16.11.25    Avyakt Bapdada     Assame Murli     15.12.2007     Om Shanti     Madhuban


“*“সময়ৰ মহত্বক জানি, কৰ্মৰ গূঢ় গতিৰ প্ৰতি ধ্যান দিয়া, নষ্টোমোহা, সদাপ্ৰস্তুত হোৱা”*”


আজি সৰ্ব সম্পদৰ দাতা, জ্ঞানৰ সম্পদ, শক্তিৰ সম্পদ, সৰ্ব গুণৰ সম্পদ, শ্ৰেষ্ঠ সংকল্পৰ সম্পদ দিওঁতা বাপদাদাই নিজৰ চাৰিওফালৰ সম্পদৰ বালক তথা মালিক অধিকাৰী সন্তানসকলক চাই আছেহঁক। অখণ্ড সম্পদৰ মালিক পিতাই সকলো সন্তানক সৰ্ব সম্পদেৰে সম্পন্ন কৰি আছে। প্ৰত্যেককে সৰ্ব সম্পদ দিয়ে, কাৰোবাক কম, কাৰোবাক অধিক নিদিয়ে কিয়নো অখণ্ড সম্পদ আছে। চাৰিওফালৰ সন্তানসকল বাপদাদাৰ নয়নত সমাহিত হৈ আছে। সকলো সম্পদেৰে ভৰপূৰ হৈ হৰ্ষিত হৈ আছে।

আজিকালি সময় অনুসৰি সকলোতকৈ অমূল্য শ্ৰেষ্ঠ সম্পদ হৈছে - পুৰুষোত্তম সংগমৰ সময় কিয়নো এই সংগমতেই গোটেই কল্পৰ প্ৰালব্ধ গঢ়িব পাৰা। এই অতিকৈ সৰু যুগটিৰ প্ৰাপ্তি আৰু প্ৰালব্ধ অনুসৰি এক চেকেণ্ডৰ মূল্য এটা বৰ্ষৰ সমান। এয়া ইমানেই অমূল্য সময়। এই সময়ৰ বাবেই গায়ন আছে - “এতিয়া নহ’লে কেতিয়াও নহয়” কিয়নো এই সময়তেই পৰমাত্মাৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে সেই কাৰণে এই সময়ক হীৰাতুল্য বুলি কোৱা হয়। সত্যযুগক সোণালী যুগ বুলি কোৱা হয়। কিন্তু এই সময়ত, সময়ো হীৰাতুল্য আৰু তোমালোক সকলো সন্তানো হীৰাতুল্য জীৱনৰ অনুভৱী আত্মা। এই সময়তেই বহুকালৰ পৰা বিচ্ছিন্ন হৈ থকা আত্মাসকল পৰমাত্ম মিলন, পৰমাত্ম স্নেহ, পৰমাত্ম জ্ঞান, পৰমাত্ম সম্পদ প্ৰাপ্তিৰ অধিকাৰী হয়। গোটেই কল্পত দেৱ আত্মাসকল, মহান আত্মাসকল আছে কিন্তু এই সময়ত হৈছে পৰমাত্ম ঈশ্বৰীয় পৰিয়াল সেই কাৰণে যিমান বৰ্তমানৰ এই সময়ৰ মহত্ব আছে, এই মহত্বক জানি, যিমানে নিজক শ্ৰেষ্ঠ কৰি তুলিব বিচৰা সিমানে নিজকে কৰি তুলিব পাৰা। তোমালোকো সকলো এই মহান যুগৰ পৰমাত্ম ভাগ্য প্ৰাপ্ত কৰোঁতা পদ্মাপদম ভাগ্যৱান হোৱা নহয়! এনেকৈ নিজৰ শ্ৰেষ্ঠ ভাগ্যৰ আত্মিক নিচা আৰু ভাগ্যক জানি, অনুভৱ কৰি আছা নহয়! আনন্দিত হোৱা নহয়! অন্তৰত কি গীত গোৱা? বাঃ! মোৰ ভাগ্য বাঃ! কিয়নো এই সময়ৰ শ্ৰেষ্ঠ ভাগ্যৰ তুলনাত অন্য কোনো যুগতে এনেকুৱা শ্ৰেষ্ঠ ভাগ্য প্ৰাপ্ত হ’ব নোৱাৰে।

