16.01.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
স্মৃতিত থকাৰ খতিয়ানৰ তালিকা ৰাখা, যিমানে স্মৃতিত থকাৰ অভ্যাস হৈ যাব সিমানে পাপ
খণ্ডন হৈ গৈ থাকিব, কৰ্মাতীত অৱস্থা সমীপত আহি থাকিব”
প্ৰশ্ন:
স্মৃতিৰ
খতিয়ান ঠিকে আছে নে নাই, সেয়া কোন 4টা কথাৰ দ্বাৰা জানিব পাৰি?
উত্তৰ:
1) ব্যক্তিত্ব, 2) চলন, 3) সেৱা আৰু 4) আনন্দ। বাপদাদাই এই চাৰিটা কথা লক্ষ্য কৰি
কয় যে এওঁৰ স্মৃতিৰ খতিয়ান ঠিকে আছে নে নাই? যিসকল সন্তান সংগ্ৰাহালয় বা প্ৰদৰ্শনীৰ
সেৱাত থাকে, যাৰ চলন মাৰ্জিত, অপাৰ আনন্দত থাকে, তেন্তে নিশ্চয় তেওঁলোকৰ খতিয়ান ঠিক
হ’ব।
গীত:
মুখড়া দেখ লে
প্ৰাণী অপনি দিল দৰ্পণ মে… (হে মানৱ অন্তৰ দৰ্পণত নিজৰ চেহেৰা চাই লোৱা….)
ওঁম্শান্তি।
সন্তানসকলে
গীতটি শুনিলে, ইয়াৰ অৰ্থও জনা উচিত যে কিমান পাপ বাকী আছে, কিমান পুণ্য জমা আছে
অৰ্থাৎ আত্মা সতোপ্ৰধান হ’বলৈ কিমান সময় আছে? এতিয়া কিমানলৈকে পৱিত্ৰ হৈছা - এইটো
বুজিব পাৰা নহয়? খতিয়ানৰ তালিকাত কোনোবাই লিখে - মই দুই-তিনি ঘণ্টা স্মৃতিত থাকিলোঁ,
কোনোবাই লিখে এক ঘণ্টা। এয়াতো বহুত কম হ’ল। কমকৈ স্মৰণ কৰিলে তেতিয়া কমকৈ পাপ খণ্ডন
হ’ব। এতিয়াতো পাপ বহুত আছে নহয়, যি খণ্ডিত হোৱা নাই। আত্মাকেই প্ৰাণী বুলি কোৱা হয়।
গতিকে পিতাই কয় - হে আত্মা, নিজকে সোধা এইটো হিচাপত কিমান পাপ খণ্ডন হ’ব? খতিয়ানৰ
তালিকাৰ পৰা গম পোৱা যায় - মই কিমান পুণ্য আত্মা হৈছোঁ? এয়াতো পিতাই বুজাইছে,
কৰ্মাতীত অৱস্থা অন্তত হ’ব। স্মৰণ কৰোঁতে কৰোঁতে অভ্যাস হৈ যাব তেতিয়া বেছিকৈ পাপ
খণ্ডন হ’বলৈ ধৰিব। নিজকে পৰীক্ষা কৰিব লাগে যে মই কিমান পিতাৰ স্মৃতিত থাকোঁ? ইয়াত
মিছা কথা কোৱাৰ প্ৰয়োজন নাই। এয়াতো নিজকে পৰীক্ষা কৰিব লাগে। বাবাক নিজৰ খতিয়ানৰ
তালিকা লিখি দিলে বাবাই তৎক্ষণাৎ ক’ব যে এই খতিয়ানৰ তালিকা ঠিক হয় নে নহয়?
