15.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে নিজৰ ভাগ্য ভৱিষ্যতলৈ নতুন সৃষ্টিৰ কাৰণে গঢ়ি আছা, তোমালোকৰ এই ৰাজযোগ হয়েই নতুন সৃষ্টিৰ কাৰণে”

প্ৰশ্ন:
ভাগ্যশালী সন্তানসকলৰ মুখ্য লক্ষণবোৰ কি হ’ব?

উত্তৰ:
(1) ভাগ্যশালী সন্তানে নিয়ম অনুসৰি শ্ৰীমতত চলিব। নিয়মৰ বিৰুদ্ধে কোনো কাৰ্য কৰি নিজক বা পিতাক প্ৰতাৰণা নকৰিব। (2) তেওঁলোকৰ পঢ়াৰ পূৰা চখ থাকিব। বুজোৱাৰো চখ থাকিব। (3) সন্মান সহকাৰে উত্তীৰ্ণ হৈ বৃত্তি ল’বলৈ পুৰুষাৰ্থ কৰিব। (4) কেতিয়াও কাকো দুখ নিদিব। কেতিয়াও কোনো ওলোটা কৰ্ম নকৰিব।

গীত:
তকদীৰ জগাকৰ আই হুঁ… (ভাগ্য উদয় কৰি আহিছোঁ…)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলে। নতুনসকলেও শুনিলে লগতে পুৰণাসকলেও শুনিলে, কুমাৰীসকলেও শুনিলে। এইখনতো হৈছে পাঠশালা। পাঠশালালৈ কিবা নহয় কিবা ভাগ্য গঢ়িবলৈ যায়। তাততো অনেক প্ৰকাৰৰ ভাগ্য আছে, কোনোৱে ছাৰ্জন হোৱাৰ, কোনোৱে বেৰিষ্টাৰ হোৱাৰ ভাগ্য গঢ়ে। ভাগ্যক লক্ষ্য-উদ্দেশ্য বুলি কোৱা হয়। ভাগ্য নগঢ়াকৈ পাঠশালাত কি পঢ়িব। এতিয়া ইয়াত সন্তানসকলে জানে যে আমিও ভাগ্য গঢ়ি আহিছোঁ – নতুন সৃষ্টিৰ কাৰণে নিজৰ ৰাজ্য-ভাগ্য ল’বলৈ। এয়া হ’ল নতুন সৃষ্টিৰ কাৰণে ৰাজযোগ। তেওঁলোক পুৰণি সৃষ্টিৰ কাৰণে অধিবক্তা, অভিযন্তা, চিকিৎসক আদি হয়। সেয়া হওঁতে হওঁতে, এতিয়া পুৰণি সৃষ্টিৰ সময় বহুত কম আছেগৈ, সেয়াতো নাশ হৈ যাব। সেই ভাগ্য হ’ল এই মৃত্যুলোকৰ কাৰণে, এইটো জন্মৰ কাৰণে। তোমালোকৰ পঢ়া হ’ল নতুন সৃষ্টিৰ কাৰণে। তোমালোকে নতুন সৃষ্টিৰ কাৰণে ভাগ্য উদয় কৰি আহিছা। নতুন সৃষ্টিত তোমালোকে ৰাজ্য-ভাগ্য পাবা। কোনে পঢ়ায়? বেহদৰ পিতাই, যাৰ পৰা উত্তৰাধিকাৰ পাব লাগে। যেনেকৈ চিকিৎসকসকলে নিজৰ পঢ়াৰ দ্বাৰা চিকিৎসকৰ উত্তৰাধিকাৰ পায়। বাৰু যেতিয়া বুঢ়া হয় তেতিয়া গুৰুৰ ওচৰলৈ যায়। কি বিচাৰে? কয় - মোক শান্তিধামলৈ যোৱাৰ শিক্ষা দিয়ক, মোক সৎগতি দিয়ক। ইয়াৰ পৰা উলিয়াই শান্তিধামলৈ লৈ যাওঁক। পিতাকৰ পৰাও উত্তৰাধিকাৰ পোৱা যায় – এইটো জন্মৰ কাৰণে। বাকী গুৰুৰ পৰাতো একো পোৱা নাযায়। শিক্ষকৰ পৰা কিবা নহয় কিবা উত্তৰাধিকাৰ পোৱা যায় কিয়নো জীৱিকাতো লাগে নহয় জানো। পিতাকৰ উত্তৰাধিকাৰ থকা সত্ত্বেও পঢ়ে যে ময়ো নিজৰ উপাৰ্জন কৰোঁ। গুৰুৰ পৰা একো উপাৰ্জন নহয়। অৱশ্যে হয়, কোনো কোনোৱে গীতা আদি ভালকৈ পঢ়ি আকৌ গীতাৰ ওপৰত ভাষণ আদি দিয়ে। এই সকলোবোৰ হ’ল অল্পকালৰ সুখৰ কাৰণে। এতিয়াতো এই মৃত্যুলোকৰ অন্তৰ সময়। তোমালোকে জানা যে আমি নতুন সৃষ্টিৰ ভাগ্য গঢ়িবলৈ আহিছোঁ। এই পুৰণি সৃষ্টি নাশ হৈ যাব। পিতাৰ বা নিজৰ সম্পত্তিও সকলো নাশ হৈ যাব। হাত তথাপি খালী হৈয়েই যাব। এতিয়াতো নতুন সৃষ্টিৰ কাৰণে উপাৰ্জন কৰিব লাগে। পুৰণি সৃষ্টিৰ মনুষ্যইতো সেয়া কৰিব নোৱাৰিব। নতুন সৃষ্টিৰ উপাৰ্জন কৰাোঁতাজন হয়েই শিৱবাবা। ইয়ালৈ তোমালোক নতুন সৃষ্টিৰ কাৰণে ভাগ্য গঢ়িবলৈ আহিছা। সেইজন পিতাই তোমালোকৰ পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। আৰু তেওঁ আহেই সংগমত, ভৱিষ্যতৰ কাৰণে উপাৰ্জন শিকাবলৈ। এতিয়া এই পুৰণি সৃষ্টিততো কেইটিমান দিন বাকী আছে। এইটো জগতৰ মনুষ্যই নাজানে। তোমালোক সন্তানসকলে জানা নতুন সৃষ্টিৰ কাৰণে এওঁ আমাৰ পিতা, শিক্ষক, সৎগুৰু হয়। পিতা আহেই শান্তিধাম, সুখধামলৈ লৈ যাবলৈ। কোনোৱে ভাগ্য নগঢ়ে, তাৰমানে একোৱেই নুবুজে। এখন ঘৰতে স্ত্ৰীয়ে পঢ়ে, পুৰুষে নপঢ়ে, সন্তানে পঢ়িব মাক-পিতাকে নপঢ়িব। এনেকুৱা হৈ থাকে। আৰম্ভণিতে গোটেই পৰিয়াল সহিত আহিছিল। কিন্তু মায়াৰ ধুমুহা লগাত আশ্চৰ্যজনকভাৱে শুনিলে, ক’লে পিতাক এৰি গুচি গ’ল। গায়নো কৰা হৈছে - আশ্চৰ্যজনকভাৱে শুনে, কয়, পিতাৰ হৈ যায়, পঢ়া পঢ়ায় তথাপিও… হায় নাটকৰ নিয়তি। নাটকৰেই কথা হ’ল নহয় জানো। পিতাই নিজে কয় – অহ! নাটক, অহ! মায়া। কাক এৰি গুচি গ’ল! স্ত্ৰী-পুৰুষ এজনে আনজনক এৰি যায় (বিবাহ বিচ্ছেদ কৰে)। সন্তানে পিতাকক এৰি দিয়ে। ইয়াততো সেইটো নহয়। ইয়াততো এৰি যাব নোৱাৰে। পিতাতো আহিছে সন্তানসকলক সঁচা উপাৰ্জন কৰাবলৈ। পিতাই জানো কাৰোবাক গাঁতত পেলাব। পিতাতো হয়েই পতিত-পাৱন, দয়াশীল। পিতা আহি দুখৰ পৰা উদ্ধাৰ কৰে আৰু মাৰ্গ-দৰ্শক হৈ লগত লৈ যাওঁতা হয়। এনেকৈ কোনো লৌকিক গুৰুৱে নকয় যে মই তোমালোকক লগত লৈ যাম। শাস্ত্ৰবোৰত আছে ভগৱানুবাচ – যে মই তোমালোক সকলোকে লৈ যাম। মহৰ নিচিনাকৈ সকলো যাব লাগিব। তোমালোক সন্তানসকলে ভালদৰে জানা যে এতিয়া আমি ঘৰলৈ যাব লাগে। এই শৰীৰ এৰিব লাগে। তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল। নিজক কেৱল আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। এয়াতো পুৰণা ছিঃ ছিঃ চোলা (শৰীৰ)। এই সৃষ্টিখনো পুৰণি। যেনেকৈ পুৰণা ঘৰত থকা অৱস্থাত যেতিয়া সন্মুখত নতুন ঘৰ সাজি থাকে তেতিয়া পিতায়ো বুজিব মোৰ কাৰণে, সন্তানেও বুজিব আমাৰ কাৰণে তৈয়াৰ হৈ আছে। বুদ্ধি নতুন ঘৰৰ ফালে গুচি যাব। ইয়াত এইটো সাজা, এইটো কৰা। বুদ্ধি তাতেই লাগি থাকিব পাছত পুৰণা ঘৰ ভাঙি দিয়ে। সকলো মমত্ব পুৰণিৰ পৰা নাইকিয়া হৈ নতুনৰ ঘৰৰ সৈতে গঢ়ি উঠে। এয়া হৈছে বেহদৰ সৃষ্টিৰ কথা। পুৰণি সৃষ্টিৰ পৰা মমত্ব নাইকিয়া কৰিব লাগে আৰু নতুন সৃষ্টিৰ সৈতে গঢ়ি তুলিব লাগে। জানে যে এই পুৰণি সৃষ্টি এতিয়া নাশ হ’ব। নতুন সৃষ্টি হৈছে স্বৰ্গ। তাত আমি ৰাজকীয় পদ পাওঁ। যিমানে যোগত থাকিবা, জ্ঞানৰ ধাৰণা কৰিবা আৰু আনক বুজাবা, সিমানে আনন্দৰ পাৰা উৰ্দ্ধগামী হ’ব। বহুত ডাঙৰ পৰীক্ষা। আমি 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পাই আছোঁ। চহকী হোৱাতোতো ভাল কথা নহয় জানো। দীৰ্ঘায়ু পালে সেয়াতো ভাল কথা নহয় জানো। সৃষ্টি চক্ৰক যিমানে স্মৰণ কৰিবা, যিমানক নিজৰ সমান কৰি গঢ়ি তুলিবা সিমানেই লাভ। ৰজা হ’বলৈ হ’লে প্ৰজাও তৈয়াৰ কৰিব লাগিব। প্ৰদৰ্শনীলৈ কিমান অনেক আহে, সেই সকলোবোৰ প্ৰজা হৈ যাব কিয়নো এই অবিনাশী জ্ঞানৰ বিনাশ নহয়। বুদ্ধিত উদয় হ’ব - পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিৰ মালিক হ’ব লাগে। ৰামৰাজ্যৰ স্থাপনা হৈ আছে, ৰাৱণ ৰাজ্যৰ বিনাশ হৈ যাব। সত্যযুগততো থাকিবই দেৱতাসকল।

