16.09.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক হৈছা আত্মিক পাণ্ডা, তোমালোকে সকলোকে শান্তিধাম অৰ্থাৎ অমৰপুৰীৰ ৰাস্তা দেখুৱাব লাগে”

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ কোনটো নিচা আছে, সেইটো নিচাৰ আধাৰত কোনটো নিশ্চয়তাৰ কথা কোৱা?

উত্তৰ:
তোমালোক সন্তানসকলৰ এইটো নিচা আছে যে আমি পিতাক স্মৰণ কৰি জন্ম-জন্মান্তৰৰ বাবে পৱিত্ৰ হওঁ। তোমালোকে নিশ্চয়তাৰে কোৱা যে লাগিলে যিমানে বিঘিনি নাহক কিন্তু স্বৰ্গ স্থাপনাতো নিশ্চয় হ’বই। নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ হ’বই। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, এই ক্ষেত্ৰত সংশয়ৰ কথাই নাই।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই আছে। তোমালোকে জানা যে আমি আত্মা। এই সময়ত আমি আত্মিক পাণ্ডা হৈছোঁ। হৱোঁ আৰু আনক তেনেকুৱা কৰিও তোলোঁ। এই কথাবোৰ ভালদৰে ধাৰণ কৰা। মায়াৰ ধুমুহাই পাহৰাই দিয়ে। নিতৌ পুৱা-গধূলি এইটো বিচাৰ কৰা উচিত – এই অমূল্য ৰত্ন অমূল্য জীৱনৰ বাবে আত্মিক পিতাৰ পৰা পাওঁ। সেয়েহে আত্মিক পিতাই বুজায় – সন্তানসকল, তোমালোক এতিয়া মুক্তিধামৰ ৰাস্তা দেখুওৱাৰ বাবে আত্মিক পাণ্ডা বা মাৰ্গ-দৰ্শক হোৱা। এয়া হ’ল অমৰপুৰীলৈ যোৱাৰ সত্য অমৰকথা। অমৰপুৰীলৈ যোৱাৰ বাবে তোমালোক পৱিত্ৰ হৈ আছা। অপৱিত্ৰ ভ্ৰষ্টাচাৰী আত্মা অমৰপুৰীলৈ কেনেকৈ যাব? মনুষ্যই অমৰনাথ যাত্ৰাত যায়, স্বৰ্গকো অমৰনাথপুৰী বুলি কোৱা হয়। অকল অমৰনাথ থাকে জানো। তোমালোক সকলো আত্মা অমৰপুৰীলৈ গৈ আছা। সেয়া হ’ল আত্মাসকলৰ অমৰপুৰী পৰমধাম আকৌ শৰীৰ সহিত অমৰপুৰীলৈ আহা। তালৈ কোনে লৈ যায়? পৰমপিতা পৰমাত্মাই সকলো আত্মাক লৈ যায়। সেইখনক অমৰপুৰী বুলিও ক’ব পাৰা। কিন্তু সঠিক নাম হৈছে শান্তিধাম। তালৈতো সকলোৱে যাবই লাগিব। ড্ৰামাত যি হ’বলগীয়া আছে তাক বাধা দি ৰাখিব নোৱাৰে। এইটো বুদ্ধিত ভালদৰে ধাৰণ কৰা। প্ৰথমেতো আত্মা বুলি বুজা। পৰমপিতা পৰমাত্মাও আত্মাই হয়। কেৱল তেওঁক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়, তেওঁ আমাক বুজাই আছে। তেৱেঁই জ্ঞানৰ সাগৰ, পৱিত্ৰতাৰ সাগৰ। এতিয়া সন্তানসকলক পৱিত্ৰ কৰি তোলাৰ বাবে শ্ৰীমত দিয়ে যে মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ খণ্ডন হ’ব। স্মৃতিত থকাটোকে যোগ বুলি কোৱা হয়। তোমালোকতো সন্তান হোৱা নহয়। পিতাক স্মৰণ কৰিব লাগে। স্মৃতিৰ দ্বাৰাহে নাও পাৰ হ’ব। এই বিষৰ নগৰীৰ পৰা তোমালোক শিৱৰ নগৰীলৈ যাবা পুনৰ বিষ্ণুপুৰীলৈ আহিবা। আমি পঢ়োৱে তাৰ বাবে, ইয়াৰ বাবে নহয়। ইয়াত যিসকল ৰজা হয়, তেওঁলোক ধন দান কৰা বাবে হয়। কিছুমান আছে যিসকলে গৰিবৰ বহুত তত্ত্বাৱধান লয়, কোনোৱে হস্পিতাল, ধৰ্মশালা আদি স্থাপনা কৰে, কোনোৱে ধন দান কৰে। যেনেকৈ সিন্ধুত মূলচন্দ্ৰ আছিল, গৰিবৰ ওচৰলৈ গৈ দান কৰিছিল। গৰিবৰ বহুত তত্ত্বাৱধান লৈছিল। এনেকুৱা বহুত দানী থাকে। ৰাতিপুৱা উঠি চাউল মুঠি উলিয়াই গৰিবক দান কৰে। আজিকালিতো ঠগ বহুত হৈ গৈছে। পাত্ৰক দান দিয়া উচিত। সেই বুদ্ধিতো নাই। বাহিৰত যিসকলে ভিক্ষা খুজি বহি থাকে তেওঁলোকক দিয়া, সেয়াও কোনো দান নহয়। তেওঁলোকৰতো এইটো বেপাৰ। গৰিবক দান কৰোঁতাসকলে ভাল পদ পায়।

এতিয়া তোমালোক সকলো হৈছা আত্মিক পাণ্ডা। তোমালোকে প্ৰদৰ্শনী বা সংগ্ৰাহালয় খোলা তেতিয়া এনেকুৱা নাম লিখা যাতে এইটো সিদ্ধ হৈ যায় যে স্বৰ্গৰ মাৰ্গ-দৰ্শক বা নতুন বিশ্বৰ ৰাজধানীৰ মাৰ্গ-দৰ্শক। কিন্তু মনুষ্যই একোৱেই বুজি নাপায়। এয়া হয়েই কাঁইটৰ জংঘল। স্বৰ্গ হ’ল ফুলৰ বাগিচা, য’ত দেৱতাসকল থাকে। তোমালোক সন্তানসকলৰ এইটো নিচা থকা উচিত যে আমি পিতাক স্মৰণ কৰি জন্ম-জন্মান্তৰৰ বাবে পৱিত্ৰ হওঁ। তোমালোকে জানা যে লাগিলে যিমানে বিঘিনি নাহক স্বৰ্গ স্থাপনাতো নিশ্চয় হ’বই। নতুন সৃষ্টি স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ হ’বই। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, ইয়াত সংশয়ৰ কথাই নাই। অলপো সংশয় আনিব নালাগে। এনেকৈতো সকলোৱে কয় – পতিত-পাৱন। ইংৰাজীতো কয় – আহি দুখৰ পৰা মুক্ত কৰক। দুখ হয়েই 5 বিকাৰৰ পৰা। সেইখন হয়েই নিৰ্বিকাৰী সৃষ্টি, সুখধাম। এতিয়া তোমালোক সন্তানসকল স্বৰ্গলৈ যাব লাগে। মনুষ্যই ভাবে – স্বৰ্গ ওপৰত আছে, তেওঁলোকে এইটো গম নাপায় যে মুক্তিধাম ওপৰত আছে। জীৱনমুক্তিততো ইয়াতেই আহিব লাগিব। এই পিতাই তোমালোকক বুজায়, সেয়া ভালদৰে ধাৰণ কৰি জ্ঞান মন্থন কৰিব লাগে। বিদ্যাৰ্থীয়েও ঘৰত এয়াই খেয়াল কৰি থাকে – এইখন প্ৰশ্নকাকত পূৰ কৰি দিব লাগিব, আজি এয়া কৰিব লাগিব। গতিকে তোমালোক সন্তানসকলে নিজৰ কল্যাণৰ বাবে আত্মাক সতোপ্ৰধান কৰি তুলিব লাগে। পৱিত্ৰ হৈ মুক্তিধামলৈ যাব লাগে আৰু জ্ঞানেৰে পুনৰ দেৱতা হোৱা। আত্মাই কয় নহয় যে আমি মনুষ্যৰ পৰা বেৰিষ্টাৰ হওঁ। আমি আত্মাই মনুষ্যৰ পৰা গৱৰ্ণৰ হওঁ। আত্মা শৰীৰ সহিত হয়। শৰীৰ এৰিলে তেতিয়া আকৌ নতুনকৈ পঢ়িবলগীয়া হয়। আত্মাইহে বিশ্বৰ মালিক হ’বলৈ পুৰুষাৰ্থ কৰে। পিতাই কয় – এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখি লোৱা যে আমি আত্মা, দেৱতাসকলক এনেকৈ ক’বলগীয়া নহয়, স্মৰণ কৰিবলগীয়া নহয় কিয়নো তেওঁলোকতো পাৱন হয়েই। প্ৰালব্ধ ভোগ কৰি আছে, পতিততো নহয় যে পিতাক স্মৰণ কৰিব। তোমালোক আত্মাসকল পতিত হোৱা সেইবাবে পিতাক স্মৰণ কৰিব লাগে। তেওঁলোকৰতো স্মৰণ কৰাৰ দৰকাৰ নাই। এইখন ড্ৰামা হয় নহয়। এটা দিনো একে সমান নহয়। এই ড্ৰামাখন চলি থাকে। গোটেই দিনটোৰ ভূমিকা চেকেণ্ডৰ পাছত চেকেণ্ড