15.12.24    Avyakt Bapdada     Assame Murli     28.02.2003     Om Shanti     Madhuban


“*“সেৱাৰ লগতে এতিয়া সম্পন্ন হোৱাৰ পৰিকল্পনা কৰা, কৰ্মাতীত হ’বলৈ নিষ্ঠাৰে যত্ন কৰা”*”


আজি শিৱ পিতা নিজৰ শালগ্ৰাম সন্তানসকলৰ লগত, নিজৰ আৰু সন্তানসকলৰ অৱতৰণৰ জয়ন্তী উদ্‌যাপন কৰিবলৈ আহিছেহঁক। এই অৱতৰণৰ জয়ন্তী কিমান অপূৰ্ব যে পিতাই সন্তানসকলক আৰু সন্তাসকলে পিতাক পদ্মাপদম বাৰ অভিনন্দন জনাই আছে। চাৰিওফালে সন্তানসকলে আনন্দত নৃত্য কৰি আছে – বাঃ বাবা!, বাঃ আমি শালগ্ৰাম আত্মাসকল! “বাঃ! বাঃ!”ৰ গীত গাই আছে। তোমালোকৰ এই জন্ম দিৱসৰ স্মাৰক দ্বাপৰৰ পৰা এতিয়ালৈকে ভক্তসকলেও উদ্‌যাপন কৰি থাকে। ভাৱনাৰ ক্ষেত্ৰত ভক্তসকলো কম নহয়। কিন্তু তেওঁলোক ভক্ত, সন্তান নহয়। তেওঁলোকে প্ৰত্যেক বছৰে উদ্‌যাপন কৰে আৰু তোমালোকে গোটেই কল্পত এবাৰ অৱতৰণৰ মহত্ব উদ্‌যাপন কৰা। তেওঁলোক প্ৰত্যেক বছৰে ব্ৰত ৰাখে, ব্ৰত ৰাখেও আৰু ব্ৰত লয়ো। তোমালোকে এবাৰেই ব্ৰত লোৱা, নকল তোমালোকৰে কৰিছে কিন্তু তোমালোকৰ মহত্ব আৰু তেওঁলোকৰ স্মাৰকৰ মহত্বৰ মাজত পাৰ্থক্য আছে। তেওঁলোকেও পৱিত্ৰতাৰ ব্ৰত লয় কিন্তু প্ৰত্যেক বছৰে এদিনৰ বাবে ব্ৰত লয়। তোমালোকেও জন্ম লৈ এবাৰ পৱিত্ৰতাৰ ব্ৰত লৈছা নহয়! ল’লা নে ল’বা? লৈ ল’লা। এবাৰ ল’লা তেওঁলোকে বছৰে বছৰে লয়। সকলোৱে ল’লানে? কেৱল ব্ৰহ্মচৰ্য্য নহয়। সম্পূৰ্ণ পৱিত্ৰতাৰ ব্ৰত ল’লানে। পাণ্ডৱ, সম্পূৰ্ণ পৱিত্ৰতাৰ ব্ৰত ল’লানে? নে কেৱল ব্ৰহ্মচৰ্যই ঠিক আছে! ব্ৰহ্মচৰ্যতো হৈছে আধাৰ কিন্তু কেৱল ব্ৰহ্মচৰ্য নহয় লগতে আৰু চাৰিটা আছে। চাৰিওটাৰে ব্ৰত ল’লানে নে কেৱল এটাৰ লৈছা? পৰীক্ষা কৰা। ক্ৰোধ কৰাৰ অনুমতিতো আছে নহয়? অনুমতি নাই নেকি? অলপ-অচৰপতো ক্ৰোধ কৰিবলগীয়া হয় নহয়? কৰিবলগীয়া নহয় নেকি? কোৱা পাণ্ডৱ, ক্ৰোধ কৰিবলগীয়া নহয় নেকি? কৰিবলগীয়াতো হয়! বাৰু বাপদাদাই দেখিছে ক্ৰোধ আৰু বাকী সকলো যি সংগী আছে, মহাভূততো ত্যাগ কৰিলা কিন্তু যেনেকৈ মাতাসকলৰ, প্ৰবৃত্তিত থকাসকলৰ জ্যেষ্ঠ সন্তানসকলৰ প্ৰতি ইমান স্নেহ নাথাকে, মোহ নাথাকে কিন্তু নাতি-পুতিৰ প্ৰতি বহুত মোহ থাকে। সৰু লৰা-ছোৱালী বহুত মৰমৰ হয়। বাপদাদাই দেখিলে যে সন্তানসকলৰো এই 5 বিকাৰৰ যি মহাভূত, মহাৰূপ আছে, তাৰ প্ৰতি স্নেহ কম হৈ গৈছে কিন্তু এই বিকাৰবোৰৰ যি সতি-সন্ততি আছে, সৰু সৰু অংশমাত্ৰ, বংশমাত্ৰ, সেইবোৰৰ প্ৰতিও এতিয়াও অলপ-অচৰপ স্নেহ আছে। স্নেহ আছেনে! কেতিয়াবা কেতিয়াবাতো স্নেহ জাগি উঠে। জাগি উঠেনে? মাতাসকল? ডবল বিদেশীসকল, ক্ৰোধ নাহেনে? বহুত সন্তানে অতি চতুৰালিৰে কথা কয়, শুনাওঁনে কি কয়? শুনাওঁনে? যদি শুনাওঁ তেন্তে আজি ত্যাগ কৰিব লাগিব। সাজু আছানে? ত্যাগ কৰিবলৈ সাজু আছানে? নে কেৱল ‘ফাইল’ত কাগজ জমা কৰিবা? যেনেকৈ প্ৰত্যেক বছৰে কৰা নহয়, প্ৰতিজ্ঞাৰ ‘ফাইল’ পিতাৰ ওচৰত বহুত ডাঙৰ হৈ গৈছে, তেন্তে এতিয়াও এনেকুৱাতো নহয় যে প্ৰতিজ্ঞাৰ এখিলা কাগজ ‘ফাইল’ত সংযোগ কৰি দিম, এনেকুৱাতো নহয়! ‘ফাইনেল’ কৰিবা নে ‘ফাইল’ত থ’বা? কি কৰিবা? কোৱা, শিক্ষকসকল কি কৰিবা? ‘ফাইনেল’নে? হাত দাঙা। এনেকুৱা নহয় যে প্ৰতিজ্ঞা নকৰিবা। বাপদাদাই আকৌ অলপ ৰূপ ধাৰণ কৰিব। ঠিক আছে। ডবল বিদেশী - ‘ফাইনেল’ কৰিবানে? যিসকলে ‘ফাইনেল’ কৰিব তেওঁলোকে হাত দাঙা। টি.ভি.ত উলিওৱা। চুটি সৰু ত্ৰেতাযুগী হাত নহয়, দীঘলকৈ হাত দাঙা। বাৰু, ঠিক আছে।

