16.02.25 Avyakt Bapdada
Assame
Murli
02.02.2004 Om Shanti Madhuban
“*“পূৰ্বজ আৰু পূজ্যৰ
স্বমানত থাকি বিশ্বৰ প্ৰত্যেক আত্মাৰ প্ৰতিপালন কৰা, আশীৰ্বাদ দিয়া, আশীৰ্বাদ লোৱা”*”
আজি চাৰিওফালৰ
সৰ্বশ্ৰেষ্ঠ সন্তানসকলক চাই আছোঁহঁক। প্ৰতিগৰাকী সন্তান পূৰ্বজো হয় আৰু পূজ্যও হয়
সেইবাবে তোমালোক সকলো এই কল্পবৃক্ষৰ মূলো হোৱা কাণ্ডও হোৱা। কাণ্ডৰ সংযোগ গোটেই
বৃক্ষৰ ঠাল-ঠেঙুলিৰ সৈতে, পাতৰ সৈতে স্বতঃ থাকে। গতিকে সকলোৱে নিজক এনেকুৱা শ্ৰেষ্ঠ
আত্মা গোটেই বৃক্ষৰ পূৰ্বজ বুলি বুজানে? যেনেকৈ পিতা ব্ৰহ্মাক গ্ৰেট গ্ৰেট গ্ৰেণ্ড
ফাদাৰ বুলি কোৱা হয়, তেওঁৰ সঙ্গী তোমালোকো মাষ্টৰ গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ হোৱা।
পূৰ্বজ আত্মাসকলৰ কিমান স্বমান! সেইটো নিচাত থাকানে? গোটেই বিশ্বৰ আত্মাসকলৰ সৈতে
লাগিলে যি ধৰ্মৰ আত্মাই নহওঁক কিন্তু সকলো আত্মাৰ তোমালোক কাণ্ডৰ ৰূপত আধাৰমূৰ্ত
পূৰ্বজ হোৱা সেইবাবে পূৰ্বজ হোৱাৰ কাৰণে পূজ্যও হোৱা। পূৰ্বজৰ দ্বাৰা প্ৰত্যেক
আত্মাই স্বতঃ শক্তিৰ প্ৰকম্পন পাই থাকে। বৃক্ষক চোৱা, কাণ্ডৰ দ্বাৰা, মূলৰ দ্বাৰা
শেষৰ পাতখিলায়ো শক্তিৰ প্ৰকম্পন পাই থাকে। পূৰ্বজৰ কাৰ্য কি? পূৰ্বজৰ কাৰ্য হ’ল
সকলোৰে প্ৰতিপালন কৰা। লৌকিকতো চোৱা পূৰ্বজসকলৰ দ্বাৰাই শাৰীৰিক শক্তিৰ প্ৰতিপালন,
স্থূল ভোজনৰ দ্বাৰা বা পঢ়াৰ দ্বাৰা শক্তিশালী কৰাৰ প্ৰতিপালন হয়। গতিকে তোমালোক
পূৰ্বজ আত্মাসকলে পিতাৰ দ্বাৰা পোৱা শক্তিসমূহেৰে সকলো আত্মাৰ প্ৰতিপালন কৰিব লাগে।
বৰ্তমান সময় অনুসৰি সকলো আত্মাক শক্তিসমূহৰ দ্বাৰা প্ৰতিপালনৰ আৱশ্যকতা আছে। এইটো
জানা যে আজিকালিৰ আত্মাসকলক অশান্তি আৰু দুখৰ ঢৌৱে চানি ধৰিছে। তেন্তে তোমালোক
পূৰ্বজ আৰু পূজ্য আত্মাসকলৰ নিজৰ বংশাৱলীৰ প্ৰতি দয়া ওপজেনে? যেনেকৈ যেতিয়া কোনো
বিশেষ কাৰণত বায়ুমণ্ডল অশান্তিৰ হৈ যায় তেতিয়া বিশেষ ৰূপত সেনাবাহিনী বা পুলিচ সজাগ
হৈ যায়। তেনেকৈয়ে আজিকালিৰ বাতাৱৰণত তোমালোক পূৰ্বজসকলেও বিশেষ সেৱাৰ অৰ্থে নিজক
নিমিত্ত বুলি ভাবানে! গোটেই বিশ্বৰ আত্মাসকলৰ নিমিত্ত, এইটো স্মৃতি থাকেনে? গোটেই
বিশ্বৰ আত্মাসকলৰ এতিয়া তোমালোকৰ শক্তিৰ প্ৰকম্পন আৱশ্যকতা আছে। এনেকুৱা বেহদ
বিশ্বৰ পূৰ্বজ আত্মা বুলি নিজক অনুভৱ কৰানে? বিশ্বৰ সেৱা স্মৃতিলৈ আহেনে নে নিজৰ
সেৱাকেন্দ্ৰৰ সেৱা স্মৃতিলৈ আহে? এতিয়া আত্মাসকলে তোমালোক দেৱ আত্মাসকলক মিনতি কৰি
আছে। প্ৰত্যেকেই নিজৰ নিজৰ ভিন্ন ভিন্ন দেৱীসকলক বা দেৱতাসকলক মিনতি কৰি আছে – আহক,
ক্ষমা কৰক, কৃপা কৰক। তেন্তে ভক্তসকলৰ আৱাজ শুনিবলৈ পাইছানে? শুনিবলৈ পাইছা নে নাই?
