15.11.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ প্ৰতি নজৰ দিয়া যে কিমান সময় পিতাৰ স্মৃতি থাকে, কিয়নো স্মৃতিত থকাতেই লাভ হয়, বিস্মৃতিত ঘাটি হয়"

প্ৰশ্ন:
এই পাপ আত্মাৰ জগতত কোনটো কথা একেবাৰে অসম্ভৱ আৰু কিয়?

উত্তৰ:
ইয়াত যদি কোনোবাই কয় যে মই পুণ্য আত্মা, এইটো একেবাৰে অসম্ভৱ কিয়নো এই জগতখনেই কলিযুগী তমোপ্ৰধান। মনুষ্যই যিটো পুণ্যৰ কাম বুলি ভাবে সেয়াও পাপ হৈ যায় কিয়নো প্ৰতিটো কৰ্ম বিকাৰৰ বশীভূত হৈ কৰে।

ওঁম্শান্তি।
এয়াতো সন্তানসকলে বুজি পোৱা যে আমি এতিয়া ব্ৰহ্মাৰ সন্তান ব্ৰহ্মাকুমাৰ-কুমাৰী। তাৰপাছত দেৱী-দেৱতা হ’মগৈ। এয়াতো তোমালোকেহে বুজি পোৱা, আন কোনেও বুজি নাপায়। তোমালোকে জানা যে আমি ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে বেহদৰ পাঠ পঢ়ি আছোঁ। 84 জন্মৰ বিষয়েও পঢ়া আৰু সৃষ্টি চক্ৰৰ বিষয়েও পঢ়া। আকৌ তোমালোকে এইটো শিক্ষা পোৱা যে পৱিত্ৰ হ’ব লাগে। ইয়াত বহি তোমালোক সন্তানসকলে পৱিত্ৰ হ’বলৈ পিতাক নিশ্চয় স্মৰণ কৰা। নিজৰ অন্তৰক সোধা সঁচাকৈয়ে মই পিতাৰ স্মৃতিত বহি আছিলোঁ নে মায়া ৰাৱণে বুদ্ধি অন্য ফালে লৈ গ’ল। পিতাই কৈছে – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হ’ব। এতিয়া নিজকে সুধিব লাগে –মই বাবাৰ স্মৃতিত আছিলোঁ নে বুদ্ধি অন্য ফালে গুচি গৈছিল? স্মৃতি থকা উচিত – কিমান সময় মই বাবাৰ স্মৃতিত থাকিলোঁ? কিমান সময় মোৰ বুদ্ধি ক’লৈ ক’লৈ গ’ল? নিজৰ অৱস্থাৰ ফালে চোৱা। যিমান সময় পিতাক স্মৰণ কৰিবা, তাৰ দ্বাৰাই পৱিত্ৰ হ’বা। জমা কৰিলা নে নকৰিলা তাৰো খতিয়ান ৰাখিব লাগে। অভ্যাস হ’লে তেতিয়া স্মৃতিও থাকিব। লিখি থাকিবা। দিনলিপিতো সকলোৰে জেপত থাকেই। যিসকল বেপাৰী, তেওঁলোকে হদৰ দিনলিপি ৰাখে। তোমালোকৰ হৈছে বেহদৰ দিনলিপি। গতিকে তোমালোকে নিজৰ খতিয়ান ৰাখিব লাগে। পিতাৰ আদেশ হৈছে – পেছাগত কাম-কাজ আদি সকলো কৰা কিন্তু কিছু সময় উলিয়াই মোক স্মৰণ কৰা। নিজৰ খতিয়ান ৰাখি লাভ বঢ়াই যোৱা। লোকচান নকৰিবা। তোমালোকৰ যুদ্ধ নচলে জানো। চেকেণ্ডত লাভ, চেকেণ্ডত লোকচান। তৎক্ষণাৎ গম পোৱা যায়, মই