শুনা, পিতা আৰু সন্তানসকলৰ বাৰ্তালাপ কেনেকুৱা হয়? বাপদাদাই হাঁহি থাকে। পিতাই কয় ক্ৰোধ কিয় কৰিলা? কয় মই কৰা নাই, কিন্তু ক্ৰোধ উৎপন্ন কৰালে। কৰা নাই, মোৰ দ্বাৰা কৰালে। এতিয়া পিতাই কি ক’ব? আকৌ কি কয়, যদি আপুনিও হ’লহেঁতেন তেন্তে আপোনাৰো ক্ৰোধ আহিলহেঁতেন। মিঠা মিঠা কথা কয় নহয়! আকৌ কয় - নিৰাকাৰৰ পৰা সাকাৰ শৰীৰ ধাৰণ কৰি চোৱা। এতিয়া কোৱা এনেকুৱা মিঠা সন্তানসকলক পিতাই কি ক’ব! পিতা তথাপিও দয়াশীল হ’বলগীয়া হয়। কয় – বাৰু, এতিয়া ক্ষমা কৰি দিছো আগলৈ নকৰিবা। কিন্তু উত্তৰ বহুত ভাল ভাল দিয়ে।

পৱিত্ৰতা তোমালোক ব্ৰাহ্মণৰ সকলোতকৈ শ্ৰেষ্ঠ অলংকাৰ। সেয়েহে তোমালোকৰ চিত্ৰৰ কিমান অলংকৰণ কৰে। এয়া পৱিত্ৰতাৰ স্মাৰক অলংকৰণ। পৱিত্ৰতা, সম্পূৰ্ণ পৱিত্ৰতা, কাম চলোৱাবিধৰ পৱিত্ৰতা নহয়। সম্পূৰ্ণ পৱিত্ৰতা হৈছে তোমালোকৰ ব্ৰাহ্মণ জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ সম্পদ, আভিজাত্য, ব্যক্তিত্ব। সেয়েহে ভক্তসকলেও এদিনৰ পৱিত্ৰতাৰ ব্ৰত ৰাখে। এয়া তোমালোকক নকল কৰিছে। দ্বিতীয় ব্ৰত খোৱা-বোৱাৰ লয়। খোৱা-বোৱাৰ ব্ৰতৰো আৱশ্যকতা আছে। কিয়? তোমালোক ব্ৰাহ্মণেও খোৱা-বোৱাৰ দৃঢ় ব্ৰত লৈছা নহয়! যেতিয়া মধুবনলৈ অহাৰ প্ৰ-পত্ৰ সকলোৰে দ্বাৰা পূৰ কৰোৱা, তেতিয়া এইখনো প্ৰ-পত্ৰ পূৰ কৰিবলৈ দিয়া নহয় যে খোৱা-বোৱা শুদ্ধ হৈছেনে? পূৰ কৰিবলৈ দিয়া নহয়? তেন্তে খোৱা-বোৱাৰ ব্ৰত দৃঢ় হয়নে? দৃঢ় হয়নে নে কেতিয়াবা কেতিয়াবা কেঁচা হৈ যায়? ডবল বিদেশীসকলৰতো ডবল দৃঢ় হ’ব নহয়। ডবল বিদেশীসকলৰ ডবল দৃঢ় নে কেতিয়াবা ভাগৰি পৰা তেতিয়া কোৱা বাৰু আজি অলপ খাই লওঁ। অলপ ঢিলা কৰি দিয়া, এনেকুৱাতো নহয়। খোৱা-বোৱাৰ ব্ৰত দৃঢ় সেয়েহে ভক্তসকলেও খোৱা-বোৱাৰ ব্ৰত ৰাখে। তৃতীয়টো ব্ৰত লয় জাগৰণৰ - ৰাতি জাগি থাকে নহয়! গতিকে তোমালোক ব্ৰাহ্মণসকলেও অজ্ঞান নিদ্ৰাৰ পৰা জাগ্ৰত হোৱাৰ ব্ৰত লোৱা। মাজে মাজে অজ্ঞান নিদ্ৰাতো নাহে নহয়! ভক্তসকলে তোমালোকক নকল কৰি আছে, গতিকে তোমালোক দৃঢ় হোৱা সেইবাবেতো নকল কৰে। কেতিয়াও যাতে অজ্ঞান অৰ্থাৎ দুৰ্বলতাৰ, অমনোযোগীতাৰ, আলস্যৰ নিদ্ৰা নাহে। নে অলপ-অচৰপ কলমটিয়াই থাকিলেও একো আপত্তি নাই? কলমটিয়াই থাকানে? এনেকৈ অমৃতবেলাও বহুতে কলমটিয়াই থাকে। কিন্তু এইটো ভাবা যে আমাৰ স্মাৰকত ভক্তসকলে কি কি নকল কৰি আছে? তেওঁলোক ইমান দৃঢ় হৈ থাকে যে যিয়েই নহওঁক কিন্তু ব্ৰত নাভাঙে। আজিৰ দিনটিত ভক্তসকলে খোৱা-বোৱাৰ ব্ৰত ৰাখিব আৰু তোমালোকে আজি কি কৰিবা? পিকনিক কৰিবানে? তেওঁলোকে ব্ৰত ৰাখিব তোমালোকে পিকনিক কৰিবা, কেক কাটিবা নহয়! পিকনিক কৰিবা কিয়নো তোমালোকে জন্মৰে পৰাই ব্ৰত ল’লা সেয়েহে আজিৰ দিনটিত পিকনিক কৰিবা।

