17.02.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা তোমালোকৰ অতিথি হৈ আহিছে সেয়েহে তোমালোকে আদৰ কৰিব লাগে, যেনেকৈ মৰমেৰে মাতিছা তেনেকৈ আদৰো কৰিব লাগে, নিৰাদৰ যাতে নহয়"

প্ৰশ্ন:
কোনটো নিচা তোমালোক সন্তানসকলৰ সদায় বাঢ়ি থাকিব লাগে? যদি নিচা নাবাঢ়ে তেন্তে কি বুলি কোৱা হ'ব?

উত্তৰ:
উচ্চতকৈও উচ্চ আচামী (ব্যক্তি) এই পতিত সৃষ্টিলৈ আমাৰ অতিথি হৈ আহিছে, এইটো নিচা সদায় বাঢ়ি থাকিব লাগে। কিন্তু ক্ৰমানুসৰিহে এইটো নিচা বাঢ়ে। বহুততো পিতাৰ হৈও সংশয়বুদ্ধিৰ হৈ হাত এৰি গুচি যায় তেতিয়া সেয়া তেওঁৰ দুৰ্ভাগ্য বুলি কোৱা হ'ব।

ওঁম্শান্তি।
ওঁ‌ম্ শান্তি। দুবাৰ ক'বলগীয়া হয়। এয়াতো সন্তানসকলে জানে যে এজন হ'ল বাবা, আনজন দাদা। দুয়োজন একত্ৰিত হৈ আছে নহয়। ভগৱানৰ মহিমাও কিমান উচ্চ কৰে কিন্তু শব্দবোৰ কিমান সাধাৰণ – ঈশ্বৰ পিতা। কেৱল পিতা বুলি কোৱা নহয়, ঈশ্বৰ পিতা তেওঁ হ'ল উচ্চতকৈও উচ্চ। তেওঁৰ মহিমাও বহুত উচ্চ। তেওঁক মাতেও পতিত সৃষ্টিলৈ। স্বয়ং আহি কয় যে মোক পতিত সৃষ্টিলৈহে মাতে কিন্তু তেওঁ কেনেকৈ পতিত-পাৱন হয়, কেতিয়া আহে, এয়া কোনেও নাজানে। আধাকল্প সত্যযুগ-ত্ৰেতাত কাৰ ৰাজ্য আছিল, কেনেকৈ হৈছিল, কোনেও এয়া নাজানে। পতিত-পাৱন পিতা নিশ্চয় আহেও, তেওঁক কোনোবাই পতিত-পাৱন বুলি কয়, কোনোবাই মুক্তিদাতা বুলি কয়। আহ্বানো জনায় যে স্বৰ্গলৈ লৈ ব'লক। তেওঁ সকলোতকৈ উচ্চৰো উচ্চ নহয় জানো। তেওঁক পতিত সৃষ্টিলৈ মাতে যে আহি আমাক ভাৰতবাসীক শ্ৰেষ্ঠ কৰি তোলক। তেওঁৰ পদমৰ্যাদা কিমান উচ্চ। তেওঁ হৈছে সৰ্বোচ্চ হৰ্তা-কৰ্তা। যেতিয়া ৰাৱণৰাজ্য হয় তেতিয়া তেওঁক আহ্বান জনায়। নহ'লে এই ৰাৱণৰাজ্যৰ পৰা কোনে উদ্ধাৰ কৰিব? এই সকলোবোৰ কথা তোমালোক সন্তানসকলে শুনা সেয়েহে নিচাও বাঢ়ি থাকিব লাগে। কিন্তু সিমান নিচা নাবাঢ়ে। মদৰ নিচা সকলোৰে লাগে, এইটোহে নালাগে। ইয়াত হৈছে ধাৰণাৰ কথা, ভাগ্যৰ কথা। গতিকে পিতা হৈছে বহুত ডাঙৰ ব্যক্তি। তোমালোকৰ মাজতো কিছুমানৰ পূৰা নিশ্চয়তা থাকে। নিশ্চয়তা যদি সকলোৰে থাকিলহেঁতেন তেন্তে সংশয়ত আহি গুচি যায় কিয়? পিতাক