16.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যিজন সকলোৰে সৎগতি কৰোঁতা জীৱনমুক্তি দাতা তেওঁ তোমালোকৰ পিতা হৈছে, তোমালোক তেওঁৰ সন্তান, তেন্তে কিমান নিচা থাকিব লাগে”

প্ৰশ্ন:
কোনসকল সন্তানৰ বুদ্ধিত বাবাৰ স্মৃতি নিৰন্তৰ থাকিব নোৱাৰে?

উত্তৰ:
যিসকলৰ সম্পূৰ্ণ নিশ্চয়তা নাই তেওঁলোকৰ বুদ্ধিত পিতাৰ স্মৃতি স্থায়ী হৈ থাকিব নোৱাৰে। আমাক কোনে শিকাই আছে, এইটো নাজানিলে স্মৰণ কাক কৰিব। যিসকলে যথাৰ্থভাৱে চিনি লৈ স্মৰণ কৰে তেওঁলোকৰহে বিকৰ্ম বিনাশ হয়। পিতা স্বয়ং আহি নিজৰ আৰু নিজৰ ঘৰৰ যথাৰ্থ পৰিচয় দিয়ে।

ওঁম্শান্তি।
এতিয়া ‘ওঁম্ শান্তি’ৰ অৰ্থতো সদায় সন্তানসকলৰ স্মৃতিত থাকে। আমি আত্মা, আমাৰ ঘৰ হ'ল নিৰ্বাণধাম বা মূলধাম। বাকী ভক্তিমাৰ্গত মনুষ্যই যিয়েই পুৰুষাৰ্থ কৰে তেওঁলোকে নাজানে ক'লৈ যাব লাগে। সুখ ক'ত আছে, দুখ ক'ত আছে, একোৱে নাজানে। যজ্ঞ, তপ, দান, পুণ্য, তীৰ্থ আদি কৰি ছিৰি তললৈ নামিয়েই আহে। তোমালোকে এতিয়া জ্ঞান পাইছা সেয়েহে ভক্তি বন্ধ হৈ যায়। ঘণ্টা কাঁহ আদি বজাই থকাৰ সেই সকলো বাতাবৰণ বন্ধ। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিৰ পার্থক্যতো আছে নহয়। নতুন সৃষ্টি হ'ল পাৱন সৃষ্টি। তোমালোক সন্তানসকলৰ বুদ্ধিত সুখধাম আছে। সুখধামক স্বর্গ, দুখধামক নৰক বুলি কোৱা হয়। মনুষ্যই শান্তি বিচাৰে, কিন্তু তালৈ কোনেও যাব নোৱাৰে। পিতাই কয় - মই যেতিয়ালৈকে এই ভাৰতলৈ নাহোঁ তেতিয়ালৈকে মোৰ অবিহনে তোমালোক সন্তানসকল যাব নোৱাৰা। ভাৰততেই শিৱ জয়ন্তীৰ গায়ন আছে। নিৰাকাৰ নিশ্চয় সাকাৰত আহিব নহয়। শৰীৰ অবিহনে আত্মাই কিবা কৰিব পাৰে জানো? শৰীৰ অবিহনেতো আত্মা দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে। অন্য শৰীৰতো প্ৰৱেশ কৰি লয়। কোনোবা ভাল, কোনোবা চঞ্চল থাকে, একেবাৰে হাহাকাৰৰ সৃষ্টি কৰে। আত্মাক নিশ্চয় শৰীৰৰ প্ৰয়োজন। সেইদৰে পৰমপিতা পৰমাত্মাৰো যদি শৰীৰ নাথাকে তেন্তে ভাৰতত আহি কি কৰিব! ভাৰতেই অবিনাশী খণ্ড। সত্যযুগত এখনেই ভাৰত খণ্ড থাকে। বাকী সকলো খণ্ড বিনাশ হৈ যায়। গায়ন কৰে “আদি সনাতন দেৱী-দেৱতা ধৰ্ম” আছিল। এওঁলোকে আকৌ “আদি সনাতন হিন্দু ধৰ্ম” বুলি কৈ দিয়ে। বাস্তৱত আৰম্ভণিত কোনো হিন্দু