যি কোনো ধৰ্মৰ আত্মাই হওঁক, যেতিয়া তেওঁৰ সৈতে মিলিত হোৱা তেতিয়া নিজক সকলো আত্মাৰ
পূৰ্বজ বুলি ভাবি মিলিত হোৱানে? এনেকুৱা অনুভৱ হয়নে যে এওঁলোকো মোৰ অৰ্থাৎ
পূৰ্বজৰেই ঠাল-ঠেঙুলি! তোমালোক হৈছা এওঁলোককো শক্তিৰ প্ৰকম্পন দিওঁতা পূৰ্বজ। নিজৰ
কল্প বৃক্ষৰ চিত্ৰ সন্মুখত আনা, নিজক চোৱা তোমাৰ স্থান ক’ত! মূলতো তোমালোক আছা,
কাণ্ডতো তোমালোক আছা। লগতে পৰমধামতো চোৱা তোমালোক পূৰ্বজ আত্মাসকলৰ স্থান পিতাৰ লগত
সমীপত। জানা নহয়! এইটো নিচাৰে যেতিয়া যি কোনো আত্মাৰ সৈতে মিলিত হোৱা তেতিয়া
প্ৰত্যেক ধৰ্মৰ আত্মাই - এওঁলোক আমাৰে হয়, নিজৰ হয়, সেইটো দৃষ্টিৰে চায়। যদি সেই
পূৰ্বজৰ নিচাৰে, স্মৃতিৰে, বৃত্তিৰে, দৃষ্টিৰে মিলিত হোৱা, তেতিয়া তেওঁলোকৰো
আপোনতাৰ অনুভৱ হয় কিয়নো তোমালোক হৈছা সকলোৰে পূৰ্বজ, সকলোৰে হোৱা। এনেকৈ স্মৃতিৰে
সেৱা কৰিলে প্ৰত্যেক আত্মাই অনুভৱ কৰিব যে এওঁ আমাৰেই পূৰ্বজ বা ইষ্ট পুনৰাই মই পাই
গ’লোঁ। আকৌ পূজ্যও চোৱা কিমান ডাঙৰ পূজা হয়, যিকোনো ধৰ্মাত্মাৰ, মহাত্মাৰ তোমালোক
দেৱী-দেৱতাসকলৰ সমান এনেকুৱা বিধি-পূৰ্বক পূজা নহয়। পূজ্য হয় কিন্তু তোমালোকৰ নিচিনা
বিধি-পূৰ্বক পূজা নহয়। গায়নো চোৱা কিমান বিধি-পূৰ্বক কীৰ্তন কৰে, আৰতি কৰে। এনেকুৱা
পূজ্য তোমালোক পূৰ্বজসকলহে হোৱা। তেন্তে নিজক এনেকৈ বুজানে? এনেকুৱা নিচা আছেনে?
