15.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক সকলোৰে পৰস্পৰ এটাই মত, তোমালোকে নিজক আত্মা বুলি বুজি এজন পিতাক স্মৰণ কৰা
তেতিয়া সকলো ভূত দূৰ হৈ যায়”
প্ৰশ্ন:
পদ্মাপদ্ম
ভাগ্যশালী হোৱাৰ মুখ্য আধাৰ কি?
উত্তৰ:
বাবাই যি শুনায়, সেই এটি এটি কথা ধাৰণ কৰোঁতাসকলহে পদ্মাপদ্ম ভাগ্যশালী হৈ যায়।
বিচাৰ কৰা বাবাই কি কয় আৰু ৰাৱণ সম্প্ৰদায়ে কি কয়! পিতা যিয়ে জ্ঞান দিয়ে সেয়া
বুদ্ধিত ৰাখিবা, স্বদৰ্শন চক্ৰধাৰী হোৱা মানেই পদ্মাপদ্ম ভাগ্যশালী হোৱা। এই জ্ঞানৰ
দ্বাৰাই তোমালোক গুণৱান হৈ যোৱা।
ওঁম্শান্তি।
আত্মাৰ পিতা,
ইংৰাজীত কোৱা হয় ‘স্প্ৰীচুৱেল ফাদাৰ’। সত্যযুগত যেতিয়া তোমালোক যাবা তেতিয়া তাত
ইংৰাজী আদি অন্য ভাষা নাথাকে। তোমালোকে জানা সত্যযুগত আমাৰ ৰাজ্য হয়, তাত আমাৰ যি
ভাষা সেয়াই চলিব। আকৌ পাছলৈ ভাষা সলনি হৈ গৈ থাকে। এতিয়াতো অনেক ভাষা। যেনেকুৱা ৰজা
তেনেকুৱা তেওঁলোকৰ ভাষা চলে। এতিয়া এয়াতো সকলো সন্তানে জানে, সেৱাকেন্দ্ৰসমূহত
যিসকল সন্তান আছে তেওঁলোকৰ হৈছে এক মত। নিজক আত্মা বুলি বুজিব লাগে আৰু এজন পিতাক
স্মৰণ কৰিব লাগে যাতে সকলো ভূত দূৰ হৈ যায়। পিতা হ’ল পতিত-পাৱন। 5 ভূতেতো সকলোতে
প্ৰৱেশ কৰিছে। আত্মাতে ভূতৰ প্ৰৱেশতা হয় পাছত এই ভূত অথবা বিকাৰৰ নামাকৰণো কৰা হয় -
দেহ-অভিমান, কাম, ক্ৰোধ আদি। এনেকুৱা নহয় যে ঈশ্বৰ সৰ্বব্যাপি। যদি কেতিয়াবা
কোনোবাই কয় যে ঈশ্বৰ সৰ্বব্যাপি তেতিয়া তোমালোকে ক’বা সৰ্বব্যাপি হৈছে আত্মাসকল আৰু
এই আত্মাসকলৰ মাজত 5 বিকাৰ সৰ্বব্যাপি আছে। বাকী এনেকুৱা নহয় যে পৰমাত্মা সকলোতে
বিৰাজমান। পৰমাত্মাত আকৌ 5 ভূতৰ প্ৰৱেশতা কেনেকৈ হ’ব! এটি এটি কথা ভালদৰে ধাৰণ কৰিলে
তোমালোক পদ্মাপদ্ম ভাগ্যশালী হৈ যোৱা। জগতবাসী ৰাৱণ সম্প্ৰদায়ে কি কয় আৰু পিতাই কি
কয়, এতিয়া বিচাৰ কৰা। প্ৰত্যেকৰে শৰীৰত আত্মা আছে। সেই আত্মাত 5 বিকাৰ প্ৰৱেশ কৰে।
শৰীৰত নহয়, আত্মাত 5 বিকাৰ অথবা ভূতৰ প্ৰৱেশ হয়। সত্যযুগত এই 5 ভূত নাথাকে। নামেই