তেন্তে কোৱা, সদায় নিজৰ ভাগ্য স্মৃতিত ৰাখি হৰ্ষিত হোৱা নহয়! হোৱানে? যিসকলে ভাবা যে সদায় হৰ্ষিত হৈ থাকোঁ, কেতিয়াবা কেতিয়াবা থকাসকল নহয়, যি সদায় হৰ্ষিত হৈ থাকে তেওঁলোকে হাত দাঙা। সদায়, সদায়....। ‘সদায়’ শব্দটিৰ প্ৰতি বিশেষ মনোযোগ দিবা। এতিয়া টি.ভি.ত তোমালোকৰ ফটো আহি আছে। ‘সদায়’ থকাসকলৰ ফটো আহি আছে। অভিনন্দন। মাতাসকল হাত দাঙা, শক্তিসকল দাঙা, ডৱল বিদেশী...। কি শব্দ স্মৃতিত ৰাখিবা? ‘সদায়’। ‘কেতিয়াবা কেতিয়াবা’ৰ সকলতো পাছত আহিবলগীয়া আছে।

বাপদাদাই আগতেও শুনাইছে যে সময়ৰ গতি বহুত তীব্ৰতাৰে আগবাঢ়ি গৈ আছে। সময়ৰ গতিক জানোঁতাসকলে নিজক পৰীক্ষা কৰা যে মাষ্টৰ সৰ্বশক্তিমান আমাৰ গতি তীব্ৰ হয়নে? পুৰুষাৰ্থতো সকলোৱে কৰি আছে কিন্তু বাপদাদাই কি চাব বিচাৰে? প্ৰতিগৰাকী সন্তান তীব্ৰ পুৰুষাৰ্থী, প্ৰতিটো বিষয়ত সন্মান সহকাৰে উত্তীৰ্ণ নে কেৱল উত্তীৰ্ণ? তীব্ৰ পুৰুষাৰ্থীৰ বিশেষ দুটা লক্ষণ আছে – এটা হ’ল নষ্টোমোহা দ্বিতীয়তে সদাপ্ৰস্তুত। সৰ্ব প্ৰথমে, এই দেহবোধ, দেহ অভিমানৰ পৰা নষ্টোমোহা তেতিয়া অন্য কথাসমূহত নষ্টোমোহা হোৱা কোনো কঠিন নহয়। দেহবোধৰ চিন হৈছে ব্যৰ্থ, ব্যৰ্থ সংকল্প, ব্যৰ্থ সময়, এইটো পৰীক্ষা নিজেই ভালদৰে কৰিব পাৰা। সাধাৰণ সময় ইয়ো নষ্টোমোহা হ’বলৈ নিদিয়ে। গতিকে পৰীক্ষা কৰা প্ৰতিটো চেকেণ্ড, প্ৰতিটো সংকল্প, প্ৰতিটো কৰ্ম, সফল হ’লনে? কিয়নো সংগমযুগত পিতাৰ বিশেষ বৰদান আছে, সফলতা তোমালোকৰ জন্ম সিদ্ধ অধিকাৰ। অধিকাৰে সহজে অনুভূতি কৰায়। আৰু সদা প্ৰস্তুত, সদাপ্ৰস্তুত হৈ থকাৰ অৰ্থ হৈছে মন-বচন-কৰ্ম, সম্বন্ধ-সম্পৰ্কত সময়ে অকস্মাৎ আদেশ দিলে তেতিয়া সদাপ্ৰস্তুত, আৰু অকস্মাতেই হ’ব। যেনেকৈ দাদীক দেখিলা অকস্মাৎ সদাপ্ৰস্তুত। স্বভাৱত, প্ৰতিটো কাৰ্যত সৰল হৈ থাকিল, সম্পৰ্কত সৰল, স্বভাৱত সৰল, সেৱাত