16.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এয়া হৈছে অপূৰ্ব সৎসংগ য'ত তোমালোকক জীৱন্তে মৰিবলৈ শিকোৱা হয়, জীৱন্তে মৰাসকলেই হংস হয়”

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ এতিয়া কোনটো এটা চিন্তা আছে?

উত্তৰ:
আমি বিনাশৰ পূৰ্বে সম্পন্ন হ'ব লাগে। যিসকল সন্তান জ্ঞান আৰু যোগত শক্তিশালী হৈ গৈ থাকে, তেওঁলোকৰ মনুষ্যক দেৱতা কৰি তোলাৰ অভিৰুচি (অভ্যাস) গঢ় লৈ উঠে। তেওঁলোক সেৱা অবিহনে থাকিব নোৱাৰে। জিনৰ দৰে দৌৰি থাকিব। সেৱাৰ লগতে নিজকো সম্পন্ন কৰি তোলাৰ চিন্তা থাকিব।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায় - আত্মা এতিয়া সাকাৰ ৰূপত আছে আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হয় কিয়নো তুলি লৈছে। তোমালোকৰ কাৰণে সকলোৱে কয় - এওঁলোকে ভাই-ভনীৰ সম্পৰ্ক গঢ়ি দিয়ে। সন্তানসকলক পিতাই বুজাইছে - আচলতে তোমালোক আত্মাসকল হৈছা ভাই ভাই। এতিয়া নতুন সৃষ্টি ৰচনা হয় গতিকে প্ৰথমে আটাইতকৈ উচ্চ ব্ৰাহ্মণৰ প্ৰয়োজন। তোমালোক শূদ্ৰ আছিলা, এতিয়া স্থানান্তৰিত হৈছা। ব্ৰাহ্মণো নিশ্চয় লাগে। প্ৰজাপিতা ব্ৰহ্মাৰ নামতো প্ৰসিদ্ধ। এইটো হিচাপত তোমালোকে বুজি পোৱা যে আমি সকলো সন্তান ভাই-ভনী হৈ গ’লোঁ। যিয়ে নিজক ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কয় তেওঁলোক নিশ্চয় ভাই-ভনী হ'ল। সকলো যিহেতু প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান গতিকে ভাই-ভনী নিশ্চয় হোৱা উচিত। অবুজনসকলক এইটো বুজাব লাগে। অবুজনো হয় আকৌ অন্ধবিশ্বাসো আছে। যাক পূজা কৰে, বিশ্বাস কৰে যে এওঁ অমুক, কিন্তু তেওঁৰ বিষয়ে একোৱেই নাজানে। লক্ষ্মী-নাৰায়ণৰ পূজা কৰে কিন্তু তেওঁলোক কেতিয়া আহিছিল, কেনেকৈ তেনেকুৱা হ’ল, আকৌ ক'লৈ গ'ল? কোনেও নাজানে। যি কোনো মনুষ্যই নেহৰু আদিক জানে, গতিকে তেওঁলোকৰ বুৰঞ্জী-ভূগোলৰ বিষয়েও সকলো জানে। যদি জীৱন বৃত্তান্ত নাজানে তেন্তে সেয়া কি কামৰ। পূজা কৰে, কিন্তু তেওঁলোকৰ জীৱন কাহিনী নাজানে। মনুষ্যৰ জীৱন কাহিনীতো জানে কিন্তু শ্ৰেষ্ঠতম যিসকল অতীত হৈ গ'ল, তেওঁলোকৰ এজনৰো জীৱন কাহিনী নাজানে। শিৱৰ কিমান অনেক পূজাৰী আছে। পূজা কৰে, আকৌ মুখেৰে কৈ দিয়ে তেওঁতো পাথৰ-শিলগুটি সকলোতে আছে, কণ কণত আছে। এয়া জানো জীৱন কাহিনী হ'ল? এয়াতো বুদ্ধিমানৰ কথা নহ'ল। নিজকো পতিত বুলি কয়। পতিত শব্দটি কিমান উপযুক্ত। পতিত