16.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক হৈছা এতিয়া সঁচা ৰাজযোগী, তোমালোকক ৰাজঋষি বুলিও কোৱা হয়, ৰাজঋষি মানেই
পৱিত্ৰ”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে মনুষ্যক মায়া ৰূপী ৰাৱণৰ পিটনিৰ পৰা কেতিয়া উদ্ধাৰ কৰিব পাৰিবা?
উত্তৰ:
যেতিয়া তোমালোক নিজে এই পিটনিৰ পৰা ওলাই আহিবা। পিটনিৰ পৰা ওলাই অহাসকলৰ চিন হৈছে –
“ইচ্ছা মাত্ৰম্ অবিদ্যা” (অৰ্থাৎ ইচ্ছাৰ বিষয়ে অজ্ঞ হ’ব)। এজন পিতাৰ বাহিৰে অন্য
একোৱেই যাতে স্মৃতিলৈ নাহে। ভাল কাপোৰ পিন্ধোঁ, ভাল বস্তু খাওঁ…. এই লালসা যাতে
নাথাকে, তোমালোক পূৰা বনবাসত আছা। এই শৰীৰকো পাহৰি, মোৰ একোৱেই নাই, মই আত্মা–
এনেকুৱা আত্মা-অভিমানী সন্তানসকলেহে ৰাৱণৰ পিটনিৰ পৰা মনুষ্যক উদ্ধাৰ কৰিব পাৰিব।
গীত:
তু প্যাৰ কা
সাগৰ হ্যে…. (তুমি প্ৰেমৰ সাগৰ….)
ওঁম্শান্তি।
কোনোবা সময়ত
যেতিয়া গীত বজোৱা হৈছিল তেতিয়া সন্তানসকলক গীতৰ অৰ্থ সুধিছিল। এতিয়া কোৱা তোমালোকে
কেতিয়াৰ পৰা মাৰ্গ পাহৰি গ’লা? (কোনোৱে ক’লে দ্বাপৰৰ পৰা, কোনোৱে ক’লে সত্যযুগৰ পৰা)
যিসকলে ক’লে যে দ্বাপৰৰ পৰা পাহৰিলে তেওঁলোকৰ ভুল হ’ল। সত্যযুগৰ পৰা মাৰ্গ পাহৰিলা।
মাৰ্গ-দৰ্শন কৰোঁতাজনকতো এতিয়া তোমালোকে পাইছা। সত্যযুগত মাৰ্গ-দৰ্শন কৰোঁতাজনক
নাজানে। তাত কোনেও পিতাক নাজানে। পাহৰি যায়। পাহৰি যোৱাটোও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
আকৌ এতিয়া মাৰ্গ-দৰ্শন কৰাবলৈ আহিছে। এনেকৈ কয় নহয় যে প্ৰভু মাৰ্গ-দৰ্শন কৰক। আমি
সত্যযুগৰ পৰা পিতাক পাহৰি গৈছোঁ। বাবাই প্ৰশ্ন সোধে - বুদ্ধি চলাবৰ বাবে। এই
জ্ঞানেই হৈছে অনন্য নহয় জানো, জ্ঞানৰ সাগৰ পিতাই হয়। পিতাই সন্মুখত বুজায়। জ্ঞানৰ
সাগৰ, সুখৰ সাগৰ ময়েই হওঁ। তোমালোকেও জানা – পতিত-পাৱনো এজনেই পিতা। এইটোতো ভক্তি
মাৰ্গৰসকলেও মানে। পাৱন সৃষ্টি হৈছেই শান্তিধাম আৰু সুখধাম। এতিয়া সুখধাম আৰু
দুখধাম আধা আধা হয়। এইটোতো সন্তানসকলে ভালদৰেই জানে। পিতা হৈছে মৰমৰ সাগৰ, সেইবাবেতো
সকলোৱে তেওঁক পিতা বুলি মাতে, কিন্তু তেওঁ কোন, কেনেকৈ আহে, এয়া পাহৰি যায়। 5 হাজাৰ
বছৰৰ কথা, যথাযথ এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। সত্যযুগত সৎগতি পুনৰ দুৰ্গতি কেনেকৈ
হয়, কোনে ক’ব? পিতাহে আহি বুজায়, দ্বাপৰৰ পৰা তোমালোকৰ দুৰ্গতি হৈছে সেইবাবেতো
