্ম কৰোঁতা শক্তিশালী আত্মা হোৱা

যিসকল সন্তান ত্ৰিকালদৰ্শীৰ আসনত স্থিত হৈ সকলো সময়ত, প্ৰতিটো কাৰ্য কৰে, তেওঁলোকে জানে যে পৰিস্থিতিতো অনেক আহিব, নিজৰ দ্বাৰাই হওঁক, মায়া বা প্ৰকৃতিৰ দ্বাৰাই হওঁক সকলো প্ৰকাৰেৰে পৰিস্থিতিতো আহিব, আহিবই কিন্তু স্ব-স্থিতি শক্তিশালী হ’লে তেতিয়া পৰ-স্থিতি তাৰ আগত একোৱে নহয়। কেৱল প্ৰতিটো কৰ্ম কৰাৰ পূৰ্বে তাৰ আদি-মধ্য-অন্ত তিনিওকাল পৰীক্ষা কৰি, বুজি তাৰপাছত যিয়েই কৰা শক্তিশালী হৈ পৰিস্থিতিসমূহ অতিক্ৰম কৰি ল’বা।

স্লোগান:
সৰ্বশক্তি আৰু জ্ঞান সম্পন্ন হোৱাটোৱেই সংগমযুগৰ প্ৰালব্ধ।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

নিজৰ সময়, সুখ, নাম, সম্ভ্ৰম, মান সকলো প্ৰাপ্তিৰ ইচ্ছাক উৎসৰ্গিত কৰি, লোৱাৰ ইচ্ছাও ত্যাগ কৰি দিওঁতা মহাদানী হোৱা তেতিয়া পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন বুলি কোৱা হ’ব। অপকাৰীৰ প্ৰতি উপকাৰৰ বৃত্তি তেওঁলোকেই ৰাখিব পাৰে যিসকলৰ মন স্বচ্ছ। যদি নিজৰ প্ৰতি আৰু অন্যৰ প্ৰতি ব্যৰ্থ সংকল্প উদয় হয় তেন্তে এয়া স্বচ্ছ মন নহয়। মন স্বচ্ছ, বুদ্ধি নিকা আৰু পৰিষ্কাৰ হ’লে তেতিয়া পৰোপকাৰী হ’ব পাৰিবা।