16.12.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই পাৱন হোৱাৰ পাঠ সকলো পঢ়াতকৈ সহজ, এয়া সৰু ল’ৰা-ছোৱালী, ডেকা, বুঢ়া সকলোৱে পঢ়িব পাৰে, কেৱল 84 জন্মক জানিব লাগে"

প্ৰশ্ন:
সৰু অথবা ডাঙৰ প্ৰত্যেকে কোনটো অভ্যাস নিশ্চয় কৰিব লাগে?

উত্তৰ:
প্ৰত্যেকে মুৰুলী শুনোৱাৰ অভ্যাস নিশ্চয় কৰিব লাগে কাৰণ তোমালোক হৈছা মুৰুলীধৰৰ সন্তান। যদি মুৰুলী নুশুনোৱা তেনেহ’লে উচ্চ পদ পাব নোৱাৰিবা। কাৰোবাক শুনাই থাকিলে তেতিয়া সলসলীয়া হৈ যাব। তোমালোক প্ৰত্যেকে পিতাৰ সমান শিক্ষক নিশ্চয় হ’ব লাগে। যি পঢ়িছা সেয়া পঢ়াব লাগে। সৰু ল’ৰা-ছোৱালীৰো এই পাঠ পঢ়াৰ অধিকাৰ আছে। সিহঁতো বেহদৰ পিতাৰ উত্তৰাধিকাৰ লোৱাৰ অধিকাৰী।

ওঁম্শান্তি।
এতিয়া শিৱবাবাৰ জয়ন্তী আহি আছে। তাৰ ওপৰত কেনেকৈ বুজাব লাগে? পিতাই তোমালোকক বুজাইছে তেনেকৈ তোমালোকে আকৌ আনক বুজাব লাগে। এনেকুৱাতো নহয়, বাবাই যেনেকৈ তোমালোকক পঢ়ায় তেনেকৈ বাবায়ে সকলোকে পঢ়াব লাগিব। শিৱবাবাই তোমালোকক পঢ়াইছে, এইটো জানা যে এই শৰীৰৰ দ্বাৰা পঢ়াইছে। যথাযথ আমি শিৱবাবাৰ জয়ন্তী পালন কৰোঁ। আমি নামো শিৱবাবাৰ লওঁ, তেওঁতো হয়েই নিৰাকাৰ। তেওঁক শিৱ বুলি কোৱা হয়। তেওঁলোকে কয় - শিৱতো জন্ম মৃত্যু ৰহিত। তেওঁৰ আকৌ জয়ন্তী কেনেকৈ হ’ব? এয়াতো তোমালোকে জানা কেনেকৈ ক্ৰমাম্বয়ে পালন কৰি আহে। পালন কৰিয়ে থাকিব। গতিকে তেওঁলোকক বুজাবলগীয়া হয়। পিতা আহি এই দেহৰ আধাৰ লয়। মুখতো নিশ্চয় লাগে, সেইবাবে গো-মুখৰে মহিমা আছে। এইটো ৰহস্য অলপ জটিল। শিৱবাবাৰ কৰ্তব্য বুজিব লাগে। আমাৰ বেহদৰ পিতা আহিছে, তেওঁৰ পৰাই আমি বেহদৰ উত্তৰাধিকাৰ পাওঁ। যথাযথ ভাৰতৰ বেহদৰ উত্তৰাধিকাৰ আছিল আন কাৰো নাছিল। ভাৰতকে সত্যখণ্ড বুলি কোৱা হয় আৰু পিতাকো সত্য বুলি কোৱা হয়। গতিকে এই কথাবোৰ বুজাবলগীয়া হয় আকৌ কিছুমানে সোনকালে বুজি নাপায়। কিছুমানে আকৌ তৎক্ষণাৎ বুজি পায়। এই যোগ আৰু পঢ়া দুয়োটাই অতি পিছল বস্তু (বুদ্ধিত সহজে নৰয়)। তাৰ ভিতৰতো যোগ বেছি পিছল। জ্ঞানতো বুদ্ধিত থাকেই বাকী স্মৃতিহে বাৰে বাৰে পাহৰি যায়। জ্ঞানতো তোমালোকৰ বুদ্ধিত আছেই যে আমি কেনেকৈ 84 জন্ম লওঁ, যাৰ এই জ্ঞান আছে তেওঁলোকেই বুদ্ধিৰ দ্বাৰা