মানে বিকাৰী। তোমালোকে বুজাব পাৰা যে আমাক ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি কিয় কোৱা হয়? কিয়নো ব্ৰহ্মাৰ সন্তান হোৱা আৰু তোলনীয়া হোৱা। আমি কোষ বংশাৱলী নহয়, মুখ বংশাৱলী। ব্ৰাহ্মণ-ব্ৰাহ্মণীসকলতো ভাই-ভনী হৈ গ’ল নহয়। গতিকে তেওঁলোকৰ পৰস্পৰ আসুৰিক দৃষ্টি থাকিব নোৱাৰে। যি বেয়া চিন্তন চলে সেয়া মুখ্যতঃ কাম বিকাৰৰেই। তোমালোকে কোৱা - আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী। তোমালোকে বুজি পোৱা যে আমি সকলো শিৱবাবাৰ সন্তান ভাই ভাই। এইটোও দৃঢ় হয়। জগতৰ লোকে একোৱেই গম নাপায়। এনেয়ে কেৱল কৈ দিয়ে। তোমালোকে বুজাব পাৰা যে সকলো আত্মাৰ পিতা সেই এজনেই। তেওঁক সকলোৱে আহ্বান জনাই থাকে। তোমালোকে চিত্ৰও দেখুৱাইছা। ডাঙৰ ডাঙৰ ধৰ্মৰ লোকসকলেও এই নিৰাকাৰ পিতাক মানে। তেওঁ হৈছে নিৰাকাৰ আত্মাসকলৰ পিতা আকৌ সাকাৰত সকলোৰে পিতা হৈছে প্ৰজাপিতা ব্ৰহ্মা যাৰ পৰা আকৌ বৃদ্ধি হৈ গৈ থাকে, বৃক্ষ বাঢ়ি গৈ থাকে। ভিন্ন ভিন্ন ধৰ্মত অহা-যোৱা কৰি থাকে। আত্মাতো এই শৰীৰৰ পৰা উপৰাম। শৰীৰক দেখি কয় - এওঁ আমেৰিকান, এওঁ অমুক। আত্মাকতো তেনেকৈ নকয়। সকলো আত্মা শান্তিধামত থাকে। তাৰ পৰা ইয়ালৈ ভূমিকা পালন কৰিব আহে। তোমালোকে যিকোনো ধৰ্মৰ লোককে শুনোৱা, পুনৰ্জন্মতো সকলোৱে লয় আৰু ওপৰৰ পৰাও নতুন আত্মা আহি থাকে। গতিকে পিতাই বুজায় - তোমালোকো মনুষ্য, মনুষ্যইহে সৃষ্টিৰ আদি-মধ্য-অন্তৰ বিষয়ে জানিব লাগে যে এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে, ইয়াৰ ৰচয়িতা কোন, পৰিক্ৰমা লগাবলৈ ইয়াৰ কিমান সময় লাগে? এয়া তোমালোকেহে জানা, দেৱতাসকলেতো নাজানে। মনুষ্যইহে জানি লৈ আকৌ দেৱতা হয়। মনুষ্যক দেৱতা কৰি তোলোঁতাজন হৈছে পিতা। পিতাই নিজৰ আৰু ৰচনাৰো পৰিচয় দিয়ে। তোমালোকে জানা যে আমি বীজৰূপ পিতাৰ বীজৰূপ সন্তান। যেনেকৈ পিতাই এই ওলোটা বৃক্ষ জোপাক জানে, তেনেকৈ আমিও জানি গ'লোঁ। মনুষ্যই, মনুষ্যক কেতিয়াও এয়া বুজাব নোৱাৰে। কিন্তু তোমালোকক পিতাই বুজাইছে।

