16.07.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
ড্ৰামাৰ যথাৰ্থ জ্ঞানেৰেহে তোমালোক অচল, অটল আৰু একৰস হৈ থাকিব পাৰা, মায়াৰ ধুমুহাই
তোমালোকক লৰাব নোৱাৰে”
প্ৰশ্ন:
দেৱতাসকলৰ
মুখ্য কোনটো গুণ তোমালোক সন্তানসকলৰ মাজত সদায় দেখা পোৱা উচিত?
উত্তৰ:
হৰ্ষিত হৈ থকা গুণ। দেৱতাসকলক সদায় হাঁহি থকা হৰ্ষিত ৰূপত দেখুৱায়। তেনেকৈ তোমালোক
সন্তানসকলো সদায় হৰ্ষিত হৈ থাকিব লাগে, যি কথাই নহওঁক, হাঁহি থাকা। কেতিয়াও দুখ আৰু
ক্ৰোধ আহিব নালাগে। যেনেকৈ পিতাই তোমালোকক ভুল আৰু শুদ্ধৰ বুজনি দিয়ে, কেতিয়াও
ক্ৰোধ নকৰে, দুখী নহয়, তেনেকৈ তোমালোক সন্তানসকলো দুখী হ'ব নালাগে।
ওঁম্শান্তি।
বেহদৰ
সন্তানসকলক বেহদৰ পিতাই বুজায়। লৌকিক পিতাইতো এনেকৈ নক'ব। লৌকিক পিতাৰতো অতি বেছি
5-7টি সন্তান থাকিব। এয়াতো যিসকল আত্মা আছে, পৰস্পৰ ভাই ভাই। তেওঁলোক সকলোৰে নিশ্চয়
পিতা থাকিব। কয়ো যে আমি সকলো ভাই ভাই। সকলোৰে কাৰণে কয়। যিয়েই আহিব, তেওঁলোকৰ কাৰণে
ক'ব আমি ভাই ভাই। ড্ৰামাত সকলো বান্ধ খাই আছে, যাক কোনেও নাজানে। এই নজনাটোও
ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যিটো পিতাহে আহি শুনায়, কথা (আখ্যান) আদি যেতিয়া বহি
শুনায় তেতিয়া কয় - পৰমপিতা পৰমাত্মায়ে নমঃ। এতিয়া তেওঁ কোন - সেইটো নাজানে। এনেকৈ
কয় যে ব্ৰহ্মা দেৱতা, বিষ্ণু দেৱতা, শংকৰ দেৱতা কিন্তু বোধযুক্ত হৈ তেনেকৈ নকয়।
ব্ৰহ্মাক বাস্তৱিকতে দেৱতা বুলি কোৱা নহয়। দেৱতা বুলি বিষ্ণুক কোৱা হয়। ব্ৰহ্মাৰ
বিষয়ে কোনেও গম নাপায়। বিষ্ণু দেৱতা বাৰু ঠিক, শংকৰৰতো একোৱেই ভূমিকা নাই। তেওঁৰ
জীৱনী নাই, শিৱবাবাৰতো জীৱনী আছে। তেওঁ আহেই পতিতক পাৱন কৰি তুলিবলৈ, নতুন সৃষ্টি
স্থাপনা কৰিবলৈ। এতিয়া এক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা আৰু আন সকলো ধৰ্মৰ
বিনাশ হয়। সকলো কলৈ যায়? শান্তিধামলৈ। শৰীৰতো সকলোৰে বিনাশ হৈ যাব। নতুন সৃষ্টিত
থাকিবা কেৱল তোমালোক। যিবোৰ মুখ্য ধৰ্ম আছে, তাক তোমালোকে জানা। সকলোবোৰৰেতো নাম
