16.10.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – একান্তত বহি এতিয়া এনেকুৱা অভ্যাস কৰা, যাতে অনুভৱ হয় যে মই শৰীৰৰ পৰা পৃথক আত্মা, ইয়াকে জীৱন্তে মৰি যোৱা বুলি কোৱা হয়”

প্ৰশ্ন:
একান্তৰ অৰ্থ কি? একান্তত বহি তোমালোকে কোনটো অনুভৱ কৰিব লাগে?

উত্তৰ:
একান্তৰ অৰ্থ হৈছে এজনৰ স্মৃতিত এই শৰীৰ অন্ত হওঁক অৰ্থাৎ একান্তত বহি এনেকুৱা অনুভৱ কৰা যে মই আত্মা এই শৰীৰৰ (চামৰা) এৰি পিতাৰ ওচৰলৈ যাওঁ। একোৱেই যাতে স্মৃতিলৈ নাহে। বহি বহি অশৰীৰী হৈ যোৱা। যেন মই এই শৰীৰৰ পৰা মৰি গলোঁ। বচ্ মই আত্মা, শিৱবাবাৰ সন্তান, এইটো অভ্যাসেৰে দেহৰ বোধ নাইকিয়া হৈ যাব।

ওঁম্শান্তি।
সন্তানসকলক পিতাই পোন-প্ৰথমে বুজায় যে মৰমৰ সন্তানসকল যেতিয়া ইয়াত বহা তেতিয়া নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকিবা আৰু কোনোফালে বুদ্ধি যাব নালাগে। এইটো তোমালোক সন্তানসকলে জানা আমি আত্মা। আমি আত্মাই এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰোঁ। আত্মা অবিনাশী, শৰীৰ বিনাশী। গতিকে তোমালোক সন্তানসকল দেহী-অভিমানী হৈ পিতাৰ স্মৃতিত থাকিব লাগে। মই আত্মা এই কৰ্মেন্দ্ৰিয়সমূহ কামত খটুৱাবও পাৰোঁ নখটুৱাবও পাৰোঁ। নিজক শৰীৰৰ পৰা পৃথক বুলি বুজিব লাগে। পিতাই কয় - নিজক আত্মা বুলি বুজা। দেহক পাহৰি যোৱা। মই আত্মা স্বতন্ত্ৰ। মই এজন পিতাৰ বাহিৰে অন্য কাকো স্মৰণ কৰিব নালাগে। জীৱন্তে মৃত অৱস্থাত থাকিব লাগে। মোৰ অৰ্থাৎ আত্মাৰ যোগসূত্ৰ এতিয়া পিতাৰ সৈতে থাকিব লাগে। বাকীতো জগতৰ পৰা, ঘৰৰ পৰা মৰি গ’লোঁ। এনেকৈ কয় নকয় যে তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গ’ল। এতিয়া জীৱন্তে তোমালোক মৰিব লাগে। আমি আত্মা শিৱবাবাৰ সন্তান। শৰীৰৰ বোধ নাইকিয়া কৰি গৈ থাকিব লাগে। পিতাই কয় নিজক আত্মা বুলি বুজা আৰু মোক স্মৰণ কৰা। শৰীৰৰ বোধ এৰা। এইটো পুৰণা শৰীৰ নহয় জানো। পুৰণা বস্তু এৰি দিয়ে নহয়। নিজক অশৰীৰী বুলি বুজা। এতিয়া তোমালোকে পিতাক স্মৰণ কৰি কৰি পিতাৰ ওচৰলৈ যাব লাগে। এনেকৈ কৰোঁতে কৰোঁতে তোমালোকৰ অভ্যাস হৈ যাব। এতিয়াতো তোমালোক ঘৰলৈ যাব লাগে। তেন্তে আকৌ এই পুৰণি জগতখনক কিয় স্মৃতিলৈ আনিব লাগে। একান্তত বহি এনেকৈ নিজৰ সৈতে যত্ন কৰিব লাগে। ভক্তিমাৰ্গতো কোঠালীৰ ভিতৰত বহি মালা জপে, পূজা কৰে। তোমালোকেও একান্তত বহি এনেকৈ চেষ্টা কৰা তেতিয়া অভ্যাস হৈ যাব। তোমালোকে মুখেৰেতো একো ক’ব নালাগে। ইয়াত হৈছে বুদ্ধিৰ কথা। শিৱবাবাতো হৈছে শিকাওঁতা। তেওঁতো পুৰুষাৰ্থ কৰিব নালাগে। এই বাবাই (ব্ৰহ্মা বাবাই) পুৰুষাৰ্থ কৰে, এওঁ আকৌ তোমালোক সন্তানসকলকো বুজায়। যিমান সম্ভৱ হয় এনেকৈ বহি বিচাৰ কৰা। এতিয়া আমি নিজৰ ঘৰলৈ যাব লাগে। এই শৰীৰতো ইয়াতে এৰিব লাগিব। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ’ব আৰু আয়ুসো বাঢ়িব। ভিতৰি এইটো চিন্তন চলিব লাগে। বাহিৰত একো ক’ব নালাগে। ভক্তিমাৰ্গতো ব্ৰহ্ম তত্ত্বক বা কোনোৱে শিৱকো স্মৰণ কৰে। কিন্তু সেয়া যথাৰ্থ স্মৃতি নহয়। পিতাৰ পৰিচয়েই নাই তেন্তে কেনেকৈ স্মৰণ কৰিব। তোমালোকে এতিয়া পিতাৰ পৰিচয় পাইছা। ৰাতিপুৱা উঠি একান্তত এনেকৈ নিজৰ সৈতে কথা পাতি থাকা। বিচাৰ সাগৰ মন্থন কৰা, পিতাক স্মৰণ কৰা। বাবা মই এতিয়া আপোনাৰ আচল কোলাত যাম। সেইখন হৈছে আত্মিক কোলা। গতিকে এনেকৈ নিজৰ লগত কথা পাতিব লাগে। বাবাৰ আগমন হৈছে। বাবাই কল্পই কল্পই আহি আমাক ৰাজযোগ শিকায়। পিতাই কয় - মোক স্মৰণ কৰা আৰু চক্ৰক স্মৰণ কৰা। স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে। বাবাৰেই চক্ৰৰ গোটেই জ্ঞান আছে নহয়। তেওঁ আকৌ তোমালোকক দিয়ে। তোমালোকক ত্ৰিকালদৰ্শী কৰি আছে। তিনিও কালক অৰ্থাৎ আদি-মধ্য অন্তক তোমালোকে জানা। পিতাও হৈছে পৰম আত্মা। তেওঁৰ শৰীৰতো নাই। এতিয়া এই শৰীৰত বহি তোমালোকক বুজায়। এয়া আচৰিত কথা। ভাগীৰথত বিৰাজমান হয় তেন্তে নিশ্চয় অন্য আত্মা আছে। বহুত জন্মৰ অন্তিম জন্ম হৈছে এওঁৰ। এক নম্বৰ পাৱন তেৱেঁই আকৌ এক নম্বৰ পতিত হয়। তেওঁ নিজক ভগৱান বিষ্ণু আদি বুলিতো নকয়। ইয়াত এটিও পাৱন আত্মা নাই, সকলো পতিতই হয়। গতিকে বাবাই সন্তানসকলক বুজায়, এনেকৈ বিচাৰ সাগৰ মন্থন কৰা তেতিয়া তাৰ দ্বাৰা তোমালোক আনন্দিত হৈও থাকিবা, এই ক্ষেত্ৰত একান্ত অৱস্থাও নিশ্চয় লাগে। এজনৰ স্মৃতিত যাতে শৰীৰ অন্ত হয়, ইয়াকে একান্ত বুলি কোৱা হয়। এই চামৰা আঁতৰি যাব। সন্ন্যাসীয়েও ব্ৰহ্মৰ স্মৃতিত বা তত্ত্বৰ স্মৃতিত থাকে, সেই স্মৃতিত থাকোঁতে