16.10.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক অপাৰ সুখ পাবলৈ মাতা-পিতাৰ সন্মুখলৈ আহিছা, পিতাই তোমালোকক অপাৰ দুখৰ পৰা মুক্ত কৰি অপাৰ সুখত লৈ যায়”

প্ৰশ্ন:
একমাত্ৰ পিতাহে আচুতীয়াকৈ থাকে, পুনৰ্জন্ম নলয় – কিয়?

উত্তৰ:
কিয়নো তোমালোকক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলোঁতা কোনোবাতো লাগে। যদি পিতাও পুৰ্নজন্মত আহে, তেন্তে তোমালোকক ক'লাৰ (পতিতৰ) পৰা বগা (পাৱন) কোনে কৰি তুলিব, সেয়েহে পিতা আচুতীয়াকৈ থাকে।

প্ৰশ্ন:
দেৱতাসকল কিয় সদায় সুখী হয়?

উত্তৰ:
কিয়নো দেৱতাসকল পৱিত্ৰ, পৱিত্ৰতাৰ কাৰণে তেওঁলোকৰ চলন শুধৰণি হৈছে। য'ত পৱিত্ৰতা আছে ত’ত সুখ-শান্তি আছে। মুখ্য হৈছে পৱিত্ৰতা।

ওঁম্শান্তি।
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলক আত্মিক পিতাই বুজায়। তেওঁ পিতাও হয়, মাতা-পিতাও হয়। তোমালোকে গাইছিলা নহয় - তুমিয়েই মাতা-পিতা, আমি বালক তোমাৰ....... সকলোৱে আহ্বান জনাই থাকে। কাক আহ্বান জনায়? পৰমপিতা পৰমাত্মাক। বাকী তেওঁলোকে বুজি নাপায় যে, তেওঁৰ কৃপাত কি অপাৰ সুখ আৰু কেতিয়া পায়? অপাৰ সুখ বুলি কাক কয়, সেয়াও বুজি নাপায়। এতিয়া তোমালোক ইয়াত সন্মুখত বহি আছা, এইটো জানা যে ইয়াত কিমান সীমাহীন দুখ আছে। এইখন হৈছে দুখধাম। সেইখন হৈছে সুখধাম। কাৰো বুদ্ধিত এইটো উদয় নহয় যে আমি 21 জন্ম স্বৰ্গত বহুত সুখী হৈ থাকোঁ। তোমালোকৰো প্ৰথমতে এইটো অনুভৱ নাছিল। এতিয়া তোমালোকে বুজি পোৱা যে আমি সেই পৰমপিতা পৰমাত্মা, মাতা-পিতাৰ সন্মুখত বহি আছোঁ। এইটো জানা যে আমি 21 জন্মৰ বাবে স্বৰ্গৰ বাদশ্বাহী প্ৰাপ্ত কৰিবৰ কাৰণে ইয়ালৈ আহোঁ। পিতাকো জানি ল’লা আৰু পিতাৰ দ্বাৰা গোটেই সৃষ্টি চক্ৰকো বুজি ল’লা। আমি প্ৰথমতে অপাৰ সুখত আছিলোঁ আকৌ দুখত আহিলোঁ, এইটোও ক্ৰমানুসৰি প্ৰত্যেকৰে বুদ্ধিত থাকে। বিদ্যাৰ্থীৰ স্মৃতিত এইটো সদায় থাকিব লাগে কিন্তু বাবাই দেখিবলৈ পায় বিদ্যাৰ্থীসকলে বাৰে বাৰে পাহৰি যায়, সেইকাৰণে আকৌ বিভ্ৰান্ত হৈ যায়। জঁই পৰি যায়। মায়াই প্ৰহাৰ কৰি দিয়ে। যি আনন্দ থাকিব লাগে, সেয়া নাথাকে। ক্ৰমানুসৰি পদতো আছে নহয়। স্বৰ্গলৈতো যায়, কিন্তু তাতো ৰজাকে আদি কৰি প্ৰজালৈকে থাকে। কোনোবা গৰিব প্ৰজা, কোনোবা চহকী। স্বৰ্গতো এনেকুৱা আৰু নৰকতো এনেকুৱা। উচ্চ আৰু নীচ। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি অপাৰ সুখ পাবলৈ পুৰুষাৰ্থ কৰোঁ। এই লক্ষ্মী-নাৰায়ণৰেই আটাইতকৈ অধিক অপাৰ সুখ থাকে নহয়। মুখ্য হৈছে পৱিত্রতাৰ কথা। পৱিত্ৰতা অবিহনে শান্তি আৰু সমৃদ্ধি কেতিয়াও পাব নোৱাৰি। এই ক্ষেত্ৰত চাল-চলন বহুত ভাল হোৱা উচিত। মনুষ্যৰ চলন পৱিত্রতাৰ দ্বাৰা শুধৰণী হয়। পৱিত্ৰ হ’লে তেওঁক দেৱতা বুলি কোৱা হয়। তোমালোক ইয়ালৈ দেৱতা হ'বৰ বাবে আহিছা। দেৱতাসকল সদায় সুখী আছিল। মনুষ্য সদায় সুখী হ’ব নোৱাৰে। সুখ দেৱতাসকলৰেই থাকে। সেই দেৱতাসকলকেই তোমালোকে পূজা কৰা নাছিলা জানো কিয়নো তেওঁলোক পৱিত্ৰ আছিল। সকলো পৱিত্রতাৰ ওপৰত নিৰ্ভৰ কৰে। বিঘ্নও ইয়াতে আহে। এইটো বিচাৰে যে জগতত শান্তি হওঁক। বাবাই কয় - পৱিত্ৰতা অবিহনে শান্তি কেতিয়াও হ'ব নোৱাৰে। প্ৰথম মুখ্য কথাই হৈছে পৱিত্ৰতা। পৱিত্রতাৰ দ্বাৰাই চলন শুধৰণী হয়। পতিত হোৱাৰ লগে লগে চলন আকৌ বেয়া হয়। এনেকৈ বুজিব লাগে যে এতিয়া আমি পুনৰ দেৱতা হ’ব লাগে গতিকে পৱিত্রতা নিশ্চয় লাগে। দেৱতাসকল পৱিত্ৰ সেই বাবেতো অপৱিত্ৰ মনুষ্যই তেওঁলোকৰ আগত গৈ মূৰ দোৱায়। মুখ্য কথা হৈছে পৱিত্ৰতাৰ। মিনতিও এনেকৈ কৰে - হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক। পিতাই কয় - কাম হৈছে মহাশত্রু, ইয়াৰ ওপৰত বিজয়ী হোৱা। ইয়াৰ ওপৰত বিজয়ী হ’লেহে পৱিত্ৰ হ’বাগৈ। তোমালোক যেতিয়া পৱিত্ৰ সতোপ্রধান আছিলা তেতিয়া শান্তি আছিল, সুখো আছিল। তোমালোক সন্তানসকলৰ এতিয়া স্মৃতি উদয় হৈছে, এয়াতো কালিৰ কথা। তোমালোক যেতিয়া পৱিত্ৰ আছিলা তেতিয়া অপাৰ সুখ-শান্তি সকলো আছিল। এতিয়া তোমালোক আকৌ সেই লক্ষ্মী-নাৰায়ণ হ’ব লাগে, এই ক্ষেত্ৰত প্রথম মুখ্য কথা হ’ল সম্পুৰ্ণ নিৰ্বিকাৰী হোৱা। এনেকৈতো গায়নো আছে - এয়া হৈছে জ্ঞান যজ্ঞ, ইয়াত বিঘ্নতো নিশ্চয় আহিব। পৱিত্রতাক লৈয়ে কিমান হায়ৰাণ কৰে। আসুৰি সম্প্রদায় আৰু দৈৱী সম্প্ৰদায় বুলিও গায়ন কৰা হৈছে। তোমালোকৰ বুদ্ধিত আছে যে সত্যযুগত এই দেৱতাসকল আছিল। চেহেৰা মনুষ্যৰ দৰেই কিন্তু তেওঁলোকক দেৱতা বুলি কোৱা হয়। তাত হৈছে সম্পূৰ্ণ সতোপ্ৰধান। তাত কোনো ধৰণৰ খুঁত নাথাকে। সকলো বস্তুৱেই নিখুঁত হয়। পিতা নিখুঁত সেইবাবে সন্তানসকলকো নিখুঁত কৰি তোলে। যোগবলৰ দ্বাৰা তোমালোক কিমান পৱিত্ৰ, সুন্দৰ হৈ যোৱা। এওঁ পথিকজনতো (শিৱবাবা) সদায় বগা (সুন্দৰ), যিয়ে তোমালোকক ক'লাৰ পৰা বগা কৰি তোলে। তাত স্বাভাৱিক সৌন্দৰ্য্য থাকে। সুন্দৰ কৰি তোলাৰ দৰকাৰ নাথাকে। সতোপ্ৰধান অৱস্থাত সুন্দৰেই হয়। তেওঁলোকেই আকৌ তমোপ্ৰধান হোৱাৰ বাবে ক'লা হৈ যায়। নামেই হৈছে শ্যাম আৰু সুন্দৰ। শ্ৰীকৃষ্ণক শ্যাম আৰু সুন্দৰ বুলি কিয় কয়? ইয়াৰ অৰ্থ কেতিয়াও পিতাৰ বাহিৰে আন কোনেও শুনাব নোৱাৰে। ভগৱান পিতাই যি কথা শুনায়, সেয়া আন কোনো মনুষ্যই শুনাব নোৱাৰে। চিত্ৰত স্বদৰ্শন চক্ৰ দেৱতাসকলক দি দিছে।