বুজিব পাৰে যে যিসকল প্ৰথম নম্বৰত আহে তেওঁলোকে 84 জন্ম ল’ব। প্ৰথমে উচ্চতকৈও উচ্চ বুলি লক্ষ্মী-নাৰায়ণক কোৱা হ’ব। নৰৰ পৰা নাৰায়ণ হোৱাৰ কথাও প্ৰসিদ্ধ। পূৰ্ণিমাৰ দিনা বহুত ঠাইত সত্য-নাৰায়ণৰ কথা পাঠ কৰে। এতিয়া তোমালোকে জানা যে আমি সঁচা অৰ্থত পিতাৰ দ্বাৰা নৰৰ পৰা নাৰায়ণ হোৱাৰ পাঠ পঢ়োঁ। এয়া হৈছে পাৱন হোৱাৰ পঢ়া যিটো আন সকলো পঢ়াতকৈ একেবাৰে সহজ। 84 জন্মৰ চক্ৰক জানিব লাগে আকৌ এই পঢ়া সকলোৰে বাবে একেই। বুঢ়া, সৰু ল’ৰা-ছোৱালী, ডেকা যিয়ে নহওঁক সকলোৰে বাবে একেই পঢ়া। সৰু ল’ৰা-ছোৱালীৰো অধিকাৰ আছে। যদি মাক-দেউতাকে সিহঁতক অলপ-অচৰপ শিকাই থাকে তেনেহ’লেতো সময় বহুত আছে। সন্তানসকলকো এইটো শিকোৱা হয় যে শিৱবাবাক স্মৰণ কৰা। আত্মা আৰু শৰীৰ দুয়োৰে পিতা বেলেগ বেলেগ। আত্মা সন্তানো নিৰাকাৰী আৰু পিতাও নিৰাকাৰী। এয়াও তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে সেই নিৰাকাৰ শিৱবাবা আমাৰ পিতা হয়, কিমান সূক্ষ্ম। এইটো ভালদৰে স্মৃতিত ৰাখিব লাগে। পাহৰি যাব নালাগে। আমি আত্মাসকলো বিন্দুৰ দৰে অতি সূক্ষ্ম। এনেকুৱা নহয় যে ওপৰলৈ গ’লে ডাঙৰ দেখা যাব, তলত সৰু হৈ যাব। নহয়, সেয়াতো বিন্দুৱে হয়। ওপৰত গ’লে তেতিয়া তোমালোকক যেন দেখাই পোৱা নাযাব। বিন্দু নোহোৱা জানো। বিন্দু জানো দেখা পোৱা যাব। এই কথাবোৰৰ ওপৰত সন্তানসকলে ভালদৰে বিচাৰো কৰিব লাগে। আমি আত্মাসকল শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰিবলৈ ওপৰৰ পৰা আহিছোঁ। আত্মা বৃদ্ধি বা সংকোচিত নহয়। কৰ্মেন্দ্ৰিয়বোৰ প্ৰথমতে সৰু হৈ থাকে, পাছত ডাঙৰ হৈ যায়।

এতিয়া যেনেকৈ তোমালোকে বুজিছা তেনেকৈ আকৌ আনকো বুজাব লাগে। এই ক্ষেত্ৰত ক্ৰমানুসৰিতো হয়েই যিয়ে যিমান পঢ়িছে তেওঁ সিমানেই পঢ়ায়, শিকাবৰ বাবে সকলোৱে শিক্ষকো নিশ্চয় হ’ব লাগে। পিতাৰতো জ্ঞান আছে, তেওঁ ইমান সূক্ষ্ম পৰম আত্মা, সদায় পৰমধামত থাকে। ইয়াত এবাৰেই সংগমত আহে। পিতাক আহ্বানো তেতিয়া জনায় যেতিয়া বহুত দুখী হৈ যায়। এনেকৈ কয় যে আহি আমাক সুখী কৰি তোলক। সন্তানসকলে এতিয়া জানে যে আমি আহ্বান জনাই থাকোঁ - বাবা, আহি আমাক পতিত জগতৰ পৰা নতুন সত্যযুগী সুখী পাৱন জগতলৈ লৈ ব’লক অথবা তালৈ যোৱাৰ ৰাস্তা দেখুৱাই দিয়ক। তেৱোঁ যেতিয়া নিজে আহিব তেতিয়াহে ৰাস্তা দেখুৱাই দিব। তেওঁ তেতিয়া আহিব যেতিয়া সৃষ্টি পৰিৱৰ্তনৰ সময় হ’ব। এয়া অতি সহজ কথা, টুকি ৰাখিব লাগে। পিতাই আজি এয়া বুজাইছে, আমিও এনেকৈ বুজাওঁ। এনেকৈ অভ্যাস কৰোঁতে কৰোঁতে মুখ খুলি যাব। তোমালোক হৈছা মুৰুলীধৰৰ সন্তান, তোমালোক মুৰুলীধৰ নিশ্চয় হ’ব লাগে। যেতিয়া আনৰ কল্যাণ কৰিবা তেতিয়াহে নতুন সৃষ্টিত উচ্চ পদ পাবা। সেই (লৌকিকৰ) পঢ়াতো হৈছে ইয়াৰ বাবে। এয়া হৈছে ভৱিষ্যত নতুন সৃষ্টি বাবে। তাততো সদায় সুখেই সুখ। তাত অশান্তিৰ সৃষ্টি কৰোঁতা 5 বিকাৰ নাথাকেই। আমি ইয়াত ৰাৱণৰাজ্যত অৰ্থাৎ পৰৰ ৰাজ্যত আছোঁ। তোমালোকেই প্ৰথমতে নিজৰ ৰাজ্যত আছিলা। তোমালোকে নতুন সৃষ্টি বুলি ক’বা, আকৌ ভাৰতকে পুৰণি সৃষ্টি বুলি কোৱা হয়। গায়নো কৰা হয় - নতুন সৃষ্টিত ভাৰত……… এনেকৈ কোৱা নহয় যে নতুন সৃষ্টিত ইছলামী, বৌদ্ধি। নহয়। এতিয়া তোমালোকৰ বুদ্ধিত আছে যে পিতা আহি আমাক সন্তানসকলক জগায়। ড্ৰামাত তেওঁৰ ভূমিকাই এনেকুৱা। ভাৰতকে আহি স্বৰ্গ কৰি তোলে। ভাৰতেই প্ৰথম দেশ। ভাৰত প্ৰথম দেশখনকেই স্বৰ্গ বুলি কোৱা হয়। ভাৰতৰ আয়ুসো সীমিত। লাখ লাখ বছৰ বুলি ক’লে অসীমিত হৈ যায়। লাখ লাখ বছৰৰ কোনো কথা স্মৃতিলৈ আহিবই নোৱাৰে। নতুন ভাৰত আছিল, এতিয়া পুৰণা ভাৰত বুলিয়ে কোৱা হ’ব। ভাৰতেই নতুন সৃষ্টি হ’ব। তোমালোকে জানা যে আমি এতিয়া নতুন সৃষ্টিৰ মালিক হৈ আছোঁ। পিতাই ৰায় দিছে যে মোক স্মৰণ কৰা তেতিয়া তোমালোক আত্মাসকল নতুন পৱিত্ৰ হৈ যাবা আৰু তেতিয়া শৰীৰো নতুন পাবা। আত্মা আৰু শৰীৰ দুয়োটাই সতোপ্ৰধান হৈ যায়। তোমালোকে সুখৰ বাবেই ৰাজ্য পোৱা। এই ড্ৰামাখনো অনাদি ৰচি থোৱা আছে। নতুন সৃষ্টিত সুখ আৰু শান্তি আছে। তাত কোনো ধুমুহা আদি নাথাকে। বেহদৰ শান্তিত সকলো শান্ত হৈ যায়। ইয়াত অশান্তি আছে বাবে সকলো অশান্ত। সত্যযুগত সকলো শান্ত হৈ থাকে। বিস্ময়কৰ কথা নহয় জানো। এইখন অনাদি ৰচি থোৱা খেল। এয়া হৈছে বেহদৰ কথা। তেওঁলোকে হদৰ (সীমিত লৌকিক জগতৰ) বেৰিষ্টাৰী, ইঞ্জিনিয়াৰিং আদি পঢ়ে। এতিয়া তোমালোকৰ বুদ্ধিত বেহদৰ জ্ঞান আছে। এবাৰেই পিতা আহি বেহদ ড্ৰামাৰ ৰহস্য বুজায়। আগতেতো এই নামো শুনা