ল'ব নোৱাৰি। সৰু সৰু ঠাল-ঠেঙুলীতো বহুত আছে। পোন-প্ৰথমে দেৱতা ধৰ্ম তাৰপাছত ইছলামী।
এই কথাবোৰ তোমালোক সন্তানসকলৰ বাহিৰে অন্য কাৰো বুদ্ধিত নাই। এতিয়া সেই আদি সনাতন
দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গ'ল সেই কাৰণে বট বৃক্ষৰ উদাহৰণ দিয়ে। গোটেই বৃক্ষ
জোপা ঠিয় হৈ আছে। আধাৰ নাই। এই বট বৃক্ষৰে আয়ুস সকলোতকৈ দীঘলীয়া হয়। গতিকে ইয়াত
সকলোতকৈ দীঘলীয়া আয়ুস হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ। সেইটো ধৰ্ম যেতিয়া প্ৰায়
লোপ হয় তেতিয়াহে পিতা আহি কয় যে এতিয়া এক ধৰ্মৰ প্ৰতিষ্ঠা আৰু অনেক ধৰ্মৰ বিনাশ হ'ব,
সেই কাৰণে ত্ৰিমূৰ্তিও তৈয়াৰ কৰিছে। কিন্তু অৰ্থ বুজি নাপায়। তোমালোক সন্তানসকলে
জানা যে উচ্চতকৈও উচ্চ হৈছে ভগৱান তাৰপাছত ব্ৰহ্মা-বিষ্ণু-শংকৰ, আকৌ সৃষ্টিলৈ আহিলে
দেৱী-দেৱতাসকলৰ বাহিৰে আৰু অন্য ধৰ্ম নাই। ভক্তিমাৰ্গো ড্ৰামাত নিহিত হৈ আছে। প্ৰথমে
শিৱৰ ভক্তি কৰে পাছত দেৱতাসকলৰ। ভাৰতৰেই কথা। বাকী বুজি পায় যে আমাৰ ধৰ্ম, মঠ, পন্থ
কেতিয়া প্ৰতিষ্ঠা হয়। যেনেকৈ আৰ্য লোকসকলে কয় যে আমি বহুত পুৰণা। বাস্তৱত সকলোতকৈ
পুৰণা হয়েই দেৱী-দেৱতা ধৰ্ম। তোমালোকে যেতিয়া বৃক্ষৰ ওপৰত বুজোৱা তেতিয়া নিজেও বুজি
পাবা যে আমাৰ ধৰ্ম অমুক সময়ত আহিব। সকলোৱে যি অনাদি-অবিনাশী ভূমিকা প্ৰাপ্ত কৰিছে
সেয়াতো পালন কৰিবই লাগে, ইয়াত কাৰোবাৰ দোষ বা ভুল হোৱা বুলি ক'ব নোৱাৰি। এয়াতো কেৱল
বুজোৱা হয় যে পাপ আত্মা কিয় হ'ল। মনুষ্যই ক’ব, আমি সকলো বেহদ পিতাৰ সন্তান, তেন্তে
সকলো ভাই ভাই সত্যযুগত কিয় নাই? কিন্তু ড্ৰামাত ভূমিকাই নাই। এই অনাদি ড্ৰামা পূৰ্ব
নিৰ্ধাৰিত, ইয়াৰ ওপৰত নিশ্চয় ৰাখা, আৰু একো কথা নক'বা। চক্ৰও দেখুওৱা হৈছে - কেনেকৈ
ই ঘূৰে। কল্প বৃক্ষৰো চিত্ৰ আছে। কিন্তু এইটো কোনেও নাজানে যে ইয়াৰ আয়ুস কিমান।
পিতাই কাৰো নিন্দা নকৰে। এয়াতো বুজোৱা হয়, তোমালোককো বুজায় তোমালোক কিমান পৱিত্ৰ
আছিলা, এতিয়া পতিত হৈ গ’লা সেই কাৰণে আহ্বান কৰা - হে পতিত-পাৱন আহক। প্ৰথমেতো
