16.06.24    Avyakt Bapdada    Assame Murli    03.03.2000     Om Shanti     Madhuban


“*“শুভ ভাৱ আৰু প্ৰেম ভাৱ জাগ্ৰত কৰি ক্ৰোধ মহাশত্ৰুৰ ওপৰত বিজয়ী হোৱা”*”


আজি বাপদাদাই নিজৰ জন্মৰ সংগীসকলক, লগতে সেৱাৰ সংগীসকলক চাই হৰ্ষিত হৈ আছেহঁক। আজি তোমালোকেও বাপদাদাৰ অলৌকিক জন্ম, লগতে জন্মৰ সংগীসকলৰ জন্ম দিৱসৰ আনন্দ অনুভৱ কৰিছা, কিয়? এনেকুৱা উপৰাম আৰু অতি মৰমৰ অলৌকিক জন্ম আন কাৰো হ’ব নোৱাৰে। এনেকৈ কেতিয়াও শুনা নাই যে পিতাৰ জন্মদিন আৰু সন্তানসকলৰ জন্মদিন একেটাই। এনেকুৱা উপৰাম আৰু অতি প্ৰিয় অলৌকিক হীৰাতুল্য জন্ম আজি তোমালোকে উদ্‌যাপন কৰিছা। লগতে সকলোৰে এইটো উপৰাম আৰু স্নেহী বোধ স্মৃতিত আছে যে এই অলৌকিক জন্ম এনেকুৱা বিচিত্ৰ যে স্বয়ং ভগৱান পিতাই সন্তানসকলৰ উদ্‌যাপন কৰিছে। পৰম আত্মাই সন্তানসকলৰ, শ্ৰেষ্ঠ আত্মাসকলৰ জন্ম-দিৱস উদ্‌যাপন কৰি আছে। জগতত বহু লোকেই কেৱল কয় যে আমাক জন্ম দিওঁতাজন ভগৱান, পৰম আত্মা। কিন্তু নাজানেও আৰু সেইটো স্মৃতিত নচলেও। তোমালোক সকলোৱে অনুভৱেৰে কোৱা যে আমি পৰমাত্ম বংশী। পৰম আত্মাই আমাৰ জন্ম দিৱস উদ্‌যাপন কৰে। আমি পৰমাত্মাৰ জন্ম দিবস উদ্‌যাপন কৰোঁ।

আজি সকলো ফালৰ পৰা আহি ইয়াত উপস্থিত হৈছা কিহ’ৰ বাবে? অভিনন্দন জনাবলৈ আৰু অভিনন্দন গ্ৰহণ কৰিবলৈ। গতিকে বাপদাদাই বিশেষ নিজৰ জন্মৰ সংগীসকলক অভিনন্দন জনাই আছে। সেৱাৰ সংগীসকলকো অভিনন্দন জনাই আছে। অভিনন্দনৰ লগতে পৰম প্ৰেমৰ মণি, হীৰা, মুকুতা বৰষি আছে। প্ৰেমৰ মুকুতা দেখিছা নহয়। প্ৰেমৰ মুকুতাক জানা নহয়? ফুলৰ বৰ্ষা, সোণৰ বৰ্ষাতো সকলোৱে কৰে, কিন্তু বাপদাদাই তোমালোক সকলোৰে ওপৰত পৰম প্ৰেম, অলৌকিক স্নেহৰ মুকুতা বৰষি আছে। এগুণ নহয়, পদম পদম পদম গুণ অনন্তৰৰ অভিনন্দন জনাই আছে। তোমালোকেও অন্তৰেৰে অভিনন্দন জনাই আছা, সেয়াও বাপদাদাৰ ওচৰলৈ আহি আছে। গতিকে আজি উদ্‌যাপন কৰা আৰু অভিনন্দন জনোৱাৰ দিন। উদ্‌যাপন কৰাৰ সময়ত কি কৰা? বাদ্য বজোৱা। গতিকে বাপদাদাই সকলো সন্তানৰ মনৰ আনন্দৰ বাদ্য বুলিয়ে কোৱা, গীত-বাজনা শুনি আছে। ভক্তসকলে কাতৰে মিনতি কৰি থাকে আৰু তোমালোক সন্তানসকল পিতাৰ স্নেহত সমাহিত হৈ যোৱা। সমাহিত হ’ব জানা নহয়? এই সমাহিত হৈ যোৱা মানেই সমান হোৱা।

