16.02.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল - প্ৰাণেশ্বৰ পিতা আহিছে তোমালোক সন্তানসকলক প্ৰাণদান দিবলৈ, প্ৰাণদান পোৱা অৰ্থাৎ তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱা”

প্ৰশ্ন:
ড্ৰামাৰ প্ৰতিটো ৰহস্য জনাৰ কাৰণে কোনটো দৃশ্য তোমালোকৰ বাবে নতুন নহয়?

উত্তৰ:
এই সময়ত গোটেই জগতত যি হাহাকাৰ হৈ আছে, বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধিৰ হৈ নিজৰে কুল নাশ কৰিবলৈ অনেক সাধন তৈয়াৰ কৰি গৈ আছে। এয়া কোনো নতুন কথা নহয় কিয়নো তোমালোকে জানা এই সৃষ্টিতো পৰিৱৰ্তন হ'বই। মহাভাৰতৰ যুদ্ধৰ পাছতহে আমাৰ নতুন সৃষ্টি আহিব।

গীত:
য়হ কৌন আয়া আজ চবেৰে চবেৰে…… (এয়া কোন আহিল আজি প্ৰভাতে প্ৰভাতে……)

ওঁম্শান্তি।
ৰাতিপুৱা এয়া কোনে আহি মুৰুলী শুনায়? সৃষ্টিতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। তোমালোকে এতিয়া জ্ঞান সাগৰ, পতিত-পাৱন প্ৰাণেশ্বৰ পিতাৰ পৰা মুৰুলী শুনি আছা। তেওঁ হ'ল প্ৰাণ ৰক্ষা কৰোঁতা ঈশ্বৰ। এনেকৈ কয় নহয় - হে ঈশ্বৰ এই দুখৰ পৰা ৰক্ষা কৰক। তেওঁলোকে হদৰ সহায় বিচাৰে। এতিয়া তোমালোক সন্তানসকলে বেহদৰ সহায় পোৱা কিয়নো বেহদৰ পিতা হয় নহয়। তোমালোকে জানা - আত্মাও গুপ্ত। সন্তানসকলৰ শৰীৰ প্ৰত্যক্ষ হৈ আছে। গতিকে পিতাৰ শ্রীমত হৈছে সন্তানসকলৰ প্ৰতি। সৰ্ব শাস্ত্ৰৰ ভিতৰত শিৰোমণি গীতা প্ৰসিদ্ধ। কেৱল তাত শ্ৰীকৃষ্ণৰ নাম দি দিছে। তোমালোকে এতিয়া জানা শ্রীমত ভগৱানুবাচ। এয়াও বুজি পাইছা যে ভ্রষ্টাচাৰীক শ্ৰেষ্ঠাচাৰী কৰি তোলোঁতা এজনেই পিতা। তেৱেঁই নৰৰ পৰা নাৰায়ণ কৰি তোলে। কথাও হৈছে সত্য নাৰায়ণৰ। অমৰকথা বুলি গায়ন কৰা হয়। অমৰপুৰীৰ মালিক কৰি তোলা অথবা নৰৰ পৰা নাৰায়ণ কৰি তোলা কথা একেটাই। এয়া হৈছে মৃত্যুলোক। ভাৰতখনেই অমৰপুৰী আছিল। এয়া কোনেও নাজানে। ইয়াতহে অমৰ বাবাই পাৰ্ৱতীসকলক শুনাইছে। এগৰাকী পাৰ্ৱতী বা এগৰাকী দ্ৰৌপদী নাছিল। এয়াতো বহুত সন্তানে শুনি আছে। শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা শুনায়। পিতাই কয় - মই ব্ৰহ্মাৰ দ্বাৰা মৰমৰ সন্তানসকলক বুজাওঁ।

