16.06.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সদায় আনন্দিত হৈ থাকা যে আমাক কোনো দেহধাৰীয়ে নপঢ়ায়, অশৰীৰী পিতা শৰীৰত প্ৰৱেশ কৰি
বিশেষভাৱে আমাক পঢ়াবলৈ আহিছে”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে জ্ঞানৰ তৃতীয় নেত্ৰ কিয় পাইছা?
উত্তৰ:
আমি জ্ঞানৰ তৃতীয় নেত্ৰ পাইছোঁ নিজৰ শান্তিধাম আৰু সুখধামক চাবলৈ। এই দুচকুৰে যি
পুৰণি সৃষ্টি, মিত্ৰ-সম্বন্ধীয় আদি দেখিবলৈ পোৱা যায় তেওঁলোকৰ পৰা বুদ্ধি আঁতৰাই
দিব লাগে। পিতা আৱৰ্জনাৰ মাজৰ পৰা উলিয়াই ফুল (দেৱতা) কৰি তুলিবলৈ আহিছে, গতিকে
এনেহেন পিতাক সন্মানো জনাব লাগে।
ওঁম্শান্তি।
শিৱ ভগৱানুবাচ
(ভগৱানে কয়), সন্তানসকলৰ প্ৰতি। শিৱ ভগৱানক সত্য পিতা বুলিতো নিশ্চয় কোৱা হ’ব কিয়নো
তেওঁ ৰচয়িতা হয় নহয়। এতিয়া তোমালোক সন্তানসকলেই আছা যাক ভগৱানে পঢ়ায় – ভগৱান-ভগৱতী
কৰি তুলিবৰ কাৰণে। এইটোতো প্ৰত্যেকেই ভালদৰে জানে, এনেকুৱা কোনো বিদ্যাৰ্থী নাথাকে
যিয়ে নিজৰ শিক্ষকক, পঢ়াক, আৰু তাৰ ফলাফলক নাজানে। যিসকলক ভগৱানে পঢ়ায় তেওঁলোক কিমান
আনন্দিত হ'ব লাগে! এই আনন্দ কিয় স্থায়ী হৈ নাথাকে? তোমালোকে জানা যে আমাক কোনো
দেহধাৰী মনুষ্যই নপঢ়ায়। অশৰীৰী পিতা শৰীৰত প্ৰৱেশ কৰি বিশেষভাৱে তোমালোক সন্তানসকলক
পঢ়াবলৈ আহিছে, এইটো কোনেও নাজানে যে ভগৱানে আহি পঢ়ায়। তোমালোকে জানা যে আমি ভগৱানৰ
সন্তান, তেওঁ আমাক পঢ়ায়, তেৱেঁই জ্ঞানৰ সাগৰ। শিৱবাবাৰ সন্মুখত তোমালোক বহি আছা।
আত্মাসকল আৰু পৰমাত্মা এতিয়াহে মিলিত হয়, এইটো পাহৰি নাযাবা। কিন্তু মায়া এনেকুৱা
যে পাহৰাই দিয়ে। নহ’লেতো এইটো নিচা থাকিব লাগে যে - ভগৱানে আমাক পঢ়ায়! তেওঁক স্মৰণ
কৰি থাকিব লাগে। কিন্তু ইয়াততো এনেকুৱা এনেকুৱা আছে, যিসকলে একেবাৰে পাহৰি যায়।
একোৱেই নাজানে। ভগৱানে নিজেই কয় যে বহুত সন্তানে এইটো পাহৰি যায়, নহ’লেতো সেই আনন্দ
থকা উচিত নহয় জানো। আমি ভগৱানৰ সন্তান, তেওঁ আমাক পঢ়াই আছে। মায়া এনেকুৱা প্ৰবল যে
একেবাৰে পাহৰাই দিয়ে। এই দুচকুৰে এয়া যি পুৰণি সৃষ্টি, মিত্ৰ-সম্বন্ধীয় আদি দেখিবলৈ
