15.09.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা তোমালোকক কৰ্ম-অকৰ্ম-বিকৰ্মৰ গূঢ় গতি শুনাবলৈ আহিছে, যেতিয়া আত্মা আৰু শৰীৰ
দুয়োটা পৱিত্র হয় তেতিয়া কৰ্ম অকৰ্ম হয়, পতিত হ’লে বিকৰ্ম হয়”
প্ৰশ্ন:
আত্মাত মামৰে
ধৰাৰ (বিকাৰৰ লেপ পৰাৰ) কাৰণ কি? মামৰ যদি লাগি আছে তেন্তে তাৰ চিন কি হ’ব?
উত্তৰ:
মামৰে ধৰাৰ কাৰণ হৈছে - বিকাৰ। পতিত হোৱাৰ বাবেই মামৰে ধৰে। যদি এতিয়াও মামৰ লাগি
আছে তেন্তে তেওঁলোক পুৰণি জগতৰ প্ৰতি আকৰ্ষিত হৈ থাকিব। বুদ্ধি আসুৰিক দিশে গৈ
থাকিব। স্মৃতিত থাকিব নোৱাৰিব।
ওঁম্শান্তি।
সন্তানসকলে
ইয়াৰ অৰ্থতো বুজি পালে। “ওঁম্ শান্তি” বুলি ক’লেই এইটো নিশ্চয় জন্মি যায় যে আমি
আত্মাসকল ইয়াৰ বাসিন্দা নহয়। আমিতো শান্তিধামৰ বাসিন্দা। যেতিয়া ঘৰত থাকোঁ আমাৰ
স্বধৰ্ম শান্তি আকৌ ইয়ালৈ আহি ভূমিকা পালন কৰোঁ, কিয়নো শৰীৰ সহিত কৰ্ম কৰিবলগীয়া হয়।
কৰ্ম এটা হ’ল ভাল, আনটো বেয়া। কৰ্ম বেয়া হয় ৰাৱণৰাজ্যত। ৰাৱণৰাজ্যত সকলোৰে কৰ্ম
বিকৰ্ম হৈ গৈছে। এজনো মনুষ্য নাই যাৰ দ্বাৰা বিকৰ্ম নহয়। মনুষ্যইতো ভাবে
সাধু-সন্ন্যাসী আদিৰ দ্বাৰা বিকৰ্ম হ'ব নোৱাৰে কিয়নো তেওঁলোক পৱিত্ৰ হৈ থাকে।
সন্ন্যাস লৈছে। বাস্তৱত পৱিত্ৰ বুলি কাক কোৱা হয়, এইটো একেবাৰে নাজানে। কয়ো যে আমি
পতিত। পতিত-পাৱনক আহ্বান জনায়। যেতিয়ালৈকে তেওঁ নাহে তেতিয়ালৈকে সৃষ্টিখন পৱিত্র
হ'ব নোৱাৰে। ইয়াত এয়া হৈছে পতিত পুৰণি সৃষ্টি, সেয়েহে পাৱন সৃষ্টিক স্মৰণ কৰে। পাৱন
সৃষ্টিলৈ যেতিয়া যাব তেতিয়া পতিত সৃষ্টিক স্মৰণ নকৰিব। সেইখন সৃষ্টিয়েই ভিন্ন।
প্ৰতিটো বস্তু নতুনৰ পৰা আকৌ পুৰণি হয় নহয়। নতুন সৃষ্টিত এজনো পতিত থাকিব নোৱাৰে।
নতুন সৃষ্টিৰ ৰচয়িতা হৈছে পৰমপিতা পৰমাত্মা, তেৱেঁই পতিত-পাৱন, তেওঁৰ ৰচনাও নিশ্চয়
পাৱন হ'ব লাগে। পতিতৰ পৰা পাৱন, পাৱনৰ পৰা পতিত, এই কথাবোৰ জগতৰ কাৰো বুদ্ধিত ধাৰণ
হ'ব নোৱাৰে। কল্পই কল্পই পিতাহে আহি বুজায়। তোমালোক সন্তানসকলৰ ভিতৰতো কোনোবা
নিশ্চয় বুদ্ধিৰ হৈ আকৌ সংশয় বুদ্ধিৰ হৈ যায়। মায়াই একেবাৰে গিলি পেলায়। তোমালোক
মহাৰথী হোৱা নহয়। মহাৰথীসকলকহে ভাষণ দিবৰ কাৰণে মাতে। মহাৰজাসকলকো বুজাব লাগে।
তোমালোকহে প্ৰথমতে পাৱন পূজ্য আছিলা, এতিয়াতো এইখন হৈছেই পতিত সৃষ্টি। পাৱন সৃষ্টিত
ভাৰতবাসীহে আছিল। তোমালোক ভাৰতবাসী আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ দ্বৈত মুকুটধাৰী
সম্পূৰ্ণ নিৰ্বিকাৰী আছিলা। মহাৰথীসকলেতো এনেকৈ বুজাব লাগে নহয়। এইটো নিচাৰে বুজাব
লাগে। ভগৱানুবাচ (ভগৱানে কয়) - কাম চিতাত বহি ক'লা (অপৱিত্ৰ) হৈ যোৱা পুনৰ জ্ঞান
চিতাত বহিলে বগা (পৱিত্ৰ) হৈ যাবা। এতিয়া যিসকলে বুজায় তেওঁলোকতো কাম চিতাত বহিব
নোৱাৰে। কিন্তু এনেকুৱাও আছে যিসকলে অন্যক বুজাই বুজাই কাম চিতাত বহি যায়। আজি এয়া
বুজায় আকৌ কাইলৈ বিকাৰত অধঃপতিত হৈ যায়। মায়া বহুত শক্তিশালী। কথাই নুসুধিবা। অন্যক
বুজাওঁতাজন নিজে কাম চিতাত বহি যায়। পাছত অনুতাপ কৰে - এয়া কি হ'ল? মুষ্টিযুদ্ধ হয়
নহয়। স্ত্ৰীক দেখিলে আৰু আকৰ্ষিত হ'ল, মুখ ক'লা কৰি দিলে। মায়া বৰ শক্তিশালী।
প্ৰতিজ্ঞা কৰি আকৌ অধঃপতিত হয় তেন্তে কিমান এশ গুণ দণ্ড হৈ যায়। সেয়াতো যেন শূদ্ৰৰ
সমান পতিত হৈ গ’ল। গায়নো কৰা হয়- অমৃত পান কৰি পুনৰ বাহিৰলৈ গৈ অন্যক অশান্ত কৰিছিল।
কদৰ্য কৰি তুলিছিল। তালিতো দুয়োখন হাতেৰে বাজে। এখনেৰেতো বাজিব নোৱাৰে। দুয়ো বেয়া (বিকাৰী)
হৈ যায়। পাছত কোনোবাইতো জনায়, কোনোবাই আকৌ লাজতে নজনায়েই। এনেকৈ ভাবে যে ব্ৰাহ্মণ
কুলত যাতে নাম বদনাম হৈ নাযায়। যুদ্ধত কোনোবা পৰাজিত হ’লে তেতিয়া হাহাকাৰ হৈ যায়।
হেৰ’ ইমান ডাঙৰ পালোৱানকো বগৰাই দিলে! এনেকুৱা বহুত দুৰ্ঘটনা হয়। মায়াই চৰ লগাই দিয়ে,
বহুত উচ্চ লক্ষ্য হয় নহয়।
এতিয়া তোমালোক
সন্তানসকলে বুজি পোৱা যে যিসকল সতোপ্ৰধান বগা (পৱিত্ৰ) আছিল, তেওঁলোকেই কাম চিতাত
বহাৰ কাৰণে ক'লা (অপৱিত্ৰ) তমোপ্ৰধান হৈ গৈছে। ৰামকো ক'লা বৰণীয়া দেখুৱায়। চিত্ৰতো
বহুতৰে ক'লা বৰণীয়া তৈয়াৰ কৰে। কিন্তু মুখ্যসকলৰ কথা বুজোৱা হয়। ইয়াতো ৰামচন্দ্ৰৰ
ক'লা চিত্ৰ আছে, তেওঁলোকক সুধিব লাগে - ক'লা বৰণীয়াকৈ কিয় তৈয়াৰ কৰিছে? কৈ দিব -
