16.08.26 Avyakt Bapdada
Assame
Murli
16.03.2011 Om Shanti Madhuban
“*“মনৰ দ্বাৰা
প্ৰকৃতিক সতোগুণী কৰি তোলাৰ সেৱা কৰা, শুভ ভাৱনা, শুভ কামনা ৰাখি সংস্কাৰ মিলনৰ ৰাস
কৰা”*”
আজি সবাতোকৈ পৱিত্ৰ
পিতাই নিজৰ সন্তানসকলৰ সৈতে ‘হোলী’ উদ্যাপন কৰিবলৈ আহিছেহঁক। তোমালোক সকলোৱেও
‘হোলী’ উদ্যাপন কৰিবলৈ আহিছা। চাৰিওফালে দূৰৈত বহি থকা সন্তানসকলেও দূৰৈত বহিয়েই
‘হোলী’ উদ্যাপন কৰিবলৈ বহিছে। তোমালোক সকলোৱে কোনটো ৰঙৰ ‘হোলী’ উদ্যাপন কৰিবলৈ
আহিছা! জানে যে আটাইতকৈ শ্ৰেষ্ঠ ৰং হ’ল পৰমাত্ম সঙ্গৰ ৰং। এই ৰঙ সদায় শ্ৰেষ্ঠতকৈও
শ্ৰেষ্ঠ কৰি তোলোঁতা হয়। যেনেকৈ পিতা উচ্চতকৈও উচ্চ, তেনেকৈ এই পৰমাত্ম সঙ্গই
উচ্চতকৈও উচ্চ কৰি তোলে। প্ৰত্যেক সন্তানৰ মস্তকত জিলিকি থকা ভাগ্যৰ তৰা প্ৰত্যক্ষ
কৰি আছে। এই ভাগ্যৰ তৰা গোটেই কল্পত তোমালোক ভাগ্যশালী সন্তানসকলৰ বাহিৰে আন কোনেও
প্ৰাপ্ত কৰিব নোৱাৰে। সেই শ্ৰেষ্ঠ ভাগ্য হ’ল যে তোমালোক সন্তানসকলহে ডবল পৱিত্ৰ
অৰ্থাৎ ‘হোলী’ হোৱা। এনেয়েতো ধৰ্মাত্মাসকলো আছে, কিন্তু তেওঁলোক শৰীৰেৰে পৱিত্ৰ নহয়।
তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ ভৱিষ্যতে আত্মা আৰু শৰীৰ দুয়োটাই পৱিত্ৰ হয়। ইয়াৰ চিন
হ’ল ডবল পৱিত্ৰ, গতিকে ডবল মুকুট প্ৰাপ্ত হয়। গোটেই কল্পত তোমালোকে সঙ্গমযুগৰ
পিতাৰ সঙ্গৰ ৰঙৰ দ্বাৰা ডবল পৱিত্ৰ আৰু ডবল মুকুটধাৰী হৈ যোৱা। সঙ্গমযুগৰ পৰমাত্ম
সঙ্গই ডবল পৱিত্ৰ কৰি তোলে। গতিকে তোমালোকে ‘হোলী’ (পৱিত্ৰ) পিতাৰ সৈতে থকাৰ বাবে,
পিতাক সংযুক্ত কৰি লোৱাৰ বাবে ডবল পৱিত্ৰ হৈ যোৱা। সদায় অন্তৰত পিতাৰ সঙ্গ থাকে,
এই সঙ্গ কিমান শ্ৰেষ্ঠ যে ইমান শ্ৰেষ্ঠ কৰি তোলে। জগতৰ লোকেতো স্থূল ৰঙেৰে ‘হোলী’
উদ্যাপন কৰে, কিন্তু তোমালোকে পিতাৰ সঙ্গৰ ৰঙেৰে ‘হোলী’ (পৱিত্ৰ) হৈ যোৱা। সেয়াও
ডবল ‘হোলী’। গতিকে তোমালোকৰ ‘হোলী’ জগততকৈ অনন্য আৰু পৰমাত্মাৰ প্ৰিয়। গতিকে এইটো
নিচা থাকে নহয় যে আমাৰ ‘হোলী’য়ে প্ৰভু-সঙ্গৰ ৰঙৰ বাবে আধাকল্প এনেকুৱা পৱিত্ৰ কৰি