পোৱা সেইবোৰলৈ বুদ্ধি গুচি যায়। এতিয়া তোমালোক সন্তানসকলক পিতাই তৃতীয় নেত্ৰ প্ৰদান
কৰে। তোমালোকে শান্তিধাম-সুখধামক স্মৰণ কৰা। এয়া হ'ল দুখধাম, ছিঃ ছিঃ সৃষ্টি।
তোমালোকে জানা যে ভাৰত স্বৰ্গ আছিল, এতিয়া নৰক। পিতা আহি আকৌ ফুল কৰি তোলে। তাত
তোমালোকে 21 জন্মৰ বাবে সুখ পোৱা। ইয়াৰ বাবেই তোমালোকে পঢ়ি আছা। কিন্তু সম্পূৰ্ণকৈ
নপঢ়াৰ বাবে ইয়াৰ ধন-সম্পত্তি আদিতে বুদ্ধি আৱদ্ধ হৈ থাকে। তাৰ পৰা বুদ্ধি আঁতৰি নাহে।
পিতাই কয় – বুদ্ধি শান্তিধাম, সুখধামৰ ফালে ৰাখা। কিন্তু বুদ্ধি লেতেৰা সৃষ্টিৰ ফালে
যেনিবা একেবাৰে আঠা লাগিহে আছে। আঁতৰি নাহে। যদিও ইয়াত বহি আছে তথাপিও পুৰণি
সৃষ্টিৰ পৰা বুদ্ধি আঁতৰি নাহে। এতিয়া পিতা ফুলৰ দৰে পৱিত্ৰ কৰি তুলিবলৈ আহিছে।
তোমালোকে মুখ্যতঃ পৱিত্ৰতাৰ বাবেই কোৱা - বাবাই আমাক পৱিত্ৰ কৰি পৱিত্ৰ সৃষ্টিলৈ লৈ
যায় গতিকে এনেহেন পিতাক কিমান সন্মান জনাব লাগে। এনেকুৱা বাবাৰ প্ৰতিতো উৎসৰ্গিত হৈ
যাব লাগে। যিয়ে পৰমধামৰ পৰা আহি আমাক সন্তানসকলক পঢ়াই আছে। সন্তানসকলৰ বাবে কিমান
পৰিশ্ৰম কৰে। একেবাৰে আৱৰ্জনাৰ মাজৰ পৰা উলিয়াই আনে। এতিয়া তোমালোক ফুল হৈ আছা। এইটো
জানা যে কল্পই কল্পই আমি এনেকুৱা ফুল (দেৱতা) হওঁ। মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ
ভগৱানৰ বেছি সময় নালাগে। এতিয়া আমাক পিতাই পঢ়াই আছে। আমি ইয়াত মনুষ্যৰ পৰা দেৱতা
হ’বলৈ আহিছোঁ। এইটো এতিয়া তোমালোকে গম পোৱা, প্ৰথমে এইটো নাজানিছিলা যে আমি
স্বৰ্গবাসী আছিলোঁ। এতিয়া পিতাই কৈছে যে তোমালোকে ৰাজত্ব কৰিছিলা পুনৰ ৰাৱণে ৰাজ্য
লৈ ল’লে। তোমালোকেই বহুত সুখ দেখিলা আকৌ 84 জন্ম লৈ লৈ ছিৰি তললৈ নামা অৰ্থাৎ
অৱনমিত হোৱা। এইখন হয়েই ছিঃ ছিঃ সৃষ্টি। কিমান মনুষ্য দুখী হৈ আছে। কিমানতো ভোকতে
মৰি থাকে, অলপো সুখ নাই। যিমানেই ধনৱান নহওঁক, তথাপিও এই অল্পকালৰ সুখ কাউৰীৰ
বিষ্ঠাৰ সমান। ইয়াক “বিষয় বৈতৰণী নদী” বুলি কোৱা হয়। স্বৰ্গততো আমি বহুত সুখী হ'ম।
এতিয়া তোমালোক শ্যামবৰণীয়াৰ পৰা বগা (পতিতৰ পৰা পাৱন) হৈ আছা।
এতিয়া তোমালোকে বুজি পোৱা যে আমিয়েই দেৱতা আছিলোঁ আকৌ পুনৰ্জন্ম লৈ লৈ বেশ্যালয়ত আহি