লাভ কৰিলোঁ নে লোকচান? তোমালোক বেপাৰী নোহোৱা জানো। কোনোবা বিৰলজনেহে এই বেপাৰ কৰিব। স্মৃতিৰ দ্বাৰা লাভ হয়, বিস্মৃতিৰে লোকচান হয়। এয়া নিজকে পৰীক্ষা কৰিব লাগে, যিসকল উচ্চ পদ পাবলগীয়া তেওঁলোকৰতো আগ্ৰহ থাকে – পৰীক্ষা কৰিব যে মই কিমান সময় বিস্মৃতিত থাকিলোঁ? এয়াতো তোমালোক সন্তানসকলে জানা আমাৰ সকলো আত্মাৰ পিতা পতিত-পাৱন হয়। আমি আচলতে আত্মা। নিজৰ ঘৰৰ পৰা ইয়ালৈ আহিছোঁ, এই শৰীৰ লৈ ভূমিকা পালন কৰোঁ। শৰীৰ হৈছে বিনাশী, আত্মা হৈছে অবিনাশী। সংস্কাৰো আত্মাতে থাকে। বাবাই সোধে – হে আত্মা স্মৰণ কৰা, এইটো জন্মৰ শৈশৱকালত কোনো ওলোটা কামতো কৰা নাই? স্মৃতিলৈ আনা। 3-4 বছৰৰ পৰা স্মৃতিতো থাকেই, আমি শৈশৱকাল কেনেকৈ কটালোঁ, কি কি কৰিলোঁ? কিবা কথাই অন্তৰ দগ্ধ কৰিতো নাথাকে? স্মৃতিলৈ আনা। সত্যযুগত পাপ কৰ্ম নহয় সেয়েহে সুধিবলগীয়া কথাই নাথাকে। ইয়াততো পাপ হয়েই। মনুষ্যই যিটো পুণ্যৰ কাম বুলি ভাবে সেয়াও পাপেই হয়। এইখন হয়েই পাপ আত্মাৰ জগত। তোমালোকৰ লেন-দেনো পাপ আত্মাৰ লগতে হয়। পুণ্য আত্মা ইয়াত নায়েই। পুণ্য আত্মাৰ জগতত আকৌ এটাও পাপ আত্মা নাথাকে। পাপ আত্মাৰ জগতত এটাও পুণ্য আত্মা থাকিব নোৱাৰে। যিসকল গুৰুৰ চৰণত পৰে সেই গুৰুসকলো কোনো পুণ্য আত্মা নহয়। এয়াতো হয়েই কলিযুগ সেয়াও তমোপ্ৰধান। সেয়েহে ইয়াত কোনো পুণ্য আত্মা থকাতো অসম্ভৱ। পুণ্য আত্মা হ’বৰ বাবেই পিতাক আহ্বান জনায় যে আহি আমাক পৱিত্ৰ আত্মা কৰি তোলক। এনেকুৱা নহয় যে কোনোবাই বহুত দান-পুণ্য আদি কৰে, ধৰ্মশালা আদি সাজি দিয়ে সেয়েহে তেওঁ পুণ্য আত্মা। নহয়, বিয়া আদিৰ কাৰণে ভৱন আদি নিৰ্মাণ কৰে, এয়া জানো পুণ্য। এইটো বুজিবলগীয়া কথা। এয়া হ’ল ৰাৱণৰাজ্য, পাপ আত্মাসকলৰ আসুৰি সৃষ্টি। এই কথাবোৰ তোমালোকৰ বাহিৰে আন কোনেও নাজানে। ৰাৱণ আছে কিন্তু ৰাৱণক চিনি পায় জানো। শিৱৰ চিত্ৰও আছে কিন্তু চিনি নাপায়। ডাঙৰ ডাঙৰ শিৱলিংগ আদি সাজে, তথাপিও কৈ দিয়ে নাম-ৰূপৰ পৰা উপৰাম, সৰ্বব্যাপি, সেইবাবে পিতাই কয় - যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত… ভাৰততে শিৱবাবাৰ গ্লানি হয়। যিজন পিতাই তোমালোকক বিশ্বৰ মালিক কৰি তোলে, তোমালোকে মনুষ্য মতত চলি তেওঁৰ কিমান গ্লানি কৰা। মনুষ্য মত আৰু ঈশ্বৰীয় মতৰ কিতাপো আছে নহয়। এয়াতো তোমালোকেহে জানা আৰু বুজোৱা যে আমি শ্ৰীমত অনুসৰি দেৱতা হওঁগৈ। ৰাৱণৰ মতত আকৌ আসুৰি মনুষ্য হৈ যায়। মনুষ্য মতক আসুৰি মত বুলি কোৱা হয়। আসুৰি কৰ্তব্যই কৰি থাকে। মূল কথা হ’ল ঈশ্বৰক সৰ্বব্যাপি বুলি কৈ দিয়ে। কাছৰ অৱতাৰ, মাছৰ অৱতাৰ… তেন্তে কিমান আসুৰি ছিঃ ছিঃ হৈ গ’ল। তোমালোক আত্মাসকলে কাছ-মাছৰ অৱতাৰ নোলোৱা, মনুষ্য শৰীৰতে আহা। এতিয়া তোমালোকে বুজিছা আমি কোনো কাছ-মাছ নহওঁ, 84 লাখ যোনি নলওঁ। এতিয়া তোমালোকে পিতাৰ শ্ৰীমত পাইছা – সন্তানসকল, তোমালোকে 84 জন্ম লোৱা। 84 আৰু 84 লাখৰ শতাংশ কিমান বুলি ক’বা! মিছাতো একেবাৰে মিছা, সত্যৰ এক ৰতিও নাই। ইয়াৰো অৰ্থ বুজা উচিত। চোৱা এতিয়া ভাৰতৰ কি অৱস্থা হ’ল। ভাৰত সত্যখণ্ড আছিল, যাক স্বৰ্গ বুলি কোৱা হৈছিল। আধাকল্প হৈছে ৰামৰাজ্য, আধাকল্প ৰাৱণৰাজ্য। ৰাৱণৰাজ্যক আসুৰি সম্প্ৰদায় বুলি কোৱা হয়। কিমান কাঢ়া শব্দ। আধাকল্প দেৱতাসকলৰ ৰাজ্য চলে। পিতাই বুজাইছে – লক্ষ্মী-নাৰায়ণ প্ৰথম, দ্বিতীয়, তৃতীয় বুলি কোৱা হয়। যেনেকৈ এডৱাৰ্ড প্ৰথম, দ্বিতীয় এনেকৈ নাথাকে জানো। প্ৰথম প্ৰজন্ম, আকৌ দ্বিতীয় প্ৰজন্ম এনেকৈ চলে। তেমালোকৰো প্ৰথমতে হয় সূৰ্যবংশী ৰাজ্য, পাছত চন্দ্ৰবংশী। পিতা আহি ড্ৰামাৰ ৰহস্যও ভালদৰে বুজাইছে। তোমালোকৰ শাস্ত্ৰত এই কথাবোৰ নাছিল। কিছুমান শাস্ত্ৰত আঁচ এডালৰ দৰে অকণমান আছে কিন্তু সেই সময়ত যিসকলে কিতাপ লিখিছিল তেওঁলোকে একো বুজা নাছিল।

বাবাও যেতিয়া বাৰনসীলৈ গৈছিল সেই সময়ত এই জগতখন ভাল লগা নাছিল, তাত বহি গোটেই দেৱালবোৰত ৰেখা আঁকিছিল। পিতাই এই সকলোবোৰ কৰাইছিল কিন্তু মইতো সেই সময়ত শিশু (প্ৰাৰম্ভিক অৱস্থাত) আছিলোঁ। সম্পূৰ্ণকৈ বুজা নাছিলোঁ। বচ্‌, কোনোবা আছে যিয়ে মোৰ দ্বাৰা এয়া কৰায়। বিনাশ দেখি অন্তৰ আনন্দিতও হৈছিল। ৰাতি যেতিয়া শুইছিলোঁ তেতিয়াও যেন উৰি আছিলোঁ কিন্তু একো বুজি পোৱা নাছিলোঁ। এনেকৈ ৰেখা আঁকি আছিলোঁ। কিবা শক্তি আছে যি প্ৰৱেশ কৰিছে। মই আচৰিত হৈছিলোঁ। প্ৰথমেতো পেছাগত কাম-কাজ আদি কৰিছিলোঁ, পাছত কি হ’ল, কাৰোবাক চালেই তৎক্ষণাৎ ধ্যানত গুচি গৈছিলোঁ। কৈছিলোঁ – এয়া কি হৈছে যাৰ ফালে চাওঁ তেওঁৰ চকু বন্ধ হৈ যায়। সুধিছিলোঁ, কি দেখিলা তেতিয়া কৈছিল - বৈকুণ্ঠ দেখিলোঁ, কৃষ্ণক দেখিলোঁ। এয়াও সকলো বুজিবলগীয়া কথা নহ’ল জানো সেইবাবে সকলো এৰি বুজিবলৈ বাৰানসীলৈ গুচি গ’লোঁ। গোটেই দিন বহি আছিলোঁ। পেঞ্চিল আৰু দেৱাল আৰু কোনো কামেই নাই। শিশু আছিলোঁ নহয়। সেয়েহে এনেকৈ যেতিয়া দেখিলোঁ তেতিয়া বুজিলোঁ যে এতিয়া এয়া একো কৰিব নালাগে। পেছাগত কাম-কাজ আদি এৰিব লাগিব। আনন্দিত হৈছিলো এই নীচ কাম এৰিব লাগিব। ৰাৱণৰাজ্য নহয় জানো। ৰাৱণৰ গাধৰ মূৰ দেখুৱায় নহয়, সেয়েহে খেয়াল আহিল এয়া বাদশ্বাহী নহয়, নীচ কাম। গাধই বাৰে বাৰে মাটিত লুতুৰি-পুতুৰি হৈ ধোবাৰ সকলো কাপোৰ নষ্ট কৰি দিছিল। পিতায়ো কয় – তোমালোক কি আছিলা, এতিয়া তোমালোকৰ কি অৱস্থা হৈ গ’ল। এয়া পিতাইহে বহি বুজায় আৰু এই দাদায়ো বুজায়। দুয়োৰে চলি থাকে। জ্ঞান যিসকলে ভালদৰে বুজায় তেওঁলোকক তীক্ষ্ণ বুলি কোৱা হ’ব। ক্ৰমানুসৰিতো হয়েই। তোমালোক সন্তানসকলেও বুজোৱা, এয়া ৰাজধানী স্থাপনা হৈ আছে। নিশ্চয় ক্ৰমানুসৰি পদ পাব। আত্মায়ে কল্পই কল্পই নিজৰ ভূমিকা পালন কৰে। সকলোৱে একে সমানে জ্ঞান ধাৰণ নকৰিব। এই স্থাপনাৰ কাৰ্যই আশ্চৰ্যজনক। অন্য কোনোবাই জানো স্থাপনাৰ জ্ঞান দিয়ে। ধৰি লোৱা, শিখ ধৰ্ম প্ৰতিষ্ঠা হ’ল। শুদ্ধ আত্মা প্ৰৱেশ কৰিলে, কিছু সময় পাছত শিখ ধৰ্মৰ প্ৰতিষ্ঠা হ’ল। তেওঁলোকৰ মুখীয়া কোন? গুৰু নানক। তেওঁ আহি জপ চাহেব (শিখসকলৰ ধৰ্মীয় বাণী) ৰচিলে। প্ৰথমেতো নতুন আত্মাই হ’ব কিয়নো পৱিত্ৰ আত্মা হয়। পৱিত্ৰক মহান আত্মা বুলি কোৱা হয়। সৰ্বোচ্চ বুলিতো একমাত্ৰ পিতাকে কোৱা হয়। তেওঁলোকেও ধৰ্ম প্ৰতিষ্ঠা কৰে সেয়েহে মহান বুলিয়ে কোৱা হ’ব। কিন্তু ক্ৰমানুসৰি পিছে পিছে আহে। 