পিতাই বুজায় - মৰমৰ সন্তানসকল, স্বদৰ্শন চক্ৰৰতো দেৱতাসকলৰ দৰকাৰ নাই। তেওঁলোকে শংখ আদি কি কৰিব। স্বদৰ্শন চক্ৰধাৰী তোমালোক ব্ৰাহ্মণ সন্তানসকল হোৱা। শংখধ্বনিও তোমালোকে কৰিব লাগে। তোমালোকে জানা যে এতিয়া বিশ্বত কেনেকৈ শান্তি স্থাপনা হৈ আছে। লগতে চলনো ভাল হোৱা উচিত। ভক্তিমাৰ্গততো তোমালোকে দেৱতাসকলৰ আগত গৈ নিজৰ চলনৰ বৰ্ণনা কৰা নহয়। কিন্তু দেৱতাসকলে তোমালোকৰ চলন শুধৰণি নকৰে। শুধৰণি কৰোঁতা কোনোবা বেলেগ আছে। সেই শিৱবাবাতো হৈছে নিৰাকাৰ। তেওঁৰ আগত এনেকৈ নকয় যে আপুনি সৰ্বগুণ সম্পন্ন......... শিৱৰ মহিমাই বেলেগ। দেৱতাসকলৰ মহিমা গোৱা হয়। কিন্তু আমি কেনেকৈ এনেকুৱা হ'ম। আত্মাহে পৱিত্ৰ আৰু অপৱিত্ৰ হয়। এতিয়া তোমালোক আত্মাসকল পৱিত্ৰ হৈ আছা। যেতিয়া আত্মা সম্পূৰ্ণ হৈ যাব তেতিয়া এই শৰীৰ পতিত হৈ নাথাকে, পুনৰ গৈ পৱিত্ৰ শৰীৰ ল'বগৈ। ইয়াততো শৰীৰ পৱিত্ৰ হ'ব নোৱাৰে। পৱিত্ৰ শৰীৰ তেতিয়া হ'ব যেতিয়া প্ৰকৃতিও সতোপ্ৰধান হ'ব। নতুন সৃষ্টিত প্ৰতিটো বস্তু সতোপ্ৰধান হয়। এতিয়া 5 তত্ত্ব তমোপ্ৰধান হোৱা বাবে কিমান উপদ্ৰৱ হৈ থাকে। কেনেকৈ মনুষ্যৰ মৃত্যু হৈ থাকে। তীৰ্থ যাত্ৰালৈ যায়, কিবা দুৰ্ঘটনা হ’লে মৰি যায়। জল, ভূমি আদিয়ে কিমান অনিষ্ট সাধন কৰে। এই সকলোবোৰ ত্বত্তই তোমালোকক সহায় কৰে। বিনাশত হঠাৎ বানপানী আহি যায়, ধুমুহা আহে - এইবোৰ হৈছে প্ৰাকৃতিক দুৰ্যোগ। তেওঁলোকে যি বোমা আদি তৈয়াৰ কৰে, সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এইবোৰক ঈশ্বৰীয় দুৰ্যোগ বুলি কোৱা নহয়। সেইবোৰতো মনুষ্যই তৈয়াৰ কৰে। ভূমিকম্প আদি মনুষ্যৰ দ্বাৰা সংঘটিত নহয়। এই দুৰ্যোগবোৰ পৰস্পৰ একত্ৰিত হৈ পৃথিৱীখন পাতল কৰি দিয়ে। তোমালোকে জানা যে কেনেকৈ বাবাই আমাক একদম পাতল কৰি নতুন সৃষ্টিলৈ লগত লৈ যায়। মূৰ পাতল হৈ গ'লে প্ৰাণৱন্ত হৈ নাযায় জানো। তোমালোকক বাবাই একেবাৰে পাতল কৰি দিয়ে। সকলো দুখ দূৰ হৈ যায়। এতিয়া তোমালোক সকলোৰে মূৰ বহুত গধুৰ হৈ আছে, পাছত সকলো পাতল, শান্ত, সুখী হৈ যাবগৈ। যি বিভিন্ন ধৰ্মাৱলম্বী আছে সকলোৱে আনন্দিত হ'ব লাগে, সকলোৰে সৎগতি কৰিবলৈ বাবাৰ আগমন হৈছে। যেতিয়া স্থাপনা পূৰা হৈ যায় তেতিয়া সকলো ধৰ্মৰ বিনাশ হৈ যায়। আগতে তোমালোকৰ বুদ্ধিত এইটো খেয়ালো নাছিল। এতিয়া বুজি পোৱা, গায়নো আছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। বাকী যি অনেক ধৰ্ম আছে সেই সকলো ধৰ্মৰেই বিনাশ। এইটো কৰ্তব্য একমাত্ৰ পিতাইহে কৰে, শিৱবাবাৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। এনেকুৱা অলৌকিক জন্ম আৰু অলৌকিক কৰ্তব্য কাৰোৰে হ'ব নোৱাৰে। পিতা হৈছে উচ্চতকৈও উচ্চ। তেন্তে তেওঁৰ কৰ্তব্যও বহুত উচ্চ। কৰণকৰাৱনহাৰ নহয় জানো। তোমালোকে জ্ঞান শুনোৱা – এই সৃষ্টিৰ পৰা পাপ আত্মাৰ বোজা আঁতৰাবলৈ পিতাৰ আগমন হৈছে। এইটো গায়নো আছে - এক ধৰ্ম প্ৰতিষ্ঠা আৰু অনেক ধৰ্মৰ বিনাশ কৰিবলৈ পিতা আহে। তোমালোকক এতিয়া কিমান উচ্চ মহাত্মা কৰি গঢ়ি আছে। মহাত্মা দেৱতাৰ বাহিৰে আন কোনো নহয়। ইয়াততো বহুতকে মহাত্মা বুলি কৈ থাকে। কিন্তু মহাত্মা বুলি মহান আত্মাক কোৱা হয়। ৰামৰাজ্য বুলি স্বৰ্গকে কোৱা হয়। তাত ৰাৱণৰাজ্যই নাথাকে, গতিকে বিকাৰৰ প্ৰশ্নই উদয় হ’ব নোৱাৰে, সেয়েহে তাক কোৱা হয় সম্পূৰ্ণ নিৰ্বিকাৰী। যিমানেই সম্পূৰ্ণ হ’বা সিমানেই অধিক সময় সুখ পাবা। অপূৰ্ণসকলেতো