পালোঁ। এতিয়া পুনৰ তোমালোকক শিৱালয়লৈ লৈ যায়। শিৱবাবাই স্বৰ্গ স্থাপনা কৰি আছে।
তোমালোকক পঢ়াই আছে গতিকে ভালকৈ পঢ়িব লাগে নহয়। পঢ়ি, চক্ৰ বুদ্ধিত ৰাখি দৈৱীগুণ ধাৰণ
কৰিব লাগে। তোমালোক সন্তানসকল হৈছা জ্ঞানী-যোগী, তোমালোকৰ মুখেৰে সদায় ৰত্নহে
উচ্চাৰিত হ’ব লাগে, আৱৰ্জনা নহয়। পিতায়ো কয় - মই জ্ঞানী-যোগী হওঁ… মই পৰম আত্মা
জ্ঞানৰ সাগৰ, পঢ়া হৈছে উপাৰ্জন উৎস। যেতিয়া পঢ়ি বেৰিষ্টাৰ, ডাক্তৰ আদি হয় তেতিয়া
লক্ষ লক্ষ উপাৰ্জন কৰে। একো একোজন ডাক্তৰে প্ৰতিমাহে লাখ টকা উপাৰ্জন কৰে। খাবলৈও
আজৰি নাপায়। তোমালোকেও এতিয়া পঢ়ি আছা। তোমালোক কি হোৱাগৈ? বিশ্বৰ মালিক। গতিকে এই
পঢ়াৰ নিচা থাকিব লাগে নহয়। তোমালোক সন্তানসকলৰ বাৰ্তালাপ কৰাৰ ক্ষেত্ৰত কিমান
শিষ্টাচাৰ থাকিব লাগে। তোমালোক অভিজাত হোৱা নহয়। ৰজাসকলৰ চলন চোৱা কেনেকুৱা হয়।
বাবাতো (ব্ৰহ্মা বাবাতো) অনুভৱী হয়। ৰজাসকলক উপহাৰ দিয়ে, কেতিয়াও নিজে হাতত নলয়। যদি
ল’বলগীয়া হয় তেন্তে ইংগিত দিব - সহায়কক গৈ দিয়া। বহুত মাৰ্জিত হয়। বুদ্ধিত এইটো
খেয়াল থাকে, এওঁৰ পৰা লৈছোঁ গতিকে এওঁক পুনৰ দিবও লাগিব, নহ’লে নল’ব। কোনো কোনো
ৰজাই প্ৰজাৰ পৰা একেবাৰে নলয়। কোনোৱেতো বহুত লুটি থাকে। ৰজাসকলৰ মাজতো পাৰ্থক্য থাকে।
এতিয়া তোমালোক সত্যযুগৰ দ্বৈত মুকুটধাৰী ৰজা হোৱা। দ্বৈত মুকুটৰ কাৰণে পৱিত্ৰতা
নিশ্চয় লাগে। এই বিকাৰী সৃষ্টি এৰিব লাগে। তোমালোক সন্তানসকলে বিকাৰ ত্যাগ কৰিছা,
কোনো বিকাৰী আহি বহিব নোৱাৰে। যদি নোকোৱাকৈ আহি বহি যায় তেন্তে নিজৰে লোকচান কৰে।
কোনোৱে চতুৰালি কৰে, কোনোবাই গম পাব জানো। পিতাই দেখকেই বা নেদেখক, নিজেই পাপ আত্মা
হৈ যায়। তোমালোকো পাপ আত্মা আছিলা। এতিয়া পুৰুষাৰ্থ কৰি পুণ্য আত্মা হ'ব লাগে।
তোমালোক সন্তানসকলে কিমান জ্ঞান প্ৰাপ্ত কৰিছা। এই জ্ঞানেৰে তোমালোক কৃষ্ণপুৰীৰ
মালিক হোৱাগৈ। পিতাই কিমান অলংকৃত কৰে। উচ্চতকৈও উচ্চ ভগৱানে পঢ়ায় গতিকে কিমান
আনন্দেৰে পঢ়া উচিত। এনেকুৱা পঢ়াতো কোনোবা সৌভাগ্যশালীহে পঢ়ে তাৰ পাছত আকৌ
প্ৰমাণপত্ৰও ল'ব লাগে। বাবাই ক'ব - তোমালোকে পঢ়ানো ক'ত। বুদ্ধি ইফালে-সিফালে গৈ থাকে।
