16.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সদায় স্মৃতিত ৰাখিবা - বহুত গ'ল অলপ আছে, এতিয়াতো ঘৰলৈ যাব লাগে, এই ছিঃ ছিঃ শৰীৰ
আৰু সৃষ্টিক পাহৰি যাব লাগে”
প্ৰশ্ন:
কোনটো নিচা
নিৰন্তৰ থাকিলে স্থিতি অতি উত্তম হ'ব?
উত্তৰ:
নিৰন্তৰ নিচা থাকিব লাগে যে
“মিৰুৱা মৌত মলুকা চিকাৰ” (‘মিৰুৱা’ মানে জন্তু আৰু ‘মলুক’ মানে চিকাৰী। চিকাৰীয়ে
জন্তুক আঘাত কৰিলে জন্তু মৰে, কিন্তু চিকাৰী আনন্দিত হয়। ঠিক তেনেকৈ বিনাশৰ সময়ত
মায়া আৰু প্ৰকৃতিয়ে সম্পূৰ্ণ শক্তিৰে প্ৰহাৰ কৰিব। এই দৃশ্য দুৰ্বল আত্মাসকলৰ বাবে
ভয়ংকৰ হ’ব, কিন্তু মাষ্টৰ সৰ্বশক্তিমান আত্মাসকলে অন্তৰত আনন্দ আৰু বিজয়ৰ অনুভৱ
কৰিব)। আমি চিকাৰী অৰ্থাৎ ফৰিস্তা হৈ নিজৰ প্ৰেমিকৰ সৈতে ঘৰলৈ যাম, বাকী সকলো শেষ
হৈ যাব। এতিয়া আমি এই পুৰণি চাল (শৰীৰ) এৰি নতুন ল'ম। এই জ্ঞান গোটেই দিন বুদ্ধিত
উদয় হৈ থাকিলে অপাৰ আনন্দত থাকিবা। স্থিতি উত্তম হৈ যাব।
গীত:
য়হ কৌন আজ আয়া... (এয়া
কোন আজি আহিল...)
ওঁম্শান্তি।
এয়া কোনে ক'লে?
সন্তানসকলে। অতীন্দ্ৰিয় সুখময় জীৱনত আহি কয় - বেহদৰ পিতাৰ ইতিমধ্যে আগমন হৈছে। কি
কাৰণে? এই পতিত সৃষ্টিক পৰিৱৰ্তিত কৰি পাৱন সৃষ্টি গঢ়িবলৈ, পাৱন সৃষ্টি কিমান ডাঙৰ
হ'ব। পতিত সৃষ্টি কিমান ডাঙৰ, এয়া তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হ’ব লাগে। ইয়াত
কিমান কোটি কোটি মনুষ্য আছে। ইয়াক পতিত ভ্ৰষ্টাচাৰী সৃষ্টি বুলি কোৱা হয়। মৰমৰ
সন্তানসকলৰ অন্তৰত উদয় হ’ব লাগে - আমাৰ নতুন সৃষ্টি কিমান সৰু হ'ব। আমি কেনেকৈ
ৰাজত্ব কৰিম। আমাৰ ভাৰতৰ দৰে কোনো দেশ হ’ব নোৱাৰে। এয়া কোনেও বুজি নাপায় - ভাৰত
স্বৰ্গ আছিল, ভাৰতৰ দৰে কোনো দেশ হ’ব নোৱাৰে। তোমালোকে এইটো বুজি পোৱা যে, এই
ভাৰতখনতো এতিয়া কোনো কামৰ নহয়। ভাৰত স্বৰ্গ আছিল, এতিয়া নহয়। এয়া কাৰো স্মৃতিত উদয়
নহয়, আমাৰ ভাৰত সকলোতকৈ উচ্চ, সকলোতকৈ প্ৰাচীন। তোমালোক সন্তানসকলৰ বুদ্ধিত উদয় হয়,
সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। ইমান আনন্দ, ইমান সন্মান থাকেনে? বেহদৰ পিতা আহিছে।
