16.03.25 Avyakt Bapdada
Assame
Murli
05.03.2004 Om Shanti Madhuban
“*“দুৰ্বল
সংস্কাৰসমূহৰ সৎকাৰ কৰি সঁচা ‘হোলী’ উদ্যাপন কৰা তেতিয়া সংসাৰ পৰিৱৰ্তন হ’ব”*”
আজি বাপদাদাই নিজৰ
চাৰিওফালৰ ৰাজকীয় সন্তানসকলক চাই আছেহঁক। এই পৰমাত্ম স্নেহ তোমালোক কোটিৰ মাজত
কোনোবা শ্ৰেষ্ঠ আত্মাসকলৰহে প্ৰাপ্ত হয়। প্ৰতিগৰাকী সন্তানৰ তিনিখন ৰাজ সিংহাসন চাই
আছেহঁক। এই তিনিখন সিংহাসন গোটেই কল্পত এই সংগমতেই তোমালোক সন্তানসকলৰ প্ৰাপ্ত হয়।
এই তিনিখন সিংহাসন দেখিবলৈ পাইছানে? এখনতো এই ভ্ৰূকুটি ৰূপী সিংহাসন, য’ত আত্মা
চিকমিকাই আছে। দ্বিতীয়খন সিংহাসন – পৰমাত্ম অন্তৰাসন। অন্তৰাসনৰ অধিকাৰী হোৱা নহয়!
আৰু তৃতীয়খন হৈছে – ভৱিষ্যত বিশ্বৰ সিংহাসন। অন্তৰাসনৰ অধিকাৰী হোৱা বাবে সকলোতকৈ
ভাগ্যৱান হৈছা। এই পৰমাত্ম অন্তৰাসন তোমালোক ভাগ্যৱান সন্তানসকলৰহে প্ৰাপ্ত হয়।
ভৱিষ্যতে বিশ্বৰ ৰাজ সিংহাসনতো প্ৰাপ্ত হ’বই। কিন্তু অধিকাৰী কোন হয়? যি এই সময়ত
স্বৰাজ্য অধিকাৰী হয়। স্বৰাজ্য নাই তেন্তে বিশ্বৰ ৰাজ্যও নাই কিয়নো এই সময়ৰ
স্ব-ৰাজ্য অধিকাৰৰ দ্বাৰাহে বিশ্ব ৰাজ্য প্ৰাপ্ত হয়। বিশ্ব ৰাজ্যৰ সকলো সংস্কাৰ এই
সময়ত গঢ় লয়। গতিকে প্ৰত্যেকেই নিজক সদায় স্বৰাজ্য অধিকাৰী বুলি অনুভৱ কৰানে? যি
ভৱিষ্যত ৰাজ্যৰ গায়ন আছে – জানা নহয়! এক ধৰ্ম, এক ৰাজ্য, আইন-শৃংখলা, সুখ-শান্তি,
সম্পত্তিৰে ভৰপূৰ ৰাজ্য, স্মৃতিলৈ আহেনে – কিমান বাৰ এই স্বৰাজ্য আৰু বিশ্ব ৰাজ্য
প্ৰাপ্ত কৰিছা? স্মৃতিলৈ আহিছেনে কিমান বাৰ প্ৰাপ্ত কৰিছা? স্পষ্টকৈ স্মৃতিলৈ আহেনে?
নে স্মৰণ কৰিলে স্মৃতিলৈ আহে? কালি ৰাজ্য কৰিছিলা আৰু কাইলৈ ৰাজ্য কৰিব লাগে –
এনেকুৱা স্পষ্ট স্মৃতি আছেনে? এইটো স্মৃতি স্পষ্টকৈ সেইসকল আত্মাৰ থাকিব যিসকল এতিয়া
সদায় স্বৰাজ্য অধিকাৰী হ’ব। তেন্তে স্বৰাজ্য অধিকাৰী হোৱানে? সদায় হোৱানে নে
কেতিয়াবা কেতিয়াবা? কি ক’বা? সদায় স্বৰাজ্য অধিকাৰী হোৱানে? ডবল বিদেশীসকলৰ পাল নহয়
জানো। তেন্তে স্বৰাজ্য অধিকাৰী সদায় হোৱানে? পাণ্ডৱ সদায় হোৱানে? ‘সদায়’ থাকানে সুধি
আছোঁ? কিয়? যেতিয়া এই এটা জন্মত, সৰু জন্ম, গতিকে এই সৰু জন্মত যদি সদায় স্বৰাজ্য
অধিকাৰী নোহোৱা তেন্তে 21 জন্মৰ সদাকালৰ স্বৰাজ্য কেনেকৈ প্ৰাপ্ত হ’ব! 21 জন্মৰ
ৰাজ্য অধিকাৰী হ’ব লাগে নে কেতিয়াবা কেতিয়াবা হ’ব লাগে? কোনটো মঞ্জুৰ কৰা? সদায় হ’ব
লাগেনে? সদায়? কান্ধতো লৰোৱা। বাৰু, 21 জন্মই ৰাজ্য অধিকাৰী হ’ব লাগে? ৰাজ্য অধিকাৰী
অৰ্থাৎ অভিজাত পৰিয়ালতো ৰাজ্য অধিকাৰী। সিংহাসনততো কেইজনমান বহিব, কিন্তু তাত
সিংহাসন অধিকাৰীৰ যিমান স্বমান, সিমানেই অভিজাত পৰিয়ালৰো। তেওঁলোককো ৰাজ্য অধিকাৰী
বুলি ক’ব। কিন্তু হিচাপ এতিয়াৰ লগত সংযোগ আছে। এতিয়া যদি কেতিয়াবা কেতিয়াবা তেন্তে
তাতো কেতিয়াবা কেতিয়াবা। এতিয়া সদায় হ’লে তেতিয়া তাতো সদায়। সেয়েহে বাপদাদাৰ পৰা
সম্পূৰ্ণ অধিকাৰ লোৱা অৰ্থাৎ বৰ্তমান আৰু ভৱিষ্যতৰ পূৰা 21 জন্মৰ ৰাজ্য অধিকাৰী হোৱা।
তেন্তে ডবল বিদেশীসকল পূৰা অধিকাৰ লওঁতা নে আধা নে অলপ? কি? পূৰা অধিকাৰ ল’বা? পূৰা।
এটা জন্মও কম নহয়। তেনেহ’লে কি কৰিব লাগিব?
বাপদাদাইতো প্ৰতিগৰাকী
সন্তানক সম্পূৰ্ণ অধিকাৰী কৰি তোলে। হৈছা নহয়? দৃঢ়নে? নে হ’ম নে নহওঁ প্ৰশ্ন উদয় হয়
নেকি? কেতিয়াবা কেতিয়াবা প্ৰশ্ন উদয় হয় – গম নাপাওঁ হ’ম নে নহওঁ? হ’বই লাগিব। দৃঢ়নে?
যিসকল হ’বই লাগিব তেওঁলোকে হাত দাঙা। হ’বই লাগিব? বাৰু, এওঁলোক সকলো কোনধাৰি মালাৰ
মণি হ’ব? 108ৰ? ইয়ালৈ কিমান আহিছে? সকলো 108ত আহিবনে? তেন্তে ইয়াততো 1800 আছে।
তেন্তে 108ৰ মালা গাঁথো নেকি? বাৰু। 16 হাজাৰতো ভাল নালাগে। 16 হাজাৰত আহিবা জানো?
নাহা নহয়! এইটো নিশ্চয়তা আছে আৰু এইটো নিশ্চিত, এনেকুৱা অনুভৱ হওঁক। মই যদি নহওঁ
তেন্তে কোন হ’ব। নিচা আছেনে? তোমালোক নহ’লে তেন্তে অন্য কোনো নহয়। তোমালোকেই হ’বলৈ
গৈ আছা নহয়! কোৱা, তোমালোকেই নহয় জানো! পাণ্ডৱ তোমালোকেই হ’বলৈ গৈ আছা নহয়? বাৰু।
নিজৰ দাপোনত সাক্ষাৎকাৰ কৰিছানে? বাপদাদাইতো প্ৰতিগৰাকী সন্তানৰ নিশ্চয়তা দেখি
উচৰ্গিত হৈ যায়। বাঃ! বাঃ! প্ৰতিগৰাকী সন্তান বাঃ! বাঃ! বাঃ! হোৱা নহয়! বাঃ! বাঃ!