পিতাই সন্তানসকলক বুজাইছে আত্ম-অভিমানী নিশ্চয় হ'ব লাগে। পিতাইহে কৰি তুলিব পাৰে। জগতত এজনো মনুষ্য মাত্ৰ নাই যাৰ আত্মাৰ জ্ঞান আছে। আত্মাৰে জ্ঞান নাই তেন্তে পৰমাত্মাৰ জ্ঞান কেনেকৈ থাকিব পাৰিব। কৈ দিয়ে আমি আত্মাই পৰমাত্মা। কিমান ডাঙৰ ভুলত গোটেই জগত আৱদ্ধ হৈ আছে। একেবাৰে পাথৰ বুদ্ধিৰ। বিদেশীসকলো কম পাথৰ বুদ্ধিৰ নহয়, এইটো বুদ্ধিত উদয় নহয় যে আমি এয়া যি বোমা আদি তৈয়াৰ কৰি আছোঁ, এয়াতো নিজকো হত্যা, লগতে গোটেই জগতকো হত্যা কৰিবৰ কাৰণে তৈয়াৰ কৰি আছোঁ। গতিকে এই সময়ত বুদ্ধি কোনো কামৰ হৈ থকা নাই। নিজৰেই বিনাশৰ কাৰণে তৈয়াৰ কৰি আছে। তোমালোক সন্তানসকলৰ কাৰণে এয়া কোনো নতুন কথা নহয়। এইটো জানা যে ড্ৰামা অনুসৰি তেওঁলোকৰো ভূমিকা আছে। ড্ৰামাৰ বান্ধোনত বান্ধ খাই আছে। পাথৰ বুদ্ধিৰ নহ'লে জানো এনেকুৱা কাম কৰিব পাৰে? গোটেই কুলৰ বিনাশ কৰি আছে। আচৰিত নহয়নে - কি কৰি আছে। বহি বহি আজি ভালদৰে চলি আছে, কাইলৈ মিলিটেৰী বিতুষ্ট হ'লে ৰাষ্ট্ৰপতিকো মাৰি দিয়ে। এনেকুৱা কাকতালীয় ঘটনা ঘটি থাকে। কাকোৱে সহ্য নকৰে। শক্তিশালী হয় নহয়। আজিকালিৰ জগতত হাহাকাৰ বহুত, পাথৰ বুদ্ধিৰো অনেক আছে। এতিয়া তোমালোক সন্তানসকলে জানা যে বিনাশ কালত পিতাৰ সৈতে যিসকল অপ্ৰীতিকৰ বুদ্ধিৰ হয়, তেওঁলোকৰ কাৰণে বিনশন্তি বুলি গায়ন আছে। এতিয়া এই সৃষ্টিৰ পৰিৱৰ্তন হ'ব লাগে। এইটোও জানা যথাযথ মহাভাৰতৰ যুদ্ধ হৈছিল। পিতাই ৰাজযোগ শিকাইছিল। শাস্ত্ৰততো সম্পূৰ্ণ বিনাশ দেখুৱাই দিছে। কিন্তু সম্পূৰ্ণ বিনাশতো নহয় তেনেহ'লেতো প্ৰলয় হৈ যাব। কোনো মনুষ্যই নাথাকিব, কেৱল 5 তত্ত্বহে থাকিব। এনেকুৱাতো হ'ব নোৱাৰে। প্ৰলয় হৈ গ’লে তেতিয়া মনুষ্য ক'ৰ পৰা আহিব। দেখুৱায় শ্ৰীকৃষ্ণই সাগৰত আঙুলি চুহি আঁহতৰ পাতত আহিল। এনেকৈ শিশু কেনেকৈ আহিব পাৰে? শাস্ত্ৰত এনেকুৱা কথা লিখি দিছে যে কথাই নুসুধিবা। এতিয়া তোমালোক কুমাৰীসকলৰ দ্বাৰা এই বিদ্ধানসকলকো, ভীষ্ম পিতামহ আদিকো জ্ঞান বাণে আঘাত কৰে। তেওঁলোকো আগলৈ গৈ আহিব। তোমালোকে যিমানে সেৱাত শক্তি ধাৰণ কৰিবা, পিতাৰ পৰিচয় সকলোকে দি থাকিবা তোমালোকৰ সিমানে প্ৰভাৱ বাঢ়িব। অৱশ্যে হয়, বিঘ্নও আহিব। এয়াও গায়ন কৰা হৈছে এই জ্ঞান যজ্ঞত আসুৰিক সম্প্ৰদায়ৰ বহুত বিঘ্ন আহে। বেচেৰা পাথৰ বুদ্ধিৰ মনুষ্যই একোৱে নাজানে যে এয়া কি? কয় এওঁলোকৰতো জ্ঞানেই ভিন্ন। তোমালোকে এইটো বুজি পোৱা যে নতুন সৃষ্টিৰ বাবে নতুন কথা। পিতাই কয় - তোমালোকক এই ৰাজযোগ অন্য কোনেও শিকাব নোৱাৰে। জ্ঞান আৰু যোগ পিতাইহে