এয়াতো ঈশ্বৰৰ ইচ্ছা। এয়াতো চলি আহিছে। কিয় হয়, কি হয় - এইবোৰ একো নাজানে। এতিয়া
তোমালোকক পিতাই বুজায় - কাম চিতাত বহাৰ কাৰণে পতিত দুখী একেবাৰে মূল্যহীন হৈ যায়।
সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি। এয়া হৈছে বিকাৰী সৃষ্টি। গতিকে এনেকৈ বুজাব লাগে।
এওঁলোক সূৰ্যবংশী, এওঁলোক চন্দ্ৰবংশী আকৌ বৈশ্য বংশী হ'বই লাগে। বাম (বিকাৰী)
মাৰ্গত আহিলে তেওঁলোকে নিজক দেৱতা বুলি নকয়। জগত নাথৰ মন্দিৰত ওপৰৰ ফালে দেৱতাসকলৰ
কুল দেখুৱায়। সাজপাৰ দেৱতাসকলৰ, কৰ্মকাণ্ড একেবাৰে কদৰ্য দেখুৱায়। পিতাই যিবোৰ কথাৰ
প্ৰতি মনোযোগ আকৰ্ষিত কৰায় সেইবোৰৰ প্ৰতি ধ্যান দিব লাগে। মন্দিৰবোৰত বহুত সেৱা হ'ব
পাৰে। শ্ৰীনাথ দ্বাৰতো বুজাব পাৰা। সুধিব লাগে - এওঁলোকক ক'লা বৰণীয়াকৈ কিয় তৈয়াৰ
কৰিছে? এইটো বুজোৱাতো বহুত সহজ। সেয়া হৈছে সোণালী যুগ, এয়া হৈছে লৌহ যুগ। মামৰে ধৰে
(বিকাৰৰ লেপ পৰে) নহয়। এতিয়া তোমালোকৰ মামৰ আঁতৰি গৈ আছে। যিসকলে স্মৰণেই নকৰে গতিকে
মামৰো আঁতৰি নাযায়। বহুত মামৰে ধৰিছে গতিকে তেওঁলোক পুৰণি সৃষ্টিৰ প্ৰতি আকৰ্ষিত হৈ
থাকিব। সকলোতকৈ বেছি মামৰে ধৰে বিকাৰৰ বাবে। পতিততো বিকাৰৰ বাবেই হৈছে। নিজক পৰীক্ষা
কৰিব লাগে - মোৰ বুদ্ধি আসুৰিক দিশেতো নাযায়। ভাল ভাল উত্তম সন্তানো অনুত্তীৰ্ণ হৈ
যায়। এতিয়া তোমালোক সন্তানসকলে এইটো বোধশক্তি পাইছা। মুখ্য কথা হৈছেই পৱিত্ৰতাৰ।
আৰম্ভণিৰ পৰা ইয়াৰ ওপৰতেই কাজিয়া-পেচাল হৈ আহিছে। পিতায়েই এইটো যুক্তি ৰচিছে -
সকলোৱে কৈছিল আমি জ্ঞান অমৃত পান কৰিবলৈ যাওঁ। জ্ঞান অমৃত আছেই জ্ঞান সাগৰৰ ওচৰত।
শাস্ত্ৰ পঢ়িলেতো কোনেও পতিতৰ পৰা পাৱন হ'ব নোৱাৰে। পাৱন হৈ পুনৰ পাৱন সৃষ্টিলৈ যাব
লাগে। ইয়াত পাৱন হৈ আকৌ ক'লৈ যাব? জগতৰ লোকে ভাবে অমুকে মোক্ষ (মুক্তি) প্ৰাপ্তি
কৰিলে। তেওঁলোকে কি জানে, যদি মোক্ষ প্ৰাপ্তি কৰিলে তেন্তে তেওঁৰ ক্ৰিয়া-কৰ্ম আদিও
কৰিব নোৱাৰে। ইয়াত দীপক আদি জ্বলায় যাতে তেওঁৰ কোনোধৰণৰ কষ্ট নহয়। অন্ধকাৰত
ঠেকা-খুন্দা নাখায়। আত্মাইতো এটা শৰীৰ এৰি অন্য এটা লয়, এক চেকেণ্ডৰ কথা। অন্ধকাৰ