নে ‘কিয়’। ‘কিয়’তো নহয়? কেতিয়াবা কেতিয়াবা ‘কিয়’ হৈ যায় নেকি? হয়তো ‘কিয়’ আৰু ‘হায়!’
আৰু তৃতীয়তে ‘কন্দা’। তোমালোকতো বাঃ! বাঃ! হোৱা নহয়!
বাপদাদাই ডবল
বিদেশীসকলক লৈ বিশেষ গৌৰৱ কৰে। কিয়? ভাৰতবাসীয়েতো পিতাক ভাৰতলৈ আহ্বান জনালে। কিন্তু
ডবল বিদেশীসকলক লৈ গৌৰৱ এই কাৰণেই কৰে যে ডবল বিদেশীয়ে বাপদাদাক নিজৰ সত্যবাদীতাৰে
স্নেহৰ বন্ধনত বান্ধিলে। গৰিষ্ঠ সংখ্যক সত্যবাদী। কোনো কোনোৱে লুকুৱায়ো কিন্তু
গৰিষ্ঠ সংখ্যকে নিজৰ দুৰ্বলতা সত্যবাদীতাৰে পিতাৰ আগত কয়। গতিকে পিতাৰ সকলোতকৈ
ভাললগা বস্তু – সত্য সেইবাবে ভক্তিতো কয় ‘ঈশ্বৰ সত্য’। সকলোতকৈ ভাললগা বস্তু সত্য
কিয়নো য’ত সত্য থাকে ত’ত স্বচ্ছতা থাকে। স্বচ্ছতা আৰু স্পষ্টতা থাকে সেইবাবে
বাপদাদাক ডবল বিদেশীৰ সত্য স্নেহৰ জৰীয়ে টানি থাকে। কোনো কোনোৰ কম বেছি পৰিমাণে
সানমিহলিতো হয়। কিন্তু ডবল বিদেশীয়ে নিজৰ এই সত্যতাৰ বিশেষত্ব কেতিয়াও নেৰিবা।
সত্যতাৰ শক্তিয়ে ‘লিফ্ট’ৰ কাম কৰে। সকলোৰে সত্যতা ভাল লাগে নহয়! পাণ্ডৱ ভাল লাগেনে?
এনেয়েতো মধুবন নিবাসীকো ভাল লাগে। সকলো চাৰিওফালৰ মধুবন নিবাসীয়ে হাত দাঙা। দাদীয়ে
ভূজা বুলি কয় নহয়। সেয়েহে মধুবন, শান্তিবন সকলোৱে হাত দাঙা। দীঘলকৈ হাত দাঙা। মধুবন
নিবাসীৰ সত্যতা ভাল লাগেনে? যাৰ সত্যতা থাকিব তেওঁৰ পিতাক স্মৰণ কৰা বহুত সহজ হ’ব।
কিয়? পিতাও সত্য হয় নহয়! গতিকে সত্য পিতাৰ স্মৃতি যি সত্য তেওঁৰ সোনকালে আহে।
পৰিশ্ৰম কৰিবলগীয়া নহয়। যদি এতিয়াও স্মৰণ কৰিবলৈ পৰিশ্ৰম হয় তেন্তে বুজিবা ক’ৰবাত
নহয় ক’ৰবাত সূক্ষ্ম সংকল্প মাত্ৰ, স্বপ্ন মাত্ৰ কিবা সত্যতাৰ অভাৱ আছে। য’ত সত্যতা
আছে ত’ত সংকল্প কৰিলা বাবা, হজুৰ হাজিৰ হৈ যায় সেইবাবে বাপদাদাৰ সত্যতা বহুত প্ৰিয়।
গতিকে বাপদাদাই সকলো
