17.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল -
তোমালোক এতিয়া অমৰলোক স্থাপন কৰাৰ নিমিত্ত হৈছা, য'ত কোনো দুখ বা পাপ নাথাকিব,
সেইখন হয়েই নিৰ্বিকাৰী বিশ্ব”
প্ৰশ্ন:
ঈশ্বৰীয়
পৰিয়ালৰ বিস্ময়কৰ পৰিকল্পনা কোনটো?
উত্তৰ:
ঈশ্বৰীয় পৰিয়ালৰ পৰিকল্পনা হৈছে - "পৰিয়াল পৰিকল্পনা কৰা"। এক সত্য ধৰ্ম প্ৰতিষ্ঠা
কৰি অনেক ধৰ্মৰ বিনাশ কৰা। মনুষ্যই জন্ম নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰে, পিতাই কয় -
তেওঁলোকৰ পৰিকল্পনা কাৰ্যকৰি হ’ব নোৱাৰে। মইহে নতুন সৃষ্টিৰ স্থাপনা কৰোঁ তেতিয়া
বাকী সকলো আত্মা ওপৰত ঘৰলৈ গুচি যায়। বহুত কমসংখ্যক আত্মাহে থাকে।
ওঁম্শান্তি।
এয়া ঘৰো হয়,
বিশ্ব বিদ্যালয়ো হয় আৰু প্ৰতিষ্ঠানো হয়। তোমালোক সন্তানসকলৰ আত্মাই জানে যে তেওঁ
হৈছে শিৱবাবা। আত্মাসকল হৈছে শালগ্ৰাম যাৰ এয়া শৰীৰ, শৰীৰে নকয় যে মোৰ আত্মা।
আত্মাই কয় মোৰ শৰীৰ। আত্মা হৈছে অবিনাশী, শৰীৰ হৈছে বিনাশী। এতিয়া তোমালোকে নিজক
আত্মা বুলি বুজি পোৱা। আমাৰ বাবা হৈছে শিৱ, তেওঁ হৈছে পৰম পিতা। আত্মাই জানে তেওঁ
আমাৰ পৰম বাবাও হয়। পৰম শিক্ষকো হয়, পৰম গুৰুও হয়। ভক্তিমাৰ্গতো আহ্বান জনায় – হে
ঈশ্বৰ পিতা। মৃত্যুৰ সময়তো কয় - হে ভগৱান, হে ঈশ্বৰ। আহ্বান জনায় নহয়। কিন্তু কাৰো
বুদ্ধিত যথাৰ্থ ৰীতি ধাৰণ নহয়। পিতাতো সকলো আত্মাৰে এজন হৈ গ'ল, আকৌ কোৱা হয় - হে
পতিত-পাৱন। তেন্তে গুৰুও হৈ গ'ল। এনেকৈ কয় যে দুখৰ পৰা আমাক মুক্ত কৰি শান্তিধামলৈ
লৈ যাওঁক। তেন্তে পিতাও হ'ল আকৌ পতিত-পাৱন সৎগুৰুও হ'ল, আকৌ সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে,
মনুষ্যই 84 জন্ম কেনেকৈ লয়, সেই বেহদৰ ইতিহাস-ভূগোল শুনায় সেয়েহে পৰম শিক্ষকো হ'ল।
অজ্ঞান কালত পিতা বেলেগ, শিক্ষক বেলেগ, গুৰু বেলেগ হয়। এই বেহদৰ পিতা, শিক্ষক, গুৰু
এজনেই। কিমান পাৰ্থক্য হৈ গ'ল। বেহদৰ পিতাই সন্তানসকলক বেহদৰ উত্তৰাধিকাৰ দিয়ে।
তেওঁলোকেও (লৌকিক পিতায়ো) হদৰ উত্তৰাধিকাৰ দিয়ে। পঢ়াও হদৰ। বিশ্বৰ ইতিহাস-ভূগোলতো
কোনেও নাজানে। এইটো কোনেও নাজানে - লক্ষ্মী-নাৰায়ণে কেনেকৈ ৰাজ্য পালে? কিমান সময়