ব্যক্তিত্ব, চলন, সেৱা আৰু আনন্দক দেখি বাবাই তৎক্ষণাৎ বুজি পায় যে এওঁৰ খতিয়ানৰ
তালিকা কেনেকুৱা! কাৰ প্ৰতি মুহূৰ্ততে পিতাৰ স্মৃতি থাকে? যিসকল সংগ্ৰাহালয় অথবা
প্ৰদৰ্শনীৰ সেৱাত থাকে। সংগ্ৰাহালয়ত গোটেই দিন অহা-যোৱা হৈ থাকে। দিল্লীততো বহুত আহি
থাকিব। প্ৰতি মুহূৰ্ততে পিতাৰ পৰিচয় দিবলগীয়া হয়। ধৰি লোৱা কাৰোবাক তোমালোকে কোৱা
যে বিনাশ হ’বলৈ অলপ সময় বাকী আছে। তেতিয়া কয় এয়া কেনেকৈ হ’ব পাৰে? তৎক্ষণাৎ কোৱা
উচিত, এয়া জানো আমি কৈছোঁ। ভগৱানুবাচ (ভগৱানৰ বাণী) নহয় জানো। ভগৱানুবাচতো নিশ্চয়
সত্যই হ’ব সেই কাৰণে পিতাই বুজায় – বাৰে বাৰে কৈ থাকা এয়া হৈছে শিৱবাবাৰ শ্ৰীমত। আমি
কোৱা নাই… এয়া তেওঁৰ শ্ৰীমত। তেৱেঁই সত্য। প্ৰথমতেতো পিতাৰ পৰিচয় নিশ্চয় দিব লাগে
সেই কাৰণে বাবাই কৈছে - প্ৰতিখন চিত্ৰত লিখি দিয়া - শিৱ ভগৱানুবাচ। তেওঁতো সঠিক
কথাই ক’ব, আমি জানো জানিছিলোঁ। পিতাই শুনাইছে সেইবাবেতো আমি কওঁ। কেতিয়াবা কেতিয়াবা
বাতৰিকাকততো প্ৰকাশ কৰে - অমুকে ভৱিষ্যত বাণী কৰিছে যে বিনাশ সোনকালে হ’ব।
এতিয়া তোমালোক হৈছা
বেহদৰ পিতাৰ সন্তান। প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী তেন্তে বেহদৰ নোহোৱা জানো।
তোমালোকে ক’বা আমি বেহদৰ পিতাৰ সন্তান। তেৱেঁই পতিত-পাৱন জ্ঞানৰ সাগৰ। প্ৰথমে এইটো
কথা বুজাই, দৃঢ় কৰি পুনৰ আগবাঢ়িব লাগে। শিৱবাবাই এনেকৈ কৈছে - যাদৱ, কৌৰৱ আদিৰ
বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। শিৱবাবাৰ নাম লৈ থাকিলেতো সন্তানসকলৰো কল্যাণ,
শিৱবাবাকে স্মৰণ কৰি থাকিব। পিতাই তোমালোকক যি বুজাইছে, সেয়া তোমালোকে আকৌ আনক
বুজাই থাকা। গতিকে সেৱা কৰাসকলৰ খতিয়ানৰ তালিকা ভাল হৈ থাকে। গোটেই দিন 8 (আঠ) ঘণ্টা
সেৱাত ব্যস্ত হৈ থাকে। খুব বেছি 1 ঘণ্টা আৰাম কৰে। তথাপিও 7 ঘণ্টাতো সেৱাত থাকে নহয়।
সেয়েহে বুজিব লাগে তেওঁলোকৰ বহুত বিকৰ্ম বিনাশ হয়। বহুতকে প্ৰতি মুহূৰ্ততে পিতাৰ
পৰিচয় দিয়ে সেয়েহে নিশ্চয় এনেকুৱা সেৱাধাৰী সন্তান পিতাৰো প্ৰিয় হ’ব। পিতাই লক্ষ্য
কৰে যে এওঁতো বহুতৰে কল্যাণ কৰে, ৰাতিয়ে-দিনে এইটোৱে চিন্তন চলে - মই বহুতৰে কল্যাণ
কৰিব লাগে। বহুতৰে কল্যাণ কৰা মানেই নিজৰ কৰা, বৃত্তিও তেওঁলোকেই পাব যিয়ে বহুতৰে