বাপদাদাই সন্তানসকলক নিজৰ পৰা পৃথক কৰিব নোৱাৰে। সন্তানসকলো পৃথক হ’ব নিবিচাৰে, কিন্তু কেতিয়াবা কেতিয়াবা মায়াৰ খেলত অলপ একাষৰীয়া হৈ যায়। বাপদাদাই কয় – মই তোমালোক সন্তানসকলৰ অৱলম্বন, কিন্তু সন্তানসকল দুষ্ট হয় নহয়। মায়াই দুষ্ট কৰি দিয়ে নহয়, আচলতে নহয় কিন্তু মায়াই কৰি দিয়ে। অৱলম্বন এৰি একাষৰীয়া হৈ যায়। তথাপিও বাপদাদাই অৱলম্বন হৈ সমীপত লৈ আহে। বাপদাদাই সকলো সন্তানক সোধে যে প্ৰত্যেকৰ জীৱনত কি ইচ্ছা আছে? বিদেশীসকলে দুটা কথা বহুত পচন্দ কৰে। ডবল বিদেশীৰ প্ৰিয় শব্দ দুটা কি? (সংগী আৰু সংগ) এই দুয়োটা পচন্দ কৰে। যদি পচন্দ কৰা তেন্তে হাত উঠোৱা। ভাৰতবাসীয়ে পচন্দ কৰানে? সংগীও জৰুৰী আৰু সংগও জৰুৰী সংগ অবিহনেও থাকিব নোৱাৰে আৰু সংগী অবিহনেও থাকিব নোৱাৰে। তেন্তে তোমালোক সকলোৱে কি পালা? সংগী পালানে? কোৱা হয় নে নহয়? (হয়) সংগ পাইছানে? (হয়) এনেকুৱা সংগ আৰু এনেকুৱা সংগী গোটেই কল্পত পাইছিলানে? কল্প পূৰ্বে পাইছিলানে? এনেকুৱা সংগী যি কেতিয়াও একাষৰীয়া নহয়, যিমানেই দুষ্ট নোহোৱা তেওঁ তথাপি অৱলম্বনেই হয়। আৰু যি তোমালোকৰ অন্তৰৰ প্ৰাপ্তি, তেওঁ সেই সকলো প্ৰাপ্তি পূৰ্ণ কৰে। কিবা অপ্ৰাপ্তি আছে নেকি? সকলোৰে অন্তৰে কয়নে নে মৰ্যাদাপূৰ্বক হয় বুলি কোৱা? গায়নতো কৰা যে যি পাবলগীয়া আছিল সেয়া পাই গ’লোঁ, নে পাবলগীয়া আছে? প্ৰাপ্ত কৰিলানে? এতিয়া পাবলৈ একো বাকী নাই নে অলপ অলপ আশা থাকি গৈছে? সকলো আশা পূৰ্ণ হৈ গ’ল নে বাকী থাকি গৈছে? বাপদাদাই কয় – বাকী থাকি গৈছে। (পিতাক প্ৰত্যক্ষ কৰাৰ আশা বাকী থাকি গৈছে) এইটোতো পিতাৰ আশা যে সকলো সন্তানে গম পাই যাওঁক। পিতা আহিছে আৰু কোনোবা থাকি যাব!... গতিকে এইটো বাপদাদাৰ বিশেষ আশা যে সকলোৱে অন্ততঃ গমতো পাওঁক যে আমাৰ সদাকালৰ পিতা আহিছে। কিন্তু সন্তানসকলৰ হদৰ অন্য আশাবোৰ পূ্ৰ্ণ হৈ গ’ল, প্ৰেমৰ আশা আছে। প্ৰত্যেকে বিচাৰে যে মঞ্চলৈ আহক, এইটো আশা আছেনে? (এতিয়াতো বাবা স্বয়ং সকলোৰে ওচৰলৈ আহে) এইটো আশাও পূৰ্ণ হৈ গ’ল? সন্তুষ্ট আত্মা, অভিনন্দন কিয়নো সকলো সন্তান বুদ্ধিমান। বুজি পায় যে যেনেকুৱা সময় তেনেকুৱা স্বৰূপ গঢ়ি তুলিবই লাগিব সেয়েহে বাপদাদাও ড্ৰামাৰ বন্ধনত আছে নহয়! সকলো সন্তান সময় অনুসৰি সন্তুষ্ট আৰু সদায় সন্তুষ্ট মণি হৈ চিকমিকাই থাকে। কিয়? তোমালোকে নিজেই কোৱা – যি পাবলগীয়া আছিল সেয়া পাই গ’লোঁ। এয়া পিতা ব্ৰহ্মাৰ আদি সময়ৰ অনুভৱৰ বাণী, তেন্তে যি পিতা ব্ৰহ্মাৰ বাণী সেয়া সকলো ব্ৰাহ্মণৰ বাণী। গতিকে বাপাদাদাই সকলো সন্তানক এইটোৱে পুনৰাই কৈ আছে যে সদায় পিতাৰ সংগত থাকিবা। পিতাই সৰ্ব সম্বন্ধৰ অনুভৱ কৰাইছে। এনেকৈ কোৱাও যে পিতাই সৰ্ব সম্বন্ধীয়। যিহেতু সৰ্ব সম্বন্ধীয় হয় তেন্তে যেনেকুৱা সময় তেনেকৈ সম্বন্ধক কাৰ্যত কিয় নলগোৱা! আৰু এইটোৱে সৰ্ব সম্বন্ধৰ অনুভৱ সময় অনুসৰি কৰি থাকা তেতিয়া সংগীও থাকিব সংগও থাকিব। অন্য কোনো সংগীৰ ফালে মন আৰু বুদ্ধি যাব নোৱাৰে। বাপদাদাই প্ৰস্তাৱ দি আছে – যিহেতু সৰ্ব সম্বন্ধৰ প্ৰস্তাৱ দি আছে তেন্তে সৰ্ব সম্বন্ধৰ সুখ লোৱা। সম্বন্ধসমূহক কাৰ্যত লগোৱা।