তোলে যে এতিয়ালৈকে তোমালোকৰ চিত্ৰসমূহৰ (মূৰ্তি) বিধিপূৰ্বক পূজা কৰা হয়। আন কাৰো
চিত্ৰৰ এনেকৈ প্ৰেম পূৰ্বক পূজা কৰা নহয়। তোমালোকে নিজেই নিজৰ চিত্ৰবোৰ দেখি আছা।
অন্যৰো পূজা হয়, কিন্তু ইমান সময় ধৰি আৰু এনেকৈ বিধিপূৰ্বক পূজা নহয়। তোমালোক
সদায় উৎসাহ-উদ্দীপনাত থাকা। থাকা নহয়! উৎসাহ-উদ্দীপনাত থাকানে? হাত দাঙা। থাকা,
কেতিয়াবা কেতিয়াবা নে সদায়? যিসকলে কোৱা যে আমি সদায় উৎসাহ-উদ্দীপনাত নিজেও থাকোঁ
আৰু আনকো উৎসাহ-উদ্দীপনা যুগাওঁ, তেওঁলোকে হাত দাঙা। কেতিয়াবা কেতিয়াবা নহয়,
সদায়। ‘সদায়’ শব্দটিৰ প্ৰতি বিশেষ ধ্যান দিয়া নহয়! কিন্তু তোমালোকৰ স্মাৰক,
তোমালোকৰ যি স্থিতি আছিল, তাৰ স্মাৰক তোমালোকৰ ভক্তসকলে উৎসৱ হিচাপে পালন কৰে।
তোমালোকে প্ৰভু-সঙ্গৰ ৰং লগালা, গতিকে তেওঁলোকেও ৰং লগায়, কিন্তু দেহ-অভিমানী
হোৱাৰ বাবে স্থূল ৰং লগাই দিয়ে। যি ৰঙত খৰচো বহুত আৰু ফলাফল কিছু ভাল, কিছু ভাল
নহয়, এনেকৈ পালন কৰে। কিন্তু তোমালোকৰ উৎসাহৰ স্মাৰক উৎসৱ নিশ্চয় পালন কৰিছে।
তোমালোকে পৰমাত্মাৰ হ’বলৈ প্ৰথমে নিজৰ পুৰণি সংস্কাৰসমূহ জ্বলাই দিয়া আৰু তাৰ পাছত
প্ৰভুৰ সঙ্গৰ ৰং লগাৰ বাবে সদায় উৎসৱ পালন কৰি থাকা। তেওঁলোকেও প্ৰথমে জ্বলায়,
তাৰ পাছত পালন কৰে, কিন্তু তোমালোকৰ পালন কৰা আৰু তেওঁলোকৰ পালন কৰাৰ মাজত দিন আৰু
ৰাতিৰ প্ৰভেদ আছে। তেওঁলোক দেহ-অভিমানী, তোমালোক আত্মা-অভিমানী। তেওঁলোক দেহৰ বোধত,
তোমালোক আত্মিক বোধত।
তোমালোকৰ প্ৰতি
বাপদাদাৰ নিৰ্দেশ হ’ল — ‘হোলী’ অৰ্থাৎ যি পাৰ হৈ গ’ল সেয়া অতীত হ’ল। তেওঁলোকেও কয়
‘হো লী’, কিন্তু অৰ্থ বাস্তৱিকতাত আনিব নোৱাৰে। তোমালোক সকলোৱেও কোৱা ‘হো লী’ অৰ্থাৎ
যি পাৰ হৈ গ’ল সেয়া অতীত হ’ল। কৰা নহয়! নে কেতিয়াবা কেতিয়াবা কৰা? কাৰণ পাৰ হৈ
যোৱা কথা স্মৃতিলৈ আনিলে ব্যৰ্থ সংকল্প বহুত চলে। সময়ো ব্যৰ্থত যায়। যিবোৰ বহুত
সময়ৰ সংস্কাৰ, সেইবোৰ নিবিচাৰিলেও যেতিয়া চলে, তেন্তে এই সঙ্গমযুগৰ এটি এটি মিনিট