হৈছে দৈৱী সৃষ্টি। এয়া হৈছে ভূতৰ সৃষ্টি। ভূত বুলি কোৱা হয় অসুৰক। কিমান ৰাতি আৰু
দিনৰ পাৰ্থক্য। এতিয়া তোমালোক সলনি হোৱা। তাত তোমালোকৰ কোনো বিকাৰ, কোনো অৱগুণ
নাথাকে। তোমালোকৰ সম্পূৰ্ণ জ্ঞান থাকে। তোমালোক 16 কলা সম্পূৰ্ণ হোৱা। প্ৰথমতে আছিল,
আকৌ অৱনমিত হোৱা। এই চক্ৰৰ বিষয়েও এতিয়া জানিব পাৰিছা। 84ৰ চক্ৰ কেনেকৈ ঘূৰে। আমাৰ
অৰ্থাৎ আত্মাসকলৰ স্বৰ (নিজৰ) দৰ্শন হৈছে অৰ্থাৎ এই চক্ৰৰ জ্ঞান প্ৰাপ্ত হৈছে।
উঠোঁতে, বহোঁতে, চলোঁতে তোমালোকে এই জ্ঞান বুদ্ধিত ৰাখিব লাগে। পিতাই জ্ঞান পঢ়ায়।
পিতা ভাৰততে আহি এই আত্মিক জ্ঞান দিয়ে। কয় নহয় যে আমাৰ ভাৰত। প্ৰকৃততে হিন্দুস্তান
বুলি কোৱাতো ভুল। তোমালোকে জানা ভাৰত স্বৰ্গ আছিল তেতিয়া কেৱল আমাৰ ৰাজ্য আছিল আৰু
কোনো ধৰ্ম নাছিল। নতুন সৃষ্টি আছিল। নতুন দিল্লী বুলি কয় নহয়। দিল্লীৰ নাম আচলতে
দিল্লী নাছিল, পৰিস্তান বুলি কৈছিল। এতিয়াতো নতুন দিল্লী আৰু পুৰণি দিল্লী বুলি কয়,
পাছত পুৰণি দিল্লীও নাথাকিব, নতুন দিল্লীও নাথাকিব। পৰিস্তান বুলি কোৱা হ’ব।
দিল্লীক ৰাজধানী বুলি কয়। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য হ’ব, আৰু একো নাথাকিব, আমাৰে
ৰাজ্য হ’ব। এতিয়াতো ৰাজ্য নাই সেইবাবে কেৱল আমাৰ ভাৰত দেশ বুলি কয়। ৰজাতো নায়েই।
তোমালোক সন্তানসকলৰ বুদ্ধিত গোটেই চক্ৰৰ জ্ঞান আছে। যথাযথ পোন প্ৰথমে এই বিশ্বত
দেৱী-দেৱতাৰ ৰাজ্য আছিল আন কোনো ৰাজ্য নাছিল। যমুনাৰ দাঁতি আছিল, যাক পৰিস্তান বুলি
কোৱা হৈছিল। দেৱতাসকলৰ ৰাজধানী দিল্লীয়ে আছিল, সেয়েহে সকলো আকৰ্ষিত হয়। সকলোতকৈ
ডাঙৰো হয়। একেবাৰে সোঁমাজত।
অতি মৰমৰ সন্তানসকলে
জানে যে পাপতো নিশ্চয় হৈছে, পাপ আত্মা হৈ গৈছে। সত্যযুগত হ’ব পুণ্য আত্মা। পিতা
আহিহে পৱিত্ৰ কৰি তোলে যাৰ তোমালোকে শিৱ জয়ন্তীও পালন কৰা। এতিয়া ‘জয়ন্তী’ শব্দটি
সকলোতে ব্যৱহাৰ কৰা হয় সেইবাবে সেয়া শিৱৰাত্ৰি বুলি কয়। ৰাত্ৰিৰ অৰ্থতো তোমালোকৰ
বাহিৰে আৰু কোনেও বুজি নাপায়। ভাল ভাল বিদ্বান আদি কোনেও নাজানে যে শিৱৰাত্ৰি কি
তেন্তে কি পালন কৰিব! পিতাই বুজাইছে ৰাত্ৰিৰ অৰ্থ কি? এয়া যি 5 হাজাৰ বছৰৰ চক্ৰ সেয়া
