15.09.24    Avyakt Bapdada     Assame Murli     31.12.2001     Om Shanti     Madhuban


“*“এই নৱবৰ্ষত ‘সফলতা ভৱ’ৰ বৰদানৰ দ্বাৰা পিতা আৰু নিজৰ প্ৰত্যক্ষতা সমীপত আনা”*”


আজি নৱযুগৰ ৰচয়িতাই নিজৰ মাষ্টৰ নৱযুগ ৰচয়িতা সন্তনসকলৰ সৈতে নৱযুগ উদ্‌যাপন কৰিবলৈ আহিছে। নৱবৰ্ষ উদ্‌যাপন কৰা, এয়াতো বিশ্বত সকলোৱে উদ্‌যাপন কৰে। কিন্তু তোমালোক সকলোৱে নৱযুগ উদ্‌যাপন কৰি আছা। নৱযুগৰ আনন্দ প্ৰত্যেক সন্তানৰ ভিতৰত আছে। জানা যে নৱযুগ এতিয়া আগমনৰ পথত। জগতৰ লোকৰ নৱবৰ্ষ এদিনৰ বাবে উদ্‌যাপন কৰা হয় আৰু তোমালোক সকলোৰে নৱযুগ গোটেই সংগমযুগ উদ্‌যাপন কৰিবৰ বাবে। নৱবৰ্ষত আনন্দোৎসৱ কৰে, ইজনে সিজনক উপহাৰ দিয়ে। সেই উপহাৰোনো কি! অলপ সময়ৰ বাবে সেই উপহাৰ। নৱযুগৰ ৰচয়িতাই তোমালোক সকলোৰে বাবে কি উপহাৰ আনে? সোণালী উপহাৰ অৰ্থাৎ স্বৰ্ণিমযুগত সকলো স্বতঃ সোণ হৈ যায়, নতুন হৈ যায়। অলপ সময়ৰ পাছত নৱবৰ্ষ আৰম্ভ হ’ব কিন্তু সকলো নতুন হৈ নাযায়। তোমালোকৰ নৱযুগত প্ৰকৃতিও নতুন হৈ যাব। আত্মায়ো নতুন বস্ত্ৰ (শৰীৰ) ধাৰণ কৰিব। প্ৰতিটো বস্তু নতুন অৰ্থাৎ সতোপ্ৰধান সোণালী যুগী হ’ব। সেয়েহে নতুন বছৰ উদ্‌যাপন কৰোঁতে তোমালোকৰ মনত, বুদ্ধিত নৱযুগৰেই স্মৃতি আহি আছে। নৱযুগ স্মৃতিত আছে নহয়, নে আজিৰ দিনটিতহে নৱবৰ্ষ স্মৃতিত আছে?