বাপদাদাই যেতিয়া দেখে যে কোনো কোনো সন্তানে কোনো কোনো সময়ত নিজক অকলশৰীয়া বা অলপ নিৰস অনুভৱ কৰে তেতিয়া বাপদাদাৰ দয়া উপজে যে এনেকুৱা শ্ৰেষ্ঠ সংগ থকা সত্ত্বেও, সংগক কাৰ্যত কিয় নলগায়? তেতিয়া কি কৰে? ‘কিয়’ ‘কিয়’, বাপদাদাই কয় – ‘কিয়’ বুলি নক’বা, যেতিয়া এইটো শব্দ আহে, ‘ৱাই’ (কিয়) হৈছে নাকাৰাত্মক আৰু সাকাৰাত্মক হৈছে ‘ফ্লাই’ (উৰা), গতিকে ‘ৱাই’ ‘ৱাই’ বুলি কেতিয়াও নক’বা, ‘ফ্লাই’ স্মৃতিত ৰাখিবা। পিতাক সংগী কৰি উৰি থাকা তেতিয়া বহুত মজা লাগিব। সেই সংগ আৰু সংগী দুয়োটা ৰূপত গোটেই দিন কাৰ্যত লগোৱা। এনেকুৱা সংগী আকৌ পাবা জানো? বাপদাদাই ইমানলৈকে কয় - যদি তোমালোকে মগজৰে বা শৰীৰেৰে দুয়ো প্ৰকাৰে ভাগৰিও যোৱা তেন্তে সংগীয়ে তোমালোকক দুয়ো প্ৰকাৰে মালিচ কৰিবলৈ প্ৰস্তুত আছে। মনোৰঞ্জন কৰাবৰ বাবেও সদাপ্ৰস্তুত। তেতিয়া হদৰ মনোৰঞ্জনৰ আৱশ্যকতাও নাথাকিব। এনেকৈ ব্যৱহাৰ কৰিব জানানে নে ভাবা যে উচ্চতকৈও উচ্চ বাবা, শিক্ষক, সৎগুৰু হয়....? কিন্তু সৰ্ব সম্বন্ধ আছে। বুজিলা! ডবল বিদেশীসকলে বুজিলানে?