বাবাই বুজাইছিল- লক্ষ্মী-নাৰায়ণৰ যি চিত্ৰ তৈয়াৰ কৰা, তাত লিখি দিব লাগে যে পূৰ্বৰ জন্মত এওঁলোক তমোপ্ৰধান সৃষ্টিত আছিল পুনৰ এই পুৰুষাৰ্থৰে তমোপ্ৰধান সৃষ্টিৰ পৰা সতোপ্ৰধান বিশ্বৰ মালিক হ’বগৈ। মালিক ৰজা-প্ৰজা সকলো হয় নহয় জানো। প্ৰজায়ো ক’ব ভাৰত আমাৰ সকলোতকৈ উচ্চ। যথাযথ ভাৰতেই সকলোতকৈ উচ্চ আছিল। এতিয়া নহয়, নিশ্চয় আছিল। এতিয়াতো একেবাৰে গৰিব হৈ গ’ল। প্ৰাচীন ভাৰত সকলোতকৈ চহকী আছিল। আমি ভাৰতবাসী সকলো উচ্চ দেৱতা কুলৰ আছিলোঁ। অন্য কাকোৱেই দেৱী-দেৱতা বুলি কোৱা নহয়। এতিয়া তোমালোক সন্তানসকলেও পঢ়া আকৌ অন্যকো বুজাব লাগে নহয় জানো। বাবাই নিৰ্দেশ দিছে নহয় যে কেনেকৈ প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলৈ টেলিগ্ৰাম পঠিওৱা যায়, সেয়া লিখি আনা। তোমালোকৰ ওচৰত চিত্ৰও আছে, তোমালোকে সিদ্ধ কৰি ক’ব পাৰা যে এওঁলোকে কেনেকৈ এই পদ পালে। এতিয়া পুনৰাই এওঁলোকে শিৱবাবাৰ পৰা পদ প্ৰাপ্ত কৰি আছে। তেওঁৰো চিত্ৰ আছে। শিৱ হৈছে পৰমপিতা পৰমাত্মা। ব্ৰহ্মা, বিষ্ণু, শংকৰৰো চিত্ৰ আছে। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰি আছে। বিষ্ণুপুৰী সন্মুখত আছে। বিষ্ণুৰ দ্বাৰা নতুন সৃষ্টিৰ প্ৰতিপালন। বিষ্ণু হৈছে ৰাধা-কৃষ্ণৰ দুটা ৰূপ। এতিয়া গীতাৰ ভগৱান কোন হ’ল? প্ৰথমেতো এই বুলি লিখা যে গীতাৰ ভগৱান হৈছে নিৰাকাৰ শিৱ, কৃষ্ণ নহয়। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা কেনেকৈ হয়। এখন চিত্ৰৰ ওপৰত বুজাবলৈ কিমান সময় লাগে কিয়নো তেওঁলোকৰ বুদ্ধিত কথাবোৰ ধাৰণ হ’ব লাগে। পোন প্ৰথমেতো এয়া বুজাই তাৰপাছত লিখাব লাগে। পিতাই কয় - ব্ৰহ্মাৰ দ্বাৰা তোমালোকে যোগবলেৰে 21 জন্মৰ অধিকাৰ পোৱা। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ দি আছে। পোন প্ৰথমে এওঁৰ আত্মাই শুনে। আত্মাইহে ধাৰণ কৰে। মূল কথা হৈছেই এইটো। চিত্ৰতো শিৱৰ দেখুৱায়। এয়া হৈছে পৰমপিতা পৰমাত্মা শিৱ আকৌ প্ৰজাপিতা ব্ৰহ্মাতো নিশ্চয় লাগে। ইয়াত প্ৰজাপিতা ব্ৰহ্মাৰ ব্ৰহ্মাকুমাৰ-কুমাৰী অনেক আছে। যেতিয়ালৈকে ব্ৰহ্মাৰ সন্তান নহয়, ব্ৰাহ্মণ নহয় তেন্তে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ কেনেকৈ ল’ব। কোষৰ পৰা জন্মতো হ’ব