নিচা আছেনে? যিসকলে ভাবা মই পূৰ্বজ আত্মা, এইটো নিচা থাকে, এইটো স্মৃতি থাকে
তেওঁলোকে হাত দাঙা। থাকেনে? বাৰু। থাকে তাৰবাবেতো হাত দাঙিলা। বৰ ভাল। এতিয়া
দ্বিতীয় প্ৰশ্ন কোনটো? সদায় থাকেনে?
বাপদাদাই সকলো সন্তানক সকলো প্ৰাপ্তিৰ ক্ষেত্ৰত অবিনাশী হোৱাটো চাবলৈ বিচাৰে।
কেতিয়াবা কেতিয়াবা নহয়, কিয়? উত্তৰ বৰ চতুৰালিৰে দিয়ে, কি কয়? হওঁতে থাকোঁ… বাৰু
থাকা। পাছত লাহেকৈ কয় অলপ কেতিয়াবা কেতিয়াবা হৈ যায়। চোৱা পিতাও অবিনাশী, তোমালোক
আত্মাসকলো অবিনাশী হোৱা নহয়! প্ৰাপ্তিসমূহো আবিনাশী, জ্ঞান অবিনাশীৰ দ্বাৰা অবিনাশী
জ্ঞান। গতিকে ধাৰণাও কি হ’ব লাগে? অবিনাশী হ’ব লাগে নে কেতিয়াবা কেতিয়াবা?
বাপদাদাই এতিয়া সকলো সন্তানক সময়ৰ পৰিস্থিতি অনুসৰি বেহদৰ সেৱাত সদায় ব্যস্ত হৈ থকা
চাবলৈ বিচাৰে কিয়নো সেৱাত ব্যস্ত হৈ থকাৰ কাৰণে অনেক প্ৰকাৰৰ অস্থিৰতাৰ পৰা হাত সাৰি
যায়। কিন্তু যেতিয়াই সেৱা কৰা, পৰিকল্পনা কৰা আৰু পৰিকল্পনা অনুসৰি বাস্তৱ ক্ষেততো
আহা, সফলতাও প্ৰাপ্ত কৰা। কিন্তু বাপদাদাই বিচাৰে যে একে সময়তে তিনিওটা সেৱা একেলগে
হওঁক, কেৱল বাণীৰে নহয়, মনেৰেও হওঁক, বাণীৰেও হওঁক আৰু কৰ্মৰে অৰ্থাৎ
সম্বন্ধ-সম্পৰ্কত আহোঁতেও সেৱা হওঁক। সেৱাৰ ভাৱ, সেৱাৰ ভাৱনা থাকক। এই সময়ত বাণীৰ
সেৱাৰ শতাংশ বেছি, মনেৰে আছে কিন্তু বাণীৰ শতাংশ বেছি। একে সময়তে তিনিওটা সেৱা
একেলগে হ’লে সেৱাত সফলতা আৰু বেছি হ’ব।
বাপদাদাই খবৰ পাইছে যে এই দলটিতো ভিন্ন ভিন্ন বৰ্গৰ আহিছে আৰু সেৱাৰ ভাল পৰিকল্পনা
কৰি আছে। ভাল কৰি আছে, কিন্তু তিনিওটা সেৱা একেলগে হ’লে সেৱাৰ গতি আৰু বৃদ্ধি পাব।
চাৰিওফালৰ সকলো সন্তান আহি উপস্থিত হৈ গৈছে, এয়া দেখি বাপদাদাও আনন্দিত হয়। নতুন
নতুন সন্তান উৎসাহ-উদ্দীপনাৰে আহি উপস্থিত হৈ যায়।
এতিয়া বাপদাদাই সকলো সন্তানক সদায় নিৰ্বিঘ্ন স্বৰূপত চাবলৈ বিচাৰে, কিয়? যেতিয়া
তোমালোক নিমিত্ত হোৱাসকল নিৰ্বিঘ্ন স্থিতিত থাকিবা তেতিয়া বিশ্বৰ আত্মাসকলক সকলো
সমস্যাৰ পৰা নিৰ্বিঘ্ন কৰিব পাৰিবা। ইয়াৰ কাৰণে বিশেষকৈ দুটা কথাৰ প্ৰতি বিশেষভাৱে
মনোযোগ দিয়া। কৰাও কিন্তু আৰু অধিক মনোযোগ দিয়া। এটাতো প্ৰত্যেক আত্মাক আত্মিক