বাৰু, সকলোৱে জন্মদিন উদ্‌যাপন কৰিবলৈ আহিছা নহয়! উদ্‌যাপন কৰিব লাগে নহয়, বাৰু যেতিয়া জন্মদিন উদ্‌যাপন কৰা, তেতিয়া যাৰ জন্মদিন উদ্‌যাপন কৰা তেওঁক উপহাৰ দিয়া নে নিদিয়া? (দিওঁ) আজি তোমালোক সকলোৱে পিতাৰ জন্মদিন উদ্‌যাপন কৰিবলৈ আহিছা। নামটো হৈছে শিৱৰাত্ৰি, তেন্তে বিশেষকৈ পিতাৰ উদ্‌যাপন কৰিবলৈ আহিছা। উদ্‌যাপন কৰিবলৈ আহিছা নহয়? তেন্তে জন্মদিনৰ আজি কি উপহাৰ দিলা? নে কেৱল মমবাতি জ্বলাবা, কেক কাটিবা.... এয়াই উদ্‌যাপন কৰিবা? আজি কি উপহাৰ দিলা? নে কাইলৈ দিবা? সৰুৱে দিয়া বা ডাঙৰেই দিয়া, কিন্তু উপহাৰতো দিয়া নহয়! তেন্তে কি দিলা? ভাবি আছা। ভাল দিব লাগে? দিবলৈ প্ৰস্তুত আছানে? বাপদাদাই যি ক’ব সেয়া দিবা নে নিজৰ ইচ্ছা অনুসৰি দিবা? (বাপদাদাই যি ক’ব সেয়া দিম) চাবা, অলপ সাহস কৰিব লাগিব। সাহস আছেনে? মধুবন নিবাসীৰ সাহস আছেনে? ডবল বিদেশীৰ সাহস আছেনে? হাততো বহুত ভালকৈ উঠাই আছা। বাৰু – শক্তিসকলৰ, পাণ্ডৱসকলৰ সাহস আছেনে? ভাৰতবাসীৰ সাহস আছেনে? বহুত ভাল। এয়াই পিতাই শুভেচ্ছা পাই গ’ল। বাৰু শুনাওঁনে। এনেকৈতো নোকোৱা যে এয়াতো ভাবিব লাগিব? “লাগিব লাগিব” বুলি নক’বা। এটা কথা বাপদাদাই গৰিষ্ঠসংখ্যকৰ মাজত দেখিছে। কমসংখ্যক নহয় গৰিষ্ঠসংখ্যকৰ মাজত দেখিছে। কি দেখিলে? যেতিয়া কোনো পৰিস্থিতি সন্মুখত আহে তেতিয়া গৰিষ্ঠসংখ্যকৰ এক, দুই তিনি নম্বৰত ক্ৰোধৰ অংশ নিবিচাৰিলেও জাগ্ৰত হৈ যায়। কাৰোবাৰ মাজত মহান ক্ৰোধৰ ৰূপত থাকে, কাৰোবাৰ উত্তেজনাৰ ৰূপত থাকে, কাৰোবাৰ তিনি নম্বৰত খিংখিঙীয়া ৰূপত থাকে। খিংখিঙীয়া মানে বুজি পোৱানে? সেয়াও ক্ৰোধৰেই অংশ, অলপ লঘু। তৃতীয় নম্বৰৰ সেয়েহে সেয়া অলপ লঘু। প্ৰথমটোৰ প্ৰবলতা অধিক, দ্বিতীয়টোৰ তাতকৈ কম। আকৌ ভাষাতো আজিকালি সকলোৰে মাৰ্জিত হৈ গৈছে। মাৰ্জিত ৰূপত কি কয়? কথাই এনেকুৱা নহয়, উত্তেজিততো হ’মেই। সেয়েহে বাপদাদাই আজি