15.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সকলোকে এইটোৱেই বাৰ্তা দিয়া যে দেহ সহিত দেহৰ সকলো ধৰ্ম পাহৰি নিজক আত্মা বুলি বুজা
তেতিয়া সকলো দুখ দূৰ হৈ যাব”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে কোনটো কথাত পিতাক অনুসৰণ কৰিব লাগে?
উত্তৰ:
যেনেকৈ এই ব্ৰহ্মাই সকলো ঈশ্বৰক অৰ্পণ কৰি দিলে। পূৰা নিমিত্ত হ’ল, তেনেকৈ নিমিত্ত
হৈ থাকা। কেতিয়াও ওলট-পালট খৰচ কৰি পাপ আত্মাক নিদিবা। নিজৰ সকলো ঈশ্বৰীয় সেৱাত
লগোৱা, পূৰা নিমিত্ত হোৱা। পিতাৰ শ্ৰীমতত চলি থাকা। পিতাই লক্ষ্য কৰে কোনগৰাকী
সন্তান কিমান পিতাৰ শ্ৰীমতত চলে।
গীত:
তু প্যাৰ কা
সাগৰ হে….. (তুমি প্ৰেমৰ সাগৰ….)
ওঁম্শান্তি।
সন্তানসকলে
গীতটি শুনিলে। কয় - বাবা আমি ক'ৰ পৰা আহিলোঁ, কেতিয়া আহিলোঁ আকৌ উভতি যোৱাৰ ৰাস্তা
কেনেকৈ পাহৰিলোঁ। এই নাটকখন কাণত বুজাই দিয়ক। আমি কোন, ক'ৰ পৰা আহিলোঁ পুনৰ ক'লৈ
গুচি গ'লোঁ! জ্ঞানৰ এটি টোপালতো দি দিয়ক কিয়নো জ্ঞানৰ সাগৰ হয় নহয়। এতিয়া সন্তানসকলে
জানে আমি আত্মাসসকল ক'ৰ বাসিন্দা আকৌ পিতাক আৰু নিজৰ স্বৰ্গক কেনেকৈ পাহৰিলোঁ আৰু
কেনেকৈ আহি ইয়াত দুখী হ’লোঁ - এই ৰহস্য কাণত শুনাওঁক। এতিয়া পিতা জ্ঞানৰ সাগৰো হয়,
পৱিত্ৰতাৰ সাগৰো হয়। প্ৰেমৰ সাগৰো হয়। শান্তিৰ, সুখৰ আৰু সম্পত্তিৰ সাগৰো হয়। এতিয়া
বেহদৰ পিতাৰ দ্বাৰা এই সকলোবোৰ কথা বুজি পাইছোঁ। আদিত ক'ৰ পৰা আহিলোঁ আকৌ মধ্যত কি
হ’ল, যাৰ বাবে আমি ৰাস্তা পাহৰি দুখী হৈ গ’লোঁ। পুনৰ এতিয়া পিতাক কয় - বাবা আমাক
ৰাস্তা দেখুৱাওক। আমি নিজৰ সুখধাম শান্তিধামলৈ যাওঁ! পিতাইহে বহি বুজায় - তোমালোক
আদিত কোন আছিলা আকৌ মধ্যত কি হ’লা। ভক্তিমাৰ্গ কেনেকৈ আৰম্ভ হ’ল, অন্তত কি হ’ল, এই
আদি-মধ্য-অন্তৰ ৰহস্য এতিয়া বুদ্ধিত ধাৰণ হৈছে। এয়া নাটক হয় নহয়। এয়া মনুষ্যই
নিশ্চয় জানিব লাগে - কিয়নো ভাৱৰীয়া হয়। জানে যে আমি আত্মাসকল নিৰাকাৰী শান্তিধামৰ
পৰা আহোঁ, ইয়াত বাণীৰ জগতলৈ। মূলধাম, সূক্ষ্মধাম আকৌ এয়া হৈছে স্থূলধাম। আকৌ
মূলধামৰ পৰা আত্মাসকল বাণীৰ ধামলৈ আহে, শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰিবলৈ। আত্মাৰ
নিবাসস্থান হৈছে শান্তিধাম। এই কথাবোৰ জগতত কোনেও নাজানে। এই জ্ঞান সাগৰ পিতাইহে আহি
বুজাইছে। এতিয়া বুজাই আছে - জ্ঞান সাগৰ বুলি কোৱা হয় পাৰলৌকিক পৰমপিতা পৰমাত্মাক।
মনুষ্যক ক’ব নোৱাৰি। এই মহিমা কেৱল এজন পিতাৰহে গায়ন কৰা হয়, যাক আৰু কোনেও নাজানে।
এতিয়া বিনাশৰ সময়। গায়ন কৰা হৈছে - বিনাশ কালত অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধি ইউৰোপবাসী.....