থাকোঁতে শৰীৰৰ বোধ নোহোৱা হৈ যায়। বচ্‌ মই ব্ৰহ্মত লীন হৈ যাব লাগে। এনেকৈ বহি যায়। তপস্যাত বহি বহি শৰীৰ ত্যাগ কৰে। ভক্তিততো মনুষ্যই বহুত ঠেলা-গঁতা খায়, ইয়াত ঠেলা-গঁতা খোৱাৰ কোনো কথা নাই। স্মৃতিতে থাকিব লাগে। অন্তিমত যাতে কোনো স্মৃতিলৈ নাহে। গৃহস্থালিততো থাকিবই লাগে। বাকী সময় উলিয়াব লাগে। বিদ্যাৰ্থীৰ পঢ়াৰ প্ৰতি ধাউতি থাকে নহয়। এয়া হৈছে পঢ়া, নিজক আত্মা বুলি নুবুজিলে পিতা-শিক্ষক-গুৰু সকলোকে পাহৰি যায়। একান্তত বহি এনেকুৱা বিচাৰ কৰা। গৃহস্থালিততো বাতাৱৰণ ভাল হৈ নাথাকে। যদি বেলেগ ব্যৱস্থা আছে তেন্তে এটা কোঠালীত একান্তত বহি যোৱা। মাতাসকলেতো দিনতো সময় পায়। ল’ৰা-ছোৱালী আদি স্কুললৈ গুচি যায়। যিমান সময় পোৱা এইটোৱে চেষ্টা কৰি থাকা। তোমালোকৰতো এখনেই ঘৰ পিতাৰতো কিমান অনেক দোকান আছে আৰুহে বৃদ্ধি হৈ গৈ থাকিব। মনুষ্যৰতো পেছাগত কাম-কাজ আদিৰ চিন্তা চলি থাকে গতিকে নিদ্ৰাও নাইকিয়া হৈ যায়। এয়া বেপাৰো হয় নহয়। কিমান ডাঙৰ বেপাৰী। কিমান ডাঙৰ লেন-দেন কৰে। পুৰণি শৰীৰ আদি লৈ নতুন দিয়ে, সকলোকে ৰাস্তা দেখুৱায়। এইটোও বেপাৰ তেওঁ কৰিবলগীয়া হয়। এইটোতো বহুত ডাঙৰ বেপাৰ। বেপাৰীৰ বেপাৰৰহে খেয়াল থাকে। বাবাই এনেকৈ অভ্যাস কৰে আকৌ কয় - এনেকৈ কৰা। যিমানে তোমালোক পিতাৰ স্মৃতিত থাকিবা তেতিয়া আপোনাআপুনি নিদ্ৰা নোহোৱা হৈ যাব। উপাৰ্জন হ’লে আত্মা বহুত আনন্দিত হ’ব। উপাৰ্জনৰ কাৰণে মনুষ্য ৰাতিও জাগি থাকে। ছিজনত গোটেই ৰাতিও দোকান খোলা থাকে। তোমালোকৰ উপাৰ্জন ৰাতি আৰু ৰাতিপুৱা বহুত ভাল হ’ব। স্বদৰ্শন চক্ৰধাৰী হ’বা, ত্ৰিকালদৰ্শী হ’বা। 21 জন্মৰ কাৰণে ধন একত্ৰিত কৰে। মনুষ্যই চহকী হ’বলৈ পুৰুষাৰ্থ কৰে। তোমালোকেও পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব, শক্তি পাবা। স্মৃতিৰ যাত্ৰাত নাথাকিলে বহুত লোকচান হৈ যাব কিয়নো শিৰত পাপৰ বোজা বহুত আছে। এতিয়া জমা কৰিব লাগে, এজনক স্মৰণ কৰিব লাগে আৰু ত্ৰিকালদৰ্শী হ’ব লাগে। এই অবিনাশী ধন আধাকল্পৰ কাৰণে একত্ৰিত কৰিব লাগে। এয়াতো বহুত মূল্যৱান। বিচাৰ সাগৰ মন্থন কৰি ৰত্ন উলিয়াব লাগে। বাবাই যেনেকৈ নিজে কৰে সন্তানসকলকো যুক্তি শুনায়। এনেকৈ কয় বাবা মায়াৰ ধুমুহা বহুত আহে।

