15.10.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – আত্মা ৰূপী বেটাৰি 84খন মটৰত যোৱাৰ বাবে অৰ্থাৎ 84 জন্ম লোৱা বাবে নিষ্প্ৰভ হৈ গৈছে, এতিয়া ইয়াক স্মৃতিৰ যাত্ৰাৰে ভৰপূৰ কৰা”

প্ৰশ্ন:
বাবাই কোনসকল সন্তানক বহুত বহুত ভাগ্যশালী বুলি ভাবে?

উত্তৰ:
যাৰ কোনো জঞ্জাল নাই, যিসকল বন্ধন মুক্ত, এনেকুৱা সন্তানসকলক বাবাই কয় তোমালোক বহুত ভাগ্যশালী, তোমালোক স্মৃতিত থাকি নিজৰ বেটাৰি সম্পূৰ্ণকৈ ছাৰ্জ কৰিব পাৰা। যদিহে যোগ নাই কেৱল জ্ঞানহে শুনায় তেন্তে বাণে আঘাত নকৰিব (শুনোৱা জ্ঞানে প্ৰভাৱ নেপেলাব)। লাগিলে কোনোবাই যিমানেই চমক লগাই নিজৰ অনুভৱ নুশুনাওঁক কিয় কিন্তু যদিহে নিজৰ ধাৰণা নাই তেন্তে অন্তৰ দহি থাকিব।

