17.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পঢ়াই হৈছে উপাৰ্জন, পঢ়া আয়ৰ উৎস, এই পঢ়াৰ দ্বাৰাই তোমালোকে 21 জন্মৰ কাৰণে সম্পদ জমা
কৰিব লাগে”
প্ৰশ্ন:
যিসকল সন্তানৰ
ওপৰত বৃহস্পতিৰ দশা চলিব তেওঁলোকৰ কি লক্ষণ দেখা পোৱা যাব?
উত্তৰ:
তেওঁলোকৰ শ্ৰীমতৰ প্ৰতি পূৰা ধ্যান থাকিব। পাঠ ভালকৈ পঢ়িব। কেতিয়াও অনুত্তীৰ্ণ নহ'ব।
শ্ৰীমত উলংঘন কৰোঁতাসকলহে পঢ়াত অনুত্তীৰ্ণ হয়, তেতিয়া তেওঁলোকৰ ওপৰত ৰাহুৰ দশা বহি
যায়। এতিয়া তোমালোক সন্তানসকলৰ ওপৰত বৃক্ষপতি পিতাৰ দ্বাৰা বৃহস্পতিৰ দশা বহিছে।
গীত:
ইছ্ পাপ কী
দুনিয়া ছে (এই পাপৰ সৃষ্টিৰ পৰা....)
ওঁম্শান্তি।
এয়া হৈছে পাপ
আত্মাসকলৰ মিনতি। তোমালোকেতো মিনতি কৰিব নালাগে কিয়নো তোমালোক পাৱন হৈ আছা। এয়া
ধাৰণ কৰাৰ কথা। এয়া অতি শ্ৰেষ্ঠ সম্পদ। যেনেকৈ স্কুলৰ পঢ়াও সম্পদ হয় নহয়। পঢ়াৰ
দ্বাৰা শৰীৰ নিৰ্বাহ হয়। সন্তানসকলে জানে যে ভগৱানে পঢ়ায়। এয়া অতি উচ্চ উপাৰ্জন
কিয়নো লক্ষ্য-উদ্দেশ্য সন্মুখত ঠিয় হৈ আছে। সঁচা সৎসংগ একমাত্ৰ এয়াই। বাকী সকলোবোৰ
হৈছে মিথ্যা সংগ। তোমালোকে জানা গোটেই কল্পত সৎসংগ এবাৰেই হয়, যেতিয়া মিনতি কৰে -
পতিত-পাৱন আহক। এতিয়া তেওঁলোকে মিনতি কৰি থাকে, ইয়াত তোমালোকৰ সন্মুখত বহি আছে।
তোমালোক সন্তানসকলে জানা আমি নতুন সৃষ্টিৰ কাৰণে পুৰুষাৰ্থ কৰি আছোঁ, য'ত দুখৰ
নাম-চিহ্ন নাথাকিব। তোমালোকে স্বৰ্গত সুখ-শান্তি পোৱা। নৰকত জানো সুখ-শান্তি আছে!
এয়াতো হৈছে বিষয় সাগৰ, কলিযুগ হয় নহয়। সকলো অতি দুখী। ভ্ৰষ্টাচাৰেৰে জন্ম হয় সেয়েহে
আত্মাই মিনতি কৰে - বাবা আমি পতিত হৈ গলোঁ। পাৱন হ'বৰ কাৰণে গংগাত স্নান কৰিবলৈ যায়।
বাৰু, স্নান কৰিলা তেন্তে পাৱন হৈ যাব নালাগে জানো। আকৌ বাৰে বাৰে ঠেলা-গঁতা কিয়
খোৱা? ঠেলা-গঁতা খাই ছিৰি তললৈ নামি নামি পাপ আত্মা হৈ যায়। 84 ৰ ৰহস্য তোমালোক
সন্তানসকলক পিতাইহে বহি বুজায় অন্য ধৰ্মৰ লোকসকলেতো 84 জন্ম নলয়। তোমালোকৰ ওচৰত এয়া
84 জন্মৰ চিত্ৰ (ছিৰি) বহুত ভালকৈ আঁকি থোৱা আছে। কল্প বৃক্ষৰ চিত্ৰও ‘গীতা’ত আছে।
কিন্তু ভগৱানে ‘গীতা’ কেতিয়া শুনালে, আহি কি কৰিলে, সেয়া একো নাজানে। অন্য ধৰ্মৰ