আকৌ ক'ৰ পৰা আহিল? এইটো ৰীতি চলি আহিছে, তোমালোকেও কৰিছিলা, এতিয়া একোৱেই নকৰা।
তোমালোকে জানা শৰীৰতো মাটি হৈ গ’ল। তাত এনেকুৱা ৰীতি-প্ৰথা নাথাকে। আজিকালিৰ
তন্ত্ৰ-মন্ত্ৰৰে সিদ্ধি পোৱাৰ কথাবোৰত একো নাই। ধৰি লোৱা কাৰোবাৰ পাখি গজিল, উৰিবলৈ
ধৰে - পাছত কি হয়, তাৰ পৰা কি লাভ হ’ব? পিতাইতো কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম
বিনাশ হ'ব। এয়া যোগ অগ্নি, যাৰ দ্বাৰা পতিতৰ পৰা পাৱন হ'বা। জ্ঞানৰ দ্বাৰা ধন
প্ৰাপ্ত হয়। যোগৰ দ্বাৰা সৰ্বদা নিৰোগী পৱিত্র, জ্ঞানৰ দ্বাৰা সৰ্বদা সমৃদ্ধিশালী
হয়। যোগীসকল সদায় দীৰ্ঘায়ু হয়। ভোগীসকলৰ আয়ুস কম। শ্ৰীকৃষ্ণক যোগেশ্বৰ বুলি কয়।
ঈশ্বৰৰ স্মৃতিৰে কৃষ্ণ হৈছে, তেওঁক স্বৰ্গত যোগেশ্বৰ বুলি নক'ব। তেওঁতো প্ৰিন্স (ৰাজকুমাৰ)
হয়। পূৰ্বৰ জন্মত এনেকুৱা কৰ্ম কৰিছে, যাৰ দ্বাৰা এনেকুৱা হ'ল। কৰ্ম-অকৰ্ম-বিকৰ্মৰ
গতিও পিতাই বুজাইছে। আধাকল্প হৈছে ৰাম ৰাজ্য, আধাকল্প হৈছে ৰাৱণৰ ৰাজ্য।
বিকাৰগ্ৰস্ত হোৱা - এইটো হৈছে সকলোতকৈ ডাঙৰ পাপ। সকলো ভাই-ভনী হয় নহয়। আত্মাসকল সকলো
ভাই ভাই হয়। ভগৱানৰ সন্তান হৈ পুনৰ আসুৰিক কাৰ্য কেনেকৈ কৰে। আমি বি.কে.সকল
বিকাৰগ্ৰস্ত হ’ব নোৱাৰোঁ। এইটো যুক্তিৰেহে পৱিত্ৰ হৈ থাকিব পাৰে। তোমালোকে জানা
এতিয়া ৰাৱণৰাজ্য সমাপ্ত হ'ব আকৌ প্ৰত্যেক আত্মা পৱিত্ৰ হৈ যায়। তাক কোৱা হয় - ঘৰে
ঘৰে আলোক। তোমালোকৰ জ্যোতি জ্বলি গ’ল। জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। সত্যযুগত সকলো
পৱিত্ৰ হৈয়ে থাকে। সেয়াও তোমালোকে এতিয়া বুজি পোৱা। অন্যক বুজাবৰ কাৰণে সন্তানসকলৰ
ক্ৰমানুসৰি শক্তি থাকে। ক্ৰমানুসৰি স্মৃতিত থাকে। ৰাজধানী কেনেকৈ স্থাপনা হয়, কাৰো
বুদ্ধিত এইটো নাথাকিব। তোমালোক সেনা হোৱা নহয়। এইটো জানা যে স্মৃতিৰ বলেৰে পৱিত্ৰ
হৈ আমি ৰজা-ৰাণী হৈ আছোঁ। পুনৰ পৰৱৰ্তী জন্মত মুখত সোণৰ চামুচ অৰ্থাৎ সমৃদ্ধিশালী
অৱস্থা হ'ব। ডাঙৰ পৰীক্ষা উত্তীৰ্ণ হোৱাসকলে পদবীও ডাঙৰ পায়। পাৰ্থক্য আছে নহয়,