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজায়। আত্মাৰ পিতাৰ নাম কি? শিৱবাবা। তেওঁ হয়েই ভগৱান, বেহদৰ পিতা। মনুষ্যক কেতিয়াও বেহদৰ পিতা অথবা ঈশ্বৰ বা ভগৱান বুলি কোৱা নহয়। যদিও বহুতৰে নাম ‘শিৱ’ ৰাখে কিন্তু সেই সকলোবোৰ দেহধাৰী সেয়েহে তেওঁলোকক ভগৱান বুলি ক’ব নোৱাৰি। ইয়াত পিতাই বহি সন্তানসকলক বুজায়। মই যিটো শৰীৰত প্ৰৱেশ কৰিছোঁ, তেওঁৰ এইটো বহুত জন্মৰ অন্তিম জন্ম। তোমালোক সন্তানসকলক বহুতে সোধে - আপোনালোকে এওঁক (ব্ৰহ্মা বাবাক) ভগৱান বুলি কিয় কয়? পিতাই প্ৰথমেই বুজায় - কোনো স্থূল বা সূক্ষ্ম দেহধাৰীক ভগৱান বুলি কোৱা নহয়। সূক্ষ্ম দেহধাৰী সূক্ষ্মলোকবাসীয়েই হ’ল। তেওঁলোকক দেৱতা বুলি কোৱা হয়। উচ্চতকৈও উচ্চ হয়েই ভগৱান, পৰমপিতা। উচ্চতকৈও উচ্চ তেওঁৰ নাম, তেওঁৰ থকাৰ স্থানো উচ্চতকৈও উচ্চ পৰমধাম। পিতাই সকলো আত্মা সহিত তাত নিবাস কৰে। বৈঠকো উচ্চ। বাস্তৱত কোনো বহাৰ স্থান নহয়। যেনেকৈ তৰাবোৰ জানো ক’ৰবাত বহি আছে? থিয় হৈ আছে নহয়। তোমালোক আত্মাসকলো নিজৰ শক্তিৰে তাত থিয় হৈ আছা। এনেকুৱা শক্তি পোৱা যে তাত গৈ থিয় হোৱা। পিতাৰ নামেই হৈছে সৰ্বশক্তিমান, তেওঁৰ পৰা শক্তি পোৱা যায়। আত্মাই তেওঁক স্মৰণ কৰে, বেটাৰি ছাৰ্জ হৈ যায়। যেনেকৈ মটৰ গাড়ীত বেটাৰি থাকে, তাৰ জোৰতে মটৰ চলে। বেটাৰিত শক্তি জমা হৈ থাকে আকৌ চলোঁতে চলোঁতে শক্তি ক্ষয় হৈ যায় তেতিয়া বেটাৰি মুখ্য শক্তিপুঞ্জৰ দ্বাৰা ছাৰ্জ কৰি মটৰত লগায়। সেয়া হ'ল হদৰ কথা। এয়া হ'ল বেহদৰ কথা। তোমালোকৰ বেটাৰিতো 5 হাজাৰ বছৰ চলে। চলি চলি আকৌ শক্তি ক্ষয় হৈ যায়। গম পোৱা যায়- একেবাৰে শেষ হৈ নাযায়, অলপ নহয় অলপ থাকে। যেনেকৈ টৰ্ছৰ পোহৰ স্তিমিত হৈ যায় নহয়। আত্মাতো হয়েই এই শৰীৰৰ বেটাৰি। এই বেটাৰিও স্তিমিত হৈ যায়। বেটাৰি এই শৰীৰৰ পৰা ওলায়ো যায় আকৌ দ্বিতীয়, তৃতীয় মটৰত লগোৱা হয়। 