সকলোৰে পৰা এইটো উপহাৰ ল’ব খোজে যে ক্ৰোধতো বাদেই দিয়া ক্ৰোধৰ অংশ মাত্ৰও যাতে নাথাকে। কিয়? ক্ৰোধত আহি অহিত কৰে কিয়নো ক্ৰোধ জাগে দুজনৰ মাজত। অকলে নহয়, দুজনৰ মাজত হয় সেয়েহে দেখিবলৈ পোৱা যায়। মনতো যদি কাৰোবাৰ প্ৰতি ঘৃণা ভাৱৰ অংশ মাত্ৰও থাকে তেন্তে মনেৰেও সেই আত্মাটিৰ প্ৰতি উত্তেজিত নিশ্চয় হয়। বাপদাদাই এই অহিতৰ কাৰণ ভাল নাপায়। সেয়েহে ক্ৰোধৰ ভাৱ অংশ মাত্ৰও যাতে উৎপন্ন নহয়। যেনেকৈ ব্ৰহ্মচৰ্যৰ প্ৰতি মনোযোগ দিয়া তেনেকৈ কাম মহাশত্ৰু, ক্ৰোধ মহাশত্ৰু বুলি কোৱা হয়। শুভ ভাৱ, প্ৰেম ভাৱ, সেয়া জাগ্ৰত নহয়। আকৌ মানসিক স্থিতি বেয়া কৰি দিব। সেই আত্মাটিৰ পৰা একাষৰীয়া হৈ যাব। সন্মুখত নাহিব, কথা নাপাতিব, তেওঁৰ কথা অমান্য কৰিব। আগবাঢ়িবলৈ নিদিব। এই সকলো কথা বাহিৰৰসকলেও গম পায় আকৌ কৈ দিয়ে, আজি তেওঁৰ গা-মন ভাল নহয়, বাকী একো কথা নাই। তেন্তে কি জন্ম দিৱসৰ এইটো উপহাৰ দিব পাৰানে? যিসকলে ভাবা যে প্ৰয়াস কৰিম, তেওঁলোকে হাত উঠোৱা। উপহাৰ দিয়াৰ ক্ষেত্ৰত চিন্তা কৰি চাম, চেষ্টা কৰিম তেওঁলোকে হাত উঠোৱা। সঁচা অন্তৰৰ হ’লেও চাহাব ৰাজী হয়। (বহুত ভাতৃ-ভগ্নী থিয় হ’ল) লাহে লাহে উঠি আছে। সঁচা কোৱাৰ বাবে অভিনন্দন। বাৰু যিসকলে কৈছে চেষ্টা কৰিম, ঠিক আছে চেষ্টা অৱশ্যে কৰা কিন্তু চেষ্টা কৰাৰ কাৰণে কিমান সময় লাগিব? এমাহ লাগিব, 6 মাহ লাগিব, কিমান লাগে? এৰিবা নে এৰাৰ লক্ষ্যই নাই? যিসকলে ক’লে চেষ্টা কৰিম তেওঁলোক আকৌ উঠা। যিসকলে ভাবে যে দুই-তিনি মাহতে চেষ্টা কৰিহে এৰিম তেওঁলোক বহি যোৱা। আৰু যিসকলে ভাবা যে 6 মাহ লাগে, যদি পূৰা 6 মাহ লাগেও তেন্তে কম কৰিবা, এই কথাটি এৰি নিদিবা কিয়নো এয়া বহুত আৱশ্যক। এই অহিত দেখা পোৱা যায়। মুখেৰে নক’বা, চেহেৰাই কয় সেয়েহে যিসকলে সাহস কৰিছে তেওঁলোকৰ ওপৰত বাপদাদাই জ্ঞান, প্ৰেম, সুখ, শান্তিৰ মুকুতা বৰষি আছে। বাৰু!