দৃষ্টিৰে চোৱা। আত্মাৰ মূল সংস্কাৰৰ স্বৰূপত চোৱা। যেনেকুৱা সংস্কাৰৰ আত্মাই নহওঁক
কিন্তু তোমালোকৰ প্ৰত্যেক আত্মাৰ প্ৰতি শুভ ভাৱনা, শুভ কামনা, পৰিৱৰ্তনৰ শ্ৰেষ্ঠ
ভাৱনাই তেওঁলোকৰ সংস্কাৰ অলপ সময়ৰ বাবে পৰিৱৰ্তন কৰিব পাৰে। আত্মিক ভাৱ জাগ্ৰত কৰা।
যেনেকৈ আৰম্ভণিত দেখিলা - সংগঠনত থাকি আত্মিক দৃষ্টি, আত্মিক বৃত্তি, আত্মা আত্মাৰ
সৈতে মিলিত হৈ আছে, কথা পাতি আছে, এইটো দৃষ্টিৰে আধাৰ কিমান দৃঢ় হৈ গ’ল। এতিয়া
সেৱাৰ বিস্তাৰত, সেৱাৰ বিস্তাৰৰ সম্বন্ধত আত্মিক ভাৱেৰে চলা, কোৱা, সম্পৰ্কত অহা এয়া
সুপ্ত হৈ গ’ল। শেষ হোৱা নাই কিন্তু সুপ্ত হৈ গ’ল। আত্মিক স্বমানে আত্মাক সহজে সফলতা
আনি দিয়ে কিয়নো তোমালোক সকলো কোন আহি একত্ৰিত হৈছাহি? সেয়াই কল্প পূৰ্বৰ দেৱ
আত্মাসকল, ব্ৰাহ্মণ আত্মাসকল একত্ৰিত হৈছাহি। ব্ৰাহ্মণ আত্মাৰ ৰূপতো সকলো শ্ৰেষ্ঠ
আত্মা, দেৱ আত্মাৰ হিচাপতো শ্ৰেষ্ঠ আত্মা। সেইটো স্বৰূপত সম্বন্ধ-সম্পৰ্কত আহা। সকলো
সময়ত পৰীক্ষা কৰা – মোৰ দেৱ আত্মাৰ, ব্ৰাহ্মণ আত্মাৰ শ্ৰেষ্ঠ কৰ্তব্য, শ্ৰেষ্ঠ সেৱা
কি? “আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা”। তোমালোকৰ জড় চিত্ৰই কি সেৱা কৰে? যেনেকুৱাই
আত্মা নহওঁক কিন্তু আশীৰ্বাদ ল'বলৈ যায়, আশীৰ্বাদ লৈ আহে। আৰু কোনোবাই যদি
পুৰুষাৰ্থত পৰিশ্ৰম বুলি ভাবে তেন্তে সকলোতকৈ সহজ পুৰুষাৰ্থ হৈছে, গোটেই দিন দৃষ্টি,
বৃত্তি, বাণী, ভাৱনাৰে সকলোকে আশীৰ্বাদ দিয়া, আশীৰ্বাদ লোৱা। তোমালোকৰ উপাধি হৈছে,
বৰদানেই মহাদানী, সেৱা কৰোঁতে, কাৰ্যত সম্বন্ধ-সম্পৰ্কত আহোঁতে কেৱল এইটোৱে কাৰ্য
কৰা – আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। এইটো কঠিন নেকি? নে সহজ? যিসকলে ভাবা সহজ,
তেওঁলোকে হাত দাঙা। কোনোবাই তোমালোকৰ বিৰুদ্ধাচৰণ কৰিলে তেতিয়া? তেতিয়াও আশীৰ্বাদ
দিবানে? দিবানে? তোমালোকৰ ইমান আশীৰ্বাদৰ পুঁজি জমা আছেনে? বিৰুদ্ধাচৰণতো হ’বই কিয়নো
বিৰুদ্ধাচৰণেই পদমৰ্যাদাৰ ফালে লৈ যায়। চোৱা, সকলোতকৈ বেছি বিৰুদ্ধাচৰণ পিতা
ব্ৰহ্মাৰ হ’ল। হ’ল নহয়? আৰু কোনে প্ৰথম নম্বৰৰ পদমৰ্যাদা পালে? ব্ৰহ্মাই পালে নহয়!