শিকাই আছে। সৎগতি দাতা এজন পিতাহে, তেৱেঁই পতিত-পাৱন তেন্তে নিশ্চয় পতিতসকলকহে আহি জ্ঞান দিব নহয়। তোমালোক সন্তানসকলে বুজি পোৱা - আমি পাৰসবুদ্ধিৰ হৈ পাৰসনাথ হওঁ। মনুষ্যই কিমান অনেক মন্দিৰ নিৰ্মাণ কৰিছে। কিন্তু তেওঁলোক কোন, কি কৰি গৈছে, অৰ্থই একোৱে বুজি নাপায়। পাৰসনাথৰো মন্দিৰ আছে, কিন্তু কোনেও নাজানে। ভাৰত পাৰসপুৰী আছিল, সোণ হীৰা-মুকুতাৰ মহল আছিল। কালিৰ কথা। তেওঁলোকেতো কেৱল সত্যযুগৰ কাৰণেই লাখ লাখ বছৰ বুলি কৈ দিয়ে। আৰু পিতাই কয় - গোটেই ড্ৰামাখন 5 হাজাৰ বছৰৰ সেইকাৰণে কোৱা হয় - আজিৰ ভাৰত কি! কালিৰ ভাৰত কি আছিল! লাখ লাখ বছৰৰ স্মৃতিতো কাৰো থাকিব নোৱাৰে। তোমালোক সন্তানসকলৰ এতিয়া স্মৃতি উদয় হৈছে। জানা যে পিতাই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহি আমাক সোঁৱৰাই দিয়ে। তোমালোক সন্তানসকল স্বৰ্গৰ মালিক আছিলা। 5 হাজাৰ বছৰৰ কথা। যি কোনো লোককে যদি সোধা, এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব কেতিয়া আছিল? কিমান বছৰ হ'ল? তেতিয়া লাখ লাখ বছৰ বুলি কৈ দিব। তোমালোকে বুজাব পাৰা এয়াতো 5 হাজাৰ বছৰৰ কথা। এনেকৈ কয়ো যে যীশুখ্ৰীষ্টৰ ইমান সময় পূৰ্বে স্বর্গ আছিল। পিতা ভাৰততেই আহে। এয়াও সন্তানসকলক বুজাইছে - বাবাৰ জয়ন্তী পালন কৰে তেন্তে নিশ্চয় কিবা কৰিবলৈ আহিছিল। পতিত-পাৱন হয় তেন্তে নিশ্চয় আহি পাৱন কৰি তুলিছিল। জ্ঞান সাগৰ হয় যেতিয়া তেন্তে নিশ্চয় জ্ঞান দিব নহয়। যোগত বহা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এয়া জ্ঞান নহ’ল জানো। তেওঁলোকতো হৈছে হঠযোগী। ভৰিৰ ওপৰত ভৰি তুলি বহে। কি কি কৰে। তোমালোক মাতাসকলেতো এনেকুৱা কৰিব নোৱাৰা। বহিবও নোৱাৰা। পিতাই কয় - মৰমৰ সন্তানসকল, তোমালোকে এইবোৰ কৰাৰ প্ৰয়োজন নাই। স্কুলত বিদ্যাৰ্থীসকল নিয়ম অনুসৰিতো বহে নহয়। পিতাইতো তেনেকৈও নকয়। যেনেকৈ বিচৰা তেনেকৈ বহা। যদি বহি ভাগৰি যোৱা তেন্তে শুই যোৱা। বাবাই কোনো কথাত মানা নকৰে। এয়াতো একেবাৰে সহজে বুজিবলগীয়া কথা, ইয়াত কোনো কষ্টৰ কথা নাই। লাগিলে যিমানেই বেমাৰ নহওঁক। ক’ব নোৱাৰি কিজানিবা শুনি থাকোঁতে থাকোঁতে শিৱবাবাৰ স্মৃতিত থাকোঁতে থাকোঁতে প্ৰাণ শৰীৰৰ পৰা ওলাই যায়। গায়ন কৰা হয় নহয় - গঙ্গাৰ পাৰত হওক, গঙ্গাৰ পানী মুখত হওক তেতিয়া প্ৰাণ শৰীৰৰ পৰা ওলাই যাওক। সেয়াতো সকলো হৈছে ভক্তিমাৰ্গৰ কথা। বাস্তৱত এয়া হৈছে জ্ঞান অমৃতৰ কথা। তোমালোকে জানা - সঁচাকৈ এনেকৈয়ে প্ৰাণ ওলাই যাব। তোমালোক সন্তানসকল পৰমধামৰ পৰা