পাহৰি যায়। পিতাৰ হৈ গ’লে তেতিয়া পিতাৰ প্ৰতি কোনো সংশয়বুদ্ধি থাকিব নোৱাৰে। কিন্তু এই পিতা হৈছে বিস্ময়কৰ। গায়নো আছে আশ্চৰ্যজনকভাৱে বাবাক জানে, বাবা বুলি কয়, জ্ঞান শুনে, আনক শুনায়, তথাপি মায়াই আকৌ সংশয়বুদ্ধিৰ কৰি তোলে। পিতাই বুজায় - এই ভক্তিমাৰ্গৰ শাস্ত্ৰসমূহত কোনো সাৰ নাই। পিতাই কয় - মোক কোনেও নাজানে। তোমালোক সন্তানসকলৰ মাজতো কাচিৎহে কোনোবা স্মৃতিত তিষ্ঠি থাকিব পাৰে। তোমালোকেও অনুভৱ কৰা যে সেই স্মৃতি স্থায়ী হৈ নাথাকে। আমি আত্মা বিন্দু, বাবাও বিন্দু, তেওঁ আমাৰ পিতা, তেওঁৰ নিজৰ শৰীৰতো নাই। তেওঁ কয় - মই এইটো শৰীৰৰ আধাৰ লওঁ। মোৰ নাম শিৱ। মোৰ আত্মাৰ নাম কেতিয়াও সলনি নহয়। তোমালোকৰ শৰীৰৰ নাম সলনি হয়। শৰীৰৰহে নাম থাকে। বিবাহৰ পাছত নাম সলনি হৈ যায়। তেতিয়া সেইটো নাম স্থায়ী কৰি লয়। সেয়েহে এতিয়া পিতাই কয় - তোমালোকে এইটো দৃঢ় কৰি লোৱা যে আমি আত্মা। এয়া পিতাইহে পৰিচয় দিছে যে যেতিয়াই অত্যাচাৰ আৰু গ্লানি হয় তেতিয়া মই আহোঁ। কোনো শব্দও ধৰি ৰখাৰ প্ৰয়োজন নাই। পিতাই স্বয়ং কয় - মোক পাথৰ শিলগুটি আদি সকলোতে আছোঁ বুলি কৈ কিমান গ্লানি কৰে, এয়াও নতুন কথা নহয়। কল্পই কল্পই এনেকৈয়ে পতিত হয় আৰু গ্লানি কৰে, তেতিয়াহে মই আহোঁ। কল্পই কল্পই মোৰ ভূমিকা আছে। এই ক্ষেত্ৰত কোনো হেৰফেৰ হ'ব নোৱাৰে। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে নহয়। তোমালোকক কিছুমানে কয় যে ভগৱান জানো কেৱল ভাৰতলৈহে আহে! কেৱল ভাৰতেই স্বৰ্গ হ'ব নেকি? হয়। এয়াতো অনাদি-অবিনাশী ভূমিকা হৈ গ'ল নহয়। পিতা কিমান উচ্চতকৈও উচ্চ। পতিতক পাৱন কৰোঁতা পিতাই কয় - মোক এই পতিত সৃষ্টিলৈকে মাতে। মইতো সদায় পাৱন। মোক পাৱন সৃষ্টিলৈ মাতিব নালাগে জানো! কিন্তু নামাতে, পাৱন সৃষ্টিলৈ মতাৰ কোনো প্ৰয়োজনেই নাই। পতিত সৃষ্টিলৈকেহে মাতে যে আহি পাৱন কৰি তোলক। মই কিমান ডাঙৰ অতিথি। আধাকল্পৰ পৰা মোক স্মৰণ কৰি আহিছা। ইয়াত যদি কোনোবা ডাঙৰ ব্যক্তিক মাতে, খুব বেছি এক-দুবছৰলৈহে মাতিব। অমুক এই বছৰ নাহিলে অহা বছৰ আহিব। এওঁ‌কতো (বাবাক) আধাকল্পৰ পৰা