যিমান পঢ়া সিমান সুখ। এয়াতো ভগৱানে পঢ়ায়। এইটো নিচা বাঢ়ি থাকিব লাগে। শক্তিশালী
বস্তু পোৱা যায়। ভগৱানৰ অবিহনে এনেকুৱা ভগৱান-ভগৱতী কৰি কোনে তুলিব। তোমালোক এতিয়া
পতিতৰ পৰা পাৱন হৈ আছা পুনৰ জন্ম-জন্মান্তৰৰ কাৰণে সুখী হৈ যাবা। উচ্চ পদ পাবা। পঢ়ি
পঢ়ি আকৌ কদৰ্যময় হৈ যায়। দেহ-অভিমানত অহাৰ কাৰণে আকৌ জ্ঞানৰ তৃতীয় নেত্ৰ বন্ধ হৈ
যায়। মায়া বৰ শক্তিশালী। পিতাই নিজেই কয় - বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। মই ব্ৰহ্মাৰ
শৰীৰত আহি কিমান পৰিশ্ৰম কৰোঁ। কিন্তু বুজি উঠি তথাপিও কৈ দিয়ে এনেকুৱা জানো হ'ব
পাৰে, শিৱবাবা আহি পঢ়ায় - আমি নামানো। এয়া চালাকী। এনেকৈও কৈ দিয়ে। ৰাজ্যতো স্থাপনা
হৈয়েই যাব। এনেকৈ কয় নহয় যে সত্যৰ নাও টুলুংভুটুং কৰে কিন্তু নুডুবে। কিমান বিঘিনি
আহে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা চকুৰ মণি, শ্যামবৰণীয়াৰ পৰা সুন্দৰ হওঁতা আত্মাসকলৰ প্ৰতি
মাতা-পিতা বাপদাদাৰ গভীৰ আন্তৰিক স্নেহসহিত স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ
আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যোগ
অগ্নিৰে বিকাৰৰ মামৰ আঁতৰাব লাগে। নিজক পৰীক্ষা কৰিব লাগে যে মোৰ বুদ্ধি আসুৰিক
দিশেতো নাযায়।
(2) নিশ্চয়বুদ্ধি
হোৱাৰ পাছত আকৌ কেতিয়াও কোনো কথাত সংশয় আনিব নালাগে। বিকৰ্মৰ পৰা ৰক্ষা পাবলৈ সকলো
কৰ্ম নিজৰ স্বধৰ্মত স্থিত হৈ পিতাৰ স্মৃতিত থাকি কৰিব লাগে।
বৰদান:
শ্ৰেষ্ঠ
প্ৰতিপালনৰ বিধিৰে বৃদ্ধি কৰোঁতা সকলোৰে অভিনন্দনৰ পাত্ৰ হোৱা
সংগমযুগত
অভিনন্দনেৰেই বৃদ্ধি পোৱাৰ যুগ। পিতাৰ, পৰিয়ালৰ অভিনন্দনেৰেই তোমালোক সন্তানসকল
প্ৰতিপালিত হৈ আছা। অভিনন্দনেৰেই নাচি, গাই, প্ৰতিপালিত হৈ, উৰি গৈ আছা। এই
প্ৰতিপালনো অপূৰ্ব। সেয়েহে তোমালোক সন্তানসকলেও বিশাল অন্তৰেৰে, দয়াৰ ভাৱনাৰে, দাতা
হৈ প্ৰতিটো মুহূৰ্ততে ‘বহুত ভাল’, ‘বহুত ভাল’ বুলি কৈ অভিনন্দন জনাই থাকা – এয়াই
প্ৰতিপালনৰ শ্ৰেষ্ঠ বিধি। এইটো বিধিৰে সকলোকে প্ৰতিপালন কৰি থাকা তেতিয়া অভিনন্দনৰ
পাত্ৰ হৈ যাবা।
স্লোগান:
নিজৰ স্বভাৱ সৰল কৰি লোৱা - এয়াই সমাধান স্বৰূপ হোৱাৰ সহজ বিধি।
মাতেশ্বৰীজীৰ অমূল্য
মহাবাক্য
"পুৰুষাৰ্থ আৰু
প্ৰালব্ধৰ ৰচি থোৱা অনাদি ড্ৰামা"
মাতেশ্বৰী:-
পুৰুষাৰ্থ আৰু প্ৰালব্ধ দুটা বস্তু, পুৰুষাৰ্থৰ দ্বাৰা প্ৰালব্ধ গঢ় লয়। এই অনাদি
সৃষ্টিৰ চক্ৰ ঘূৰি থাকে, যিসকল আদি সনাতন ভাৰতবাসী পূজ্য আছিল, তেওঁলোকেই আকৌ পূজাৰী
হ’ল আকৌ সেই পূজাৰীসকলেই পুৰুষাৰ্থ কৰি পূজ্য হ'বগৈ, এই অৱৰোহণ আৰু আৰোহণৰ অনাদি
ড্ৰামাৰ খেল ৰচি থোৱা আছে।
জিজ্ঞাসু:- মাতেশ্বৰী,
মোৰো এইটো প্ৰশ্ন উদয় হয় যে যিহেতু এই ড্ৰামৰ্খন এনেকৈ ৰচি থোৱা আছে তেন্তে যদি
আৰোহণ কৰিবলগীয়া আছে তেন্তে আপোনাআপুনি কৰিম তেনেস্থলত পুৰুষাৰ্থ কৰাৰ লাভেই বা কি
হ'ল? আৰোহণ কৰাৰ পাছত আকৌ অৱনমিত হ'মেই তেন্তে ইমান পুৰুষাৰ্থই বা কিয় কৰোঁ?
মাতেশ্বৰী, আপুনি ক’ব খোজে যে এই ড্ৰামাখন হুবহু পুনৰাবৃত্তি হয় তেন্তে
সৰ্বশক্তিমান পৰমাত্মাই সদায় এনেকুৱা খেল দেখি নিজে ভাগৰি নপৰেনে? যেনেকৈ 4টা ঋতুত
ঠাণ্ডা, গৰম আদিৰ পাৰ্থক্য থাকে তেন্তে এই খেলখনত জানো পাৰ্থক্য নহ’ব?
মাতেশ্বৰী:- বচ্,
এয়াইতো এই ড্ৰামাখনৰ বৈশিষ্ট্য, হুবহু পুনৰাবৃত্তি হয় আৰু এই ড্ৰামাখনত আৰু
বৈশিষ্ট্য আছে যে পুনৰাবৃত্তি হোৱা সত্ত্বেও নিত্য নতুন যেন লাগে। প্ৰথমতেতো নিজৰো
এই শিক্ষা নাছিল, কিন্তু যিহেতু জ্ঞান প্ৰাপ্ত হ'ল গতিকে চেকেণ্ডৰ পাছত চেকেণ্ড যি
চলে, যদিও হুবহু কল্প পূৰ্বৰ দৰেই চলে কিন্তু যেতিয়া সেয়া সাক্ষী হৈ চোৱা যায় তেতিয়া
নিত্য নতুন যেন লাগে। এতিয়া সুখ-দুখ দুয়োটাৰে পৰিচয় প্ৰাপ্ত হৈ গ'ল সেয়েহে এনেকৈ
নুবুজিবা যে যদি অনুত্তীৰ্ণ হ'বলগীয়াই আছে তেন্তে আকৌ পঢ়োঁৱেই বা কিয়? নহয়,
তেনেহ’লেতো এনেকৈও বুজা যে যদি ভোজন পাবলগীয়া আছে তেন্তে আপোনাআপুনি পাম, তেন্তে
ইমান কষ্ট কৰি উপাৰ্জন কিয় কৰা? সেইদৰে আমিও দেখি আছোঁ যে এতিয়া আৰোহণ কলাৰ সময়
আহিছে, সেয়াই দেৱতা কুল প্ৰতিষ্ঠা হৈ আছে তেন্তে কিয়নো এতিয়াই সেই সুখ লৈ নলওঁ।
যেনেকৈ চোৱা এতিয়া যদি কোনোবা বিচাৰক হ'ব বিচাৰে তেন্তে যেতিয়া পুৰুষাৰ্থ কৰিব
