15.12.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “তোমালোকে এতিয়া আত্মিক পিতাৰ দ্বাৰা আত্মিক কচৰৎ শিকি আছা, এই কচৰতৰ দ্বাৰাই তোমালোক মুক্তিধাম, শান্তিধামলৈ গুচি যাবা ”

প্ৰশ্ন:
পিতাই সন্তানসকলক পুৰুষাৰ্থ কৰাই থাকে কিন্তু সন্তানসকল কোনটো কথাত বহুত অনুশাষনত চলিব লাগে?

উত্তৰ:
পুৰণি সৃষ্টিত জুই লগাৰ আগতেই সাজু হৈ, নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত থাকি পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ লোৱাৰ ক্ষেত্ৰত বহুত অনুশাষনত চলিব লাগে। অনুত্তীৰ্ণ হ'ব নালাগে, যেনেকৈ সেই বিদ্যাৰ্থীসকল অনুত্তীৰ্ণ হ’লে তেতিয়া অনুতাপ কৰে, ভাবে যে আমাৰ বছৰতো অবাবতে নষ্ট হ'ল। কোনোৱেতো কয়, নপঢ়িলোঁ তাতে কি হ'ল! কিন্তু তোমালোক বহুত অনুশাষনত চলিব লাগে। শিক্ষকে যাতে এনেকৈ নকয় যে বহুত পলম হ'ল।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক আত্মিক পাঠশালাত নিৰ্দেশনা দিয়ে অথবা এনেকৈ কোৱা যে সন্তানসকলক কচৰৎ শিকায়। যেনেকৈ শিক্ষকে নিৰ্দেশনা দিয়ে বা কচৰৎ শিকায় নহয়। এই আত্মিক পিতায়ো সন্তানসকলক প্ৰত্যক্ষভাৱে কয়। কি কয়? ‘মনমনাভৱ’। যেনেকৈ তেওঁলোকে কয় – অনুগ্ৰহ কৰি মনোযোগ দিয়া। পিতাই কয় – ‘মনমনাভৱ’। এয়া যেন প্ৰত্যেকেই নিজৰ ওপৰত দয়া কৰে। পিতাই কয় - সন্তানসকল মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা, অশৰীৰী হৈ যোৱা। এই আত্মিক কচৰৎ আত্মাসকলক আত্মিক পিতাইহে শিকায়। তেওঁ হৈছে সৰ্বোচ্চ শিক্ষক। তোমালোক হৈছা সহায়ক শিক্ষক। তোমালোকেও সকলোকে কোৱা নিজক আত্মা বুলি বুজক, পিতাক স্মৰণ কৰক, দেহী-অভিমানী হওক। মনমনাভৱৰ অৰ্থও এইটো। সন্তানসকলৰ কল্যাণৰ কাৰণে নিৰ্দেশনা দিয়ে। নিজে কাৰো পৰা শিকা নাই। অন্য সকলো শিক্ষকেতো নিজে শিকি পুনৰ শিকায়। এওঁতো কোনো স্কুল আদিত পঢ়ি শিকা নাই। এওঁ কেৱল শিকায়হে। কয় - মই তোমালোক আত্মাসকলক আত্মিক কচৰৎ শিকাওঁ। তেওঁলোক সকলোৱে শাৰীৰিক সন্তানসকলক শাৰীৰিক কচৰৎ শিকায়। তেওঁলোকৰ কচৰৎ আদিও শৰীৰৰ দ্বাৰাহে কৰিবলগীয়া হয়। ইয়াততো শৰীৰৰ কোনো কথাই নাই। পিতাই কয় - মোৰ কোনো শৰীৰ নাই। মইতো কচৰৎ শিকাওঁ, নিৰ্দেশনা দিওঁ। তাত কচৰৎ শিকোৱাতো ড্ৰামাৰ পৰিকল্পনা অনুসৰি ভূমিকা নিহিত হৈ আছে। সেৱা নিহিত হৈ আছে। আহেই কচৰৎ শিকাবলৈ। তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। এয়াতো বহুত সহজ। ছিৰি বুদ্ধিত আছে। কেনেকৈ 84ৰ চক্ৰ পৰিক্ৰমা