বিচাৰি আছা। এওঁ‌ অহাৰ ভূমিকাতো নিৰ্ধাৰিত হৈ আছে। এয়া কোনেও নাজানে। উচ্চতকৈও উচ্চ পিতা। এফালেতো মনুষ্যই পিতাক মৰমেৰে মাতে, আনফালে মহিমাত কলংক লগাই দিয়ে। বাস্তৱিকতে এওঁ আটাইতকৈ ডাঙৰ সন্মানীয় অতিথি, যাৰ মহিমাত কলংক লগাই দিছে, এনেকৈ কৈ দিয়ে যে তেওঁ পাথৰ শিলগুটি আদি সকলোতে আছে। কিমান সৰ্বোচ্চ হৰ্তা-কৰ্তা, মাতেও বহুত আদৰেৰে, কিন্তু একেবাৰেই অজ্ঞানী। মইহে আহি নিজৰ পৰিচয় দিওঁ‌ যে মই তোমালোকৰ পিতা হওঁ। মোক ঈশ্বৰ পিতা বুলি কয়। যেতিয়া সকলো ৰাৱণৰ হাতত বন্দী হৈ যায় তেতিয়াহে পিতা আহিবলগীয়া হয় কাৰণ সকলো হৈছে ভক্ত বা কইনা অৰ্থাৎ সীতা। পিতা হ'ল বৰ অৰ্থাৎ ৰাম। এগৰাকী সীতাৰ কথা নহয়, সকলো সীতাক ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰে। এয়া হ'ল বেহদৰ কথা। এইখন হৈছে পুৰণি পতিত সৃষ্টি। এইখন পুৰণি হোৱা আকৌ পুনৰাই নতুন হোৱা - সেয়া একেবাৰে সঠিক, এই শৰীৰ আদিতো কিছুমান সোনকালে পুৰণা হৈ যায়, কিছুমান বেছি সময় চলে। এয়া ড্ৰামাত সঠিককৈ নিৰ্ধাৰিত হৈ আছে। পূৰা পাঁচ হাজাৰ বছৰ পাছত পুনৰাই মই আহিবলগীয়া হয়। মইহে আহি নিজ পৰিচয় দিওঁ‌ আৰু সৃষ্টি চক্ৰৰ ৰহস্য বুজাওঁ‌। কোনেও মোৰো পৰিচয় নাজানে আৰু ব্ৰহ্মা, বিষ্ণু, শংকৰ, লক্ষ্মী-নাৰায়ণ, ৰাম-সীতাৰো পৰিচয় নাজানে। ড্ৰামাত উচ্চতকৈও উচ্চ ভাৱৰীয়া এওঁলোকেই। হওঁতেতো মনুষ্যৰেই কথা। কোনো 8-10 খন হাত থকা মনুষ্য নাই। বিষ্ণুৰ 8 (চাৰি) খন হাত কিয় দেখুৱায়? ৰাৱণৰ 10টা মূৰ আচলতে কি? এয়া কোনেও নাজানে। পিতাহে আহি গোটেই বিশ্বৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। তেওঁ কয় - মই হৈছোঁ আটাইতকৈ ডাঙৰ অতিথি, কিন্তু গুপ্ত। এয়াও কেৱল তোমালোকেহে জানা। কিন্তু জানিও আকৌ পাহৰি যোৱা। তেওঁক কিমান সন্মান জনাব লাগে, তেওঁক স্মৰণ কৰিব লাগে। আত্মাও নিৰাকাৰ, পৰমাত্মাও নিৰাকাৰ, ইয়াত ফটোৰ কথা নাই। তোমালোকেতো আত্মা বুলি নিশ্চয় কৰি পিতাক স্মৰণ কৰিব লাগে, দেহ-অভিমান ত্যাগ কৰিব লাগে। তোমালোকে সদায় অবিনাশী বস্তু চাব লাগে। তোমালোকে বিনাশী দেহক কিয় চোৱা! দেহী-অভিমানী