16.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
যোগৰ দ্বাৰাই আত্মাৰ খাদ আঁতৰিব, পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ পাবা, সেয়েহে যিমান
সম্ভৱ যোগবল বঢ়োৱা”
প্ৰশ্ন:
দেৱী-দেৱতাসকলৰ কর্ম শ্রেষ্ঠ আছিল, এতিয়া কিয় সকলোৰে কর্ম ভ্রষ্ট হৈছে?
উত্তৰ:
কিয়নো নিজৰ আচল ধৰ্মক পাহৰি গৈছে। ধৰ্ম পাহৰি যোৱাৰ বাবেই যি কৰ্ম কৰে সেয়া ভ্রষ্ট
হয়। পিতাই তোমালোকক নিজৰ সত্য ধৰ্মৰ পৰিচয় দিয়ে, লগতে গোটেই বিশ্বৰ ইতিহাস-ভূগোল
শুনায়, যিটো সকলোকে শুনাব লাগে, পিতাৰ সত্য পৰিচয় দিব লাগে।
গীত:
মুখৰা দেখ লে
প্ৰাণী.... (চেহেৰা চাই লোৱা প্ৰাণী...)
ওঁম্শান্তি।
এয়া কোনে ক’লে
আৰু কাক ক’লে? পিতাই সন্তানসকলক ক’লে। যিসকল সন্তানক পতিতৰ পৰা পাৱন কৰি আছে।
সন্তানসকলে জানি গৈছে যে আমি ভাৰতবাসী যিসকল দেৱী-দেৱতা আছিলোঁ, আমি সকলোৱে এতিয়া
84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই সতোপ্ৰধান অৱস্থা অতিক্ৰমি সতো, ৰজো, তমো আৰু এতিয়া
তমোপ্ৰধান হৈ গৈছোঁ। এতিয়া পুনৰ পতিতসকলক পাৱন কৰি তোলোঁতা পিতাই কয়, নিজৰ অন্তৰক
সোধা কিমানলৈকে মই পুণ্য আত্মা হৈছোঁ? তোমালোক সতোপ্ৰধান পৱিত্ৰ আত্মা আছিলা, যেতিয়া
ইয়াত তোমালোকে প্ৰথমে নিজক দেৱী-দেৱতা বুলি কৈছিলা, যাক আদি-সনাতন দেৱী-দেৱতা ধৰ্ম
বুলি কোৱা হয়। এতিয়া কোনো ভাৰতবাসীয়ে নিজক দেৱী-দেৱতা ধৰ্মৰ বুলি নকয়। হিন্দুতো কোনো
ধৰ্ম নহয়। কিন্তু পতিত হোৱাৰ কাৰণে নিজক দেৱতা বুলি ক’ব নোৱাৰে। সত্যযুগত দেৱতাসকল
পৱিত্ৰ আছিল। পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল, যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা সকলো
পৱিত্ৰ আছিল। ভাৰতবাসীক পিতাই সোঁৱৰাই দিয়ে যে তোমালোক পৱিত্ৰ প্ৰবৃত্তি মাৰ্গৰসকল
আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলা, তাক স্বর্গ বুলি কোৱা হৈছিল। তাত এটাই ধৰ্ম আছিল।
প্ৰথম নম্বৰত মহাৰজা-মহাৰাণী, লক্ষ্মী-নাৰায়ণ আছিল। তেওঁলোকৰো ৰাজবংশ আছিল আৰু ভাৰত
বহুত ধনৱান আছিল, সেয়া সত্যযুগ আছিল। আকৌ ত্ৰেতাত আহিল তেতিয়াও পূজ্য দেৱী-দেৱতা বা