তেন্তে কি হ'বাগৈ! লৌকিক পিতায়ো কয় - এইটো অৱস্থাততো তুমি অকৃতকাৰ্য হৈ যাবা।
কোনোৱেতো পঢ়ি লাখ উপাৰ্জন কৰে। কিছুমানক চোৱা ঠেলা-গঁতা খাই থাকিব। তোমালোকে
মাতা-পিতাক অনুসৰণ কৰিব লাগে আৰু যিসকল ভ্ৰাতৃয়ে ভালকৈ পঢ়ে আৰু আনক পঢ়ায়, এইটোৱে
ধান্দা কৰে তেওঁলোকক অনুসৰণ কৰিব লাগে। প্ৰদৰ্শনীত বহুতকে পঢ়াই নহয়। আগলৈ গৈ যিমানে
দুখ বাঢ়ি যাব সিমানে মনুষ্যৰ বৈৰাগ্য জন্মিব তেতিয়া পঢ়িবলৈ লাগি যাব। দুখত ভগৱানক
বহুত স্মৰণ কৰিব। দুখত মৰাৰ সময়ত ‘হে ৰাম’, ‘হায় ভগৱান’ বুলি কৈ থাকে নহয়।
তোমালোকেতো একো কৰিব নালাগে। তোমালোকেতো আনন্দেৰে প্ৰস্তুতি চলোৱা। কেতিয়া এই পুৰণা
শৰীৰ এৰো আৰু নিজৰ ঘৰলৈ যাওঁ। আকৌ তাত শৰীৰো সুন্দৰ পাম। পুৰুষাৰ্থ কৰি
পঢ়াওঁতাজনতকৈও উচ্চত যাব লাগে। এনেকুৱাও আছে পঢ়াওঁতাজনতকৈ পঢ়োঁতাজনৰ অৱস্থা বহুত
ভাল হৈ থাকে। পিতাইতো প্ৰত্যেককেই জানে নহয়। তোমালোক সন্তানসকলেও জানিব পাৰা নিজৰ
ভিতৰত চাব লাগে - মোৰ কি কি দুৰ্বলতা আছে? মায়াৰ বিঘিনীবোৰ অতিক্ৰম কৰি যাব লাগে,
তাত আৱদ্ধ হৈ যাব নালাগে।
যিয়ে কয় যে মায়াতো বহুত শক্তিশালী, মই কেনেকৈ চলিব পাৰিম, যদি এনেকৈ ভাবা তেন্তে
মায়াই একদম কেঁচাই খাই পেলাব। হাতীক ঘঁৰিয়ালে খালে। এয়া এতিয়াৰ কথা নহয় জানো। ভাল
ভাল সন্তানসকলকো মায়া ৰূপী ঘঁৰিয়ালে একদম গিলি পেলায়। নিজক মুক্ত কৰিব নোৱাৰে।
নিজেও বুজি পায় - মই মায়াৰ থাপৰৰ পৰা মুক্ত হ'ব বিচাৰোঁ। কিন্তু মায়াই মুক্ত হ'বলৈ
নিদিয়ে। কয় - বাবা মায়াক কওঁক - এনেকৈ যাতে নধৰে। হেৰ’, এয়াতো যুদ্ধক্ষেত্ৰ হয় নহয়।
যুদ্ধক্ষেত্ৰত এনেকৈ ক’বা নেকি যে এওঁক কওঁক মোক যাতে আঘাত নকৰে।
প্ৰতিদ্বন্দ্বিতামূলক খেলত এনকৈ ক'বা নেকি যে মোক বল নিদিবা। তৎক্ষণাৎ কৈ দিব
যুদ্ধক্ষেত্ৰত আহিছা যেতিয়া যুদ্ধ কৰা, গতিকে মায়াই প্ৰহাৰ কৰি বগৰাই দিব। তোমালোকে
বহুত উচ্চ পদ পাব পাৰা। ভগৱানে পঢ়ায়, এইটো কম কথা জানো! এতিয়া তোমালোকৰ পুৰুষাৰ্থৰ
ক্ৰম অনুসৰি আৰোহণ ক’লা হয়। প্ৰত্যেক সন্তানে এইটো ৰুচি ৰাখিব লাগে যে মই ভৱিষ্যত