সেই ৰাজ্য চলিল? আকৌ ত্ৰেতাৰ ৰাম-সীতাই কিমান সময় ৰাজত্ব কৰিলে? একোৱেই নাজানে।
এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা বেহদৰ পিতা আমাক পঢ়াবলৈ আহিছে। আকৌ বাবাই
সৎগতিৰ ৰাস্তা দেখুৱায়। তোমালোকে 84 জন্ম লৈ লৈ পতিত হৈ যোৱা। এতিয়া পাৱন হ'ব লাগে।
এয়া হৈছে তমোপ্ৰধান সৃষ্টি। সতো, ৰজো, তমোত প্ৰতিটো বস্তুৱে আহে। এয়া যি সৃষ্টি,
ইয়াৰো আয়ুস আছে নতুনৰ পৰা পুৰণি, পুৰণিৰ পৰা পুনৰ নতুন হয়। এইটোতো সকলোৱে জানে।
সত্যযুগত ভাৰতেই আছিল, তাত দেৱী-দেৱতাসকলৰ ৰাজত্ব আছিল। ভগৱান-ভগৱতীৰ ৰাজত্ব আছিল।
বাৰু তাৰপাছত কি হ'ল? তেওঁলোকে পুনৰ্জন্ম ল'লে। সতোপ্ৰধানৰ পৰা সতো, সতোৰ পৰা ৰজো,
তমোত আহিল। ইমান ইমান জন্ম ল’লে। ভাৰতত 5 হাজাৰ বছৰ পূৰ্বে যেতিয়া লক্ষ্মী-নাৰায়ণৰ
ৰাজত্ব আছিল তেতিয়া তাত মনুষ্যৰ গড় আয়ুস 125-150 বছৰ আছিল। সেইখনক অমৰলোক বুলি কোৱা
হয়। অকালতে কেতিয়াও মৃত্যু নহয়। এয়া হৈছে মৃত্যুলোক। অমৰলোকত মনুষ্য অমৰ হৈ থাকে,
আয়ুস দীঘলীয়া হয়। সত্যযুগত পৱিত্র গৃহস্থ আশ্ৰম আছিল। নিৰ্বিকাৰী বিশ্ব বুলি কোৱা
হয়। এতিয়া হৈছে বিকাৰী বিশ্ব। এতিয়া তোমালোক সন্তানসকলে জানা আমি শিৱবাবাৰ সন্তান।
উত্তৰাধিকাৰ শিৱবাবাৰ পৰা পোৱা যায়। এওঁ দাদা, তেওঁ ককা, উত্তৰাধিকাৰ ককাৰ পোৱা যায়।
ককাৰ সম্পত্তিৰ ওপৰত সকলোৰে অধিকাৰ থাকে। ব্ৰহ্মাক কোৱা হয় প্ৰজাপিতা। আদম আৰু ইভ,
আদম বীবী। তেওঁ হৈছে নিৰাকাৰ ঈশ্বৰ পিতা। এওঁ (প্ৰজাপিতা) হৈ গ'ল সাকাৰী পিতা। এওঁৰ
নিজৰ শৰীৰ আছে। শিৱবাবাৰ নিজৰ শৰীৰ নাই। গতিকে তোমালোকে শিৱবাবাৰ পৰা ব্ৰহ্মাৰ
দ্বাৰা উত্তৰাধিকাৰ পোৱা। ককাৰ সম্পত্তি পিতাৰ দ্বাৰা পোৱা যায় নহয়। শিৱবাবাৰ পৰাও
ব্ৰহ্মাৰ দ্বাৰা তোমালোক পুনৰ মনুষ্যৰ পৰা দেৱতা হৈ আছা। মনুষ্যৰ পৰা দেৱতা কৰি
তুলিবলৈ দেৰি নালাগে........ কোনে কৰি তুলিলে? ভগৱানে। ‘গ্ৰন্থ’ত মহিমা কৰে নহয়।
মহিমা বহুত আছে। যেনেকৈ বাবাই কয় – ‘অল্ফ’ক (পিতাক) স্মৰণ কৰা তেন্তে ‘বে’ বাদশ্বাহী
তোমালোকৰ। গুৰুনানকেও কয় চাহাবক জপ কৰা তেতিয়া সুখ প্ৰাপ্ত হ'ব। সেই নিৰাকাৰ