500 বছৰ আগতে এটা আত্মা আহিল, আহি শিখ ধৰ্ম প্ৰতিষ্ঠা কৰিলে, সেই সময়ত ‘গ্ৰন্থ’ ক’ৰ পৰা আহিল। নিশ্চয় ‘সুখমণি’ (শিখ ধৰ্মৰ স্তুতি, ভজন), ‘জপ চাহেব’ আদি পাছত ৰচিছে নহয় জানো! কি শিক্ষা দিয়ে। উৎসাহিত হ’লে তেতিয়া বহি পিতাৰ মহিমা কৰে। বাকী এই কিতাপ আদিতো পাছৰ ফালে লিখে। যেতিয়া সেই ধৰ্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি হয়। পঢ়োঁতাও লাগিব নহয়। সকলো ধৰ্মৰে শাস্ত্ৰ পাছলৈ লিখে। যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হ’ব তেতিয়া শাস্ত্ৰ পঢ়ে। জ্ঞান নালাগিব জানো। প্ৰথমতে সতোপ্ৰধান হ’ব পাছলৈ সতো, ৰজো, তমোত আহে। যেতিয়া বহুত বৃদ্ধি হ’ব তেতিয়া মহিমা হ’ব আৰু শাস্ত্ৰ আদি ৰচিব। নহ’লে বৃদ্ধি কোনে কৰিব। অনুগামী হ’ব লাগিব। শিখ ধৰ্মৰ আত্মাসকল আহিব লাগিব যিসকলে আহি অনুসৰণ কৰিব। ইয়াৰ বাবে বহুত সময়ৰ প্ৰয়োজন।

যিসকল নতুন আত্মা আহে তেওঁলোকৰ দুখতো হ’ব নোৱাৰে। বিধান নাই। আত্মা সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমোত আহিলে তেতিয়া দুখ হ’ব। বিধানো আছে নহয়! ইয়াত হৈছে সংমিশ্ৰণ, ৰাৱণ সম্প্ৰদায়ো আছে, ৰাম সম্প্ৰদায়ো আছে। এতিয়াতো সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হৈ গ’লে তেতিয়া শৰীৰ এৰি দিব। কৰ্মাতীত অৱস্থা হোৱাসকলৰ কোনো দুখ হ’ব নোৱাৰে। তেওঁলোক এই ছিঃ ছিঃ সৃষ্টিত থাকিব নোৱাৰে। তেওঁলোক গুচি যাব বাকী কৰ্মাতীত নোহোৱাসকল থাকি যাব। সকলোৱেতো একেলগে কৰ্মাতীত হ’ব নোৱাৰে। বিনাশ হ’লেও তথাপিও কিছু বাচিব। প্ৰলয় নহয়। এনেকৈ গায়নো কৰে – ৰাম গ’ল, ৰাৱণ গ’ল… ৰাৱণৰ বহুত পৰিয়াল আছিল। আমাৰ পৰিয়ালতো তেনেই কম। সেয়া কিমান অনেক ধৰ্ম আছে। প্ৰকৃততে আমাৰ পৰিয়াল সকলোতকৈ ডাঙৰ হোৱা উচিত কিয়নো দেৱী-দেৱতা ধৰ্ম হৈছে সকলোতকৈ প্ৰথম। এতিয়াতো সকলো সানমিহলি হৈ গৈছে, সেয়েহে বহুত খ্ৰীষ্টান হৈ গৈছে। মনুষ্যই যিফালে সুখ দেখে, পদ মৰ্যাদা দেখে সেই ধৰ্মৰে হৈ যায়। যেতিয়া পোপ আহে তেতিয়া বহুত খ্ৰীষ্টান হৈ যায়। পাছত বৃদ্ধিও বহুত হয়। সত্যযুগততো এটিয়ে পুত্ৰ সন্তান, এটিয়ে কন্যা সন্তান হ’ব। আন কোনো ধৰ্মৰে এনেকৈ বৃদ্ধি নহয়। এতিয়া চোৱা খ্ৰীষ্টানসকল সকলোতকৈ তীক্ষ্ণ। যিসকলে বহুত সন্তান জন্ম দিয়ে তেওঁলোকে পুৰস্কাৰ পায় কিয়নো তেওঁলোককতো