16.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“তোমালোকে পাঠ পঢ়িব আৰু পঢ়াব লাগে, ইয়াত আশীৰ্বাদৰ কথা নাই, তোমালোকে সকলোকে এইটোৱে
কোৱা যে পিতাক স্মৰণ কৰা তেতিয়া সকলো দুখ দূৰ হৈ যাব ”
প্ৰশ্ন:
মনুষ্যৰ কি কি
চিন্তা থাকে? তোমালোক সন্তানসকলৰ কোনো চিন্তা নাই – কিয়?
উত্তৰ:
মনুষ্যৰ এই সময়ত চিন্তাই চিন্তা - সন্তানৰ বেমাৰ হ’লে তেতিয়াও চিন্তা, সন্তান মৰিলে
তেতিয়াও চিন্তা, কাৰোবাৰ সন্তান নহ’লে তেতিয়াও চিন্তা, কোনোবাই শস্য বেছিকৈ মজুত কৰি
ৰাখিলে, পুলিচ বা আয়কৰ বিভাগৰ লোক আহিল তেতিয়াও চিন্তা…… এইখন হয়েই লেতেৰা জগত, দুখ
দিওঁতা। তোমালোক সন্তানসকলৰ কোনো চিন্তা নাই, কাৰণ তোমালোকে সৎগুৰু বাবাক পাইছা।
এনেকৈ কয়ো যে স্বামী (ঈশ্বৰ) সৎগুৰুক পোৱাৰ পাছত সকলো চিন্তা দূৰ হৈ গ’ল….। এতিয়া
তোমালোক এনেকুৱা জগতলৈ যোৱা য’ত কোনো চিন্তা নাই।
গীত:
তু প্যাৰ কা
সাগৰ হে…… (তুমি প্ৰেমৰ সাগৰ………)
ওঁম্শান্তি।
মৰমৰ
সন্তানসকলে গীতটি শুনিলে। অৰ্থও বুজি পায়, আমিও মাষ্টৰ স্নেহৰ সাগৰ হ’ব লাগে।
আত্মাসকল সকলো ভাই ভাই। সেয়েহে পিতাই তোমালোক ভাইসকলক কয়, যেনেকৈ মই স্নেহৰ সাগৰ,
তোমালোকেও বহুত স্নেহেৰে চলিব লাগে। দেৱতাসকলৰ বহুত স্নেহ আছে, কিমান তেওঁলোকক
স্নেহ কৰে, ভোগ আগবঢ়ায়। এতিয়া তোমালোক পৱিত্ৰ হ’ব লাগে, ডাঙৰ কথাতো নহয়। এইখন
বহুতেই ছিঃ ছিঃ জগত। প্ৰতিটো কথাতে চিন্তা থাকে। দুখৰ উপৰি দুখেই আছে। ইয়াক কোৱা হয়
দুখধাম। পুলিচ বা আয়কৰ বিষয়া আহে, মনুষ্যৰ কিমান হাৰাশাস্তি হৈ যায়, কথাই নুসুধিবা!