ইমান সুখ পাব নোৱাৰে। স্কুলতো কোনোবা সম্পূৰ্ণ কোনোবা অপূৰ্ণ থাকে। পাৰ্থক্য দেখা পোৱা যায়। ডাক্তৰ মানে হৈছে ডাক্তৰ। কিন্তু কিছুমানৰ উপাৰ্জন বহুত কম কিছুমানৰ বহুত বেছি। ঠিক তেনেকৈ দেৱতাতো দেৱতায়ে হয় কিন্তু পদমৰ্যাদাৰ কিমান পাৰ্থক্য হৈ যায়। পিতা আহি তোমালোকক উচ্চ পাঠ পঢ়ায়। শ্ৰীকৃষ্ণক কেতিয়াও ভগৱান বুলি ক'ব নোৱাৰে। শ্ৰীকৃষ্ণকে শ্যাম-সুন্দৰ বুলি কোৱা হয়। ক'লা বৰণীয়া শ্ৰীকৃষ্ণকো দেখুৱায়। শ্ৰীকৃষ্ণ জানো ক'লা হয়। নাম ৰূপতো সলনি হৈ যায়। যেতিয়া আত্মা ক'লা হৈ যায় তেতিয়া নাম, ৰূপ, দেশ, কাল সলনি হৈ যায়। এতিয়া তোমালোকক বুজোৱা হয়, তোমালোকে বুজি পোৱা যে আমি কেনেকৈ আৰম্ভণিৰ পৰা ভূমিকা পালন কৰি আহিছোঁ। প্ৰথমতে দেৱতা আছিল, পাছত দেৱতাৰ পৰা অসুৰ হ'ল। পিতাই 84 জন্মৰ ৰহস্যও বুজাইছে, যিটো আন কোনেও নাজানে। পিতাহে আহি সকলো ৰহস্য বুজায়। পিতাই কয় - মোৰ মৰমৰ সন্তানসকল, তোমালোক মোৰ সৈতে ঘৰত (পৰমধাম) নাছিলা জানো। তোমালোক ভাই ভাই আছিলা। সকলো আত্মা আছিল, শৰীৰ নাছিল। পিতা আছিল আৰু তোমালোক ভাই-ভাইসকল আছিলা। অন্য কোনো সম্বন্ধ নাছিল। পিতাতো পুনৰ্জন্মত নাহে। তেওঁতো ড্ৰামা অনুসৰি আচুতীয়া হৈ থাকে। তেওঁৰ ভূমিকাই তেনেকুৱা। তোমালোকে কিমান সময় ধৰি আহ্বান জনালা, সেয়াও পিতাই শুনাইছে। এনেকুৱা নহয় যে দ্বাপৰৰ পৰা তোমালোকে পিতাক আহ্বান জনাবলৈ আৰম্ভ কৰিছা। নহয়, বহুত সময়ৰ পাছত তোমালোকে মাতিবলৈ আৰম্ভ কৰিছা। তোমালোককতো পিতাই সুখী কৰি তোলে অৰ্থাৎ সুখৰ উত্তৰাধিকাৰ পিতাই দি আছে। তোমালোকেও কোৱা যে আমি আপোনাৰ ওচৰলৈ কল্পই কল্পই অনেক বাৰ আহিছোঁ। এই চক্ৰ চলিয়েই থাকে। বাবা আপোনাৰ সৈতে প্ৰত্যেক 5 হাজাৰ বছৰ পাছত মিলিত হওঁ আৰু এই উত্তৰাধিকাৰ লাভ কৰোঁ। যিমান দেহধাৰী আছে সকলো বিদাৰ্থী, পঢ়াওঁতাজন হৈছে বিদেহী। এইটো (ব্ৰহ্মাৰ শৰীৰ) তেওঁৰ শৰীৰ নহয়। নিজে বিদেহী, ইয়ালৈ আহি শৰীৰ ধাৰণ কৰে। শৰীৰ অবিহনে সন্তানসকলক পঢ়াব কেনেকৈ! সকলো আত্মাৰ তেওঁ হৈছে পিতা। ভক্তিমাৰ্গত সকলোৱে তেওঁক আহ্বান জনায়, যথাযথ ৰুদ্ৰ মালা জপে। ওপৰত আছে ফুল আৰু যুগল মেৰু। সেয়াতো (মণিবোৰ) একেধৰণৰে হয়। ফুলক কিয় নমস্কাৰ জনায়, এয়াও এতিয়া তোমালোকে গম পাইছা যে মালা কাৰ জপ কৰা হয়। দেৱতাসকলৰ মালা জপে নে তোমালোকৰ জপে? মালা দেৱতাসকলৰ নে তোমালোকৰ? দেৱতাৰ বুলি কোৱা নহ’ব। এয়া ব্ৰাহ্মণেই যাক পিতাই বহি পঢ়ায়। ব্ৰাহ্মণৰ পৰা আকৌ তোমালোক দেৱতা হৈ যোৱা। এতিয়া পঢ়া আৰু তালৈ গৈ দেৱতা পদ লাভ কৰা। তোমালোকে পিতাৰ দ্বাৰা পঢ়ি, পৰিশ্ৰম কৰি আকৌ দেৱতা হৈ যোৱাগৈ সেয়েহে মালা তোমালোক ব্ৰাহ্মণসকলৰ। মহিমা পঢ়াওঁতাজনৰ। পিতাই সন্তানসকলৰ কিমান সেৱা কৰিছে। তাততো কোনেও পিতাক স্মৰণেই নকৰে। ভক্তিমাৰ্গত তোমালোকে মালা জপিছিলা। এতিয়া সেই ফুল আহি তোমালোককো ফুল কৰি তোলে অৰ্থাৎ নিজৰ মালাৰ মণি কৰি তোলে। তোমালোকতো ফুল হৈ যোৱা। আত্মাৰ জ্ঞানো এতিয়া তোমালোকে পাইছা। গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান তোমালোকৰ বুদ্ধিত আছে। তোমালোকৰেই মহিমা হয়। তোমালোক ব্ৰাহ্মণসকলে আনকো নিজৰ সমান ব্ৰাহ্মণ কৰি তুলি আকৌ স্বৰ্গবাসী দেৱী-দেৱতা কৰি তোলা। দেৱতাসকল স্বৰ্গত থাকে। তোমালোক যেতিয়া দেৱতা হৈ যোৱা তাত তোমালোকৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ জ্ঞান নাথাকিব।