বাপদাদাই এতিয়া সন্তানসকলৰ পৰা কি বিচাৰে? জানাই নহয়। বহুত ভাল সংকল্প কৰা, ইমান ভাল সংকল্প কৰা যে শুনি শুনি আনন্দিত হৈ যায়। সংকল্প কৰা কিন্তু পাছত কি হয়? সংকল্প দুৰ্বল কিয় হৈ যায়? যিহেতু বিচৰাও কিয়নো পিতাৰ প্ৰতি বহুত স্নেহ আছে পিতায়ো জানে যে বাপদাদাৰ প্ৰতি সকলো সন্তানৰ অন্তৰৰ স্নেহ আছে আৰু স্নেহত সকলোৱে হাত দাঙা যে 100 শতাংশনো কি 100 শতাংশতকৈ বেছি স্নেহ আছে আৰু পিতায়ো মানি লয় যে স্নেহত সকলো উত্তীৰ্ণ। কিন্তু কি হয়? কিন্তু আছে নে নাই? কিন্তু আহে নে নাহে? পাণ্ডৱ, মাজে মাজে কিন্তু আহি যায়? নহয় বুলি নোকোৱা, তাৰমানে আছে। বাপদাদাই গৰিষ্ঠসংখ্যক সন্তানৰ এটা কথা লক্ষ্য কৰিলে যে প্ৰতিজ্ঞা দুৰ্বল হোৱাৰ এটাই কাৰণ, এটাই শব্দ। ভাবা, সেই এটা শব্দ কি? শিক্ষকসকল কোৱা সেই এটা শব্দ কি? পাণ্ডৱে কোৱা এটা শব্দ কি? স্মৃতিলৈতো আহি গ’ল নহয়! সেই এটা শব্দ হৈছে ‘মই’। অভিমানৰ ৰূপতো ‘মই’ আহে আৰু দুৰ্বল কৰাতো ‘মই’ আহে। মই যি ক’লোঁ, মই যি কৰিলোঁ, মই যি বুজিলোঁ সেয়াই শুদ্ধ। সেয়াই হ’ব লাগে। এয়া হ’ল অভিমানৰ ‘মই’। ‘মই’ যেতিয়া পূৰা নহয় তেতিয়া হতাশ হৈ যায়, মই কৰিব নোৱাৰো, চলিব নোৱাৰো, বহুত কঠিন। এটা দেহবোধৰ ‘মই’ সলনি হৈ যাওঁক, ‘মই’য়ে স্বমানো সোঁৱৰাই দিয়ে আৰু ‘মই’য়ে দেহ অভিমানতো লৈ আনে। ‘মই’য়ে হতাশো কৰে আৰু ‘মই’য়ে অন্তৰ আনন্দিতও কৰে আৰু অভিমানৰ চিন কি জানানে? কাৰোবাৰ যদি দেহবোধৰ অভিমানৰ অংশমাত্ৰও আছে, তাৰ চিন কি হ’ব? তেওঁ নিজৰ অপমান সহ্য কৰিব নোৱাৰিব। অভিমানে অপমান সহ্য কৰিবলৈ নিদিব। কোনোবাই যদি অলপো কয় যে এয়া ঠিক নহয়, অলপ নম্ৰ হৈ যোৱা, তেতিয়া অপমান অনুভৱ হ’ব, এয়া অভিমানৰ চিন।

বাপদাদা সূক্ষ্মলোকত মিচিকিয়াই আছিল - এই সন্তানসকলে শিৱৰাত্ৰিত ঠায়ে ঠায়ে ভাষণ দিয়ে নহয়, এতিয়া বহুত ভাষণ দি আছা নহয়। বাপদাদাৰ সন্তানসকলে ভাষণত কোৱা কথা এটি স্মৃতিলৈ আহিল। ভাষণত কোৱা যে শিৱৰাত্ৰিত ছাগলী বলি দিয়ে - সেই ছাগলীয়ে ‘মে মে’ বহুত কৰে নহয়, গতিকে শিৱৰাত্ৰিত ‘মই’ ‘মই’ক বলি দিয়া। পিতাই শুনি শুনি মিচিকিয়াই হাঁহি আছিল। তোমালোকেও এই ‘মই’ৰ বলি দি দিয়া। সমৰ্পিত কৰিব পাৰানে? কৰিব পাৰানে? পাণ্ডৱে কৰিব পাৰানে? ডবল বিদেশীসকল কৰিব পাৰানে? সম্পূৰ্ণ সমৰ্পণ নে সমৰ্পণ? সম্পূৰ্ণ সমৰ্পণ। আজি বাপদাদাই পতাকা উত্তোলন কৰোতে এনেয়ে প্ৰতিজ্ঞা নকৰাব। আজি প্ৰতিজ্ঞা কৰিবা আৰু ‘ফাইল’ত কাগজ জমা কৰিবলগীয়া হ’ব, এনেকুৱা প্ৰতিজ্ঞা নকৰায়। কি ভাবা, দাদীসকল আজিও এনেকুৱা প্ৰতিজ্ঞা কৰাম নেকি? ‘ফাইনেল’ কৰিবা নে ‘ফাইল’ত জমা কৰিবা? কোৱা, (ফাইনেল কৰাওঁক) সাহস আছেনে? সাহস আছেনে? শুনাত মগ্ন হৈ গ’লা, হাত দাঙা নাই। কালিলৈতো একো হৈ নাযায়! নহয়! কালিলৈ মায়া চক্ৰ লগাবলৈ আহিব। মায়াৰো তোমালোকৰ প্ৰতি স্নেহ আছে নহয় কিয়নো আজিকালিতো সকলোৱে ধুমধামেৰে সেৱাৰ পৰিকল্পনা কৰি আছা নহয়। যিহেতু সেৱা বৰ ধুমধামেৰে কৰি আছা তেন্তে সেৱা ধুমধামেৰে কৰা মানে সম্পূৰ্ণ সমাপ্তিৰ সময় সমীপত অনা। এনেকৈ নাভাবিবা যে ভাষণ দি আহিলোঁ আচলতে সময় সমীপত আনি আছা। সেৱা ভালদৰে কৰি আছা। বাপদাদা আনন্দিত হৈছে। কিন্তু বাপদাদাই দেখিবলৈ পায় যে সময় সমীপত আহি আছে, তোমালোকে আনি আছা, এনেয়ে লাখ-ডেৰ লাখ একত্ৰিত কৰা নাই, এয়া সময়ক সমীপত আনিলা। এতিয়া গুজৰাটে কৰিলে, বোম্বায়ে (এতিয়া মুম্বাই) কৰিব আৰু আনেও কৰি আছে। বাৰু লাখ নহ’লেও 