কল্পই কল্পই আহে, মায়া ৰাৱণে আমাৰ যি ৰাজ্য-ভাগ্য কাঢ়ি নিছে, আমাৰ সেই ৰাজ্য-ভাগ্য
আমাক আত্মাসকলক পুনৰাই বাবাই আহি দিয়ে। এনেকুৱা নহয় যে কোনো যুদ্ধৰ দ্বাৰা কাঢ়ি নিয়া
হৈছে। নহয়। ৰাৱণৰাজ্যত আমাৰ মত ভ্ৰষ্টাচাৰী হৈ যায়। শ্ৰেষ্ঠাচাৰীৰ পৰা আমি
ভ্ৰষ্টাচাৰী হৈ যাওঁ। সৃষ্টিখন চোৱা কিমান বিস্তাৰিত হৈ গৈছে, আমাৰ ভাৰত দেশখন
কিমান সৰু আছিল। স্বৰ্গত কিমান সুখী হৈ থাকিব। হীৰা মুকুতাৰ মহল হ'ব। তাত ৰাৱণ
নাথাকে। তোমালোক সন্তানসকলৰ বুদ্ধিত আনন্দ থাকিব লাগে, অতীন্দ্ৰিয় সুখ থাকিব লাগে।
পিতাই কয় - দেহী-অভিমানী হোৱা। শৰীৰৰ বোধ নাইকিয়া কৰিবৰ বাবে বাবাই কৈছিল, 108
টুকুৰা তাপলি মৰা বস্ত্ৰ পৰিধান কৰা। যদিওবা ডাঙৰ মানুহৰ লগত, হীৰা বেপাৰীৰ লগত
সম্বন্ধ আছিল, সেই নিচা নাইকিয়া কেনেকৈ হ'ব। দেহী-অভিমানী হ'ব লাগে। আমি আত্মা,
এয়াতো পুৰণি শৰীৰ। ইয়াক এৰি নতুন উত্তম শৰীৰ ল'ব লাগে। সৰ্পইতো এটা মোট সলাই আন এটা
লৈ লয়। তোমালোক সন্তানসকলৰ বুদ্ধিত জ্ঞান আছে, এই পুৰণি শৰীৰ এৰি, আমি অন্য নতুন
ল'ম পুনৰ অন্য শৰীৰ পাম। এই সকলো জ্ঞানতো সন্তানসকলৰ বুদ্ধিত উদয় হৈ থাকিব লাগে।
এয়াতো ছিঃ ছিঃ সৃষ্টি, ইয়াক দেখিও বুদ্ধিৰে পাহৰি যাব লাগে। আমি যাত্ৰাত গৈ আছোঁ,
আমাৰ বুদ্ধিৰ যোগ ঘৰৰ ফালে গৈ আছে। অভ্যাসতো কৰিব লাগে নহয়। এই শৰীৰো পুৰণি,
সৃষ্টিও পুৰণি। সাক্ষাৎকাৰ কৰিলা, এতিয়া এই দেহ আৰু দেহৰ সকলো সম্বন্ধ এৰি ঘৰলৈ যাব
লাগে। অন্তৰ আনন্দিত হয়, এতিয়া আমি উভতি যাব লাগে। বুদ্ধিযোগ তাত লগাবলগীয়া হয়। ইজনে
সিজনক এয়াই শুনাব লাগে – মনমনাভৱ (নিজক আত্মা বুলি বুজি একমাত্ৰ পৰমপিতা শিৱক স্মৰণ
কৰা)। এইটো বৰ শক্তিশালী মন্ত্ৰ। যদিওবা ‘গীতা’তো বহুত পঢ়ে কিন্তু অৰ্থ বুজি নাপায়।
যেনেদৰে আন শাস্ত্ৰ পঢ়ে, তেনেদৰেই পঢ়ে। এয়া কাৰো বুদ্ধিত উদয় নহ’ব। আমি ভৱিষ্যতৰ
বাবে ৰাজযোগ শিকি আছোঁ। বহুত গ'ল, এতিয়া অলপ সময়হে বাকী আছে। এনেকৈ নিজক বুজনি দি,