নাছিল, দেৱী-দেৱতাসকল আছিল। ইউৰোপত থকাসকলে নিজক খ্ৰীষ্টান বুলি কয়। ইউৰোপীয়ান ধৰ্ম বুলি ক’ব জানো। ইয়াত হিন্দুস্তানত থকাসকলে হিন্দু ধৰ্ম বুলি কৈ দিয়ে। যিটো দৈৱী ধৰ্ম শ্রেষ্ঠ আছিল, তেওঁলোকেই 84 জন্মত আহি ধৰ্ম ভ্ৰষ্ট হৈ গৈছে। যিসকল দেৱতা ধৰ্মৰ হ'ব তেওঁলোকহে ইয়ালৈ আহিব। যদি নিশ্চয়তা নাই তেন্তে বুজিবা এইটো ধৰ্মৰ নহয়। যদিও ইয়াত বহে তথাপি তেওঁ একো বুজি নাপাব। তাত প্ৰজাত কোনোবা কম পদ প্ৰাপ্ত কৰোঁতা হ'ব। সকলোৱে সুখ-শান্তি বিচাৰে, সেয়াতো সত্যযুগতহে হয়। সকলোৱেতো সুখধামলৈ যাব নোৱাৰে। সকলো ধৰ্ম নিজৰ নিজৰ সময়ত আহে। অনেক ধৰ্ম আছে, বৃক্ষ বৃদ্ধি হৈ গৈ থাকে। মূল কাণ্ড হ'ল দেৱী-দেৱতা ধৰ্ম। তাৰপাছত 3টা ডাল। স্বৰ্গততো এয়া হ'ব নোৱাৰে। দ্বাপৰৰ পৰা নতুন ধৰ্ম ওলায়, ইয়াক বিচিত্ৰ মানৱ বৃক্ষ বুলি কোৱা হয়। বিৰাট ৰূপ ভিন্ন, এয়া হৈছে বিচিত্ৰ ধৰ্মৰ বৃক্ষ। অনেক প্ৰকাৰৰ মনুষ্য আছে। তোমালোকে জানা কিমান ধৰ্ম আছে। সত্যযুগৰ আদিত এটাই ধৰ্ম আছিল, নতুন সৃষ্টি আছিল। বাহিৰৰ লোকসকলেও জানে, ভাৰতেই প্ৰাচীন স্বর্গ আছিল। বহুত চহকী আছিল, সেয়েহে ভাৰতে বহুত মান পায়। কোনোবা চহকী হয়, গৰিব হ'লে তেওঁৰ ওপৰত দয়া ওপজে। বেচেৰা ভাৰত কি হৈ গ'ল! এয়াও ড্ৰামাত ভূমিকা আছে। এনেকৈ কয়ো যে সকলোতকৈ বেছি দয়াশীল ঈশ্বৰেই হয় আৰু আহেও ভাৰততেই। গৰিবৰ ওপৰত নিশ্চয় চহকীয়েই দয়া কৰিব নহয়। পিতা হৈছে বেহদৰ চহকী, উচ্চতকৈও উচ্চ কৰি তোলোঁতা। তোমালোক কাৰ সন্তান হৈছা সেইটোও নিচা থকা উচিত। পৰমপিতা পৰমাত্মা শিৱৰ আমি সন্তান হওঁ, যিজনক জীৱনমুক্তি দাতা, সৎগতি দাতা বুলি কোৱা হয়। জীৱনমুক্তি প্ৰথমতে সত্যযুগত হয়। ইয়াততো হৈছে জীৱনবন্ধন। ভক্তিমাৰ্গত মিনতি কৰে যে বাবা বন্ধনৰ পৰা মুক্ত কৰক। এতিয়া তোমালোকে মিনতি কৰিব নোৱাৰা।

তোমালোকে জানা পিতা যি জ্ঞানৰ সাগৰ তেৱেঁই বিশ্বৰ ইতিহাস-ভূগোলৰ সাৰ বুজাই আছে। তেওঁ জ্ঞানৱান হয়। এওঁতো (ব্ৰহ্মা বাবা) নিজেই কয় মই ভগৱান নহয়। তোমালোকতো দেহৰ পৰা উৰ্দ্ধত দেহী-অভিমানী হ'ব লাগে। গোটেই সৃষ্টিক, নিজৰ শৰীৰকো পাহৰিব লাগে। এওঁ (ব্ৰহ্মা) ভগৱান নহয়। এওঁক বাপদাদা বুলি কোৱা হয়। পিতা হ'ল উচ্চতকৈও উচ্চ। এয়া পতিত পুৰণা শৰীৰ। মহিমা কেৱল