এতিয়া পিতাই তোমালোকৰ বুদ্ধিযোগ নিজৰ লগত সংযোগ কৰিছে যে মামেকম্ (কেৱল মোক;
পৰমপিতাক) স্মৰণ কৰা। মই মুছলমান, হিন্দু, বৌদ্ধী ..... এই সকলোবোৰ হৈছে দেহৰ ধৰ্ম।
আত্মাতো আত্মাই হয়। পিতাই বুজায় - দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি বুজি মোক
পিতাক স্মৰণ কৰিলে তেতিয়া পতিতৰ পৰা পাৱন হৈ যাবা। পিতাই কয় - এই দেহকো পাহৰি যোৱা।
এয়া সকলোৰে কাৰণে পিতাৰ বাৰ্তা। দেহ সহিত দেহৰ যি সম্বন্ধ আছে, সকলো পাহৰি যোৱা। মই
আত্মা, আমাৰ সকলো ভাতৃৰ পিতা এজন। এই ব্ৰহ্মায়ো ক'ব - মই আত্মা গতিকে ভাই ভাই হৈ
গ'লোঁ। এই সময়ত সকলো ভাই ভাই পতিত দুখী। সকলো কাম চিতাত উঠি ভস্ম হৈ পৰি আছে। যেতিয়া
দ্বাপৰৰ আদিত ৰাৱণৰাজ্য আৰম্ভ হয় তেতিয়া পুনৰ তোমালোক বাম (বিকাৰী) মাৰ্গত যোৱা।
তেতিয়াহে আকৌ অন্য ধৰ্ম আৰম্ভ হয়। আধা সময় তোমালোক পৱিত্ৰ হৈ থাকা। আকৌ আধাত
তোমালোক পতিত হৈ যোৱা। 21 জন্ম ভাৰততেই গায়ন কৰা হয়। কুমাৰী সেইসকল যিয়ে 21 কুলৰ
উদ্ধাৰ কৰে। কুমাৰীসকলৰ মান আছে। তোমালোকে কেৱল ভাৰতকে নহয় গোটেই জগতকে উদ্ধাৰ কৰি
আছা। তোমালোকে জানা আমি সকলো আত্মা শিৱবাবাৰ সন্তান। গতিকে কুমাৰেই হ’ল। ভাই-ভনী
তেতিয়া হয় যেতিয়া প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হয়। তোমালোক সন্তানসকলৰ এইটো জ্ঞান আছে।
আমি আত্মা সকলো ভাই ভাই, সকলোৱে পিতাক আহ্বান জনায় - হে পতিত-পাৱন আহক। ইয়াত
ৰাৱণৰাজ্যৰ পৰা, দুখৰ পৰা আমাক উদ্ধাৰ কৰক। আকৌ আমাৰ মাৰ্গ-দৰ্শক হৈ আমাক উভতাই লৈ
যাওক। আমাৰ দুখ দূৰ কৰক আৰু সুখ দিয়ক। এতিয়া তোমালোকে বুজি পোৱা যথাযথ বাবাৰ আগমন
হৈছে। আমাক এই কলিযুগী ৰাৱণৰাজ্যৰ পৰা মুক্ত কৰি লগত লৈ যাব। পিতাই জানে - সকলো
আত্মাই পতিত সেয়েহে শৰীৰো পতিত। আত্মাকহে পাৱন কৰি নিৰ্বাণধামলৈ লৈ যায়। অতীতৰ পৰা
বৰ্তমান আকৌ ভৱিষ্যত হ’ব। আদি-মধ্য-অন্ত পুনৰ আদি। সত্যযুগ আদি কলিযুগ অন্ত পুনৰ