আনন্দিত হ’ব লাগে। এয়াতো সকলো বিনাশ হ'ব। “মিৰুৱা মৌত মলুকা চিকাৰ” অৰ্থাৎ চিকাৰৰ
মৃত্যু চিকাৰৰ বাবে দুখৰ কথা কিন্তু চিকাৰীৰ বাবে আনন্দৰ কথা (বিনাশতো কল্যাণ
সমাহিত হৈ আছে)। আমি চিকাৰী অৰ্থাৎ ফৰিস্তা হৈ নিজৰ প্ৰেমিকৰ সৈতে ঘৰলৈ যাম। এয়া
আত্মাসকলৰ পিতাই বহি শিক্ষা দিয়ে। হয়ো সাধাৰণ কিন্তু উচ্চতকৈও উচ্চ। পিতা আহিছে -
বেহদৰ উত্তৰাধিকাৰ দিবলৈ, কল্পই কল্পই আহে। এয়াতো ছিঃ ছিঃ সৃষ্টি। এনেকুৱা এনেকুৱা
বাৰ্তালাপ কৰিব লাগে। ইয়াক কোৱা হয় বিচাৰ সাগৰ মন্থন। এই শাস্ত্ৰ আদিতো
জন্ম-জন্মান্তৰ পঢ়া হৈছে, আমি ভাৰতবাসীয়ে যিমান জপ-তপ আদি কৰিছোঁ সিমান অন্য কোনেও
কৰা নাই। যিসকল হয়তো পোন প্ৰথমে আহিছে তেওঁলোকেই ভক্তি কৰিছে আৰু তেওঁলোকেই
জ্ঞান-যোগতো তীক্ষ্ণ হ'ব কিয়নো তেওঁলোক পুনৰ প্ৰথম নম্বৰত আহিব লাগিব। দেখা যায়,
কোনো-কোনোৱেতো বহুত ভাল পুৰুষাৰ্থ কৰে।
তোমালোক সন্তানসকল
যিসকল এই আত্মিক সেৱাত লাগি আছা, তেওঁলোকৰ বাবেতো বহুত ভাল। সঁচাকৈয়ে ভাতীত বহি আছা।
সেই সম্বন্ধ অটুট হৈছে আৰু যিসকল গৃহস্থ ব্যৱহাৰত থাকি, এই জ্ঞান শুনে শুনায়
তেওঁলোক পুৰণি সকলতকৈও তীব্ৰ বেগেৰে আগবাঢ়ি গৈ আছে। দেখা যায় নতুনকৈ অহাসকল বহুত
তীব্ৰ গতিৰে আগবাঢ়ে। তোমালোকে যদি তালিকা উলিওৱা তেন্তে গম পাবা। পোন প্ৰথমে
তোমালোকৰ মালা গাঁথিছিল কিন্তু দেখা গ'ল কিমান ভাল ভাল সন্তান 3-4 নম্বৰৰ ক্ৰমত
থকাও আতঁৰি গুচি গ'ল। একবাৰে গৈ প্ৰজাৰ শাৰীত পৰিলগৈ। এতিয়া তোমালোকৰ এয়া বিদ্যাৰ্থী
জীৱন, গৃহস্থ ব্যৱহাৰত থাকিও তাৰ লগে লগে এই পাঠ্যক্ৰম পঢ়া। বহুত সন্তানে দ্বৈত
পাঠ্যক্ৰম কৰে, লিফ্ট পায় (দ্ৰুত উন্নতি হয়)। তোমালোকৰ পাঠ্যক্ৰম হ'ল - গৃহস্থ
ব্যৱহাৰত থাকি এয়া পঢ়া। এই ক্ষেত্ৰতো কন্যাসকল বহুত তীব্ৰতাৰে যাব লাগে। কন্যাসকলৰ
বাবে কানাই বা গোপাল নামৰো গায়ন আছে। হওতে গোপসকলো আছে কিয়নো প্ৰবৃত্তি মাৰ্গ হয়
নহয়। তোমালোক সত্যযুগত দেৱী-দেৱতা ধৰ্মৰ আছিলা। এই লক্ষ্মী-নাৰায়ণে প্ৰবৃত্তি
মাৰ্গত ৰাজত্ব কৰিছিল। এয়া তোমালোকৰ বুদ্ধিত উদয় হৈ থাকিব লাগে যে আমি কি হৈ যাওঁ!