বাপদাদাই প্ৰথমে নৱযুগৰ অভিনন্দন জনায় আকৌ লগতে নৱবৰ্ষৰ অভিনন্দন জনাই আছে, কিয়নো তোমালোক সকলো নৱবৰ্ষ উদ্‌যাপন কৰিবলৈ আহিছা নহয়। উদ্‌যাপন কৰা, খুব উদ্‌যাপন কৰা। অবিনাশী উপহাৰ যি বাপদাদাৰ দ্বাৰা প্ৰাপ্ত হৈছে, তাৰ উদ্‌যাপন অবিনাশী অভিনন্দেৰে কৰা। সদায় ইজনে সিজনক শুভভাৱনাৰ অভিনন্দন জনোৱা। এয়াই সঁচা অভিনন্দন। অভিনন্দন যেতিয়া জনোৱা তেতিয়া নিজেও আনন্দিত হোৱা আৰু অন্যও আনন্দিত হয়। গতিকে সঁচা অন্তৰৰ অভিনন্দন হ’ল ইজনে সিজনৰ প্ৰতি অন্তৰেৰে জনোৱা শুভ ভাৱনা, শুভ কামনাৰ অভিনন্দন। শুভ ভাৱনা এনেকুৱা শ্ৰেষ্ঠ অভিনন্দন যে কোনোবা আত্মাৰ যেনেকুৱাই ভাৱনা নহওঁক, ভাল ভাৱনা বা ভাল ভাৱ নাথাকিলেও, কিন্তু তোমালোকৰ শুভ ভাৱনাই তেওঁলোকৰ ভাৱকো সলনি কৰিব পাৰে, স্বভাৱো সলনি কৰিব পাৰে। এনেয়ে স্বভাৱ শব্দৰ অৰ্থই হ’ল – স্ব অৰ্থাৎ আত্মাৰ ভাৱ অৰ্থাৎ শুভ ভাৱ। সকলো সময়ত প্ৰত্যেক আত্মাক এইটোৱে অবিনাশী অভিনন্দন জনাই যোৱা। কোনোবাই তোমালোকক যিয়েই নিদিয়ক কিন্তু তোমালোকে সকলোকে শুভ ভাৱনা দিয়া। অবিনাশী আত্মাৰ অবিনাশী আত্মিক স্থিতিত স্থিত হ’লে আত্মা পৰিৱৰ্তন হৈয়েই যাব। তেন্তে এই নৱবৰ্ষত বিশেষত্বপূৰ্ণ কি কৰিবা? নিজৰ মাজতো, সকলোৰে মাজতো আৰু সেৱাতো। যিহেতু নৱবৰ্ষ বুলি কোৱা তেন্তে কিবা নবীনতা আনিবা নহয়! তেন্তে কি নবীনতা আনিবা? প্ৰত্যেকে নিজৰ নিজৰ নবীনতাৰ পৰিকল্পনা কৰিছানে এতিয়া কেৱল নৱবৰ্ষ উদ্‌যাপন কৰিবা? মিলন উদ্‌যাপন কৰিলা, নৱবৰ্ষ উদ্‌যাপন কৰিলা। নবীনতাৰ কি পৰিকল্পনা কৰিলা?

বাপদাদাই প্ৰত্যেক সন্তানক এইটো বছৰৰ বাবে এয়াই ইংগিত দিয়ে যে সময় অনুসৰি এতিয়া সকলো সন্তান লাগিলে ইয়াত সাকাৰত সন্মুখত বহি আছা বা দেশ-বিদেশত বিজ্ঞানৰ সাধনেৰে শুনি আছা, চাই আছা, বাপদাদায়ো সকলোকে চাই আছে। সকলোৱে বৰ আৰামত, আনন্দেৰে চাই আছে। বিশ্বৰ সকলো, বাপদাদাৰ অতি প্ৰিয়, অতি মৰমৰ সন্তানসকলক এয়াই ইংগিত দিয়ে যে “এতিয়া নিজৰ এই ব্ৰাহ্মণ জীৱনৰ অমৃতবেলাৰ পৰা ৰাতিলৈকে সঞ্চয়ৰ পুঁজি বঢ়োৱা, জমাৰ পুঁজি বঢ়োৱা।” প্ৰত্যেকে নিজৰ কাৰ্য অনুসৰি নিজৰ পৰিকল্পনা কৰা, ব্ৰাহ্মণ জীৱনত যিয়েই সম্পদ প্ৰাপ্ত হৈছে, সেই প্ৰতিটো সম্পদৰ সঞ্চয় বা জমাৰ পুঁজি বৃদ্ধি কৰা কিয়নো বাপদাদাই আজি বছৰৰ অন্তলৈকে চাৰিওফালৰ সন্তানসকলৰ ফলাফল চালে। কি দেখিলে, জানিতো গৈছাই। শিক্ষকসকলেও জানি গৈছা। ডবল বিদেশীসকলেও জানি গৈছা। মহাৰথীসকলেও জানি গৈছা। জমা পুঁজি যিমান হ’ব লাগে সিমান.... কি কম? তোমালোকে নিজেই কোৱা, কিয়নো বাপদাদাই জানে যে সকলো সম্পদ জমা কৰাৰ সময় কেৱল সংগমযুগ। এই সৰু যুগটোত যিমান জমা কৰিলা সেই অনুসৰি গোটেই কল্প প্ৰালব্ধ প্ৰাপ্ত কৰি থাকিবা। যিটো তোমালোক সকলোৰে শ্লোগান আছে নহয় - কি শ্লোগান আছে? এতিয়া নহ’লে... পাছত কি আছে? “এতিয়া নহ’লে কেতিয়াও নহয়।” এই শ্লোগানটিৰ স্মৃতিতো বুদ্ধিত বৰ ভালকৈ আছে। কিন্তু অন্তৰৰ পৰা, স্মৃতিৰ পৰা আঁতৰিও যায় আকৌ স্মৃতিলৈ আহেও। এই ব্ৰাহ্মণ জীৱনৰ শ্ৰেষ্ঠতাৰ আধাৰ সকলোতকৈ শ্ৰেষ্ঠ সম্পদ হ’ল - সংকল্প ৰূপী সম্পদ, সময় ৰূপী সম্পদ, শক্তি ৰূপী সম্পদ, জ্ঞান ৰূপী সম্পদ, বাকী স্থূল সম্পদতো গতানুগতিক। গতিকে বাপদাদাই দেখিলে যে তোমালোক প্ৰতিগৰাকী ব্ৰাহ্মণে শ্ৰেষ্ঠ সংকল্প ৰূপী সম্পদেৰে নিজক আৰু সেৱাক যিমান শ্ৰেষ্ঠ কৰি তুলিব পাৰা এইক্ষেত্ৰত এতিয়া আৰু অধিক মনোযোগ দিব লাগিব।