লোকসকলে নিজৰ নিজৰ শাস্ত্ৰক জানে, ভাৰতবাসীয়ে একেবাৰে নাজানে। পিতাই কয় - মই
সংগমযুগতহে স্বৰ্গ স্থাপনা কৰিবলৈ আহোঁ। ড্ৰামাত সলনি হ'ব নোৱাৰে। ড্ৰামাত যি
নিৰ্ধাৰিত হৈ আছে, সেয়া হুবহু হ'বই। এনেকুৱা নহয়, হৈ পুনৰ সলনি হৈ যাব। তোমালোক
সন্তানসকলৰ বুদ্ধিত ড্ৰামাৰ চক্ৰ সম্পূৰ্ণ ৰূপে ধাৰণ হৈ আছে। এই 84 ৰ চক্ৰৰ পৰা
তোমালোক কেতিয়াও মুক্ত হ'ব নোৱাৰা অৰ্থাৎ এই সৃষ্টি কেতিয়াও নিঃশেষ হৈ যাব নোৱাৰে।
বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হৈয়েই থাকে। এই 84ৰ চক্ৰ অতি জৰুৰী। ত্ৰিমূৰ্তি
আৰু সৃষ্টি চক্ৰতো হৈছে মুখ্য চিত্ৰ। সৃষ্টি চক্ৰত স্পষ্টকৈ দেখুওৱা হৈছে - প্ৰতিটো
যুগ 1250 বছৰৰ। এয়া হৈছে অন্ধৰ আগত আইনাৰ দৰে। 84 জন্ম-পত্ৰিকাৰ আইনা। পিতাই
তোমালোক সন্তানসকলৰ দশা বৰ্ণনা কৰে। পিতাই তোমালোকক বেহদৰ দশাৰ বিষয়ে শুনায়। এতিয়া
তোমালোক সন্তানসকলৰ ওপৰত বৃহস্পতিৰ অবিনাশী দশা বহিছে। বাকী পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে।
কাৰোবাৰ ওপৰত বৃহস্পতিৰ দশা, কাৰোবাৰ ওপৰত শুক্ৰৰ দশা, কাৰোবাৰ ওপৰত ৰাহুৰ দশা বহি
আছে। অনুত্তীৰ্ণ হ’লে তেতিয়া ৰাহুৰ দশা বুলি ক’ব। ইয়াতো এনেকুৱাই হয়। শ্ৰীমতত নচলিলে
তেন্তে ৰাহুৰ অবিনাশী দশা বহি যায়। সেয়া হৈছে বৃহস্পতিৰ অবিনাশী দশা, এয়া আকৌ
ৰাহুৰ দশা হৈ যায়। সন্তানসকলে পঢ়াৰ প্ৰতি পূৰা ধ্যান দিব লাগে, এই ক্ষেত্ৰত অজুহাত
দেখুৱাব নালাগে। সেৱাকেন্দ্ৰ দূৰৈত, এইটো এইটো কাৰণ....... খোজকাঢ়ি গ'লে 6 ঘণ্টাও
যদি লাগে তেতিয়াও যাব লাগে। মনুষ্য যাত্ৰাত যায়, কিমান ঠেলা-গঁতা খায়। আগতে বহুতে
খোজকাঢ়ি গৈছিল, গৰুগাড়ীতো গৈছিল। এয়াতো এখন চহৰৰ কথা। এই পিতাৰ কিমান ডাঙৰ বিশ্ব
বিদ্যালয়, য’ৰ পৰা তোমালোক এই লক্ষ্মী-নাৰায়ণ হোৱা। এনেকুৱা উচ্চ পঢ়াৰ কাৰণে
কোনোবাই যদি কয় যে দূৰ হয় বা আজৰি নাই! তেন্তে পিতাই কি ক'ব? এই সন্তানটিতো লায়ক
নহয়। পিতাই উন্নতি কৰাবলৈ আহে, এওঁ নিজৰে সৰ্বনাশ কৰি দিয়ে।
শ্ৰীমতে কয় - পৱিত্র
হোৱা, দৈৱী গুণ ধাৰণ কৰা। একেলগে থাকিও বিকাৰগ্ৰস্ত হ’ব নালাগে। মাজত জ্ঞান-যোগৰ
তৰোৱাল আছে, আমিতো পৱিত্র সৃষ্টিৰ মালিক হ'ব লাগে। এতিয়াতো পতিত সৃষ্টিৰ মালিক নহয়