সৰল, সন্তুষ্ট কৰাত সৰল, সন্তুষ্ট হৈ থকাত সৰল সেয়েহে বাপদাদাই সময়ৰ সমীপতাৰ ফালে বাৰে বাৰে ইংগিত দি আছে। স্ব-পুৰুষাৰ্থৰ সময় বহুত কম আছে, সেই কাৰণে নিজৰ জমা পুঁজি পৰীক্ষা কৰা। সম্পদ জমা কৰাৰ তিনিটা বিধি আগতেও শুনাইছোঁ পুনৰাই শুনাই আছোঁ। সেই তিনিটা বিধি স্বয়ং পৰীক্ষা কৰা। এটা হৈছে – নিজৰ পুৰুষাৰ্থৰে প্ৰালব্ধৰ পুঁজি জমা কৰা, প্ৰাপ্ত সম্পদৰ পুঁজি জমা কৰা। দ্বিতীয়তে - সন্তুষ্ট হৈ থকা, ইয়াতো ‘সদায়’ শব্দটি যোগ কৰা আৰু সকলোকে সন্তুষ্ট কৰিবা, ইয়াৰ দ্বাৰা পুণ্যৰ পুঁজি জমা হয়। আৰু এই পুণ্যৰ পুঁজি অনেক জন্মৰ প্ৰালব্ধৰ আধাৰ হৈ থাকে। তৃতীয়তে হৈছে – সেৱাত সদায় অক্লান্ত, নিঃস্বাৰ্থ আৰু বিশাল অন্তৰেৰে সেৱা কৰা, ইয়াৰ দ্বাৰা যাৰ সেৱা কৰা তেওঁৰ পৰা স্বতঃ আশীৰ্বাদ প্ৰাপ্ত হয়। এই তিনিটা হৈছে বিধি, নিজৰ পুৰুষাৰ্থ, পুণ্য আৰু আশীৰ্বাদ। এই তিনিটা পুঁজি জমা আছেনে? গতিকে পৰীক্ষা কৰা যে অকস্মাত যদি কোনো কাকত আহি যায় তেতিয়া সন্মান সহকাৰে উত্তীৰ্ণ হ’ব পাৰিবানে? কিয়নো আজিকালিৰ সময় অনুসৰি প্ৰকৃতিৰ অস্থিৰতাৰ সৰু সৰু কথা যিকোনো সময়তে আহিব পাৰে সেই কাৰণে কৰ্মৰ গতিৰ জ্ঞান যাতে বিশেষভাৱে ধ্যানত লাগে। কৰ্মৰ গতি অতি গূঢ়। যেনেকৈ ড্ৰামাৰ প্ৰতি মনোযোগ থাকে, আত্মিক স্বৰূপৰ প্ৰতি মনোযোগ থাকে, ধাৰণাৰ প্ৰতি মনোযোগ থাকে, তেনেকৈয়ে কৰ্মৰ গূঢ় গতিৰ প্ৰতিও মনোযোগৰ আৱশ্যক। সাধাৰণ কৰ্ম, সাধাৰণ সময়, সাধাৰণ সংকল্প ইয়াৰ দ্বাৰা প্ৰালব্ধত পাৰ্থক্য আহি যায়। এই সময়ত তোমালোক সকলো যিসকল পুৰুষাৰ্থী হোৱা সেইসকল শ্ৰেষ্ঠ বিশেষ আত্মা, সাধাৰণ আত্মা নহয়। বিশ্ব কল্যাণৰ নিমিত্ত, বিশ্ব পৰিৱৰ্তনৰ নিমিত্ত আত্মা হোৱা। কেৱল নিজক পৰিৱৰ্তন কৰোঁতা নহয়, বিশ্ব পৰিৱৰ্তনৰ বাবে দায়ৱদ্ধ সেই কাৰণে নিজৰ শ্ৰেষ্ঠ স্বমানৰ স্মৃতি স্বৰূপ হ’বই লাগে।