জীৱন হীৰাতুল্য কৰি তুলিম। বিঘিনিবোৰ দূৰ কৰি গৈ থাকিব লাগে। যিকোনো উপায়ে পিতাৰ পৰা
উত্তৰাধিকাৰ নিশ্চয় ল'ব লাগে। নহ'লে আমি কল্প-কল্পান্তৰৰ কাৰণে অকৃতকাৰ্য হৈ যাম।
ধৰি লোৱা, কোনোবা চহকীৰ সন্তান, পিতাকে তেওঁক (ঈশ্বৰীয়) পঢ়াত বাধা প্ৰদান কৰে তেতিয়া
ক'ব মই এই লাখনো কি কৰিম, মইতো বেহদৰ পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী ল'ব লাগে। এই
লাখ-কোটিতো সকলো ভস্মীভূত হৈ যাব। কাৰোবাৰ ধূলিত মিলি যাব, কাৰোবাৰ জুইত জ্বলি যাব,
গোটেই সৃষ্টি ৰূপী খেৰৰ জুমুঠিত জুই লাগিব। এই গোটেইখন হৈছে ৰাৱণৰ লংকা। তোমালোক
সকলো হৈছা সীতা। ৰামৰ আগমন হৈছে। গোটেই সৃষ্টিখন এটা দ্বীপ, এই সময়ত হৈছেই ৰাৱণৰ
ৰাজ্য। পিতা আহি ৰাৱণৰাজ্য নাশ কৰাই তোমালোকক ৰামৰাজ্যৰ মালিক কৰি তোলে। তোমালোকতো
ভিতৰি অপাৰ আনন্দিত হৈ থাকিব লাগে - গায়ন কৰা হৈছে যে অতীন্দ্ৰিয় সুখৰ বিষয়ে সুধিব
বিচৰা যদি সন্তানসকলক সোধা। তোমালোকে প্ৰদৰ্শনীত নিজৰ সুখৰ বিষয়ে কোৱা নহয়। আমি
ভাৰতক স্বৰ্গ কৰি গঢ়ি আছোঁ। শ্ৰীমতত ভাৰতৰ সেৱা কৰি আছোঁ। যিমানে শ্ৰীমতত চলিবা
সিমান তোমালোক শ্ৰেষ্ঠ হ’বাগৈ। তোমালোকক মত দিওঁতা বহুত ওলাব সেইবাবে সেইবোৰকো
চিনিব লাগে আৰু সাৱধান হ’ব লাগে। কৰ’বাত ক’ৰবাত মায়াও গুপ্ত ৰূপত প্ৰৱেশ কৰি দিয়ে।
তোমালোক বিশ্বৰ মালিক হোৱা, ভিতৰি বহুত আনন্দিত হৈ থাকিব লাগে। তোমালোকে কোৱা – বাবা,
আমি আপোনাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ ল'বলৈ আহিছোঁ। সত্য-নাৰায়ণৰ কথা শুনি আমি নৰৰ
পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হ'মগৈ। তোমালোক সকলোৱে হাত দাঙা যে বাবা আমি আপোনাৰ
পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লৈহে এৰিম, নহ'লে আমি কল্প কল্পৰ কাৰণে হেৰুৱাই পেলাম।
যিকোনো ধৰণৰ বিঘিনি আমি ওফৰাই পেলাম, ইমান সাহস থাকিব লাগে। তোমালোকে ইমান সাহস
দেখুৱাইছা নহয়। যাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়, তেওঁক জানো এৰি দিম। কোনোবাতো একেবাৰে
ভালকৈ থিতাপি ল’লে, কোনোবা আকৌ আঁতৰি গুচি গ’ল। ভাল ভাল সন্তানসকলক মায়াই খাই পেলালে।
অজগৰে খাই একেবাৰে গিলি পেলালে।