সলনি হৈ থাকে। দৃশ্যগ্ৰহণ হৈ থাকে। সেয়েহে পিতাই সন্তানসকলক বুজায়, কোনো কথাতে হাৰ্টফেইল নহ’বা। এয়া জ্ঞানৰ কথা। লাগিলে নিজৰ পেছাগত কাম-কাজ আদিও কৰা, কিন্তু ভৱিষ্যতে উচ্চ পদ পাবলৈ পূৰা পুৰুষাৰ্থ কৰা। গৃহস্থালিতো থাকিব লাগে। কুমাৰীসকলতো গৃহস্থী হোৱাই নাই। গৃহস্থী তেওঁলোকক কোৱা হয় যিসকলৰ সতি-সন্ততি আছে। পিতাইতো অৰ্ধকুমাৰী আৰু কুমাৰী সকলোকে পঢ়ায়। অৰ্ধকুমাৰীৰো অৰ্থ বুজি নাপায়। কি আধা শৰীৰ নেকি? এতিয়া তোমালোকে জানা যে কন্যাসকল পৱিত্ৰ হয় আৰু অৰ্ধ কন্যা তেওঁলোকক কোৱা হয় যিসকল অপৱিত্ৰ হোৱাৰ পাছত পুনৰ পৱিত্ৰ হয়। তোমালোকৰে স্মাৰক থিয় হৈ আছে। পিতাইহে তোমালোক সন্তানসকলক বুজায়। পিতাই তোমালোকক পঢ়াই আছে। তোমালোকে জানা – আমি আত্মাসকলে মূললোককো জানো, আকৌ সূৰ্যবংশী, চন্দ্ৰবংশীসকলে কেনেকৈ ৰাজত্ব কৰে, ক্ষত্ৰিয়সকলৰ পৰিচয়সূচক চিন ধনু কিয় দিলে, সেয়াও তোমালোকে জানা। যুদ্ধ আদিৰতো কথাই নাই। অসুৰৰ কথাও নাই, চুৰিৰ কথাও প্ৰমাণিত নহয়। এনেকুৱাতো কোনো ৰাৱণ নাথাকে যিয়ে সীতাক লৈ যাব। সেয়েহে পিতাই বুজায় – মৰমৰ সন্তানসকল, তোমালোকে বুজি পোৱা যে আমি স্বৰ্গৰ, মুক্তি-জীৱনমুক্তিৰ পাণ্ডা। তেওঁলোক হ’ল পাৰ্থিৱ পাণ্ডা। আমি হৈছোঁ আত্মিক পাণ্ডা। তেওঁলোক হ’ল কলিযুগী ব্ৰাহ্মণ। পুৰুষোত্তম হোৱাৰ বাবে পঢ়ি আছে। আমি পুৰুষোত্তম সংগমযুগত আছোঁ। বাবাই অনেক প্ৰকাৰেৰে বুজাই আছে। তথাপিও দেহ-অভিমানত অহাৰ বাবে পাহৰি যায়। মই আত্মা, পিতাৰ সন্তান হওঁ, সেইটো নিচা নাথাকে। যিমান স্মৰণ কৰি থাকিবা সিমানে দেহ-অভিমান নাইকিয়া হৈ যাব। নিজক সাৱধান কৰি থাকা। চোৱা, মোৰ দেহ-অভিমান আঁতৰিলনে? আমি এতিয়া গৈ আছোঁ পুনৰ আমি বিশ্বৰ মালিক হ’ম। আমাৰ ভূমিকাই হ’ল নায়ক-নায়িকাৰ। নায়ক-নায়িকা নাম তেতিয়া দিয়া হয় যেতিয়া কোনোবাই বিজয় লাভ কৰে। তোমালোক বিজয়ী হোৱা তেতিয়া তোমালোকে নায়ক-নায়িকা নাম পোৱা এই সময়ত, ইয়াৰ আগতে নাছিল। পৰাজিত হোৱাসকলক নায়ক-নায়িকা বুলি কোৱা নহয়। তোমালোক সন্তানসকলে জানা – আমি এতিয়া গৈ নায়ক-নায়িকা হওঁ। তোমালোকৰ ভূমিকা উচ্চতকৈও উচ্চ। কড়ি আৰু হীৰাৰ মাজততো বহুত পাৰ্থক্য আছে। লাগিলে কোনোবা যিমানে লাখপতি বা কোটিপতি নহওঁক কিন্তু তোমালোকে জানা এই সকলো বিনাশ হৈ যাব।