সন্তানক এইটোৱে ইঙ্গিত দিয়ে যে পূৰা উত্তৰাধিকাৰ 21 জন্মলৈ ল’ব লাগে সেয়েহে এতিয়া
স্বৰাজ্য পৰীক্ষা কৰা – যেনেকৈ গায়ন আছে এক ৰাজ্য…, এখনেই ৰাজ্য হ’ব, দুখন নহয়।
তেন্তে বৰ্তমান স্বৰাজ্যৰ স্থিতিত সদায় এক ৰাজ্য আছেনে? স্বৰাজ্য আছেনে নে কেতিয়াবা
কেতিয়াবা পৰ- ৰাজ্যও হৈ যায়? যদি কেতিয়াবা মায়াৰ ৰাজ্য হয় তেন্তে পৰ-ৰাজ্য বুলি ক’বা
নে স্বৰাজ্য বুলি ক’বা? তেন্তে সদায় এক ৰাজ্য, পৰৰ অধীনতো হৈ নোযোৱা? কেতিয়াবা
মায়াৰ, কেতিয়াবা ‘স্ব’ৰ? ইয়াৰ দ্বাৰা বুজিবা যে সম্পূৰ্ণ উত্তৰাধিকাৰ প্ৰাপ্ত হৈ আছে,
সম্পূৰ্ণ হোৱা নাই, হৈ আছে। গতিকে পৰীক্ষা কৰা সদায় এক ৰাজ্য আছেনে? এক ধৰ্ম – ধৰ্ম
অৰ্থাৎ ধাৰণা। গতিকে বিশেষ ধাৰণা কোনটো? পৱিত্ৰতাৰ। গতিকে এক ধৰ্ম অৰ্থাৎ সংকল্প,
সপোনতো পৱিত্ৰতা আছেনে? সংকল্পতো, সপোনতো যদি অপৱিত্ৰতাৰ প্ৰছায়া আছে তেন্তে কি বুলি
ক’বা? এক ধৰ্ম আছেনে? সম্পূৰ্ণ পৱিত্ৰতা আছেনে? গতিকে পৰীক্ষা কৰা, কিয়? সময় তীব্ৰ
গতিত গৈ আছে। তেন্তে সময় তীব্ৰ গতিত গৈ আছে আৰু স্বয়ং যদি ধীৰ গতিৰ হোৱা তেন্তে
সময়ত লক্ষ্যস্থানত উপনীততো হ’ব নোৱাৰিবা নহয়! সেইবাবে বাৰে বাৰে পৰীক্ষা কৰা। এক
ৰাজ্য হয়নে? এক ধৰ্ম হয়নে? আইন-শৃংখলা আছেনে? নে মায়াই নিজৰ আদেশ চলায়? পৰমাত্ম
সন্তান শ্ৰীমতৰ আইন-শৃংখলা অনুসৰি চলোঁতা। মায়াৰ আইন-শৃংখলা অনুসৰি নহয়। গতিকে
পৰীক্ষা কৰা – সকলো ভৱিষ্যতৰ সংস্কাৰ এতিয়া দৃষ্টিগোচৰ হওঁক কিয়নো সংস্কাৰ এতিয়া
ধাৰণ কৰিব লাগে। তাত ধাৰণ কৰিব নালাগে, ইয়াতেই ধাৰণ কৰিব লাগে। সুখ আছেনে? শান্তি
আছেনে? সম্পত্তিৱান হোৱানে? সুখ এতিয়া সাধনৰ আধাৰততো নহয়? অতীন্দ্ৰিয় সুখ আছেনে?
সাধনসমূহ ইন্দ্ৰিয়ৰ আধাৰ। অতীন্দ্ৰিয় সুখ সাধনসমূহৰ আধাৰত নহয়। অখণ্ড শান্তি আছেনে?