বাপদাদাই দেখিছে, সকলোৰে বাপদাদা আৰু সেৱাৰ প্ৰতি ভাল স্নেহ আছে। সেৱাৰ বাতাৱৰণ চাৰিওফালে কিবা নহয় কিবা পৰিকল্পনা অনুসৰি চলি আছে। লগতে এতিয়া সময় অনুসৰি বিশ্বৰ আত্মাসকল যিসকল দুখী, অশান্ত হৈ আছে সেই আত্মাসকলক দুখ অশান্তিৰ পৰা মুক্ত কৰিবলৈ নিজৰ শক্তিসমূহৰ দ্বাৰা কিৰণ দিয়া। যেনেকৈ প্ৰকৃতিৰ সূৰ্যই কিৰণেৰে অন্ধকাৰ দূৰ কৰি আলোকত আনে, নিজৰ কিৰণৰ শক্তিৰে অনেক বস্তুৰ পৰিৱৰ্তন কৰে তেনেকৈয়ে মাষ্টৰ জ্ঞান সূৰ্যই নিজৰ প্ৰাপ্ত সুখ শান্তিৰ কিৰণেৰে দুখ অশান্তিৰ পৰা মুক্ত কৰা। মনৰ সেৱাৰে, শক্তিশালী বৃত্তিৰে বায়ুমণ্ডল পৰিৱৰ্তন কৰা। সেয়েহে এতিয়া মনৰ সেৱা কৰা। যেনেকৈ বাণীৰ সেৱাৰ বিস্তাৰ কৰিলা, তেনেকৈ মনৰ কিৰণেৰে আত্মাসকলৰ মাজত সুখ আৰু আশাৰ লহৰ বিয়পোৱা। এইটো বছৰ সুখ আৰু আশাৰ যি বিষয়বস্তু ৰাখিছা সেই অনুসৰি সাহস যুগুৱা, উৎসাহ-উদ্দীপনা যুগুৱা, পিতাৰ উত্তৰাধিকাৰ দুখ অশান্তিৰ পৰা মুক্তি দিয়া। এতিয়া শক্তিৰ কিৰণ দিয়াৰ আৱশ্যকতা অধিক। এইটো সেৱাত মন ব্যস্ত ৰাখা তেতিয়া মায়াজিৎ বিজয়ী আত্মা স্বতঃ হৈয়েই যাবা। বাকী সৰু সৰু কথাবোৰতো হৈছে পাৰ্শ্বদৃশ্য, পাৰ্শ্বদৃশ্য কিবা ভালো আহে, কিবা বেয়া বস্তুও আহে। গতিকে পাৰ্শ্বদৃশ্য অতিক্ৰমি লক্ষ্যত উপনীত হ’বলগীয়া হয়। পাৰ্শ্বদৃশ্য চাবলৈ সাক্ষীদৃষ্টাৰ আসনত স্থিৰ হৈ থাকা, বচ্‌। তেতিয়া পাৰ্শ্বদৃশ্য মনোৰঞ্জন হৈ যাব। তেন্তে সদাপ্ৰস্তুত হোৱা নহয়? কাইলৈও যদি কিবা হৈ যায়, সদাপ্ৰস্তুত আছানে? প্ৰথম শাৰী সদাপ্ৰস্তুত আছানে? তেন্তে কাইলৈয়ে যদি হৈ যায় তেতিয়া? শিক্ষকসকল প্ৰস্তুত হৈ আছে তেন্তে ভাল। এই বৰ্গৰসকল প্ৰস্তুত আছানে। যিমানেই বৰ্গ আহিছা, সদাপ্ৰস্তুতনে। ভাবি চাবা। দাদীসকল চোৱা, চাই আছানে সকলোৱে হাত জোকাৰি আছে। ভাল কথা, অভিনন্দন। যদি (সদাপ্ৰস্তুত) নোহোৱাও তেন্তে আজি ৰাতিলৈকে হৈ যাবা কিয়নো সময়ে তোমালোকৰ অপেক্ষা কৰি আছে। বাপদাদা মুক্তিৰ দ্বাৰ খুলিবলৈ অপেক্ষা কৰি আছে। আগতীয়া দলে তোমালোকক আহ্বান জনাই আছে। কৰিব নোৱাৰা জানো… মাষ্টৰ সৰ্বশক্তিমানতো হোৱাই। দৃঢ় সংকল্প কৰা এইটো কৰিব লাগে, এইটো কৰিব নালাগে, বচ্‌। কৰিব নালাগে, তেন্তে দৃঢ় সংকল্পৰে ‘নালাগে’ক ‘নালাগে’ কৰি দেখুওৱা। মাষ্টৰতো হোৱাই নহয়! বাৰু।