তোমালোক আত্মাসকল ধনৱান হৈ যোৱা। বাকী সকলো দেউলীয়া হৈ গৈ আছে। এই সকলো কথা ধাৰণ কৰিব লাগে। নিশ্চয়ত থাকিব লাগে। ইয়াত নিচা বাঢ়ে, বাহিৰলৈ গ’লে নিচা নোহোৱা হয়। ইয়াৰ কথা ইয়াতে থাকি যায়। পিতাই কয় – বুদ্ধিত থাকিব লাগে – পিতাই আমাক পঢ়াই আছে। যি পঢ়াৰ দ্বাৰা আমি মনুষ্যৰ পৰা দেৱতা হৈ যামগৈ। এই ক্ষেত্ৰত কষ্টৰ কোনো কথা নাই। পেছাগত কাম-কাজ আদিৰ পৰাও কিছু সময় উলিয়াই স্মৰণ কৰিব পাৰা। এয়াও নিজৰ বাবে বেপাৰ নহয় জানো। ছুটী লৈ গৈ পিতাক স্মৰণ কৰা। এওঁ কোনো মিছা কথা নকয়। গোটেই দিনটো এনেয়ে অতিবাহিত কৰিব লাগে জানো। আমি ভৱিষ্যতৰতো কিছু খেয়াল কৰোঁ। যুক্তি বহুত আছে, যিমান পাৰা সময় উলিয়াই পিতাক স্মৰণ কৰা। শৰীৰ নিৰ্বাহৰ অৰ্থে কাম-কাজ আদিও লাগিলে কৰা। মই তোমালোকক বিশ্বৰ মালিক হ’বলৈ বহুত ভাল ৰায় দিওঁ। তোমালোক সন্তানসকলো সকলোকে ৰায় দিওঁতা হ’লা। পৰামৰ্শদাতা ৰায় দিয়াৰ বাবে থাকে নহয়। তোমালোক পৰামৰ্শদাতা হোৱা। সকলোৱে মুক্তি-জীৱনমুক্তি কেনেকৈ পাব, এইটো জন্মত সেই ৰাস্তা দেখুৱাই দিয়া। মনুষ্যই শ্লোগান আদি প্ৰস্তুত কৰে তেতিয়া দেৱালৰ ওপৰত লগাই দিয়ে। যেনেকৈ তোমালোকে লিখা “পৱিত্ৰ হোৱা আৰু ৰাজযোগী হোৱা”। কিন্তু তাৰ দ্বাৰা বুজি নাপাব। এতিয়া তোমালোকে বুজি পোৱা আমি পিতাৰ পৰা এই উত্তৰাধিকাৰ পাই আছোঁ, মুক্তিধামৰো উত্তৰাধিকাৰ আছে। মোক তোমালোকে পতিত-পাৱন বুলি কোৱা গতিকে মই আহি পাৱন হোৱাৰ ৰায় দিওঁ। তোমালোকো পৰামৰ্শদাতা হোৱা। মুক্তিধামলৈ কোনেও যাব নোৱাৰে, যেতিয়ালৈ পিতাই পৰামৰ্শ নিদিয়ে, শ্ৰীমত নিদিয়ে। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ মত হয়েই শিৱবাবাৰ। আত্মাসকলে শিৱবাবাৰ শ্ৰীমত লাভ কৰে। পাপ আত্মা, পুণ্য আত্মা বুলি কোৱা হয়। পাপ শৰীৰ বুলি কোৱা নহয়। আত্মাই শৰীৰৰ দ্বাৰা পাপ কৰে সেইবাবে পাপ আত্মা বুলি কোৱা হয়। শৰীৰ অবিহনে আত্মাই পাপ আৰু পুণ্য কোনোটোৱে কৰিব নোৱাৰে। গতিকে যিয়ে যিমান পাৰা বিচাৰ সাগৰ মন্থন কৰা। সময়তো বহুত আছে। শিক্ষক বা প্ৰবক্তা হ’লে তেন্তে তেওঁলোককো যুক্তিৰে এই আত্মিক পাঠ পঢ়োৱা উচিত, যাৰ দ্বাৰা কল্যাণ হ’ব। বাকী এই পাৰ্থিৱ পঢ়াৰে কি হ’ব। আমি এয়া পঢ়াওঁ। বাকী কিছু দিন আছে, বিনাশ সমাগত। অন্তৰত উল্লাস আহি থাকিব – কেনেকৈ মনুষ্যক ৰাস্তা দেখুৱাওঁ।