খণ্ডিততো নহয়? কিয়নো সত্যযুগৰ ৰাজ্যৰ মহিমা কি? অখণ্ড শান্তি, অটল শান্তি। সম্পন্নতা
আছেনে? সম্পত্তিৰে কি হয়? সম্পন্নতা হয়। সকলো সম্পত্তি আছেনে? গুণ, শক্তি, জ্ঞান এয়া
হৈছে সম্পত্তি। তাৰ লক্ষণ কি হ’ব? যদি মই সম্পত্তিৰে সম্পন্ন হওঁ – তেন্তে তাৰ
লক্ষণ কি? সন্তুষ্টতা। সৰ্ব প্ৰাপ্তিৰ আধাৰ হৈছে সন্তুষ্টতা, অসন্তুষ্টতা
অপ্ৰাপ্তিৰ সাধন। গতিকে পৰীক্ষা কৰা – এটাও বিশেষত্বৰ অভাৱ হ’ব নালাগে। তেন্তে
ইমানখিনি পৰীক্ষা কৰানে? গোটেই সংসাৰ তোমালোকে এতিয়াৰ সংস্কাৰৰ দ্বাৰা গঢ়ি তোলোঁতা
হোৱা। এতিয়াৰ সংস্কাৰ অনুসৰি ভৱিষ্যতৰ সংসাৰ হ’ব। তেন্তে তোমালোক সকলোৱে কি কোৱা?
কোন তোমালোক? বিশ্ব পৰিৱৰ্তক হোৱা নহয়! বিশ্ব পৰিৱৰ্তক হোৱানে? তেন্তে বিশ্ব
পৰিৱৰ্তকৰ আগতে স্ব-পৰিৱৰ্তক। সেয়েহে এই সকলো সংস্কাৰ নিজৰ মাজত পৰীক্ষা কৰা। ইয়াৰ
দ্বাৰা বুজি পাবা যে মই 108ৰ মালাত আছোঁ নে আগে-পিছে আছোঁ? এই পৰীক্ষা এখন দৰ্পণৰ
দৰে, এই দৰ্পণত নিজৰ বৰ্তমান আৰু ভৱিষ্যতক চোৱা। চাব পাৰানে?
এতিয়াতো ‘হোলী’ উদ্যাপন
কৰিবলৈ আহিছা নহয়! ‘হোলী’ উদ্যাপন কৰিব আহিছা, বাৰু। ‘হোলী’ৰ অৰ্থ বৰ্ণনা কৰিছোঁ
নহয়! সেয়েহে বাপদাদাই আজি বিশেষকৈ ডবল বিদেশীসকলক কৈছে, মধুবন নিবাসী লগত আছে, এয়া
বহুত ভাল। মধুবন নিবাসীকো লগতে কৈ আছে। যিয়েই আহিছে, লাগিলে বোম্বাইৰ (এতিয়া
মুম্বাই) পৰা আহিছা বা দিল্লীৰ পৰা আহিছা, কিন্তু এই সময়ত মধুবন নিবাসী। ডবল
বিদেশীসকলো এই সময়ত ক’ৰ? মধুবন নিবাসী হোৱা নহয়! মধুবন নিবাসী হোৱাটো ভাল নহয় জানো!
গতিকে সকলো সন্তানকে লাগিলে ইয়াত সন্মুখত বহি আছা বা চাৰিওফালৰ নিজৰ নিজৰ স্থানত বহি
আছা, বাপদাদাই এটা পৰিৱৰ্তন বিচাৰে – যদি সাহস আছে তেন্তে বাপদাদাই ক’ব। সাহস আছেনে?
সাহস আছেনে? সাহস আছেনে? কৰিব লাগিব। এনেকুৱা নহয় যে হাত দাঙিলা গতিকে হৈ গ’ল,
এনেকুৱা নহয়। হাত দঙাতো বহুত ভাল কিন্তু মনৰ হাত দাঙা। আজি কেৱল এই হাত নাদাঙিবা,
মনৰ হাত দাঙিবা।
ডবল বিদেশীসকল সমীপত
বহি আছা নহয়, সেয়েহে সমীপৰসকলক অন্তৰৰ কথা শুনোৱা হয়। গৰিষ্ঠ সংখ্যকৰে দেখিবলৈ পোৱা
যায়, যে সকলোৰে বাপদাদাৰ প্ৰতি, সেৱাৰ প্ৰতি বহুত ভাল স্নেহ আছে। পিতাৰ স্নেহ
অবিহনেও থাকিব নোৱাৰে আৰু সেৱা অবিহনেও থাকিব নোৱাৰে। গৰিষ্ঠ সংখ্যকৰে এইখন
প্ৰমাণপত্ৰ ঠিকে আছে। বাপদাদাই চাৰিওফালে চায় কিন্তু…, কিন্তু আহি গ’ল। গৰিষ্ঠ
সংখ্যকৰে এইটো আৱাজ আহে যে কিবা নহয় কিবা এনেকুৱা সংস্কাৰ, পুৰণা যিটো নিবিচাৰে
কিন্তু সেই পুৰণা সংস্কাৰে এতিয়াও আকৰ্ষিত কৰি লয়। গতিকে যেতিয়া ‘হোলী’ উদ্যাপন
কৰিবলৈ আহিছা তেন্তে ‘হোলী’ৰ অৰ্থ হ’ল – যি হৈ গ’ল সেয়া হৈ গ’ল। হো লী, হৈ গ’ল।
গতিকে যিয়েই নহওঁক অলপো কিবা সংস্কাৰ 5 শতাংশও, 10 শতাংশও হওঁক, 50 শতাংশও হওঁক,
যিয়েই নহওঁক। অতি কমেও 5 শতাংশও যদি আছে তেন্তে আজি সংস্কাৰৰ হোলী জ্বলোৱা। যি
সংস্কাৰ এনেকৈ ভাবা যে এইটো সংস্কাৰে মোক মাজে মাজে অশান্ত কৰে। প্ৰত্যেকেই বুজি
পায়। বুজি পোৱা নহয়? গতিকে ‘হোলী’ এফালে জ্বলোৱা হয়, দ্বিতীয়তে ৰং লগোৱা হয়। দুই
প্ৰকাৰৰ ‘হোলী’ আৰু ‘হোলী’ৰ অৰ্থও হৈছে, যি হৈ গ’ল সেয়া হৈ গ’ল। সেয়েহে বাপদাদাই
বিচাৰে এনেকুৱা যি সংস্কাৰ থাকি গৈছে, যাৰ কাৰণে সংসাৰ পৰিৱৰ্তন হোৱা নাই, গতিকে আজি
সেই দুৰ্বল সংস্কাৰক জ্বলোৱা অৰ্থাৎ সৎকাৰ কৰি দিয়া। জ্বলোৱাকো সৎকাৰ কৰা বুলি কয়
নহয়। যেতিয়া মনুষ্য মৰে তেতিয়া কয় সৎকাৰ কৰিব লাগে অৰ্থাৎ সদাকালৰ বাবে নাশ কৰিব
লাগে। তেন্তে আজি সংস্কাৰৰো সৎকাৰ কৰিব পাৰিবানে? তোমালোকে ক’বা যে মইতো নিবিচাৰো
যে সংস্কাৰ আহক, কিন্তু আহি যায়, কি কৰোঁ? এনেকৈ ভাবা নেকি? বাৰু। ভুলতে আহি যায়।
যদি কোনোবাই দিয়া বস্তু, ভুলতে তোমাৰ লগত আহি যায় তেতিয়া কি কৰা? যতনেৰে আলমাৰিত থৈ
দিয়া নেকি? ৰাখি থবা নেকি? গতিকে যদি আহিও যায় তেন্তে অন্তৰত নাৰাখিবা কিয়নো অন্তৰত
পিতা বহি আছে নহয়! গতিকে পিতাৰ লগত যদি সেই সংস্কাৰো ৰাখা, তেতিয়া ভাল লাগিব জানো?
নালাগে নহয়! সেইবাবে যদি ভুলতে আহিও যায়, তেন্তে অন্তৰেৰে ক’বা - বাবা, বাবা, বাবা
বচ্। সমাপ্ত। বিন্দু লাগি যাব। বাবা কি? বিন্দু। সেয়েহে বিন্দু লাগি যাব। যদিহে
অন্তৰেৰে কোৱা তেতিয়াহে। বাকী যদি এনেয়ে স্বাৰ্থ ৰাখি স্মৰণ কৰা – বাবা লৈ লওঁকচোন,
লৈ লওঁকচোন, নিজৰ লগত ৰাখে আৰু কয় লৈ লওঁকচোন, লৈ লওঁকচোন। তেতিয়া কেনেকৈ ল’ব?