যিয়েই নহওঁক মই পিতা ব্ৰহ্মাৰ সমান আশীৰ্বাদ দিব লাগে। পিতা ব্ৰহ্মাৰ আগত ব্যৰ্থ
কোৱা, ব্যৰ্থ কৰোঁতা নাছিল জানো? কিন্তু পিতা ব্ৰহ্মাই আশীৰ্বাদ দিলে, আশীৰ্বাদ ল’লে,
সমাহিত কৰাৰ শক্তি ধাৰণ কৰিলে। সৰু হৈ আছে, পৰিৱৰ্তন হৈ যাব। তেনেকৈয়ে তোমালোকেও
এইটোৱে বৃত্তি দৃষ্টি ৰাখা – এওঁ কল্পৰ পূৰ্বৰ আমাৰেই পৰিয়ালৰ, ব্ৰাহ্মণ পৰিয়ালৰ।
মই পৰিৱৰ্তন হৈ এওঁকো পৰিৱৰ্তন কৰিব লাগে। এওঁ পৰিৱৰ্তন হ’লে মই হ’ম, নহয়। মই
পৰিৱৰ্তন হৈ পৰিৱৰ্তন কৰিব লাগে, মোৰ দ্বায়িত্ব। তেতিয়া আশীৰ্বাদ নিগৰিব আৰু
আশীৰ্বাদ পাবা।
এতিয়া সময় শীঘ্ৰতাৰে পৰিৱৰ্তনৰ ফালে গৈ আছে, অতিলৈ গৈ আছে কিন্তু সময় পৰিৱৰ্তনৰ
পূৰ্বে তোমালোক বিশ্ব পৰিৱৰ্তক শ্ৰেষ্ঠ আত্মাসকলে স্ব-পৰিৱৰ্তনৰ দ্বাৰা সকলোৰে
পৰিৱৰ্তনৰ আধাৰ মূৰ্ত হোৱা। তোমালোকো বিশ্বৰ আধাৰ মূৰ্ত, উদ্ধাৰ মূৰ্ত হোৱা।
প্ৰত্যেক আত্মাই লক্ষ্য ৰাখা – মই নিমিত্ত হ’ব লাগে। কেৱল তিনিটা কথাৰ নিজৰ মাজত
সংকল্প মাত্ৰও যাতে নাথাকে, এইটো পৰিৱৰ্তন কৰা। এটা – পৰ-চিন্তন। দ্বিতীয়তে –
পৰ-দৰ্শন। স্ব-দৰ্শনৰ পৰিৱৰ্তে পৰ-দৰ্শন নহয়। তৃতীয়তে – পৰ-মত বা পৰ-সঙ্গ, কু-সঙ্গ।
শ্ৰেষ্ঠ সঙ্গ লোৱা কিয়নো সঙ্গদোষে বহুত লোকচান কৰে। আগতেও বাপদাদাই কৈছিল – এটা
পৰ-উপকাৰী হোৱা আৰু এই তিনিটা ‘পৰ’ বাদ দিয়া। পৰ-দৰ্শন, পৰ-চিন্তন, পৰ-মত অৰ্থাৎ
কু-সংগ, ‘পৰ’ৰ অদৰকাৰী সংগ। পৰ-উপকাৰী হোৱা তেতিয়াহে আশীৰ্বাদ পাবা আৰু আশীৰ্বাদ
দিবা। কোনোবাই যিয়েই নিদিয়ক কিন্তু তোমালোকে আশীৰ্বাদ দিবা। ইমান সাহস আছেনে? আছেনে
সাহস? সেয়েহে বাপদাদাই চাৰিওফালৰ সকলো সেৱাকেন্দ্ৰৰ সন্তানসকলক কয় – যদি তোমালোক
সকলো সন্তানে সাহস কৰা, কোনোবাই যিয়েই নিদিয়ক মই আশীৰ্বাদ দিব লাগে, তেতিয়া
বাপদাদাই এই বছৰ অতিৰিক্ত তোমালোকৰ সাহসৰ, উৎসাহৰ কাৰণে সহায় কৰিব। অতিৰিক্ত সহায়
কৰিব। কিন্তু আশীৰ্বাদ দিলে তেতিয়াহে। সানমিহলি নকৰিবা। বাপদাদাৰ ওচৰলৈতো সকলো
খতিয়ান আহে নহয়! সংকল্পতো আশীৰ্বাদৰ বাহিৰে অন্য একো থাকিব নালাগে। সাহস আছেনে? আছে