আহ্বান জনোৱা। তোমালোকে বুজি পোৱা যে এয়া কোনো নতুন কথা নহয়। পিতা কল্পই কল্পই আহে।
এতিয়া নিৰাকাৰ পিতাই আত্মাসকলক বুজায়। কোনেও নিজ আত্মাক চিনি নাপায়। এনেকৈ কোনেও
কেতিয়াও নক’ব যে মোৰ আত্মাত গোটেই ভূমিকা সমাহিত হৈ আছে। কেতিয়াও নক’ব যে মই
অনেকবাৰ এয়া হৈছোঁ, ভূমিকা পালন কৰিছোঁ। ড্ৰামাৰ বিষয়ে তেওঁলোকে নাজানেই। লাখ লাখ
হাজাৰ বছৰ বুলি কৈ দিয়ে তথাপিও ড্ৰামাই নহয় জানো। ড্ৰামা পুনৰাবৃত্তি হয়। এনেকৈতো
ক’ব নহয়। এই জ্ঞান পিতাইহে সন্তানসকলক সন্মুখত দিয়ে। মুখেৰে কথা কৈ আছে। তোমালোকে
জানা যে আমাক শিৱবাবাই ব্ৰহ্মাৰ দ্বাৰা নিজৰ কৰি লৈ ব্ৰাহ্মণ কৰিছে। শিৱবাবাৰ এওঁ (ব্ৰহ্মাবাবা)
সন্তানো হয়। স্ত্ৰীও হয়। চোৱা, কিমান সন্তানৰ তত্ত্বাৱধান লোৱা হয়। এওঁ (ব্ৰহ্মা)
পুৰুষ হোৱাৰ বাবে সৰস্বতীক সহায়কাৰী কৰিছে যে সন্তানসকলৰ তত্ত্বাৱধান লোৱা। এই
কথাবোৰ শাস্ত্ৰবোৰত নাই। এয়া হৈছে বাস্তৱিক কথা। পিতাইহে ৰাজযোগ শিকায়, যাক ৰাজযোগ
শিকালে তেওঁলোক ৰজা হ’ল। 84 জন্মত আহিল। বাইবেল, কোৰাণ, বেদ-শাস্ত্ৰ আদিতো বহুতে পঢ়ে
কিন্তু একোৱে বুজি নাপায়। এতিয়া তোমালোক কোনো তত্ত্ব যোগী নহয়। তোমালোকৰতো পিতাৰ
লগত যোগ আছে অৰ্থাৎ পিতাৰ স্মৃতি আছে। তোমালোক এতিয়া ৰাজযোগী, ৰাজঋষি হোৱা অৰ্থাৎ
যোগীৰাজ হোৱা। যোগী পৱিত্ৰক কোৱা হয়। স্বৰ্গৰ বাদশ্বাহী ল’বৰ বাবে তোমালোক যোগী হৈছা।
পিতাই প্ৰথমতেই কয় যে পৱিত্ৰ হোৱা। যোগী নামটিয়েই তেওঁলোকৰ (পৱিত্ৰসকলৰ)। তোমালোক
সকলো ৰাজযোগী। এয়া তোমালোক ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলৰ কথা। তোমালোকক ৰাজযোগ
শিকাই আছে, গতিকে বিদ্যাৰ্থী হৈ গ’লা নহয়। বিদ্যাৰ্থীয়ে শিক্ষকক কেতিয়াবা পাহৰিব
জানো? জানা যে শিৱবাবাই আমাক পঢ়াই আছে। কিন্তু মায়াই তথাপিও পাহৰাই দিয়ে। তোমালোকে
নিজক পঢ়াওঁতা শিক্ষকক পাহৰি যোৱা। ভগৱানে পঢ়ায় – এনেকৈ বুজিলে তেতিয়া নিচা বাঢ়িব।
বিদ্যালয়ত আই.চি.এচ. পঢ়িলে কিমান নিচা থাকে। তোমালোক সন্তানসকলেতো 21 জন্মৰ বাবে এই
ৰাজযোগৰ পাঠ পঢ়া। পঢ়িবতো তথাপিও লাগে। ৰাজবিদ্যাও পঢ়িব লাগিব, ভাষা আদিও শিকিব
লাগিব।
তোমালোক সন্তানসকলে
বুজি পোৱা যে সত্যযুগৰ পৰা আমি এই মাৰ্গ পাহৰিবলৈ আৰম্ভ কৰোঁ। আকৌ এটা এটা ছিৰিৰ