কল্যাণ কৰে। সন্তানসকলৰতো এইটোৱে কাম। শিক্ষক হৈ বহুতকে মাৰ্গ-দৰ্শন কৰাব লাগে।
প্ৰথমেতো এই জ্ঞান পূৰা ধাৰণ কৰিব লাগে। যদি কাৰো কল্যাণ নকৰে তেন্তে বুজি পোৱা যায়
যে এওঁৰ ভাগ্যত নাই। সন্তানে কয় বাবা – বাবা, মোক চাকৰিৰ পৰা মুক্ত কৰক, মই এই
সেৱাত লাগি যাওঁ। বাবায়ো চাব যথাৰ্থতে এওঁ সেৱাৰ যোগ্য হয়নে, বন্ধন মুক্তও হয়নে,
তেতিয়া ক’ব 500-1000 উপাৰ্জন কৰাতকৈতো এই সেৱাত লাগি বহুতৰে কল্যাণ কৰা যদিহে বন্ধন
মুক্ত হোৱা তেতিয়াহে। তথাপিও বাবাই সেৱাৰ যোগ্য যেন দেখিলে তেতিয়া ৰায় দিব। সেৱাধাৰী
সন্তানসকলকতো য’তে ত’তে নিমন্ত্ৰণ দি থাকে। স্কুলত বিদ্যাৰ্থীয়ে নপঢ়ে জানো, এয়াও
হৈছে পঢ়া। এয়া কোনো সাধাৰণ মত নহয়। সত্য মানেই সত্য কওঁতা। আমি শ্ৰীমত অনুসৰি
আপোনাক এয়া বুজাইছোঁ। ঈশ্বৰৰ মত এতিয়াহে তোমালোকে পোৱা।
পিতাই কয় - তোমালোক
উভতি যাব লাগে। এতিয়া বেহদৰ সুখৰ উত্তৰাধিকাৰ লোৱা। কল্পই কল্পই তোমালোকে
উত্তৰাধিকাৰ পাই আহিছা কিয়নো স্বৰ্গৰ স্থাপনাতো কল্পই কল্পই হয়। এইটো কোনেও গম
নাপায় যে এই সৃষ্টি চক্ৰ 5 হাজাৰ বছৰৰ। মনুষ্যতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। তোমালোক
অতি আলোকত আছা। স্বৰ্গৰ স্থাপনাতো পিতাইহে কৰিব। এনেকৈ গায়ন আছে যে খেৰৰ জুমুঠি
স্বৰূপ সৃষ্টিখনত জুই লাগি গ’লেও অজ্ঞান নিদ্ৰাত শুই থাকিব। তোমালোক সন্তানসকলে জানা
যে বেহদৰ পিতা জ্ঞানৰ সাগৰ হয়। উচ্চতকৈও উচ্চ পিতাৰ কৰ্তব্যও উচ্চ। এনেকুৱা নহয়,
ঈশ্বৰতো সমৰ্থ হয়, যি বিচাৰে তাকে কৰিব। নহয়, এই ড্ৰামাও অনাদি ৰচি থোৱা আছে। সকলো
ড্ৰামা অনুসৰিয়েই চলে। যুদ্ধ আদিত কিমান মৃত্যু হয়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
ইয়াত ভগৱানে কি কৰিব পাৰে। ভূমিকম্প আদি হয় তেতিয়া কিমান চিঞৰে - হে ভগৱান, কিন্তু
ভগৱানে কি কৰিব পাৰে। ভগৱানকতো তোমালোকে আহ্বান জনাইছা - আহি বিনাশ কৰক। পতিত
সৃষ্টিলৈ আহ্বান জনাইছা। স্থাপনা কৰি সকলোৰে বিনাশ কৰক। মই নকৰোঁ, এয়াতো ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। তেজৰ খেল হৈ যায়। এই ক্ষেত্ৰত ৰক্ষা কৰাৰতো কোনো কথা নাই।
তোমালোকে কৈছিলা - পাৱন সৃষ্টি গঢ়া তেন্তে নিশ্চয় পতিত আত্মাসকলেই যাব নহয়।
কোনোবাইতো একেবাৰে নুবুজে। শ্ৰীমতৰ অৰ্থও নুবুজে, ভগৱান কি হয়, একো নুবুজে। কোনোবা