মনুষ্যৰ প্ৰয়োজন হয় নহয়। যিসকল মিলিটেৰী, সৈন্যবাহিনীৰ কামত আহিব। হওঁতে সকলো খ্ৰীষ্টিয়ান ধৰ্মৰ। ৰাছিয়া, আমেৰিকা সকলো খ্ৰীষ্টিয়ান ধৰ্মৰ, এটা কাহিনী আছে দুটা বান্দৰে যুদ্ধ কৰিলে মাখন মেকুৰীয়ে খালে। এয়াও ড্ৰামা ৰচি থোৱা আছে। আগতেতো হিন্দু, মুছলমান একেলগে আছিল। যেতিয়া পৃথক হ’ল তেতিয়া পাকিস্তান নামে নতুন ৰাষ্ট্ৰৰ সৃষ্টি হ’ল। এয়াও ড্ৰামা ৰচি থোৱা আছে। দুখন দেশে যুদ্ধ কৰিলে তেতিয়া বাৰুদ কিনিব, বেপাৰ হ’ব। এয়াই তেওঁলোকৰ মুখ্য বেপাৰ। কিন্তু ড্ৰামাৰ নিয়তি বিজয় তোমালোকৰে হ’ব। 100 শতাংশই নিশ্চিত, তোমালোকক কোনেও জয় কৰিব নোৱাৰে। বাকী সকলো নাশ হৈ যাব। তোমালোকে জানা যে নতুন সৃষ্টিত আমাৰ ৰাজ্য হ’ব, যাৰ বাবেই তোমালোকে পঢ়া। লায়ক হৈ যোৱা। তোমালোক লায়ক আছিলা, এতিয়া নালায়ক হৈ গৈছা পুনৰ লায়ক হ’ব লাগে। এনেকৈ গায়নো কৰে – পতিত-পাৱন আহক। কিন্তু অৰ্থ জানো বুজি পায়। এইখন হয়েই গোটেই জংঘল। এতিয়া পিতা আহিছে, তেওঁ আহি কাঁইটৰ জংঘলক ফুলৰ বাগিচা কৰি তোলে। সেইখন হ’ল দৈৱী সৃষ্টি। এইখন হ’ল আসুৰি সৃষ্টি। গোটেই মনুষ্য সৃষ্টিৰ ৰহস্য বুজাইছে। তোমালোকে এতিয়া বুজি পোৱা – আমি নিজৰ ধৰ্মক পাহৰি ধৰ্ম ভ্ৰষ্ট হৈ গৈছোঁ। সেয়েহে সকলো কৰ্ম বিকৰ্মই হয়। কৰ্ম, বিকৰ্ম, অকৰ্মৰ গতি বাবাই তোমালোকক বুজাই গৈছিল। তোমালোকে বুজি পোৱা যথাযথ কালিলৈকে আমি এনেকুৱা আছিলোঁ আকৌ আজি আমি এনেকুৱা হ’লোঁ। নিচেই সমীপত নহয় জানো। বাবাই কয় – কালি তোমালোকক দেৱতা কৰি গঢ়ি তুলিছিলোঁ। ৰাজ্য-ভাগ্য দিছিলোঁ, সেই সকলোবোৰ আকৌ কি কৰিলা? তোমালোকৰ স্মৃতিলৈ আহিছে – ভক্তিমাৰ্গত আমি কিমান ধন অপচয় কৰিলোঁ। কালিৰ কথা নহয় জানো। পিতাইতো আহি হাতত স্বৰ্গ তুলি দিয়ে। এই জ্ঞান বুদ্ধিত থকা উচিত।

বাবাই এইটোও বুজাইছে এই দুচকুৱে কিমান প্ৰবঞ্চনা কৰে, আসুৰিক দৃষ্টিক জ্ঞানেৰে সভ্য কৰি তুলিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ বেহদৰ দিনলিপিত খতিয়ান টুকি ৰাখিব লাগে যে মই স্মৃতিত থাকি কিমান লাভ অৰ্জন কৰিলোঁ? লোকচানতো নহ’ল? স্মৰণ কৰাৰ সময়ত বুদ্ধি ক’লৈ ক’লৈ গ’ল?