নাছিলা যে বেহদৰ ড্ৰামা কেনেকৈ চলে। এতিয়া বুজি পোৱা যে সত্যযুগ-ত্ৰেতা নিশ্চয় সেয়া অতীত হৈ গ’ল, তাত এওঁলোকৰ ৰাজ্য আছিল। ত্ৰেতাত ৰামৰাজ্য আছিল, তাৰপাছত আকৌ আন আন ধৰ্মবোৰ আহিল। ইছলামী, বৌদ্ধি, খ্ৰীষ্টিয়ান…… সকলো ধৰ্মৰ কথা পূৰা গম পায়। এই সকলোবোৰ 2500 বছৰৰ ভিতৰত আহিছে। তাৰ ভিতৰত 1250 বছৰ হৈছে কলিযুগ। সকলো হিচাপ আছে নহয়। এনেকুৱাতো নহয় যে সৃষ্টিৰ আয়ুসেই 2500 বছৰ। নহয়। বাৰু, আৰু কোন আছিল, বিচাৰ কৰা হয়। এওঁলোকৰ পূৰ্বে নিশ্চয় দেৱী-দেৱতাসকল আছিল…….. তেওঁলোকোতো মনুষ্যই আছিল। কিন্তু দৈৱীগুণধাৰী আছিল। 2500 বছৰ সূৰ্যবংশী-চন্দ্ৰবংশী। বাকী আধাত সেই সকলোবোৰ আছিল। ইয়াতকৈ অধিক কোনো হিচাপ-নিকাচ ওলাব নোৱাৰে। পূৰ্ণ, তিনি চতুৰ্থাংশ, আধা, এক চতুৰ্থাংশ। চাৰিটা ভাগ আছে। বিধিপূৰ্বক ভাগ কৰা হ’ব নহয়। আধাততো হৈছে এয়া (সূৰ্যবংশী-চন্দ্ৰবংশী)। কোৱাও হয় যে সত্যযুগত সূৰ্যবংশী ৰাজ্য, ত্ৰেতাত চন্দ্ৰবংশী ৰামৰাজ্য - এয়া তোমালোকে সিদ্ধ কৰি শুনোৱা। তেন্তে নিশ্চয় সকলোতকৈ দীঘলীয়া আয়ুস তেওঁলোকৰে হ’ব যিসকল প্ৰথমতে সত্যযুগত আহে। গোটেই কল্পই হৈছে 5 হাজাৰ বছৰৰ। তেওঁলোকে 84 লাখ যোনি বুলি কৈ দিয়ে সেয়েহে কল্পৰ আয়ুসো লাখ লাখ বছৰ বুলি কৈ দিয়ে। কোনেও মানি নলয়। ইমান ডাঙৰ সৃষ্টি থাকিবও নোৱাৰে। সেয়েহে পিতাই বহি বুজায় – সেই সকলোবোৰ হৈছে অজ্ঞান আৰু এয়া হৈছে জ্ঞান। জ্ঞান ক’ৰ পৰা আহিল - সেয়াও কোনেও গম নাপায়। জ্ঞানৰ সাগৰতো এজন পিতা, তেৱেঁই মুখেৰে জ্ঞান দিয়ে। গো-মুখ বুলি কয়। এই গো-মাতাৰ দ্বাৰা তোমালোক সকলোকে তুলি লয়। এই সৰু কথাটি বুজাবলৈতো বহুত সহজ। এদিন বুজাই আকৌ এৰি দিলে তেতিয়া বুদ্ধি আন বেলেগ বেলেগ কথাত লাগি যাব। স্কুলত এদিন পঢ়া হয় নে নিয়মীয়াকৈ পঢ়িব লাগে! জ্ঞান এদিনত বুজিব নোৱাৰি। বেহদৰ পিতাই আমাক পঢ়ায় তেন্তে নিশ্চয় বেহদৰ পঢ়া হ’ব। বেহদৰ ৰাজ্য দিয়ে। ভাৰতত বেহদৰ ৰাজ্য আছিল নহয়। এই লক্ষ্মী-নাৰায়ণে বেহদৰ ৰাজ্য কৰিছিল। এই কথাবোৰ কাৰো সপোনতো নাই যে প্ৰশ্ন কৰিব এওঁলোকে ৰাজ্য কেনেকৈ পালে? তেওঁলোকৰ পৱিত্ৰতা অধিক আছিল, যোগী হয় নহয় সেয়েহে আয়ুসো দীঘলীয়া হয়। আমিয়ে যোগী আছিলোঁ। আকৌ 84 জন্ম