অকালমূৰ্ত পিতাৰহে মহিমা গায়। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া সুখ পাবা। এতিয়া
পিতাকহে স্মৰণ কৰে। যুদ্ধ সম্পূৰ্ণ হ'ব পুনৰ লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত এটাই ধৰ্ম হ'ব।
এইবোৰ বুজিবলগীয়া কথা। ভগৱানুবাচ - পতিত-পাৱন জ্ঞানৰ সাগৰ বুলি ভগৱানকহে কোৱা হয়।
তেৱেঁই দুখহৰ্তা সুখকৰ্তা হয়। যিহেতু আমি পিতাৰ সন্তান তেন্তে নিশ্চয় আমি সুখত থকা
উচিত। যথাযথ ভাৰতবাসী সত্যযুগত আছিল। বাকী সকলো আত্মা শান্তিধামত আছিল। এতিয়াতো সকলো
আত্মা ইয়ালৈ আহি আছে। পুনৰ আমি গৈ দেৱী-দেৱতা হ'ম। স্বৰ্গত ভূমিকা পালন কৰোঁ। এই
পুৰণি সৃষ্টি হৈছে দুখধাম, নতুন সৃষ্টি হৈছে সুখধাম। যেতিয়া ঘৰ পুৰণি হয় তেতিয়া তাত
আকৌ নিগনি সাপ আদি ওলায়। এই সৃষ্টিখনো এনেকুৱা। এই কল্পৰ আয়ুস 5 হাজাৰ বছৰ। এতিয়া
হৈছে অন্তৰ সময়। গান্ধীজীয়েও বিচাৰিছিল নতুন সৃষ্টি নতুন দিল্লী হওঁক, ৰামৰাজ্য
হওঁক। কিন্তু এইটোতো পিতাৰহে কাম। দেৱতাসকলৰ ৰাজ্যকহে ৰামৰাজ্য বুলি কোৱা হয়। নতুন
সৃষ্টিততো নিশ্চয় লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব হ'ব। প্ৰথমতেতো ৰাধা-কৃষ্ণ দুয়ো বেলেগ
বেলেগ ৰাজধানীৰ হয় পুনৰ তেওঁলোকৰ বিবাহ হ’লে তেতিয়া লক্ষ্মী-নাৰায়ণ হয়। নিশ্চয় এই
সময়ত এনেকুৱা কৰ্ম কৰিছিল। পিতাই বহি তোমালোকক কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি বুজায়।
ৰাৱণৰাজ্যত মনুষ্যই যি কৰ্ম কৰিব সেই কৰ্ম বিকৰ্ম হৈ যায়। সত্যযুগত কৰ্ম অকৰ্ম হয়।
‘গীতা’তো আছে কিন্তু নাম সলনি কৰি দিলে। এইটো হৈছে ভুল। শ্ৰীকৃষ্ণ জয়ন্তীতো হয়
সত্যযুগত। শিৱ হৈছে নিৰাকাৰ পৰমপিতা। শ্ৰীকৃষ্ণতো সাকাৰ মনুষ্য। প্ৰথমে শিৱজয়ন্তী
হয় তাৰপাছত শ্ৰীকৃষ্ণ জয়ন্তী ভাৰততে পালন কৰে। শিৱৰাত্ৰি বুলি কয়। পিতা আহি ভাৰতক
স্বৰ্গৰ ৰাজ্য দিয়ে। শিৱজয়ন্তীৰ পাছত হৈছে শ্ৰীকৃষ্ণ জয়ন্তী। তাৰ মাজত হয় ৰাখীবন্ধন
কিয়নো পৱিত্ৰতা লাগে। পুৰণি সৃষ্টিৰ বিনাশো হ'ব লাগে। আকৌ যুদ্ধ লাগিলে সকলোবোৰ শেষ
হৈ যায় পুনৰ তোমালোক আহি নতুন সৃষ্টিত ৰাজত্ব কৰিবা। তোমালোকে এই পুৰণি সৃষ্টি,