84 খন মটৰত লগোৱা হয় সেয়েহে এতিয়া পিতাই কয় তোমালোক কিমান অবোধ পাথৰ বুদ্ধিৰ হৈ গৈছা। এতিয়া পুনৰ নিজৰ বেটাৰি ভৰপূৰ কৰা। পিতাৰ স্মৃতি অবিহনে আত্মা কেতিয়াও পৱিত্ৰ হ'ব নোৱাৰে। এজনেই সৰ্বশক্তিমান পিতা, যাৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে। পিতাই নিজেই নিজৰ পৰিচয় দিয়ে যে মই কি হওঁ, কেনেকুৱা হওঁ। কেনেকৈ তোমালোক আত্মাৰ বেটাৰি নিষ্প্ৰভ হৈ যায়। এতিয়া তোমালোকক ৰায় দিওঁ মোক স্মৰণ কৰা তেতিয়া বেটাৰি সতোপ্ৰধান উত্তম হৈ যাব। আত্মা পৱিত্ৰ হ'লে 24 কেৰেট হৈ যায়। এতিয়া তোমালোক খাদ মিশ্ৰিত হৈ গৈছা। শক্তি একেবাৰে নোহোৱা হৈ গৈছে। সেই শোভা নাই। এতিয়া পিতাই তোমালোক সন্তানসকলক বুজায় – সন্তানসকল, মুখ্য কথা হ'ল যোগযুক্ত হৈ থকা, পৱিত্ৰ হোৱা। নহ'লে বেটাৰি ভৰপূৰ নহ'ব। যোগ নালাগিব। যদিও কুকুৰা জ্ঞানী (কুকুৰা চৰাইৰ দৰে ডাক দি আনক জগায় কিন্তু নিজে শুই যায় অৰ্থাৎ যিয়ে নিজে ধাৰণ নকৰে কেৱল আনক জ্ঞান শুনাই থাকে) বহুত আছে। জ্ঞান যদিও শুনায় কিন্তু সেই অৱস্থা নাই। ইয়াত বহুত চমক লগাই অনুভৱ শুনায়। ভিতৰি দহি থাকে। মই যি বৰ্ণনা কৰোঁ এনেকুৱা অৱস্থাতো মোৰ হোৱা নাই। কোনো কোনো আকৌ যোগী আত্মা সন্তানো আছে। পিতাইতো সন্তানসকলৰ বহুত মহিমা কৰে। পিতাই কয় - সন্তানসকল, তোমালোক বহুত ভাগ্যশালী। তোমালোকৰ ইমান জঞ্জাল নাই। যাৰ সন্তান বেছি তেওঁলোকৰ বন্ধনো থাকে। বাবাৰ কিমান অনেক সন্তান আছে। সকলোৰে তত্ত্বাৱধান ল’বলগীয়া হয়। বাবায়ো (ব্ৰহ্মা বাবায়ো) স্মৰণ কৰিব লাগে। প্ৰেমিকৰ স্মৃতিতো একেবাৰে দৃঢ় হোৱা উচিত। ভক্তিমাৰ্গত তোমালোকে পিতাক কিমান স্মৰণ কৰি আহিছা - হে ভগৱান, পূজাও প্ৰথমতে তেওঁৰে কৰা। প্ৰথমতে নিৰাকাৰ ভগৱানৰেই পূজা কৰে। এনেকুৱা নহয় যে সেই সময়ত তোমালোক আত্ম-অভিমানী হোৱা। আত্ম-অভিমানীয়ে জানো পূজা কৰিব।