তোমালোকৰ বস্তু কেনেকৈ ল’ব? প্ৰথমে তোমালোকে নিজৰ বস্তু বুলি নাভাবিবা তেতিয়া ল’ব।
এনেয়ে জানো আনৰ বস্তু লৈ ল’ব। তেন্তে কি কৰিবা? ‘হোলী’ উদ্যাপন কৰিবানে? হো লী, হো
লী (যি হৈ গ’ল সেয়া হৈ গ’ল)। বাৰু, যিসকলে ভাবা যে দৃঢ় সংকল্প কৰি আছোঁ, তেওঁলোকে
হাত দাঙা। তোমালোকে বাৰে বাৰে উলিয়াই দিলে তেতিয়া ওলাই যাব। ভিতৰত ৰাখি নথ’বা, কি
কৰোঁ, কেনেকৈ কৰোঁ, ওলাই নাযায়। এনেকুৱা নহয়, উলিয়াবই লাগিব। তেন্তে দৃঢ় সংকল্প
কৰিবানে? যিসকলে কৰিবা তেওঁলোকে মনেৰে হাত দাঙা, বাহিৰত দাঙিব নালাগে। মনেৰে। (কিছুমানে
দঙা নাই) এওঁ দঙা নাই। (সকলোৱে দাঙিলে) বৰ ভাল, অভিনন্দন, অভিনন্দন। কি হয় যে এফালে
আগতীয়া দলে বাপদাদাক বাৰে বাৰে কয় – কেতিয়ালৈকে, কেতিয়ালৈকে, কেতিয়ালৈকে? দ্বিতীয়তে
– প্ৰকৃতিয়েও পিতাক আপত্তি কৰে, এতিয়া পৰিৱৰ্তন কৰক। পিতা ব্ৰহ্মায়ো কয় যে এতিয়া
কেতিয়া পৰমধামৰ দ্বাৰ মুকলি হ’ব? লগত যাব লাগে নহয়, থাকিতো যাব নালাগে নহয়! লগত যাবা
নহয়! একেলগে দ্বাৰ মুকলি কৰিম! লাগিলে চাবি ব্ৰহ্মা বাবাই খুলিব, কিন্তু লগত থাকিবা
নহয়! গতিকে এইটো পৰিৱৰ্তন কৰা। বচ্, আনিবই নালাগে, মোৰ বস্তুৱেই নহয়, আনৰ বস্তু,
ৰাৱণৰ বস্তু কিয় ৰাখিছা! আনৰ বস্তু ৰাখিব লাগে জানো? তেন্তে এয়া কাৰ? ৰাৱণৰ নহয় জানো!
তেওঁৰ বস্তু নিজে কিয় ৰাখিছা? ৰাখিব লাগেনে? ৰাখিব নালাগে নহয়, দৃঢ়নে? বাৰু। গতিকে
ৰঙৰ ‘হোলী’ লাগিলে উদ্যাপন কৰা কিন্তু প্ৰথমে এইটো ‘হোলী’ উদ্যাপন কৰা। তোমালোকে
দেখিছা, তোমালোকৰ দয়াশীল বুলি গায়ন আছে। তোমালোক দয়াময় দেৱী আৰু দেৱতা হোৱা নহয়!
তেন্তে দয়া নাজাগেনে? নিজৰ ভাতৃ-ভগ্নীসকল ইমান দুখী, তেওঁলোকৰ দুখ দেখি দয়া নাজাগেনে?
দয়া জাগেনে? তেন্তে সংস্কাৰ পৰিৱৰ্তন কৰা, তেতিয়া সংসাৰ পৰিৱৰ্তন হৈ যাব। যেতিয়ালৈকে
সংস্কাৰ পৰিৱৰ্তন নহয়, তেতিয়ালৈকে সংসাৰ পৰিৱৰ্তন হ’ব নোৱাৰে। তেন্তে কি কৰিবা?