মৃত্যুলোকৰ কাৰণে নপঢ়া। তোমালোকৰ পঢ়া হৈছে নতুন সৃষ্টি অমৰলোকৰ কাৰণে। এনেকুৱাতো
কোনো কলেজ নাথাকিব। এতিয়া পিতাই কয় - এই মৃত্যুলোকৰ এতিয়া অন্তৰ সময় সেয়েহে সোনকালে
পঢ়ি বুদ্ধিমান হ'ব লাগে। তেওঁ পিতাও হয়, পতিত পাৱনো হয়, পঢ়ায়ো। গতিকে এইখন ঈশ্বৰ
পিতাৰ বিশ্ব বিদ্যালয়। ভগৱানুবাচ হয় নহয়। শ্ৰীকৃষ্ণতো সত্যযুগৰ ৰাজকুমাৰ। তেৱোঁ
শিৱৰ পৰা উত্তৰাধিকাৰ লয়। এই সময়ত সকলোৱে ভৱিষ্যতৰ কাৰণে উত্তৰাধিকাৰ লৈ আছে আকৌ
যিমান পঢ়িব সিমান উত্তৰাধিকাৰ পাব। নপঢ়িলে পদ কম হৈ যাব। য'তেই নাথাকা, পঢ়ি থাকা।
মুৰুলীতো বিদেশলৈও যাব পাৰে। বাবাই নিতৌ সাৱধানো কৰি থাকে। সন্তানসকল পিতাক স্মৰণ
কৰা ইয়াৰ দ্বাৰা তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। আত্মাত যি খাদ (বিকাৰৰ লেপ) পৰি আছে
সেয়া আঁতৰি যাব। আত্মা 100 শতাংশ পৱিত্র হ'ব লাগে। এতিয়াতো অপৱিত্ৰ। ভক্তিতো
মনুষ্যই বহুত কৰে, তীৰ্থলৈ, মেলালৈ লাখ লাখ মনুষ্য যায়। এয়াতো জন্ম-জন্মান্তৰৰ পৰা
চলি আহিছে। কিমান মন্দিৰ আদি নিৰ্মাণ কৰে, পৰিশ্ৰম কৰে। তথাপিও ছিৰি নামি (অৱনমিত
হৈ) আহে। এতিয়া তোমালোকে জানা - আমি আৰোহণ কলাৰে সুখধামলৈ যাম, পুনৰ আমি নামিব
লাগিব। পুনৰ কলা কম হৈ গৈ থাকে। নতুন ঘৰৰ 10 বছৰৰ পাছত জাকজমকতা নিশ্চয় কম হৈ যাব।
তোমালোক নতুন সৃষ্টি সত্যযুগত আছিলা। 1250 বছৰ পাছত ৰামৰাজ্য আৰম্ভ হৈ গ'ল, এতিয়াতো
একেবাৰেই তমোপ্ৰধান। মনুষ্য কিমান হৈ গ'ল। সৃষ্টি পুৰণি হৈ গ'ল। তেওঁলোকেতো পৰিয়াল
পৰিকল্পনাৰ আঁচনি তৈয়াৰ কৰি থাকে। কিমান বিবুদ্ধিত পৰি থাকে। আমি লিখোঁ এয়াতো ঈশ্বৰ
পিতাৰহে কাম। সত্যযুগত 9-10 লাখ মনুষ্য থাকিবগৈ। বাকী সকলো নিজৰ মৰমৰ ঘৰলৈ গুচি যাব।
এয়া হৈছে ঈশ্বৰীয় পৰিয়াল পৰিকল্পনা। এক ধৰ্মৰ প্ৰতিষ্ঠা, বাকী সকলো ধৰ্মৰ বিনাশ।
এয়াতো পিতাই নিজৰ কাম কৰি আছে। তেওঁলোকে কয় – বিকাৰগ্ৰস্ত লাগিলে হোৱা কিন্তু
সন্তান যাতে নহয়। এনেকৈ কৰোঁতে কৰোঁতে একোৱেই নহ'ব। এই পৰিকল্পনাতো বেহদৰ পিতাৰ
হাতত আছে। পিতাই কয় - মইহে দুখধামৰ পৰা সুখধাম কৰি তুলিবলৈ আহিছোঁ। প্ৰত্যেক 5