পিতাই বুজায় প্ৰথমে যেতিয়া ভক্তি আৰম্ভ হয় তেতিয়া প্ৰথমে এজন পিতাক পূজা কৰে। এজন শিৱৰে পূজা কৰে। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা। উচ্চতকৈও উচ্চ হয়েই ভগৱান, তেওঁকহে স্মৰণ কৰিব লাগে। বাকী যিসকল তলত আছে - ব্ৰহ্মা-বিষ্ণু-শংকৰকো স্মৰণ কৰাৰ প্ৰয়োজন নাই। উচ্চতকৈও উচ্চ পিতাকহে স্মৰণ কৰিব লাগে। কিন্তু ড্ৰামাৰ ভূমিকা এনেকুৱা যে তোমালোক অৱনমিত হ’বলৈ বান্ধ খাই আছা। পিতাই বুজায় - তোমালোক কেনেকৈ অৱনমিত হোৱা। পিতাই প্ৰতিটো কথা আদিৰ পৰা অন্তলৈকে ওপৰৰ পৰা তললৈকে বুজায়। ভক্তিও প্ৰথমে সতোপ্ৰধান পাছত সতো-ৰজো-তমো হয়। এতিয়া তোমালোক পুনৰ সতোপ্ৰধান হৈ আছা, ইয়াতেই পৰিশ্ৰম হয়। পৱিত্ৰ হ'ব লাগে। নিজকে চাব লাগে, মায়াই ক’ৰবাত প্ৰবঞ্চনাতো নকৰে? মোৰ আসুৰিক দৃষ্টিতো নাযায়? কোনো পাপৰ খেয়ালতো নাহে? গায়ন আছে প্ৰজাপিতা ব্ৰহ্মা গতিকে তেওঁৰ সন্তান ব্ৰাহ্মণ-ব্ৰাহ্মণীসকল ভাই-ভনী হৈ গ’ল নহয়। ইয়াৰ ব্ৰাহ্মণসকলেও নিজক ব্ৰহ্মাৰ সন্তান বুলি কয়। তোমালোকো ব্ৰাহ্মণ ভাই-ভনী হ’লা নহয়। তেন্তে বিকাৰী দৃষ্টি কিয় যায়। ব্ৰাহ্মণসকলক তোমালোকে যথা ৰীতিৰে দৃষ্টি দিব পাৰা। এতিয়া তোমালোক সন্তানসকলেহে জানা যে ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ-ব্ৰাহ্মণী হৈ আকৌ দেৱতা হয়। এনেকৈ কয়ো যে পিতা আহি ব্রাহ্মণ দেৱী-দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। এয়া বোধশক্তিৰ কথা নহয়। আমি ব্ৰহ্মাৰ সন্তান ভাই-ভনী হৈ গ’লোঁ গতিকে কুদৃষ্টি কেতিয়াও দিব নালাগে। সেয়া ৰোধ কৰিব লাগে। এৱোঁ মোৰ মৰমৰ ভনী। সেই মৰম থকা উচিত। যেনেকৈ তেজৰ সম্পৰ্কত মৰম থাকে, সেয়া সলনি হৈ আত্মিক হৈ যাব লাগে। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম হয়। হয়ো সহজ স্মৃতি। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। বিকাৰৰ দৃষ্টি যাব নোৱাৰে। বাবাই বুজাইছে - এই দুচকু বহুত প্ৰবঞ্চনা কৰোঁতা হয়, দৃষ্টি সলনি কৰিব লাগে। আমি আত্মা। এতিয়াতো আমি শিৱবাবাৰ সন্তান। তুলি লোৱা ভাই-ভনী। আমি নিজক বি.কে. বুলি কওঁ। চলনত পাৰ্থক্যতো থাকে নহয়। শিক্ষকৰ কাম হ'ল শ্ৰেণীত সকলোকে সোধা - তোমালোকে ভাবানে যে আমাৰ ভাই-ভনীৰ দৃষ্টি থাকে নে কিছু চঞ্চলতা আহে? সঁচা পিতাৰ আগত সঁচা নক’লে, মিছা কথা ক’লে তেতিয়া বহুত দণ্ড হৈ যাব। আদালতত শপত পাঠ কৰায় নহয়। সত্য ঈশ্বৰ পিতাৰ আগত সঁচা ক’ম। সত্য পিতাৰ সন্তানো সত্য হ'ব। পিতা সত্য হয় নহয়। তেওঁ সত্য কথাই কয়। বাকী সকলো হ'ল মনে সজা কাহিনী। নিজকে শ্রী শ্ৰী 108 বুলি কয়। বাস্তৱত এয়াতো মালা নহয় জানো যাক স্মৰণ কৰে। এইটোও নাজানে যে আমি কিয় স্মৰণ কৰোঁ। বৌদ্ধিসকলৰো মালা থাকে, খ্ৰীষ্টানসকলৰো মালা থাকে। প্ৰত্যেকে নিজৰ মতে মালা ঘূৰায়। তোমালোক সন্তানসকলে এতিয়া জ্ঞান পাইছা। কোৱা, 108ৰ যি মালা আছে তাৰ ওপৰত থকা ফুলতো হৈছে নিৰাকাৰ। তেওঁকেই সকলোৱে স্মৰণ কৰে। তেওঁৰ স্মৃতিৰেই আমি স্বৰ্গৰ পাটৰাণী অৰ্থাৎ মহাৰাণী হওঁ। নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱা - এয়া হ'ল সূৰ্যবংশী মখমলৰ (অতি সুন্দৰ) পাটৰাণী হোৱা পাছলৈ খাদীৰ হৈ যায়। গতিকে এনেকুৱা সাৰ কথাবোৰ বুদ্ধিত ৰাখি আকৌ বুজাব লাগে। তেতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব। কথা কোৱাত সিংহী হোৱা। তোমালোক শিৱ শক্তি সেনা হোৱা নহয়। অনেক প্ৰকাৰৰ সেনা আছে। তালৈ গৈয়ো তোমালোকে চোৱা কি শিকায়। লাখ লাখ মনুষ্য যায়। বাবাই বুজায় - আসুৰিক দৃষ্টি বহুত প্ৰবঞ্চনা কৰোঁতা হয়। নিজৰ অৱস্থাৰ বৰ্ণনা কৰিব লাগে। অনুভৱ শুনাব লাগে - আমি ঘৰত কেনেকৈ থাকোঁ? অৱস্থাৰ ওপৰত কি প্ৰভাৱ পৰে? দিনলিপি ৰাখা - কিমান সময় এইটো অৱস্থাত থাকোঁ? পিতাই বুজায় শক্তিশালীজনৰ লগত মায়ায়ো শক্তিশালী হৈ যুদ্ধ কৰে। যুদ্ধক্ষেত্ৰ নহয় জানো। মায়া বৰ বলবান। মায়া অৰ্থাৎ 5 বিকাৰ। ধনক সম্পদ বুলি কোৱা হয়, যাৰ ওচৰত অধিক সম্পদ থাকে, অজামিলো তেৱেঁই অধিক হয়।