জানো। সেই দেৱতাসকল দ্বৈত মুকুটধাৰী আছিল আকৌ আধাকল্পৰ পাছত পৱিত্ৰতাৰ মুকুট খহি
যায়। এই সময়ত পৱিত্ৰতাৰ মুকুট কাৰোৱেই নাই। কেৱল যিসকল ধৰ্মপ্ৰতিষ্ঠাপক আছে
তেওঁলোকৰ থাকিব পাৰে কিয়নো সেয়া পৱিত্ৰ আত্মা শৰীৰত আহি প্ৰৱেশ কৰে। এইখনেই ভাৰত,
য'ত দ্বৈত মুকুটধাৰীও আছিল, একক মুকুটধাৰীও আছিল। এতিয়াও একক মুকুটধাৰীসকল গৈ দ্বৈত
মুকুটধাৰীৰ আগত মূৰ দোৱায় কিয়নো তেওঁলোক হৈছে পৱিত্ৰ মহাৰজা-মহাৰাণী। মহাৰজাসকল
ৰজাসকলতকৈও শ্ৰেষ্ঠ, তেওঁলোকৰ বেছি সম্পত্তি থাকে। সভাতো মহাৰজাসকল আগত আৰু ৰজাসকল
পিছত ক্ৰম অনুসৰি বহে। নিয়মানুসৰি তেওঁলোকৰ দৰবাৰ বহে। এয়াও ঈশ্বৰীয় দৰবাৰ, ইয়াক
ইন্দ্ৰসভা বুলিও গায়ন কৰা হয়। তোমালোক জ্ঞানৰ দ্বাৰা পৰী হৈ যোৱা। ধুনীয়া লোকক পৰী
বুলি কোৱা হয় নহয়। ৰাধা-কৃষ্ণৰ স্বাভাৱিক সৌন্দৰ্য আছে, সেয়েহে সুন্দৰ বুলি কোৱা হয়।
আকৌ যেতিয়া কাম চিতাত বহে তেতিয়া তেওঁলোকো ভিন্ন ভিন্ন নাম-ৰূপত শ্যাম বৰণীয়া হৈ
যায়। শাস্ত্ৰত এই কথাবোৰ নাই। জ্ঞান, ভক্তি আৰু বৈৰাগ্য, তিনিটা বস্তু আছে। জ্ঞান
হৈছে উচ্চতকৈও উচ্চ। এতিয়া তোমালোকে জ্ঞান প্ৰাপ্ত কৰি আছা। তোমালোকৰ বৈৰাগ্য হৈছে
ভক্তিৰ। এই গোটেই তমোপ্ৰধান সৃষ্টি এতিয়া নাশ হৈ যাব, তাৰ প্ৰতি বৈৰাগ্য। যেতিয়া
নতুন ঘৰ সাজে তেতিয়া পুৰণা ঘৰৰ প্ৰতি বৈৰাগ্য জন্মি যায় নহয়। সেয়া হৈছে হদৰ কথা, এয়া
হৈছে বেহদৰ কথা। এতিয়া বুদ্ধি নতুন সৃষ্টিৰ ফালে আছে। এয়া হৈছে পুৰণি সৃষ্টি নৰক,
সত্যযুগ-ত্ৰেতাক শিৱালয় বুলি কোৱা হয়। শিৱবাবাই স্থাপনা কৰা। এতিয়া এই বেশ্যালয়ৰ
প্ৰতি তোমালোকৰ ঘৃণা জন্মে। বহুতৰে ঘৃণা নজন্মে। বিবাহৰ দ্বাৰা নিজকে ধ্বংস কৰি
গাঁতত পৰিব বিচাৰে। মনুষ্যতো সকলো বিষয় বৈতৰণী নদীত, ময়লাৰ মাজত পৰি আছে। ইজনে
সিজনক দুখ দিয়ে। গায়নো কৰা হয় অমৃত এৰি বিহ কিয় খাব লাগে। যি কিছু কয় তাৰ অৰ্থ বুজি
নাপায়। তোমালোক সন্তানসকলৰ মাজতো ক্ৰম অনুসৰি আছে। বিচাৰ বুদ্ধি সম্পন্ন শিক্ষকে
দেখিলেই বুজি ল'ব যে এওঁৰ বুদ্ধি অন্য ক'ৰবাত ঘূৰি ফুৰিছে, শ্ৰেণীৰ মাজত কোনোবাই
হামিয়ালে বা কলমতিয়াই থাকিলে তেতিয়া বুজি পোৱা যায় এওঁৰ বুদ্ধি ক'ৰবাত ঘৰ-সংসাৰ বা