বাপদাদাই প্ৰতি উপহাৰত সকলোকে এইটো বিশেষ বৰদান দি আছে - যেতিয়াই ভুলতো, নিবিচৰা সত্ত্বেও কেতিয়াবা ক্ৰোধ আহিও যায় তেতিয়া কেৱল অন্তৰেৰে “মৰমৰ বাবা” বুলি ক’বা তেতিয়া পিতাৰ অতিৰিক্ত সহায় সাহসীসকলে নিশ্চয় পাই থাকিব। “মৰমৰ বাবা” বুলি ক’বা, কেৱল ‘বাবা’ বুলি নক’বা। “মৰমৰ বাবা” বুলি ক’বা তেতিয়া সহায় নিশ্চয় প্ৰাপ্ত হব, কিয়নো লক্ষ্য ৰাখিছা নহয়। গতিকে লক্ষ্যৰ দ্বাৰা লক্ষণ আহিবই। মধুবন নিবাসীয়ে হাত উঠোৱা। বাৰু - কৰিবই লাগে নহয়! (হয়) অভিনন্দন। বৰ ভাল কথা। আজি বিশেষকৈ মধুবন নিবাসীক টোলী দিম। পৰিশ্ৰম বহুত কৰে। ক্ৰোধৰ কাৰণে নিদিয়ে, পৰিশ্ৰমৰ কাৰণে দিয়ে। সকলোৱে ভাবিব হাত উঠাইছে, সেয়েহে টোলী দিয়ে। বহুত ভাল পৰিশ্ৰম কৰে। সকলোকে সেৱাৰে সন্তুষ্ট কৰা, এয়াতো মধুবনৰ উদাহৰণ সেয়েহে আজি মুখ মিঠা কৰাম। তোমালোক সকলোৱে এওঁলোকৰ মুখ মিঠা দেখি, মুখ মিঠা কৰি ল’বা, আনন্দিত হ’বা নহয়। এয়াও এক ব্ৰাহ্মণ পৰিয়ালৰ কৃষ্টি। আজিকালি তোমালোকে শান্তিৰ সংস্কৃতি কাৰ্যসূচী হাতত লৈ আছা নহয়। গতিকে এইটোও প্ৰথম নম্বৰৰ সংস্কৃতি - “ব্ৰাহ্মণ কুলৰ সভ্যতা” বাপদাদাই দেখিছে, এই দাদীয়ে যেতিয়া উপহাৰ দিয়ে নহয় তাত এটা কাপোৰৰ মোনা থাকে। তাত লিখা থাকে – “কমকৈ কোৱা, ধীৰে ধীৰে কোৱা, মধুৰতাৰে কোৱা”। তেন্তে আজি বাপদাদাই এইটো উপহাৰ দি আছে, কাপোৰৰ মোনা নিদিয়ে, বৰদানত এই শব্দকেইটি দিছে। প্ৰত্যেক ব্ৰাহ্মণৰ চেহেৰা আৰু চলনত ব্ৰাহ্মণ সংস্কৃতি প্ৰত্যক্ষ হওঁক। কাৰ্যসূচীতো হাতত ল’বা, ভাষণো দিবা কিন্তু প্ৰথমে নিজৰ মাজত এইটো সভ্যতাৰ আৱশ্যকতা। প্ৰতিগৰাকী ব্ৰাহ্মণে হাঁহিমুখে প্ৰত্যেকৰ সম্পৰ্কত আহক। কাৰোবাৰ সৈতে হাঁহিমুখে কাৰোবাৰ সৈতে অন্য ধৰণে নহয়। কাৰোবাক দেখি নিজৰ সংস্কৃতি এৰি নিদিবা। হৈ যোৱা কথা পাহৰি যোৱা। সভ্যতাৰ জীৱনত নতুন সংস্কাৰ দেখুওৱা। এতিয়া দেখুৱাব লাগে, ঠিক আছে নহয়! সকলোৱে ইতিবাচক সঁহাৰি জনালে।