ক্ষত্ৰিয় বুলি কৈছিল। সেয়া লক্ষ্মী-নাৰায়ণৰ ৰাজ্য, সেয়া সীতা-ৰামৰ ৰাজ্য, সেই
ৰাজবংশও চলিল। যিদৰে খ্ৰীষ্টিয়ানত এডৱাৰ্ড প্ৰথম, দ্বিতীয়…… এনেকৈ চলে। সেইদৰে
ভাৰততো এনেকুৱা আছিল। 5 হাজাৰ বছৰৰ কথা অৰ্থাৎ 5 হাজাৰ বছৰ পূৰ্বে ভাৰতত এই
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। কিন্তু তেওঁলোকে এই ৰাজ্য কেতিয়া আৰু কেনেকৈ পালে -
এইটো কোনেও নাজানে। সেই সূৰ্যবংশী ৰাজ্যই আকৌ চন্দ্ৰবংশীত আহিল কিয়নো পুনৰ্জন্ম লৈ
লৈ ছিৰি নামি আহে। ভাৰতৰ এই ইতিহাস-ভূগোল কোনেও নাজানে। ৰচয়িতা হৈছে পিতা তেন্তে
নিশ্চয় সত্যযুগী নতুন সৃষ্টিৰ ৰচয়িতা হ’ল। পিতাই কয় - সন্তানসকল, তোমালোকে আজিৰ পৰা
5 হাজাৰ বছৰ পূৰ্বে স্বৰ্গত আছিলা। এই ভাৰত স্বর্গ আছিল আকৌ নৰকত আহিল। জগতৰ লোকেতো
বিশ্বৰ এই ইতিহাস-ভূগোল নাজানে। তেওঁলোকেতো আধা; কেৱল শেষৰফালৰ ইতিহাস জানে।
সত্যযুগ-ত্ৰেতাৰ ইতিহাস-ভূগোল কোনেও নাজানে। ঋষি-মুনিসকলেও কৈ গৈছে - আমি ৰচয়িতা আৰু
ৰচনাৰ আদি-মধ্য-অন্তক নাজানোঁ। কোনোবাই জানিবই বা কেনেকৈ, পিতাই তোমালোককহে বহি
বুজায়। শিৱবাবাই ভাৰততহে দিব্য জন্ম লয়, যাৰ শিৱ জয়ন্তীও পালন কৰা হয়। শিৱ জয়ন্তীৰ
পাছত আকৌ হ'ব লাগে গীতা জয়ন্তী। তাৰপাছত একেলগে হ'ব লাগে শ্ৰীকৃষ্ণ জয়ন্তী। কিন্তু
এই জয়ন্তীৰ ৰহস্য ভাৰতবাসীয়ে নাজানে যে শিৱ জয়ন্তী কেতিয়া হ’ল! অন্য ধৰ্মৰ লোকেতো
তৎক্ষণাৎ ক’ব - বুদ্ধ জয়ন্তী, যীশুখ্ৰীষ্ট জয়ন্তী কেতিয়া হ’ল। ভাৰতবাসীক সোধা শিৱ
জয়ন্তী কেতিয়া হ’ল? কোনেও ক’ব নোৱাৰিব। শিৱ ভাৰতত আহিল, আহি কি কৰিলে? কোনেও নাজানে।
শিৱ হৈ গ’ল সকলো আত্মাৰ পিতা। আত্মা হ'ল অবিনাশী। আত্মাই এটা শৰীৰ এৰি আন এটা লয়।
এয়া 84ৰ চক্ৰ। শাস্ত্ৰততো 84 লাখ জন্ম বুলি মুখৰোচক কথা লিখি দিছে। পিতা আহি সত্য
কথা শুনায়। পিতাৰ বাহিৰে অন্য সকলোৱে ৰচয়িতা আৰু ৰচনাৰ বিষয়ে মিছা কথাই কয় কিয়নো এয়া
হয়েই মায়াৰ ৰাজ্য। তোমালোক প্ৰথমে পাৰসবুদ্ধিৰ আছিলা, ভাৰত পাৰসপুৰী আছিল। সোণ, হীৰা,
মুকুতাৰ মহল আছিল। পিতাই বহি ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য অৰ্থাৎ সৃষ্টিৰ