যিয়ে এটা জন্মত 21 জন্মৰ প্ৰাৰব্ধ গঢ়ি তোলে, সেই এটি এটি সংকল্প, এটি এটি মিনিট
কিমান মূল্যৱান। এক চেকেণ্ড নাযায়, কিন্তু অনেক জন্মৰ প্ৰাৰব্ধত পাৰ্থক্য আহি যায়।
বাপদাদাই আগেও কৈছে যে সঙ্গমযুগৰ সময় আৰু সংকল্প কেতিয়াও ব্যৰ্থত যাব দিব নালাগে।
যদি সদায় প্ৰভুৰ ৰঙত ৰঙীন হৈ থাকা, অৰ্থাৎ পিতাক সদায় সঙ্গী কৰি ৰাখা, তেন্তে
সঙ্গমযুগৰ এটি এটি সংকল্প আৰু সময়, অৰ্থাৎ এটি এটি মিনিট সফল কৰিব পাৰিবা। গতিকে
নিজক পৰীক্ষা কৰা যে এটি এটি মিনিট, এটি এটি সংকল্প সফল হৈছেনে? নে ব্যৰ্থতো গৈছে?
কাৰণ এক মিনিট নহয়, 21 জন্মৰ সম্পৰ্ক প্ৰতিটো মিনিট আৰু প্ৰতিটো সংকল্পৰ সৈতে আছে।
ইমান মূল্য আছে। গতিকে নিজৰ অন্তৰত ভাবা যে ইমান মূল্য সদায় থাকেনে! এই সঙ্গমৰ
সময়খিনিৰ বাবে কোৱা হৈছে — “এতিয়া নহ’লে কেতিয়াও নহয়”। ইমান মূল্য যাতে সদায়
স্মৃতিত থাকে। গতিকে তোমালোক সকলোৱে আজি ‘হোলী’ উদ্যাপন কৰিলা, অৰ্থাৎ সদায় পিতাৰ
সঙ্গৰ ৰং লগালা। গতিকে গোটেই দিনটো পৰীক্ষা কৰিলানে যে পিতাৰ ৰং লাগি আছিলনে?
পৰমাত্ম সঙ্গত থাকিল নে অন্য ক’ৰবাত সময় বা সংকল্প গ’ল? পৰীক্ষা কৰিলা? মূৰ লৰোৱা,
হাত নহয়, এনেকৈ কৰা। বাপদাদাই সদায় নিৰ্দেশ দিয়ে যে নিজৰ মনৰ শুভ সতোগুণী
সংকল্পৰ দ্বাৰা প্ৰকৃতিকো সতোগুণী কৰি থাকা। গতিকে সেই মনৰ সেৱা স্মৃতিত থাকেনে?
কাৰণ এতিয়া প্ৰকৃতিয়ে ডাঙৰ ৰূপত নিজৰ কাম কৰিবলৈ গৈ আছে। এইটোতো সৰু কথা, কিন্তু
প্ৰকৃতিক মনুষ্য আত্মাসকলে অতিষ্ঠ কৰে, সেয়েহে প্ৰকৃতিয়েও অতিষ্ঠ কৰিবলৈ আৰম্ভ কৰে।
সেয়েহে বাপদাদাই কয় — যেনেকৈ মায়াজিৎ হ’বলৈ মনোযোগ দিয়া, দিয়া নহয়! মায়াৰ সৈতে
প্ৰতিশ্ৰুতি আছে — মায়াৰ কাম অহা আৰু আমাৰ কাম বিজয় প্ৰাপ্ত কৰা। সকলোৱে
প্ৰতিশ্ৰুতি দিছা নহয়? দিছানে? মায়াজিৎ হ’ব লাগে নহয়! তেনেকৈ প্ৰকৃতিজিতো হ’ব
লাগে, কাৰণ তোমালোকে ৰাজত্ব কৰিব লাগে। তোমালোকৰ ৰাজ্য আহি আছে নহয়! নিচা আছে নহয়!