হোৱা, ইয়াতেই পৰিশ্ৰম হয়। যিমানে স্মৃতিত থাকিবা সিমানে কৰ্মাতীত অৱস্থা পাই উচ্চপদ প্ৰাপ্ত কৰিবা। পিতাই বহুত সহজ যোগ অৰ্থাৎ স্মৰণ কৰিবলৈ শিকায়। যোগতো অনেক প্ৰকাৰৰ আছে। স্মৰণ শব্দটিহে যথোচিত। পৰমাত্মা পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰতে পৰিশ্ৰম হয়। কোনোবা বিৰলজনেহে সঁ‌চা কয় যে মই ইমান সময় স্মৃতিত আছিলোঁ‌। স্মৰণ নকৰেই সেয়েহে ক'বলৈ লাজ পায়। এনেকৈ লিখে যে গোটেই দিনটোত এঘণ্টা স্মৃতিত থাকিলোঁ, তেন্তে লাজ লাগিব নালাগে জানো। এনেকুৱা পিতা যাক দিনে-ৰাতিয়ে স্মৰণ কৰিব লাগে আৰু আমি মাত্ৰ এঘণ্টাহে স্মৰণ কৰোঁ! এই ক্ষেত্ৰত বহুত গুপ্ত পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাক যিহেতু মাতে গতিকে দূৰৈৰ পৰা অহা অতিথি নহ'ল জানো। পিতাই কয় - মই নতুন সৃষ্টিৰ অতিথি নহওঁ‌। পুৰণি সৃষ্টিলৈহে আহোঁ। আহি নতুন সৃষ্টি স্থাপনা কৰোঁ। এইখন হৈছে পুৰণি সৃষ্টি, এইটোও কোনেও যথাৰ্থ ৰীতিৰে নাজানে। নতুন সৃষ্টিৰ আয়ুসৰ বিষয়েই নাজানে। পিতাই কয় - এই জ্ঞান মইহে আহি দিওঁ‌ আকৌ ড্ৰামা অনুসৰি এই জ্ঞান লুপ্ত হৈ যায়। পুনৰাই কল্পৰ পাছত এই ভূমিকা পুনৰাবৃত্তি হ'ব। মোক আহ্বান জনায়, বছৰে বছৰে শিৱজয়ন্তী পালন কৰে। যি হৈ যায় তেতিয়া তেওঁৰ বছৰে বছৰে জয়ন্তী পালন কৰে। শিৱবাবাৰো 12 মাহৰ পাছত জয়ন্তী উদ্‌যাপন কৰে কিন্তু কেতিয়াৰ পৰা উদ্‌যাপন কৰি আহিছে, এয়া কোনেও নাজানে। কেৱল কৈ দিয়ে যে লাখ লাখ বছৰ হ'ল। কলিযুগৰ আয়ুসেই লাখ লাখ বছৰ বুলি লিখি দিছে। পিতাই কয় - এয়া হৈছে 5 হাজাৰ বছৰৰ কথা। যথাযথ এই দেৱতাসকলৰ ভাৰতত ৰাজ্য আছিল নহয়। সেয়েহে পিতাই কয় - মই ভাৰতৰ বহুত ডাঙৰ অতিথি, মোক আধাকল্পৰ পৰা বহুত নিমন্ত্ৰণ দি আহিছা। যেতিয়া বহুত দুখী হোৱা তেতিয়া কোৱা - হে পতিত-পাৱন আহক। মই পতিত সৃষ্টিলৈকে আহিছোঁ। ৰথতো (শৰীৰ) মোক লাগে নহয়। আত্মা হৈছে অকালমূৰ্ত, এয়া হৈছে আত্মাৰ আসন। পিতাও অকালমূৰ্ত, এই আসনত (ব্ৰহ্মাৰ শৰীৰত) আহি বিৰাজমান হয়। এইবোৰ অতি ৰমণীয় কথা। আন কোনোবাই শুনিলে আচম্বিত হৈ যাব। এতিয়া পিতাই কয় - সন্তানসকল, মোৰ মতত চলা। এনেকৈ বুজিবা যে শিৱবাবাই মত দিয়ে, শিৱবাবাই মুৰুলী শুনায়। এওঁ (ব্ৰহ্মাই) কয় - ময়ো তেওঁৰ মুৰুলী শুনি তোমালোকক শুনাম। শুনাওঁতাজনতো তেওঁ নহয় জানো। এওঁ‌ এক নম্বৰ পূজ্য আকৌ এওঁ‌ৱেই এক নম্বৰ পূজাৰী হ’ল। এতিয়া এওঁ‌ (ব্ৰহ্মা) পুৰুষাৰ্থী। সন্তানসকলে সদায় বুজিব লাগে - আমি শিৱবাবাৰ শ্ৰীমত পাইছোঁ‌। যদি কোনো ওলোটা কথাও হয় তেন্তে তেওঁ চিধা কৰি দিব। যদি এইটো অটুট নিশ্চয় থাকে তেন্তে তাৰ বাবে শিৱবাবা দ্বায়বদ্ধ। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। বিঘিনিতো আহিবই, বহুত কঠিন কঠিন বিঘিনি আহে। নিজৰ সন্তানসকলো বিঘিনি হৈ দেখা দিয়ে। গতিকে সদায় বুজিবা যে শিৱবাবাই বুজায়, তেতিয়া স্মৃতিত থাকিব। কোনো কোনো সন্তানে ভাবে যে এই ব্ৰহ্মা বাবাই মত দিয়ে, কিন্তু নহয়। শিৱবাবাহে দায়বদ্ধ। কিন্তু দেহ-অভিমান থাকিলে তেতিয়া ঘনে ঘনে তেওঁকহে চাই থাকে। শিৱবাবা কিমান ডাঙৰ অতিথি তথাপি ৰেলৱে কৰ্মচাৰী আদিয়ে জানে জানো যে নিৰাকাৰক কেনেকৈ চিনিব বা বুজিব। তেওঁৰতো বেমাৰ হ'ব নোৱাৰে। গতিকে বেমাৰ আদিৰ যি কাৰণ সেয়া এওঁৰে (ব্ৰহ্মাৰ) বুলি কয়। তেওঁলোকে কি জানে এওঁ‌ৰ (ব্ৰহ্মাৰ) ভিতৰত কোন আছে? তোমালোক সন্তানসকলেও ক্ৰমানুসৰি জানা। তেওঁ সকলো আত্মাৰ পিতা, এওঁ‌ আকৌ প্ৰজাপিতা মনুষ্যৰ পিতা। তেন্তে এই দুয়োগৰাকী (বাপদাদা) কিমান ডাঙৰ অতিথি হৈ গ'ল।

পিতাই কয় - যি হয় সেয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, ময়ো ড্ৰামাৰ বন্ধনত বান্ধ খাই আছোঁ‌। নিৰ্ধাৰিত হৈ থকাখিনিৰ বাহিৰে একোৱেই কৰিব নোৱাৰোঁ‌। মায়াও অতি প্ৰবল। ৰাম আৰু ৰাৱণ দুয়োজনৰে ভূমিকা আছে। ড্ৰামাত ৰাৱণ চৈতন্য হোৱা হ'লে ক'লেহেঁতেন - ময়ো ড্ৰামা অনুসৰি আহোঁ। এয়া দুখ আৰু সুখৰ খেল। সুখ থাকে নতুন সৃষ্টিত, দুখ থাকে পুৰণি সৃষ্টিত। নতুন সৃষ্টিত কম সংখ্যক মনুষ্য, পুৰণি সৃষ্টিত কিমান অনেক মনুষ্য থাকে। পতিত-পাৱন পিতাকেই মাতে যে আহি পাৱন সৃষ্টি স্থাপনা কৰক কিয়নো পাৱন সৃষ্টিত বহুত সুখ আছিল সেইবাবেহে কল্পই কল্পই মাতে। পিতাই সকলোকে সুখ দি যায়। এতিয়া পুনৰাই