হাজাৰ বছৰৰ পাছত মই আহোঁ। কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিত। এতিয়া এয়া হৈছে সংগম
যেতিয়া পতিত সৃষ্টিৰ পৰা পাৱন সৃষ্টি হয়। পুৰণি সৃষ্টিৰ বিনাশ আৰু নতুন সৃষ্টিৰ
স্থাপনা এয়াতো পিতাৰহে কাম। সত্যযুগত আছিলেই এটা ধৰ্ম। এওঁলোক লক্ষ্মী-নাৰায়ণ
বিশ্বৰ মালিক, মহাৰজা-মহাৰাণী আছিল। এইটোও তোমালোকে জানা, এই কাৰ মালা গঁথা হৈছে।
ওপৰত আছে ফুল শিৱবাবা তাৰপাছত যুগল দানা ব্ৰহ্মা-সৰস্বতী। এই মালা তেওঁলোকৰ যিয়ে
বিশ্বক নৰকৰ পৰা স্বৰ্গ, পতিতৰ পৰা পাৱন কৰি তোলে। যিসকলে সেৱা কৰি যায়, তেওঁলোকৰহে
স্মৃতি থাকে। গতিকে পিতাই বুজায় - এওঁলোক সত্যযুগত পৱিত্ৰ আছিল নহয়। প্ৰবৃত্তি
মাৰ্গ পৱিত্ৰ আছিল। এতিয়াতো পতিত। গায়নো কৰে পতিত-পাৱন আহক, আহি আমাক পাৱন কৰি তোলক।
সত্যযুগত এনেকৈ জানো আহ্বান জনাব। সুখত কোনেও পিতাক স্মৰণ নকৰে। দুখত সকলোৱে স্মৰণ
কৰে। পিতা হয়েই মুক্তিদাতা, দয়াশীল, আনন্দৰ সাগৰ, তেওঁ আহি সকলোকে মুক্তি-জীৱনমুক্তি
দিয়ে। আহ্বানো তেওঁকে জনায়, আহি মৰমৰ ঘৰলৈ লৈ যাওঁক। এতিয়া সুখ নাই। এয়া হৈছে
প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। সত্যযুগততো ৰজা, ৰাণী, প্ৰজা থাকে। পিতাই কয় - তোমালোক
কেনেকৈ বিশ্বৰ মালিক হোৱা। তাত তোমালোকৰ ওচৰত প্ৰচুৰ, অগণন ধন থাকে। সোণৰ ইটাৰে ঘৰ
সাজে। মেচিনৰ পৰা সোণৰ ইটা ওলাই থাকে। আকৌ তাতো হীৰা-মুকুতা খোদিত কৰে। দ্বাপৰতো
কিমান হীৰা আছিল, যি লুটি লৈ গ'ল। এতিয়াতো একোৱেই সোণ দেখা পোৱা নাযায়। এয়াও
ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পিতাই কয় - মই 5 হাজাৰ বছৰৰ পাছত আহোঁ। পুৰণি সৃষ্টিৰ
বিনাশৰ কাৰণে এই পাৰমাণৱিক বোমা আদি তৈয়াৰ কৰা হৈছে। এয়া হৈছে বিজ্ঞান। বুদ্ধিৰে
এনেকুৱা বস্তু আৱিষ্কাৰ কৰিছে, যাৰ দ্বাৰা নিজৰ কুলৰেই বিনাশ কৰিব। এয়া জানো ৰাখি
থ’বলৈ তৈয়াৰ কৰে। এই আখৰা হৈ থাকিব। যেতিয়ালৈকে ৰাজধানী স্থাপন নহয় তেতিয়ালৈকে
যুদ্ধ লাগিব নোৱাৰে। প্ৰস্তুতিতো চলি আছে, তাৰ লগত প্ৰাকৃতিক দুৰ্যোগো হ'ব। ইমান
মনুষ্য নাথাকিব।
এতিয়া সন্তানসকলে এই
পুৰণি সৃষ্টিক পাহৰি যাব লাগে। বাকী মৰমৰ ঘৰ, স্বৰ্গৰ বাদশ্বাহী স্মৃতিত ৰাখিব লাগে।