লৈ ভোগীও নিশ্চয় হ’ব লাগে। মনুষ্যই এইটো নাজানে যে এওঁলোকো নিশ্চয় পুনৰ্জন্মত আহিছে। এওঁলোকক ভগৱান-ভগৱতী বুলি কোৱা নহয়। এওঁলোকৰ আগততো কোনো নাই যিয়ে 84 জন্ম লৈছে। প্ৰথমে যিসকলে সত্যযুগত ৰাজ্য কৰে তেওঁলোকেই 84 জন্ম লয় আকৌ ক্ৰমান্বয়ে অৱনমিত হয়। আমি আত্মাসকলেই দেৱতা হ’মগৈ আকৌ আমিয়ে ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হ’ম। ডিগ্ৰী কম হৈ যাব। গায়নো কৰা হয় যে পূজ্যৰ পৰা পূজাৰী। সতোপ্ৰধানৰ পৰা আকৌ তমোপ্ৰধান হৈ যায়। এনেকৈ পুনৰ্জন্ম লৈ লৈ অৱনমিত হৈ যাব। এয়া কিমান সহজ। কিন্তু মায়া এনেকুৱা যে সকলো কথা পাহৰাই দিয়ে। এই সকলোবোৰ সাৰ কথা একগোট কৰি কিতাপ আদি প্ৰকাশ কৰিব পাৰা, কিন্তু সেয়াতো একো নাথাকিবগৈ। এয়া হৈছে অস্থায়ী। পিতাই কোনো ‘গীতা’ শুনোৱা নাছিল। পিতাইতো এতিয়া যেনেকৈ বুজাই আছে, তেনেকৈয়ে বুজাইছিল। এই বেদ-শাস্ত্ৰ আদি সকলো পাছত ৰচনা কৰে। এয়া যি শাস্ত্ৰ আদি আছে, বিনাশ হ’লে সমুদায়ে জ্বলি যাব। সত্যযুগ-ত্ৰেতাত কোনো কিতাপ নাথাকে, পাছলৈ ভক্তিমাৰ্গত লিখে। কিমান বস্তু তৈয়াৰ কৰে। ৰাৱণৰো প্ৰতিকৃতি সাজে কিন্তু নুবুজাকৈয়ে। একোৱে ক’ব নোৱাৰে। পিতাই বুজায় - এয়া প্ৰত্যেক বছৰে সাজে আৰু জ্বলায়, নিশ্চয় ৰাৱণ বৰ ডাঙৰ শত্ৰু। কিন্তু শত্ৰু কেনেকৈ হয়, এয়া কোনেও নাজানে। তেওঁলোকে ভাবে যে সীতাক চুৰ কৰি লৈ গ’ল হয়তো সেইবাবে শত্ৰু। ৰামৰ সীতাক চুৰ কৰি লৈ যোৱাজন ডাঙৰ ডাকু নহ’ব জানো। কেতিয়া চুৰ কৰিলে! ত্ৰেতাত বুলি ক’বা নে ত্ৰেতাৰ অন্তত বুলি ক’বা। এই কথাবোৰৰ ওপৰত বিচাৰ কৰা হয়। কোনোবাই চুৰি কৰিব পাৰে জানো। কোনজন ৰামৰ সীতা চুৰি হ’ল? ৰাম-সীতাৰো ৰাজধানী আছিল নেকি? এযোৰাই ৰাম-সীতা চলি আহিছে নেকি? এয়াতো শাস্ত্ৰবোৰত যেন কাহিনী লিখি দিছে। বিচাৰ কৰা হয় - কোনগৰাকী সীতা? ৰাম-সীতা 12 যোৰা থাকে নহয়। তেন্তে কোনগৰাকী সীতাক চুৰ কৰিলে? নিশ্চয় শেষৰ ফালৰ হ’ব। এনেকৈ যি কয় যে ৰামৰ সীতাক চুৰি কৰিলে, এতিয়া ৰামৰ ৰাজ্যত গোটেই সময়চোৱাত এজনৰেতো ৰাজ্য নচলিব। নিশ্চয় ৰাজবংশ থাকিব। তেন্তে কোন নম্বৰৰ সীতাক চুৰ কৰিলে? এই সকলোবোৰ অতিকৈ বুজিবলগীয়া কথা। তোমালোক সন্তানসকলে অতি শীতলতাৰে যিকোনো লোককে এই সকলো ৰহস্য বুজাব পাৰা।