যেতিয়ালৈকে তোমালোক ব্ৰহ্মাৰ সন্তান নোহোৱা তেতিয়ালৈকে ইয়ালৈ আহিব নোৱাৰা। যেতিয়ালৈকে পূৰা পাঠ্যক্ৰম আয়ত্ব কৰি নোলোৱা তেতিয়ালৈকে তোমালোক ব্ৰাহ্মণৰ সভাত কেনেকৈ বহিব পাৰিবা। ইয়াক ‘ইন্দ্ৰ সভা’ বুলিও কোৱা হয়। ইন্দ্ৰই কোনো সেই পানীৰ বৰষুণ নিদিয়ে। ‘ইন্দ্ৰ সভা’ বুলি কোৱা হয়। পৰীও তোমালোকেই হ'ব লাগে। অনেক প্ৰকাৰৰ পৰীৰ গায়ন কৰা হৈছে। কিছুমান সন্তান ভাল শোভনীয় হয় তেতিয়া কয় যে এওঁতো সাইলাখ পৰী। পাউদাৰ আদি লগাই সুন্দৰ হৈ যায়। সত্যযুগত তোমালোক পৰী, ৰাজকুমাৰ-ৰাজকুমাৰী হৈ যোৱা। এতিয়া তোমালোকে জ্ঞান সাগৰত জ্ঞান স্নান কৰিলে পৰী (দেৱী-দেৱতা) হৈ যোৱাগৈ। তোমালোকে জানা যে আমি কিহ’ৰ পৰা কি হৈ আছোঁ। যি সৰ্বদা পৱিত্ৰ, সৰ্বদা সুন্দৰ, সেই পথিকে তোমালোকক এনেকৈ গঢ়ি তুলিবলৈ ক'লা বৰণীয়া (পতিত) শৰীৰত প্ৰৱেশ কৰে। এতিয়া বগা (পৱিত্ৰ) কোনে কৰি তুলিব? বাবাই কৰি তুলিব লাগিব নহয়। সৃষ্টিৰ চক্ৰতো ঘূৰিবই। এতিয়া তোমালোক বগা হ'ব লাগে। পঢ়াওঁতা জ্ঞান সাগৰ হৈছে এজনেই পিতা। তেওঁ জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ। সেই পিতাৰ যি মহিমা গোৱা হয়, সেয়া লৌকিক পিতাৰ জানো হ'ব পাৰে। বেহদৰ পিতাৰহে মহিমা কৰা হয়। তেওঁকহে সকলোৱে আহ্বান জনায় যে আহি আমাক এনেকুৱা মহিমা যুক্ত কৰি তোলক। এতিয়া তোমালোক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি তেনেকুৱা হৈ আছা নহয়। পঢ়াত সকলো একৰস নহয়। ৰাতি-দিনৰ পাৰ্থক্য থাকে। তোমালোকৰ ওচৰলৈও বহুত আহিব। ব্ৰাহ্মণ নিশ্চয় হ'ব লাগে। আকৌ কোনোবাই ভালকৈ পঢ়ে, কোনোবাই কম। যি পঢ়াত সকলোতকৈ ভাল হ'ব তেওঁ অন্যকো পঢ়াব পাৰিব। তোমালোকে বুজি পোৱা, ইমানবোৰ কলেজ প্ৰতিষ্ঠা হৈ থাকে। বাবায়ো কয় কলেজ এনেকুৱা প্ৰতিষ্ঠা কৰা যাতে যিকোনো লোকে বুজি পায় যে এই কলেজত ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান পোৱা যায়। পিতা ভাৰতলৈকে আহে গতিকে ভাৰততেই কলেজ খুলি থাকে। আগলৈ গৈ বিদেশতো খুলিব। বহুত কলেজ, বিশ্ব বিদ্যালয় লাগে নহয়। য'ত বহুত লোক আহি পঢ়িব আকৌ যেতিয়া পঢ়া পূৰা হৈ যাব তেতিয়া সকলো দেৱী-দেৱতা ধৰ্মলৈ স্থানান্তৰ হৈ যাব অৰ্থাৎ মনুষ্যৰ পৰা দেৱতা হৈ যাব। তোমালোক মনুষ্যৰ পৰা দেৱতা নোহোৱা জানো। গায়নো আছে – ঈশ্বৰক মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ সময় নালাগে। ইয়াত এয়া হৈছে মনুষ্যৰ সৃষ্টি, সেয়া হৈছে দেৱতাৰসকলৰ সৃষ্টি। দেৱতাসকল আৰু মনুষ্যৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। দিনত হৈছে দেৱতাসকল, ৰাতি হৈছে মনুষ্য। সকলো মাথো ভক্ত, পূজাৰী। এতিয়া তোমালোক পূজাৰীৰ পৰা পূজ্য হোৱা। সত্যযুগত শাস্ত্ৰ, ভক্তি আদিৰ নাম নাথাকে। তাত হৈছে সকলো দেৱতা। মনুষ্য