ইতিহাস-ভূগোল শুনায়। ভাৰতবাসীয়ে এইটো নাজানে যে আমিয়েই আগতে দেৱী-দেৱতা আছিলোঁ,
এতিয়া পতিত, কঙাল, অধৰ্মী হৈ গৈছোঁ, নিজৰ ধর্মক পাহৰি গৈছোঁ। এয়াও ড্ৰামা অনুসৰি
হ'ব লাগে। গতিকে এই বিশ্বৰ ইতিহাস-ভূগোল বুদ্ধিত উদয় হ’ব লাগে নহয়। উচ্চতকৈও উচ্চ
সকলো আত্মাৰ পিতা মূললোকত থাকে, তাৰপাছত হৈছে সূক্ষ্মলোক। এয়া হৈছে স্থূললোক।
সূক্ষ্মলোকত কেৱল ব্ৰহ্মা-বিষ্ণু-শংকৰ থাকে। তেওঁলোকৰ অন্য কোনো ইতিহাস-ভূগোল নাই।
এওঁলোক তিনিওজন ওলমি আছে। ভগৱান এজন। তেওঁৰ ৰচনাও এখন, যি চক্ৰ ঘূৰি থাকে। সত্যযুগৰ
পৰা ত্ৰেতা আকৌ দ্বাপৰ, কলিযুগত আহিব লাগে। 84 জন্মৰ হিচাপ থাকিব লাগে নহয়, যিটো
কোনেও নাজানে আৰু কোনো শাস্ত্ৰতো নাই। 84 জন্মৰ ভূমিকা তোমালোক সন্তানসকলেহে পালন
কৰা। পিতাতো এই চক্ৰত নাহে। সন্তানসকলহে পতিতৰ পৰা পাৱন হৈ যায় সেইবাবে চিঞৰে - বাবা
আহি আমাক পুনৰ পাৱন কৰি তোলক। এজনকেই সকলোৱে মিনতি কৰে। ৰাৱণৰাজ্যত যি সকলো দুখী হৈ
আছে, তেওঁলোকক আহি উদ্ধাৰ কৰক আৰু তাৰপাছত ৰামৰাজ্যলৈ লৈ ব'লক। আধাকল্প হৈছে
ৰামৰাজ্য। আধাকল্প হৈছে ৰাৱণৰাজ্য। ভাৰতবাসী যি পৱিত্ৰ আছিল তেওঁলোকেই পতিত হয়। বাম
(বিকাৰী) মাৰ্গত যোৱাৰ বাবে পতিত হোৱা আৰম্ভ হয়। ভক্তিমাৰ্গ আৰম্ভ হয়। এতিয়া
তোমালোক সন্তানসকলক জ্ঞান শুনোৱা হয়, যাৰ দ্বাৰা আধাকল্প, 21 জন্মৰ কাৰণে তোমালোকে
সুখৰ উত্তৰাধিকাৰ পোৱা। আধাকল্প জ্ঞানৰ প্ৰালব্ধ চলে, আকৌ ৰাৱণৰাজ্য হয়। অৱনমিত
হ’বলৈ ধৰে। তোমালোক দৈৱী ৰাজ্যত আছিলা আকৌ আসুৰিক ৰাজ্যলৈ আহি গ’লা, ইয়াক নৰক বুলিও
কয়। তোমালোক স্বৰ্গত আছিলা তাৰপাছত 84 জন্ম লৈ নৰকত আহি পালা। সেয়া আছিল সুখধাম। এয়া
দুখধাম, 100 শতাংশ কঙাল। 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই, সেই ভাৰতবাসীয়ে পূজ্যৰ পৰা
পূজাৰী হৈ গৈছে। ইয়াকে বিশ্বৰ ইতিহাস-ভূগোল বুলি কোৱা হয়। এয়া হৈছে সকলো তোমালোক
ভাৰতবাসীৰ চক্ৰ, অন্য ধৰ্মৰ লোকেতো 84 জন্ম নলয়। তেওঁলোক সত্যযুগত নাথাকেই। সত্যযুগ
ত্ৰেতাত কেৱল ভাৰতহে আছিল। সূৰ্যবংশী, চন্দ্ৰবংশী তাৰপাছত বৈশ্যবংশী, শূদ্ৰবংশী…….