সন্তানে ভালকৈ নপঢ়িলে তেতিয়া মা-পিতাই কয় তুমিতো পাথৰ বুদ্ধিৰ। সত্যযুগততো এনেকৈ
কোৱা নহয়। কলিযুগত হয়েই পাথৰ বুদ্ধিৰ। ইয়াত কোনো পাৰসবুদ্ধিৰ হ’ব নোৱাৰে। আজিকালিতো
চোৱা মনুষ্যই কি কি কৰি থাকে, এখন কলিজা উলিয়াই আন এখন লগাই দিয়ে। বাৰু, ইমান
পৰিশ্ৰম কৰি এয়া কৰিলা কিন্তু ইয়াৰ পৰা কি লাভ? খুব বেছি আৰু কেইদিনমান বেছিকৈ
জীয়াই থাকিব। বহুত তন্ত্ৰ-মন্ত্ৰ শিকি আহে, লাভতো একোৱেই নাই। ভগৱানক এই কাৰণেই
স্মৰণ কৰে যে আহি আমাক পাৱন সৃষ্টিৰ মালিক কৰি তোলক। আমি পতিত সৃষ্টিত থাকি বহুত
দুখী হ’লোঁ। সত্যযুগততো কোনো বেমাৰ আদি দুখৰ কথা নাই। এতিয়া পিতাৰ দ্বাৰা তোমালোকে
কিমান উচ্চ পদ পোৱা। ইয়াতো মনুষ্যই পঢ়াৰ দ্বাৰাই উচ্চ ডিগ্ৰী প্ৰাপ্ত কৰে। বহুত
আনন্দিত হৈ থাকে। তোমালোক সন্তানসকলে বুজি পোৱা এওঁতো বাকী কেইদিনমান জীয়াই থাকিব।
পাপৰ বোজাতো শিৰত বহুত আছে। বহুত শাস্তি খাব। নিজক পতিত বুলিতো কয় নহয়। বিকাৰত
যোৱাটোক পাপ বুলি নাভাবে। পাপ আত্মাতো হৈয়ে যায়। এনেকৈ কয় যে গৃহস্থ আশ্ৰমতো অনাদি
চলি থাকে। বুজোৱা হয় যে সত্যযুগ-ত্ৰেতাত পৱিত্ৰ গৃহস্থ আশ্ৰম আছিল। পাপ আত্মা নাছিল।
ইয়াত পাপ আত্মা আছে সেই কাৰণে দুখী হয়। ইয়াততো হৈছে অল্পকালৰ সুখ, বেমাৰ হ’ল আৰু
মৃত্যু হ’ল। মৃত্যুতো মুখ মেলি থিয় হৈ আছে। অকস্মাতে হাৰ্টফেল হৈ যায়। ইয়াত হয়েই
কাগ বিষ্ঠাৰ সমান সুখ। তাততো তোমালোকৰ অপাৰ সুখ থাকে। তোমালোক গোটেই বিশ্বৰ মালিক
হোৱাগৈ। কোনো প্ৰকাৰৰ দুখ নহ’ব। গৰমো নহয়, ঠাণ্ডাও নহয়, সদায় বসন্ত ঋতু। তত্বও আদেশ
অনুসৰি চলি থাকে। স্বৰ্গতো স্বৰ্গই হয়, ৰাতি-দিনৰ পাৰ্থক্য আছে। তোমালোকে স্বৰ্গ
স্থাপনা কৰিবলৈকে পিতাক আহ্বান জনোৱা যে আহি পাৱন সৃষ্টি স্থাপনা কৰক। আমাক পৱিত্ৰ
কৰি তোলক।
সেয়েহে প্ৰতিখন
চিত্ৰৰ ওপৰত “শিৱ ভগৱানুবাচ” বুলি লিখা থাকিব লাগে। ইয়াৰ দ্বাৰা প্ৰতি মুহূৰ্ততে
শিৱবাবা স্মৃতিলৈ আহিব। জ্ঞানো দি থাকিবা। সংগ্ৰাহালয় অথবা প্ৰদৰ্শনীৰ সেৱাত জ্ঞান
আৰু যোগ দুয়োটা একেলগে চলে। স্মৃতিত থাকিলে নিচা বাঢ়ি থাকিব। তোমালোক পৱিত্ৰ হৈ
গোটেই বিশ্বক পৱিত্ৰ কৰি তোলা। যিহেতু তোমালোক পৱিত্ৰ হৈ যোৱা তেন্তে নিশ্চয়