যদি হাত দাঙা। কৰিব লাগিব। কেৱল হাত নাদাঙিবা। কৰিব লাগিব। কৰিবানে? মধুবনৰসকল,
শিক্ষকসকল কৰিবানে? বাৰু, অতিৰিক্ত নম্বৰ জমা কৰিবানে? অভিনন্দন। কিয়? বাপদাদাৰ
ওচৰলৈ ‘আগতীয়া দল’ বাৰে বাৰে আহে। তেওঁলোকে কয় যে আমাকতো ‘আগতীয়া দল’ৰ ভূমিকা দিলে,
সেয়া পালন কৰি আছোঁ কিন্তু আমাৰ সঙ্গীসকলে আগতীয়া মঞ্চ কিয় তৈয়াৰ কৰা নাই? এতিয়া
উত্তৰ কি দিওঁ? কি উত্তৰ দিওঁ? আগতীয়া মঞ্চ আৰু আগতীয়া দলৰ ভূমিকা, যেতিয়া দুয়ো
মিলিব তেতিয়াহে সমাপ্তি হ’ব। গতিকে তেওঁলোকে সোধে তেতিয়া কি উত্তৰ দিওঁ? কিমান বছৰত
হ’বা? সকলো উদ্যাপন কৰিলা, ৰূপালী জয়ন্তী, সোণালী জয়ন্তী, হীৰক জয়ন্তী সকলো উদ্যাপন
কৰিলা। এতিয়া ‘আগতীয়া মঞ্চ’ সমাৰোহ উদ্যাপন কৰা। তাৰ তাৰিখ নিৰ্ধাৰণ কৰা। পাণ্ডৱ
কোৱা, তাৰ তাৰিখ নিৰ্ধাৰণ হ’বনে? প্ৰথম শাৰীৰসকলে কোৱা। তাৰিখ নিৰ্ধাৰণ হ’বনে নে
অকস্মাত হ’ব? কি হ’ব? অকস্মাতে হ’ব নে হৈ যাব? কোৱা, কিবা কোৱা। ভাবি আছা নেকি?
নিৰ্বেৰক সুধি আছে? সমাৰোহ হ’ব নে অকস্মাতে হ’ব? তুমি দাদীক সুধি আছা? এওঁ দাদীক
চাই আছে যে দাদীয়ে কিবা কওঁক। তুমি কোৱা, ৰমেশক কৈছোঁ কোৱা? (অৱশেষততো এয়া হ’বই)
অৱশেষতনো কেতিয়া? (আপুনি তাৰিখ কওঁক, সেই তাৰিখলৈকে কৰি ল’ম) বাৰু – বাপদাদাই এক
বছৰৰ অতিৰিক্ত তাৰিখ দিছে। সাহস কৰিলে অতিৰিক্ত সহায় পাবা। এয়াতো কৰিব পাৰা নহয়,
এইটো কৰি দেখুওৱা তাৰপাছত পিতাই তাৰিখ নিৰ্ধাৰণ কৰিব। (আপোনাৰ নিৰ্দেশনা লাগে তেতিয়া
এই 2004 ক এনেকৈ পালন কৰিম) তাৰমানে এতিয়া ইমান তৈয়াৰ হোৱা নাই। তেন্তে ‘আগতীয়া দল’
এতিয়া এক বছৰতো ৰ’ব লাগিব নহয়। ভাল কথা কিয়নো এতিয়াৰ পৰা লক্ষ্য ৰাখিবা – কৰিবই
লাগিব, তেতিয়া বহুকাল সংযোগ হৈ যাব কিয়নো বহুকালৰো হিচাপ আছে নহয়! যদি অন্তত কৰা
তেন্তে বহুকালৰ হিচাপ ঠিক নহ’ব সেইবাবে অনুগ্ৰহ কৰি এতিয়াৰ পৰাই মনোযোগ দিয়া। ভাল
বাৰু।
আত্মিক ব্যায়াম স্মৃতিত আছেনে? এক চেকেণ্ডত নিজৰ পূৰ্বজ অৱস্থাত আহি পৰমধাম নিবাসী