তোমালোক সকলো পৱিত্ৰ হ'ব লাগে। আকৌ ক্ৰম অনুসৰি ভূমিকা পালন কৰিবলৈ আহিব লাগে। সকলো
আত্মা ওপৰতেই থাকে। পিতাও ওপৰতে থাকে, আকৌ তেওঁক আহ্বান কৰা হয় যে আহক। এনেকৈ তেওঁক
মাতিলে নাহে। পিতাই কয় মোৰো ড্ৰামাত ভূমিকা নিৰ্ধাৰিত হৈ আছে। যেনেকৈ হদৰ ড্ৰামাতো
ডাঙৰ ডাঙৰ মুখ্য ভাৱৰীয়াৰ ভূমিকা থাকে, এয়া আকৌ হৈছে বেহদৰ ড্ৰামা। সকলো ড্ৰামাৰ
বন্ধোনত বান্ধ খাই আছে, ইয়াৰ অৰ্থ এইটো নহয় যে কোনো সূতাৰে বান্ধি থোৱা আছে। নহয়।
এয়া পিতাই বুজায়। সেয়া হৈছে জড় বৃক্ষ। যদি বীজ চৈতন্য হয় তেন্তে সেই বীজে
নাজানিলেহেঁতেন জানো যে কেনেকৈ বৃক্ষ ডাঙৰ হৈ আকৌ ফল দিব। এয়াতো হৈছে এই মনুষ্য
সৃষ্টি ৰূপী বৃক্ষৰ চৈতন্য বীজ, ইয়াক ওলোটা বৃক্ষ বুলি কোৱা হয়। পিতাতো হৈছে
জ্ঞানেৰে পৰিপূৰ্ণ, তেওঁৰ গোটেই বৃক্ষৰ জ্ঞান আছে। এয়া সেই ‘গীতা’ জ্ঞানেই হয়। কোনো
নতুন কথা নহয়। ইয়াত বাবাই কোনো শ্লোক আদি উচ্চাৰণ নকৰে। সেই লোকসকলে ‘গ্ৰন্থ’ পঢ়ি
আকৌ বহি অৰ্থ বুজায়। পিতাই বুজায় - এয়া হৈছে পঢ়াৰ কথা, ইয়াত শ্লোক আদিৰ প্ৰয়োজন নাই।
সেই শাস্ত্ৰসমূহ পঢ়াৰ ক্ষেত্ৰত কোনো লক্ষ্য-উদ্দেশ্য নাই। কয়ো যে জ্ঞান, ভক্তি,
বৈৰাগ্য। এই পুৰণি সৃষ্টিৰ বিনাশ হয়। সন্ন্যাসীসকলৰ হৈছে হদৰ বৈৰাগ্য, তোমালোকৰ হৈছে
বেহদৰ বৈৰাগ্য। শংকৰাচাৰ্য যেতিয়া আহে তেতিয়া তেওঁ ঘৰ-সংসাৰৰ পৰা বৈৰাগী হ’বলৈ
শিকায় । তেৱোঁ প্ৰথমতে শাস্ত্ৰ আদি নিশিকায়। যেতিয়া বহুত বৃদ্ধি হৈ যায় তেতিয়া
শাস্ত্ৰ ৰচনা কৰিবলৈ আৰম্ভ কৰে। পোন-প্ৰথমেতো ধৰ্ম প্ৰতিষ্ঠা কৰোঁতা এজনেই হয় পাছত
লাহে লাহে বৃদ্ধি হৈ গৈ থাকে। এয়াও বুজিব লাগে। সৃষ্টিত পোন-প্ৰথমে কোনটো ধৰ্ম আছিল।
এতিয়াতো অনেক ধৰ্ম আছে। আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, যাক স্বৰ্গ, ‘হেভেন’ বুলি
কয়। তোমালোক সন্তানসকলে ৰচয়িতা আৰু ৰচনাক জনাৰ বাবে আস্তিক হৈ যোৱা। নাস্তিকতাৰ
কাৰণে কিমান দুখ হয়, অনাথ হৈ যায়, নিজৰ মাজতেই কাজিয়া-পেচাল লাগি থাকে। কয় নহয় -
তোমালোকে নিজৰ মাজত কাজিয়া লাগি থাকা, তোমালোকৰ কোনো গৰাকী বা অভিভাৱক নাই নেকি? এই