তেতিয়াহে সেই ডিগ্ৰী প্ৰাপ্ত কৰিব নহয়। যদি তাত অনুত্তীৰ্ণ হৈ যায় তেন্তে পৰিশ্ৰমেই
ব্যৰ্থত গুচি যায়, কিন্তু এই অবিনাশী জ্ঞানত আকৌ এনেকুৱা নহয়, এই অবিনাশী জ্ঞানৰ
অলপমানো বিনাশ নহয়। ইমান পুৰুষাৰ্থ নকৰিলেও, দৈৱী অভিজাত কুলত নাহিলেও কিন্তু যদি
কম পুৰুষাৰ্থও কৰিলে তথাপিও সেই সত্যযুগী দৈৱী প্ৰজাত আহিব পাৰে। কিন্তু পুৰুষাৰ্থ
নিশ্চয় কৰিব লাগিব কিয়নো পুৰুষাৰ্থৰ দ্বাৰাহে প্ৰালব্ধ গঢ়ি উঠিব, মহিমা পুৰুষাৰ্থহে
গায়ন কৰা হৈছে।
''এই ঈশ্বৰীয় জ্ঞান
সকলো মনুষ্য আত্মাৰ কাৰণে"
পোন-প্ৰথমেতো নিজে এটা
মুখ্য কথা খেয়ালত অৱশ্যে ৰাখিব লাগে, যিহেতু এই মনুষ্য সৃষ্টি বৃক্ষৰ বীজৰূপ হৈছে
পৰমাত্মা তেন্তে সেই পৰমাত্মাৰ দ্বাৰা যি জ্ঞান প্ৰাপ্ত হৈ আছে সেয়া সকলো মনুষ্যৰ
কাৰণে জৰুৰী। সকলো ধৰ্মাৱলম্বীৰে এই জ্ঞান লোৱাৰ অধিকাৰ আছে। যদিও প্ৰত্যেক ধৰ্মৰ
জ্ঞান নিজা নিজা, প্ৰত্যেকৰে শাস্ত্ৰ নিজা নিজা, প্ৰত্যেকৰে মত নিজা নিজা,
প্ৰত্যেকৰে সংস্কাৰ নিজা নিজা কিন্তু এই জ্ঞান সকলোৰে কাৰণে। লাগিলে তেওঁ এই জ্ঞান
ধাৰণ কৰিবই নোৱাৰক, আমাৰ কুলত নাহকেই কিন্তু সকলোৰে পিতা হোৱাৰ কাৰণে তেওঁৰ সৈতে
যোগসুত্ৰ গঢ়িলে তেতিয়াও পৱিত্র নিশ্চয় হ'ব। এই পৱিত্ৰতাৰ কাৰণে নিজৰেই শাখাত পদ
অৱশ্যে পাব কিয়নো যোগকতো সকলো মনুষ্যই মানে, বহুত মনুষ্যই এনেকৈ কয় যে আমাকো মুক্তি
লাগে, কিন্তু শাস্তিৰ নোখোৱাকৈ মুক্ত হোৱাৰ শক্তিও এই যোগৰ দ্বাৰা প্ৰাপ্ত হ'ব পাৰে।
ওঁম্ শান্তি।
অব্যক্ত সংকেত: এতিয়া
একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা
তোমালোক সন্তানসকলৰ
ওচৰত পৱিত্ৰতাৰ যি মহান শক্তি আছে, এই শ্ৰেষ্ঠ শক্তিয়েই অগ্নিৰ কাম কৰে যিয়ে
চেকেণ্ডতে বিশ্বৰ আৱৰ্জনা ভস্ম কৰিব পাৰে। যেতিয়া আত্মা পৱিত্ৰতাৰ সম্পূৰ্ণ স্থিতিত
স্থিৰ হয় তেতিয়া সেই স্থিতিৰ শ্ৰেষ্ঠ সংকল্পৰে একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত হয় আৰু
আৱৰ্জনা ভস্ম হৈ যায়, বাস্তৱত এয়াই যোগ অগ্নি। এতিয়া তোমালোক সন্তানসকলে নিজৰ এই
শ্ৰেষ্ঠ শক্তি কাৰ্যত ব্যৱহাৰ কৰা।