কোনোবাই শস্য বেছিকৈ মজুত কৰি ৰাখিলে, পুলিচ আহিলে শেঁতা পৰি যায়। এইখন কেনেকুৱা
লেতেৰা জগত। নৰক হয় নহয়। স্বৰ্গক স্মৰণো কৰে। নৰকৰ পাছত স্বৰ্গ, স্বৰ্গৰ পাছত নৰক -
এই চক্ৰ ঘূৰি থাকে। সন্তানসকলে জানে এতিয়া স্বৰ্গবাসী কৰি তুলিবলৈ পিতা আহিছে।
নৰকবাসীৰ পৰা স্বৰ্গবাসী হয়। তাত বিকাৰ নাথাকে কাৰণ ৰাৱণেই নাই। সেইখন হৈছেই
সম্পূৰ্ণ নিৰ্বিকাৰী শিৱালয়। এইখন হৈছে বেশ্যালয়। এতিয়া অলপ অপেক্ষা কৰা সকলোৱে গম
পাই যাব – এইখন জগতত সুখ আছে নে দুখ আছে। ভূমিকম্প আদি আহিলে তেতিয়া মনুষ্যৰ কি
অৱস্থা হৈ যায়। সত্যযুগত চিন্তাৰ অলপো কথা নাই। ইয়াততো চিন্তা বহুত - সন্তানৰ বেমাৰ
হ’লে চিন্তা, সন্তান মৰিলে চিন্তা। চিন্তাই চিন্তা। স্বামীয়েহে (ঈশ্বৰেহে) চিন্তাৰ
পৰা মুক্ত কৰে….. সকলোৰে স্বামীতো এজনেই নহয় জানো। তোমালোক শিৱবাবাৰ আগত বহি আছা।
এই ব্ৰহ্মা কোনো গুৰু নহয়। এওঁতো ভাগ্যশালী ৰথ। পিতাই এই ভাগীৰথৰ দ্বাৰা তোমালোকক
পঢ়ায়। তেওঁ জ্ঞানৰ সাগৰ। তোমালোকেও গোটেই জ্ঞান পাইছা। এনেকুৱা কোনো দেৱতা নাই যাক
তোমালোকে নাজানা। সঁচা আৰু মিছাৰ পৰিচয় তোমালোকৰ আছে। জগতত কোনেও নাজানে। সত্যখণ্ড
আছিল, এতিয়া হ’ল মিছাখণ্ড। এয়া কোনেও নাজানে – সত্যখণ্ড কেতিয়া আৰু কোনে স্থাপনা
কৰিলে। এয়া হৈছে অজ্ঞানৰ অন্ধকাৰ ৰাত্ৰি। পিতা আহি ৰশ্মি দিয়ে। গায়নো কৰে তোমাৰ
গতি-মত তুমিহে জানা। উচ্চতকৈও উচ্চ সেই এজনেই, বাকী সকলো হ’ল ৰচনা। তেওঁ হ’ল ৰচয়িতা
বেহদৰ পিতা। সেয়া হ’ল হদৰ (লৌকিক) পিতা যিয়ে 2-4টা সন্তান ৰচে। সন্তান নহ’লে চিন্তা
হৈ যায়। তাততো এনেকুৱা কথা নাথাকে। আয়ুস্মান ভৱ, ধনৱান ভৱ…. তোমালোক হৈ থাকা।
তোমালোকে কোনো আশীৰ্বাদ নিদিয়া। এয়াতো হৈছে পঢ়া। তোমালোক হ’লা শিক্ষক। তোমালোকেতো
কেৱল কোৱা শিৱবাবাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। এয়াও শিক্ষা দিয়া হ’ল নহয়।
ইয়াক কোৱা হয় সহজ যোগ বা স্মৃতি। আত্মা অবিনাশী, শৰীৰ বিনাশী। পিতাই কয় - ময়ো
অবিনাশী। তোমালোকে মোক আহ্বান জনোৱা যে আহি আমি পতিতসকলক পাৱন কৰি তোলক। আত্মাইহে