এতিয়া প্ৰথম বাৰ কোনে আহিছে? যিসকল প্ৰথম বাৰ আহিছে, তেওঁলোকে হাত দাঙা। দীঘলকৈ হাত দাঙা, জোকাৰা। ইমান আহিছা। ভাল কথা। যিসকল প্ৰথম বাৰ আহিছা তেওঁলোকক পদমগুণ অভিনন্দন, অভিনন্দন। বাপদাদা আনন্দিত হয়, যে কল্প পূৰ্বৰ সন্তানসকল পুনৰাই নিজৰ পৰিয়ালত আহি উপস্থিত হৈ গ’ল সেই কাৰণে এতিয়া পাছত অহাসকলে চমৎকাৰ কৰি দেখুৱাবা। পিছত নাথাকিবা, পাছত আহিছা কিন্তু পিছত নাথাকিবা। আগতকৈও আগত থাকিবা। ইয়াৰ বাবে তীব্ৰ পুৰুষাৰ্থ কৰিব লাগিব। সাহস আছে নহয়! সাহস আছেনে? ভাল কথা। সন্তানে সাহস কৰিলে বাপদাদা আৰু পৰিয়ালৰ সহায় আছেই। ভাল কৰিলা কিয়নো সন্তান হৈছে ঘৰৰ শোভা। গতিকে যিসকল আহিছা তেওঁলোক মধুবনৰ শোভা। বাৰু।