আজি ভাল খবৰ শুনিছিলোঁ
যে সকলোৱে দৃষ্টি ল’ব। ভাল কথা। বাপদাদাতো সন্তানসকলৰ আজ্ঞাকাৰী কিন্তু… ‘কিন্তু’
বুলি কোৱা শুনি হাঁহে। হাঁহা বাৰু। দৃষ্টিৰ কাৰণে কয় – দৃষ্টিৰ দ্বাৰা সৃষ্টি
পৰিৱৰ্তন হয়। গতিকে আজিৰ দৃষ্টিৰে সৃষ্টি পৰিৱৰ্তন কৰিবই লাগিব, কিয়নো সম্পন্নতা বা
যি প্ৰাপ্ত হৈছে, তাৰ বহু সময়ৰ অভ্যাস লাগে। এনেকুৱা নহয় যে সময়ত হৈ যাব, নহয়। বহু
সময়ৰ ৰাজ্য-ভাগ্য ল’ব লাগে, সেয়েহে সম্পন্নতাও বহুত সময়ৰ লাগে। তেনেহ’লে ঠিক আছেনে?
ডবল বিদেশীসকল আনন্দিত হৈছানে? বাৰু।
চাৰিওফালৰ সকলো
তিনিখন আসনৰ অধিকাৰী আত্মাসকলক, সদায় স্বৰাজ্য অধিকাৰী বিশেষ আত্মাসকলক, সদায়
দয়াশীল হৈ আত্মাসকলক সুখ-শান্তিৰ অঞ্জলি দিওঁতা মহাদানী আত্মাসকলক, সদায় দৃঢ়তা আৰু
সফলতাৰ অনুভৱ কৰোঁতা পিতাৰ সমান আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
বৰদান:
সংকল্প আৰু
বাণীৰ বিস্তাৰক সাৰত আনোঁতা অন্তৰ্মুখী হোৱা
ব্যৰ্থ সংকল্পৰ
বিস্তাৰক সামৰি সাৰ ৰূপত স্থিৰ হোৱা তথা মুখৰ আৱাজৰ ব্যৰ্থক সামৰি সমৰ্থ অৰ্থাৎ সাৰ
ৰূপত অনা – এয়াই অন্তৰ্মুখতা। এনেকুৱা অন্তৰ্মুখী সন্তানেহে শান্তিৰ শক্তিৰে
দিগভ্ৰান্ত আত্মাসকলক সঠিক ঠিকনা দেখুৱাব পাৰে। এই শান্তিৰ শক্তিয়ে অনেক আত্মিক ৰং
দেখুৱায়। শান্তিৰ শক্তিৰে প্ৰত্যেক আত্মাৰ মনৰ আৱাজ ইমান সমীপত শুনিবলৈ পোৱা যায়
যেন কোনোবাই সন্মুখত কৈ আছে।
স্লোগান:
স্বভাৱ,
সংস্কাৰ, সম্বন্ধ, সম্পৰ্কত পাতল হৈ থকা অৰ্থাৎ ফৰিস্তা হোৱা।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সঁচা অন্তৰৰ সত্যবাদী
সন্তানে, সত্যতাৰ মহানতাৰ কাৰণে চেকেণ্ডত বিন্দু হৈ বিন্দু স্বৰূপ পিতাক স্মৰণ কৰিব
পাৰে। সঁচা অন্তৰৰ সন্তানে চাহাবক ৰাজী কৰাৰ কাৰণে, পিতাৰ বিশেষ আশীৰ্বাদ প্ৰাপ্তিৰ
কাৰণে সময় অনুসৰি মগজে যুক্তিযুক্ত, যথাৰ্থ কাৰ্য স্বতঃ কৰে কিয়নো বুদ্ধিমানৰ বুদ্ধি
(পিতাক) ৰাজী কৰি থৈছে।
সুচনা:- আজি
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তৃতীয় ৰবিবাৰ, সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈ সকলো
ভাতৃ-ভগ্নীয়ে যেন সংগঠিত ৰূপত একত্ৰিত হৈ যোগ অভ্যাসত সকলো আত্মাৰ প্ৰতি এইটো শুভ
ভাৱনা ৰাখে – যে সকলো আত্মাৰ কল্যাণ হওঁক, সকলো আত্মাই সত্য মাৰ্গত চলি পৰমাত্ম
উত্তৰাধিকাৰৰ অধিকাৰ প্ৰাপ্ত কৰি লওঁক। মই পিতাৰ সমান সকলো আত্মাক মুক্তি
জীৱনমুক্তিৰ বৰদান দিওঁতা আত্মা হওঁ।