এতিয়া তোমালোক ব্ৰাহ্মণ সন্তানসকলেই অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ জ্ঞান লাভ কৰা, অন্য কোনেও জ্ঞান লাভ নকৰে। তোমালোক বহুত ভাগ্যশালী। কিন্তু মায়াই আকৌ পাহৰাই দিয়ে। তোমালোকক এই বাবাই (ব্ৰহ্মাই) নপঢ়ায়। এওঁতো মনুষ্য, এৱোঁ পঢ়ি আছে। এওঁতো সকলোতকৈ শেষত আছিল। তেৱেঁই এক নম্বৰ পতিত আকৌ তেৱেঁই এক নম্বৰ পৱিত্ৰ হয়। কিমান সুখী হয়। লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। পিতাই তোমালোকক কিমান উচ্চ কৰি তোলে। আয়ুস্মান ভৱ, পুত্ৰৱান ভৱ...... এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পিতাই কয় - যদি মই আশীৰ্বাদ দিওঁ, তেতিয়াতো সকলোকে দি থাকিম। মইতো তোমালোক সন্তানসকলক পঢ়াবলৈ আহিছোঁ। পঢ়াৰ দ্বাৰাহে তোমালোকে সকলো আশীৰ্বাদ পাই যোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতা যেনেকৈ নিখুঁত তেনেকৈ নিজকো নিখুঁত কৰি তুলিব লাগে। পৱিত্ৰতা ধাৰণ কৰি নিজৰ চলন শুধৰাব লাগে, প্ৰকৃত সুখ-শান্তিৰ অনুভৱ কৰিব লাগে।