সময়ত সকলো অনাথ হৈ যায়। নতুন সৃষ্টিত পৱিত্ৰতা, সুখ, শান্তি সকলো আছিল, অপাৰ সুখ
আছিল। ইয়াত হৈছে অপাৰ দুখ। সেয়া হৈছে সত্যযুগৰ, এয়া হৈছে কলিযুগৰ, এতিয়া তোমালোকৰ
হৈছে পুৰুষোত্তম সংগমযুগ। এই পুৰুষোত্তম সংগমযুগ এটাই। সত্যযুগ-ত্ৰেতাৰ সংগমক
পুৰুষোত্তম বুলি কোৱা নহয়। ইয়াত হৈছে অসুৰ, তাত হৈছে দেৱতা। তোমালোকে জানা যে এয়া
হৈছে ৰাৱণৰাজ্য। ৰাৱণৰ ক্ষেত্ৰত গাধৰ মূৰ দেখুৱায়। গাধক যিমানেই চাফা কৰি তাৰ ওপৰত
কাপোৰ নাৰাখা, গাধই তথাপিও মাটিত বাগৰি কাপোৰ লেতেৰা কৰি দিব। পিতাই তোমালোকৰ কাপোৰ
চাফা ফুলৰ দৰে কৰি তোলে, আকৌ ৰাৱণৰাজ্যত লেতি-পেতি হৈ অপৱিত্ৰ হৈ যোৱা। আত্মা আৰু
শৰীৰ দুয়ো অপৱিত্ৰ হৈ যায়। পিতাই কয় - তোমালোকে গোটেই শোভা হেৰুৱাই পেলালা। পিতাক
পতিত-পাৱন বুলি কোৱা হয়, তোমালোকে জনাকীৰ্ণ সভাত ক'ব পাৰা যে আমি স্বৰ্ণিম যুগত
কিমান অলংকৃত হৈ আছিলোঁ, কেনেকুৱা প্ৰথম শ্ৰেণীৰ ৰাজ্য-ভাগ্য আছিল। পাছত মায়া ৰূপী
ধূলিত লেতি-পেতি হৈ মলিয়ন হৈ গ’লোঁ।
পিতাই কয় এয়া অন্ধকাৰ নগৰ। ভগৱানক সৰ্বব্যাপি বুলি কৈ দিলে, যি হৈ গ’ল সেয়া হুবহু
পুনৰাবৃত্তি হ'ব, ইয়াত বিভ্ৰান্ত হোৱাৰ দৰকাৰ নাই। 5 হাজাৰ বছৰত কিমান মিনিট, ঘণ্টা,
চেকেণ্ড এটি সন্তানে সকলো ধৰ্মৰে হিচাপ উলিয়াই পঠিয়াইছিল, ইয়াতো বুদ্ধি ব্যৰ্থতেই
গৈছিল। বাবাইতো মাথো বুজায় যে সৃষ্টি কেনেকৈ চলে।
প্ৰজাপিতা ব্ৰহ্মা হৈছে “গ্ৰেট্-গ্ৰেট্ গ্ৰেণ্ড ফাদাৰ”। তেওঁৰ বৃত্তিক কোনেও নাজানে।
বিৰাট ৰূপ তৈয়াৰ কৰিছে তাত প্ৰজাপিতা ব্ৰহ্মাকো উৰুৱাই দিলে। পিতা আৰু ব্ৰাহ্মণক
যথাৰ্থ ৰীতিৰে নাজানে। তেওঁক কোৱাও হয় - আদি দেৱ। পিতাই বুজায় - মই এই বৃক্ষৰ
চৈতন্য বীজ ৰূপ। এয়া হৈছে ওলোটা বৃক্ষ। পিতা যি সত্য, চৈতন্য, জ্ঞানৰ সাগৰ, তেওঁৰেই
মহিমা কৰা হয়। আত্মা নাথাকিলে চলা-ফুৰাও কৰিব নোৱাৰে। গৰ্ভতো 5-6 মাহৰ পাছত আত্মা
প্ৰৱেশ কৰে। এয়াও ড্ৰামা ৰচি থোৱা আছে। আকৌ আত্মা ওলাই গ’লে শেষ। আত্মা অবিনাশী,