মনুষ্যইতো ভাবে কি হ’ব, ভয় খায়। কিন্তু তোমালোকে গম পোৱা যে এতিয়া সঙ্গমযুগ
অমৃতবেলা চলি আছে। গতিকে অমৃতবেলাৰ পাছত কি আহে? পুৱা। সেই পুৱাতে আমাৰ ৰাজ্য আহিব।
নিচা আছে নহয়! আমাৰ ৰাজ্য নে কেৱল মহাৰাথীসকলৰ বাবে ৰাজ্য? তোমালোক সকলোৰে ৰাজ্য।
তোমালোকৰ চিন্তা নাই যে কি হ’ব! ভালতকৈও ভাল হ’ব। গতিকে তোমালোকৰ ৰাজ্যত প্ৰকৃতিও
সতোপ্ৰধান হ’ব। গতিকে প্ৰকৃতিক তমোগুণীৰ পৰা সতোগুণী কোনে কৰিব? নে প্ৰকৃতি
যেনেকুৱাই নহওক চলিব? তোমালোকৰ ৰাজ্যত চলিবনে? চলিবনে? হয় বা নহয় কোৱা। নচলিব?
তেন্তে প্ৰকৃতিক সতোগুণী কোনে কৰিব? তোমালোকেই কৰিবা নহয়! সেয়েহে এতিয়া অকস্মাতৰ
প্ৰথম দৃশ্য, এয়া সৰু, আৰম্ভ হৈছে। এতিয়াতো ডাঙৰ ডাঙৰ দৃশ্য আহিবলৈ বাকী আছে আৰু
অকস্মাত আহিব। যিটো ভবাও নাছিলা সেয়াই হ’ব।
বাপদাদাইতো বহুত
সময়ৰ পৰাই অকস্মাতৰ পাঠ পঢ়াইছে। কিন্তু এতিয়া প্ৰত্যক্ষ ৰূপত দেখি নিজৰ কাম আৰম্ভ
কৰা। ভয় নাখাবা। সাধুকথা শুনায় নহয় — চাৰিওফালে জুই লাগিল কিন্তু পৰমাত্মাৰ
সন্তানসকল সুৰক্ষিত থাকিল। গতিকে এতিয়াও সন্তানসকলতো সুৰক্ষিত হৈ আছে নহয়!
পৰীক্ষাতো আহিবই, কিন্তু তোমালোকৰ ডবল কাম। প্ৰথমটো হ’ল নিৰ্ভীক হৈ মুখামুখি হোৱা,
দ্বিতীয়টো হ’ল নিজৰ ভক্ত আৰু দুখী ভাই-ভনীসকলৰ সেৱাও কোনে কৰিব? তোমালোক প্ৰভুৰ
সঙ্গৰ ৰঙত ৰঙীন হৈ আছা, গতিকে যি পৰমাত্ম সঙ্গৰ ৰঙৰ পৰা প্ৰাপ্ত কৰিছা, সেয়া নিজৰ
ভাই-ভনীসকলক, ভক্তসকলক বহুত মৰমেৰে অন্তৰৰ পৰা বিলোৱা। দুখৰ সময়ত কোন স্মৃতিলৈ আহে?