হৈছে সুখ আৰু দুখৰ খেল, সুখক দিন বুলি কোৱা হয়, দুখক ৰাতি বুলি কোৱা হয়। দিন আৰু
ৰাতিৰ মাজত আহে সংগম। আধাকল্প হ’ল পোহৰ, আধাকল্প অন্ধকাৰ। ভক্তি বহুত টিক্ টিক্কৈ
চলে। ইয়াত হৈছে ছেকেণ্ডৰ কথা। একেবাৰে সহজ, সহজ যোগ। তোমালোক প্ৰথমে মুক্তিধামলৈ
যাব লাগে। পাছত তোমালোক জীৱনমুক্তি আৰু জীৱনবন্ধনত কিমান সময় থাকিলা, এয়াতো তোমালোক
সন্তানসকলৰ স্মৃতিত আছে তথাপিও বাৰে বাৰে পাহৰি যোৱা। পিতাই বুজায় – ‘যোগ’ শব্দটি
ঠিক কিন্তু তেওঁলোকৰ যোগ হৈছে শৰীৰৰ যোগ। এয়া হৈছে আত্মাৰ পৰমাত্মাৰ সৈতে যোগ।
সন্ন্যাসীসকলে অনেক প্ৰকাৰৰ হঠযোগ আদি শিকায় সেয়েহে মনুষ্য বিভ্ৰান্ত হৈ যায়।
তোমালোক সন্তানসকলৰ পিতাও আছে আৰু শিক্ষকো আছে, তেন্তে তেওঁৰ লগত যোগসূত্ৰ গঢ়িব লাগে
নহয়। শিক্ষকৰ পৰা পঢ়া হয়। সন্তান জন্ম হ’লে প্ৰথমে পিতাৰ সৈতে যোগসূত্ৰ থাকে আকৌ 5
বছৰ পাছত শিক্ষকৰ সৈতে যোগসূত্ৰ গঢ়িবলগীয়া হয়। তিনিটা মুখ্যতঃ স্মৃতিত থাকে।
তেওঁলোকতো বেলেগ বেলেগ। ইয়াত একমাত্ৰ পিতা এবাৰ আহিয়ে পিতাও হয়, শিক্ষকো হয়। আচৰিত
নহয় জানো। এনেহেন পিতাক নিশ্চয় স্মৰণ কৰা উচিত। জন্ম-জন্মান্তৰ তিনিওজনক বেলেগে
বেলেগে স্মৰণ কৰি আহিছা। সত্যযুগতো পিতাকৰ সৈতে যোগসূত্ৰ থাকে তাৰপাছত শিক্ষকৰ সৈতে
গঢ়ি উঠে। পঢ়িবলৈতো যাবই নহয়। বাকী তাত গুৰুৰ প্ৰয়োজন নাথাকে কিয়নো সকলো সৎগতিত থাকে।
এই সকলো কথা স্মৃতিলৈ আনোঁতে কি অসুবিধা হয়! একেবাৰে সহজ। ইয়াক কোৱা হয় সহজ যোগ।
কিন্তু এয়া হ’ল অসাধাৰণ। পিতাই কয় – মই এই শৰীৰ অস্থায়ীভাৱে লোণত লওঁ, সেয়াও কিমান
কম সময়ৰ বাবে লওঁ। 60 বছৰত বানপ্ৰস্থ অৱস্থা হয়। কোৱা হয় – ষাঠি হ’লে লাঠি ল’বলগীয়া
হয়। এতিয়া সকলোৱে লাঠি লৈ আছে। সকলো বানপ্ৰস্থ, নিৰ্বাণধামলৈ যাব। সেয়া হ’ল মৰমৰ ঘৰ,
অতি মৰমৰ ঘৰ। তাৰবাবেই কিমান ভক্তি কৰিছে। এতিয়া চক্ৰ পৰিক্ৰমা লগাই আহিছা। মনুষ্যই
এয়া একোৱে নাজানে, এনেয়ে মিছাকৈ কৈ দিলে যে লাখ লাখ বছৰৰ চক্ৰ। লাখ লাখ বছৰৰ কথা