ভৱিষ্যতে হ’ব সত্যযুগ। এইটোতো সহজ হয় নহয়। বাৰু, মাজত কি হ’ল? আমি কেনেকৈ অৱনমিত
হ’লোঁ? আমি পাৱন দেৱতা আছিলোঁ পুনৰ পাৱনৰ পৰা পতিত কেনেকৈ হ’লোঁ! এতিয়া তোমালোকে
বুজি পোৱা, পিতাই বুজায় - যেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয় তেতিয়া তোমালোক পতিত হৈ যোৱা।
এতিয়া পুনৰ তোমালোকক ভৱিষ্যতৰ দেৱতা ৰূপে গঢ়ি তুলিবলৈ আহিছোঁ। ইয়াত কঠিনতাৰ কোনো কথা
নাই। পিতাই কয় - তোমালোকক এই বিষয় সাগৰৰ পৰা পাৰলৈ লৈ যাওঁ। গায়নো কৰে - নাও মোৰ
পাৰ কৰক..... সকলোৱে আহ্বান জনায় এজন পিতাক। আমাৰ নাও যি ডুবি আছে, সেই নাওক ক্ষীৰ
সাগৰলৈ লৈ বলক। তেওঁক নাৱৰীয়া, বাগিচাৰ মালিক বুলিও কয়। এতিয়া কাঁইটৰ জংঘলত পৰি আছোঁ।
আমাক পুনৰাই বাগিচালৈ লৈ ব’লা। দেৱতাসকল ফুল হয় নহয়। এতিয়া সকলো হৈছে কাঁইট। ইজনে
সিজনক দুখহে দি থাকে। দেৱতাসকলে কেতিয়াও কাকো দুখ নিদিয়ে। তাততো সুখেই সুখ।
তেওঁলোকেতো কেৱল গায়ন কৰে তোমালোকে ইয়াত বাস্তৱিকতে শুনি আছা। কয় নহয় - বাবা আমি
ক’ৰ পৰা পাহৰিলোঁ! এই সৃষ্টি চক্ৰক আমি কেনেকৈ পাহৰিলোঁ। সত্যযুগ-ত্ৰেতাত এইটো
নাজানে কিয়নো তাততো আমি সুখী আছিলোঁ পুনৰ দুখী কেতিয়া হ’লোঁ? যেতিয়া ৰাৱণৰ ৰাজ্য
আৰম্ভ হ’ল। ভাৰতবাসীয়ে ৰাৱণক জ্বলাই থাকে। যেতিয়ালৈকে তাৰ বিনাশ নহয়। আকৌ সত্যযুগত
জানো প্ৰতি বছৰে জ্বলাব। এয়া হৈছে ভক্তিমাৰ্গ। এতিয়া ৰাৱণৰাজ্য নাশ হ’ব।
ভক্তিমাৰ্গত ৰাৱণক প্ৰত্যেক বছৰে জ্বলায় কিন্তু নমৰেই। এতিয়া ৰাৱণ যেন তোমালোকৰ আগত
মৰি গ’ল। তোমালোকে জানা ৰাৱণৰাজ্যৰ এতিয়া অন্ত হ’ব। 5 ভূতৰ শিৰ কটা যায়। পোন প্ৰথমে
কামৰ শিৰ কাটা। কামেই হৈছে মহাশত্ৰু। পিতাই কয় – এই 5 ভূতৰ ওপৰত বিজয়ী হ’লেই
তোমালোকে বিশ্বক জয় কৰিবা। মনুষ্যই নিজেও কয় - আমি পতিত সেইকাৰণে আহ্বান জনায় –
পতিতসকলক পাৱন কৰি তুলিবলৈ আহক। আত্মাই আহ্বান জনায় - হে পতিত-পাৱন, হে বাবা….