কয় নহয়। পতিত আত্মা, মহান আত্মা বুলি কোৱা হয়। পৱিত্ৰতা থাকিলে সুখ-শান্তিও থাকে।
এয়া হৈছে আটাইতকৈ
পৱিত্ৰ গীৰ্জা। খ্ৰীষ্টানসকলৰ কোনো পৱিত্ৰ গীৰ্জা নাই। তালৈতো বিকাৰী যায়। ইয়াত
বিকাৰীৰ অহাৰ অনুমতি নাই। এটা কাহিনীও আছে নহয় – ইন্দ্ৰসভালৈ কোনোবা পৰীয়ে কাৰোবাক
লুকুৱাই লৈ গ’ল, তেওঁ গম পালে তেতিয়া সেইজনে অভিশাপ পালে পাথৰ হৈ যোৱা। ইয়াত অভিশাপ
আদিৰ কোনো কথা নাই। ইয়াততো জ্ঞানৰ বৰ্ষা হয়। পতিত কোনো এই পৱিত্ৰ স্থানলৈ আহিব
নোৱাৰে। এদিন এনেকুৱাও হ’ব, সভাঘৰো বহুত ডাঙৰ নিৰ্মাণ হৈ যাব। এয়া আটাইতকৈ পৱিত্ৰ
স্থান। তোমালোকো পৱিত্ৰ হোৱা। মনুষ্যই ভাবে বিকাৰ নোহোৱাকৈ সৃষ্টি কেনেকৈ চলিব? এয়া
কেনেকৈ হ’ব? নিজৰ জ্ঞান থাকে। দেৱতাসকলৰ আগত কয়ো - আপুনি সৰ্বগুণ সম্পন্ন, মই পাপী।
গতিকে স্বৰ্গ হ’ল আটাইতকৈ পৱিত্ৰ। তেওঁলোকেই আকৌ 84 জন্ম লৈ আটাইতকৈ পৱিত্ৰ হয়।
সেইখন হ’ল পৱিত্ৰ সৃষ্টি, এইখন হ’ল পতিত সৃষ্টি। সন্তান জন্ম হ’লে আনন্দোৎসৱ কৰে,
বেমাৰ হ’লে মুখ শেঁতা পৰি যায়, মৰি গ’লেতো একেবাৰে পগলা হৈ যায়। এনেকুৱাও কোনো কোনো
হৈ যায়। এনেকুৱাসকলকো লৈ আহে, বাবা এওঁৰ সন্তানৰ মৃত্যু হোৱা বাবে মগজ বেয়া হৈ গ’ল,
এয়া দুখৰ সৃষ্টি নহয় জানো। এতিয়া পিতাই সুখৰ সৃষ্টিলৈ লৈ যায়। গতিকে শ্ৰীমতত চলিব
লাগে। গুণো বহুত ভাল হ’ব লাগে। যিয়ে কৰিব তেৱেঁ পাব। দৈৱী চৰিত্ৰও লাগে। স্কুলত
‘ৰেজিষ্টাৰ’ত চৰিত্ৰও লিখে। কোনোৱেতো বাহিৰত ঠেকা-খুন্দা খাই ফুৰে। মাতা-পিতাক বহুত
বিপাঙত পেলায়। এতিয়া পিতাই শান্তিধাম-সুখধামলৈ লৈ যায়। ইয়াক কোৱা হয় “শান্তি স্তম্ভ”
অৰ্থাৎ শান্তিৰ শিখৰ, য’ত আত্মাসকল নিবাস কৰে সেয়া হ’ল শান্তিৰ সৰ্বোচ্চ স্থান।
সূক্ষ্মলোক হ’ল ছায়াছবি, তাৰ কেৱল তোমালোকে সাক্ষাৎকাৰ কৰা, বাকী তাত একোৱেই নাই।
এয়াও সন্তানসকলৰ সাক্ষাৎকাৰ হৈছে। সত্যযুগত বুঢ়া হ’লে আনন্দেৰে শৰীৰ এৰি দিয়ে। এয়া
হৈছে 84 জন্মৰ পুৰণা শৰীৰ। পিতাই কয় – তোমালোক পাৱন আছিলা, এতিয়া পতিত হ’লা। এতিয়া