হ’লে তেতিয়া জিৰণি পাব নোৱাৰে। জিৰণি পোৱা মস্কিল হৈ যাব। তোমালোকে জিৰণি পোৱা, তাক
কোৱা হয় শান্তিৰ ঘৰ, নিৰাকাৰী সৃষ্টি। এয়া হ’ল স্থূল মৰমৰ ঘৰ। সেয়া হ’ল মূল মৰমৰ ঘৰ।
আত্মা হৈছে একেবাৰে সৰু ৰকেট, তাতকৈ বেগত দৌৰোতা কোনো নাই। আত্মাতো সকলোতকৈ বেগী।
এক ছেকেণ্ডত শৰীৰ এৰিলে আৰু দৌৰিলে, অন্য শৰীৰতো তৈয়াৰ হৈ থাকে। ড্ৰামা অনুসৰি
নিদিষ্ট সময়ত আত্মা যাবই লাগে। ড্ৰামাখন কিমান সঠিক। এই ক্ষেত্ৰত কোনো খুঁত নাই, এয়া
তোমালোকে জানা। পিতাও ড্ৰামা অনুসৰি একেবাৰে সঠিক সময়ত আহে। এক ছেকেণ্ডৰো পাৰ্থক্য
থাকিব নোৱাৰে। কেনেকৈ জনা যায় যে এওঁৰ শৰীৰত পিতা ভগৱান আছে। যেতিয়া জ্ঞান দিয়ে,
সন্তানসকলক বহি বুজায়। শিৱৰাত্ৰিও পালন কৰে। মই শিৱ কেতিয়া, কেনেকৈ আহোঁ, সেয়া
তোমালোকেতো গম নোপোৱা। শিৱৰাত্ৰি, কৃষ্ণৰাত্ৰি পালন কৰে। ৰামৰ পালন নকৰে কিয়নো
পাৰ্থক্য আহি গ’ল নহয়। শিৱৰাত্ৰিৰ লগতে শ্ৰীকৃষ্ণৰো ৰাত্ৰি পালন কৰে। কিন্তু একোৱেই
নাজানে। এয়া হয়েই আসুৰি ৰাৱণৰাজ্য। এয়া বুজিবলগীয়া কথা। এওঁতো হ’ল বাবা, বৃদ্ধ লোকক
বাবা বুলি কয়। শিশুক বাবা বোলা নহয়। কিছুমান সৰু শিশুকো স্নেহেৰে বাবা বুলি কৈ দিয়ে।
সেয়েহে তেওঁলোকেও শ্ৰীকৃষ্ণক স্নেহেৰে কৈ দিছে। বাবা বুলিতো তেতিয়া কোৱা হয় যেতিয়া
ডাঙৰ হয় আৰু পাছত সন্তান জন্ম দিয়ে। শ্ৰীকৃষ্ণ নিজেই ৰাজকুমাৰ, তেওঁৰ সন্তান ক’ৰপৰা
আহিল। পিতাই কয়েই – মই বৃদ্ধ শৰীৰত আহোঁ। শাস্ত্ৰতো আছে কিন্তু শাস্ত্ৰৰ সকলো কথা
সঠিক নহয়, কোনোবাতো কথা ঠিক। ব্ৰহ্মাৰ আয়ুস মানে প্ৰজাপিতা ব্ৰহ্মাৰ আয়ুস বুলি কোৱা
হ’ব। সেয়াতো নিশ্চয় এই সময়ত হ’ব। ব্ৰহ্মাৰ আয়ুস মৃত্যুলোকত শেষ হ’ব। এয়া কোনো
অমৰলোক নহয়। ইয়াক কোৱা হয় পুৰুষোত্তম সংগমযুগ। এয়া তোমালোক সন্তানসকলৰ বাহিৰে আৰু
কাৰো বুদ্ধিত থাকিব নোৱাৰে।
পিতাই বহি শুনায় –
মৰমৰ সন্তানসকল, তোমালোকে নিজৰ জন্মৰ বিষয়ে নাজানা মই কওঁ যে তোমালোকে 84 জন্ম লোৱা।
কেনেকৈ লোৱা? সেয়াও তোমালোকে গম পাই গৈছা। প্ৰতিটো যুগৰ আয়ুস 1250 বছৰ আৰু ইমান