এজনৰেই। তেওঁৰ সৈতে যোগযুক্ত হ'ব লাগে তেতিয়াহে পাৱন হ'বাগৈ। নহ'লে কেতিয়াও পাৱন হ'ব নোৱাৰিবা আৰু অন্তিমত হিচাপ-নিকাচ নিষ্পত্তি কৰি শাস্তি ভোগ কৰি গুচি যাবা। ভক্তিমাৰ্গত “আমিয়েই সেয়া আছিলোঁ, আমিয়েই হ’মগৈ” এইটো মন্ত্ৰ শুনি আহিছা। “মই আত্মাই পৰমপিতা পৰমাত্মা, আৰু তেৱোঁ আত্মা” - এইটো ভুল মন্ত্ৰ পৰমাত্মাৰ পৰা বিমুখ কৰোঁতা হয়। পিতাই কয় - সন্তানসকল, “মই আত্মাই পৰমাত্মা” বুলি কোৱাটো একেবাৰে ভুল। তোমালোক সন্তানসকলক এতিয়া বৰ্ণৰো ৰহস্য বুজোৱা হৈছে। আমিয়ে ব্ৰাহ্মণ আকৌ আমিয়ে দেৱতা হ’বৰ বাবে পুৰুষাৰ্থ কৰোঁ। আকৌ আমিয়ে দেৱতা হৈ ক্ষত্ৰিয় বৰ্ণত আহিম। অন্য কোনোবাই জানে জানো - আমি কেনেকৈ 84 জন্ম লওঁ? কি কুলত লওঁ? তোমালোকে এতিয়া বুজি পোৱা যে আমি ব্ৰাহ্মণ, বাবাতো (শিৱবাবা) ব্ৰাহ্মণ নহয়। তোমালোকহে এই বৰ্ণবোৰত আহা। এতিয়া ব্ৰাহ্মণ ধর্মত তুলি লৈছে। শিৱবাবাৰ দ্বাৰা প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হৈছা। এয়াও জানা যে নিৰাকাৰী আত্মাসকল আচলতে ঈশ্বৰীয় কুলৰ। নিৰাকাৰী সৃষ্টিত থাকোঁতা। আকৌ সাকাৰী সৃষ্টিলৈ আহে। ভূমিকা পালন কৰিবলৈ আহিবলগীয়া হয়। তাৰপৰা আহি আমি আকৌ দেৱতা কুলত 8 (আঠ) জন্ম ল’লোঁ, তাৰপাছত আমি ক্ষত্ৰিয় কুলত, বৈশ্য কুলত যাওঁ। পিতাই বুজায় - তোমালোকে ইমান জন্ম দৈৱীকুলত ল’লা আকৌ ইমান জন্ম ক্ষত্ৰিয়কুলত ল’লা। 84 জন্মৰ চক্ৰ। তোমালোকৰ বাহিৰে এই জ্ঞান অন্য কোনেও পাব নোৱাৰে। যিসকল এই ধৰ্মৰ হ'ব তেওঁলোকহে ইয়ালৈ আহিব। ৰাজধানী স্থাপনা হৈ আছে। কোনোবা ৰজা-ৰাণী কোনোবা প্ৰজা হ'বগৈ। সূৰ্যবংশী লক্ষ্মী-নাৰায়ণ প্ৰথম, দ্বিতীয়, তৃতীয় - 8 (আঠ) সিংহাসন চলে আকৌ ক্ষত্ৰিয় ধর্মতো প্ৰথম, দ্বিতীয়, তৃতীয় এনেকৈ চলে। এই সকলোবোৰ কথা পিতাই বুজায়। জ্ঞানৰ সাগৰ যেতিয়া আহে তেতিয়া ভক্তি সমাপ্ত হৈ যায়। ৰাতি সমাপ্ত হৈ দিন হয়। তাত কোনো ধৰণৰ ঠেলা-গঁতা খাবলগীয়া নহয়। আৰামেই আৰাম, কোনো হুলস্থুল নাই। এয়াও ড্ৰামা ৰচি থোৱা আছে। ভক্তি পন্থতে পিতা আহে। সকলোৱে উভতি নিশ্চয় যাব লাগে আকৌ একাদিক্ৰমে আহে। যীশুখ্ৰীষ্ট আহিলে তেতিয়া তেওঁৰ ধৰ্মৰ লোকসকলো আহি থাকিব। এতিয়া চোৱা কিমান খ্ৰীষ্টান আছে। যীশুখ্ৰীষ্ট হৈ গ'ল