পিতা তোমালোকক পাৱন কৰি তুলিবলৈ আহিছে। তোমালোকে মোক আহ্বান জনাইছা নহয়। জীৱাত্মাই
পতিত হ’ল আকৌ সেই জীৱাত্মাই পাৱন হ’ব। তোমালোক এই দেৱী-দেৱতা বংশৰ আছিলা নহয়। এতিয়া
আসুৰি বংশৰ হ’লা। আসুৰি আৰু ঈশ্বৰীয় অথবা দৈৱী বংশৰ মাজত কিমান পাৰ্থক্য আছে। এয়া
হ’ল তোমালোকৰ ব্ৰাহ্মণ কুল। ৰাজবংশ ৰাজপৰিয়াক কোৱা হয় য’ত ৰাজ্য থাকে। ইয়াত ৰাজ্য
নাই। ‘গীতা’ত পাণ্ডৱ আৰু কৌৰৱসকলৰ ৰাজ্যৰ উল্লেখ আছে কিন্তু এনেকুৱা নহয়।
তোমালোকতো হ’লা
আত্মিক সন্তান। পিতাই কয় – মৰমৰ সন্তানসকল, অতি অমায়িক হৈ যোৱা। স্নেহৰ সাগৰ হৈ যোৱা।
দেহ-অভিমানৰ কাৰণেই স্নেহৰ সাগৰ হ’ব নোৱাৰে সেইকাৰণে আকৌ বহুত শাস্তি খাবলগীয়া হয়।
তেতিয়া শাস্তি খাই ৰুটি টুকুৰা পাব। স্বৰ্গলৈতো যাব কিন্তু শাস্তি বহুত খাব। শাস্তি
কেনেকৈ পায়, সেয়াও তোমালোক সন্তানসকলে সাক্ষাৎকাৰ কৰিছা। বাবাইতো বুজায় বহুত মৰমেৰে
চলা, নহ’লে ক্ৰোধৰ অংশ আহি যাব। ধন্যবাদ জনোৱা - পিতাক পাইছোঁ যিয়ে আমাক নৰকৰ পৰা
উলিয়াই স্বৰ্গলৈ লৈ যায়। শাস্তি খোৱাতোতো বহুত বেয়া। তোমালোকে জানা সত্যযুগত হৈছে
স্নেহৰ ৰাজধানী। স্নেহৰ বাহিৰে আন একো নাই। ইয়াততো অলপ কথাতে চেহেৰা সলনি হৈ যায়।
পিতাই কয় - মই পতিত সৃষ্টিলৈ আহোঁ, মোক নিমন্ত্ৰণেই পতিত সৃষ্টিলৈ জনায়। পিতাই আকৌ
সকলোকে নিমন্ত্ৰণ জনায় – অমৃত পান কৰা। বিষ আৰু অমৃতৰ এখন কিতাপ ওলাইছে। কিতাপ
লিখাজনে পুৰস্কাৰ পাইছে, প্ৰসিদ্ধ হয়। চাব লাগে কি লিখিছে। পিতাইতো কয় মই তোমালোকক
জ্ঞান অমৃত পান কৰাওঁ, তোমালোকে আকৌ বিষ কিয় খোৱা? ৰক্ষাবন্ধনো এই সময়ৰ স্মাৰক নহয়
জানো। পিতাই সকলোকে কয় পৱিত্ৰ হ’বলৈ প্ৰতিজ্ঞা কৰা, এয়া অন্তিম জন্ম। পৱিত্ৰ হৈ
থাকিলে, যোগযুক্ত হৈ থাকিলে তেতিয়া পাপ খণ্ডন হ’ব। নিজৰ অন্তৰক সুধিব লাগে, মই
স্মৃতিত থাকোঁনে নাথাকোঁ? সন্তানৰ কথা স্মৃতিলৈ আনি আনন্দিত হয় নহয়। স্ত্ৰী-পুৰুষে
পৰস্পৰ স্মৰণ কৰি আনন্দিত হয় নহয়। এওঁ কোন? ভগৱানুবাচ, নিৰাকাৰ। পিতাই কয় - মই এওঁৰ
(শ্ৰীকৃষ্ণৰ) 84তম জন্মৰ পাছত পুনৰাই স্বৰ্গৰ মালিক কৰি তোলোঁ। এতিয়া বৃক্ষ সৰু হৈ