(2) সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান বুদ্ধিত ৰাখি ব্ৰাহ্মণ তথা দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে। নিজৰ উচ্চ ভাগ্যক কেতিয়াও পাহৰিব নালাগে।

বৰদান:
ধাৰণা স্বৰূপৰ দ্বাৰা সেৱা কৰি আনন্দৰ প্ৰত্যক্ষফল প্ৰাপ্ত কৰোঁতা সঁচা সেৱাধাৰী হোৱা

সেৱাৰ উৎসাহ ৰখাটো বহুত ভাল কিন্তু যদি পৰিস্থিতি অনুসৰি সেৱাৰ সুযোগ তোমালোকে নোপোৱা তেতিয়া নিজৰ অৱস্থা অৱনমিত বা অস্থিৰতাত যাতে আহি নাযায়। যদি জ্ঞান শুনোৱাৰ সুযোগ নোপোৱা কিন্তু তোমালোকে নিজৰ ধাৰণা স্বৰূপৰ প্ৰভাৱ পেলোৱা তেতিয়া সেৱাৰ নম্বৰ জমা হৈ যায়। ধাৰণা স্বৰূপ সন্তানহে সঁচা সেৱাধাৰী। তেওঁলোকে সকলোৰে আশীৰ্বাদ আৰু সেৱাৰ প্ৰতিদানত প্ৰত্যক্ষফল আনন্দৰ অনুভূতি কৰা।

স্লোগান:
সঁচা অন্তৰেৰে দাতা, বিধাতা, বৰদাতাক ৰাজী কৰি লোৱা তেতিয়া আত্মিক আনন্দ-উল্লাসত থাকিবা।


পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

নিজৰ যিবোৰ সংস্কাৰ বাপদাদাৰ সমান নহয় সেয়া একেবাৰে স্পৰ্শ নকৰিবা। দেহ আৰু দেহৰ সম্বন্ধ - এই ছিৰিতো বগালা এতিয়া বুদ্ধিতো যাতে পুৰণা সংস্কাৰ জাগ্ৰত নহয় কিয়নো যেনেকুৱা সংস্কাৰ হ’ব তেনেকুৱাই স্বৰূপ হ’ব। গতিকে যেনেকুৱা বাপদাদাৰ গুণ তেনেকুৱাই হুবহু সেয়াই গুণ, সেয়াই কৰ্তব্য, সেয়াই বাণী, সেয়াই সংকল্প হোৱা উচিত তেতিয়া সকলোৰে মুখেৰে উচ্চাৰিত হ’ব যে এওঁলোকতো তেওঁৰ নিচিনাই।