খ্ৰীষ্টিয়ান ধৰ্মৰ বীজ। এই দেৱী-দেৱতা ধৰ্মৰ বীজ হ'ল পৰমপিতা পৰমাত্মা শিৱ। তোমালোকৰ ধৰ্ম পৰমপিতা পৰমাত্মাই প্ৰতিষ্ঠা কৰে। তোমালোকক ব্ৰাহ্মণ ধর্মত কোনে আনিলে? পিতাই তুলি ল’লে গতিকে ব্ৰাহ্মণ ধর্ম তেওঁতকৈ সৰু হ’ল। ব্ৰাহ্মণৰ টিকনিৰ গায়ন কৰা হয়। এয়া (টিকনি) হৈছে উচ্চ স্থিতিৰ পৰিচায়ক আকৌ তললৈ আহিলে শৰীৰ বৃদ্ধি হৈ গৈ থাকে। এই সকলোবোৰ কথা পিতাইহে বহি বুজায়। যিজন পিতা কল্যাণকাৰী তেৱেঁই আহি ভাৰতৰ কল্যাণ কৰে। সকলোতকৈ অধিক কল্যাণতো তোমালোক সন্তানসকলৰে কৰে। তোমালোক কিহৰ পৰা কি হৈ যোৱা! তোমালোক অমৰলোকৰ মালিক হৈ যোৱা। এতিয়াহে তোমালোকে কামৰ (বিকাৰৰ) ওপৰত বিজয় প্ৰাপ্ত কৰা। তাত অকাল মৃত্যু নহয়। মৃত্যুৰ কথা নাই। বাকী চোলাতো (শৰীৰতো) সলনি হ’ব নহয়। যিদৰে সাপে এটা মোট সলাই আন এটা লয়। ইয়াতো তোমালোকে এই পুৰণা মোট এৰি নতুন সৃষ্টিত নতুন মোট ল’বাগৈ। সত্যযুগক কোৱা হয় ফুলৰ বাগিছা। তাত কেতিয়াও কোনো কটু-বচন উচ্চাৰিত নহয়। ইয়াততো হয়েই কুসংগ। মায়াৰ সংগ আছে নহয় সেইবাবে ইয়াৰ নামেই হ’ল ৰৌৰৱ নৰক। কোনো ঠাই (ভৱন আদি) পুৰণি হ'লে পৌৰনিগমৰ লোকে আগতেই ঠাই খালী কৰি দিয়ে। পিতায়ো কয় যেতিয়া সৃষ্টি পুৰণি হয় তেতিয়া মই আহোঁ।

জ্ঞানেৰে সৎগতি হৈ যায়। ৰাজযোগ শিকোৱা হয়। ভক্তিততো একোৱেই নাই। অৱশ্যে হয়, দান-পুণ্য কৰিলে তেতিয়া অল্পকালৰ বাবে সুখ প্ৰাপ্ত হয়। ৰজাসকলকো সন্ন্যাসীয়ে বৈৰাগ্য জন্মায়, এয়াতো কাউৰীৰ বিষ্ঠাৰ সমান সুখ। এতিয়া তোমালোক সন্তানসকলক বেহদৰ বৈৰাগ্য শিকোৱা হয়। এয়াতো হয়েই পুৰণি সৃষ্টি, এতিয়া সুখধামক স্মৰণ কৰা, আকৌ শান্তিধাম হৈ ইয়ালৈ আহিব লাগিব। দেলবাড়া মন্দিৰত হুবহু তোমালোকৰ এই সময়ৰ স্মাৰক চিহ্ন আছে। তলত তপস্যাত বহি আছে, ওপৰত স্বর্গ আছে। নহ'লে স্বর্গ ক'ত দেখুৱাব। মনুষ্য মৰিলে ক’ব স্বৰ্গলৈ গ’ল। স্বর্গ ওপৰত আছে বুলি ভাবে কিন্তু ওপৰত একো নাই। ভাৰতেই স্বর্গ, ভাৰতেই নৰক হয়। এই দেলবাড়া মন্দিৰ সম্পূৰ্ণ স্মাৰক। এই মন্দিৰ আদি সকলো পাছত নিৰ্মাণ কৰা হয়। স্বৰ্গত ভক্তি নাথাকে। তাত সুখেই সুখ। পিতা আহি সকলো ৰহস্য বুজায়। অন্য সকলো আত্মাৰ নাম সলনি হয়, শিৱৰ নাম সলনি নহয়। তেওঁৰ নিজৰ শৰীৰ নাই। শৰীৰ অবিহনে