এতিয়া পুনৰ তোমালোক আহি ব্ৰাহ্মণবংশী হৈছা, দেৱতাবংশী হ’বৰ বাবে। এয়া হৈছে ভাৰতৰ
বৰ্ণ। এতিয়া তোমালোক ব্ৰাহ্মণ হোৱা কাৰণে শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। পিতাই
তোমালোকক পঢ়াই আছে, 5 হাজাৰ বছৰ পূৰ্বৰ দৰে। কল্পই কল্পই তোমালোক পাৱন হৈ পুনৰ পতিত
হোৱা। সুখধামলৈ গৈ আকৌ দুখধামলৈ আহা। পুনৰ শান্তিধামলৈ যাব লাগে, যাক নিৰাকাৰী
সৃষ্টি বুলি কোৱা হয়। আত্মা কি, পৰমাত্মা কি, এয়া কোনো মনুষ্যই নাজানে। আত্মাও এটা
তৰা বিন্দুৰ দৰে। এনেকৈ কয় – ভ্ৰূকুটিৰ মধ্যত তৰা জিলিকে, সূক্ষ্ম বিন্দু, যাক
দিব্য দৃষ্টিৰেহে দেখা পাব পাৰি। বাস্তৱত তৰা বুলিও কোৱা নহ’ব। তৰাতো বহুত ডাঙৰ -
কেৱল দূৰৈত থকাৰ বাবে সৰু দেখিবলৈ পোৱা যায়। এয়া কেৱল উদাহৰণ দিয়া হয়। আত্মা ইমান
সূক্ষ্ম যিদৰে আকাশত তৰা সৰু দেখা পোৱা যায়। পিতাৰ আত্মাও এটা তৰাৰ দৰেই। তেওঁক পৰম
আত্মা বুলি কোৱা হয়। তেওঁৰ মহিমা ভিন্ন। মনুষ্য সৃষ্টিৰ চৈতন্য বীজ ৰূপ হোৱাৰ কাৰণে
তেওঁৰ সকলো জ্ঞান আছে। তোমালোক আত্মায়ো এতিয়া জ্ঞান পাই আছা। আত্মাইহে জ্ঞান ধাৰণ
কৰি আছে, ইমান সূক্ষ্ম বিন্দুত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। সেয়াও অবিনাশী, 84
জন্মৰ চক্ৰ পৰিক্ৰমা লগাই আহিছা। ইয়াৰ সমাপ্তি হ'ব নোৱাৰে। দেৱতা আছিলা, দৈত্য হ'লা
পুনৰ দেৱতা হ'ব লাগে। এই চক্ৰ চলি আহিছে। বাকীতো সকলো আনুষংগিক দৃশ্য (নাটকৰ মূল
কাহিনীৰ লগতে দেখুওৱা উপ কাহিনী যিটো নহ’লেও মূল কাহিনীত কোনো প্ৰভাৱ নপৰে)। ইছলাম,
বৌদ্ধ আদি ধৰ্মৰসকলে কোনো 84 জন্ম নলয়। এওঁলোকেই সত্যযুগত ভাৰতত শ্ৰেষ্ঠাচাৰী চহকী
আছিল আকৌ 84 জন্ম লৈ বিকাৰী হৈ গ’ল। এইখন হৈছে বিকাৰী বিশ্ব। 5 হাজাৰ বছৰ পূৰ্বে
পৱিত্ৰতা আছিল, শান্তিও আছিল, সমৃদ্ধিও আছিল। পিতাই সন্তানসকলক সোঁৱৰাই দিয়ে। মুখ্য
হ'ল - পৱিত্ৰতা সেইবাবে কয় পতিতক পাৱন কৰি তোলোঁতা আহক। তেৱেঁই সৎগতি দিওঁতা,
সেইবাবে তেৱেঁই সৎগুৰু। তোমালোকে এতিয়া পিতাৰ দ্বাৰা ভিকহুৰ পৰা ৰাজকুমাৰ হৈ আছা
অথবা নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱা। তোমালোকৰ এয়া হৈছে ৰাজযোগ। ভাৰতেহে
এতিয়া পিতাৰ দ্বাৰা ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰে। আত্মাইহে 84 জন্ম লয়। আত্মাইহে পঢ়ে,
শৰীৰৰ দ্বাৰা। শৰীৰে নপঢ়ে। আত্মাই সংস্কাৰ লৈ যায়। মই আত্মাই এই শৰীৰৰ দ্বাৰা পঢ়োঁ
- ইয়াক দেহী-অভিমানী বুলি কোৱা হয়। আত্মা যেতিয়া পৃথক হৈ যায় তেতিয়া শৰীৰ কোনো কামৰ
হৈ নাথাকে। আত্মাই কয় - এতিয়া মই পুণ্য আত্মা হৈ আছোঁ। মনুষ্যই দেহ-অভিমানত আহি কয়