সেৱাৰ পাল ভূপাল মণ্ডলৰ:- বাৰু, বহুত আহিছা। (পতাকা জোকাৰি আছে) ভাল কৰিলা, সোণালী সুযোগতো পালা নহয়। যিসকল সেৱাৰ নিমিত্তে আহিছা তেওঁলোক সকলোৱে সেৱাৰ যি শক্তি, ফল - অতীন্দ্ৰিয় সুখৰ অনুভূতিৰ, সেয়া অনুভৱ কৰিলানে? কৰিলানে? এতিয়া যদি কৰিলা তেন্তে পতাকা জোকাৰা, যিসকলে কৰিছা। বাৰু এতিয়াতো অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিলা, এয়া সদায় থাকিবনে? নে অলপ সময় থাকিব? যিসকলে অন্তৰেৰে প্ৰতিশ্ৰুতি দিয়ে, ইজনে সিজনক দেখি হাত নাদাঙিবা, যিসকলে অন্তৰেৰে বুজে যে মই এই প্ৰাপ্তি সদায় বৰ্তাই ৰাখিম, বিঘ্ন বিনাশ হ’ম, তেওঁলোকে পতাকা জোকাৰা। বাৰু। চোৱা তোমালোক টি.ভি.ত আহি আছা আকৌ এই টি.ভি.ৰ ফটো পঠিয়াম। বাৰু। এই যি সুযোগ ৰখা হৈছে সেয়া অতি উত্তম। সুযোগ লোৱাও আনন্দৰেৰে আৰু পাল পাতি সকলোৱে মুক্ত অন্তৰেৰে অহাৰ অনুমতিও পোৱা। বাৰু, এতিয়া কি চমৎকাৰ কৰিবা? (2008ত আপোনাক প্ৰত্যক্ষ কৰি দেখুৱাম) ভাল কথা, ইজনে ইজনক সহযোগ দি এইটো প্ৰতিশ্ৰুতি পূৰা কৰিবা। নিশ্চয় কৰিবা। মাষ্টৰ সৰ্বশক্তিমানৰ বাবে কোনো প্ৰতিশ্ৰুতি ৰক্ষা কৰা একো ডাঙৰ কথা নহয়। কেৱল দৃঢ়তাক সংগী কৰি ৰাখিবা। দৃঢ়তা এৰি নিদিবা কিয়নো দৃঢ়তা হৈছে সফলতাৰ চাবি। গতিকে য’তেই দৃঢ়তা থাকিব ত’ত সফলতা আছেই। এনেকুৱা হয় নহয়! কৰি দেখুৱাবা। বাপদাদাও আনন্দিত হয়, ভাল কথা। চোৱা কিমানে সুযোগ পায়। শ্ৰেণীৰ আধাতো সেৱা কৰোতাৰ ফালেই থাকে। ভাল কথা। চোৱা, সাকাৰ বাবা থকাৰ সময়ত বহুত উত্তম ভূমিকা পালন কৰিছে, প্ৰথম সংগ্ৰাহালয় এওঁ (মহেন্দ্ৰ ভাইয়ে) তৈয়াৰ কৰিছিল। তেন্তে চোৱা, সাকাৰ পিতাৰ আশীৰ্বাদ গোটেই মণ্ডলৰ প্ৰতি আছে। এতিয়া কিবা নবীন কৰি দেখুৱাব। এতিয়া বহু সময় হৈ গ’ল, কোনো নতুন উদ্ভাৱন হোৱা নাই। বৰ্গীকৰণো এতিয়া পুৰণা হৈ গ’ল। প্ৰদৰ্শনী, মেলা, সন্মিলন, স্নেহ মিলন এই সকলোবোৰ হৈ গ’ল। এতিয়া কিবা নতুন কথা উলিওৱা। চমু আৰু মিঠা, খৰচ কম আৰু সেৱা অধিক। ৰায়বাহাদুৰ হোৱা নহয়! তেন্তে ৰায়বাহাদুৰে নতুন ৰায় উলিওৱা। যেনেকৈ প্ৰদৰ্শনী ওলাল, তাৰপাছত মেলা ওলাল, তাৰপাছত আকৌ বৰ্গীকৰণ হ’ল, তেনেকৈ কোনো নতুন উদ্ভাৱন উলিওৱা। চাম কোন নিমত্ত হয়। ভাল কথা, সাহসী হোৱা সেই কাৰণে বাপদাদাই সাহস কৰাসকলক সদায় আগতীয়া সহায়ৰ বাবে অভিনন্দন জনাই আছে। বাৰু।

এতিয়া এক চেকেণ্ডত সকলোৱে অতি মধুৰ শান্ত অৱস্থাৰ অনুভৱত মগন হৈ যোৱা। (বাপদাদাই ড্ৰিল কৰালে) বাৰু।

চাৰিওফালৰ সকলো তীব্ৰ পুৰুষাথী, সদায় দৃঢ় সংকল্পৰ দ্বাৰা সফলতা প্ৰাপ্ত কৰোঁতা, সদায় বিজয়ৰ তিলকধাৰী, বাপদাদাৰ অন্তৰ আসনধাৰী, দ্বৈত মুকুটধাৰী, বিশ্ব কল্যাণকাৰী, সদায় লক্ষ্য আৰু লক্ষণ সমান কৰোঁতা পৰমাত্ম স্নেহেৰে প্ৰতিপালিত এনেকুৱা সৰ্বশ্ৰেষ্ঠ সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ, অন্তৰৰ আশীৰ্বাদ আৰু নমস্কাৰ।