সৃষ্টিও পৱিত্ৰ লাগিব। অন্তিমত বিনাশৰ সময় হোৱা বাবে সকলোৰে হিচাপ-নিকাচ নিষ্পত্তি
হৈ যায়। তোমালোকৰ কাৰণে মই নতুন সৃষ্টিৰ উদ্ঘাটন কৰিবলগীয়া হয়। পুনৰ শাখা খুলি থাকে।
পৱিত্ৰ কৰি তুলিবলৈ নতুন সৃষ্টিৰ ভেটি পিতাৰ বাহিৰে কোনেও প্ৰতিষ্ঠা কৰিব নোৱাৰে।
সেয়েহে এনেকুৱা পিতাক স্মৰণো কৰিব লাগে। তোমালোকে সংগ্ৰাহালয় আদিৰ উদ্ঘাটন
সন্মানীয় ব্যক্তিৰ দ্বাৰা কৰোৱা তেতিয়া প্ৰচাৰ হ’ব। মনুষ্যই ভাবিব ইয়ালৈ এৱোঁ আহে।
কোনোবাই কয় তোমালোকে লিখি দিয়া, মই কম। সেয়াও ভুল হৈ গ’ল। ভালদৰে বুজি মুখেৰে কওঁক,
তেতিয়া বহুত ভাল। কোনোবাইতো লিখিনি পঢ়ি শুনায়, যাতে ভাষণ সঠিক হয়। তোমালোক
সন্তানসকলেতো মৌখিকভাৱে বুজাব লাগে। তোমালোক আত্মাত গোটেই জ্ঞান আছে নহয়। আকৌ
তোমালোকে আনক দিয়া। প্ৰজা বৃদ্ধি হৈ গৈ থাকে। জনসংখ্যাও বাঢ়ি গৈ থাকে। সকলো বস্তু
বাঢ়ি গৈ থাকে। গোটেই বৃক্ষজোপা একেবাৰে জৰাজীৰ্ণ হৈ গ’ল। যিসকল নিজৰ ধৰ্মৰ হ’ব
তেওঁলোক ওলাই আহিব। ক্ৰমানুসৰিতো হয়েই। সকলোৱে একে ধৰণেৰে পঢ়িব নোৱাৰে। কোনোবা 100
নম্বৰ লওঁতাও আছে, অলপো যদি শুনে, এক নম্বৰ পালেও স্বৰ্গত আহি যাব। এয়া হৈছে বেহদৰ
পঢ়া, যি বেহদৰ পিতাই পঢ়ায়। যিসকল এই ধৰ্মৰ হ’ব তেওঁলোক ওলাই আহিব। প্ৰথমেতো সকলোকে
মুক্তিধাম নিজৰ ঘৰলৈ যাব লাগে তাৰপাছত ক্ৰমানুসৰি আহি থাকিব। কিছুমানতো ত্ৰেতাৰ
অন্তলৈকে আহিব। যদিও ব্ৰাহ্মণ হৈছে কিন্তু সকলো ব্ৰাহ্মণ সত্যযুগত নাহে, ত্ৰেতাৰ
অন্তলৈকে আহি থাকিব। এয়া বুজিবলগীয়া কথা। বাবাই জানে ৰাজধানী স্থাপনা হৈ আছে, সকলোতো
একৰস হ’ব নোৱাৰে। ৰাজ্যত সকলো ধৰণৰে আৱশ্যক হয়। প্ৰজাক বাহিৰৰ বুলি কোৱা হয়। বাবাই
বুজাইছিল তাত মন্ত্ৰী (পৰামৰ্শদাতা) আদিৰ দৰকাৰ নাই। তেওঁলোকে (লক্ষ্মী-নাৰায়ণে)
শ্ৰীমত পালে, যাৰ দ্বাৰা এয়া হ’ল। তাৰপাছত জানো এওঁলোকে কাৰোবাৰ পৰা ৰায় ল’ব।
মন্ত্ৰী আদি একো নাথাকে। পুনৰ যেতিয়া পতিত হৈ যায় তেতিয়া এজন মন্ত্ৰী আৰু ৰজা-ৰাণী
থাকে। এতিয়াতো কিমান মন্ত্ৰী আছে। ইয়াততো পঞ্চায়তী ৰাজ্য আছে নহয়। এজনৰ মত আনজনৰ
লগত নিমিলে। এজনৰ লগত মিত্ৰতা ৰাখা, বুজোৱা, কাম কৰি দিব। অন্য কোনোবা আহিল, তেওঁ
যদি বুজি নাপায় তেতিয়া কাম আৰুহে বেয়া কৰি দিব। এজনৰ বুদ্ধি আনজনৰ লগত নিমিলে। তাততো