নোৱাৰে। এনেকৈও গায়ন কৰা হয় - মুখ বংশাৱলী। তোমালোকে ক’বা আমি প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী হওঁ। তেওঁলোক হৈছে গুৰুৰ শিষ্য অথবা অনুগামী। ইয়াত তোমালোকে এজনকে পিতা, শিক্ষক, সৎগুৰু বুলি কোৱা। সেয়াও তেওঁক কোৱা যিজন নিৰাকাৰ শিৱবাবা জ্ঞানৰ সাগৰ, জ্ঞানপূৰ্ণ হয়। সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। তেওঁ শিক্ষকো হয়। নিৰাকাৰ আহি সাকাৰৰ দ্বাৰা শুনায়। আত্মাইহে কয় নহয় জানো। আত্মাই কয় - মোৰ শৰীৰক আমনি নকৰিবা। আত্মা দুখী হয়। এই সময়ত হৈছে পতিত আত্মা। পতিতসকলক পাৱন কৰি তোলোঁতা হৈছে পৰমপিতা পৰমাত্মা। আত্মাই আহ্বান কৰে হে পতিত-পাৱন, হে ঈশ্বৰ পিতা। এতিয়া পিতাতো এজন বহি আছে তথাপিও স্মৰণ কাক কৰে। আত্মাই কয় এওঁ আমাৰ অৰ্থাৎ আত্মাৰ পিতা হয়। সেয়া হৈছে শৰীৰৰ পিতা। বুজোৱা হয় এতিয়া আত্মাসকলৰ পিতা যি নিৰাকাৰ হয়, তেওঁ শ্ৰেষ্ঠ নে শৰীৰৰ ৰচিয়তা সাকাৰ পিতা, তেওঁ শ্ৰেষ্ঠ? সাকাৰেতো নিৰাকাৰক স্মৰণ কৰে। এতিয়া সকলোকে বুজনি দিয়া হয়, যিহেতু বিনাশ সমাগত। পাৰলৌকিক পিতা আহেই অন্তিম সময়ত, সকলোকে উভতাই লৈ যাবলৈ। বাকী যি কিছু আছে সেয়া এতিয়া বিনাশ হ’ব, ইয়াক কোৱাই হয় মৃত্যুলোক। যেতিয়া কাৰোবাৰ মৃত্যু হয় তেতিয়া কয় অমুকে পৰলোকলৈ গমন কৰিলে, শান্তিধামলৈ গ’ল। মনুষ্যই গম নাপায় যে পৰলোক বুলি সত্যযুগক কোৱা হয় নে শান্তিধামক কোৱা হয়? সত্যযুগতো ইয়াতেই হয়। পৰলোক বুলি শান্তিধামক কোৱা হ’ব। বুজাবলৈ বহুত যুক্তি লাগে। মন্দিৰবোৰত গৈ বুজাব লাগে। এয়া শিৱবাবাৰ স্মাৰক, যিজন শিৱবাবাই আমাক পঢ়াই আছে। শিৱ হৈছে বাস্তৱত বিন্দু। কিন্তু বিন্দুৰ পূজা কেনেকৈ কৰিব। ফল ফুল আদি কেনেকৈ অৰ্পণ কৰা যাব, সেইকাৰণে ডাঙৰ ৰূপ তৈয়াৰ কৰিছে। ইমান ডাঙৰ ৰূপ নাথাকে। গায়নো কৰা হয় - ভ্ৰূকুটিৰ মাজত জিলিকে আচৰিত তৰা… ডাঙৰ বস্তু হ’লেতো বৈজ্ঞানিকসকলে তৎক্ষণাৎ তাক ধৰি ল’ব। বাবাই বুজায় - তেওঁলোকে পৰমপিতা পৰমাত্মাৰ পূৰা পৰিচয় পোৱা নাই। যেতিয়ালৈকে ভাগ্য উদয় নহয়, এতিয়া ভাগ্যই উদয় হোৱা