লগাই অৱনমিত হ’লোঁ। এতিয়া পিতাই কয় - তোমালোক উভতি যাব লাগে। এনেকৈ অন্য কোনেও নিজৰ অনুগামীসকলক বা বিদ্যাৰ্থীসকলক নক’ব যে হে আত্মিক সন্তানসকল, এতিয়া উভতি যাব লাগে। আত্মিক পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে। সন্তানসকলে বুজি পায় এতিয়া আমি উভতি যাব লাগে। এই সৃষ্টিখনেই এতিয়া তমোপ্ৰধান। আমি সতোপ্ৰধান সৃষ্টিৰ মালিক আছিলোঁ পুনৰ 84ৰ চক্ৰ পৰিক্ৰমা লগাই তমোপ্ৰধান সৃষ্টিৰ মালিক হৈছোঁ। ইয়াত দুখেই দুখ। পিতাক দুখ হৰ্তা, সুখ কৰ্তা বুলি কোৱা হয় অৰ্থাৎ তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলোঁতা এজনেই পিতা। তোমালোক সন্তানসকলে বুজি পোৱা আমি বহুত সুখ দেখিছোঁ। কেনেকৈ ৰাজত্ব কৰিলোঁ, সেয়া স্মৃতিত নাই কিন্তু লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। সেইখন হয়েই ফুলৰ বাগিচা। এতিয়া আমি কাঁইটৰ পৰা ফুল হৈ আছোঁ।

তোমালোকে এনেকৈ নোকোৱা যে কেনেকৈ নিশ্চয় কৰোঁ। যদি সংশয় আছে তেন্তে বিনাশ। স্কুলৰ পৰা যদি ভৰি উঠালা তেন্তে পঢ়া বন্ধ হৈ যাব। পদো বিনাশ হৈ যাব। বহুত লোকচান হৈ যায়। প্ৰজাৰ মাজতো কম পদ হৈ যাব। মূল কথাই হৈছে সতোপ্ৰধান পূজ্য দেৱী-দেৱতা হোৱাতো। এতিয়াতো দেৱতা নোহোৱা নহয়। তোমালোক ব্ৰাহ্মণসকলে বোধশক্তি পাইছা। ব্ৰাহ্মণসকলহে আহি পিতাৰ পৰা এই কচৰৎ শিকে। অন্তৰ আনন্দিতও হয়। এই পঢ়া ভাল লাগে নহয়। ভগৱানুবাচ হয়, যদিওবা তেওঁলোকে শ্ৰীকৃষ্ণৰ নাম লিখি দিলে কিন্তু তোমালোকে বুজি পোৱা শ্ৰীকৃষ্ণই এই কচৰৎ শিকোৱা নাই, এয়াতো পিতাই শিকায়। শ্ৰীকৃষ্ণৰ আত্মা যিয়ে ভিন্ন নাম-ৰূপ ধাৰণ কৰি তমোপ্ৰধান হৈছে, তেওঁকো শিকায়। নিজে নিশিকে, অন্য সকলোৱে কোনোবা নহয় কোনোবাৰ পৰা নিশ্চয় শিকে। এওঁ হৈছেই শিকাওঁতা আত্মিক পিতা। তোমালোকক শিকায়, তোমালোকে আকৌ অন্যক শিকোৱা। তোমালোকে 84 জন্ম লৈ পতিত হৈছা, এতিয়া আকৌ পাৱন হ'ব লাগে। তাৰ বাবে আত্মিক পিতাক স্মৰণ কৰা। ভক্তিমাৰ্গত তোমালোকে গায়ন কৰি আহিছা হে পতিত-পাৱন - এতিয়াও তোমালোকে য'তে-ত’তে গৈ চোৱা। তোমালোক ৰাজঋষি হোৱা নহয়। য'তে-ত'তে ঘূৰা-ফূৰা কৰিব পাৰা। তোমালোকৰ কোনো বন্ধন নাই। তোমালোক সন্তানসকলৰ এইটো নিশ্চয়তা আছে - বেহদৰ পিতা সেৱাৰ বাবে আহিছে। পিতাই সন্তানসকলৰ পৰা পঢ়োৱাৰ মাচুল কেনেকৈ ল'ব। শিক্ষকৰে যদি সন্তান হয় তেন্তে বিনামূলীয়াকৈ পঢ়াব নহয়। এৱোঁ বিনামূলীয়াকৈ পঢ়ায়। এনেকৈ নাভাবিবা যে আমি কিবা দিওঁ। এয়া মাচুল নহয়। তোমালোকে