তোমালোক ব্ৰাহ্মণসকলৰ এটা শ্ৰেষ্ঠ সংকল্পত, শুভ সংকল্পত ইমান শক্তি আছে যে আত্মাসকলক বহুত সহযোগ দিব পাৰা। সংকল্প শক্তিৰ মহত্ত্ব এতিয়া আৰু যিমান বিচৰা সিমান বঢ়াব পাৰা। যিহেতু বিজ্ঞানৰ সাধন ৰকেটে, দূৰৈত বহি থকাজনক য’তে বিচাৰে, যেতিয়াই বিচাৰে, যি স্থানলৈ লৈ যাব খোজে এক চেকেণ্ডত লৈ যাব পাৰে। তোমালোকৰ শুভ শ্ৰেষ্ঠ সংকল্পৰ আগত এই ৰকেটনো কি! পৰিশোধিত বিধিৰে কাৰ্যত প্ৰয়োগ কৰি চোৱা, তোমালোকৰ বিধিৰ সিদ্ধি অতি শ্ৰেষ্ঠ। কিন্তু এতিয়া অন্তৰ্মুখীতাৰ ভাতীত বহা। এই নতুন বছৰত নিজে নিজে সৰ্ব সম্পদ সঞ্চয়ৰ আঁচনি হাতত লোৱা। জমাৰ পুঁজি বৃদ্ধি কৰা। গোটেই দিনটোত নিজেই নিজৰ প্ৰতি অন্তৰ্মুখীতাৰ ভাতীৰ বাবে সময় নিৰ্ধাৰিত কৰা। নিজে নিজে কৰিব পাৰা, আনে কৰিব নোৱাৰে। বাপাদাদাই প্ৰত্যক্ষতা বৰ্ষৰ পূৰ্বে এইটো বৰ্ষক “সফলতা ভৱৰ বৰ্ষ” বুলি কয়। সফলতাৰ আধাৰ হ’ল প্ৰতিটো সম্পদ সফল কৰা, সফলতা প্ৰাপ্ত কৰা। সফলতাই প্ৰত্যক্ষতাক স্বতঃ প্ৰত্যক্ষ কৰিব। বাণীৰ সেৱা বহুত ভাল কৰিলা কিন্তু এতিয়া সফলতাৰ বৰদানৰ দ্বাৰা পিতাৰ, নিজৰ প্ৰত্যক্ষতা সমীপত আনা। প্ৰতিগৰাকী ব্ৰাহ্মণৰ জীৱনত সৰ্ব সম্পদেৰে সম্পন্নতাৰ অনুভৱ আত্মাসকলে কৰক। আজিকালিৰ আত্মাসকলে তোমালোকৰ অনুভৱীমূৰ্তৰ দ্বাৰা অনুভূতি কৰিব বিচাৰে। শুনিবলৈ কম বিচাৰে, অনুভূতি বেছিকৈ কৰিব বিচাৰে। “অনুভুতিৰ আধাৰ হৈছে “সম্পদসমূহৰ জমা পুঁজি”। এতিয়া গোটেই দিনটোত মাজে মাজে নিজৰ এইটো খতিয়ান পৰীক্ষা কৰা, সৰ্ব সম্পদ কিমান জমা কৰিলা? জমাৰ হিচাপ উলিওৱা, খতিয়ান উলিওৱা। এক মিনিটতত কিমান সংকল্প চলে? সংকল্পৰ গতি তীব্ৰ হয় নহয়। কিমান সফল হ’ল, কিমান ব্যৰ্থত গ’ল? কিমান সাধাৰণ হ’ল? পৰীক্ষা কৰাৰ যন্ত্ৰতো তোমালোকৰ লগত আছে নহয়, নে নাই? সকলোৰে লগত পৰীক্ষা কৰা যন্ত্ৰ আছেনে? শিক্ষকসকলৰ ওচৰত আছেনে? তোমালোকৰ সেৱাকেন্দ্ৰত যেনেকৈ কম্পিউটাৰ আছে, ই-মেইল আছে তেনেকৈ এই পৰীক্ষণ যন্ত্ৰ আছেনে? ডবল বিদেশীসকলৰ লগত আছেনে? চলে নে বন্ধ হৈ পৰি আছে? পাণ্ডৱসকলৰ লগত পৰীক্ষণ যন্ত্ৰ আছেনে? সকলোৰে ওচৰত আছে, কাৰোবাৰ ওচৰত নাই যদি দৰ্খাস্ত দিয়া। যেনেকৈ ক’ৰবাত কাৰ্যালয় খুলিলে তেতিয়া প্ৰথমেই ভাবে যে কাৰ্যালয় খোলাৰ আগতে, আজিকালিৰ যুগত কম্পিউটাৰ লাগে, ই-মেইল লাগে, টাইপ মেচিন লাগে, কপি উলিওৱাৰ মেচিন লাগে। লাগে নহয়? তেন্তে ব্ৰাহ্মণ জীৱনত, তোমালোকৰ অন্তৰৰ কাৰ্যালয়ত এই সকলো মেচিন আছে নে নাই?