পিতাই কয় - প্ৰথমতে তোমালোকে বেশ্যাসকলকতো ৰক্ষা কৰা। তেতিয়া তেওঁলোকে নিজৰ সন্থা গঠন কৰিব। আমিতো পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। পিতাই কয় - মই তোমালোকক শিৱালয়ৰ মালিক কৰি তুলিবলৈ আহিছোঁ। এয়া অন্তিম জন্ম। বেশ্যাসকলক বুজাব লাগে - তোমালোকৰ নামৰ কাৰণে ভাৰতৰ ইমান সন্মান হানি হ’ল। এতিয়া পিতা শিৱালয়লৈ লৈ যাবলৈ আহিছে। আমি শ্রীমত অনুসৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া আপোনালোক বিশ্বৰ মালিক হৈ যাওঁক। আমাৰ দৰে ভাৰতৰ নাম প্ৰসিদ্ধ কৰক। আমিও পিতাক স্মৰণ কৰি পৱিত্ৰ হৈ আছোঁ। আপোনালোকেও এই এটা জন্ম ছিঃ ছিঃ কাম এৰি দিয়ক। দয়াতো কৰিব লাগে নহয়। তেতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব। ক’ব এওঁলোকৰতো এনেকুৱা শক্তি আছে যে ইমান লেতেৰা পেছা এওঁলোকৰ পৰা এৰুৱাই দিলে। সকলোৰে সন্থা আছে। তোমালোকে নিজৰ সন্থা গঠন কৰি চৰকাৰৰ পৰা যি সহায় বিচৰা ল’ব পাৰা। গতিকে এতিয়া এনেকুৱা ছিঃ ছিঃ যিসকলে ভাৰতৰ নাম বদনাম কৰিছে, তেওঁলোকৰ সেৱা কৰা। তোমালোকৰো সংগঠন বহুত দৃঢ় হ'ব লাগে। 10-12 গৰাকী পৰস্পৰ মিলি বুজাবলৈ যোৱা। মাতাসকলো ভাল হ'ব লাগে। কোনোবা নতুন যুগল হ’লে, কোৱা আমি পৱিত্ৰ হৈ থাকোঁ। পৱিত্ৰ হৈ থাকিলেহে বিশ্বৰ মালিক হয়। তেন্তে কিয়নো পৱিত্ৰ নহ'ম। সকলোৱে একগোট হৈ যাব লাগে। গৈ বহুত নম্ৰতাৰে ক’ব লাগে, আমি আপোনালোকক পৰমপিতা পৰমাত্মাৰ বাৰ্তা দিবলৈ আহিছোঁ। এতিয়া বিনাশ সমাগত। পিতাই কয় - মই সকলোকে উদ্ধাৰ কৰিবলৈ আহিছোঁ। তোমালোকো এই এটা জন্ম বিকাৰগ্ৰস্ত নহ’বা। তোমালোকে বুজাব পাৰা যে আমি ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকলে নিজৰেই তন-মন-ধনেৰে সেৱা কৰোঁ। আমি ভিক্ষাতো নিবিচাৰোঁ। ঈশ্বৰৰ সন্তান হওঁ। এনেকুৱা পৰিকল্পনা কৰা। এনেকুৱা নহয় যে তোমালোকে সহায় কৰিব নোৱাৰা। এনেকুৱা কাম কৰা যাতে বাঃ বাঃ হয়। হাজাৰজন সহায় কৰিবলৈ ওলাই আহিব। এনেকুৱা নিজৰ সংগঠন গঢ়ি তোলা। মুখ্য মুখ্য লোকক নিৰ্বাচন কৰা, সন্মিলন অনুষ্ঠিত কৰা। সন্তানৰ তত্ত্বাৱধান লওঁতাতো বহুত ওলাব পাৰে। তোমালোক ঈশ্বৰীয় সেৱাত লাগি যোৱা। এনেকুৱা উদাৰ অন্তৰৰ হোৱা উচিত যাতে তৎক্ষণাৎ সেৱাৰ বাবে ওলাই আহে। এফালে এইটো সেৱা আৰু আনটো কথা ‘গীতা’ৰ, এই কথাবোৰ সকলোৱে মিলি হাতত লোৱা। তোমালোকে পঢ়াই এই লক্ষ্মী-নাৰায়ণ হ’বৰ বাবে। গতিকে ইয়াত তোমালোক সন্তানসকলৰ পৰস্পৰ মতভেদ থাকিব নালাগে। যদিহে কোনো কথা পিতাৰ পৰা লুকুৱা, সঁচা নোকোৱা তেতিয়াও নিজৰেই ক্ষতি কৰা আৰুহে এশগুণ পাপ বাঢ়ি যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি মৰমৰ পিতাৰ সন্তান, পৰস্পৰ ভাই-ভনী হৈ থাকিব লাগে। কেতিয়াও বিকাৰৰ দৃষ্টি থাকিব নালাগে। দৃষ্টিত কোনো চঞ্চলতা থাকিলে তেন্তে আত্মিক ছাৰ্জনক সঁচা ক’ব লাগে।