50 হাজাৰেই হওঁক কিন্তু বাৰ্তা দি আছা তেন্তে বাৰ্তা দিয়াৰ লগতে সম্পন্নতাৰো প্ৰস্তুতি চলাইছানে? প্ৰস্তুতি চলাইছানে? বিনাশক আহ্বান জনাই আছা তেন্তে প্ৰস্তুতি চলাইছানে? দাদীয়ে প্ৰশ্ন সুধিলে যে এতিয়া এনেকুৱা কি পৰিকল্পনা কৰোঁ যাতে অতি সোনকালে প্ৰত্যক্ষতা হৈ যায়? বাপদাদাই কয়- প্ৰত্যক্ষতাতো চেকেণ্ডৰ কথা কিন্তু প্ৰত্যক্ষতাৰ আগতে বাপদাদাই সুধিছে যে স্থাপনা কৰাসকল সদা-প্ৰস্তুত হোৱানে? পৰ্দা মুকলি কৰি দিওঁনে? নে তেতিয়া কোনোবাই কাণৰ অলংকৰণ কৰি থাকিব, কোনোৱাই মূৰৰ? সাজু আছানে? হৈ যাব কেতিয়া? তাৰিখ কোৱা! যেনেকৈ এতিয়া তাৰিখ নিৰ্ধাৰিত কৰিলা নহয়! এইটো মাহৰ ভিতৰত বাৰ্তা দিব লাগে, এনেকৈ সকলো সদা-প্ৰস্তুত, অতিকমেও 16 হাজাৰতো সদা-প্ৰস্তুত হওঁক, 9 লাখ বাদ দিয়া, সেয়াও বাদ দিয়া। 16 হাজাৰতো প্ৰস্তুত আছা? প্ৰস্তুত আছানে? চাপৰি বজাওঁনে? এনেয়ে হয় বুলি নক’বা। সদা-প্ৰস্তুত হৈ যোৱা তেতিয়া বাপদাদাই উপলব্ধি কৰাব, চাপৰি বজাব, প্ৰকৃতিয়ে নিজৰ কাম আৰম্ভ কৰিব। বিজ্ঞানীসকলে নিজৰ কাম আৰম্ভ কৰি দিব। দেৰী কিহৰ, সকলো প্ৰস্তুত আছে। 16 হাজাৰ প্ৰস্তুত আছানে? প্ৰস্তুত আছানে? হৈ যাম। (আপুনি ভালদৰে জানে) এই উত্তৰটিতো নিজক বচাবৰ বাবে। 16 হাজাৰৰ ৰিপৰ্ট আহিব লাগে, সদা-প্ৰস্তুত, সম্পূৰ্ণ পৱিত্ৰতাৰে সম্পন্ন হৈ গ’ল। বাপদাদাৰ চাপৰি বজাবলৈ সময় নালাগে? তাৰিখ নিৰ্ধাৰিত কৰা। (আপুনি তাৰিখ নিৰ্ধাৰিত কৰক) সকলোকে সোধা। চোৱা, হ’বতো লাগিবই কিন্তু যি শুনালোঁ যে এটি ‘মই’ শব্দৰ সম্পূৰ্ণ পৰিৱৰ্তন, তেতিয়া পিতাৰ লগত যাবা। নহ’লে পিছে পিছে যাব লাগিব। বাপদাদাই সেই কাৰণে এতিয়া দ্বাৰ মুকলি নকৰে কিয়নো লগত যাব লাগিব।

পিতা ব্ৰহ্মাই সকলো সন্তানক সোধে যে দ্বাৰ মুকলি কৰাৰ তাৰিখ কোৱা। দ্বাৰ মুকলি কৰিব লাগে নহয়! যাব লাগে নহয়! আজি উদ্‌যাপন কৰা অৰ্থাৎ তেনেকুৱা হোৱা। কেৱল কেক্‌ নাকাটিবা কিন্তু ‘মই’ক সমাপ্ত কৰিবা। ভাবি আছা নে ভাবি ল’লা? কিয়নো বাপদাদাৰ ওচৰত অমৃতবেলা সকলোৰে বিভিন্ন সংকল্প আহি পায়। গতিকে পৰস্পৰ আলোচনা কৰিবা আৰু তাৰিখ পিতাক জনাবা। যেতিয়ালৈকে তাৰিখ নিৰ্ধাৰিত নহয় তেতিয়ালৈকে কোনো কাৰ্য নহয়। প্ৰথমে পৰস্পৰ মহাৰথীসকলে মিলি তাৰিখ নিৰ্ধাৰণ কৰা তেতিয়া সকলোৱে অনুসৰণ কৰিব। অনুসৰণ কৰোঁতাসকল সাজু আছে আৰু তোমালোকৰ সাহসৰ পৰা আৰু শক্তি পাই যাব। যেনেকৈ চোৱা এতিয়া উৎসাহ-উদ্দীপনা দিলা সেয়েহে সাজু হৈ গ’ল নহয়! এনেকৈ সম্পন্ন হোৱাৰ পৰিকল্পনা কৰা। নিষ্ঠাৰে যত্ন কৰা, কৰ্মাতীত হ’বই লাগিব। যিয়েই নহওঁক হ’বই লাগিব, কৰিবই লাগিব, হ’বই। বিজ্ঞানীসকলৰো আৱাজ, বিনাশ কৰোতাসকলৰো আৱাজ পিতাৰ কাণত পৰে, তেওঁলোকেও কয় কিয় বাধা দিয়া, কিয় বাধা দিয়া...। এডভান্স পাৰ্টীয়েও কয় তাৰিখ নিৰ্ধাৰণ কৰা, তাৰিখ নিৰ্ধাৰণ কৰা। পিতা ব্ৰহ্মায়ো কয় তাৰিখ নিৰ্ধাৰণ কৰা। গতিকে ইয়াৰ ওপৰত আলোচনা কৰা। বাপদাদাই এতিয়া ইমান দুখ চাব নোৱাৰে। প্ৰথমেতো তোমালোক শক্তিসকলৰ, দেৱতা ৰূপ পাণ্ডৱসকলৰ দয়া উপজিব লাগে। কিমান আহ্বান জনাই আছে। এতিয়া কাতৰ আৱাজ তোমালোকৰ কাণত গুঞ্জৰিত হ’ব লাগে। “সময়ৰ আহ্বান” শীৰ্ষক অনুষ্ঠান কৰা নহয়। এতিয়া ভক্তসকলৰো আহ্বানো শুনা, দুখীসকলৰ আহ্বানো শুনা। সেৱাত নম্বৰ ভাল, এয়াতো বাপদাদায়ো প্ৰমাণপত্ৰ দিয়ে, উৎসাহ-উদ্দীপনা ভাল, গুজৰাটে প্ৰথম নম্বৰ ল’লে, গতিকে এক নম্বৰৰ বাবে অভিনন্দন। এতিয়া অলপ-অচৰপ আহ্বান শুনাচোন, বেচেৰাহঁতে বহুত কাতৰে আহ্বান জনাই আছে, অন্তৰেৰে আহ্বান জনাই আছে, চিৎকাৰ কৰি আছে। বিজ্ঞানীসকলেও বহুত চিঞৰি আছে, কেতিয়া কৰোঁ, কেতিয়া কৰোঁ, কেতিয়া কৰোঁ, চিঞৰি আছে। আজি বাৰু কেক কাটি লোৱা, কিন্তু কাইলৈৰ পৰা আহ্বান শুনিবা। উদ্‌যাপন কৰাতো সংগমযুগৰ উৎসৱ। এফালে উদ্‌যাপন কৰা আনফালে আত্মাসকলক গঢ়ি তোলা। বাৰু। তেন্তে কি শুনিলা?