তোমালোকৰ সকলো কামনা পূৰা হৈ যায়। তোমালোকে কিমান দুখ সহ্য কৰিলা, ইয়াৰ নামেই হৈছে
দুখধাম। ভক্তিমাৰ্গত কিমান হাবাথুৰি খালা। এয়াও হৈছে ড্ৰামা। যেতিয়া দুখী হৈ যায়
তেতিয়া পিতা আহি সুখৰ উত্তৰাধিকাৰ দিয়ে। পিতাই তোমালোকৰ বুদ্ধি কিমান উদয় কৰি দিলে।
মনুষ্যইতো কৈ দিয়ে চহকীসকলৰ বাবে স্বৰ্গ আৰু গৰিবসকল নৰকত আছে। তোমালোকে যথাৰ্থ ভাৱে
জানা যে স্বৰ্গ কাক কোৱা হয়। সত্যযুগত জানো কোনোবাই দয়াময় বুলি আহ্বান জনাব। ইয়াত
আহ্বান জনায় - দয়া কৰক, মুক্তি দিয়ক। পিতাইহে সকলোকে শান্তিধাম, সুখধামলৈ লৈ যায়।
অজ্ঞান কালত তোমালোকেও একো জনা নাছিলা। যি এক নম্বৰৰ তমোপ্ৰধান, তেৱেঁই আকৌ এক
নম্বৰ সতোপ্ৰধান হয়। এওঁ নিজৰ প্ৰশংসা নকৰে। প্ৰশংসাতো এজনৰে কৰা হয়।
লক্ষ্মী-নাৰায়ণকো এনেকৈ গঢ়ি তোলোঁতাতো তেৱেঁই নহয় জানো। উচ্চতকৈও উচ্চ হৈছে ভগৱান।
তেওঁ উচ্চ কৰিয়ে তোলে। বাবাই জানে, সকলোতো উচ্চ হ’ব নোৱাৰে। তথাপিও পুৰুষাৰ্থ কৰিব
লাগে। ইয়ালৈ তোমালোক নৰৰ পৰা নাৰায়ণ হ’বলৈকে আহা। এনেকৈ কয় - বাবা, মইতো স্বৰ্গৰ
বাদশ্বাহী ল’ম। মই সত্য- নাৰায়ণৰ সঁচা কাহিনী শুনিবলৈ আহিছোঁ। বাবাই কয় - ভাল,
তোমাৰ মুখত গোলাপ, যত্ন কৰা। সকলোৱেতো লক্ষ্মী-নাৰায়ণ নহ’ব। এয়া ৰাজধানী স্থাপনা হৈ
আছে। ৰজাৰ বংশত, প্ৰজাৰ বংশত বহুত লাগে নহয়। আচৰিত হৈ শুনিব, শুনাব, পিতাক এৰি আঁতৰি
যাব... পুনৰ উভতিও আহে। যিসকল সন্তানে নিজৰ কিবা নহয় কিবা উন্নতি কৰে তেতিয়া উচ্চলৈ
গুচি যায়। গৰিবসকলহে উৎসৰ্গিত হয়। দেহ সহিত অন্য একোৱেই যাতে স্মৃতিলৈ নাহে, বহুত
উচ্চ লক্ষ্য। যদি সম্বন্ধ যুক্ত হৈ আছে তেন্তে তেওঁ নিশ্চয় স্মৃতিলৈ আহিব। পিতাৰ
স্মৃতিলৈ কি আহিব? গোটেই দিন বেহদতেই বুদ্ধি থাকে। কিমান পৰিশ্ৰম কৰিবলগীয়া হয়।
পিতাই কয় - মোৰ সন্তানসকলৰ মাজতো উত্তম, মধ্যম, কনিষ্ঠ আছে। অন্য কোনোবা আহিলে
তেতিয়াও বুজি পায় যে এওঁ পতিত সৃষ্টিৰ। তথাপিও যজ্ঞৰ সেৱা কৰে সেয়েহে সন্মান
দিবলগীয়া হয়। পিতা বিচক্ষণ হয় নহয়। নহ’লেতো এয়া শান্তিৰ শিখৰ, পৱিত্ৰতাৰ সৰ্বোচ্চ
শিখৰ, য’ত বহি আটাইতকৈ পৱিত্ৰ পিতাই গোটেই বিশ্বক পৱিত্ৰ কৰি তোলে। ইয়ালৈ কোনো পতিত
আহিব নোৱাৰে। কিন্তু পিতাই কয় - মই আহিছোঁৱেই সকলো পতিতক পাৱন কৰি তুলিবলৈ, এই
খেলখনত মোৰো ভূমিকা আছে। ভাল বাৰু!