হৈছে ভক্ত। মনুষ্যই আকৌ দেৱতা হয়। সেইখন হৈছে দৈৱী সৃষ্টি, এইখনক কোৱা হয় আসুৰি সৃষ্টি। ৰামৰাজ্য আৰু ৰাৱণৰাজ্য। আগতে তোমালোকৰ বুদ্ধিত জানো এইটো আছিল যে ৰাৱণৰাজ্য বুলি কাক কোৱা হয়? ৰাৱণ কেতিয়া আহিল? একোৱেই জনা নাছিলা। এনেকৈ কয় যে লংকা সমুদ্ৰত ডুবি গ'ল। দ্বাৰকাৰ ক্ষেত্ৰতো আকৌ এনেকৈয়ে কয়। এতিয়া তোমালোকে জানা যে এই গোটেই লংকা ডুবি যাব, গোটেই সৃষ্টিখনেই হৈছে বেহদৰ লংকা। এই সকলোবোৰ ডুবি যাব, পানী আহি যাব। বাকী স্বৰ্গ ডুবি যায় জানো। কিমান প্ৰচুৰ ধন আছিল। পিতাই বুজাইছে যে এটি সোমনাথ মন্দিৰক মুছলমানে কিমান লুটিলে। এতিয়া চোৱা একোৱেই নাই। ভাৰতত কিমান প্ৰচুৰ ধন আছিল। ভাৰতকে স্বৰ্গ বুলি কোৱা হয়। এতিয়া স্বৰ্গ বুলি ক’বা জানো? এতিয়াতো হৈছে নৰক, পুনৰ স্বৰ্গ হ'বগৈ। স্বৰ্গ কোনে, নৰক কোনে ৰচে? সেয়া এতিয়া তোমালোকে জানি গ'লা। ৰাৱণৰাজ্য কিমান সময় চলে, সেয়াও শুনাইছে। ৰাৱণৰাজ্যত কিমান অনেক ধৰ্ম হৈ যায়। ৰামৰাজ্যততো কেৱল সূৰ্যবংশী-চন্দ্ৰবংশী থাকে। এতিয়া তোমালোকে পঢ়ি আছা। এই পঢ়া আন কাৰো বুদ্ধিত নাই। তেওঁলোকতো আছেই ৰাৱণৰাজ্যত। ৰামৰাজ্য সত্যযুগত হয়। পিতাই কয় - মই তোমালোকক লায়ক কৰি তোলোঁ। আকৌ তোমালোক নালায়ক হৈ যোৱা। নালায়ক বুলি কিয় কোৱা হয়? কিয়নো পতিত হৈ যোৱা। দেৱতাসকলৰ যোগ্যতাৰ মহিমা আৰু নিজৰ অযোগ্যতাৰ মহিমা গায়।

পিতাই বুজায় - তোমালোক যেতিয়া পূজ্য আছিলা তেতিয়া নতুন সৃষ্টি আছিল। বহুত কম সংখ্যক মনুষ্য আছিল। গোটেই বিশ্বত তোমালোকেই মালিক আছিলা। এতিয়া তোমালোক বহুত আনন্দিত হ'ব লাগে। ভাই-ভনীতো হোৱা নহয়। তেওঁলোকে কয় যে এওঁলোকে ঘৰ ভাঙে। আকৌ তেওঁলোকেই যেতিয়া আহি শিক্ষা লয় তেতিয়া ইয়ালৈ আহি বুজি পায় যে জ্ঞানতো বহুত ভাল। অৰ্থ বুজি পায় নহয়। ভাই-ভনী নহ’লে পৱিত্ৰতা ক’ৰ পৰা আহিব। সকলো পৱিত্ৰতাৰ ওপৰতে নিৰ্ভৰ কৰে। পিতা আহেও মগধ দেশত, যিখন বহুত অৱনতি হোৱা দেশ, বহুত পতিত, খোৱা-বোৱাও লেতেৰা। পিতাই কয় - মই বহুত জন্মৰ অন্তিমৰ শৰীৰত প্ৰৱেশ কৰোঁ। এৱেঁই 84 জন্ম লয়। শেষৰ জনেই আকৌ প্ৰথম হয়, প্ৰথমজনেই আকৌ শেষত আহি যায়। উদাহৰণতো এজনৰেই দিব নহয়। এতিয়া তোমালোকৰ বংশাৱলী তৈয়াৰ হ’ব। যিমান ভাল দৰে বুজি গৈ থাকিব, তেতিয়াতো তোমালোকৰ ওচৰলৈ বহুত আহিব। এতিয়া এয়া হৈছে অতি সৰু বৃক্ষ। ধুমুহাও বহুত লাগে। সত্যযুগত ধুমুহাৰ কথা নাথাকে। ওপৰৰ পৰা নতুন নতুন আত্মা আহি থাকে। ইয়াত ধুমুহা লাগিলেই বাগৰি পৰে। তাততো মায়াৰ ধুমুহা নাথাকেই। ইয়াততো বহি থাকোঁতেই মৰি যায় আকৌ তোমালোকৰ হৈছে মায়াৰ লগত যুদ্ধ, গতিকে মায়ায়ো হায়ৰাণ কৰে। সত্যযুগত এইবোৰ নহ'ব। অন্য কোনো ধৰ্মতেই এনেকুৱা কথা নাথাকে। ৰাৱণৰাজ্য আৰু ৰামৰাজ্যক অন্য কোনেও বুজিয়েই নাপায়। যদিও সৎসংগলৈ যায়, তাত মৃত বা জীৱিতৰ কথা নাথাকে। ইয়াততো সন্তানসকলক তুলি লোৱা হয়। এনেকৈ কয় - মই শিৱবাবাৰ সন্তান, তেওঁৰ পৰা উত্তৰাধিকাৰ লওঁ। লৈ লৈ আকৌ বাগৰি পৰে তেতিয়া উত্তৰাধিকাৰো শেষ হৈ যায়। হংসৰ পৰা সলনি হৈ বগলী হৈ যায়। তথাপিও পিতা দয়ালু অন্তৰৰ গতিকে বুজাই থাকে। কোনোৱে পুনৰ উন্নতি কৰে। যি স্থিৰ হৈ থাকে, তেওঁক কোৱা হয় মহাবীৰ, হনুমান। তোমালোক হৈছা মহাবীৰ-মহাবীৰংগনা। ক্ৰমানুসৰিতো হয়েই। সকলোতকৈ বলৱানজনক মহাবীৰ বুলি কোৱা হয়। আদি দেৱকো মহাবীৰ বুলি কয়, যাৰ পৰাই এই মহাবীৰৰ জন্ম হয় যিয়ে বিশ্বত ৰাজ্য কৰে। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব কাৰণে পুৰুষাৰ্থ কৰি থাকে। ৰাৱণ হৈছে 5 বিকাৰ। এয়াতো বুজিবলগীয়া কথা। এতিয়া পিতাই তোমালোকৰ বুদ্ধিৰ তলা খোলে। আকৌ তলা একদম বন্ধ হৈ যায়। ইয়াতো এনেকুৱা হয় যাৰ তলা খোলে তেওঁ গৈ আনৰ সেৱা কৰে। পিতাই কয় - গৈ সেৱা কৰা, যিসকল গাঁতত পৰি আছে তেওঁলোকক উদ্ধাৰ কৰা। এনেকুৱা নহয় যে তোমালোকো গাঁতত পৰি যাবা। তোমালোক বাহিৰলৈ ওলাই অন্যকো উলিওৱা। বিষয়-বৈতৰণী নদীত অপাৰ দুখ আছে। এতিয়া অপাৰ সুখত যাব লাগে। যিয়ে অপাৰ সুখ দিয়ে, তেওঁৰ মহিমা গোৱা হয়। ৰাৱণ যিয়ে দুখ দিয়ে, তেওঁৰ মহিমা হ'ব জানো? ৰাৱণক অসুৰ বুলি কোৱা হয়। পিতাই কয় - তোমালোক ৰাৱণৰাজ্যত আছিলা, এতিয়া অপাৰ সুখ পাবৰ কাৰণে তোমালোক ইয়ালৈ আহিছা। তোমালোকে কিমান অপাৰ সুখ পোৱা। কিমান আনন্দিত হৈ থাকিব লাগে আৰু সাৱধানো হৈ থাকিব লাগে। পদমৰ্যাদাতো ক্ৰমানুসৰি হয়। প্ৰত্যেক ভাৱৰীয়াৰ পদমৰ্যাদা বেলেগ বেলেগ। সকলোৰে মাজততো ঈশ্বৰ থাকিব নোৱাৰে। পিতাই প্ৰতিটো কথা বহি বুজায়। তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পিতাক আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানি যোৱা। নম্বৰ ক্ৰমানুসৰি পঢ়াৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হয়। এয়া হৈছে বেহদৰ পঢ়া, ইয়াত সন্তানসকলে বহুত মনোযোগ দিয়া