এজনী কন্যাই প্ৰশ্নকাকত পাইছিল য’ত ‘গীতা’ৰ ভগৱানৰ কথা সোধা হৈছিল। তেতিয়া তেওঁ লিখি দিলে – ‘গীতা’ৰ ভগৱান হৈছে শিৱ, তেতিয়া তেওঁক অনুত্তীৰ্ণ কৰাই দিলে। তেওঁ ভাবিছিল – মইতো পিতাৰ মহিমা লিখিছোঁ – ‘গীতা’ৰ ভগৱান হৈছে শিৱ। তেওঁ জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ হয়। শ্ৰীকৃষ্ণৰ আত্মায়ো জ্ঞান পাই আছে। এনেকৈ লিখাত অনুত্তীৰ্ণ হৈ গ’ল। মা-পিতাক ক’লে – মই এয়া নপঢ়োঁ। এতিয়া এই আত্মিক পঢ়াত লাগি যাম। কন্যাজনীও বৰ উত্তম। প্ৰথমতেই কৈছিল - মই এনেকৈ লিখিম, অনুত্তীৰ্ণ হৈ যাম। কিন্তু সঁচাতো লিখিব লাগে নহয়। আগলৈ গৈ বুজিব যথাৰ্থতে এই কন্যাজনীয়ে যি লিখিছিল সেয়া সত্য। যেতিয়া প্ৰভাৱ বিস্তাৰ হ’ব বা প্ৰদৰ্শনী অথবা সংগ্ৰাহালয়ত তেওঁক মাতিব তেতিয়া গম পাব আৰু বুদ্ধিত উদয় হ’ব যে এয়াতো সত্য। অনেক মনুষ্য আহে গতিকে বিচাৰ কৰিব লাগে এনেকুৱা কৰোঁ যাতে মনুষ্যই তৎক্ষণাৎ বুজি পাই যায় যে এয়া কিবা নতুন কথা। কোনোবা নহয় কোনোবাই যিসকল ইয়াৰ হ’ব নিশ্চয় বুজিব। তোমালোকে সকলোকে আত্মিক ৰাস্তা দেখুওৱা। বেচেৰাহঁত কিমান দুখী, তেওঁলোক সকলোৰে দুখ কেনেকৈ দূৰ কৰোঁ। বাদ-বিবাদতো বহুত আছে নহয়। ইজন সিজনৰ শত্ৰু হ’লে তেতিয়া কেনেকৈ হত্যা কৰি দিয়ে। এতিয়া পিতাই সন্তানসকলক ভালদৰে বুজাই থাকে। বেচেৰী মাতাসকলতো অবোধ। তেওঁলোকে কয় – আমিতো পঢ়া-লিখা কৰা নাই। পিতাই কয় – যদি পঢ়া নাই তেন্তে আৰু ভাল। বেদ-শাস্ত্ৰ যি কিছু পঢ়িছে সেয়া সকলো ইয়াত পাহৰি যাব লাগে। এতিয়া মই যি শুনাওঁ, সেয়া শুনা। বুজাব লাগে – নিৰাকাৰ পৰমপিতা পৰমাত্মা অবিহনে সৎগতি কোনেও কৰিব নোৱাৰে। মনুষ্যৰ জ্ঞানেই নাই তেন্তে তেওঁলোকে আকৌ সৎগতি কেনেকৈ কৰিব পাৰে। সৎগতিদাতা জ্ঞানৰ সাগৰ হয়েই এজন। মনুষ্যই জানো এনেকৈ ক’ব, যিসকল ইয়াৰ হ’ব তেওঁলোকেই বুজিবলৈ চেষ্টা কৰিব। কোনোবা এজনো যদি ডাঙৰ ব্যক্তি ওলাই আহে তেতিয়া আৱাজ (প্ৰভাৱ বিস্তাৰ) হ’ব। গায়ন আছে – তুলসীদাস গৰিবৰ কথা কোনেও নুশুনে। সেৱাৰ যুক্তিতো বাবাই বহুত শুনায়, সন্তানসকলে সেয়া কাৰ্যক্ষেত্ৰত কৰিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পেছাগত কাম-কাজ আদি কৰি ভৱিষ্যতে উচ্চ পদ পাবলৈ স্মৃতিত থকাৰ পূৰা পূৰা পুৰুষাৰ্থ কৰিব লাগে। এই ড্ৰামাখন চেকেণ্ডৰ পাছত চেকেণ্ড সলনি হৈ থাকে সেইবাবে কেতিয়াবা কোনো দৃশ্য দেখি হাৰ্টফেইল হ’ব নালাগে।