এতিয়া পিতাই কয়, হে আত্মাসকল, বহুত মৰমৰে বুজায়। মই আহি পতিত সৃষ্টিক পাৱন কৰি তোলোঁ।
এতিয়া পতিত সৃষ্টিৰ মৃত্যু সমাগত। এতিয়া মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। পতিত
ৰজাসকলৰো ৰজা। একক মুকুটধাৰী ৰজাই দ্বৈত মুকুটধাৰী ৰজাৰ আগত কিয় নতশিৰ হয়? আধাকল্পৰ
পাছত যেতিয়া এওঁলোকৰ সেই পৱিত্ৰতা নোহোৱা হৈ যায়, তেতিয়া ৰাৱণৰাজ্যত সকলো বিকাৰী আৰু
পূজাৰী হৈ যায়। গতিকে এতিয়া পিতাই সন্তানসকলক বুজায় – কোনো গাফিলতি নকৰিবা। পাহৰি
নাযাবা। ভালদৰে পঢ়া। নিতৌ শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিলেও তেতিয়াও পিতাই সকলো
ব্যৱস্থা কৰি দিব পাৰে। 7 দিনৰ পাঠ্যক্ৰম কৰি লোৱা, যাতে মুৰুলী সহজে বুজিব পাৰা।
য’লৈকে যোৱা, কেৱল দুটা শব্দ স্মৃতিত ৰাখিবা। এইটো হৈছে মহামন্ত্ৰ। নিজক আত্মা বুলি
বুজি পিতাক স্মৰণ কৰা। যিকোনো বিকৰ্ম বা পাপ কৰ্ম দেহ-অভিমানত অহা বাবেই হয়।
বিকৰ্মৰ পৰা ৰক্ষা পাবলৈ বুদ্ধিৰ প্ৰীতি একমাত্ৰ পিতাৰ সৈতে গঢ়ি তুলিব লাগে। কোনো
দেহধাৰীৰ সৈতে নহয়। এজনৰ সৈতেই বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তুলিব লাগে। অন্তলৈকে স্মৃতিত
ৰাখিব লাগে, তেতিয়া কোনো বিকৰ্ম নহ’ব। এইটোতো পচি যোৱা দেহ, ইয়াৰ অভিমান ত্যাগ কৰা।
নাটক পূৰা হ’ল, এতিয়া আমাৰ 84 জন্ম পূৰা হ’ল। এয়া পুৰণা আত্মা, পুৰণা শৰীৰ। এতিয়া
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে, তেতিয়া শৰীৰো সতোপ্ৰধান পাই যাবা। আত্মাক
সতোপ্ৰধান কৰি তুলিব লাগে, এইটোৱেই চিন্তন চলি থাকিব লাগে। পিতাই কেৱল কয়, মামেকম্
(কেৱল মোক) স্মৰণ কৰা। বচ্, এইটোৱে চিন্তা কৰা। তোমালোকেও কোৱা নহয় - বাবা আমি
কৃতকাৰ্য হৈ দেখুৱাম। শ্ৰেণীত এইটো জানে যে সকলোৱেতো বৃত্তি নাপায়। তথাপিতো
পুৰুষাৰ্থতো বহুতে কৰে নহয়। তোমালোকেও বুজি পোৱা, আমি নৰৰ পৰা নাৰায়ণ হ’বৰ বাবে
সম্পূৰ্ণ পুৰুষাৰ্থ কৰিব লাগে। কমকৈ কিয় কৰো! কোনো কথাৰে চিন্তা নাই। যোদ্ধাই
কেতিয়াও কোনো কথালৈ ভ্ৰূক্ষেপ নকৰে। কোনোৱে কয়, বাবা বহুত ধুমুহা, সপোন আদি আহে।