ভূমিকা পুনৰাবৃত্তি হৈছে। সৃষ্টি কেতিয়াও নিঃশেষ হৈ নাযায়। নিঃশেষ হোৱা অসম্ভৱ। সমুদ্ৰও সৃষ্টিত আছে নহয়। এই তৃতীয় মহলাতো আছে নহয়। এনেকৈ কয় যে জলময়, পানীয়েই পানী হৈ যায় তথাপিও পৃথিৱী মহলাতো আছে নহয়। পানীওতো আছে। পৃথিৱী মহলাৰ বিনাশ হ'ব নোৱাৰে। জলো এইটো মহলাতে থাকে। দ্বিতীয় আৰু প্ৰথম মহলা, সূক্ষ্মলোক আৰু মূললোকততো পানী নাথাকে। এই বেহদ সৃষ্টিৰ 3টা মহলা আছে, যাক তোমালোক সন্তানসকলৰ বাহিৰে কোনেও নাজানে। এই আনন্দৰ কথাবোৰ সকলোকে আনন্দেৰে শুনাব লাগে। যিসকল সম্পূৰ্ণ উত্তীৰ্ণ হয়, তেওঁলোকৰ বাবেহে অতিন্দ্ৰীয় সুখৰ গায়ন আছে। যিসকল দিনে-ৰাতিয়ে সেৱাত তৎপৰ হৈ থাকে, সেৱাই কৰি থাকে তেওঁলোক বহুত আনন্দিত হৈ থাকে। কেতিয়াবা এনেকুৱা দিনো আহে যে মনুষ্যই ৰাতিও উজাগৰে থাকে কিন্তু আত্মা ভাগৰি পৰে তেতিয়া টোপনি যাবলগীয়া হয়। আত্মা টোপনি গ’লে শৰীৰো টোপনি যায়। আত্মা টোপনি নগ’লে শৰীৰো টোপনি নাযায়। আত্মাহে ভাগৰে। আজি মই ভাগৰি গৈছোঁ‌ - কোনে ক’লে? আত্মাই। তোমালোক সন্তানসকল আত্মা-অভিমানী হৈ থাকিব লাগে ইয়াতেই পৰিশ্ৰম হয়। পিতাক স্মৰণ নকৰিলে, আত্মা-অভিমানী হৈ নাথাকিলে তেতিয়া দেহৰ সম্বন্ধীয় আদি স্মৃতিলৈ আহি যায়। পিতাই কয় - তোমালোক নাঙঠ (অশৰীৰী) হৈ আহিছিলা আকৌ নাঙঠ হৈয়ে যাব লাগিব। এই দেহৰ সম্বন্ধ আদি পাহৰি যোৱা। এই শৰীৰত থাকি মোক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। পিতা কিমান ডাঙৰ হৰ্তা-কৰ্তা। সন্তানসকলৰ বাহিৰে কোনেও নাজানে। পিতাই কয় – মই গৰিবৰ মালিক, সকলো সাধাৰণ। পতিত-পাৱন পিতা আহিছে, এয়া জানি গ’লে ক’ব নোৱাৰি কিমান যে ভিৰ লাগি যাব। ডাঙৰ ব্যক্তি আহিলে তেতিয়া কিমান ভিৰ হৈ যায়। গতিকে ড্ৰামাত তেওঁৰ ভূমিকাই হ'ল গুপ্ত হৈ থকাৰ। আগলৈ লাহে লাহে প্ৰভাৱ বিস্তাৰ হ'ব আৰু বিনাশ হৈ যাব। সকলোৱে জানো বাবাক পাব। স্মৰণ কৰে নহয়। তেন্তে তেওঁলোকে পিতাৰ পৰিচয় পাই যাব। কিন্তু পিতাক লগ পাব নোৱাৰিব। যেনেকৈ বন্ধনত থকাসকলে লগ কৰিব নোৱাৰে, কিমান অত্যাচাৰ সহ্য কৰে। বিকাৰ ত্যাগ কৰিব নোৱাৰে। কয় - সৃষ্টি কেনেকৈ চলিব? হেৰ', সৃষ্টিৰ দ্বায়িত্ব পিতাৰ ওপৰত নে তোমালোকৰ ওপৰত? পিতাক জানি গ’লে তেতিয়া এনেকুৱা প্ৰশ্ন নুসুধিব। এনেকৈ কোৱা, প্ৰথমে পিতাকতো জানি লওঁক তেতিয়া সকলো জানি যাব। বুজোৱাৰো যুক্তি লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় সৰ্বোচ্চ হৰ্তা-কৰ্তা পিতাৰ স্মৃতিত থাকিব লাগে। বিনাশী শৰীৰক নাচাই আত্মা-অভিমানী হ’বলৈ যত্ন কৰিব লাগে। স্মৃতিত থকাৰ সঁ‌চা খতিয়ান ৰাখিব লাগে।

(2) দিনে-ৰাতিয়ে সেৱাত তৎপৰ হৈ থাকি অপাৰ আনন্দত থাকিব লাগে। তিনিও লোকৰ ৰহস্য সকলোকে আনন্দেৰে বুজাব লাগে। শিৱবাবাই যি শ্ৰীমত দিয়ে তাত অটুট নিশ্চয় ৰাখি চলিব লাগে, কোনোধৰণৰ বিঘিনি আহিলে ভয় খাব নালাগে, তাৰ বাবে শিৱবাবা দায়বদ্ধ, সেয়েহে সংশয় যাতে নজন্মে।

বৰদান:
শ্ৰেষ্ঠ সময়ৰ আধাৰত সৰ্ব প্ৰাপ্তিৰ অধিকাৰৰ অনুভৱ কৰোঁতা পদ্মাপদম ভাগ্যশালী হোৱা

যিসকল শ্ৰেষ্ঠ সময়ত জন্ম লওঁতা ভাগ্যশালী সন্তান, তেওঁলোকে কল্প পূৰ্বৰ প্ৰেৰণাৰ আধাৰত জন্ম হওঁতেই আপোনতাৰ বোধ অনুভৱ কৰে। তেওঁলোক জন্ম হওঁতেই সকলো সম্পত্তিৰ অধিকাৰী হয়। যেনেকৈ বীজত গোটেই বৃক্ষৰ সাৰ সমাহিত হৈ থাকে তেনেকৈ সৰ্বোত্তম সময়ৰ আত্মাসকল আহিয়েই সৰ্ব প্ৰাপ্তিৰ সম্পদৰ অনুভৱী হৈ যায়। তেওঁলোকে কেতিয়াও এনেকৈ নক’ব যে সুখৰ অনুভৱ হয়, শান্তিৰ নহয়, শান্তিৰ হয় সুখ বা শক্তিৰ নহয়। সকলো অনুভৱেৰে সম্পন্ন হয়।

স্লোগান:
নিজৰ প্ৰসন্নতাৰ ছায়াৰে শীতলতাৰ অনুভৱ কৰাবলৈ নিৰ্মল আৰু নম্ৰ হোৱা।


একান্তপ্ৰিয় হ’বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সৰ্ব সম্বন্ধ, সৰ্ব ৰস এজনৰ পৰা লোৱাসকলেই একান্ত প্ৰিয় হ’ব পাৰে, যেতিয়া এজনৰ দ্বাৰা সৰ্ব ৰস প্ৰাপ্ত হ’ব পাৰে তেন্তে অনেকৰ ফালে যোৱাৰ আৱশ্যকতাই বা কি? কেৱল এটা শব্দও স্মৃতিত ৰাখিলে তেতিয়া তাত গোটেই জ্ঞান আহি যায়, স্মৃতিও আহি যায়, সম্বন্ধও আহি যায়, স্থিতিও আহি যায় আৰু লগতে যি প্ৰাপ্তি হয় সেয়াও সেই এটা শব্দৰ পৰাই স্পষ্ট হৈ যায়। এজনৰ স্মৃতি, স্থিতি একৰস আৰু গোটেই জ্ঞানো এজনৰ স্মৃতিৰেই পোৱা যায়। প্ৰাপ্তিও যি হয় সেয়াও একৰস হৈ থাকে।