ধাপ, এটা এটা জন্মত তললৈ নামো। এতিয়া তোমালোকৰ সকলো স্মৃতি আছে। কেনেকৈ আমি ওপৰলৈ
উঠোঁ, কেনেকৈ আমি তললৈ নামো। এই ছিৰি ভালদৰে স্মৃতিলৈ আনা। 84 জন্ম পূৰা হ’ল, এতিয়া
আমি যাব লাগে। তেতিয়া আনন্দিত হোৱা যায়, এইখন বেহদৰ ড্ৰামা। আত্মা কিমান সূক্ষ্ম।
ভূমিকা পালন কৰি কৰি আত্মা ক্লান্ত হৈ পৰে তেতিয়া কয় - বাবা মাৰ্গ-দৰ্শন কৰক যাতে
আমি বিশ্ৰাম পাওঁ, সুখ-শান্তি পাওঁ। তোমালোক সুখধামত থাকিলে তোমালোকৰ বাবে তাত
সুখ-শান্তিও আছে। তাত কোনো হুলস্থুল নাই। আত্মা শান্তিত থাকে। শান্তিৰ স্থান দুটা -শান্তিধাম
আৰু সুখধাম। দুখধামত হৈছে অশান্তি। এয়া হৈছে পঢ়া, তোমালোকে জানা যে আমাক বাবাই
শান্তিধাম হৈ সুখধামলৈ লৈ গৈ আছে। তোমালোকে কোৱাৰ দৰকাৰ নাই। তোমালোকে জানা যে আমি
ইয়াত ভূমিকা পালন কৰিবলৈ আহিছোঁ পুনৰ উভতি যাব লাগে। এইটো আনন্দ আছে। শান্তিৰ আনন্দ
নাই। ভূমিকা পালন কৰিলে আমাৰ মজা লাগে, আনন্দিত হোৱা যায়। জানে যে পিতাক স্মৰণ কৰিলে
বিকৰ্ম বিনাশ হ’ব। কিছুমানে কয় – আমি যাতে মনৰ শান্তি পাওঁ। এই কথাষাৰো ভুল। এনেকুৱা
নহয়, আমি পিতাক স্মৰণ কৰোঁ যাতে বিকৰ্ম বিনাশ হয়। মন শান্ত হৈতো থাকিব নোৱাৰে। কৰ্ম
অবিহনে থাকিব নোৱাৰে। বাকী উপলব্ধি হয়, আমি পিতাৰ পৰা পৱিত্ৰতা, সুখ-শান্তিৰ
উত্তৰাধিকাৰ লৈ আছোঁ, তেন্তে আনন্দিত হোৱা উচিত। এয়াতো হয়েই দুখধাম। ইয়াত সুখ হ’ব
নোৱাৰে। মনুষ্যই শান্তিধাম সুখধামক পাহৰি গৈছে। গতিকে যাৰ বহুত ধন আছে, বুজি লয় আমি
সুখত আছোঁ, সন্ন্যাসীয়ে ঘৰ-সংসাৰ এৰি জংঘললৈ গুচি যায়। কোনো হুলস্থুলতো নাই। তেন্তে
শান্ততো হৈ যায় কিন্তু সেয়া হৈছে অল্পকালৰ বাবে। শান্তি যি আত্মাৰ স্বধৰ্ম, তাত
স্থিৰ হৈ থাকিলে তোমালোক শান্তিত থাকা। ইয়াততো প্ৰবৃত্তিত আহিবই লাগে। ভূমিকা পালন
কৰিবই লাগে। ইয়ালৈ আহেই কৰ্ম কৰিবৰ বাবে। কৰ্মততো আত্মা নিশ্চয় আহিবই লাগিব।
তোমালোক সন্তানসকলে বুজি পোৱা - এই বুজনি বেহদৰ পিতাই দি আছে। নিৰাকাৰ ভগৱানুবাচ (ভগৱানে
কয়) – এতিয়া তোমালোকে জানা যে আমি আত্মা, আমাৰ পিতা হৈছে পৰম আত্মা। পৰম আত্মা মানে
পৰমাত্মা। তেওঁক এই আত্মাই আহ্বান জনায়। সেই পিতাই হৈছে সকলোৰে সৎগতি দাতা। এতিয়া
পিতাই কয় – সন্তানসকল দেহী-অভিমানী হোৱা। এয়াই পৰিশ্ৰম। আধাকল্পৰ পৰা যি খাদ পৰিছে,