আত্মায়ে ভূমিকা পালন কৰে, এয়া পিতা আহি উপলব্ধি কৰায়। আত্মা ইমান সূক্ষ্ম বিন্দু,
তাত অবিনাশী ভূমিকা নিহিত হৈ আছে। পৰমপিতাও আত্মা, তেওঁক জ্ঞানৰ সাগৰ বুলি কোৱা হয়।
তেৱেঁই আত্মাৰ অনুভৱ কৰায়। তেওঁলোকেতো কেৱল কৈ দিয়ে পৰমপিতা সৰ্বশক্তিমান, হাজাৰ
সূৰ্যতকৈও তেজোময়। কিন্তু একোৱেই বুজি নাপায়। পিতাই কয় - এই সকলোবোৰ ভক্তিমাৰ্গত
বৰ্ণনা কৰা আছে আৰু শাস্ত্ৰত লিখি দিছে। অৰ্জুনৰ যেতিয়া সাক্ষাৎকাৰ হ'ল ক'লে মই
ইমান তীব্ৰতা সহ্য কৰিব নোৱাৰোঁ, গতিকে সেই কথাটি মনুষ্যৰ বুদ্ধিত সোমাই আছে। ইমান
তেজোময় যদি কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰে ফাটি যাব। জ্ঞানতো নাই নহয়। গতিকে বুজি লয় যে
পৰমাত্মাতো হাজাৰ সূৰ্যতকৈও তেজোময়, আমি তেওঁৰ সাক্ষাৎকাৰ বিচাৰোঁ। ভক্তিৰ ভাৱনা বহি
আছে গতিকে তেওঁলোকৰ সেই সাক্ষাৎকাৰো হয়। আৰম্ভণিতে তোমালোকৰ ওচৰতো এনেকুৱা
সাক্ষাৎকাৰ কৰিছিল, চকু ৰঙা হৈ গৈছিল। সাক্ষাৎকাৰ কৰিলে আকৌ আজি তেওঁলোক ক'ত আছে।
সেয়া সকলো হৈছে ভক্তিমাৰ্গৰ কথা। গতিকে এই সকলোবোৰ পিতাই বুজায়, ইয়াত গ্লানিৰ কোনো
কথা নাই। সন্তানসকলে সদায় হৰ্ষিত হৈ থাকিব লাগে। এয়াতো ড্ৰামা ৰচি থোৱা আছে। মোক
ইমান গালি দিয়ে, তেতিয়া মই কি কৰোঁ? খং উঠে জানো! বুজি পাওঁ ড্ৰামা অনুসৰি এওঁলোক
সকলো ভক্তিমাৰ্গত আৱদ্ধ হৈ আছে। বিতুষ্ট হোৱাৰ কথাই নাই। ড্ৰামা এনেকৈয়ে ৰচি থোৱা
আছে। মৰমেৰে বুজাবলগীয়া হয়। বেচেৰা অজ্ঞান অন্ধকাৰত পৰি আছে, বুজি নাপালে তেতিয়া
দয়াও ওপজে। সদায় হৰ্ষিত হৈ থাকিব লাগে। এওঁলোক বেচেৰা স্বৰ্গৰ প্ৰৱেশ দ্বাৰলৈ আহিব
নোৱাৰিব, এওঁলোক সকলো শান্তিধামলৈহে যাব। সকলোৱে শান্তিয়ে বিচাৰে। গতিকে পিতাইহে
প্ৰকৃত সত্য বুজায়। এতিয়া তোমালোকে জানা যে এই খেল ৰচি থোৱা আছে। ড্ৰামাত
প্ৰত্যেকেই ভূমিকা প্ৰাপ্ত কৰিছে, ইয়াত বহুত অচল, স্থিৰ বুদ্ধি লাগে। যেতিয়ালৈকে
অচল, অটল একৰস অৱস্থা নহয় তেতিয়ালৈকে পুৰুষাৰ্থ কেনেকৈ কৰিবা। যিয়েই নহওঁক, লাগিলে
ধুমুহা আহক কিন্তু স্থিৰ হৈ থাকিব লাগে। মায়াৰ ধুমুহাতো অনেক আহিব আৰু অন্তিমলৈকে