(2) এইটো জন্মত শৈশৱকালৰ পৰা মোৰ দ্বাৰা কি কি ওলোটা কৰ্ম অথবা পাপ হৈছে, সেয়া টুকি ৰাখিব লাগে। যিটো কথাই অন্তৰ দগ্ধ কৰি থাকে সেয়া পিতাক শুনাই বোজামুক্ত হৈ যাব লাগে। এতিয়া কোনো পাপ কৰ্ম কৰিব নালাগে।

বৰদান:
কৰ্মবন্ধনক সেৱাৰ বন্ধনলৈ পৰিৱৰ্তন কৰি সকলোৰে পৰা উপৰাম আৰু পৰমাত্ম স্নেহী হোৱা

পৰমাত্ম স্নেহ হৈছে ব্ৰাহ্মণ জীৱনৰ আধাৰ কিন্তু সেয়া তেতিয়াহে প্ৰাপ্ত হ’ব যেতিয়া উপৰাম হ’বা। যদি প্ৰবৃত্তিত আছা সেয়াও সেৱাৰ অৰ্থে আছা। কেতিয়াও এনেকৈ নাভাবিবা যে হিচাপ-নিকাচ আছে, এয়া কৰ্মবন্ধন... কিন্তু এয়া সেৱাহে। সেৱাৰ বন্ধনত বান্ধ খালে কৰ্মবন্ধন সমাপ্ত হৈ যায়। সেৱা ভাৱ নাথাকিলে কৰ্মবন্ধনে আকৰ্ষিত কৰে। য’ত কৰ্মবন্ধন আছে ত’ত দুখৰ ঢৌ থাকে, সেৱাৰ বন্ধনত আনন্দিত হয় সেই কাৰণে কৰ্মবন্ধনক সেৱাৰ বন্ধনলৈ পৰিৱৰ্তন কৰি উপৰাম আৰু স্নেহী হৈ থাকা তেতিয়া পৰমাত্ম স্নেহী হৈ যাবা।

স্লোগান:
শ্ৰেষ্ঠ আত্মা সেইগৰাকী যি স্ব-স্থিতিৰে সকলো পৰিস্থিতি অতিক্ৰম কৰি যায়।


সফলতামূৰ্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ বৰ্তমান সময়ত ভৰিত চকা লগাই দৌৰে সেয়া কিমান পাতল হয়। গতিবেগ তীব্ৰ হৈ যায়। একেধৰণে, যিহেতু পিতাই চলাই আছে, গতিকে শ্ৰীমত ৰূপী চকা লাগি থকা বাবে স্বতঃ পুৰুষাৰ্থৰ গতি বেগ তীব্ৰ হৈ যাব আৰু সফলতা লাভ কৰি থাকিবা। যেতিয়া সেৱাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা তেতিয়া সদায় এই তিনিটা কথা স্মৃতিত ৰাখিবা : 1) একনামী (এজনৰে নাম প্ৰসিদ্ধ হওঁক) 2) একমত আৰু 3) মিতব্যয়ী।