তোমালোকৰ গীত হৈছে - দুখীসকলৰ ওপৰত দয়া কৰা। তোমালোকৰ বাহিৰে কোনেও দয়া কৰিব নোৱাৰে সেয়েহে এতিয়া সময় অনুসৰি মাষ্টৰ সাগৰ হোৱা। নিজৰ ওপৰতো দয়া, অন্য আত্মাসকলৰ প্ৰতিও দয়া। এতিয়া নিজৰ এইটোৱে স্বৰূপ ‘লাইট-হাউচ’ হৈ ভিন্ন ভিন্ন লাইটৰ কিৰণ দিয়া। গোটেই বিশ্বৰ অপ্ৰাপ্ত আত্মাসকলক প্ৰাপ্তিৰ অঞ্জলিৰ কিৰণ দিয়া। বাৰু।

সকলো সাক্ষাৎ পিতাৰ মূৰ্ত শ্ৰেষ্ঠ আত্মাসকলক, সদায় উৎসাহ-উদ্দীপনাত থাকোঁতা পিতাৰ সমীপ আত্মাসকলক, সদায় সকলো খোজ পিতাৰ সমান কৰোঁতা সন্তানসকলক, চাৰিওফালৰ ব্ৰাহ্মণ জন্মৰ অভিনন্দনৰ পাত্ৰ আত্মাসকলক, সদায় একাগ্ৰতাৰ শক্তিসম্পন্ন আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু পদ্মাপমদমগুণ জন্মৰ অভিনন্দন, অভিনন্দন, অভিনন্দন আৰু নমস্কাৰ।

প্ৰিয় অব্যক্ত বাপদাদাই নিজ হাতেৰে শিৱ পতাকা উত্তোলন কৰিলে আৰু সকলোকে শুভেচ্ছা জনালে-

আজিৰ দিনটোত সকলোৱে নিজৰ জন্মদিনৰ অভিনন্দন জনালে আৰু ল’লে আৰু পতাকাও উত্তোলন কৰিলে। কিন্তু এতিয়া সেইটো দিন সোনকালে আনিব লাগে যাতে বিশ্বৰ গোলকৰ ওপৰৰ সকলো আত্মা থিয় হৈ তোমালোক সকলোৰে মুখমণ্ডলত পিতাৰ পতাকা দেখিবলৈ পায়। কাপোৰৰ পতাকাতো নিমিত্ত মাত্ৰ কিন্তু এটি এটি সন্তানৰ মুখমণ্ডলে পিতাৰ চিত্ৰ প্ৰত্যক্ষ কৰায়। এনেকৈ পতাকা উত্তোলন কৰিব লাগে। সেই দিটিও অতি সোনকালে আনিব লাগে, আহিব লাগে, আহিব লাগে। ওঁম্‌ শান্তি।

বৰদান:
সীমিত মাৰ্জিত ইচ্ছাৰ পৰা মুক্ত হৈ সেৱা কৰোঁতা নিঃস্বাৰ্থ সেৱাধাৰী হোৱা

যেনেকৈ পিতা ব্ৰহ্মাই কৰ্মৰ বন্ধনৰ পৰা মুক্ত, উপৰাম হোৱাৰ প্ৰমাণ দিলে, সেৱাৰ বাহিৰে স্নেহৰ আন কোনো বন্ধন নাই। সেৱাত সীমিত যি ইচ্ছা থাকে সেয়ায়ো হিচাপ-নিকাচৰ বন্ধনত বান্ধে, সঁচা সেৱাধাৰীয়ে এই হিচাপ-নিকাচৰ বন্ধনৰ পৰাও মুক্ত হৈ থাকে। যেনেকৈ দেহৰ বন্ধন, দেহৰ সম্বন্ধৰ বন্ধন থাকে, তেনেকৈ সেৱাত স্বাৰ্থ - এয়াও বন্ধন। এই বন্ধনৰ পৰা বা মাৰ্জিত হিচাপ-নিকাচৰ পৰাও মুক্ত নিঃস্বাৰ্থ সেৱাধাৰী হোৱা।

স্লোগান:
প্ৰতিজ্ঞাক ‘ফাইল’ত নাৰাখিবা, ‘ফাইনেল’ কৰি দেখুওৱা।

সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সংগমযুগৰ বিশেষত্ব হৈছে সন্তুষ্টতা, এয়াই ব্ৰাহ্মণ জীৱনৰ বিশেষ প্ৰাপ্তি। যদি সন্তুষ্টতা আৰু প্ৰসন্নতা নাই তেন্তে ব্ৰাহ্মণ হোৱাৰ পৰা লাভ নাই সেয়েহে সন্তুষ্ট হৈ থাকা আৰু সকলোকে সন্তুষ্ট কৰা, ইয়াতে সঁচা সুখ আছে, এয়াই সঁচা সেৱা।

সূচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিবস, সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈকে বিশেষ মূললোকৰ গভীৰ শান্তিৰ অনুভৱ কৰক। মন-বু্দ্ধি একাগ্ৰ কৰি জ্বালা স্বৰূপত স্থিত হৈ, সম্পন্নতা আৰু সম্পূৰ্ণতাৰ অনুভৱ কৰক।