পিতাৰ লগত ‘লাইট-হাউচ’ হৈ বিশ্বক কিৰণ দিব পাৰানে? তেন্তে এক চেকেণ্ডত চাৰিওফালে
সকলোৱে দেশ-বিদেশত শুনোঁতাসকল, চাওঁতাসকল ‘লাইট-হাউচ’ হৈ বিশ্বৰ চাৰিওফালৰ সকলো
আত্মাক কিৰণ দিয়া, শক্তিৰ প্ৰকম্পন দিয়া, শক্তি দিয়া। বাৰু।
চাৰিওফালৰ বিশ্বৰ পূৰ্বজ আৰু পূজ্য আত্মাসকলক, সদায় দাতা হৈ সকলোকে আশীৰ্বাদ দিওঁতা
মহাদানী আত্মাসকলক, সদায় দৃঢ়তাৰ দ্বাৰা স্ব-পৰিৱৰ্তনেৰে সকলোৰে পৰিৱৰ্তন কৰোঁতা
বিশ্ব পৰিৱৰ্তক আত্মাসকলক, সদায় ‘লাইট-হাউচ’ হৈ সকলো আত্মাক কিৰণ দিওঁতা সমীপৰ
আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু অন্তৰৰ আশীৰ্বাদ সহিত নমস্কাৰ।
দাদীজী, দাদী জানকী জীৰ সৈতে:- ভাল কথা, দুয়োগৰাকী দাদীয়ে বহুত ভাল প্ৰতিপালন কৰি
আছা। ভাল প্ৰতিপালন হৈ আছে নহয়! বৰ ভাল। সেৱাৰ নিমিত্ত হৈছা নহয়! সেয়েহে তোমালোকেও
দাদীসকলক দেখি আনন্দিত হোৱা। আনন্দিত হোৱা নহয়! দ্বায়িত্বৰ সুখো পোৱা যায় নহয়!
সকলোৰে আশীৰ্বাদ কিমান পোৱা যায়। সকলো আনন্দিত হয়, (দুয়োগৰাকী দাদীয়ে বাপদাদাৰ
ডিঙিত সাবটি ধৰিলে) যেনেকৈ এয়া দেখি আনন্দিত হোৱা যায় তেনেকৈ এওঁলোকৰ নিচিনা হ’লে
কিমান আনন্দিত হ’ব কিয়নো বাপদাদাই নিমিত্ত কৰিছে, কিবা বিশেষত্ব আছে সেয়েহে নিমিত্ত
কৰিছে। আৰু সেই বিশেষত্ববোৰেই যদি তোমালোক প্ৰত্যেকৰে মাজত আহি যায় তেতিয়া কি হৈ
যাব? নিজৰ ৰাজ্য আহি যাব। বাপদাদাই যি তাৰিখৰ বিষয়ে কয় নহয়, সেয়া আহি যাব। এতিয়া
স্মৃতিত আছে নহয় যে তাৰিখ নিৰ্ধাৰণ কৰিব লাগে। প্ৰত্যেকে বুজিবা মই কৰিব লাগে। গতিকে
সকলো নিমিত্ত হৈ গ’লে তেতিয়া বিশ্বৰ নৱনিৰ্মাণ হৈয়েই যাব। নিমিত্ত ভাৱ, এয়া হৈছে
গুণসমূহৰ খনি। কেৱল সকলো সময়ত নিমিত্ত ভাৱ আহি গ’লে তেতিয়া অন্য সকলো গুণ সহজে আহিব
পাৰে কিয়নো নিমিত্ত ভাৱত ‘মই’ বোধ নাই আৰু ‘মই’ বোধেই অস্থিৰতাত আনে। নিমিত্ত হ’লে
‘মই’ বোধো শেষ, তোমাৰ, তোমাৰ হৈ যায়। সহযোগী হৈ যায়। তেন্তে সকলোৰে দাদীসকলৰ প্ৰতি
স্নেহ আছে, বাপদাদাৰ প্ৰতি স্নেহ আছে, তেন্তে স্নেহৰ প্ৰতিদান হৈছে বিশেষত্বসমূহ