- মই এইটো কৰোঁ… তোমালোকে এতিয়া বুজি পোৱা যে মই আত্মা, এইটো মোৰ শৰীৰ ডাঙৰ।
পৰমাত্মা পিতাৰ দ্বাৰা মই আত্মাই পঢ়ি আছোঁ। পিতাই কয় – মামেকম্ (মোক অৰ্থাৎ পৰমপিতা
শিৱক) স্মৰণ কৰা। তোমালোক সোণালী যুগত সতোপ্ৰধান আছিলা আকৌ তোমালোকৰ খাদ (বিকাৰৰ
লেপ) পৰিল। খাদ পৰি পৰি পাৱনৰ পৰা পতিত হৈ গ’লা। এতিয়া পুনৰ পাৱন হ'ব লাগে সেইবাবে
কয় - হে পতিত পাৱন আহক, আহি আমাক পাৱন কৰি তোলক, গতিকে পিতাই ৰায় দিয়ে হে পতিত আত্মা
মোক পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ খাদ আঁতৰিব আৰু তোমালোক পাৱন হৈ যাবা। তাক
প্ৰাচীন যোগ বুলি কোৱা হয়। এই স্মৃতি অৰ্থাৎ যোগ অগ্নিৰে খাদ ভস্ম হ'ব। মূল কথা হ'ল
- পতিতৰ পৰা পাৱন হোৱা। সাধু-সন্ত আদি সকলো পতিত। পাৱন হোৱাৰ উপায় পিতাইহে শুনায় –
মামেকম্ স্মৰণ কৰা। এই অন্তিম জন্ম পৱিত্ৰ হোৱা। খাওঁতে-লওঁতে, চলোঁতে-ফুৰোঁতে
মামেকম্ স্মৰণ কৰা কিয়নো তোমালোক সকলো আত্মাৰ (প্ৰেমিকাৰ) প্ৰেমিক মই হওঁ।
তোমালোকক মই পাৱন কৰি তুলিছিলোঁ পুনৰ পতিত হ’লা। সকলো ভক্ত হৈছে প্ৰেমিকা। প্ৰেমিকে
কয় - কর্মও লাগিলে কৰা। বুদ্ধিৰে মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। এইটো
পৰিশ্ৰম কৰিবলগীয়া হয়। গতিকে উত্তৰাধিকাৰ পাবৰ কাৰণে পিতাক স্মৰণ কৰিব লাগে নহয়।
যিয়ে অধিক স্মৰণ কৰিব তেওঁ উত্তৰাধিকাৰো আধিক পাব। এয়া হৈছে স্মৃতিৰ যাত্ৰা। যিয়ে
অধিক স্মৰণ কৰিব তেৱেঁই পাৱন হৈ আহি মোৰ ডিঙিৰ হাৰ হ'ব। সকলো আত্মাৰ নিৰাকাৰী
সৃষ্টিত এক বংশবৃক্ষ আছে। তাক নিৰাকাৰী বৃক্ষ বুলি কোৱা হয়। এয়া হৈছে ভৌতিক বৃক্ষ,
নিৰাকাৰী সৃষ্টিৰ পৰা সকলো ক্ৰম অনুযায়ী আহিব লাগে, আহিয়েই থাকিব লাগে। বৃক্ষ কিমান
ডাঙৰ। আত্মা ইয়ালৈ ভূমিকা পালন কৰিব আহে। যিসকল আত্মা আছে, সকলো এই ড্ৰামাখনৰ
ভাৱৰীয়া। আত্মা অবিনাশী, আত্মাত ভূমিকাও অবিনাশী নিহিত হৈ আছে। ড্ৰামা কেতিয়া ৰচা
হ’ল, এইটো ক’ব নোৱাৰে। এয়া চলিয়েই থাকে। ভাৰতবাসী প্ৰথমতে সুখত আছিল আকৌ দুখত আহিল,
পুনৰ শান্তিধামলৈ যাব লাগে। আকৌ পিতাই সুখধামলৈ পঠিয়াই দিব। এই ক্ষেত্ৰত যিয়ে যিমান
পুৰুষাৰ্থ কৰি উচ্চ পদ পায়, পিতাই ৰাজ্য স্থাপন কৰে। তাত পুৰুষাৰ্থ অনুসৰি ৰাজ্যত
পদ পাব। সত্যযুগততো নিশ্চয় কম সংখ্যক মনুষ্য থাকিব। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ
বৃক্ষ সৰু, বাকী সকলো বিনাশ হৈ যাব। এই আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে
অৰ্থাৎ স্বৰ্গৰ দ্বাৰ মুকলি হৈ আছে। 5 হাজাৰ বছৰ পূৰ্বেও এই যুদ্ধৰ পাছত স্বৰ্গৰ