এয়াতো সকলো হ’ব। তোমালোকে এজন পিতাক স্মৰণ কৰি থাকা। এই শতৰুৰ ওপৰত জয়ী হ’ব লাগে।
কোনো কোনো সময়ত এনেকুৱা সপোন আহিব যিবোৰৰ বিষয়ে কেতিয়াও ভবাই নাছিলা একেবাৰে থাউনি
নোপোৱা কৰি দিব। এয়া সকলো হৈছে মায়া। আমি মায়াক জয় কৰোঁ। আধাকল্পৰ কাৰণে শত্ৰুৰ পৰা
ৰাজ্য লওঁ, আমি একোলৈ ভ্ৰূক্ষেপ নকৰোঁ। বাহাদুৰে কেতিয়াও থেৰো-গেঁৰো নকৰে। যুদ্ধলৈ
আনন্দেৰে যায়। তোমালোকেতো ইয়াত বৰ আৰামেৰে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা। এই ছিঃ ছিঃ
শৰীৰ ত্যাগ কৰিব লাগে। এতিয়া মৰমৰ শান্তিৰ ঘৰলৈ যাব লাগে। পিতাই কয় - মই আহিছোঁ,
তোমালোকক লৈ যাবলৈ। মোক স্মৰণ কৰিলে পাৱন হৈ যাবা। অপৱিত্ৰ আত্মা যাব নোৱাৰে। এয়া
হৈছে নতুন কথা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
1) বিকৰ্মৰ পৰা
ৰক্ষা পাবলৈ বুদ্ধিৰ প্ৰীতি একমাত্ৰ পিতাৰ সৈতে গঢ়ি তুলিব লাগে, এই পচিব ধৰা দেহৰ
অভিমান ত্যাগ কৰিব লাগে।
(2) আমি যোদ্ধা, এইটো
স্মৃতিৰে মায়াৰূপী শতৰুৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে, মায়ালৈ ভ্ৰূক্ষেপ কৰিব নালাগে।
মায়াই গুপ্ত ৰূপত বহুত প্ৰৱেশ কৰে, সেইবাবে ইয়াক চিনিব আৰু সাৱধান হ’ব লাগে।
বৰদান:
মন-বাণী আৰু
কৰ্মৰ পৱিত্ৰতাত সম্পূৰ্ণ নম্বৰ লওঁতা এক নম্বৰ আজ্ঞাকাৰী হোৱা
মনৰ পৱিত্ৰতা অৰ্থাৎ
সংকল্পতো যাতে অপৱিত্ৰতাৰ সংস্কাৰ জাগ্ৰত নহয়। সদায় আত্মিক স্বৰূপ অৰ্থাৎ ভাই ভাইৰ
শ্ৰেষ্ঠ স্মৃতি থাকে। বাণীত সদায় সত্যতা আৰু মধুৰতা থাকে, কৰ্মত সদায় নম্ৰ,
সন্তুষ্ট আৰু হৰ্ষিতমুখৰ হয়। ইয়াৰ আধাৰতে নম্বৰ পোৱা যায় আৰু এনেকুৱা সম্পূৰ্ণ
পৱিত্ৰ আজ্ঞাকাৰী সন্তানসকলৰ পিতায়ো গুণগান কৰে। তেওঁলোকেই নিজৰ প্ৰতিটো কৰ্মৰ
দ্বাৰা পিতাৰ কৰ্তব্যক সিদ্ধ কৰোঁতা সমীপৰ ৰত্ন।
স্লোগান:
সম্বন্ধ-সম্পৰ্ক আৰু স্থিতিত পাতল হোৱা, দিনচৰ্যাত নহয়।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
অন্তৰ্মুখী আত্মাসকলে
যেনেকুৱাই পৰিস্থিতি নহওঁক, ভালেই হওঁক বা অস্থিৰ কৰোঁতাই হওঁক, সকলো সময়ত, সকলো
পৰিস্থিতিত নিজক খাপ খুৱাই লয়। অকলে থাকক বা সংগঠনত থাকক দুয়োটাতে খাপ খুৱাই লোৱা –
এয়া হৈছে ব্ৰাহ্মণ জীৱন।