বাপদাদাই আগতেও শুনাইছে যে বাপদাদাৰ ওচৰলৈ প্ৰকৃতিয়েও ক’বলৈ আহে যে মই সদাপ্ৰস্তুত হৈ আছোঁ, সময়েও ব্ৰাহ্মণসকলক বাৰে বাৰে চাই থাকে যে ব্ৰাহ্মণ সাজু হ’লনে? বাৰে বাৰে ব্ৰাহ্মণসকলৰ চাৰিওফালে পৰিক্ৰমা লগাই থাকে। সেয়েহে বাপদাদাই সোধে, হাততো বৰ ভালকৈ দাঙা, বাপদাদাও আনন্দিত হৈ যায়। এতিয়া এনেকুৱা সদাপ্ৰস্তুত হোৱা যাতে প্ৰতিটো সংকল্প, প্ৰতিটো চেকেণ্ড, প্ৰতিটো শ্বাস যি ব্যতীত হৈ যায়, সেয়া “বাঃ! বাঃ!” হওঁক। ‘কিয়’ যাতে নহয়, “বাঃ! বাঃ!” হওঁক। এতিয়া কোনোবা সময়ত “বাঃ! বাঃ!” হয়, কোনোবা সময়ত “বাঃ!” ৰ পৰিৱৰ্তে ‘কিয়’ হৈ যায়। কোনোবা সময়ত বিন্দু (যতি) লগায়, কোনোবা সময়ত প্ৰশ্নবোধক আৰু আশ্চৰ্যবোধক চিহ্ন লাগি যায়। তোমালোক সকলোৰে মনেও কওক বাঃ! আৰু যাৰ সমন্ধ-সম্পৰ্কত আহা, ব্ৰাহ্মণৰে হওঁক বা সেৱা কৰোঁতাসকলৰে হওঁক বাঃ! বাঃ! শব্দ উচ্চাৰিত হওঁক। বাৰু!