নাৱৰীয়া, দয়াশীল বাবা আহক। পিতাই কয় – মই কল্পই কল্পই আহোঁ। কেনেকৈ আহোঁ, এয়া কোনেও
নাজানে। গীতাতো আছে – ভগৱানে আহি ৰাজযোগ শিকাইছে। কিন্তু ভগৱান কোন, কেতিয়া আহিল এয়া
কোনেও গম নাপায়। গীতাকতো খণ্ডন কৰি দিছে। শ্ৰীকৃষ্ণক দ্বাপৰত লৈ গৈছে। দ্বাপৰৰ
পাছততো সৃষ্টি আৰুহে পতিত হয়। তেন্তে দ্বাপৰত শ্ৰীকৃষ্ণই আহি কি কৰিলে। মনুষ্যইতো
একোৱেই নুবুজে। একেবাৰে ভ্ৰষ্টাচাৰী। সত্যযুগত হয় শ্ৰেষ্ঠাচাৰী। তোমালোক এতিয়া
ভ্ৰষ্টাচাৰীৰ পৰা শ্ৰেষ্ঠাচাৰী হোৱা। পিতাই বুজায় - তোমালোকেই সম্পূৰ্ণ নিৰ্বিকাৰী
পূজ্য আছিলা, তোমালোকেই এতিয়া বিকাৰী পূজাৰী হৈছা। নিজেই পূজ্য নিজেই পূজাৰী…
পোন-প্ৰথমে তোমালোক পূজ্য আছিলা, 21 জন্মলৈকে, পুনৰ পূজাৰী হ’লা। সত্যযুগত 8 (আঠ)
জন্ম, ত্ৰেতাত 12 জন্ম লোৱা। পিতাই শুনায় - তোমালোক পতিত কেনেকৈ হ’লা, কেতিয়াৰ পৰা
অৱনমিত হ’লা, এই সৃষ্টিৰ চক্ৰ ঘূৰি থাকে। গোটেই বিশ্বৰ ইতিহাস-ভূগোল আদি-মধ্য-অন্তৰ
ৰহস্য সন্তানসকলক পিতাই বহি বুজায়। সকলোৱে একে ৰসতেতো নুবুজিব। ক্ৰমানুসৰি বুজে।
পিতাই কয় - মই আহি ৰাজধানী স্থাপন কৰোঁ। এতিয়া তোমালোক সৰ্বগুণ সম্পন্ন হ’ব লাগে,
তেতিয়ালৈকে সত্যযুগলৈ যাব নোৱাৰা। ইয়াতেই হ’ব লাগে আকৌ ভৱিষ্যতে গৈ তোমালোকে ৰাজত্ব
কৰিবা। তাৰ মাজতে সকলো বিনাশ হৈ যাব। বিনাশো নিশ্চয় দেখিবা। তোমালোকে বাস্তৱত নিজৰ
ভূমিকা পালন কৰিবাগৈ। তোমালোকে জানো গম পোৱা - আগলৈ কি হ’ব। যি কল্প পূৰ্বে হৈছিল
সেয়াই হ’ব।
তোমালোকক সমূলে কোৱা হয় - স্থাপনা আৰু বিনাশ হ’ব। বিনাশ কেনেকৈ হ’ব? সেয়াতো যেতিয়া
হ’ব তেতিয়া দেখিবা। দিব্য দৃষ্টিৰে বিনাশতো দেখিছা। আগলৈ গৈ বাস্তৱত দেখিবা।
স্থাপনাৰো সাক্ষাৎকাৰ দিব্য দৃষ্টিৰে কৰিছা আৰু বাস্তৱত দেখিবা। বাকী বেছিকৈ ধ্যানত
যোৱাতোও ভাল নহয়। বৈকুণ্ঠলৈ গৈ নৃত্য কৰিবলৈ লাগি যায়। জ্ঞানো নাই, যোগো নাই
দুয়োটাৰে পৰা বঞ্চিত হৈ যায়। ধ্যানত যোৱাৰ কোনো দৰকাৰ নাই। এয়াতো কেৱল ভোগ আগবঢ়োৱা
হয়। তোমালোক ব্ৰাহ্মণ তালৈ যোৱা। দেৱতাসকলৰ আৰু ব্ৰাহ্মণসকলৰ ৰঙ্গসভা অনুস্থিত হয়।