সমান কৰি তুলিবা। গতিকে এনেকুৱা লক্ষ্য ৰাখা। বিশেষত্বসমূহক সমান কৰি তুলিব লাগে।
যিকোনো লোকৰ মাজত কিবা বিশেষত্বক চোৱা, বিশেষত্বক অনুসৰণ অৱশ্যে কৰা। আত্মাক অনুসৰণ
কৰিলে দুয়োটা দৃষ্টিগোচৰ হ’ব। বিশেষত্বক চোৱা আৰু এই ক্ষেত্ৰত সমান হোৱা। ভাল বাৰু।
বৰদান:
নিশ্চয়ৰ অখণ্ড
ৰেখাৰ দ্বাৰা এক নম্বৰ ভাগ্য গঢ়োঁতা বিজয়ৰ তিলকধাৰী হোৱা
যিসকল নিশ্চয়বুদ্ধিৰ
সন্তান তেওঁলোকে কেতিয়াও ‘কেনেকৈ’ বা ‘এনেকৈ’ৰ বিস্তাৰত নাযায়। তেওঁলোকৰ নিশ্চয়ৰ
অখণ্ড ৰেখা অন্য আত্মাসকলৰো স্পষ্টকৈ দৃষ্টিগোচৰ হয়। তেওঁলোকৰ নিশ্চয়ৰ ৰেখাডাল মাজে
মাজে খণ্ডিত নহয়। এনেকুৱা ৰেখা থকাসকলৰ মস্তকত অৰ্থাৎ স্মৃতিত সদায় বিজয়ৰ তিলক
দৃষ্টিগোচৰ হ’ব। তেওঁলোক জন্মৰ পৰাই সেৱাৰ দ্বায়িত্বৰ মুকুটধাৰী হ’ব। সদায় জ্ঞান
ৰত্নৰে খেলোঁতা হ’ব। সদায় স্মৃতি আৰু আনন্দৰ দোলনাত দুলি জীৱন অতিবাহিত কৰোঁতা হ’ব।
এয়াই হ’ল এক নম্বৰ ভাগ্যৰ ৰেখা।
স্লোগান:
বুদ্ধি ৰূপী
কম্পিউটাৰত পূৰ্ণযতিৰ মাত্ৰা লগোৱা মানে প্ৰসন্নচিত্ত হৈ থকা।
একান্তপ্ৰিয় হ’বলৈ,
একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত::
একান্তপ্ৰিয় তেওঁ হ’ব
যাৰ অনেক ফালৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি যাব আৰু এজনৰেই প্ৰিয় হ’ব, এজনৰ প্ৰিয়
হোৱাৰ কাৰণে এজনৰেই স্মৃতিত থাকিব পাৰে। অনেকৰ প্ৰিয় হ’লে এজনৰ স্মৃতিত থাকিব নোৱাৰে,
অনেক পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি যাওঁক, এজনৰ সৈতে যুক্ত হৈ থাকক অৰ্থাৎ এজনৰ বাহিৰে
অন্য কোনো নাই – যি এনেকুৱা স্থিতিধাৰী হ’ব তেওঁ একান্ত প্ৰিয় হ’ব পাৰে।
সুচনা:-
আজি
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তৃতীয় ৰবিবাৰ, সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈ সকলো
ভাতৃ-ভগ্নীয়ে সংগঠিত ৰূপত একত্ৰিত হৈ যোগ অভ্যাসত এইটোৱে শুভ সংকল্প কৰা যে মোৰ
অৰ্থাৎ আত্মাৰ দ্বাৰা পৱিত্ৰতাৰ কিৰণ নিৰ্গত হৈ গোটেই বিশ্বক পাৱন কৰি আছে। মই
মাষ্টৰ পতিত পাৱনী আত্মা।