আহা। মোক এৰি থৈ যোৱা। পিতাই কয় - মইতো তোমালোক সন্তানসকলক লগত লৈ যাম। মই আহিছোঁ তোমালোক সন্তানসকলক ঘৰলৈ লৈ যাবলৈ। তোমালোকে নিজৰ ঘৰৰ বিষয়েও নাজানা, আত্মাৰ বিষয়েও নাজানা। মায়াই একেবাৰে পাখি কাটি পেলাইছে, সেইকাৰণে আত্মা উৰিব নোৱাৰে কিয়নো তমোপ্ৰধান হয়। যেতিয়ালৈকে সতোপ্ৰধান নোহোৱা তেতিয়ালৈকে শান্তিধামলৈ কেনেকৈ যাব পাৰিবা। এইটোও জানা - ড্ৰামাৰ পৰিকল্পনা অনুসৰি সকলো তমোপ্ৰধান হ'বই লাগে। এই সময়ত গোটেই বৃক্ষ একেবাৰে তমোপ্ৰধান জৰ্জৰিত হৈ গৈছে। সন্তানসকলে জানে যে সকলো আত্মা তমোপ্ৰধান। নতুন সৃষ্টিত সতোপ্ৰধান হয়। ইয়াত কাৰো সতোপ্ৰধান অৱস্থা হ’ব নোৱাৰে। ইয়াত আত্মা পৱিত্ৰ হৈ গ’লে তেতিয়া ইয়াত ৰৈ নাথাকিব, একেবাৰে দৌৰি গুচি যাব। সকলোৱে মুক্তিৰ কাৰণেই ভক্তি কৰে অথবা শান্তিধামলৈ যোৱাৰ বাবে। কিন্তু কোনেও উভতি যাব নোৱাৰে। বিধিয়ে নকয়। পিতাই বহি এই সকলোবোৰ ৰহস্য ধাৰণ কৰিবৰ কাৰণে বুজায়, তথাপি মুখ্য কথা হ'ল পিতাক স্মৰণ কৰা, স্ব-দৰ্শন চক্ৰধাৰী হোৱা। বীজক স্মৰণ কৰিলে গোটেই বৃক্ষ বুদ্ধিত আহি যাব। বৃক্ষ প্ৰথমতে সৰু হয় পাছত ডাঙৰ হৈ গৈ থাকে। অনেক ধৰ্ম আছে নহয়। তোমালোকে এক চেকেণ্ডত জানি লোৱা। জগতত কোনেও নাজানে। মনুষ্য সৃষ্টিৰ বীজৰূপ সকলোৰে এজন পিতা। পিতা জানো কেতিয়াবা সৰ্বব্যাপী হ'ব পাৰে। এইটো হৈছে ডাঙৰতকৈও ডাঙৰ ভুল। তোমালোকে বুজোৱাও যে মনুষ্যক কেতিয়াও ভগৱান বুলি কোৱা নহয়। পিতাই সন্তানসকলক সকলোবোৰ কথা সহজকৈ বুজায় পাছত যাৰ ভাগ্যত আছে, নিশ্চয়তা থাকিলে তেওঁ অৱশ্যে পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব। নিশ্চয়তা নাথাকিলে কেতিয়াও বুজি নাপাব। ভাগ্যতে নাই তেন্তে পুৰুষাৰ্থও কি কৰিব। ভাগ্যত নাথাকিলে তেওঁলোক বহিবই এনেকৈ যেন একোৱে বুজি নাপায়। ইমানো নিশ্চয়তা নাই যে পিতা বেহদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। যেনেকৈ কোনোবা নতুন ব্যক্তি মেডিকেল কলেজত গৈ বহিলে তেতিয়া কি বুজি পাব? একোৱে বুজি নাপাব। ইয়াতো এনেকৈ আহি বহে। এই অবিনাশী জ্ঞানৰ বিনাশ নহয়। এয়াও পিতাই বুজাইছে - ৰাজধানী স্থাপন হয় নহয়। তেন্তে লগুৱা চাকৰ প্ৰজা, প্ৰজাৰো লগুৱা চাকৰ সকলোৰে দৰকাৰ হয় নহয়। গতিকে এনেকুৱাসকলো আহে। কোনোৱেতো বহুত ভালদৰে বুজি পাই যাব। মন্তব্যও লিখে নহয়। আগলৈ গৈ কিবা কৰি দেখুৱাবলৈ চেষ্টা কৰিব। কিন্তু সময় কঠিন হ'ব কিয়নো সেই সময়ততো বহুত হাহাকাৰৰ সৃষ্টি হ'ব। দিনে-প্ৰতিদিনে ধুমুহা বাঢ়ি গৈ থাকিব। ইমানবোৰ সেৱাকেন্দ্ৰ আছে। ভালদৰে বুজিবও। এয়াও লিখা আছে - ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। বিনাশো সন্মুখত দেখে। বিনাশতো হ'বই। চৰকাৰে কয় - জন্ম কমকৈ হওক, কিন্তু এই ক্ষেত্ৰত কিয়েই বা কৰিব পাৰে? বৃক্ষৰ বৃদ্ধিতো হ'বই। যেতিয়ালৈকে পিতা আছে তেতিয়ালৈকে সকলো ধৰ্মৰ আত্মা ইয়াত থাকিবই লাগিব। যেতিয়া যোৱাৰ সময় হ'ব তেতিয়া আত্মাসকলৰ আগমন বন্ধ হ'ব। এতিয়াতো সকলো আহিবই লাগে। কিন্তু এই কথাবোৰ কোনেও বুজি নাপায়। বাপুজীয়েও কৈছিল ৰাৱণৰাজ্য, আমাক ৰামৰাজ্য লাগে। এনেকৈ কয় - অমুক স্বর্গবাসী হ'ল তেন্তে ইয়াৰ অৰ্থ এইখন নৰক নহয় জানো। মনুষ্যই এইখিনিও বুজি নাপায়। স্বর্গবাসী হ'ল তেন্তে ভালেই হ’ল নহয়। নিশ্চয় নৰকবাসী আছিল। বাবাই বুজায় - মনুষ্যৰ চেহেৰা মনুষ্যৰ দৰে, বুদ্ধি বান্দৰৰ। সকলোৱে গায়ান কৰি থাকে - পতিত-পাৱন সীতাৰাম। আমি পতিত, পাৱন কৰি তোলোঁতা হৈছে পিতা। সেই সকলোবোৰ হৈছ ভক্তিমাৰ্গৰ সীতা, পিতা হ'ল ৰাম। কাৰোবাক পোনেপোনে ক'লে মানি নলয়। ৰামক আহ্বান জনায়। এতিয়া তোমালোক সন্তানসকলক পিতাই তৃতীয় নেত্ৰ প্ৰদান কৰিছে। তোমালোক যেন বেলেগ জগতৰ হৈ গৈছা। পুৰণি সৃষ্টিত কি কি কৰি থাকে। তোমালোকে এতিয়া বুজি পোৱা। তোমালোক সন্তাসকল বুদ্ধিহীনৰ পৰা বুদ্ধিমান হৈছা। ৰাৱণে তোমালোকক কিমান বুদ্ধিহীন কৰি দিলে। পিতাই বুজায় - এই সময়ত সকলো মনুষ্য তমোপ্ৰধান হৈ গৈছে, সেইবাবেতো পিতা আহি সতোপ্ৰধান কৰি তোলে। পিতাই কয় লাগিলে তোমালোক সন্তানসকলে নিজৰ সেৱাও কৰি থাকা কেৱল এটা কথা স্মৃতিত ৰাখা - পিতাক স্মৰণ কৰা। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ ৰাস্তা অন্য কোনেও দেখুৱাব নোৱাৰে। সকলোৰে আত্মিক ছাৰ্জন এজনেই। তেৱেঁই আহি আত্মাসকলক বেজী দিয়ে কিয়নো আত্মাহে তমোপ্ৰধান হৈ গৈছে। পিতাক অবিনাশী ছাৰ্জন বুলি কোৱা হয়। এতিয়া আত্মা সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈছে, আত্মাক বেজীৰ দৰকাৰ। পিতাই কয় - সন্তানসকল, নিজক আত্মা বুলি নিশ্চয় কৰা আৰু নিজৰ পিতাক স্মৰণ কৰা। বুদ্ধিযোগ ওপৰত লগোৱা। জীৱন্তে ফাঁচি-কাঠত ওলমি যোৱা অৰ্থাৎ বুদ্ধিৰ যোগসূত্ৰ মৰমৰ ঘৰৰ সৈতে গঢ়ি তোলা। আমি মৰমৰ শান্তিৰ ঘৰলৈ যাব লাগে। নিৰ্বাণধামক মৰমৰ ঘৰ বুলি কোৱা হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি সৃষ্টি এতিয়া বিনাশৰ পথত সেয়েহে ইয়াৰ পৰা নিজে নিজক পৃথক বুলি বুজিব লাগে। বৃক্ষৰ বৃদ্ধিৰ লগে লগে যি বিঘ্ন ৰূপী ধুমুহা আহে, তাক লৈ ভয় কৰিব নালাগে, পাৰ হ'ব লাগে।