ইমান জন্ম লোৱা। 84 জন্মৰ হিচাপ আছে নহয়। 84 লাখৰতো হিচাপ থাকিব নোৱাৰে। ইয়াকে কোৱা
হয় 84ৰ চক্ৰ, 84 লাখৰতো কথাই স্মৃতিলৈ নাহিব। ইয়াত কিমান সীমাহীন দুখ। কেনেকুৱা দুখ
দিওঁতা সন্তান জন্ম হৈ থাকে। ইয়াকে কোৱা হয় ৰৌৰৱ নৰক, একেবাৰে ছিঃ ছিঃ সৃষ্টি।
তোমালোক সন্তানসকলে জানা – এতিয়া আমি নতুন সৃষ্টিলৈ যাবলৈ প্ৰস্তুতি চলাই আছোঁ। পাপ
খণ্ডন হৈ গ’লে তেতিয়া আমি পুণ্যাত্মা হৈ যাওঁ। এতিয়া কোনো পাপ কৰিব নালাগে।
ইজনে-সিজনৰ ওপৰত কাম-কটাৰী চলোৱা – এয়া অদি-মধ্য-অন্ত দুখ দিয়া। এতিয়া এই ৰাৱণৰাজ্য
পূৰা হ’ল। এতিয়া হ’ল কলিযুগৰ অন্ত। এয়া অন্তিম মহাভাৰতৰ যুদ্ধ। পাছত কোনো যুদ্ধ আদি
নহ’বই। তাত কোনো যজ্ঞ ৰচনা কৰা নহয়। যেতিয়া যজ্ঞ ৰচনা কৰে তেতিয়া অগ্নি প্ৰজ্বলিত
কৰে। সন্তানসকলে নিজৰ পুৰণি সামগ্ৰী সকলো স্বাহা কৰি দিয়ে। এতিয়া পিতাই বুজাইছে –
এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। ৰুদ্ৰ বুলি শিৱক কোৱা হয়। ৰুদ্ৰ মালা বুলি নকয় জানো।
নিবৃত্তি মাৰ্গৰসকলে প্ৰবৃত্তি মাৰ্গৰ নীতি-নিয়ম একোৱেই নাজানে। তেওঁলোকেতো
ঘৰ-সংসাৰ এৰি জংঘললৈ গুচি যায়। নামেই হ’ল সন্ন্যাস। কিহৰ সন্ন্যাস? ঘৰ-সংসাৰৰ। খালী
হাতে ওলাই যায়। প্ৰথমেতো গুৰুসকলে বহুত পৰীক্ষা লয়, কাম কৰায়। প্ৰথমতে ভিক্ষাত কেৱল
আটা লৈছিল, ৰন্ধা খাদ্য লোৱা নাছিল। তেওঁলোক জংঘলতে থাকিব লাগিছিল, তাত পাচলি,
ফল-মূল আদি আছিল। এয়াও গায়ন আছে, যেতিয়া সতোপ্ৰধান সন্ন্যাসী হৈ থাকে তেতিয়া এয়া
খায়। এতিয়াতো কথাই নুসুধিবা, কি কি কৰি থাকে। ইয়াৰ নামেই হ’ল বিকাৰী সৃষ্টি। সেয়া
হ’ল নিৰ্বিকাৰী সৃষ্টি। সেয়েহে নিজক বিকাৰী বুলি বুজিব লাগে নহয়। পিতাই কয় –
সত্যযুগক কোৱা হয় – শিৱালয়, নিৰ্বিকাৰী সৃষ্টি। ইয়াততো সকলো পতিত মনুষ্য সেইবাবে
দেৱী-দেৱতাৰ সলনি নামেই হিন্দু ৰাখি দিছে। পিতাইতো সকলো কথা বুজাই থাকে – তোমালোক
আচলতে বেহদৰ পিতাৰ সন্তান হোৱা। তেওঁতো তোমালোকক 21 জন্মৰ উত্তৰাধিকাৰ দিয়ে। সেয়েহে
পিতাই মৰমৰ সন্তানসকলক বুজায় – তোমালোকৰ শিৰত জন্ম-জন্মান্তৰৰ পাপ আছে। পাপৰ পৰা