যেনেকৈ নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া বুদ্ধিত নতুন ঘৰৰ স্মৃতি থাকে নহয়। এতিয়াও
নতুন সৃষ্টিৰ স্থাপনা হৈ আছে। পিতা হৈছে সকলোৰে সৎগতি দাতা। সকলো আত্মা গুচি যাব।
বাকী শৰীৰ ইয়াত শেষ হৈ যাব। পিতাৰ স্মৃতিৰে আত্মা পৱিত্র হ'ব। পৱিত্ৰ নিশ্চয় হ'ব
লাগে। দেৱতাসকল পৱিত্ৰ হয় নহয়। তেওঁলোকৰ আগত কেতিয়াও বিড়ি, ধপাত আদি আগবঢ়োৱা নহয়,
তেওঁলোক বৈষ্ণৱ। বিষ্ণুপুৰী বুলি কোৱা হয়। সেইখন হয়েই নিৰ্বিকাৰী বিশ্ব। এইখন হৈছে
বিকাৰী বিশ্ব। এতিয়া নিৰ্বিকাৰী বিশ্বলৈ যাব লাগে। সময় বাকী অলপ আছে। এইটোতো নিজেও
বুজি পায় - পাৰমাণৱিক বোমাৰ দ্বাৰা সকলো শেষ হৈ যাব। যুদ্ধতো লাগিবই। তেওঁলোকে কয় -
আমাক কোনোবা প্ৰেৰণা দিওঁতা আছে, যাৰ বাবে আমি তৈয়াৰ কৰি আছোঁ। এইটো জানেও যে নিজৰ
কুলৰে বিনাশ হৈ আছে। কিন্তু তৈয়াৰ নকৰাকৈ থাকিব নোৱাৰে। শংকৰৰ দ্বাৰা বিনাশ, এয়াও
ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। বিনাশ সমাগত। জ্ঞান যজ্ঞৰ দ্বাৰা বিনাশ জ্বালা
প্ৰজ্জ্বলিত হৈছে। এতিয়া তোমালোকে স্বৰ্গৰ মালিক হ'বৰ কাৰণে পঢ়ি আছা। এই পুৰণি
সৃষ্টি শেষ হৈ নতুন হৈ যাব। এই চক্ৰ ঘূৰি থাকে। ইতিহাস নিশ্চয় পুনৰাবৃত্তি হয়।
প্ৰথমে আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, তাৰপাছত চন্দ্ৰবংশী ক্ষত্ৰিয় ধৰ্ম, তাৰপাছত
ইছলামী, বৌদ্ধী আদি আহিল পুনৰ নিশ্চয় প্ৰথম নম্বৰৰ সকলেই আহিব অন্য সকলো বিনাশ হৈ
যাব। তোমালোক সন্তানসকলক কোনে পঢ়াই আছে? তেওঁ হৈছে নিৰাকাৰ শিৱবাবা। তেৱেঁই শিক্ষক
হয়, সৎগুৰু হয়। আহিয়েই পঢ়াবলৈ আৰম্ভ কৰে, সেয়েহে লিখা আছে শিৱজয়ন্তীৰ পাছত গীতা
জয়ন্তী। গীতা জয়ন্তীৰ পাছত শ্ৰীকৃষ্ণ জয়ন্তী। শিৱবাবাই সত্যযুগৰ স্থাপনা কৰে।
কৃষ্ণপুৰী সত্যযুগক কোৱা হয়। এতিয়া তোমালোকক পঢ়াওঁতাজন কোনো সাধু, সন্ত, মনুষ্য নহয়।
এওঁতো দুখহৰ্তা, সুখকৰ্তা, বেহদৰ পিতা হয়। 21 জন্মৰ কাৰণে তোমালোকক উত্তৰাধিকাৰ দিয়ে।
বিনাশতো হ'বই, এই সময়ৰ কাৰণেই কোৱা হয় - কাৰোবাৰ ধূলিত মিলি যাব, কাৰোবাৰ ৰজাই খাব.....