(2) আত্মাক সতোপ্ৰধান কৰি তুলিবৰ কাৰণে নিজক জ্ঞান-যোগৰ বেজী দিব লাগে। নিজৰ বুদ্ধিৰ যোগসূত্ৰ মৰমৰ ঘৰৰ সৈতে গঢ়ি তুলিব লাগে।

বৰদান:
"প্ৰথমে আপুনি"ৰ পাঠৰ দ্বাৰা মুকুটধাৰী হওঁতা অতি বুদ্ধিমান হোৱা

যেনেকৈ বাপাদাদাই নিজক আজ্ঞাকাৰী সেৱক বুলি কয়, সেৱক বুলি ক’লে স্বতঃ মুকুটধাৰী হৈ যায়, তেনেকৈ তোমালোক সন্তানসকলো নম্ৰচিত্ত হৈ আনক শ্ৰেষ্ঠ আসন এৰি দিব লাগে, যদি আনক আসনত বহুওৱা, তেতিয়া তেওঁ আসনৰ পৰা নামি তোমালোকক আপোনা-আপুনি বহুৱাই দিব। যদি তোমালোক নিজেই বহিবলৈ চেষ্টা কৰা, তেন্তে তেওঁ বহিবলৈ নিদিব, সেয়েহে আনক বহুওৱা মানেই নিজে বহা। সেয়েহে "প্ৰথমে আপুনি"ৰ পাঠ দৃঢ় কৰা, তেতিয়া সংস্কাৰো সহজে মিলি যাব, মুকুটধাৰীও হৈ যাবা, এয়াই হৈছে অতি বুদ্ধিমান হোৱাৰ উপায়, ইয়াত পৰিশ্ৰমো নাই আৰু প্ৰাপ্তিও অধিক।

স্লোগান:
অব্যক্ত স্থিতিৰ অনুভৱ কৰিবলৈ অন্তৰ্মুখী, একান্তবাসী হোৱা।


অব্যক্ত ইংগিত: একতা আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা

এতিয়ালৈকে বেলেগ বেলেগ ফুলে নিজৰ নিজৰ ৰং দেখুৱাই আছে, কিন্তু যেতিয়া ফুলৰ থোপাৰ ৰূপত নিজৰ সুবাস বিয়পাবা, শক্তি দল প্ৰত্যক্ষ হ'ব, তেতিয়া এই সংগঠনৰ শক্তি পৰমাত্ম প্ৰত্যক্ষতাৰ নিমিত্ত হ'ব। বৰ্তমান এজন এজন পৃথক হোৱাৰ বাবে পৰিশ্ৰম অধিক কৰিবলগীয়া হয়, কিন্তু যেতিয়া সংগঠন একমত হ'ব, তেতিয়া পৰিশ্ৰম কম আৰু সফলতা অধিক হ'ব।