মুক্ত হ’বলৈহে তোমালোকে মোক মাতা। সাধু-সন্ত আদি সকলোৱে প্ৰাৰ্থনা কৰে – হে
পতিত-পাৱন… অৰ্থ একো বুজি নাপায়, এনেকৈয়ে গাই থাকে, হাত চাপৰি বজাই থাকে। যদি
তেওঁলোকক কোনোবাই সোধে – পৰমাত্মাৰ লগত কেনেকৈ যোগসূত্ৰ গঢ়ে, তেওঁক কেনেকৈ সাক্ষাৎ
কৰে, তেতিয়া কৈ দিয়ে – তেওঁতো সৰ্বব্যাপি। এইটোৱে ৰাস্তা দেখুৱাই দিয়ে নেকি! কৈ দিয়ে
বেদ-শাস্ত্ৰ পঢ়িলে ভগৱানক পাবা। কিন্তু পিতাই কয় – মই প্ৰত্যেক 5 হাজাৰ বছৰ পাছত
ড্ৰামাৰ পৰিকল্পনা অনুসৰি আহোঁ। এই ড্ৰামাৰ ৰহস্য পিতাৰ বাহিৰে আৰু কোনেও নাজানে।
লাখ লাখ বছৰৰ ড্ৰামাতো হ’বই নোৱাৰে। এতিয়া পিতাই বুজায় - এয়া 5 হাজাৰ বছৰৰ কথা।
কল্প পূৰ্বেও বাবাই কৈছিল যে ‘মনমনাভৱ’। এয়া হ’ল মহামন্ত্ৰ। মায়াৰ ওপৰত বিজয়ী হোৱাৰ
মন্ত্ৰ। পিতাইহে বহি অৰ্থ বুজায়। আন কোনেও নুবুজায়। গোৱাও হয় নহয় যে সকলোৰে সৎগতি
দাতা এজন। কোনো মনুষ্যতো হ’ব নোৱাৰে। দেৱতাসকলৰো কথা নহয়। তাততো সুখেই সুখ, তাত
কোনেও ভক্তি নকৰে। ভক্তি কৰা হয় ভগৱানক লগ পাবৰ বাবে। সত্যযুগত ভক্তি নাথাকে কিয়নো
21 জন্মৰ উত্তৰাধিকাৰ প্ৰাপ্ত হৈ থাকে। সেইবাবে গোৱাও হয় - দুখত স্মৰণ কৰে… ইয়াত
অপাৰ দুখ। বাৰে বাৰে কয় – ভগৱান দয়া কৰক। এই কলিযুগী দুখৰ সৃষ্টি সদায় নাথাকে।
সত্যযুগ-ত্ৰেতা পাৰ হৈ গৈছে, পুনৰ হ’ব। লাখ লাখ বছৰৰ কথাতো স্মৃতিত থাকিব নোৱাৰে।
এতিয়া পিতাইতো সম্পূৰ্ণ জ্ঞান দিয়ে, নিজৰ পৰিচয়ো দিয়ে আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ
ৰহস্যও বুজায়। 5 হাজাৰ বছৰৰ কথা। তোমালোক সন্তানসকলৰ ধ্যানত আহি গৈছে। এতিয়াতো আনৰ
ৰাজ্যত আছা। তোমালোকৰ নিজৰ ৰাজ্য আছিল। ইয়াততো যুদ্ধ কৰি নিজৰ ৰাজ্য লয়, অস্ত্ৰেৰে,
মৰামাৰি কৰি নিজৰ ৰাজ্য লয়। তোমালোক সন্তানসকলেতো যোগবলৰ আধাৰত নিজৰ ৰাজ্য স্থাপনা
কৰি আছা। তোমালোকক সতোপ্ৰধান সৃষ্টিৰ প্ৰয়োজন। পুৰণি সৃষ্টি সমাপ্ত হৈ নতুন সৃষ্টি
স্থাপনা হয়, ইয়াক কোৱা হয় কলিযুগী পুৰণি সৃষ্টি। সত্যযুগ হৈছে নতুন সৃষ্টি। এয়াও