স্থাপনা হৈছিল। অনেক ধৰ্মৰ বিনাশ হৈ গৈছিল। এইখন যুদ্ধক কোৱা হয়, কল্যাণকাৰী যুদ্ধ।
এতিয়া নৰকৰ দ্বাৰ খোলা আছে, পুনৰ স্বৰ্গৰ দ্বাৰ খুলিব। স্বৰ্গৰ দ্বাৰ পিতাই খোলে,
নৰকৰ দ্বাৰ ৰাৱণে খোলে। পিতাই উত্তৰাধিকাৰ দিয়ে, ৰাৱণে অভিশাপ দিয়ে। এই কথাবোৰ জগতৰ
লোকে নাজানে, তোমালোক সন্তানসকলক বুজাওঁ। শিক্ষা মন্ত্ৰীয়েও বেহদৰ জ্ঞান বিচাৰে।
সেয়াতো তোমালোকেহে দিব পাৰা। কিন্তু তোমালোক হৈছা গুপ্ত। তোমালোকক চিনিয়েই নাপায়।
তোমালোকে যোগবলৰ দ্বাৰা নিজৰ ৰাজ্য লৈ আছা। লক্ষ্মী-নাৰায়ণে এই ৰাজ্য কেনেকৈ পালে
সেয়া তোমালোকে জানা। ইয়াক কোৱা হয় শুভ কল্যাণকাৰী যুগ। যেতিয়া পিতা আহি পাৱন কৰি
তোলে। শ্ৰীকৃষ্ণকতো সকলোৱে পিতা বুলি নক’ব। পিতা নিৰাকাৰ জনক কোৱা হয়, সেইজন পিতাক
স্মৰণ কৰিব লাগে, পাৱনো হ’ব লাগে। বিকাৰ নিশ্চয় ত্যাগ কৰিব লাগে। ভাৰত নিৰ্বিকাৰী
সুখধাম আছিল এতিয়া বিকাৰী, দুখধাম। একেবাৰে মূল্যহীন। এয়া ড্ৰামাৰ খেল, যাক বুদ্ধিত
ধাৰণ কৰি অন্যকো কৰাব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্মৃতিৰে
পাৱন হৈ পিতাৰ ডিঙিৰ হাৰ হ’ব লাগে। কৰ্ম কৰিও পিতাৰ স্মৃতিত থাকি বিকৰ্মাজিৎ হ’ব
লাগে।
(2) পুণ্য আত্মা হ'বলৈ
পূৰা পুৰুষাৰ্থ কৰিব লাগে। দেহ-অভিমান ত্যাগ কৰি দেহী-অভিমানী হ’ব লাগে।
বৰদান:
নিজৰ বুদ্ধি
ৰূপী নেত্ৰ স্বচ্ছ আৰু সাৱধান কৰি ৰাখোঁতা মাষ্টৰ জ্ঞানপূৰ্ণ, শক্তিপূৰ্ণ হোৱা
যিদৰে জ্যোতিষীয়ে
নিজৰ জ্যোতিষ শাস্ত্ৰৰ জ্ঞানেৰে, গ্ৰহৰ জ্ঞানেৰে আগন্তুক বিপদসমূহৰ বিষয়ে জ্ঞাত হৈ
যায়, সেইদৰে তোমালোক সন্তানসকলে আগতীয়াকৈ মায়াৰ দ্বাৰা আহিবলগীয়া কাকত অৰ্থাৎ
পৰিস্থিতিসমূহ চিনাক্ত কৰি সন্মান সহকাৰে উত্তীৰ্ণ হ'বৰ বাবে নিজৰ বুদ্ধি ৰূপী
নেত্ৰ স্বচ্ছ কৰি তোলা আৰু সাৱধান হৈ থাকা। দিনে-প্ৰতিদিনে স্মৃতি বা শান্তিৰ শক্তি
বঢ়োৱা তেতিয়া আগতেই জ্ঞাত হৈ যাবা যে আজি কিবা হ'বলগীয়া আছে। মাষ্টৰ জ্ঞানপূৰ্ণ,
শক্তিপূৰ্ণ হোৱা তেতিয়া কেতিয়াও পৰাজয় হ'ব নোৱাৰে।
স্লোগান:
পৱিত্ৰতাই নবীনতা আৰু ইয়েই জ্ঞানৰ আধাৰ।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
তোমালোক সন্তানসকলৰ
চাল-চলনত মধুৰতা আৰু মনত সীমাহীন বৈৰাগ্য বৃত্তি থাকিব লাগে। এই দুয়োটা কথা
স্মৃতিত থাকিলে সন্মান সহকাৰে উত্তীৰ্ণ হৈ যাবা। মধুৰতা আৰু নম্ৰতা—এই দুটা বিশেষ
ধাৰণাৰ দ্বাৰা সদায় বিশ্ব কল্যাণকাৰী, মহাদানী আৰু বৰদানী হৈ যাবা আৰু সহজেই
স্নেহৰ প্ৰমাণ দিব পাৰিবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]