একোৱেই নিদিয়া, এয়াতো প্ৰতিদানত বহুত লোৱা। মনুষ্যই দান-পুণ্য কৰে, ভাবে যে প্ৰতিদানত আমি পৰৱৰ্তী জন্মত পাম। সেয়া অল্পকালৰ ক্ষণভংগুৰ সুখ প্ৰাপ্ত হয়। যদিওবা পৰৱৰ্তী জন্মত পায় কিন্তু সেয়া অৱনমিত হোৱা জন্মত পায়। ছিৰি নামিয়েই আহা নহয়। এতিয়া তোমালোকে যি কৰা সেয়া হৈছে আৰোহণ কলাত যোৱাৰ কাৰণে। কৰ্মৰ ফল বুলি কয় নহয়। আত্মাই কৰ্মৰ ফল প্ৰাপ্ত কৰে। এওঁলোক লক্ষ্মী-নাৰায়ণেও কৰ্মৰে ফল প্ৰাপ্ত কৰিছে নহয়। বেহদৰ পিতাৰ পৰা বেহদৰ ফল প্ৰাপ্ত হয়। সেয়া আওপকীয়াকৈ পোৱা যায়। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এয়াও ৰচি থোৱা ড্ৰামা। তোমালোকে জানা আমি কল্পৰ পাছত আহি পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ল'ম। পিতাই আমাৰ বাবে বহি বিদ্যালয় স্থাপনা কৰে। সেই চৰকাৰৰ হৈছে শাৰীৰিক বিদ্যালয়। যিটো ভিন্ন ভিন্ন প্ৰকাৰে আধাকল্প পঢ়ি আহিছা। এতিয়া পিতাই 21 জন্মৰ কাৰণে সকলো দুখ দূৰ কৰিবৰ কাৰণে পঢ়ায়। তাততো হৈছে ৰাজত্ব। তাত ক্ৰমানুসৰিতো আহেই। যেনেকৈ ইয়াতো ৰজা-ৰাণী, মন্ত্ৰী, প্ৰজা আদি সকলো ক্ৰমানুসৰি আছে। এয়া হৈছে পুৰণি সৃষ্টিত, নতুন সৃষ্টিততো বহুত কম হ'ব। তাত সুখ বহুত হ'ব, তোমালোক বিশ্বৰ মালিক হোৱা। ৰজা-মহাৰজাসকল হৈ গৈছে। তেওঁলোকে কিমান আনন্দোৎসৱ কৰে। কিন্তু পিতাই কয় - তেওঁলোকতো পুনৰ অৱনমিত হ'বই লাগিব। অৱনমিততো সকলোৱে হয় নহয়। দেৱতাসকলৰো লাহে লাহে কলা কমি যায়। কিন্তু তাত ৰাৱণৰাজ্যই নাই সেয়েহে সুখেই সুখ। ইয়াত হৈছে ৰাৱণৰাজ্য। তোমালোকে যেনেকৈ আৰোহণ কৰা তেনেকৈ অৱৰোহনো কৰা। আত্মাসকলেও নাম-ৰূপ ধাৰণ কৰি কৰি তললৈ নামি আহিছে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি কল্প পূৰ্বৰ দৰে অৱনমিত হৈ তমোপ্ৰধান হৈ গ’ল। কাম চিতাত উঠাৰ কাৰণেই দুখ আৰম্ভ হয়। এতিয়া হৈছে অতি দুখ। তাত পুনৰ অতি সুখ হ'ব। তোমালোক হৈছা ৰাজঋষি। তেওঁলোকৰ হৈছেই হঠযোগ। তোমালোকে যাকেই নহওক সুধিব পাৰা ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানেনে? তেতিয়া নাজানো বুলি কৈ দিব। তেওঁলোকেহে সুধিব যিসকলে জানে। নিজে যদি নাজানে তেন্তে সুধিব কেনেকৈ পাৰিব। তোমালোকে জানা ঋষি-মুনি আদি কোনো ত্ৰিকালদৰ্শী নাছিল। পিতাই আমাক ত্ৰিকালদৰ্শী কৰি আছে। এই বাবা যি বিশ্বৰ মালিক আছিল, এওঁৰ জ্ঞান নাছিল। এই জন্মতো 60 বছৰলৈকে জ্ঞান নাছিল। যেতিয়া পিতা আহে তেতিয়াহে লাহে লাহে এই সকলোবোৰ শুনাই গৈ থাকে। যদিওবা নিশ্চয় বুদ্ধিৰ হৈ যায় তথাপিও মায়াই বহুতকে বগৰাই থাকে। নাম শুনাব নোৱাৰি, নহ'লে নিৰাশ হৈ যাব। খবৰতো আহে নহয়। বেয়া সংগ পালে, নতুন বিবাহিতসকলৰ সংগ পালে, চঞ্চল হৈ গ'ল। কয় - মই বিবাহ পাশত আৱদ্ধ নোহোৱাকৈ থাকিব নোৱাৰো। ভাল মহাৰথী নিতৌ আহোঁতা, ইয়ালৈও বহুবাৰ আহি গৈছে, তেওঁলোকক মায়া ৰূপী ঘঁৰিয়ালে আহি ধৰিলে। এনেকুৱা বহুত ঘটনা হৈ থাকে। এতিয়া বিবাহ হোৱা নাই। মায়াই মুখত লৈ গিলি আছে। স্ত্ৰী ৰূপী মায়াই আকৰ্ষণ কৰি থাকে। ঘঁৰিয়ালৰ মুখত আহি গৈছে, পুনৰ লাহে লাহে গিলি পেলাব। কিবা গাফিলতি কৰে বা দেখিলেই চঞ্চল হয়। বুজি পায় যে মই ওপৰৰ পৰা একবাৰে তলত খাৱৈত বাগৰি পৰিম। ক'ব সন্তানটি বহুত ভাল আছিল। এতিয়া বেচেৰাটো গ'ল। বাগদান হ'ল আৰু তেওঁ মৰিল। পিতাইতো সন্তানসকললৈ সদায় লিখে জীয়াই থাকা। ক'ৰবাত মায়াৰ প্ৰহাৰ জোৰেৰে যেন নালাগে। শাস্ত্ৰসমূহতো এইবোৰ কথা কিছু আছে নহয়। এতিয়াৰ এই কথাবোৰ পাছত গায়ন কৰা হ’ব। গতিকে তোমালোকে পুৰুষাৰ্থ কৰোৱা। এনেকুৱা যাতে নহয় যে মায়া ৰূপী ঘঁৰিয়ালে গিলি পেলায়। ভিন্ন ভিন্ন প্ৰকাৰে মায়াই ধৰে। মূল হৈছে কাম মহাশত্ৰু, ইয়াৰ পৰা বহুত সাৱধান হ’ব লাগে। পতিত সৃষ্টিয়েই পাৱন সৃষ্টি কেনেকৈ হৈ আছে, তোমালোকে দেখি আছা। বিবুদ্ধিত পৰাৰ কথাই নাই। কেৱল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে সকলো দুখ দূৰ হৈ যায়। পিতাহে পতিত-পাৱন হয়। এয়া হৈছে যোগবল। ভাৰতৰ প্ৰাচীন ৰাজযোগ অতি প্ৰসিদ্ধ‌। ভাবে যে যীশুখ্ৰীষ্টৰ 3 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল। তেন্তে নিশ্চয় অন্য কোনো ধৰ্ম নাথাকিব। কিমান সহজ কথা। কিন্তু বুজি নাপায়। এতিয়া তোমালোকে বুজি পোৱা সেই ৰাজ্য পুনৰায় স্থাপনা কৰিবলৈ পিতা আহিছে। 5 হাজাৰ বছৰ পূৰ্বেও শিৱবাবা আহিছিল। নিশ্চয় এয়াই জ্ঞান দিছিল, যেনেকৈ এতিয়া দি আছে। পিতাই নিজে কয় - মই কল্পই কল্পই সংগমত সাধাৰণ শৰীৰত আহি ৰাজযোগ শিকাওঁ। তোমালোক ৰাজঋষি হোৱা। আগতে নাছিলা। বাবা আহিছে, তেতিয়াৰ পৰাই বাবাৰ ওচৰত আছা। পঢ়াও, সেৱাও কৰা - স্থূল সেৱা আৰু সূক্ষ্ম সেৱা। ভক্তিমাৰ্গতো সেৱা কৰে আকৌ ঘৰ-সংসাৰৰো তত্ত্বাৱধান লয়। পিতাই কয় - এতিয়া ভক্তি পূৰা হ'ল, জ্ঞান আৰম্ভ হয়। মই আহোঁ, জ্ঞানেৰে সৎগতি দিবলৈ। তোমালোকৰ বুদ্ধিত আছে আমাক বাবাই পাৱন কৰি আছে। পিতাই কয় - ড্ৰামা অনুসৰি তোমালোকক ৰাস্তা দেখুৱাবলৈ আহিছোঁ। শিক্ষকে পঢ়ায়, লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। এয়া হৈছে উচ্চতকৈও উচ্চ পঢ়া। যেনেকৈ কল্প পূৰ্বেও বুজাইছিল, সেয়াই বুজাই থাকে। ড্ৰামাৰ টিক টিক চলি থাকে। চেকেণ্ডৰ পাছত চেকেণ্ড যি পাৰ হ'ল সেয়া পুনৰ 5 হাজাৰ বছৰৰ পাছত পুনৰাবৃত্তি হ'ব। দিন বাগৰি গৈ থাকে। এইটো খেয়াল অন্য কাৰো বুদ্ধিত নাই। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ পাৰ হৈ গ'ল সেয়া পুনৰাবৃত্তি হ'ব। পাৰো হৈছে সেয়া যি কল্প পূৰ্বে অতিবাহিত হৈছিল। বাকী অলপ দিন আছে। তেওঁলোকে লাখ লাখ বছৰ বুলি কৈ দিয়ে, তাৰ হিচাপত তোমালোকে ক’বা বাকী কেইটামান ঘণ্টা আছে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যেতিয়া জুই লাগি যাব তেতিয়া সাৰ পাব। তেতিয়াতো বহুত পলম হৈ যায়। গতিকে পিতাই পুৰুষাৰ্থ কৰাই থাকে। সাজুহৈ বহা। শিক্ষকে যাতে এনেকৈ ক'বলগীয়া নহয় যে বহুত পলম কৰিলা, অনুত্তীৰ্ণ হোৱাসকলে বহুত অনুতাপ কৰে। ভাবে আমাৰ বছৰতো অবাবতে নষ্ট হ’ল। কোনোৱেতো কয় - নপঢ়িলোঁ তাতে কি হ'ল! তোমালোক সন্তানসকল বহুত অনুশাষনত চলিব লাগে। আমিতো পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল'ম, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। ইয়াত কিবা অসূবিধা হ’লে তেন্তে পিতাক সুধিব পাৰা। এইটোৱেই মুখ্য কথা। পিতাই আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বেও কৈছিল – মামেকম্‌ স্মৰণ কৰা। পতিত-পাৱন মই হওঁ, সকলোৰে পিতা মই হওঁ। শ্ৰীকৃষ্ণতো সকলোৰে পিতা নহয়। তোমালোকে শিৱৰ, শ্ৰীকৃষ্ণৰ পূজাৰীসকলক এই জ্ঞান শুনাব পাৰা। আত্মা যদি পূজ্য হোৱা নাই তেন্তে তোমালোকে যিমানেই মগজ নখটুওৱা কিয়, নুবুজিব। এতিয়া নাস্তিক। সম্ভৱতঃ আগলৈ গৈ আস্তিক হৈ যাব। ধৰি লোৱা বিবাহ পাশত আৱদ্ধ হৈ অৱনমিত হৈ যায় পুনৰ আহি জ্ঞান ল’ব। কিন্তু উত্তৰাধিকাৰ বহুত কম হৈ যাব কিয়নো বুদ্ধিত অন্যৰ স্মৃতি আহি বহিল। সেয়া আঁতৰাবলৈ বহুত কঠিন। প্ৰথমে স্ত্ৰীৰ স্মৃতি তাৰ পাছত সন্তানৰ স্মৃতি আহিব। সন্তানতকৈও স্ত্ৰীয়ে বেছিকৈ আকৰ্ষণ কৰিব কিয়নো বহুত সময়ৰ পৰা স্মৃতি আছে নহয়। সন্তানতো পাছত হয় পুনৰ মিত্ৰ-সম্বন্ধীয় শহুৰৰ ঘৰৰ স্মৃতি আহে। প্ৰথমে স্ত্রী যিয়ে বহুত সময় সংগ দিছে, এয়াও এনেকুৱাই। তোমালোকে ক'বা আমি দেৱতাসকলৰ লগত বহুত সময় আছিলোঁ। এনেকৈতো ক'বাই শিৱবাবাৰ সৈতে বহুত সময়ৰ পৰা প্ৰেম আছে। যিয়ে 5 হাজাৰ বছৰ পূৰ্বেও আমাক পাৱন কৰিছিল। কল্পই কল্পই আহি আমাক ৰক্ষা কৰে সেইবাবেতো তেওঁক