ইয়াত তোমালোক নিজৰ পিতাৰ ঘৰত বহি আছা আকৌ তোমালোকক বিষ্ণুপুৰীলৈ যাবৰ কাৰণে যোগ্য
কৰি তোলা হয়। কন্যাৰ যেতিয়া বিয়া পাতে তেতিয়া তেওঁক বুজোৱা হয় – শহুৰৰ ঘৰত কেনেকৈ
চলিবা, সকলোৰে সৈতে মৰমেৰে চলিবা, কাজিয়া নকৰিবা। এয়াও হুবহু তেনেকুৱা। পিতাই কয় –
তোমালোক সৰ্বগুণ সম্পন্ন… ইয়াত হ’ব লাগে। স্বৰ্গত এই কাজিয়া-পেচাল আদি নহয়। এতিয়া
তোমালোক বিষ্ণুপুৰী শহুৰৰ ঘৰলৈ যোৱা। তাত হৈছে মহান বৈষ্ণৱ। তেওঁলোকৰ দৰে বৈষ্ণৱ
সৃষ্টিত নাই। বৈষ্ণৱ দেৱতাসকল জানো বিকাৰত যায়। বিকাৰ হৈছে হিংসা। কোৱা হয় - অহিংসা
পৰম দেৱী-দেৱতা ধৰ্ম। এতিয়া তোমালোকে জানা আমি পিতাৰ ঘৰত বহি আছোঁ, এতিয়া আমি
বিষ্ণুপুৰীলৈ যাব লাগে। জানা যে তাত বহুত সুখ থাকে। বিবাহৰ আগতে কন্যাই ফটাছিটা
কাপোৰ পিন্ধে, যাক বনবাস বুলি কয়। তোমালোকৰ ওচৰতো এতিয়া কি আছে? একোৱেই নাই। এয়াতো
পাথৰ শিলগুটি। ইয়াত তোমালোকে কোনো অলংকাৰ আদি পৰিধান কৰাৰ দৰকাৰ নাই। কিন্তু কয়
গৃহস্থালিত থাকা, বিয়া আদিলৈ যাবলগীয়া হ’লে তেতিয়া অলংকাৰ আদিও লাগিলে পৰিধান কৰা।
বাধা নাই। ন’হলেতো ক’ব - বিধৱা, অলংকাৰ পৰিধান নকৰে। নাম বদনাব হ’ব সেইবাবে বাবাই
কয় - নাম বদনাম কৰিব নালাগে। যিয়েই পৰিধান নকৰা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ
কৰা। য’লৈকে নোযোৱা, এইটো মন্ত্ৰ স্মৃতিত ৰাখিবা। এইটো পৰীক্ষা কৰা মই স্মৃতিত
থাকোঁনে। মই নিৰ্দেশনা অনুসৰি যাওঁ। তেওঁলোকৰ সৈতে দায়িত্ব পালন কৰি চলিব লাগে।
কিন্তু হাতেৰে কৰ্ম কৰিও অন্তৰ পিতাৰ সৈতে থাকিব লাগে… তেন্তে বুজিব যে এওঁলোক
শক্তিশালী। অলংকাৰ আদি পৰিধান কৰি বিয়ালৈ লাগিলে যোৱা, একেলগে থাকিবা কিন্তু মহাবীৰ
হ‘ব লাগে। সন্ন্যাসীসকলকো দেখুৱায় নহয় – গুৰুৱে বেশ্যাৰ ওচৰলৈ পঠিয়াই দিলে, সৰ্পৰ
ওচৰলৈ পঠিয়াই দিলে। যি বাহাদুৰীৰে উত্তীৰ্ণ হৈ দেখুৱায় তেওঁক মহাবীৰ বুলি কোৱা হয়।
পিতাৰ স্মৃতিত থাকিলে তেতিয়া কোনো কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা চঞ্চলতা নহ’ব। পিতাক পাহৰি
গ’লে কৰ্মেন্দ্ৰিয় চঞ্চল হ’ব। তোমালোক বিশ্বৰ মালিক হোৱা, এইটো কম কথা জানো!