আজি “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ” পিতা ব্ৰহ্মাৰ শুভ আশা আছিল, পিতা ব্ৰহ্মাই ক’লে যে মোৰ “গ্ৰেট গ্ৰেট” নাতিসকলক বিশেষ এটা কথা ক’বলগীয়া আছে, সেয়া কি? যে সদায় প্ৰতিগৰাকী সন্তানৰ চেহেৰাত, সদায় এটাতো আত্মিকতাৰ মিচিকিয়া হাঁহি থাকক, শুনিলা! ভালকৈ কাণ খুলি শুনিবা। আৰু দ্বিতীয়তে – মুখত সদায় মধুৰতা থাকক। এটা শব্দও মধুৰতা অবিহনে উচ্চাৰিত নহওঁক। চেহেৰাত আত্মিকতা থাকক, মুখত মধুৰতা থাকক আৰু মন-বুদ্ধিত সদায় শুভ ভাৱনা থাকক, দয়াৰ ভাৱনা, দাতাবোধৰ ভাৱনা থাকক। প্ৰতিটো খোজত পিতাক অনুসৰণ কৰক। তেন্তে এয়া কৰিব পাৰানে? শিক্ষকসকল এয়া কৰিব পাৰানে? যুৱাসকলে এয়া কৰিব পাৰানে? (জ্ঞান সৰোবৰত দেশ-বিদেশৰ যুৱক-যুৱতীসকলৰ ৰিট্ৰিট চলি আছে) বাপদাদাৰ ওচৰত যুৱা প্ৰভাগৰ বহুত ভাল ফলাফল আহিছে। পদমগুণ অভিনন্দন। ফলাফল ভাল। অনুভৱো ভাল কৰিছা, বাপদাদা আনন্দিত হৈছে। বাপদাদাই অনুভৱো শুনিলে। আনে শুনোৱা নাই পোনপটীয়াকৈ বাপদাদাই তোমালোকৰ অনুভৱ শুনিলে, কিন্তু এতিয়া এই অনুভৱবোৰক “অবিনাশী ভৱ”ৰ বৰদানেৰে অমৰ কৰি ৰাখিবা। যিয়েই নহওঁক কিন্তু নিজৰ আত্মিক অনুভৱক সদায় আগবঢ়াই লৈ গৈ থাকিবা। কম নকৰিবা। তিনিমাহৰ পাছত মধুবনলৈ আহা বা নাহা। তিনিমাহৰ পাছত বিদেশৰ পৰাতো নাহা কিন্তু নিজৰ হিচাপ ৰাখিবা আৰু বাপদাদাৰ ওচৰলৈ পঠিয়াবা, বাপদাদাই শুদ্ধ কৰিব। নতুবা যি হ’ব তাৰ শতাংশৰ হিচাপ দিব। ঠিকে আছেনে? ঠিক আছে এখন হাতৰ চাপৰি বজোৱা। বাৰু।

আজি অভিনন্দনৰ দিন আৰু সুখবৰ বাপদাদাই শুনিলে, দেখিলেও। সৰু সৰু লৰা-ছোৱালীবোৰে মুকুট পিন্ধি বহি আছে। তোমালোকেতো মুকুট পাবা, এওঁলোকে এতিয়াই পালে। থিয় হৈ যোৱা। চোৱা, মুকুটাধাৰী দলটিক চোৱা। সন্তানসকল সদায় অন্তৰৰ পৰা সঁচা হয়। সঁচা অন্তৰৰ হোৱা নহয়! ভাল কথা সৰু ল’ৰা-ছোৱালীবোৰৰ ফলাফলো বাপদাদাই ভাল দেখিলে। অভিনন্দন। বাৰু।