আহি থাকিব। অৱস্থা শক্তিশালী হ'ব লাগে। এয়া হৈছে গুপ্ত পৰিশ্ৰম। বহুত সন্তানে
পুৰুষাৰ্থ কৰি ধুমুহা আঁতৰাই থাকে। যিয়ে যিমান উত্তীৰ্ণ হ'ব সিমান উচ্চ পদ পাব।
ৰাজধানীত পদতো বহুত আছে নহয়।
সকলোতকৈ ভাল চিত্ৰ হৈছে ত্ৰিমূৰ্তি, গোলক আৰু বৃক্ষ। এয়া আৰম্ভণিতেই তৈয়াৰ কৰোৱা
হৈছিল। বিদেশত সেৱাৰ কাৰণেও এই দুখন চিত্ৰ লৈ যাব লাগে। ইয়াৰ ওপৰতেই তেওঁলোকে ভালদৰে
বুজিব পাৰিব। লাহে লাহে বাবাই যি বিচাৰে যে এই চিত্ৰ কাপোৰত হওঁক, সেয়াও তৈয়াৰ হৈ
যাব। তোমালোকে বুজাবা যে এয়া কেনেকৈ স্থাপনা হৈ আছে। আপোনালোকেও যদি এয়া বুজি পায়
তেন্তে নিজৰ ধৰ্মত উচ্চ পদ পাব পাৰিব। খ্ৰীষ্টিয়ান ধৰ্মত আপোনালোকে যদি উচ্চ পদ পাব
বিচাৰে তেন্তে এয়া ভালকৈ বুজি লওঁক। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰুষোত্তম সংগমযুগত পৱিত্ৰ হৈ নিজৰ অলংকৰণ কৰিব লাগে। কেতিয়াও মায়াৰ ধূলিত
লেতি-পেতি হৈ শোভা নষ্ট কৰিব নালাগে।
(2) এই ড্ৰামাখনক
যথাৰ্থ ৰীতিৰে বুজি নিজৰ অৱস্থা অচল, অটল, স্থিৰ কৰি তুলিব লাগে। কেতিয়াও জঁই পৰি
যাব নালাগে, সদায় হৰ্ষিত হৈ থাকিব লাগে।
বৰদান:
ভাবি-চিন্তি
প্ৰতিটো কৰ্ম কৰোঁতা পশ্চাতাপৰ পৰা মুক্ত জ্ঞানী আত্মা হোৱা
জগততো কয় যে প্ৰথমে
ভাবা তাৰপাছত কৰা। যিয়ে ভাবি-চিন্তি নকৰে, কৰাৰ পাছত ভাবে তেতিয়া পশ্চাতাপৰ ৰূপ হৈ
যায়। পাছত ভবা – এয়া পশ্চাতাপৰ ৰূপ আৰু আগতে ভবা – এয়া জ্ঞানী আত্মাৰ গুণ।
দ্বাপৰ-কলিযুগততো অনেক প্ৰকাৰৰ পশ্চাতাপেই কৰি থাকিলা কিন্তু এতিয়া সংগমত এনেকৈ
ভাবি-চিন্তি সংকল্প আৰু কৰ্ম কৰা যাতে কেতিয়াও মনতো এক চেকেণ্ডৰ বাবেও পশ্চাতাপ নহয়,
তেতিয়া জ্ঞানী আত্মা বুলি কোৱা হ’ব।
স্লোগান:
দয়াশীল হৈ সকলো গুণ আৰু শক্তি দান দিওঁতাসকলেই মাষ্টৰ দাতা।
পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পৰোপকাৰৰ ভাৱনা ৰাখি
প্ৰত্যেক আত্মাৰ গুণহে চোৱা। কাৰোবাৰ দুৰ্বলতা বা অৱগুণ দেখিলেও নিজৰ শুভ ভাৱনাৰে,
সহযোগৰ কামনাৰে সেই আত্মাটিকো গুণৱান কৰি তোলাৰ শক্তি দান কৰা, এয়াই হৈছে পৰোপকাৰ
কৰা।