বাবাই কয় - যিমান সম্ভৱ নিজৰ উপাৰ্জন কৰিব লাগে, এয়াই কামত আহিব। একান্তত বহি পিতাক স্মৰণ কৰিব লাগে। আজৰি থাকিলে মন্দিৰ আদিতো বহুত সেৱা কৰিব পাৰা। বেজ নিশ্চয় লগাই ৰাখিব লাগে। সকলোৱে বুজি পাব এওঁলোক আত্মিক সেনা। তোমালোকে লিখাও - আমি স্বৰ্গ স্থাপনা কৰি আছোঁ। আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, এতিয়া নাই যিটো আকৌ স্থাপনা কৰে। এই লক্ষ্মী-নাৰায়ণ লক্ষ্য-উদ্দেশ্য হয় নহয়। কোনোবা সময়ত এই আলোক সন্মিলিত (ট্ৰান্সলাইটৰ) চিত্ৰ বেটাৰি সহিত উঠাই পৰিক্ৰমা লগাবা আৰু সকলোকে ক’বা এই ৰাজ্য আমি স্থাপনা কৰি আছোঁ। এই চিত্ৰখন (লক্ষ্মী-নাৰায়ণৰ) সকলোতকৈ উত্তম। এইখন চিত্ৰ বহুত প্ৰসিদ্ধ হৈ যাব। লক্ষ্মী-নাৰায়ণ কেৱল এযোৰাইতো নাছিল, তেওঁলোকৰ ৰাজধানী আছিল নহয়। এই স্বৰাজ্য স্থাপনা কৰি আছে। এতিয়া পিতাই কয় – ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব। এনেকৈ কয় আমি ‘গীতা’ৰ সপ্তাহ পালন কৰিম। এই সকলোবোৰ পৰিকল্পনা কল্প পূৰ্বৰ দৰে হৈ আছে। পৰিক্ৰমাত এইখন চিত্ৰ ল’ব লাগে। এওঁলোকক দেখি সকলো আনন্দিত হ’ব। তোমালোকে ক’বা পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰক, ‘মনমনাভৱ’। এয়া ‘গীতা’ৰ শব্দ নহয় জানো। ভগৱান হৈছে শিৱবাবা, তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। 84ৰ চক্ৰক স্মৰণ কৰিলে এনেকুৱা (লক্ষ্মী-নাৰায়ণৰ দৰে) হৈ যাবা। সাহিত্যও তোমালোকে উপহাৰ দি থাকা। শিৱবাবাৰ ভঁৰালতো সদায় ভৰপূৰ। আগলৈ গৈ বহুত সেৱা হ’ব। লক্ষ্য-উদ্দেশ্য কিমান স্পষ্ট। এখনেই ৰাজ্য, এটাই ধৰ্ম, বহুত চহকী আছিল। মনুষ্যই বিচাৰে এখনেই ৰাজ্য, এটাই ধৰ্ম হওঁক। মনুষ্যই যি বিচাৰে এতিয়া তাৰ লক্ষণবোৰ দেখা পোৱা গৈছে তেতিয়া বুজিব এওঁলোকেতো ঠিকেই কয়। 100 শতাংশ পৱিত্ৰতা, সুখ-শান্তিৰ ৰাজ্য পুনৰাই স্থাপনা কৰি আছে তেতিয়া তোমালোক আনন্দিত হৈও থাকিবা। স্মৃতিত থাকিলে কাঁড়ে লক্ষ্য ভেদ কৰিব (শুনোৱা জ্ঞানে প্ৰভাৱ পেলাব)। শান্তিত থাকি কেইটিমান শব্দই ক’ব লাগে। বেছি আৱাজ কৰিব নালাগে। গীত, কবিতা আদি একোৱেই বাবাই পচন্দ নকৰে। বাহিৰৰ লোকসকলৰ সৈতে তুলনা কৰিব নালাগে। তোমালোকৰ কথাই বেলেগ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে, বচ্‌। শ্লোগানো ভাল হ’ব লাগে যাতে মনুষ্যই পঢ়ি জাগ্ৰত হৈ যায়। সন্তান বৃদ্ধি হৈ গৈ থাকে। সম্পদতো ভৰপূৰ হৈ থাকে। সন্তানসকলে দিয়া সেয়া আকৌ সন্তানসকলৰ কামতেই আহে। পিতাইতো টকা-পইচা লৈ নাহে। তোমালোকৰ বস্তু তোমালোকৰে কামত আহে। ভাৰতবাসীয়ে জানে আমি বহুত শুধৰণি কৰি আছোঁ। 5 বছৰৰ ভিতৰত ইমান খাদ্য শস্য হ’ব যে খাদ্য শস্যৰ কাৰণে কেতিয়াও কষ্ট নহ’ব আৰু তোমালোকে জানা – এনেকুৱা অৱস্থা হ’ব যে খাবলৈ অন্ন নাপাব। এনেকুৱা নহয় যে খাদ্য শস্য বহুত সুলভ মূল্যৰ হ’ব।