দুখ হৰ্তা, সুখ কৰ্তা বুলি কয়। তোমালোকৰ বুদ্ধিৰ যোগসূত্ৰ বহুত স্বচ্ছ হ'ব লাগে। পিতাই কয় - এই দুচকুৰে তোমালোকে যি দেখিবলৈ পোৱা সেয়াতো সমাধিস্থ হৈ যাব। এতিয়া তোমালোক আছা সংগমত। অমৰলোক অহাৰ পথত। এতিয়া আমি পুৰুষোত্তম হ'বৰ কাৰণে পুৰুষাৰ্থ কৰি আছোঁ। এয়া হৈছে কল্যাণকাৰী পুৰুষোত্তম সংগমযুগ। জগতত চাই থাকা, কি কি হৈ আছে। এতিয়া পিতা আহিছে, গতিকে পুৰণি সৃষ্টিও নাশ হ'বৰ হৈছে। আগলৈ গৈ বহুতৰে খেয়ালত আহিব। নিশ্চয় কোনোবা আহিছে যিয়ে সৃষ্টি পৰিৱৰ্তন কৰি আছে। এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। তোমালোকো কিমান বুদ্ধিমান হৈ গৈছা। এয়া বহুত মন্থন কৰিবলগীয়া কথা। নিজৰ শ্বাস ব্যৰ্থত নষ্ট কৰিব নালাগে। তোমালোকে জানা যে শ্বাস সফল হয় জ্ঞানেৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ পৰা হাত সাৰিবলৈ সংগদোষৰ পৰা নিজক বহুত সাৱধানে ৰাখিব লাগে। নিজৰ বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ কৰি ৰাখিব লাগে। শ্বাস ব্যৰ্থত নষ্ট কৰিব নালাগে। জ্ঞানেৰে সফল কৰিব লাগে।

(2) যিমান সময় পোৱা - যোগবল জমা কৰিবৰ কাৰণে আত্মিক কচৰতৰ অভ্যাস কৰিব লাগে। এতিয়া কোনো নতুন বন্ধন গঢ়িব নালাগে।

বৰদান:
পিতাৰ ছত্ৰছায়াৰ অনুভৱেৰে বিঘ্ন-বিনাশকৰ ডিগ্ৰী লওঁতা অনুভৱী মূৰ্ত হোৱা

য’ত পিতা লগত আছে ত’ত কোনেও একো কৰিব নোৱাৰে। এই সংগৰ অনুভৱেই ছত্ৰছায়া হৈ যায়। বাপদাদাই সন্তানসকলক সদায় ৰক্ষা কৰেই। কাকত (পৰিস্থিতি) তোমালোকক অনুভৱী কৰি তুলিবলৈ আহে সেই কাৰণে সদায় বুজিব লাগে যে এই কাকত ওপৰৰ শ্ৰেণীলৈ উত্তৰণৰ বাবে আহি আছে। ইয়াৰ দ্বাৰাই সদাকালৰ বাবে বিঘ্ন-বিনাশকৰ ডিগ্ৰী আৰু অনুভৱীমূৰ্ত হোৱাৰ বৰদান প্ৰাপ্ত হৈ যাব। যদি এতিয়া কোনোবাই অলপ হুলস্থুল কৰে বা বিঘিনি আনেও সেয়া লাহে লাগে ঠাণ্ডা হৈ যাব।

স্লোগান:
যিসকল সময়ত সহযোগী হয় তেওঁলোকৰ একৰ বিপৰীতে পদমগুণ ফল প্ৰাপ্ত হৈ যায়।


অব্যক্ত সংকেত: এতিয়া সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা

যেনেকৈ দেখা, শুনা আৰু শুনোৱা- এই বিশেষ কৰ্মবিলাক সহজ অভ্যাসত পৰিণত হৈ গৈছে, তেনেকৈ কৰ্মাতীত হোৱাৰ স্থিতি অৰ্থাৎ কৰ্মক সামৰি লোৱাৰ শক্তিৰে অকৰ্মী অৰ্থাৎ কৰ্মাতীত হৈ যোৱা। এটা হৈছে কৰ্ম-অধীন স্থিতি, আনটো হৈছে কৰ্মাতীত অৰ্থাৎ কৰ্ম-অধিকাৰী স্থিতি। গতিকে পৰীক্ষা কৰা মোৰ অৰ্থাৎ কৰ্মেন্দ্ৰিয়-জিৎ, স্ব-ৰাজ্যধাৰী ৰজাৰ ৰাজ্য কাৰবাৰ ঠিকে চলি আছেনে?