এয়া বহুত ভাল, ডবল বিদেশী গৰিষ্ঠসংখ্যকেই ইতিবাচক সঁহাৰি জনোৱাত বহুত ভাল। ভাল কথা - ভাৰতবাসীৰতো ইতিবাচক সঁহাৰি জনোৱাৰ এক মৰ্যাদাই আছে। কেৱল মায়াক নেতিবাচক সঁহাৰি জনোৱা, বচ্‌ বাকী আত্মাসকলক ইতিবাচক সঁহাৰি জনোৱা। মায়াক নেতিবাচক সঁহাৰি জনোৱা। বাৰু! সকলোৱে জন্ম দিৱস উদ্‌যাপন কৰিলানে? উদ্‌যাপন কৰিলা, উপহাৰ দি দিলা, উপহাৰ লৈ ল’লা।

বাৰু, তোমালোকৰ লগতে আন আন ঠাইতো সভা অনুষ্ঠিত হৈ আছে। ক’ৰবাত সৰু সভা, ক’ৰবাত ডাঙৰ, সকলোৱে শুনি আছে, দেখি আছে। তেওঁলোককো বাপদাদাই এয়াই কয় যে আজিৰ দিনটোত তোমালোক সকলোৱেও উপহাৰ দিলা নে নাই? সকলোৱে কৈ আছে, হয় বাবা। ভাল কথা, দূৰৈত বহিও যেন সন্মুখত শুনি আছে কিয়নো বৈজ্ঞানিকসকলে যি ইমান পৰিশ্ৰম কৰে, পৰিশ্ৰমতো বহুত কৰে নহয়। সকলোতকৈ অধিক লাভ ব্ৰাহ্মণসকলৰ হ’ব লাগে নহয়! সেয়েহে যেতিয়াৰ পৰা সংগমযুগ আৰম্ভ হৈছে তেতিয়াৰ পৰা বিজ্ঞানৰ সাধনো বৃদ্ধি পাই গৈ আছে। সত্যযুগতো তোমালোকৰ দেৱতা ৰূপত এই বিজ্ঞানে সেৱা কৰিব কিন্তু সংগমযুগতো বিজ্ঞানৰ সাধন তোমালোক ব্ৰাহ্মণসকলে প্ৰাপ্ত কৰি আছা আৰু সেৱাতো, প্ৰত্যক্ষ কৰাৰ ক্ষেত্ৰতো এই বিজ্ঞান সাধন বৰ বিশাল ৰূপত সহযোগী হ’ব সেয়েহে বিজ্ঞানৰ নিমিত্ত হওঁতা সন্তানসকলকো বাপদাদাই পৰিশ্ৰমৰ বাবে অভিনন্দন জনায়।

বাকী বাপদাদাই দেখিলে যে মধুবনতো দেশ-বিদেশৰ পৰা বহুতো সুন্দৰ কাৰ্ড, পত্ৰ আৰু কিছুমানৰ স্নেহপূৰ্ণ স্মৃতি পঢ়িয়াইছে। বাপদাদাই তেওঁলোককো বিশেষ স্নেহপূৰ্ণ স্মৰণ আৰু জন্ম দিৱসৰ পদম পদম পদম গুণ অভিনন্দন জনাই আছে। সকলো সন্তান বাপদাদাৰ নয়নৰ সন্মুখত আহি আছে। তোমালোকেতো কেৱল কাৰ্ড দেখিলা, কিন্তু বাপদাদাই সন্তানসকলকো নয়নেৰে চাই আছে। বহুত স্নেহেৰে পঠিয়ায় আৰু সেই স্নেহেৰেই বাপদাদাই স্বীকাৰ কৰিছে। বহুতে নিজৰ অৱস্থাৰ বিষয়েও লিখিছে সেয়েহে বাপদাদাই কয় - উৰা আৰু উৰোৱা। উৰিলে সকলো কথা তলত থাকি যাব আৰু তোমালোক সদায় উচ্চতকৈও উচ্চ পিতাৰ সৈতে উচ্চ হৈ থাকিবা। চেকেণ্ডত বিৰাম আৰু শক্তিসমূহ, গুণসমূহ জাগ্ৰত কৰা। বাৰু।