তোমালোক সন্তানসকলে জানা যে আমি 21 জন্মৰ কাৰণে নিজৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰি আছোঁ। এই কম বেছি কষ্টতো সহ্য কৰিবই লাগিব। কোৱা হয় যে আনন্দৰ নিচিনা খোৰাক নাই। অতীন্দ্ৰিয় সুখ গোপ-গোপীসকলৰ বুলি গায়ন আছে। অনেক সন্তান হৈ যাব। যিসকল ইয়াৰ পুলি হ’ব সেইসকল আহি যাব। বৃক্ষ ইয়াতে বাঢ়িব নহয়। স্থাপনা হৈ আছে। অন্য ধৰ্মত এনেকুৱা নহয়। তেওঁলোকতো ওপৰৰ পৰা আহে। তেওঁলোকৰ কাৰণেতো এয়া যেন বৃক্ষ স্থাপনা হৈয়ে আছে, ইয়াত আকৌ ক্ৰম অনুসৰি আহি যাব, বৃদ্ধি হৈ গৈ থাকিব। কষ্ট একো নাই। তেওঁলোকেতো ওপৰৰ পৰা আহি ভূমিকা পালন কৰিবই লাগে, ইয়াত মহিমাৰ কি কথা আছে। ধৰ্ম প্ৰতিষ্ঠাপসকলৰ পিছে পিছে আহি থাকে। তেওঁলোকে সৎগতিৰ কি শিক্ষা দিব? একোৱে নিদিয়ে। ইয়াততো পিতাই ভৱিষ্যত দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। সংগমযুগত নতুন পুলি ৰোপণ কৰে নহয়। প্ৰথমে গছপুলি পাত্ৰত লগাই আকৌ মাটিত ৰোপণ কৰি দিয়ে। বাঢ়ি গৈ থাকে। তোমালোকেও এতিয়া গছপুলি ৰোপণ কৰি আছা আকৌ সত্যযুগত বৃদ্ধি হৈ ৰাজ্য-ভাগ্য পাবা। তোমালোকে নতুন সৃষ্টি স্থাপনা কৰি আছা। মনুষ্যই ভাবে - এতিয়াও কলিযুগৰ বহুত বছৰ বাকী আছে, কিয়নো শাস্ত্ৰত লাখ লাখ বছৰ বুলি লিখি দিছে। এনেকৈ ভাবে যে কলিযুগৰ এতিয়া 40 হাজাৰ বছৰ বাকী আছে। আকৌ পিতা আহি নতুন সৃষ্টি ৰচিব। বহুতে ভাবে এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। ‘গীতা’ৰ ভগৱানো নিশ্চয় থাকিব। তোমালোকে কোৱা শ্ৰীকৃষ্ণতো নাছিল। পিতাই বুজাইছে - শ্ৰীকৃষ্ণইতো 84 জন্ম লয়। এটা চেহেৰা আনটোৰ লগত নিমিলে। গতিকে ইয়াত শ্ৰীকৃষ্ণ কেনেকৈ আহিব। কোনেও এই কথাবোৰৰ ওপৰত বিচাৰ নকৰে। তোমালোকে বুজি পোৱা শ্ৰীকৃষ্ণ স্বৰ্গৰ ৰাজকুমাৰ তেওঁ আকৌ দ্বাপৰত ক’ৰ পৰা আহিব। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ দেখিলেই বুজি পোৱা যায় - শিৱবাবাই এই উত্তৰাধিকাৰ দি আছে। সত্যযুগ স্থাপনা কৰোঁতা পিতাই হয়। এই গোলক (সৃষ্টি চক্ৰ), বৃক্ষ (কল্প বৃক্ষ) আদিৰ চিত্ৰবোৰ কম জানো। এদিন তোমালোকৰ এই সকলোবোৰ চিত্ৰ আলোক সন্মিলিত (ট্ৰান্সলাইটৰ) হৈ যাব। তেতিয়া সকলোৱে ক’ব - আমাক এনেকুৱা চিত্ৰই লাগে। এই চিত্ৰবোৰৰ দ্বাৰা তেতিয়া বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰ) সেৱা হৈ যাব। তোমালোকৰ ওচৰলৈ ইমানবোৰ সন্তান আহিব যে আজৰিয়ে নাথাকিব। অনেক আহিব। বহুত আনন্দিত হ’বা। দিনে-প্ৰতিদিনে তোমালোকৰ শক্তি বাঢ়ি গৈ থাকিব। ড্ৰামা অনুসৰি যিসকল ফুল হ’বলগীয়া আছে তেওঁলোক প্ৰেৰিত হ’ব। তোমালোক সন্তানসকলে এনেকৈ ক’বলগীয়া নহ’ব যে বাবা এওঁলোকৰ বুদ্ধি প্ৰেৰিত কৰক। বাবাই জানো প্ৰেৰিত কৰে। সময়ত আপোনাআপুনি প্ৰেৰিত হ’ব। পিতাইতো ৰাস্তাহে দেখুৱাই দিব। বহুত কন্যাই লিখে - মোৰ স্বামীৰ বুদ্ধি প্ৰেৰিত কৰক। এনেকৈ সকলোৰে বুদ্ধি প্ৰেৰিত কৰিলে তেনেহ’লেতো আকৌ স্বৰ্গত সকলো আহি একত্ৰিত হৈ যাব। পঢ়াৰে পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোক ঈশ্বৰৰ সহায়কাৰী হোৱা নহয়। সঁচা কথাবোৰ পিতাই আগতেই কৈ দিয়ে - কি কি কৰিব লাগে। এনেকৈ চিত্ৰ লৈ যাব লাগে। ছিৰিৰ চিত্ৰও লৈ যাব লাগে। ড্ৰামা অনুসৰি স্থাপনাতো হ’বই। পিতাই সেৱাৰ কাৰণে যি নিৰ্দেশনা দিয়ে, তাৰ প্ৰতি ধ্যান দিব লাগে। পিতাই কয় - বেজ ভিন্ন ভিন্ন ধৰণৰ লাখ লাখ বনোৱা। ৰেলগাড়ীৰ টিকট লৈ 100 মাইললৈকে সেৱা কৰি আহা। এটা ডবাৰ পৰা দ্বিতীয় ডবাত গৈ আকৌ তৃতীয় ডবাত সেৱা কৰা বহুত সহজ। সন্তানসকলৰ সেৱা প্ৰতি ধাউতি থাকিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিচাৰ সাগৰ মন্থন কৰি ভাল ভাল ৰত্ন উলিয়াব লাগে, উপাৰ্জন জমা কৰিব লাগে। ভগৱানৰ সঁচা সহায়কাৰী হৈ সেৱা কৰিব লাগে।