ডবল বিদেশীসকল:- এওঁলোকৰ পত্ৰ আৰু টোকাও দেখিলে। সেয়া উদ্দীপনাৰ টোকা। কিন্তু এটা কথা বাপদাদাই দেখিলে যিটো কোনো কোনো টোকাত আছে। কোনোবাইতো বহুত উৎসাহ-উদ্দীপনাৰে পৰিৱৰ্তনৰ কথাও লিখিলে, উদ্দীপনাৰ কথাও লিখিলে কিন্তু কোনো কোনোৱে নিজৰ অলপ অমনোযোগিতা দেখুৱালে। অমনোযোগী কেতিয়াও নহ’বা, সতৰ্ক। এটা হৈছে বাপদাদাৰ অমনোযোগিতা ভাল নালাগে আৰু দ্বিতীয়তে নিৰাশ হোৱাটো ভাল নালাগে। যিয়েই নহওঁক অন্তৰ বিশাল কৰি ৰাখা। নিৰাশ ঠেক অন্তৰৰসকল হয়। বিশাল অন্তৰৰসকলৰ অন্তৰ আনন্দিত হৈ থাকে। সেয়েহে নিৰাশ নহ’বা, অমনোযোগী নহ’বা। উৎসাহ-উদ্দীপনাত সদায় উৰি থাকিবা। বাপদাদাৰ ডবল বিদেশীসকলৰ ওপৰত অনেক কোটিৰ সমান আশা আছে। ডবল বিদেশীয়ে এনেকুৱা চমৎকাৰ দেখুৱাব যে ভাৰতৰ আত্মাসকল আচৰিত হৈ যাব। সেই দিনটিও আহিব, সোনকালে আহিব। আহিব নহয়? সেই দিনটি আহিব নহয়? আহিবনে সেই দিনটি? (অতি সোনকালে আহিব) হয় বুলিতো কোৱা। বাপদাদাই আগতীয়াকৈ অভিনন্দনৰ থালী ভৰাই দি আছে। ইমান সাহস বাপদাদাই ডবল বিদেশীসকলৰ মাজত দেখি আছে, এনেকুৱা হয় নহয়? বিদেশৰ প্ৰতি বহুত আশা আছে। ভাল কথা। যুৱাসকলো ভাল, প্ৰবৃত্তিধাৰীও বহুত আছে, কুমাৰীও বহুত আছে, চমৎকাৰেই চমৎকাৰ। ঠিক আছেনে? এই সিন্ধি পৰিয়ালৰসকলে কোৱা কি চমৎকাৰ কৰিবা? (এইটো বৰ্ষত) তোমালোকৰ মুখত গোলাপজামুন। সাহসী হোৱা। (আপোনাৰ বৰদান লগত আছে) বৰদাতাই লগত আছে তেন্তে বৰদান কিনো ডাঙৰ কথা। বাৰু।

যিসকল এইটো কল্পত প্ৰথমবাৰ আহিছে তেওঁলোক উঠা। যিসকল প্ৰথমবাৰ আহিছে, সেইসকল সন্তানক বাপদাদাই কয় যে পাছত আহিছা কিন্তু আগত যাব লাগিব, ইমান আগবাঢ়ি যোৱা যাতে সকলোৱে তোমালোকক দেখি আনন্দিত হয় আৰু সকলোৰে মুখৰ পৰা এয়াই উচ্চাৰিত হয় - চমৎকাৰ!, চমৎকাৰ!, চমৎকাৰ! এনে সাহস আছেনে? প্ৰথমবাৰ অহাসকলৰ সাহস আছে নহয়! নৱবৰ্ষ উদ্‌যাপন কৰিবলৈ আহিছা, তেন্তে নৱবৰ্ষত কিবা চমৎকাৰ কৰিবা নহয়! তথাপি বাপদাদাৰ সকলো সন্তান অতি প্ৰিয়। তথাপিও বহুত বুদ্ধিমত্তাৰ কাম কৰিছা, অতি পলম হোৱাৰ আগতেই আহি গৈছা। এতিয়া অন্ততঃ এই প্ৰেক্ষাগৃহত বহাৰ আসনতো পাইছা নহয়! থাকিবলৈ বিছনা বা পাটিতো পাইছা নহয়! আৰু যেতিয়া অতি পলমৰ ফলক লাগি যাব তেতিয়া শাৰীত থিয় হ’ব লাগিব, সেয়েহে তথাপিও ভাল সময়ত বাপদাদাক চিনি পালা। বুদ্ধিমানৰ কাম কৰিলা। বাৰু।

বিশ্বৰ চাৰিওফালৰ সকলো সফলতামূৰ্ত সন্তানসকলক, সকলো সফল কৰোঁতা তীব্ৰ পুৰুষাৰ্থী সন্তানসকলক, সদায় নিজৰ হিচাপ পৰীক্ষা কৰোঁতা পৰীক্ষক আৰু ভৱিষ্যত গঢ়োঁতা এনেকুৱা শ্ৰেষ্ঠ আত্মাসকলক, সদায় নিজৰ প্ৰতিটো খোজত পিতাক প্ৰত্যক্ষ কৰোঁতা “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ”ৰ সকলো নাতিক পিতা আৰু দাদাৰ বহুত বহুত বহুত বহুত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বাপদাদাই দেশ বিদেশৰ সকলো সন্তানক নৱবৰ্ষৰ শুভেচ্ছা জনালে