তথাপিও পৰমাত্মাক বুজক বা নবুজক, কিন্তু বাধ্য হৈয়ো ‘হে পিতা’, ‘হে পৰমাত্মা’ বুলি
নিশ্চয় ক’ব। গতিকে তোমালোক পৰমাত্ম সন্তানসকলে এতিয়া দুখীয়াসকলৰ আলম্বন হ’ব লাগে।
তেওঁলোকক শুভ ভাৱনা, শুভ কামনাৰ দ্বাৰা, পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা কিৰণৰ দ্বাৰা
আলম্বন দিয়া। তথাপিও তোমালোকৰ পৰিয়াল হয় নহয়! গতিকে পৰিয়ালত ইজনে সিজনক সহযোগ
দিয়ে নহয়! গতিকে নামেই হৈছে সহ-যোগ, শ্ৰেষ্ঠ যোগ। সেয়াই আলম্বন দিয়াৰ সাধন।
বাৰ্তাও পঠিয়াইছিল যে সময় নিৰ্ধাৰণ কৰা। এনেয়ে হৈ নাযাব, যেনেকৈ ট্ৰেফিক
কণ্ট্ৰ’ল, অমৃতবেলা নিশ্চিত হৈ আছে, গতিকে কৰা নহয়। তেনেকৈ নিজৰ কাম অনুসৰি এই মনৰ
সেৱাৰো বৰ্তমানৰ সময় অনুসৰি অতি আৱশ্যক। গতিকে সময় উলিওৱা, দয়াশীল হোৱা।
কল্যাণকাৰী হোৱা। তোমালোকৰ স্বমান কি? বিশ্ব কল্যাণকাৰী। গতিকে দয়া জাগেনে? নে হৈ
যাব? এই ক্ষেত্ৰত অমনোযোগী নহ’বা, কাৰণ যিসকলক তোমালোকে শক্তিৰ কিৰণ দিবা,
তেওঁলোকেই তোমালোকৰ ভক্ত হ’ব, সেয়েহে কি কৰিব লাগে? মনযোগ আছেনে? যিসকলে ভাবা যে
আমাৰ মনযোগ আছে আৰু বাঢ়িব, তেওঁলোকে হাত দাঙা। তল-ওপৰ কৰি আছে। ইয়াত (টি.ভি.ত)
দেখিবলৈ পোৱা গৈছে। যদি ইমানখিনিয়ে নিজৰ স্বমান বাস্তৱত ৰূপায়িত কৰা তেন্তে
আত্মাসকলে এতিয়াও সঙ্গমত অন্তৰেৰে তোমালোকৰ গীত গাব — বাঃ! পৰমাত্ম সন্তান বাঃ!
আমাক আশ্ৰয় দিলা। এতিয়াৰ আলম্বন আৰু আধাকল্প তোমালোকৰ গীত গাই থাকিব। তোমালোক
তেওঁলোকৰ পূৰ্বজ হৈ যাবা। পূৰ্বজ হোৱা। বৃক্ষত ব্ৰাহ্মণসকল ক’ত বহি আছে! তলত বহি আছে
নহয়! গতিকে পূৰ্বজ হোৱা নহয়! ভক্তসকলৰ মাত শুনিবলৈ পোৱানে? নিজে অলপ সাৱধান হোৱা,
দুখীসকলৰ আলম্বন হ’বই লাগে, তেতিয়া মাত শুনিবলৈ পাবা।
তেন্তে সকলোৱে
‘হোলী’তো উদ্যাপন কৰিলা, তোমালোকৰতো গোটেই সঙ্গমযুগেই ‘হোলী’। পৰমাত্মাৰ সঙ্গৰ ৰঙতে
থাকা। স্মাৰক পৰ্ব এদিন-দুদিন পালন কৰে, কিন্তু তোমালোকতো গোটেই সঙ্গমযুগ প্ৰভুৰ
সঙ্গত ৰাঙলী হোৱা। নিচা আছে নহয়! জগতৰ লোকে মাগিয়েই থাকে — ‘হে প্ৰভু এইটো কৰি
দিয়া, সেইটো কৰি দিয়া’, কিন্তু তোমালোকে 21 জন্মৰ নিশ্চয়তা পাইছা, কেতিয়াও সপোনতো
দুখৰ কোনো দৃশ্য নাহিব। সংকল্পতো দুখৰ ঢৌ নাহিব। গতিকে সদায় প্ৰত্যেকেই যদি ৰাজ্য
ল’ব বিচৰা, তেন্তে এতিয়া নিজৰ পৰিয়াল, সত্যযুগৰ সঙ্গী আৰু ৰাজকীয় প্ৰজা, সাধাৰণ