নাই। যেতিয়ালৈকে পিতাক নাজানে, এইটো নুবুজে যে আমি আত্মা বিন্দুৰ সমান। শিৱবাবাও বিন্দু, আমি বিন্দুক স্মৰণ কৰোঁ। এনেকৈ বুজি স্মৰণ কৰিলে তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। বাকী এইটো দেখিবলৈ পোৱা যায়, সেইটো দেখিবলৈ পোৱা যায়… ইয়াক মায়াৰ বিঘিনি বুলি কোৱা হয়। এতিয়াতো আনন্দিত হোৱা যে আমি পৰমাত্মাক পাইছোঁ, কিন্তু জ্ঞানো লাগে নহয় জানো। কাৰোবাৰ কৃষ্ণৰ সাক্ষাৎকাৰ হ’লে তেতিয়া আনন্দিত হৈ যায়। বাবাই কয় - কৃষ্ণৰ সাক্ষাৎকাৰ কৰি বহুত আনন্দত নৃত্য আদি কৰে কিন্তু ইয়াৰ দ্বাৰা কোনো সৎগতি নহয়। এই সাক্ষাৎকাৰতো অনায়াসে হৈ যায়। যদি ভালদৰে নপঢ়ে তেন্তে প্ৰজাত গুচি যাব। অলপমানো যদি শুনে তেতিয়া কৃষ্ণপুৰীত সাধাৰণ প্ৰজা আদি হ'বগৈ। এতিয়া তোমালোক সন্তানসকলে জানা যে শিৱবাবাই আমাক এই জ্ঞান শুনাই আছে। তেওঁ হয়েই জ্ঞানপূৰ্ণ।

বাবাৰ নিৰ্দেশ হৈছে পৱিত্ৰ নিশ্চয় হ'ব লাগে। কিন্তু কিছুমান পৱিত্ৰ হৈও থাকিব নোৱাৰে। কেতিয়াবা কেতিয়াবা পতিতও ইয়ালৈ লুকাই আহি যায়। তেওঁলোকে নিজৰে লোকচান কৰে। নিজকে প্ৰতাৰণা কৰে। পিতাক প্ৰতাৰণা কৰাৰ কথাই নাই। পিতাক প্ৰতাৰণা কৰি কিবা পইচা ল’ব লাগে জানো! শিৱবাবাৰ শ্রীমতত নিয়ম অনুসৰি নচলিলে তেন্তে কি অৱস্থা হ'ব। বহুত শাস্তি খাবলগীয়া হ’ব, দ্বিতীয়তে আকৌ পদো ভ্ৰষ্ট হৈ যাব। নিয়মৰ বিৰুদ্ধে কোনো কাম কৰিব নালাগে। পিতাইতো বুজাব নহয় জানো - তোমাৰ চলন ঠিক নহয়। পিতাইতো উপাৰ্জন কৰাৰ ৰাস্তা দেখুৱায় কোনোবাই কৰে বা নকৰে সেয়া তেওঁৰ ভাগ্য। শাস্তি খাইতো শান্তিধামলৈ উভতি যাবই লাগিব, পদ ভ্ৰষ্ট হৈ গ’লেতো একোৱে নাপাব। আহেতো বহুতেই, কিন্তু ইয়াত পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ কথা। সন্তানসকলে কয়, বাবাৰ পৰাতো আমি স্বৰ্গৰ সূৰ্যবংশী ৰাজকীয় পদ পাম। ৰাজযোগ হয় নহয় জানো। বিদ্যাৰ্থীয়ে বৃত্তিও লাভ কৰে নহয় জানো। উত্তীৰ্ণ হোৱাসকলে বৃত্তি লাভ কৰে। এই মালা তেওঁলোকৰ গঁথা হৈছে - যিসকলে বৃত্তি লাভ কৰিছে। যিমানে যেনেকৈ উত্তীৰ্ণ হ'ব, তেনেকুৱাই বৃত্তি