চাৰিওফালৰ সফলতাৰ তৰাবোৰক পুৰণা বৰ্ষৰ বিদায় আৰু নৱবৰ্ষৰ অভিনন্দনৰ সংগমৰ সময়ৰ, সংগম সময়ত বিদায়ো জনোৱা হয়, অভিনন্দনো জনোৱা হয়। গতিকে সদায় সফল হোৱা আৰু সফল হৈ থাকিবা। কেতিয়াও অসফলতাৰ নাম-চিহ্ন নাথাকিব। বাপদাদাৰ অতিকৈ মৰমৰ, অতিকৈ প্ৰিয়, অতিকৈ অমায়িক, নয়নৰ জ্যোতি হোৱা। সকলো এক নম্বৰৰ হ’বই লাগিব, এইটো দৃঢ় সংকল্পৰে প্ৰতিটো খোজ পিতাৰ সমানকৈ দি থাকা, পদমগুণ, অনেক কোটি গুণ অভিনন্দন, অভিনন্দন, অভিনন্দন। বাপদাদাৰ অতি অমূল্য হীৰাসকলক হীৰক প্ৰভাত, হীৰক প্ৰভাত, হীৰক প্ৰভাত। ওঁম্‌শান্তি।

বৰদান:
সেৱাৰ উৎসাহ-উদ্দীপনাৰ দ্বাৰা সুৰক্ষাৰ অনুভৱ কৰোঁতা মায়াজিৎ হোৱা

যিসকল সন্তান স্থূল কামৰ লগতে আত্মিক সেৱাৰ বাবে দৌৰে, সদাপ্ৰস্তুত হৈ থাকে তেন্তে এই সেৱাৰ উৎসাহ-উদ্দীপনাও সুৰক্ষাৰ সাধন হৈ যায়। যিসকল সেৱাত ব্যস্ত হৈ থাকে তেওঁলোক মায়াৰ পৰা বাচি থাকে। মায়ায়ো চায় যে এওঁলোকৰ আজৰি নাই সেয়েহে মায়াও গুচি যায়। যিসকল সন্তানসকলৰ পিতা আৰু সেৱাৰ প্ৰতি মৰম আছে, তেওঁলোকে অতৰিক্ত সাহসৰ সহায় পায়, যাৰ দ্বাৰা সহজে মায়াজিৎ হৈ যায়।

স্লোগান:
জ্ঞান আৰু যোগক নিজৰ জীৱনৰ স্বভাৱ কৰি লোৱা তেতিয়া পুৰণা স্বভাৱ পৰিৱৰ্তন হৈ যাব।

সূচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰ্ৰীয় যোগদিৱস, সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈকে বিশেষ সন্তুষ্টমণি হৈ বায়ুমণ্ডলত সন্তুষ্টিৰ কিৰণ বিয়পাই দিয়ক। অসন্তুষ্ট আত্মাসকলক সন্তুষ্ট হৈ থকাৰ শক্তি দিয়ক, মনেৰে সেৱা কৰক।

“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ বাপদাদাই কোনো কৰ্মৰ ফলৰ ইচ্ছা নাৰাখে, প্ৰতিষাৰ বচন আৰু কৰ্মত সদায় পিতাৰ স্মৃতি থকাৰ কাৰণে ফলৰ ইচ্ছাৰ সংকল্প মাত্ৰও নাথাকে, তেনেকৈ পিতাক অনুসৰণ কৰা। কেঁচা ফলৰ ইচ্ছা নাৰাখিবা। ফলৰ ইচ্ছা সূক্ষ্ম ৰূপতো থাকিলে সেয়া যেন কৰিলা আৰু ফল খালা, তেতিয়া ফলস্বৰূপ কেনেকৈ হ’বা, সেয়েহে ফলৰ ইচ্ছা এৰি “ইচ্ছা মাত্ৰম অবিদ্যা” হোৱা।