উচিত। পঢ়া যাতে এদিনো খতি নহয়। আমি হৈছোঁ বিদ্যাৰ্থী, ঈশ্বৰ পিতাই পঢ়ায় - সন্তানসকলৰ এইটো নিচা বাঢ়ি গৈ থাকিব লাগে। ভগৱানুবাচ, কেৱল তেওঁলোকে নাম সলনি কৰি শ্ৰীকৃষ্ণৰ নাম ৰাখি দিলে। ভুলতে শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলি বুজি ল’লে কিয়নো শ্ৰীকৃষ্ণ হৈছে ভগৱানৰ নিকটতম। পিতাই যি স্বৰ্গ স্থাপনা কৰে তাত এওঁ এক নম্বৰ নহয় জানো। এই জ্ঞান তোমালোকে এতিয়া প্ৰাপ্ত কৰিছা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি তোমালোকে নিজৰো কল্যাণ কৰা আৰু আনৰো কল্যাণ কৰি থাকা, তেনে সন্তানে সেৱা অবিহনে কেতিয়াও সুখ নাপায়।

তোমালোক সন্তানসকল জ্ঞান আৰু যোগত শক্তিশালী হৈ গ’লে কাম এনেকৈ কৰিবা যেন জিনহে। মনুষ্যক দেৱতা কৰি তোলাৰ অভিৰুচি (অভ্যাস) হৈ যাব। মৃত্যুৰ পূৰ্বেই উত্তীৰ্ণ হ’ব লাগে। সেৱা বহুত কৰিব লাগে। পাছলৈতো যুদ্ধ লাগিব‌। প্ৰাকৃতিক দুৰ্যোগো হ’ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শেষত আহি প্ৰথমত যাবৰ কাৰণে মহাবীৰ হৈ পুৰুষাৰ্থ কৰিব লাগে। মায়াৰ ধুমুহাত বিচলিত হ'ব নালাগে। পিতাৰ সমান দয়ালু অন্তৰৰ হৈ মনুষ্যৰ বুদ্ধিৰ তলা খোলাৰ সেৱা কৰিব লাগে।

(2) জ্ঞান সাগৰত নিতৌ জ্ঞান স্নান কৰি ফৰিস্তা হ'ব লাগে। এদিনো পঢ়া খতি কৰিব নালাগে। আমি ভগৱানৰ বিদ্যাৰ্থী - এইটো নিচাত থাকিব লাগে।

বৰদান:
গম্ভীৰতা গুণৰ দ্বাৰা সম্পূৰ্ণ নম্বৰ জমা কৰোঁতা গম্ভীৰতাৰ দেৱী বা দেৱতা হোৱা

বৰ্তমান সময়ত গম্ভীৰতা গুণৰ অতি আৱশ্যক কিয়নো কোৱাৰ অভ্যাস বহুত হৈ গ’ল, যি আহে তাকেই কৈ দিয়ে। কোনোবাই কিবা ভাল কাম কৰিলে আৰু কৈ দিলে তেতিয়া আধা শেষ হৈ যায়। আধাহে জমা হয় আৰু যি গম্ভীৰ তেওঁৰ পূৰা জমা হয় সেই কাৰণে গম্ভীৰতাৰ দেৱী বা দেৱতা হোৱা আৰু নিজৰ সম্পূৰ্ণ নম্বৰ জমা কৰা। বৰ্ণনা কৰিলে নম্বৰ হৈ যায়।

স্লোগান:
বিন্দু ৰূপত স্থিত হৈ থাকা তেতিয়া সমস্যাসমূহত চেকেণ্ডত বিন্দু (যতি) লগাব পাৰিবা।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ অপাৰ দুখৰ তালিকা আছে তেনেকৈ ফলৰ ইচ্ছা বা তাৰ সঁহাৰি পোৱাৰ যি সূক্ষ্ম সংকল্প থাকে সেয়াও ভিন্ন ভিন্ন প্ৰকাৰৰ হয়। নিষ্কাম বৃত্তি নাথাকে। পুৰুষাৰ্থৰ প্ৰালব্ধৰ জ্ঞান থকা সত্ত্বেও তাৰ প্ৰতি আকৰ্ষণ থাকে। কোনোবাই মহিমা কৰিলে সেইফালে তোমালোকৰ বিশেষ ধ্যান থাকে তেন্তে সেয়াও সূক্ষ্ম ৰূপত ফল স্বীকাৰ কৰা হৈ যায়।