বেপাৰৰ ফালে দিগভ্ৰান্ত হৈ ফুৰিছে। হামিয়াই থকাতো ভাগৰি পৰাৰো লক্ষণ। বেপাৰত
মনুষ্যৰ উপাৰ্জন হৈ থাকিলে তেতিয়া ৰাতি 1-2 বজালৈকেও বহি থাকে, কেতিয়াও হামি নাহে।
এয়াতো পিতাই কিমান সম্পদ দিয়ে। হামিয়াই থকাতো লোকচানৰ পৰিচয়। দেউলীয়া হোৱাজনে
কলমতিয়াই থাকে, বহুত হামিয়াই থাকে। তোমালোকেতো সম্পদৰ উপৰিও সম্পদ পাই থাকা তেন্তে
কিমান মনোযোগ দিব লাগে। পঢ়াৰ সময়ত কোনোবাই হামিয়াই থাকিলে তেতিয়া বিচাৰ বুদ্ধি
সম্পন্ন শিক্ষকে বুজি পাই যাব যে এওঁৰ বুদ্ধিযোগ অন্যফালে দিগভ্ৰান্ত হৈ ফুৰে। ইয়াত
বহি থাকিও ঘৰ-সংসাৰ স্মৃতিলৈ আহিব, সন্তান স্মৃতিলৈ আহিব। ইয়াততো তোমালোক ভাতীত
থাকিবলগীয়া হয়, আৰু কাৰো স্মৃতি আহিব নালাগে। ধৰি লোৱা কোনোবা 6 দিন ভাতীত থাকিল,
শেষত কাৰোবাৰ স্মৃতি আহিল, চিঠি লিখিলে তেন্তে অকৃতকাৰ্য বুলি কোৱা হ'ব পুনৰ 7 দিনৰ
বাবে আৰম্ভ কৰা। 7 দিন ভাতীত ৰখা হয় যাতে সকলো বেমাৰ আঁতৰি যায়। তোমালোক হৈছা
আধাকল্পৰ মহান ৰোগী। বহি থাকোতেই অকালতে মৃত্যু হৈ যায়। সত্যযুগত কেতিয়াও এনেকুৱা
নহয়। ইয়াততো কিবা নহয় কিবা বেমাৰ নিশ্চয় হয়। মৃত্যুৰ সময়ত বেমাৰত চিঞৰি থাকে।
স্বৰ্গত অলপো দুখ নহয়। তাততো সময়ত বুজি পায় - এতিয়া সময় পূৰা হ'ল। মই এই শৰীৰ এৰি
শিশু হ'মগৈ। ইয়াতো তোমালোকৰ সাক্ষাৎকাৰ হ'ব যে এয়া হ'মগৈ। এনেকৈ বহুতৰে সাক্ষাৎকাৰ
হয়। জ্ঞানৰ দ্বাৰাও জানে যে মই ভিকহুৰ পৰা ৰাজকুমাৰ হৈ আছোঁ। আমাৰ লক্ষ্য-উদ্দেশ্যই
হৈছে এই ৰাধা-কৃষ্ণ হোৱাৰ। লক্ষ্মী-নাৰায়ণ নহয়, ৰাধা-কৃষ্ণ কিয়নো পূৰা 5 হাজাৰ বছৰ
বুলি এওঁলোকৰ ক্ষেত্ৰতে কোৱা হ’ব। লক্ষ্মী-নাৰায়ণৰ তথাপিও 20-25 বছৰ কম হৈ যায়
সেয়েহে শ্ৰীকৃষ্ণৰ মহিমা বেছি। এইটোও কোনেও নাজানে যে ৰাধা-কৃষ্ণই পুনৰ
লক্ষ্মী-নাৰায়ণ হয়। এতিয়া তোমালোক সন্তানসকলে জানা, এয়া হৈছে পঢ়া। প্ৰত্যেক গাঁৱে
গাঁৱে সেৱাকেন্দ্ৰৰ খুলি থকা হয়। তোমালোকৰ এয়া হৈছে বিশ্ব বিদ্যালয় তথা চিকিৎসালয়।
ইয়াৰ বাবে কেৱল 3 পদ ভূমিৰ প্ৰয়োজন। আশ্চৰ্যকৰ নহয় জানো। যাৰ ভাগ্যত আছে তেওঁ নিজৰ
কোঠালিতো সৎসংগ খুলি দিয়ে। ইয়াত যিসকল বহুত ধনৱান, তেওঁলোকৰ ধনতো সকলো মাটিত মিলি
যাব। তোমালোকে পিতাৰ পৰা ভৱিষ্যত 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ লৈ আছা। পিতাই নিজে কয়