সন্ন্যাসীয়ে এই কথাবিলাক একেবাৰে নাজানে। শাস্ত্ৰবোৰত যদিও কিছু কথা আছে কিন্তু
সেইবোৰ খণ্ডন কৰি দিছে। ভগৱানুবাচ - মই তোমালোকক ৰাজযোগ শিকাওঁ। যেতিয়ালৈকে জীয়াই
থাকিম তেতিয়ালৈকে জ্ঞান অমৃত পান কৰি থাকিম, শুনি থাকিম। ৰাজধানী স্থাপন হৈ যাব।
সন্তানসকলক বাৰে বাৰে শিক্ষা দিয়া হয় - এজন পিতাক স্মৰণ কৰা, দৈৱী লক্ষণ শিকা। কোনো
বিকৰ্ম যাতে নহয়। এইবোৰতো অসুৰৰ কাম। তোমালোক এতিয়া দেৱতা হোৱা গতিকে দৈৱিক গুণ
ধাৰণ কৰিব লাগে। সকলোতকৈ ডাঙৰ হৈছে কাম বিকাৰৰ কাঁইট। অভ্যাস হৈ গ’লে বাৰে বাৰে
বাগৰি পৰে। মায়াই চৰ মাৰি দূৰ কৰি দিয়ে। সেইবাবে গায়ন কৰা হয় - আশ্চৰ্যজনকভাৱে শুনে,
কয়… এতিয়া তোমালোক এজন পিতাৰ হৈছা। এনেকৈ কয়ো যে এইবোৰ সকলো ঈশ্বৰে দিয়া। গতিকে
তোমালোক নিমিত্ত হৈ যোৱা। এই সকলোবোৰ তেওঁৰ হয়, আমি তেওঁৰ শ্ৰীমতত চলিব লাগে। পিতায়ো
লক্ষ্য কৰে যে মোক সকলো অৰ্পণ কৰি আকৌ কেনেকৈ মোৰ শ্ৰীমতত চলে। কোনো ওলট-পালট খৰচ
কৰি পাপ আত্মাকতো নিদিয়ে। আৰম্ভণিত এই ব্ৰহ্মাই নিমিত্ত হৈ দেখুৱালে নহয়। সকলো
ঈশ্বৰক অৰ্পণ কৰি নিজে নিমিত্ত হৈ গ’ল। কাকো একো নিদিলে। ঈশ্বৰৰ অৰ্থে দান কৰিলে
গতিকে ঈশ্বৰৰ কাৰ্যতেই লগাব লাগে। শৰীৰ নিৰ্বাহোতো হৈছিল নহয়। যি কিছু আছিল সকলো
সেৱাত লগাই দিলে। তেওঁক দেখি আকৌ আনেও এনেকুৱা কৰিলে। ভাতী তৈয়াৰ হৈ গ’ল। ভাতী
নোহোৱা হ’লে ইমানবিলাক সন্তান সেৱাৰ বাবে ইমান বিচাৰ বুদ্ধি সম্পন্ন কেনেকৈ হ’ল হয়।
পাকিস্থানত শিকিলে, আকৌ ইয়াত আহি শিকিলে। যেতিয়া বুজাবৰ বাবে যোগ্য হ’ল তেতিয়া
বাহিৰলৈ ওলাল। এতিয়াতো চোৱা কিমান প্ৰদৰ্শনী আদি অনুস্থিত কৰি থাকে। ডাঙৰ ডাঙৰ
ব্যক্তিক নিমন্ত্ৰণ দিয়ে। এই জ্ঞান যজ্ঞত বিঘ্নও অনেক প্ৰকাৰৰ আহিব। বিঘ্নলৈ ভয়
নকৰিবা। অৱলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়। পিতাই কয় - যোগবলত থাকি তেওঁলোকক বুজোৱা।
ভগৱান পিতাৰ সন্তান হৈও আকৌ পিতাক পাহৰি যোৱা। মায়াৰ হৈ যোৱা। এয়াও জয়-পৰাজয়ৰ