সেয়া এই স্মৃতিৰেহে আঁতৰিব। তোমালোক সঁচা (বিশুদ্ধ) সোণ হ’ব লাগে। যেনেকৈ সঁচা সোণত
খাদ (অন্য ধাতু) মিহলি কৰি অলংকাৰ গঢ়ে। তোমালোক প্ৰকৃততে সঁচা সোণ আছিলা পাছত
তোমালোকৰ (আত্মাত) খাদ পৰে। এতিয়া তোমালোকৰ বুদ্ধিত আছে, আমি ভূমিকা পালন কৰিলোঁ।
এতিয়া আমি পিতাৰ ঘৰলৈ যাওঁ। যেনেকৈ বিদেশৰ পৰা যেতিয়া পিতাকৰ ঘৰলৈ উভতে তেতিয়া
আনন্দিত হয়, তোমালোকো আনন্দিত হোৱা, তোমালোকে জানা যে বাবাই আমাৰ বাবে স্বৰ্গ লৈ
আনিছে। বেহদৰ পিতাৰ উপহাৰ - বেহদৰ বাদশ্বাহী অৰ্থাৎ সৎগতি। সন্ন্যাসী লোকসকলে
মুক্তিৰ উপহাৰ পচন্দ কৰে। কাৰোবাৰ মৃত্যু হ’লে কয় - স্বৰ্গবাসী হ’ল। সন্ন্যাসীসকলে
ক’ব জ্যোতি জ্যোতিত সমাহিত হৈ গ’ল, য’ত সকলো মিলি যাব। সেয়াতো হৈছে নিবাস কৰা স্থান,
য’ত আমি আত্মাসকল থাকোঁ। বাকী কোনো জ্যোতি বা অগ্নি জানো আছে, য’ত সকলো লীন হৈ যাব।
ব্ৰহ্ম মহাতত্ত্ব হয়, য’ত আত্মাসকল থাকে। পিতাও তাতেই থাকে। তেৱোঁ বিন্দু। বিন্দুৰ
কাৰোবাৰ সাক্ষাৎকাৰ হ’লেতো বুজিবই নোৱাৰিব। অনেক সন্তানে কয় - বাবা স্মৰণ কৰিবলৈ
কঠিন হয়। বিন্দু ৰূপক কেনেকৈ স্মৰণ কৰোঁ। আধাকল্পতো ডাঙৰ লিঙ্গ ৰূপক স্মৰণ কৰিলোঁ।
সেয়াও পিতাই বুজায়। বিন্দুৰতো পূজা হ’ব নোৱাৰে। বিন্দুৰ মন্দিৰ কেনেকৈ সাজিব?
বিন্দুতো দেখিবলৈকে পোৱা নাযায়, সেইবাবে শিৱলিঙ্গ ডাঙৰকৈ সাজে। বাকী আত্মাসকলৰ
শালগ্ৰামতো বহুত সৰু সৰুকৈ সাজে। ডিম্বাকৃতিৰ সাজে। ক’ব প্ৰথমে এয়া কিয় নক’লে -
পৰমাত্মা বিন্দুৰ দৰে হয়। পিতাই কয় - সেই সময়ত এয়া কোৱাৰ ভূমিকাই নাছিল। হেৰ’
তোমালোকে আই.চি.এচ. আৰম্ভণিৰ পৰা কিয় নপঢ়া? পঢ়াৰো নিয়ম আছে নহয়। কোনোবাই এনেকুৱা কথা
সুধিলে তোমালোকে ক’ব পাৰা – বাৰু বাবাক সুধিম বা আমাতকৈ জ্যেষ্ঠ শিক্ষক আছে তেওঁক
লিখি সুধিম। বাবাই ক’বলগীয়া থাকিলে ক’ব নহ’লে ক’ব আগলৈ গৈ বুজিবা। একে সময়তেতো
নুশুনাব। এই সকলোবোৰ হৈছে নতুন কথা। তোমালোকৰ বেদ-শাস্ত্ৰত যি আছে - পিতাই বহি তাৰ
সাৰ শুনায়। এয়াও ভক্তিমাৰ্গত নিৰ্ধাৰিত হৈ আছে, তথাপিও তোমালোকে পঢ়িবই লাগিব। এই
ভক্তিৰ ভূমিকা পালন কৰিবই লাগিব। পতিত হোৱাৰো ভূমিকা পালন কৰিব লাগিব। এনেকৈ কয় –
ভক্তিৰ পিটনিত আৱদ্ধ হৈ গৈছোঁ। বাহিৰৰ পৰাতো সৌন্দৰ্য বহুত আছে। যেনেকৈ মৰীচিকাৰ