চাৰিওফালৰ সৰ্বশ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাসকলক, সদায় পিতাৰ সান্নিধ্যত থাকোঁতা, পিতাক সংগী কৰি লওঁতা স্নেহী আত্মাসকলক, সদায় পিতাৰ গুণৰ সাগৰত সমাহিত হওঁতা সমান বাপদাদাৰ শ্ৰেষ্ঠ আত্মাসকলক, সদায় চেকেণ্ডত বিন্ধু (বিৰাম) লগাওঁতা মাষ্টৰ সিন্ধু স্বৰূপ আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু বহুত বহুত অভিনন্দন, অভিনন্দন, অভিনন্দন। নমস্কাৰতো পিতাই সকলো সময়ত, প্ৰত্যেক সন্তানক জনায়, আজিও নমস্কাৰ।

বৰদান:
পৱিত্ৰতাৰ শক্তিশালী দৃষ্টি বৃত্তিৰে সৰ্ব প্ৰাপ্তি কৰাওঁতা দুখ হৰ্তা, সুখ কৰ্তা হোৱা

বিজ্ঞানৰ দৰবত অল্পকালৰ শক্তি আছে যিয়ে দুখ যন্ত্ৰণা সমাপ্ত কৰি দিয়ে কিন্তু পৱিত্ৰতাৰ শক্তি অৰ্থাৎ শান্তিৰ শক্তিততো আশীৰ্বাদৰ শক্তি আছে। এই পৱিত্ৰতাৰ শক্তিশালী দৃষ্টি বা বৃত্তি সদাকালৰ প্ৰাপ্তি কৰাওঁতা হয় সেয়েহে তোমালোকৰ জড়চিত্ৰৰ সন্মুখত হে দয়ালু, দয়া কৰক বুলি কৈ দয়া বা আশীৰ্বাদ বিচাৰে। যিহেতু চৈতন্যত এনেকুৱা মাষ্টৰ দুখ হৰ্তা, সুখ কৰ্তা হৈ দয়া কৰিছা সেইবাবেতো ভক্তিমাৰ্গত পূজা কৰা হয়।

স্লোগান:
সময়ৰ সমীপতা অনুসৰি সঁচা তপস্যা বা সাধনাই হ’ল বেহদৰ বৈৰাগ্য।


সূচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধিয়া 6-30 বজাৰ পৰা 7-30 বজালৈ বিশেষ নিজৰ মাষ্টৰ দাতা স্বৰূপত স্থিত হৈ, সকলো আত্মাক মনেৰে সৰ্বশক্তি দান দি, বৰদান দি, ভৰপূৰ অৱস্থাৰ অনুভৱ কৰাওঁক।

কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

কৰ্মযোগী আত্মা সদায় সাক্ষী দৃষ্টা হৈ কৰ্ম কৰাৰ কাৰণে কোনো কৰ্মৰ বন্ধনত কৰ্মবন্ধনী আত্মা হ’ব নোৱাৰে। কৰ্মৰ ফল শ্ৰেষ্ঠ হোৱা কাৰণে কৰ্ম সম্বন্ধত আহে, বন্ধনত নাহে। সদায় কৰ্ম কৰিও উপৰাম আৰু পিতাৰ স্নেহৰ অনুভৱ কৰে। এনেকুৱা উপৰাম আৰু স্নেহী আত্মা এতিয়াও অনেক আত্মাসকলৰ সন্মুখত দৃষ্টান্ত অৰ্থাৎ উদাহৰণ হয় তেওঁলোকক দেখি অনেক আত্মা স্বতঃ কৰ্মযোগী হৈ যায়।