আছে। মায়াৰ ধুমুহা বহুত লাগে। এই সকলোবোৰ বৰ গুপ্ত কথা। পিতাইতো কয় - সন্তানসকল
স্মৃতিৰ যাত্ৰাত থাকা আৰু পৱিত্ৰ হৈ থাকা। ইয়াতেই পূৰা ৰাজধানী স্থাপনা হৈ যাব
লাগিব। ‘গীতা’ত যুদ্ধ দেখুৱায়। পাণ্ডৱ পাহাৰত গলি মৰি গ’ল। বচ্ ফলাফল একো নাই।
এতিয়া তোমালোক
সন্তানসকলে সৃষ্টিৰ আদি-মধ্য-অন্তক জানা। পিতা জ্ঞানৰ সাগৰ হয় নহয়। তেওঁ হৈছে পৰম
আত্মা। আত্মাৰ ৰূপ কি, এইটোও গম নাপায়। তোমালোকৰ বুদ্ধিত সেই বিন্দু আছে। তোমালোকৰ
ভিতৰতো কিছুমানে যথাৰ্থ ৰীতি বুজি নাপায়। আকৌ কয় বিন্দুক কেনেকৈ স্মৰণ কৰোঁ। একোৱেই
বুজি নাপায়। তথাপিও পিতাই কয় – অলপো যদি শুনে তেন্তে জ্ঞানৰ বিনাশ নহয়। জ্ঞানত আহি
আকৌ গুচি যায়, কিন্তু অলপো যদি শুনে তেন্তে স্বৰ্গলৈ নিশ্চয় আহিব। যিয়ে বহুত শুনিব,
ধাৰণা কৰিব তেওঁ ৰাজ্য-ভাগ্য পাই যাব। অলপ শুনাসকল প্ৰজাত আহিব। ৰাজধানীততো ৰজা-ৰাণী
আদি সকলো থাকে নহয়। তাত মন্ত্ৰী (পৰামৰ্শদাতা) নাথাকে, ইয়াত বিকাৰী ৰজাসকলে মন্ত্ৰী
ৰাখিবলগীয়া হয়। পিতাই তোমালোকক বহুত বিশাল বুদ্ধিৰ কৰি তোলে। তাত মন্ত্ৰীৰ
প্ৰয়োজনেই নাথাকে। সিংহ আৰু ছাগলীয়ে একেলগে জল পান কৰে। গতিকে পিতাই বুজায় –
তোমালোকো লুণীয়া (অপ্ৰীতিকৰ) নহ’বা, গাখীৰ আৰু চেনীৰ দৰে হোৱা। গাখীৰ আৰু চেনি
দুয়োটা ভাল বস্তু হয় নহয়। মতভেদ আদি একো নাৰাখিবা। ইয়াততো মনুষ্যই কিমান হাই-কাজিয়া
কৰি থাকে। এইখন হয়েই ৰৌৰৱ নৰক। নৰকত ডুবি থাকে। পিতা আহি উদ্ধাৰ কৰে। উলিয়াই আনোতে
আনোতে আকৌ আৱদ্ধ হৈ যায়। কোনোৱেতো আনক উলিয়াবলৈ গৈ নিজেও আৱদ্ধ হৈ যায়। আৰম্ভণিতে
বহুতকে মায়া ৰূপী ঘঁৰিয়ালে ধৰি ল’লে। একেবাৰে সকলো গিলি পেলালে। অলপ চিহ্নও নাথাকিল।
কোনো কোনোৰ চিহ্ন আছে যিসকল পুনৰ উভতি আহিছে। কিছুমান একেবাৰে শেষ। ইয়াত বাস্তৱত
সকলো হৈ আছে। তোমালোকে ইতিহাস শুনিলে তেতিয়া আচম্বিত হ’বা। গায়ন আছে আপুনি মৰম কৰক
বা প্ৰত্যাখ্যান কৰক, আমি আপোনাৰ দ্বাৰৰ বাহিৰ নহওঁ। বাবাইতো কেতিয়াও মুখেৰেও
এনেকুৱা একো নকয়। কিমান মৰমেৰে পঢ়ায়। সন্মুখত লক্ষ্য-উদ্দেশ্য থিয় হৈ আছে। উচ্চতকৈও