দাদীসকলৰ প্ৰতি:- সন্তানসকল হাজিৰ আছে, গতিকে পিতাতো হাজিৰ আছেই। পিতাও সন্তানসকলৰ পৰা দূৰ হ’ব নোৱাৰে আৰু সন্তানসকলো পিতাৰ পৰা দূৰ হ’ব নোৱাৰে। প্ৰতিশ্ৰুতি আছে – লগত আছে, লগত যাব, আধাকল্প পিতা ব্ৰহ্মাৰ লগত থাকিব। (দাদী জানকীয়ে ক’লে, তেৱোঁতো অৰ্থাৎ শিৱবাবাওতো লগতে সমাহিত হৈ আছে) তোমাৰ এইটো অনুভূতি ঠিকে আছে। এতিয়াতো নিশ্চয়তা আছে কিন্তু যেতিয়া ৰাজ্য কৰিবা তেতিয়া নাহোঁ। কোনোবা দৰ্শকো লাগে নহয়। (ওপৰত মন কেনেকৈ বহিব?) ড্ৰামাত ভূমিকা আছে। পিতা ব্ৰহ্মাতো লগত আছে নহয়। চোৱা, ড্ৰামাই কি কৰে?

বৰদান:
সত্যতাৰে প্ৰতিটো কৰ্ম আৰু বাণীত ৰাজকীয়তা প্ৰদৰ্শন কৰোঁতা প্ৰথম বিভাগৰ অধিকাৰী হোৱা

সত্যতা অৰ্থাৎ নিজৰ সদায় প্ৰকৃত স্বৰূপৰ স্মৃতি, যাৰ দ্বাৰা স্থূল চেহেৰাতো ৰাজকীয়তা দৃষ্টিগোচৰ হ’ব। সত্যতা অৰ্থাৎ একমাত্ৰ পিতা দ্বিতীয় কোনো নাই। এইটো স্মৃতিৰে প্ৰতিটো কৰ্ম আৰু বাণীত ৰাজকীয়তা দেখা দিব। যিয়েই সম্পৰ্কত আহিব তেওঁলোকৰ প্ৰতিটো কৰ্মত পিতাৰ সমান চৰিত্ৰ অনুভৱ হ’ব, প্ৰতিষাৰ বাণীত পিতাৰ সমান কৰ্তৃত্ব আৰু প্ৰাপ্তিৰ অনুভূতি হ’ব। তেওঁৰ সংগ সত্য হোৱাৰ কাৰণে পাৰসৰ কাম কৰিব। এনেকুৱা সত্যতা সম্পন্ন ৰাজকীয় আত্মাসকলহে প্ৰথম বিভাগৰ অধিকাৰী হয়।

স্লোগান:
শ্ৰেষ্ঠ কৰ্মৰ পুঁজি বঢ়োৱা তেতিয়া বিকৰ্মৰ পুঁজি সমাপ্ত হৈ যাব।

অব্যক্ত সংকেত: অশৰীৰী তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা

চাৰিওফালে অস্থিৰতা, ব্যক্তিসমূহৰ, প্ৰকৃতিৰ অস্থিৰতা বাঢ়িবই, এনেকুৱা সময়ত সুৰক্ষাৰ সাধন হৈছে চেকেণ্ডত নিজক বিদেহী, অশৰীৰী তথা আত্ম-অভিমানী কৰি তোলা। সেয়েহে মাজে মাজে চেষ্টা কৰা যে এক চেকেণ্ডত মন-বুদ্ধি য’ত বিচৰা ত’তে স্থিৰ কৰিব পাৰানে! ইয়াকে সাধনা বুলি কোৱা হয়।

সুচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ, সকলো ৰাজযোগী তপস্বী ভাতৃ-ভগ্নীয়ে সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈ, বিশেষ যোগ অভ্যাসৰ সময়ত নিজৰ শুভ-ভাৱনাৰ শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা মনেৰে মহাদানী হৈ সকলোকে নিৰ্ভয়তাৰ বৰদান দিয়াৰ সেৱা কৰে যেন।