(2) এই আত্মিক পাঠ পঢ়ি আনকো পঢ়াব লাগে, সকলোৰে কল্যাণ কৰিব লাগে। ভিতৰত এইটোৱে উদ্যম থাকিব লাগে যে আমি কেনেকৈ সকলোকে পাৱন হোৱাৰ উপদেশ দিওঁ। ঘৰৰ ৰাস্তা দেখুৱাওঁ।

বৰদান:
সৰ্ব সম্বন্ধৰ সহযোগৰ অনুভূতিৰ দ্বাৰা নিৰন্তৰ যোগী, সহজযোগী হোৱা

সকলো সময়ত পিতাৰ ভিন্ন ভিন্ন সম্বন্ধৰ সহযোগ লোৱা অৰ্থাৎ অনুভৱ কৰাটোৱে সহজ যোগ। পিতাই যিকোনো সময়ত সম্বন্ধ পালন কৰিবলৈ বান্ধ খাই আছে। গোটেই কল্পত এতিয়াহে সকলো অনুভৱৰ সম্পদ প্ৰাপ্ত হয় সেই কাৰণে সদায় সৰ্ব সম্বন্ধৰ সহযোগ লোৱা আৰু নিৰন্তৰ যোগী, সহজযোগী হোৱা কিয়নো যি সৰ্ব সম্বন্ধৰ অনুভূতি বা প্ৰাপ্তিত মগ্ন হৈ থাকে তেওঁ পুৰণি জগতৰ বাতাৱৰণৰ পৰা সহজেই উৰ্দ্ধত গুচি যায়।

স্লোগান:
সৰ্ব শক্তিৰে সম্পন্ন হৈ থকা, এইটোৱেই ব্ৰাহ্মণ স্বৰূপৰ বিশেষত্ব।


অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালা ৰূপ কৰি তোলা

তপস্বী মূৰ্তৰ অৰ্থ হৈছে তপস্যাৰ দ্বাৰা শান্তিৰ শক্তিৰ কিৰণ চাৰিওফালে বিয়পি যোৱাৰ অনুভৱ কৰা। এই তপস্বী স্বৰূপ আনক দিয়াৰ স্বৰূপ। যেনেকৈ সূৰ্যই বিশ্বক কিৰণ দিয়ে আৰু অনেক বিনাশী প্ৰাপ্তিৰ অনুভূতি কৰায় তেনেকৈ মহান তপস্বী আত্মাসকলে জ্বালা ৰূপ শক্তিশালী স্মৃতিৰ দ্বাৰা প্ৰাপ্তিৰ কিৰণৰ অনুভূতি কৰায়।