- এই পুৰণি সৃষ্টিক দেখিও বুদ্ধিযোগ তাত লগোৱা, কৰ্ম কৰিও এইটো অভ্যাস কৰা। প্ৰতিটো
কথা চাবলগীয়া হয়। তোমালোকৰ এতিয়া অভ্যাস হৈ আছে। পিতাই বুজায় - সদায় শুদ্ধ কৰ্ম
কৰিবা, অশুদ্ধ কোনো কৰ্ম নকৰিবা। যদি কিবা বেমাৰ আছে তেন্তে ছাৰ্জন বহি আছে, তেওঁৰ
পৰা ৰায় লোৱা। প্ৰত্যেকৰে বেমাৰ নিজা নিজা, ছাৰ্জনৰ পৰাতো ভাল ৰায় পাবা। সুধিব পাৰা
এইটো অৱস্থাত কি কৰোঁ? মনোযোগ দিব লাগে যাতে কোনো বিকৰ্ম হৈ নাযায়।
এইটোও গায়ন আছে -
যেনেকুৱা অন্ন তেনেকুৱা মন। মাংস ক্ৰয় কৰোঁতাজনৰ, বিক্ৰেতাজনৰ, খুৱাওঁতাজনৰো পাপ
লাগে। পতিত-পাৱন পিতাৰ পৰা কোনো কথা লুকুৱাব নালাগে। ছাৰ্জনৰ পৰা যদি লুকুওৱা তেন্তে
বেমাৰে এৰা নিদিব। এয়া হৈছে বেহদৰ অবিনাশী ছাৰ্জন। এই কথাবোৰ জগতৰ লোকেতো নাজানে।
তোমালোকেও এতিয়া জ্ঞান পাই আছা তথাপিও যোগত বহুত দুৰ্বল। স্মৰণ একেবাৰে নকৰা। এইটোতো
বাবাই জানে ইমান সোনকালে পিতাৰ স্মৃতি স্থায়ী হৈ নাযাব। ক্ৰমানুসৰিতো হয়েই। যেতিয়া
স্মৃতিৰ যাত্ৰা পূৰা হ'ব তেতিয়া কোৱা হ’ব যে কৰ্মাতীত অৱস্থা পূৰা হ'ল, তেতিয়া
যুদ্ধও পূৰ্ণ গতিত লাগিব, তেতিয়ালৈকে কিবা নহয় কিবা হ'ব আকৌ বন্ধ হৈ যাব। যুদ্ধতো
যিকোনো মুহূৰ্ততে লাগিব পাৰে। কিন্তু বিবেকে কয় যেতিয়ালৈকে ৰাজ্য স্থাপনা নহয়
তেতিয়ালৈকে ডাঙৰ যুদ্ধ নালাগিব। অলপ লাগি বন্ধ হৈ যাব। এইটোতো কোনেও নাজানে যে
ৰাজ্য স্থাপনা হৈ আছে। সতোপ্ৰধান, সতো, ৰজো, তমো বুদ্ধিতো আছে নহয়। তোমালোকৰ মাজতো
সতোপ্ৰধান বুদ্ধিৰসকলে ভালদৰে স্মৰণ কৰি থাকিব। ব্ৰাহ্মণতো এতিয়া লাখৰ হিচাপত হ'ব
কিন্তু তাৰ ভিতৰতো আচল আৰু সতীয়া সন্তানো আছে নহয়। আচল সন্তানসকলে সেৱা কৰিব, মা-পিতাৰ
মতত চলিব। সতীয়া সন্তান ৰাৱণৰ মতত চলিব। কিছু ৰাৱণৰ মতত, কিছু ৰামৰ মতত লেঙেৰাই
লেঙেৰাই চলিব। সন্তানসকলে গীতটি শুনিলে। এনেকৈ কয় - বাবা, এনেকুৱা ঠাইলৈ লৈ ব’লক
য'ত সুখ-শান্তি আছে। স্বৰ্গত সুখেই সুখ, দুখৰ নাম নাই। স্বৰ্গ বুলি কোৱাই হয়
সত্যযুগক। এতিয়াতো হৈছে কলিযুগ। ইয়াত আকৌ স্বৰ্গ ক'ৰ পৰা আহিল। তোমালোকৰ বুদ্ধি
এতিয়া স্বচ্ছ হৈ গৈ থাকে। স্বচ্ছ বুদ্ধিৰ লোকসকলক মলিয়ন বুদ্ধিৰসকলে নমন কৰে।