উচ্চ পিতাই এনেকুৱা (বিষ্ণু) কৰি গঢ়ি তোলে। সেই বিষ্ণুয়েই আকৌ ব্ৰহ্মা হয়। চেকেণ্ডত
জীৱনমুক্তি পালে আকৌ 84 জন্ম লৈ এয়া (ব্ৰহ্মা) হ’ল। ততত্বম্ (তোমালোকৰ ক্ষেত্ৰতো
একে কথা)। তোমালোকৰো ফটো লোৱা হৈছিল নহয়। তোমালোক ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ হোৱা।
তোমালোকৰ মুকুটতো এতিয়া নাই, ভৱিষ্যতলৈ পাবা সেইকাৰণে তোমালোকৰ সেই ফটোও ৰখা হৈছে।
পিতা আহি সন্তানসকলক দ্বৈত মুকুটধাৰী কৰি তোলে। তোমালোকে অনুভৱ কৰা যথাযথ প্ৰথমতে
আমাৰ 5 বিকাৰ আছিল। (নাৰদৰ দৃষ্টান্ত) পোন-প্ৰথমে ভক্তও তোমালোকেই হৈছা। এতিয়া
পিতাই কিমান উচ্চ কৰি তোলে। একেবাৰে পতিতৰ পৰা পাৱন। পিতাই একোৱে নলয়। শিৱবাবাই আকৌ
কি ল’ব! তোমালোকে শিৱবাবাৰ ভঁৰালত দিয়া। মইতো (ব্ৰহ্মা) নিমিত্ত হওঁ। লেন-দেনৰ সকলো
হিচাপ শিৱবাবাৰ লগত। মই পঢ়োঁ, পঢ়াওঁ। যিয়ে নিজৰেই সকলো দি দিলে তেওঁ আকৌ ল’ব কি।
কোনো বস্তুৰ প্ৰতি মমত্ব নাই। গায়নো কৰে অমুক স্বৰ্গবাসী হ’ল। তেন্তে তেওঁক আকৌ
নৰকৰ খাদ্য আদি কিয় খাবলৈ দিয়া। অজ্ঞান নহয় জানো। নৰকত আছে গতিকে পুনৰ্জন্মও নৰকতেই
হ’ব নহয়। এতিয়া তোমালোক অমৰলোকলৈ যোৱা। এয়া লুটি বাগৰ মৰা খেল। তোমালোক ব্ৰাহ্মণ
টিকনি (অতি উচ্চ) হোৱা আকৌ দেৱতা ক্ষত্ৰিয় হ’বাগৈ সেইকাৰণে পিতাই বুজায় – বৰ অমায়িক
হোৱা। তথাপিও শুধৰণি নহয় তেন্তে ক’ব তেওঁৰ ভাগ্য। নিজৰেই লোকচান কৰে। শুধৰণিয়েই নহয়
তেন্তে ঈশ্বৰৰ পুৰুষাৰ্থইও কি কৰিব।
পিতাই কয় - মই
আত্মাসকলৰ সৈতে কথা পাতি আছোঁ। অবিনাশী আত্মাসকলক অবিনাশী পৰমাত্মা পিতাই জ্ঞান দি
আছে। আত্মাই কাণেৰে শুনে। বেহদৰ পিতাই এই জ্ঞান শুনাই আছে। তোমালোকক মনুষ্যৰ পৰা
দেৱতা কৰি তোলে। মাৰ্গ-দৰ্শন কৰোঁতা সৰ্বোচ্চ পাণ্ডা বহি আছে। শ্ৰীমতে কয় – পৱিত্ৰ
হোৱা, মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম হৈ যাব। তোমালোকেই সতোপ্ৰধান আছিলা।
84 জন্মও তোমালোকেই লৈছা। পিতাই এওঁকেই বুজায় তুমি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈছা,