দেৱতাসকল কিমান উত্তম! তেওঁলোকৰ আগত গৈ মহিমা গায় - আপুনি সৰ্বগুণ সম্পন্ন, 16 কলা
সম্পূৰ্ণ…. মই পাপী, কপট। মোৰ নিৰ্গুণীৰ কোনো গুণ নাই..... এতিয়া এই ক্ষেত্ৰত ভগৱানে
দয়া দেখুৱাব নালাগে বা কৃপা কৰিব নালাগে। বাস্তৱত দয়া বা কৃপা নিজৰ ওপৰতহে কৰিব লাগে।
তোমালোকেই দেৱতা আছিলা, এতিয়া কি হৈ গ’লা নিজকে চোৱা, আকৌ পুৰুষাৰ্থ কৰি দেৱতা হোৱা।
শ্যামৰ পৰা সুন্দৰ হ'বলৈ পুৰুষাৰ্থ কৰিবলগীয়া হয়। এয়াতো ভক্তিমাৰ্গত কোৱা হয় –
মৰিছিলোঁৱেই অমুকৰ কৃপাত বাচি গ’লোঁ, তেওঁৰ আশীৰ্বাদত। মহাত্মা আদিৰ হাতত ধৰি ক’ব,
আপোনাৰ আশীৰ্বাদ লাগে। ইয়াততো হৈছে পঢ়াৰ কথা। কৃপা আদিৰ কথা নাই। মনমনাভৱৰ অৰ্থ আছে
নহয়। মন্ত্ৰতো বহুত দিয়ে। অনেক প্ৰকাৰৰ হঠযোগ শিকায়। প্ৰত্যেকৰে শিক্ষা বেলেগ বেলেগ
হয়। হঠযোগৰ আৰ্হি চাব বিচৰা যদি জয়পুৰৰ সংগ্ৰহালয়লৈ গৈ চোৱাগৈ। ইয়াততো কিমান আৰামত
বহি আছা। বুদ্ধিত আছে আমাক পুনৰাই বাবাই ৰাজ্য দি আছে। তাতহে অদ্বৈত দেৱী-দেৱতা
ধৰ্ম আছিল অন্য কোনো ধৰ্ম নাছিল। দুখন হাতেৰেহে তালি বাজে। এক ধৰ্ম হোৱাৰ বাবে
মৰামৰি নহয়। এতিয়া কলিযুগ। কলিযুগ সম্পূৰ্ণ হ'লে তেতিয়া ভক্তিও সম্পূৰ্ণ হ'ব।
এতিয়াতো মনুষ্যৰ বৃদ্ধি কিমান হৈ থাকে। ভাৰতৰ চাৰিসীমা নাবাঢ়ে। চাৰিসীমাতো সেয়াই
থাকে। বাকী মনুষ্য কম বেছি হয়। তাত মনুষ্য বহুত কম হ'ব, সৃষ্টিতো এইখনেই হ'ব।
সৃষ্টিখন কোনো সৰু হৈ নাযায়। সেয়েহে তোমালোক সন্তানসকল বহুত আনন্দিত হ’ব লাগে। আমি
যোগবলৰ দ্বাৰা পিতাৰ শ্ৰীমতত নিজৰ ৰাজ্য স্থাপন কৰি আছোঁ। পিতাই কয় – মামেকম্ (কেৱল
মোক; পৰমপিতাক) স্মৰণ কৰিলে তেতিয়া তোমালোকৰ পাপ ভস্ম হ'ব। আত্মাতেই খাদ (বিকাৰৰ
লেপ) পৰি আছে নহয়। কেৱল কয় - সতো, ৰজো, তমো.... এইটো নেদেখুৱায় যে আত্মাতেই খাদ পৰে।
প্ৰথমে সোণালীযুগী আছিল, বিশুদ্ধ সোণ আছিল পাছত ৰূপালী হয়, তাক ৰূপালীযুগী বুলি কোৱা
হয়, চন্দ্ৰবংশী। ইংৰাজী শব্দ কিমান সুন্দৰ। ‘গ'ল্ডেন’, ‘চিলভাৰ’, ‘ক'পাৰ’ তাৰপাছত
‘আইৰণ’। পিতাই বুজায় - আত্মাত খাদ পৰিছে, সেয়া কেনেকৈ আঁতৰিব। সতোৰ পৰা তমো হৈছে
পুনৰ তমোৰ পৰা সতো কেনেকৈ হ'ব। ভাবে যে গংগাত স্নান কৰিলে সতোপ্ৰধান হৈ যাব। কিন্তু
এয়াতো হ'ব নোৱাৰে। গংগা-স্নান আদিতো সদায় কৰি থাকে। কিছুমানতো নামমাত্ৰ হৈ যায় (কেৱল