কোনেও নাজানে। সন্ন্যাসীসকলে কৈ দিয়ে এয়া তোমালোকৰ কল্পনা। ইয়াতেই সত্যযুগ, ইয়াতেই
কলিযুগ। এতিয়া পিতাই বহি বুজায় – এজনো এনেকুৱা নাই যিয়ে পিতাক জানে, যদি কোনোবাই
জানিলেহেঁতেন তেনেহ’লে পৰিচয় দিলেহেঁতেন। সত্যযুগ-ত্ৰেতা কি বস্তু, কোনেও বুজি
নাপায়। তোমালোক সন্তানসকলক পিতাই ভালদৰে বুজাই আছে। পিতাই সকলো জানে, সৰ্বজ্ঞ অৰ্থাৎ
জ্ঞানেৰে পৰিপূৰ্ণ। মনুষ্য সৃষ্টিৰ বীজৰূপ হয়। জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। তেওঁৰ পৰাহে
আমি উত্তৰাধিকাৰ পাম। পিতাই জ্ঞানত নিজৰ সমান কৰি তোলে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এয়া পাপৰ পৰা মুক্ত হোৱাৰ সময় সেইবাবে এতিয়া কোনো পাপ কৰিব নালাগে। পুৰণা সকলো
সামগ্ৰী এই ৰুদ্ৰ যজ্ঞত স্বাহা কৰিব লাগে।
(2) এতিয়া বানপ্ৰস্থ
অৱস্থা সেইবাবে পিতা, শিক্ষকৰ লগতে সৎগুৰুকো স্মৰণ কৰিব লাগে। মৰমৰ ঘৰলৈ যাবৰ বাবে
আত্মাক সতোপ্ৰধান (পাৱন) কৰি তুলিব লাগে।
বৰদান:
নিজৰ সূক্ষ্ম
দুৰ্বলতাসমূহৰ চিন্তন কৰি পৰিৱৰ্তন কৰোঁতা স্বচিন্তক হোৱা
কেৱল জ্ঞানৰ সাৰ
কথাবোৰ পুনৰাবৃত্তি কৰা, শুনা বা শুনোৱাটোৱে স্বচিন্তন নহয় কিন্তু স্বচিন্তন অৰ্থাৎ
নিজৰ সূক্ষ্ম দুৰ্বলতাসমূহ, নিজৰ সৰু সৰু ভুলবোৰ চিন্তন কৰি দূৰ কৰা, পৰিৱৰ্তন কৰা
- এয়াই হৈছে স্বচিন্তক হোৱা। জ্ঞানৰ মননতো সকলো সন্তানে বৰ ভালকৈ কৰে কিন্তু জ্ঞানক
নিজৰ প্ৰতি ব্যৱহাৰ কৰি ধাৰণা স্বৰূপ হোৱা, নিজক পৰিৱৰ্তন কৰা, ইয়াৰেই নম্বৰ
চুড়ান্ত ফলাফলত পোৱা যায়।
স্লোগান:
সকলো সময়ত কৰণ-কৰাৱনহাৰ বাবা স্মৃতিত থাকিলে ‘মই’ বোধৰ অভিমান আহিব নোৱাৰে।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পুৰণা সংস্কাৰ,
ব্যৰ্থ সংকল্প বা নেতিবাচক সংকল্পৰ ৰূপত যেতিয়া জাগ্ৰত হয় তেতিয়া বুদ্ধিত এটা শব্দই
আহে যে এয়া কিয় হ’ল, ‘কিয়’ৰ পৰা ব্যৰ্থ সংকল্পৰ শাৰী আৰম্ভ হৈ যায়। এই ‘কিয়’ৰ
সমাপ্তিৰ পাছতহে সম্পূৰ্ণতা আহিব। তেতিয়া সেই শাৰী লাগিব। যেতিয়া ‘কিয়’ শব্দ আঁতৰি
যাব তেতিয়া ড্ৰামাৰ নিয়তিত একৰস স্থিৰ হৈ থাকিবা।