প্ৰজা — সকলো এতিয়াই তৈয়াৰ কৰিব পাৰা। 21 জন্মৰ নিশ্চয়তা আছে। অলপ সেৱা কৰা, সময়
উলিওৱা, কাৰণ তোমালোকৰ সংকল্প শক্তিতো আছেই। কেৱল যিটো পিতাৰ পৰা পাইছা, সেয়া নিজৰ
ভাই-ভনীসকলকো দিয়া।
বাপদাদাই আগেও কৈছিল
যে সদায় এইটো পৰীক্ষা কৰা যে মই ব্ৰাহ্মণ পৰিয়ালৰ মাজত সংস্কাৰ মিলনৰ ৰাস কৰিব
জানোনে? বাপদাদাই কৈছিল সেই ৰাস কেতিয়া কৰিবা তাৰ তাৰিখো নিৰ্ধাৰণ কৰা। নিৰ্ধাৰিত
কৰিব পাৰানে? হ’ব পাৰেনে? প্ৰথম শাৰীয়ে কোৱা। হাত দাঙা। হ’ব পাৰেনে? পাণ্ডৱসকলেও
হাত দাঙা। পাণ্ডৱ অবিহনে গতি নাই। বাৰু। গতিকে এতিয়া অন্তিম পাল, এটা পাল বাকী আছে।
তাত প্ৰত্যেকেই নিজৰ বাবে কি দৃঢ় সংকল্প আছে, সেয়া নিৰ্ধাৰণ কৰি লিখিবা। কিমান
সময় লাগিব, যাতে ব্ৰাহ্মণ পৰিয়ালত ক’তো কেতিয়াও সংস্কাৰে নিজৰ কাম নকৰে। লাগিলে
মোৰ সংস্কাৰেই হওক বা আনৰে হওক, মোৰ ওপৰত যাতে প্ৰভাৱ নেপেলায়। এই তাৰিখ নিৰ্ধাৰণ
কৰিব পাৰানে? হ’ব পাৰেনে? হাত দাঙা। বাৰু, সকলোৰে ফটো তুলিলে! কাৰণ যেনেকৈ এই
আকস্মিক দৃশ্য দেখিলা নহয়। (জাপানত ভূমিকম্প আৰু চুনামী আহিছে য’ত বহুত লোকচান হৈছে)
এনেকৈ সকলো অকস্মাতে হ’ব, সেয়েহে বাপদাদাই প্ৰস্তুতিতো চাব নহয়! যেতিয়া আনক শুভ
ভাৱনা, শুভ কামনা দিয়া, বাপদাদাই দেখিলে যে এই আনৰ সেৱাৰ কাৰ্যসূচীও হাতত লৈছিল,
গতিকে যদি প্ৰত্যেক আত্মাৰ প্ৰতি সদায় শুভ ভাৱনা আৰু শুভ কামনা ৰাখা, ক্ৰমানুসৰিতো
হ’বই। তোমালোকৰ স্মাৰক মালাত সকলো এক নম্বৰৰ হয় জানো? ক্ৰমানুসৰি হয়, কিন্তু
মালাততো গঁথা গৈছে নহয়! ক্ৰম নম্বৰ কিয় হ’ল? ভিন্ন ভিন্ন সংস্কাৰ আছে, কিন্তু আমাক
সংস্কাৰ চোৱাৰ পৰিৱৰ্তে শুভ ভাৱনা, শুভ কামনা ৰাখিব লাগে। ব্ৰাহ্মণ পৰিয়ালেই হয়
নহয়। যেনেকুৱাই নহওক, পৰিয়ালতো মোৰ হয় নহয়! যেনেকৈ মোৰ বাবা বুলি কোৱা, তেনেকৈ
মোৰ পৰিয়ালো আছে। গতিকে ভাল কথা, অধিকাংশই হাত দাঙিছে। তেন্তে সকলোৰে
উৎসাহ-উদ্দীপনা আছে সেইবাবেতো হাত দাঙিছা নহয়! গতিকে ইজনে সিজনৰ সহযোগী হৈ শুভ
ভাৱনা, শুভ কামনাৰ দৃষ্টি, বৃত্তি, স্মৃতি ৰাখিলে এই ৰাস হোৱাটো কোনো ডাঙৰ কথা নহয়।
ইয়াত যিয়ে বহুত ভাল নম্বৰ ল’ব, তাৰিখত বাস্তৱত কৰি দেখুৱাব, তেওঁলোকে অনাসক্ত আৰু
স্নেহীৰ পুৰস্কাৰ পাব। পুৰস্কাৰ এতিয়া নকওঁ, কিন্তু বাপদাদাই পুৰস্কাৰ দিব। কিয়?