এতিয়া আকৌ মোক স্মৰণ কৰা। ইয়াক যোগ অগ্নি বুলি কোৱা হয়। এই জ্ঞানো এতিয়া তোমালোকৰ
আছে। সত্যযুগত কোনেও মোক স্মৰণ নকৰে। এই সময়তে মই কওঁ – মোক স্মৰণ কৰা তেতিয়া
তোমালোকৰ পাপ খণ্ডন হৈ যাব আৰু কোনো ৰাস্তা নাই। এইখন স্কুল নহয় জানো। ইয়াক কোৱা হয়
বিশ্ব বিদ্যালয়, ৱৰ্ল্ড ইউনিভাৰ্চিটি। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান আৰু
কোনেও নাজানে। শিৱবাবাই কয় - এই লক্ষ্মী-নাৰায়ণৰো এই জ্ঞান নাই। এয়াতো প্ৰালব্ধ হয়
নহয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মৰমৰ
ৰাজধানীলৈ যাব লাগে, সেইকাৰণে পৰস্পৰ মিলা-প্ৰীতিৰে থাকিব লাগে। কেতিয়াও অপ্ৰীতিকৰ
হৈ মতভেদত আহিব নালাগে। নিজেই নিজক শুধৰাব লাগে।
(2) দেহ-অভিমান এৰি
মাষ্টৰ স্নেহৰ সাগৰ হ’ব লাগে। নিজৰ দৈৱী চৰিত্ৰ গঠন কৰিব লাগে। বৰ অমায়িক হৈ চলিব
লাগে।
বৰদান:
মনৰ
স্বতন্ত্ৰতাৰ দ্বাৰা সকলো আত্মাক শান্তিৰ দান দিওঁতা মনেৰে মহাদানী হোৱা
বান্ধোনত থকাসকল
শাৰীৰিকভাৱে যদিও পৰতন্ত্ৰ কিন্তু মনেৰে যদি স্বতন্ত্ৰ হয় তেন্তে নিজৰ বৃত্তিৰ
দ্বাৰা, শুদ্ধ সংকল্পৰ দ্বাৰা বিশ্বৰ বায়ুমণ্ডল পৰিৱৰ্তন কৰাৰ সেৱা কৰিব পাৰে।
বৰ্তমান বিশ্বক মনৰ শান্তিৰ আৱশ্যক। মনেৰে স্বতন্ত্ৰ আত্মাই মনৰ দ্বাৰা শান্তিৰ
প্ৰকম্পন বিয়পাব পাৰে। শান্তিৰ সাগৰ পিতাৰ স্মৃতিত থাকিলে আপোনাআপুনি শান্তিৰ কিৰণ
বিয়পে। এনেকৈ শান্তি দান দিওঁতাসকল মনেৰে মহাদানী হয়।
স্লোগান:
পুৰুষাৰ্থ এনেকুৱা কৰা যাতে সেয়া দেখি অন্য আত্মাসকলেও অনুসৰণ কৰে।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
প্ৰত্যেক ব্ৰাহ্মণ
পিতা-সম চৈতন্য চিত্ৰ হোৱা, লাইট আৰু মাইট হাউচৰ আৰ্হি হোৱা। সংকল্প শক্তি, শান্তিৰ
ওপৰত ভাষণ প্ৰস্তুত কৰা আৰু কৰ্মাতীত স্থিতিত বৰদানী মূৰ্তৰ ভূমিকা পালন কৰা তেতিয়া
সম্পূৰ্ণতা সমীপত আহিব। তেতিয়া চেকেণ্ডতকৈও কম সময়ত য’ত কৰ্তব্য কৰিবলগীয়া আছে ত’ত
বেতাঁৰ যন্ত্ৰৰ দ্বাৰা নিৰ্দেশনা দিব পাৰিবা। চেকেণ্ডত কৰ্মাতীত স্থিতিৰ আধাৰেৰে
সংকল্প কৰিলেই যাতে য’ত বিচৰা ত’ত সেই সংকল্প গৈ পায়।