অতিকৈ মৰমৰ, কল্পৰ
পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ
খতিয়ানৰ তালিকা চাই পৰীক্ষা কৰিব লাগে যে কিমান পুণ্য জমা হৈছে? আত্মা কিমানলৈকে
সতোপ্ৰধান হৈছে? স্মৃতিত থাকি সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে।
(2) বৃত্তি পাবৰ কাৰণে
সেৱাধাৰী হৈ অনেকৰ কল্যাণ কৰিব লাগে। পিতাৰ প্ৰিয় হ’ব লাগে। শিক্ষক হৈ বহুতক
মাৰ্গ-দৰ্শন কৰিব লাগে।
বৰদান:
নিজৰ ফৰিস্তা
স্বৰূপৰ দ্বাৰা সকলোকে উত্তৰাধিকাৰৰ অধিকাৰ প্ৰদান কৰোঁতা আকৰ্ষণ মূৰ্ত হোৱা
ফৰিস্তা স্বৰূপৰ
এনেকুৱা চিকমিকাই থকা পোছাক ধাৰণ কৰা যাতে দূৰ-দূৰণিলৈ আত্মাসকলক নিজৰ ফালে আকৰ্ষিত
কৰে আৰু সকলোকে ভিকহু অৱস্থাৰ পৰা মুক্ত কৰি উত্তৰাধিকাৰৰ অধিকাৰী কৰি দিয়ে, ইয়াৰ
বাবে জ্ঞান মূৰ্ত, স্মৃতি মূৰ্ত আৰু সৰ্ব দিব্য গুণ মূৰ্ত হৈ উৰন্ত কলাত থকাৰ
অভ্যাস বঢ়াই যোৱা। তোমালোকৰ উৰন্ত কলাইহে সকলোকে চলন্ত ফৰিস্তা তথা দেৱতা স্বৰূপৰ
সাক্ষাৎকাৰ কৰাব। এয়াই বিধাতা, বৰদাতাবোধ অৱস্থা।
স্লোগান:
অন্যৰ মনৰ ভাৱ জানিবলৈ সদায় ‘মনমনাভৱ’ স্থিতিত থাকা।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
মনৰ শক্তিৰ দৰ্পণ হৈছে
– বাণী আৰু কৰ্ম। অজ্ঞানী আত্মাই হওঁক বা জ্ঞানী আত্মাই হওঁক দুয়োৰে
সম্বন্ধ-সম্পৰ্কত বাণী আৰু কৰ্ম শুভ-ভাৱনা, শুভ-কামনাৰ হওঁক। যাৰ মন শক্তিশালী বা
শুভ হ’ব তেওঁৰ বাণী আৰু কৰ্ম স্বতঃ শক্তিশালী শুদ্ধ হ’ব, শুভ-ভাৱনাৰ হ’ব। মন
শক্তিশালী অৰ্থাৎ স্মৃতিৰ শক্তি শ্ৰেষ্ঠ হ’ব, শক্তিশালী হ’ব, সহজযোগী হ’ব।