লাভ কৰিব, বৃদ্ধি হৈ হৈ হাজাৰ হাজাৰ হৈ যায়। ৰাজকীয় পদ হৈছে বৃত্তি। যিসকলে ভালদৰে পঢ়া পঢ়ে, তেওঁলোক গুপ্ত হৈ থাকিব নোৱাৰে। বহুত নতুন নতুন সন্তান পুৰণাসকলতকৈও আগত গুচি যাব। হীৰাতুল্য জীৱন গঢ়িব। নিজৰ সঁচা উপাৰ্জন কৰি 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পাব, কিমান আনন্দিত হয়। জানে যে এই উত্তৰাধিকাৰ এতিয়া নল’লে পাছত কেতিয়াও ল’ব নোৱাৰিব। পঢ়াৰ চখ থাকে নহয় জানো। কাৰোবাৰতো বুজোৱাৰ অলপো চখ নাই। নাটক অনুসৰি ভাগ্যত নাথাকিলে ভগৱানেও কি কৰিব। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্রীমতৰ বিৰুদ্ধে কোনো কাৰ্য কৰিব নালাগে। পঢ়া ভালদৰে পঢ়ি উচ্চ ভাগ্য গঢ়িব লাগে। কাকোৱে দুখ দিব নালাগে।

(2) এই পুৰণি সৃষ্টিৰ পৰা মমত্ব আঁতৰাই দিব লাগে। বুদ্ধিৰ যোগসূত্ৰ নতুন সৃষ্টিৰ সৈতে গঢ়িব লাগে। আনন্দত থাকিবৰ কাৰণে জ্ঞান ধাৰণ কৰি অন্যকো ধাৰণ কৰাব লাগে।

বৰদান:
ভবা, কোৱা আৰু কৰা – এই তিনিওটা সমান কৰোঁতা সৰ্বোত্তম পুৰুষাৰ্থী হোৱা

সকলো শিক্ষাৰ সাৰ হ’ল – যিকোনো কৰ্মৰ পৰা - চোৱা, উঠা, বহা-খোজকঢ়া, শোৱাৰ পৰা ফৰিস্তাবোধ দৃষ্টিগোচৰ হওক, প্ৰতিটো কৰ্মত অলৌকিকতা থাকক। কৰ্ম বা সংস্কাৰত কোনো লৌকিকতা যাতে নাথাকে। ভবা, কৰা, কোৱা সকলো সমান হওক। এনেকুৱা নহয় যে ভাবিছিলো এইটো নকৰোঁ কিন্তু কৰি পেলালোঁ। যেতিয়া তিনিওটা একে সমান আৰু পিতাৰ সমান হওক, তেতিয়া শ্ৰেষ্ঠ বা সৰ্বোত্তম পুৰুষাৰ্থী বুলি কোৱা হ’ব।

স্লোগান:
দায়িত্ব লোৱা অৰ্থাৎ অতিৰিক্ত আশীৰ্বাদৰ অধিকাৰী হোৱা।


অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

বৰ্তমান সময়ত সকলো আত্মাৰে শান্তি আৰু শক্তিৰেই আৱশ্যক। নিজৰ শক্তিশালী শান্ত মনৰ দ্বাৰা আত্মাসকলক মনৰ শান্তিৰ অনুভৱ কৰোৱা। বাণী আৰু মন – দুয়োটাৰে সেৱা একেলগে কৰা। বিশ্ব মহাৰাজনক বিশ্বৰ দাতা বুলি কোৱা হয়। গতিকে যেতিয়া তোমালোকে এতিয়া সকলোকে সুখ, শান্তি আৰু শক্তি দান দিবা, তেতিয়াহে সকলোৱে সুখদাতা বুলি মানি ল'ব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]