(2) পঢ়াৰ প্ৰতি বহুত আগ্ৰহ ৰাখিব লাগে। যেতিয়াই সময় পোৱা একান্তত গুচি যাব লাগে। এনেকুৱা অভ্যাস হ’ব লাগে যে জীৱন্তে এই শৰীৰৰ পৰা মৰি গৈছোঁ, এইটো অৱস্থাৰ অনুভৱ হৈ থাকিব লাগে। দেহৰ বোধ পাহৰি যাব লাগে।

বৰদান:
নিজৰ মূল সংস্কাৰ পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তন কৰোঁতা দৃষ্টান্ত স্বৰূপ হোৱা

প্ৰত্যেকৰে যি নিজা মূল সংস্কাৰ আছে, যিটোক স্বভাৱ বুলি কোৱা, যিয়ে সময়ে সময়ে আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰে, সেই মূল সংস্কাৰ পৰৱৰ্তন কৰোঁতা দৃষ্টান্ত স্বৰূপ হোৱা তেতিয়া সম্পূৰ্ণ বিশ্বৰ পৰিৱৰ্তন হ’ব। এতিয়া এনেকুৱা পৰিৱৰ্তন কৰা যাতে কোনেও এনেকৈ বৰ্ণনা নকৰে যে এওঁৰ এইটো সংস্কাৰতো আৰম্ভণিৰে পৰা আছে। যেতিয়া শতাংশত, অংশ মাত্ৰও পুৰণা কোনো সংস্কাৰ দৃষ্টিগোচৰ নহ’ব, বৰ্ণনা নকৰিব তেতিয়া সম্পূৰ্ণ পৰিৱৰ্তনৰ দৃষ্টান্ত স্বৰূপ বুলি কোৱা হ’ব।

স্লোগান:
এতিয়া প্ৰযত্ন কৰাৰ সময় পাৰ হৈ গ’ল, সেই কাৰণে অন্তৰেৰে প্ৰতিজ্ঞা কৰি জীৱনৰ পৰিৱৰ্তন কৰা।


অব্যক্ত সংকেত: নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা

যেনেকৈ বিজ্ঞান প্ৰয়োগত আহে সেয়েহে ভাবে যে বিজ্ঞানে ভাল কাম কৰে, তেনেকৈ শান্তিৰ শক্তি প্ৰয়োগ কৰা, ইয়াৰ বাবে একাগ্ৰতাৰ অভ্যাস বঢ়োৱা। একাগ্ৰতাৰ মূল আধাৰ হৈছে - মনৰ নিয়ন্ত্ৰণ শক্তি, যাৰ দ্বাৰা মনোবল বাঢ়ে, ইয়াৰ বাবে একান্তবাসী হোৱা।