পিতাই বুজায় - ভক্তিমাৰ্গত মনুষ্যই কিমান ঠেকা-খুন্দা খাই খাই দুখী হৈ গৈছে। যেতিয়া অতি দুখী হয় তেতিয়া চিঞৰিবলৈ ধৰে – বাবা, এই দুখৰ পৰা মুক্ত কৰক। ৰাৱণতো কোনো বস্তু নহয়। যদি হয় তেন্তে নিজৰ ৰজাক আকৌ প্ৰত্যেক বছৰে কিয় মাৰে! ৰাৱণৰ নিশ্চয় স্ত্ৰীও থাকিব। মন্দোদৰীক দেখুৱায়। মন্দোদৰীৰ প্ৰতিকৃতি সাজি জ্বলোৱা কেতিয়াও দেখা নাই। সেয়েহে পিতাই বহি বুজায় - এয়া হয়েই মিছা মায়া, মিছা কায়া….. এতিয়া তোমালোক মিছলীয়া মনুষ্যৰ পৰা সত্য দেৱতা হ’বলৈ বহি আছা। পাৰ্থক্যতো হ’ল নহয়! তাততো সদায় সঁচা কথা ক’ব। সেয়া হৈছে সত্যখণ্ড। এয়া হৈছে মিছাখণ্ড। সেইকাৰণে মিছাই কৈ থাকে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান সাগৰ পিতাই নিতৌ যি বেহদৰ পাঠ পঢ়ায়, তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে। যি পঢ়িছা সেয়া আনকো নিশ্চয় পঢ়াব লাগে।

(2) এই বেহদৰ ড্ৰামাখন কেনেকৈ চলি আছে, এইখন অনাদি ৰচি থোৱা অপূৰ্ব ড্ৰামা, এইটো ৰহস্য ভালকৈ বুজি আকৌ বুজাব লাগে।

বৰদান:
পৱিত্ৰতাৰ শ্ৰেষ্ঠ ধাৰণাৰ দ্বাৰা এক ধৰ্মৰ সংস্কাৰধাৰী সমৰ্থ সম্ৰাট হোৱা

তোমালোকৰ স্বৰাজ্যৰ ধৰ্ম অৰ্থাৎ ধাৰণা হৈছে ‘পৱিত্ৰতা’। এক ধৰ্ম অৰ্থাৎ এক ধাৰণা। সপোন বা সংকল্প মাত্ৰও অপৱিত্ৰতা অৰ্থাৎ অন্য ধৰ্ম যাতে নহয় কিয়নো য’ত পৱিত্ৰতা আছে ত’ত অপৱিত্ৰতা অৰ্থাৎ ব্যৰ্থ বা নেতিবাচক সংকল্পৰ নাম-চিহ্ন নাথাকিব। এনেকুৱা সম্পূৰ্ণ পৱিত্ৰতাৰ সংস্কাৰ ধাৰণ কৰোঁতাসকলেই সমৰ্থ সম্ৰাট। এতিয়াৰ শ্ৰেষ্ঠ সংস্কাৰৰ আধাৰত ভৱিষ্যত সংসাৰ হয়। এতিয়াৰ সংস্কাৰ ভৱিষ্যত সংসাৰৰ আধাৰ।

স্লোগান:
বিজয়ী ৰত্ন তেৱেঁই যাৰ সঁচা প্ৰীতি একমাত্ৰ পৰমাত্মাৰ সৈতে আছে।


সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সন্তুষ্টতা গুণ ধাৰণ কৰি সীমিত ‘মোৰ-তোমাৰ’ ভাৱৰ চক্ৰৰ পৰা মুক্ত হৈ থাকা। সন্তুষ্টতাই সদায় নিৰ্বিকল্প, একৰসৰ বিজয়ী আসনৰ অধিকাৰী কৰি দিয়ে। সন্তুষ্টমণিসকল সদায় বাপদাদাৰ অন্তৰ আসনৰ অধিকাৰী, সহজ স্মৃতিৰ তিলকধাৰী, বিশ্ব-পৰিৱৰ্তনৰ সেৱাৰ মুকুটধাৰী হৈ নিজৰ সম্পন্ন স্বৰূপত স্থিত হৈ থাকে। এই সন্তুষ্টতাই ব্ৰাহ্মণ জীৱনৰ জীৱদান।