(2) কেতিয়াও পৰস্পৰ মতভেদত আহিব নালাগে। উদাৰ অন্তৰৰ হৈ সেৱা কৰিব লাগে। নিজৰ তন-মন-ধনেৰে, বহুত নম্ৰতাৰে সেৱা কৰি সকলোকে পিতাৰ পৰিচয় (বাৰ্তা) দিব লাগে।

বৰদান:
প্ৰতিটো কৰ্ম চৰিত্ৰৰ ৰূপত গায়ন যোগ্য কৰি তোলোঁতা মহান আত্মা হোৱা

মহান আত্মা সেইগৰাকী যাৰ প্ৰতিটো সংকল্প, প্ৰতিটো কৰ্ম মহান হ’ব। এটি সংকল্পও যাতে সাধাৰণ বা ব্যৰ্থ নহয়। কোনো কৰ্ম যাতে সাধাৰণ বা অনৰ্থক নহয়। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা যিয়েই কৰ্ম হয় সেয়া অৰ্থপূৰ্ণ হওঁক, সময়ো মহান কাৰ্যত সফল হৈ থাকক, তেতিয়া প্ৰতিটো চৰিত্ৰ গায়ন যোগ্য হ’ব। মহান আত্মাসকলৰেই স্মাৰক হৰ্ষিত মূৰ্ত, আকৰ্ষণ মূৰ্ত আৰু অব্যক্ত মূৰ্ত ৰূপত আছে।

স্লোগান:
মানৰ ইচ্ছা এৰি স্বমানত স্থিত হৈ যোৱা তেতিয়া মান প্ৰচ্ছায়াৰ দৰে পিছে পিছে আহিব।


অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা

যিকোনো স্থূল কাৰ্য কৰি থাকিও মনৰ দ্বাৰা প্ৰকম্পন বিয়পাই দিয়াৰ সেৱা কৰা। যেনেকৈ ব্যৱসায়ীয়ে সপোনতো নিজৰ ব্যৱসায় দেখে, তেনেকৈ তোমালোকৰ কাম হৈছে - বিশ্ব কল্যাণ কৰা। এয়াই তোমালোকৰ বৃত্তি, এইটো বৃত্তি স্মৃতিত ৰাখি সদায় সেৱাত ব্যস্ত হৈ থাকা। যদি সেৱাৰ ফল প্ৰাপ্ত হৈ যায় তেতিয়া মায়াজিৎ সহজে হৈ যাবা সেই কাৰণে যেতিয়াই বুদ্ধিয়ে আজৰি পায় তেতিয়া সেৱাত লাগি যোৱা।