সেৱা কৰাৰ সময় উলিয়াব লাগে নহয়। গতিকে এই সংস্কাৰৰ সংঘাতে সময় নিজৰ ফালে টানি
লয়, সেয়েহে সময়ৰ এতিয়া আৱশ্যকতা আছে। ঠিক আছে নহয়!
এয়া সকলো মধুবনবাসী
হোৱা নহয়! (আগত বহাসকলক চাই বাবাই ক’লে) পছন্দ হৈছে নহয়! কাৰণ মধুবনবাসীসকল বিশেষ।
বাপদাদাৰো মধুবন নিবাসীসকলৰ প্ৰতি অন্তৰৰ মৰম আছে। আৰু মধুবনবাসীসকলৰো আছে। এইটোও
বাবাই কয় — পিতাৰ প্ৰতি প্ৰেম আছে আৰু থাকিব। মচি যাব নোৱাৰে। এই ক্ষেত্ৰত অমৰ।
সেইবাবেতো মধুবনবাসী হৈছা নহয়! মধুবনবাসী য’লৈকে যায়, কেনে শ্ৰদ্ধাৰে চায়? মধুবনৰ
হয়, মধুবনৰ হয়। সেয়েহে এইটো মনোযোগ দিবা, অন্তিম পালৰ পূৰ্বে সকলোৱে মধুবনত এনে
এটা স্থান নিৰ্ধাৰণ কৰিবা য’ত নিজৰ চিঠি দিব পাৰে। কিন্তু অন্তিম পালৰ পূৰ্বে।
সকলোৱে ‘হোলী’ উদ্যাপন
কৰিলানে? তোমালোকৰতো নিতৌ ‘হোলী’। এতিয়াও এয়া বাহ্যিকভাৱে অলপ পালন কৰিবলগীয়া হয়।
ক’ত উদ্যাপন কৰিবলৈ যাম, ইয়াতেতো উদ্যাপন কৰিম। কিন্তু সেয়া হ’ল ৰীতি-প্ৰথা।
গতিকে চাৰিওফালৰ সকলো বাপদাদাৰ অতি স্নেহী, অতি আদৰৰ, অতিকৈ মৰমৰ, স্বমানধাৰী,
প্ৰতিগৰাকী সন্তানক বাপদাদাই পদমগুণ স্নেহ সহিত স্মৰণো কৰি আছে আৰু অন্তৰৰ মৰমো দি
আছে। বাপদাদাই চাই আছে চাৰিওফালে সকলোৱে শুনি, দেখি হৰ্ষিত হৈ আছে।
বাৰু, আজি প্ৰথমবাৰৰ
বাবে কোন আহিছে? উঠা। এওঁলোকো প্ৰথমবাৰৰ বাবে আহিছে। বাৰু, প্ৰথমবাৰ মধুবন নিবাসী
হোৱাৰ ভাগ্য প্ৰাপ্ত হৈছে। তোমালোকৰ সকলো ভাই-ভনী আৰু বাপদাদায়ো তোমালোক সকলোকে
প্ৰথমবাৰ অহাৰ বাবে অভিনন্দন জনাই আছে। এতিয়া বাপদাদাই চাব, কাৰণ সুযোগ আছে যে অলপ
পলমকৈ আহিছে, কিন্তু যিয়ে বিচাৰে তেওঁলোকে এতিয়াও শেষত আহিও তীব্ৰতাৰে আগবাঢ়ি
প্ৰথম নম্বৰ লৈ প্ৰথম বিভাগত আহিব পাৰে। এইটো বাপদাদাৰ আজি যিসকল আহিছে সেই সকলো
সন্তানলৈ বৰদান। কেৱল যিটো পিতাৰ মহাবাক্য, সেই শ্ৰীমত অনুসৰি চলি থাকিবা, তেন্তে
শ্ৰীমতে তোমালোকক শ্ৰেষ্ঠ বিভাগত লৈ আনিব পাৰে, আনিব। ইমান ডাঙৰ পৰিয়ালৰ দ্বাৰা