কেনেকৈ পঢ়াব! প্ৰেৰণাৰতো কোনো কথা নাই। প্ৰেৰণাৰ অর্থ হ'ল বিচাৰ। এনেকুৱা নহয়, ওপৰৰ পৰা প্ৰেৰণা দিব আৰু সেয়া ইয়াত আহি পাই যাব, ইয়াত প্ৰেৰণাৰ কোনো কথা নাই। যিসকল সন্তানৰ পিতাৰ সম্পূৰ্ণ পৰিচয় নাই, সম্পূৰ্ণ নিশ্চয়তা নাই তেওঁলোকৰ বুদ্ধিত পিতাৰ স্মৃতিও স্থায়ী হৈ নাথাকিব। আমাক কোনে শিকাই আছে, সেইটো নাজানিলে কাক স্মৰণ কৰিব? পিতাৰ স্মৃতিৰেহে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। যিয়ে জন্ম-জন্মান্তৰ লিঙ্গকেই স্মৰণ কৰে, ভাবে এয়া পৰমাত্মা, তেওঁৰ এইটো চিহ্ন, তেওঁ নিৰাকাৰ, সাকাৰ নহয়। পিতাই কয় - ময়ো প্ৰকৃতিৰ আধাৰ ল’বলগীয়া হয়। নহ'লে তোমালোকক সৃষ্টি চক্ৰৰ ৰহস্য কেনেকৈ বুজাম। এয়া হ'ল আত্মিক জ্ঞান। আত্মাসকলেহে এই জ্ঞান পায়। এই জ্ঞান একমাত্ৰ পিতাইহে দিব পাৰে। পুনৰ্জন্মতো ল’বই লাগে। সকলো ভাওৰীয়াই ভূমিকা প্ৰাপ্ত কৰিছে। নিৰ্বাণত কোনেও যাব নোৱাৰে। মোক্ষ পাব নোৱাৰে। যি প্ৰথম নম্বৰত বিশ্বৰ মালিক হয় তেৱেঁই 84 জন্মত আহে। চক্ৰ নিশ্চয় পৰিক্ৰমা লগাব লাগে। মনুষ্যই ভাবে মোক্ষ প্ৰাপ্তি কৰে, কিমান মত-মতান্তৰ আছে। বৃদ্ধি হৈ গৈয়ে থাকে। উভতি কোনো নাযায়। পিতাইহে 84 জন্মৰ কাহিনী শুনায়। তোমালোক সন্তানসকলে পঢ়ি আকৌ পঢ়াব লাগে। এই আত্মিক জ্ঞান তোমালোকৰ বাহিৰে অন্য কোনেও দিব নোৱাৰে। শূদ্ৰয়ো দিব নোৱাৰে, দেৱতাসকলেও দিব নোৱাৰে। সত্যযুগত দুৰ্গতি নহয় যাৰ কাৰণে জ্ঞান পাব। এই জ্ঞান হয়েই সৎগতিৰ কাৰণে। সৎগতি দাতা, মুক্তিদাতা, মাৰ্গ-দৰ্শক এজনেই। স্মৃতিৰ যাত্ৰা অবিহনে কোনো পৱিত্ৰ হ'ব নোৱাৰে। শাস্তি নিশ্চয় ভোগ কৰিব লাগে। পদো ভ্ৰষ্ট হৈ যাব। সকলোৰে হিচাপ-নিকাচতো নিষ্পত্তি হ’বই লাগে নহয়। তোমালোকক তোমালোকৰেই কথা বুজায় অন্য ধর্মত যোৱাৰ কি প্ৰয়োজন। ভাৰতবাসীয়েহে এই জ্ঞান পায়। পিতাও ভাৰতলৈকে আহি 3টা ধৰ্ম প্ৰতিষ্ঠা কৰে। এতিয়া তোমালোকক শূদ্ৰ ধৰ্মৰ পৰা উলিয়াই উচ্চ কুলত লৈ যায়। সেয়া হৈছে নীচ পতিত কুল, এতিয়া পাৱন কৰি তুলিবৰ বাবে তোমালোক ব্ৰাহ্মণসকল নিমিত্ত হোৱা। ইয়াক “ৰুদ্ৰ জ্ঞান যজ্ঞ” বুলি কোৱা হয়। ৰুদ্ৰ শিৱবাবাই যজ্ঞ ৰচনা কৰিছে, এই বেহদৰ যজ্ঞত গোটেই পুৰণি সৃষ্টি আহুতি হৈ যাব। আকৌ নতুন সৃষ্টি স্থাপনা হৈ যাব। পুৰণি সৃষ্টি নাশ হ'ব। তোমালোকে এই জ্ঞান লোৱাই নতুন সৃষ্টিৰ বাবে। দেৱতাসকলৰ ছায়া পুৰণি সৃষ্টিত নপৰে। তোমালোক সন্তানসকলে জানা যে কল্প পূৰ্বে যিসকল আহিছিল তেওঁলোকেই আহি এই জ্ঞান ল’ব। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পাঠ পঢ়িব। মনুষ্যই ইয়াতেই শান্তি বিচাৰে। এতিয়া আত্মাতো হয়েই শান্তিধামৰ নিবাসী। বাকী ইয়াত শান্তি কেনেকৈ হ’ব পাৰে। এই সময়ততো ঘৰে ঘৰে অশান্তি। ৰাৱণৰাজ্য হয় নহয়। সত্যযুগত একেবাৰে শান্তিৰ ৰাজ্য হয়। এটাই ধৰ্ম, এটাই ভাষা থাকে। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি সৃষ্টিৰ পৰা বেহদৰ বৈৰাগী হৈ নিজৰ দেহকো পাহৰি শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। নিশ্চয়বুদ্ধিৰ হৈ স্মৃতিৰ যাত্ৰাত থাকিব লাগে।

(2) “আমিয়েই সেয়া আছিলোঁ, আমিয়েই হ’মগৈ” এইটো মন্ত্ৰ যথাৰ্থভাৱে বুজি এতিয়া ব্ৰাহ্মণৰ পৰা দেৱতা হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। সকলোকে ইয়াৰ যথাৰ্থ অৰ্থ বুজাব লাগে।

বৰদান:
অন্তৰ্মুখীতাৰ অভ্যাসেৰে অলৌকিক ভাষা বুজি পাওঁতা সদায় সফলতা সম্পন্ন হোৱা

যিমানে তোমালোক সন্তানসকল অন্তৰ্মুখী মধুৰ শান্ত স্বৰূপত স্থিৰ হৈ গৈ থাকিবা সিমানে নয়নৰ ভাষা, ভাৱনাৰ ভাষা আৰু সংকল্পৰ ভাষা সহজে বুজি গৈ থাকিবা। এই তিনি প্ৰকাৰৰ ভাষা আত্মিক যোগী জীৱনৰ ভাষা। এই অলৌকিক ভাষা বহুত শক্তিশালী। সময় অনুসৰি এই তিনিওটা ভাষাৰ দ্বাৰাহে সহজে সফলতা প্ৰাপ্ত হ’ব। সেই কাৰণে এতিয়া আত্মিক ভাষাৰ অভ্যাস গঢ়ি তোলা।

স্লোগান:
তোমালোক ইমান পাতল হৈ যোৱা যাতে পিতাই তোমালোকক নিজৰ পিৰঠিত (চকুৰ পতাত) বহুৱাই লগত লৈ যাব পাৰে।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

বৰ্তমান সময়ত বিশ্ব কল্যাণ কৰাৰ সহজ সাধন হৈছে নিজৰ শ্ৰেষ্ঠ সংকল্পৰ একাগ্ৰতা, ইয়াৰ দ্বাৰাই সকলো আত্মাৰ দিগভ্ৰান্ত হৈ থকা বুদ্ধি একাগ্ৰ কৰিব পাৰিবা। বিশ্বৰ সকলো আত্মাই বিশেষকৈ এইটোৱে ইচ্ছা ৰাখে যে দিগভ্ৰান্ত হৈ থকা বুদ্ধি একাগ্ৰ হৈ যাওঁক বা মন চঞ্চলৰ পৰা একাগ্ৰ হৈ যাওঁক, ইয়াৰ বাবে একাগ্ৰতা অৰ্থাৎ সদায় একমাত্ৰ পিতা অন্য কোনো নাই, এইটো স্মৃতিৰে একৰস স্থিতিত স্থিৰ হোৱাৰ বিশেষভাৱে অভ্যাস কৰা।