চুৰি আদিও বহুত হ'ব। জুয়ো লাগিব। এই যজ্ঞত সকলোবোৰ স্বাহা হৈ যাব। এতিয়া অলপ অলপ
জুই লাগিব পুনৰ বন্ধ হৈ যাব। এতিয়াও অলপ দেৰি আছে। সকলোৱে পৰস্পৰ যুদ্ধ কৰিব।
এৰুৱাবলৈ কোনো নাথাকিব। তেজৰ নদীৰ পাছত পুনৰ গাখীৰৰ নদী ব'ব। ইয়াকে কোৱা হয় অনাহকতে
তেজৰ খেল। সন্তানসকলে সাক্ষাৎকাৰো কৰিছে পুনৰ এই দুচকুৰেও দেখিব। বিনাশৰ পূৰ্বে
পিতাক স্মৰণ কৰিব লাগে তেতিয়া তমোপ্ৰধানৰ পৰা আত্মা সতোপ্ৰধান হৈ যাব। পিতাই নতুন
সৃষ্টি স্থাপন কৰিবৰ কাৰণে তোমালোকক তৈয়াৰ কৰি আছে। ৰাজধানী সম্পূৰ্ণ স্থাপন হৈ গ’লে
তেতিয়া বিনাশ হ'ব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1)
বিষ্ণুপুৰীলৈ যাবৰ কাৰণে নিজক যোগ্য কৰি তুলিব লাগে। সম্পূৰ্ণ পাৱন হ'ব লাগে,
অশুদ্ধ খোৱা-বোৱা ত্যাগ কৰিব লাগে। বিনাশৰ পূৰ্বে নিজৰ সকলো সফল কৰিব লাগে।
(2) সোনকালে পঢ়ি
বুদ্ধিমান হ'ব লাগে। কোনো বিকৰ্ম যাতে নহয় তাৰ প্ৰতি ধ্যান দিব লাগে।
বৰদান:
অভিযোগক
স্মৃতিলৈ পৰিৱৰ্তন কৰোঁতা স্বতঃ আৰু নিৰন্তৰ যোগী হোৱা
সংগমযুগৰ বিশেষত্ব
হৈছে - এতিয়াই পুৰুষাৰ্থ আৰু এতিয়াই প্ৰত্যক্ষ ফল। এতিয়াই স্মৃতি স্বৰূপ আৰু
এতিয়াই প্ৰাপ্তিৰ অনুভৱ। ভৱিষ্যতৰ প্ৰতিশ্ৰুতিতো আছেই, কিন্তু ভৱিষ্যততকৈও শ্ৰেষ্ঠ
ভাগ্য বৰ্তমানৰ। এই ভাগ্যৰ নিচাত থাকিলে স্বতঃ স্মৃতি থাকিব। য'ত স্মৃতি থাকে, ত’ত
কোনো অভিযোগ নাথাকে। "কি কৰোঁ, কেনেকৈ কৰোঁ, এইটো হৈ নুঠে, অলপ সহায় কৰি দিয়ক" -
এইবোৰেই হৈছে অভিযোগ। গতিকে এই অভিযোগ এৰি স্বতঃ যোগী, নিৰন্তৰ যোগী হোৱা।
স্লোগান:
যিয়ে নিজক অতিথি বুলি বুজি চলে, তেৱেঁই মহান স্থিতিৰ অনুভৱ কৰে।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
সংগঠনৰ বল, স্নেহৰ বল,
ইজনে সিজনক সহযোগ দিয়াৰ বল আৰু সহনশীলতাৰ বল জমা কৰা, তেতিয়া মায়াই কেতিয়াও
প্ৰহাৰ কৰিব নোৱাৰিব, তেতিয়া জয়জয়কাৰৰ নাগাৰা বাজিব। যেতিয়া ইমান অনেক হোৱা
সত্ত্বেও এক দৃষ্টিগোচৰ হ’ব, এজনৰ প্ৰেমত মগন, একৰস স্থিতিত স্থিৰ হ’বা, তেতিয়া
প্ৰত্যক্ষতাৰ লক্ষণ দেখা পোৱা যাব। তোমালোক সকলোৰে প্ৰতিজ্ঞাইহে প্ৰত্যক্ষতাক সমীপত
আনিব।