নিয়ম পালন কৰে)। কৃত্ৰিম জলধাৰাতো গৈ স্নান কৰে। তোমালোকক পিতাই কয় - এইটো নিয়ম ৰাখা,
পিতাক স্মৰণ কৰাৰ। স্মৃতিৰ স্নান বা যাত্ৰা কৰা। জ্ঞান-স্নানো কৰায়, যোগৰ যাত্ৰা
শিকায়। পিতাই জ্ঞান দিয়ে। ইয়াত যোগৰো জ্ঞান, সৃষ্টি-চক্ৰৰো জ্ঞান আছে। বাকী
শাস্ত্ৰৰ জ্ঞানতো বহুত দিয়ে, যোগৰ বিষয়ে নাজানেই। হঠযোগ বুলি ভাবি লৈছে। যোগ আশ্ৰমতো
বহুত আছে। ‘মনমনাভৱ’ৰ মন্ত্ৰ দিব কিন্তু পিতাৰ বাহিৰে কোনো মনুষ্যৰ এই জ্ঞান নাই।
এতিয়া 84 জন্মৰ চক্ৰ পূৰা হৈছে। পুনৰাই নতুন সৃষ্টি হ'ব। তোমালোকৰ বুদ্ধিত আছে,
বৃক্ষৰ বৃদ্ধি কেনেকৈ হয়। এই ৰাজ্য স্থাপন হৈ আছে, সকলোৱে জানো একেলগে যাব।
ব্ৰাহ্মণসকলৰ বৃক্ষ বহুত বিশাল হ'ব। পাছত অলপ-অলপকৈ যাব। প্ৰজা তৈয়াৰ হৈ গৈ থাকিব।
অকণমানো কোনোবাই শুনিলে তেন্তে প্ৰজাত আহি যাব। সেৱাকেন্দ্ৰৰ সংখ্যা বহুত বৃদ্ধি
হ'ব। অনেক প্ৰদৰ্শনী য'তে-ত'তে অনুষ্ঠিত হৈ থাকিব। যেনেকৈ সকলো ঠাইতে মন্দিৰ স্থাপন
কৰি গৈ থাকে তেনেকৈ তোমালোকৰ প্ৰদৰ্শনীও গাঁৱে গাঁৱে হ'ব। ঘৰে ঘৰে প্ৰদৰ্শনী পাতিব
লাগিব। বৃদ্ধি হৈ গৈ থাকিব সেয়েহে শেষত গৈ এই চিত্ৰসমূহো ছপাবলগীয়া হ’ব। সকলোলৈকে
পিতাৰ বাৰ্তা যাব। তোমালোক সন্তানসকলে বহুত গুৰুত্বপূৰ্ণ সেৱা কৰিব লাগে। বৰ্তমান
এই প্ৰজেক্টৰ, প্ৰদৰ্শনীৰ শৈলী ওলাইছে সেয়েহে গাঁৱে গাঁৱে দেখুৱাব লাগে। সেয়া ভালদৰে
আদৰি ল'ব। শিৱ জয়ন্তীৰ গায়ন কৰা হয় কিন্তু তেওঁ কেনেকৈ আহে, এয়া কোনেও নাজানে। শিৱ
পুৰাণ আদিত এই কথাবোৰ নাই। এই কথাবোৰ তোমালোকে শুনা। শুনাৰ সময়ত ভাল লাগে আকৌ পাহৰি
যায়। ভালদৰে সাৰসমূহ ধাৰণ হ'লে তেতিয়া সেৱাও ভালদৰে কৰিব পাৰিব। কিন্তু সকলো সাৰকথা
কোনোজনৰে ধাৰণ নহয়। ভাষণ দি অহাৰ পাছত মনলৈ আহিব - এই সাৰকথাখিনিও বুজোৱা হ'লে ভাল
আছিল, যাৰ দেহ-অভিমান নাথাকিব তেওঁ তৎক্ষণাৎ ক'ব। ভাষণ দি উঠি পাছত বিচাৰ কৰিব - মই
সকলো সাৰকথা সঠিককৈ বুজালোনে? এইকেইটা কথা পাহৰি গ’লোঁ। সাৰকথাবোৰ লগত নাযায়। এয়া
হৈছে কেৱল এতিয়াৰ বাবে। পুনৰ এয়া নাইকিয়া হৈ যাব। এই দুচকুৰে যি কিছু এতিয়া দেখিবলৈ
পোৱা পুনৰ সত্যযুগত এয়া নাথাকিব। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ এতিয়া পোৱা, এতিয়া
তোমালোক ত্ৰিনেত্ৰী হোৱা। বাবা আহি তোমালোকক জ্ঞান দি আছে যি আত্মাই ধাৰণ কৰে।