উদাহৰণ দিয়ে। ভক্তিও বহুত আকৰ্ষক হয়। পিতাই কয় - এয়া মৰীচিকা। (মৃগতৃষ্ণাৰ সমান) এই
পিটনিত আৱদ্ধ হৈ যায়। তেতিয়া তাৰ পৰা উলিওৱাটোৱেই কঠিন হৈ যায়, একদম আৱদ্ধ হৈ যায়।
আনক উলিয়াবলৈ যায় কিন্তু নিজেই আৱদ্ধ হৈ যায়। এনেকৈ বহুত আৱদ্ধ হৈ যায়।
আশ্চৰ্যজনকভাৱে শুনে, শুনায় আনকো উলিয়ায়, আগবাঢ়ি গৈ থাকোঁতে আকৌ নিজেই আৱদ্ধ হৈ যায়।
কিমান ভাল ভাল অতি উত্তম আছিল। পাছত তেওঁলোকক উলিওৱাতো বহুত কঠিন হৈ যায়। পিতাক
পাহৰি যায়, গতিকে পিটনিৰ পৰা উলিয়াবলৈ কিমান পৰিশ্ৰম হয়। যিমানেই নুবুজোৱা বুদ্ধিত
ধাৰণ নহয়। এতিয়া তোমালোকে বুজিব পাৰা যে আমি মায়াৰূপী ৰাৱণৰ পিটনিৰ পৰা কিমান ওলাই
আহিছোঁ। যিমানে ওলাই গৈ থাকে সিমানে আনন্দিত হয়। যিয়ে নিজে ওলাই আহিব তেওঁলোকৰ আনক
উলিয়াই অনাৰ শক্তি থাকিব। বাণ চলাওঁতা কোনোবা নিপুণ হয়, কোনোবা দুৰ্বল হয়। ভীল (একলব্য;
এজন আদিবাসী যুৱক, মহাভাৰতৰ এটা চৰিত্ৰ) আৰু অৰ্জুনৰো দৃষ্টান্ত আছে নহয়। অৰ্জুন
গুৰুৰ সৈতে একেলগে আছিল, অৰ্জুন এজনক কোৱা নহয়, যি পিতাৰ হৈ পিতাৰ লগত থাকে
তেওঁলোকক অৰ্জুন বুলি কোৱা হয়। লগত থকা আৰু বাহিৰত থকাসকলৰ মাজত প্ৰতিযোগিতা কৰা হয়।
ভীল অৰ্থাৎ বাহিৰত থকাসকল তীব্ৰ বেগত গুচি গ’ল। দৃষ্টান্ত এজনৰ দিয়া হয়। কিন্তু
কথাতো বহুতৰে হয়। কাঁড়ো হৈছে এই জ্ঞানৰ। প্ৰত্যেকে নিজক বুজিব পাৰে যে মই কিমান
পিতাক স্মৰণ কৰোঁ, আন কাৰোবাৰ স্মৃতিতো নাহে! ভাল বস্তু পিন্ধাৰ বা খোৱাৰ লালসাতো
নাথাকে! ইয়াত ভাল পিন্ধিলে তাত কম হৈ যাব। আমিতো ইয়াত বনবাসত থাকিব লাগে। পিতাই কয়
- তোমালোকে নিজৰ এই শৰীৰটোও পাহৰি যোৱা। এইটোতো পুৰণা তমোপ্ৰধান শৰীৰ। তোমালোক
স্বৰ্গৰ মালিক হোৱা। “ইচ্ছা মাত্ৰম্ অবিদ্যা” (ইচ্ছাৰ বিষয়ে অজ্ঞ হোৱা)।
পিতাই কয় – তোমালোকে
ইয়াত অলংকাৰ আদিও নিপিন্ধিবা, এনেকৈ কিয় কয় বাৰু? ইয়াৰো বহুত কাৰণ আছে। কাৰোবাৰ
অলংকাৰ হেৰাই গ’লে ক’ব যে তাত ব্ৰহ্মাকুমাৰীক দি আহিল আকৌ চোৰ-ডকাইতেও ৰাস্তাত কাঢ়ি
নিয়ে। আজিকালি বহুত লুট-পাত কৰা মহিলাও ওলাইছে। মহিলায়ো ডকাইতি কৰে। জগতৰ অৱস্থা
চোৱা কেনেকুৱা? তোমালোকে বুজি পোৱা যে এই জগতখন একেবাৰে বেশ্যালয়। আমি ইয়াত শিৱালয়ত
শিৱবাবাৰ লগত বহি আছোঁ। তেওঁ সত্য, চৈতন্য, আনন্দ স্বৰূপ। আত্মাৰেই মহিমা। আত্মাইহে