তোমালোক সকলোকে, বৰদানতো পিতাৰ হয়, কিন্তু শুভ ভাৱনা, শুভ কামনা আছে যে তোমালোক
যিমানেই আগুৱাই যাব বিচৰা সিমানেই আগুৱাব পাৰা। সকলোৱে তোমালোকক অন্তৰৰ পৰা
আশীৰ্বাদ দিব। য’তেই ক্লাছলৈ আহা, তাত তোমালোকে আশীৰ্বাদ পাই থাকিবা আৰু সেই
আশীৰ্বাদে তোমালোকক তীব্ৰ পুৰুষাৰ্থী কৰি আগুৱাই লৈ যাব, এইটো নিশ্চয়তা ৰাখা। বাৰু।
এতিয়া বাপদাদাই সকলোকে বহুত ধুনীয়া শুভ ৰাত্ৰি জনাই আছে। বাৰু।
বৰদান:
প্ৰতিটো
সংকল্প আৰু কৰ্মত সিদ্ধি অৰ্থাৎ সফলতা প্ৰাপ্ত কৰোঁতা সম্পূৰ্ণ মূৰ্ত হোৱা
সংকল্পৰ সিদ্ধি
তেতিয়াহে প্ৰাপ্ত হ’ব যেতিয়া সমৰ্থ সংকল্প ৰচনা কৰিবা। যিসকলে অধিক সংকল্প ৰচনা
কৰে, তেওঁলোকে তাৰ পালন-পোষণ কৰিব নোৱাৰে, সেয়েহে ৰচনা যিমানেই বেছি হয়, সিমানেই
শক্তিহীন হয়। গতিকে প্ৰথমে ব্যৰ্থ ৰচনা বন্ধ কৰা, তেতিয়াহে সফলতা প্ৰাপ্ত হ’ব আৰু
কৰ্মত সফলতা প্ৰাপ্ত কৰাৰ উপায় হ’ল — কৰ্ম কৰাৰ পূৰ্বে আদি, মধ্য আৰু অন্তক জানি
তাৰপাছত কৰ্ম কৰা। ইয়াৰ দ্বাৰাই সম্পূৰ্ণ মূৰ্ত হৈ যাবা।
স্লোগান:
সময়ত দুখ আৰু
প্ৰতাৰণাৰ পৰা হাত সাৰি সফল হোৱাজনেই জ্ঞানী (বিচা বুদ্ধি সম্পন্ন)।
অব্যক্ত ইংগিত:
অৱপৱিত্ৰতাৰ বীজকো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
তোমালোক পৱিত্ৰ হংস
সন্তানসকলৰ আহাৰো শুদ্ধ, ব্যৱহাৰো শুদ্ধ, অশুদ্ধিৰ নাম-চিহ্নও যাতে নাথাকে, কাৰণ
শুদ্ধ জগতলৈ গৈ আছা, য’ত অপৱিত্ৰতা বা অশুদ্ধিৰ কোনো নাম-চিহ্ন নাই। যেতিয়া এনেকুৱা
পৱিত্ৰ হংস হয়, তেতিয়া ভৱিষ্যতে ‘মহামহিম’ (অতি উচ্চ পদমৰ্যাদাধাৰী) বুলি কোৱা
হ’ব।
বিশেষ সূচনা -
মাহৰ তৃতীয় দেওবাৰৰ যোগ অভ্যাস:
আজি মাহৰ তৃতীয়
দেওবাৰ, সকলো ভাই-ভনীয়ে সংগঠিত ৰূপত একত্ৰিত হৈ সন্ধ্যা 6:30 বজাৰ পৰা 7:30 বজালৈ
নিজৰ পৰম পৱিত্ৰ স্বৰূপত স্থিৰ হৈ, পৱিত্ৰতাৰ দিব্য কিৰণ বিলাই সকলো আত্মাক "পৱিত্ৰ
হোৱা-যোগী হোৱা"ৰ শুভ প্ৰেৰণা শক্তিৰ কিৰণৰ ৰূপত দিয়াৰ সেৱা কৰক।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]