আত্মাই তৃতীয় নেত্ৰ লাভ কৰে। এই জ্ঞান কাৰো নাই যে মই আত্মা হওঁ। এই (ব্ৰহ্মাৰ)
শৰীৰৰ দ্বাৰা এয়া কৰোঁ। বাবাই আমাক পঢ়ায়। এয়া বুদ্ধিত ৰখাৰ ক্ষেত্ৰত পৰিশ্ৰম হয়।
সন্তানসকলে পৰিশ্ৰম কৰিব লাগে আৰু আনন্দত থাকিব লাগে। বচ্ এতিয়া আমাৰ ৰাজ্য অহাৰ
পথত। তোমালোকে জানা আমাৰ ৰাজ্যত কি কি থাকিব। তোমালোক সন্তানসকলতো বহুত আনন্দিত হ’ব
লাগে যে আমি এই পঢ়াৰ দ্বাৰা ৰাজ্য লওঁ। পঢ়োঁতাৰ প্ৰাপ্তি স্মৃতিত থাকে। আমি পঢ়োঁ
ভৱিষ্যতৰ বাবে। ভালদৰে পঢ়িলে তেতিয়া ৰাজ সিংহাসনত বহিম। তেওঁলোকতো প্ৰসিদ্ধ হৈ যায়।
এতিয়া তালিকা উলিয়ালে, মালা তৈয়াৰ কৰিলে তেতিয়া সকলোৱে ক'ব সজীৱ কৰি তুলিবলৈ অমুক
কন্যাটি আমাৰ ওচৰলৈ পঠিৱাওঁক। ভাষণ দিওঁতাসকলক মাতে, গতিকে তেওঁলোকক সন্মানো দিব
লাগে। আমি তেওঁলোকৰ দৰে বুদ্ধিমান হ'ব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিবৰ বাবে শৰীৰৰ বোধ নাইকিয়া কৰাৰ পুৰুষাৰ্থ কৰিব লাগে।
এতিয়া ঘৰলৈ উভতি যাব লাগে সেয়েহে বুদ্ধিযোগ ঘৰৰ লগত থাকিব লাগে।
(2) গৃহস্থ ব্যৱহাৰত
থাকি পঢ়াও পঢ়িব লাগে, দ্বৈত পাঠ্যক্ৰম কৰিব লাগে। জ্ঞান স্নান আৰু স্মৃতিৰ যাত্ৰা
কৰিব আৰু কৰাব লাগে।
বৰদান:
কোমলতাক
চমৎকাৰলৈ পৰিৱৰ্তন কৰি মায়াজিৎ হওঁতা শক্তি স্বৰূপ হোৱা
শক্তি স্বৰূপ হ’বৰ
কাৰণে কোমলতাক চমৎকাৰলৈ পৰিৱৰ্তন কৰা। কেৱল নিজৰ সংস্কাৰ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত
কোমল হোৱা, কৰ্মত কেতিয়াও কোমল নহ’বা, এইক্ষেত্ৰত শক্তি ৰূপ হ’ব লাগে। যিসকলে শক্তি
ৰূপৰ কৱচ ধাৰণ কৰি লয় তেওঁলোকক মায়াৰ কোনো তীৰে আঘাত কৰিব নোৱাৰে সেইবাবে তোমালোকৰ
চেহেৰা, দৃষ্টি-ব্যৱহাৰত কোমলতাৰ সলনি শক্তি ৰূপ দেখা দিয়ক তেতিয়া মায়াজিৎ হৈ
সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ ল’ব পাৰিবা।
স্লোগান:
ত্ৰিকালদৰ্শীৰ আসনত স্থিৰ হৈ প্ৰতিটো কর্ম কৰা তেতিয়া মায়া দূৰৈৰ পৰাই আঁতৰি যাব।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
যেনেকৈ সাকাৰ
পিতা অক্লান্ত আৰু একৰস স্থিতিৰ উদাহৰণ হৈ দেখুৱালে, তেনেকৈ তোমালোক সন্তানসকলো আনৰ
বাবে উদাহৰণ হ’ব লাগে, এয়াই সেৱা। সেৱা কেৱল বাণীৰেই নহয়, স্থিতিৰেও সেৱা হয়।
গতিকে সময় অনুসৰি এতিয়া নিজৰ স্থিতি একৰস কৰি তোলা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]