কয় - মই ৰাষ্ট্ৰপতি হৈছোঁ, মই অমুক। আৰু তোমালোক আত্মাই কোৱা যে আমি ব্ৰাহ্মণ।
বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। আত্মা-অভিমানত থাকিব লাগে, ইয়াতেই পৰিশ্ৰম হয়। এওঁ
মোৰ অমুক, এইটো মোৰ…… এয়া স্মৃতিত থাকে, আমি আত্মা ভাই ভাই, এইটো পাহৰি যায়। এই
“মোৰ মোৰ” ত্যাগ কৰিবলগীয়া হয়। মই আত্মা, এওঁৰ (ব্ৰহ্মাবাবাৰ) আত্মায়ো জানে। পিতাই
বুজাই আছে, ময়ো (ব্ৰহ্মা বাবাই) শুনি থাকোঁ। প্ৰথমে মই শুনোঁ, অৱশ্যে ময়ো শুনাব পাৰোঁ,
কিন্তু সন্তানসকলৰ কল্যাণৰ অৰ্থে কওঁ - তোমালোকে সদায় বুজিবা যে শিৱবাবাই বুজায়।
বিচাৰ সাগৰ মন্থন কৰাতো সন্তানসকলৰ কাম। যেনেকৈ তোমালোকে কৰা, তেনেকৈ ময়ো কৰোঁ।
নহ’লে প্ৰথম নম্বৰত কেনেকৈ যাম, কিন্তু নিজক গুপ্ত কৰি ৰাখোঁ। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) “মোৰ মোৰ”
সকলো এৰি নিজক আত্মা বুলি বুজিব লাগে। আত্মা-অভিমানী হৈ থকাৰ পৰিশ্ৰম কৰিব লাগে।
ইয়াত একেবাৰে বনবাসত থাকিব লাগে। পিন্ধাৰ, খোৱাৰ ইচ্ছাৰ পৰা “ইচ্ছা মাত্ৰম্ অবিদ্যা”
হ’ব লাগে।
(2) ভূমিকা পালন কৰি
কৰ্ম কৰি নিজৰ শান্তিৰ স্বৰ্ধমত স্থিৰ হৈ থাকিব লাগে। শান্তিধাম আৰু সুখধামক স্মৰণ
কৰিব লাগে। এই দুখধামক পাহৰি যাব লাগে।
বৰদান:
আত্মিকতা আৰু
দয়া গুণৰ দ্বাৰা বিশ্ব নৱ-নিৰ্মাণ কৰোঁতা বিশ্ব-কল্যাণকাৰী হোৱা
বিশ্ব-কল্যাণকাৰী
হ’বৰ বাবে মুখ্যতঃ দুটা ধাৰণাৰ আৱশ্যক এটা হ’ল ঈশ্বৰীয় আত্মিকতা আৰু আনটো দয়া। যদি
আত্মিকতা আৰু দয়া দুয়োটা একেলগে থাকে আৰু সমান হয় তেতিয়া আত্মিকতাৰ স্থিতি গঢ়ি উঠে।
গতিকে যেতিয়াই কোনো কৰ্তব্য কৰা বা মুখেৰে কিবা কোৱা তেতিয়া পৰীক্ষা কৰা যে দয়া আৰু
আত্মিকতা দুয়োটা সমান ৰূপত আছেনে? শক্তিসমূহৰ চিত্রত এই দুয়োটা গুণৰ সমানতা দেখুৱায়,
ইয়াৰ আধাৰত বিশ্ব নৱ-নিৰ্মাণৰ নিমিত্ত হ’ব পাৰা।
স্লোগান:
পিতাৰ প্ৰেমৰ কাৰণে ব্যৰ্থ সংকল্প ত্যাগ কৰি দিয়া - এয়াই সঁচা বলিদান।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
যি যিমান সৰল হ'ব,
তেওঁৰ স্মৃতিও সিমানে সৰল হ'ব। যি প্ৰতিটো কথাত যিমান স্পষ্ট অৰ্থাৎ স্বচ্ছ হ'ব,
তেওঁ সিমানেই সৰল হ'ব। যি নিজে যেনেকুৱা হয়, তেওঁৰ ৰচনাতো সেই একেই সংস্কাৰ থাকে।
সেয়েহে, প্ৰতিটো গুণৰ বাস্তৱিক উদাহৰণ হোৱা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]