মল্লযুদ্ধ হয়। কিন্তু মুষ্টিযুদ্ধৰ দৰে। মায়াই ঘোঁচা লগালে দূৰ হৈ গুচি যায়। পিতাই
কয় - মায়াৰ হাতত কেতিয়াও পৰাজিত হ’ব নালাগে। পৱিত্ৰ হৈ থাকিলে বিশ্বৰ মালিক হ’বা।
কিমান শ্ৰেষ্ঠ আমদানি। যদি পূৰা পুৰুষাৰ্থ নকৰা তেন্তে গৈ দাস-দাসী হ’বাগৈ। গোটেই
ৰাজধানী ইয়াতেই স্থাপন হৈ আছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেতিয়ালৈকে
জীয়াই থাকিবা জ্ঞান অমৃত পান কৰি থাকিব লাগে। মহাবীৰ হৈ মায়াৰ মল্লযুদ্ধত বিজয়ী হ’ব
লাগে। সকলোৰে প্ৰতি দায়িত্ব পালন কৰি অন্তৰৰ আকৰ্ষণ এজন পিতাৰ সৈতে ৰাখিব লাগে।
(2) বিঘ্নলৈ ভয় কৰিব
নালাগে। সেৱাত নিজৰ সকলো সফল কৰিব লাগে। ঈশ্বৰক অৰ্পণ কৰি নিমিত্ত হৈ থাকিব লাগে।
কোনো ওলোট-পালট কাৰ্যত লগাব নালাগে।
বৰদান:
এতিয়া নিজৰ
সম্পূৰ্ণ স্বৰূপৰ আৱাহনৰ দ্বাৰা স্থিতি তল-ওপৰ হোৱাৰ চক্ৰৰ পৰা মুক্ত হওঁতা
ভাগ্যৱান তৰা হোৱা
এতিয়া নিজৰ সম্পূৰ্ণ
স্থিতি বা সম্পূৰ্ণ স্বৰূপৰ আৱাহন কৰা তেতিয়া সেয়াই স্বৰূপ সদায় স্মৃতিত থাকিব,
ইয়াৰ দ্বাৰা স্থিতি তল-ওপৰ হোৱাৰ যি চক্ৰ চলে, বাৰে বাৰে স্মৃতি আৰু বিস্মৃতিত আহা,
এই চক্ৰৰ পৰা মুক্ত হৈ যাবা। সেই লোকসকলে জন্ম-মৰণৰ চক্ৰৰ পৰা মুক্ত হ’ব বিচাৰে আৰু
তোমালোকে ব্যৰ্থ কথাবোৰৰ পৰা মুক্ত হৈ জিলিকি থকা ভাগ্যৱান তৰা হৈ যোৱা।
স্লোগান:
কোনো বিঘিনিৰ বশীভূত হোৱা মানেই হীৰাত দাগ লগোৱা।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
যেনেকৈ তোমালোকৰ আদি
স্বৰূপ পৱিত্ৰ দেৱতা, ঠিক তেনেকৈ এই অন্তিম জন্মও পৱিত্ৰ ব্ৰাহ্মণ জীৱন, এইটো
স্মৃতিৰ আধাৰত পৱিত্ৰ জীৱন অতি সহজ অনুভৱ কৰা। পৱিত্ৰ হোৱা, যোগী হোৱা — এই
মহামন্ত্ৰই হৈছে সৰ্ব প্ৰাপ্তিৰ চাবি। যদি পৱিত্ৰতা নাই, যোগী জীৱন নাই, তেন্তে
অধিকাৰী হৈয়ো অধিকাৰৰ অনুভূতি কৰিব নোৱাৰিবা। এই মহামন্ত্ৰই সৰ্ব সম্পদৰ অনুভূতিৰ
চাবি।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]