পৱিত্ৰ হৈ থকাসকলৰ মান আছে। সন্ন্যাসী পৱিত্ৰ সেয়েহে গৃহস্থীসকলে তেওঁলোকৰ আগত মূৰ
দোৱায়। সন্ন্যাসীতো বিকাৰৰ পৰা জন্ম লৈ পাছত সন্ন্যাসী হয়। দেৱতাসকলকতো কোৱাই হয়
সম্পূৰ্ণ নিৰ্বিকাৰী। সন্ন্যাসীসকলক কেতিয়াও সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা নহ’ব।
গতিকে তোমালোক সন্তানসকল ভিতৰি সীমাহীন আনন্দত থাকিব লাগে সেয়েহে কোৱা হয়
অতীন্দ্ৰিয় সুখৰ বিষয়ে সুধিব বিচৰা যদি গোপ-গোপীসকলক সোধা, যিয়ে পিতাৰ পৰা
উত্তৰাধিকাৰ লৈ আছে, পঢ়ি আছে। ইয়াত সন্মুখত শুনিলে নিচা বাঢ়ে পাচত কাৰোবাৰ স্থায়ী
হৈ থাকে, কাৰোবাৰ ততালিকে উৰি যায়। সংগদোষৰ কাৰণে নিচা স্থায়ী হৈ নাথাকে। তোমালোকৰ
সেৱাকেন্দ্ৰলৈ এনেকুৱা বহুত আহে। অলপমান নিচা লাগিল পুনৰ পাৰ্টি আদি ক'ৰবাত গ'ল, মদ,
বিড়ি আদি খালে, শেষ। সংগদোষ বহুত বেয়া। ৰাজহংস আৰু বগলী একেলগে থাকিব নোৱাৰে। পতি
ৰাজহংস হ’লে পত্নী বগলী হৈ যায়। ক'ৰবাত আকৌ পত্নী ৰাজহংস হ’লে, স্বামী বগলী হৈ যায়।
যদি কয় পৱিত্র হৈ থাকিম তেতিয়া মাৰ খাব লাগে। কোনো কোনো ঘৰত সকলো ৰাজহংস হয় আকৌ
আগবাঢ়ি গৈ থাকোঁতে থাকোঁতে ৰাজহংসৰ পৰা সলনি হৈ বগলী হৈ যায়। পিতাইতো কয় সকলোৱে
নিজক সুখদায়ী কৰি তোলা। সন্তানসকলকো সুখদায়ী কৰি তোলা। এয়াতো দুখধাম নহয় জানো।
এতিয়াতো বহুত আপদ আহিবলৈ আছে তেতিয়া চাবা কেনেকৈ ত্ৰাহি ত্ৰাহি কৰিব। হেৰ’, পিতা
আহিছে, যদি আমি পিতাৰ পৰা উত্তৰাধিকাৰ নলওঁ তেতিয়াতো বহুত দেৰি হৈ যাব। পিতা
স্বৰ্গৰ বাদশ্বাহী দিবলৈ আহিছে, সেয়া হেৰুৱাই পেলায় সেয়েহে বাবাই বুজায় যে বাবাৰ
ওচৰত সদায় মজবুতজনক আনিবা। যিয়ে নিজে বুজি অন্যকো বুজাব পাৰে। বাকী বাবা কোনো কেৱল
চাবলগীয়া বস্তুতো নহয়। শিৱবাবাক ক'ত দেখিবলৈ পোৱা যায়। নিজ আত্মাক দেখিছা জানো?
কেৱল জানা। সেইদৰে পৰমাত্মাকো জানিব লাগে। দিব্য দৃষ্টি অবিহনে তেওঁক কোনেও দেখা
পাব নোৱাৰে। দিব্য দৃষ্টিৰে এতিয়া তোমালোকে সত্যযুগক চোৱা আকৌ তালৈ বাস্তৱত যাব
লাগিব। কলিযুগৰ বিনাশ তেতিয়া হ'ব যেতিয়া তোমালোক সন্তানসকল কৰ্মাতীত অৱস্থাত উপনীত
হ’বাগৈ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি
সৃষ্টিক দেখিও বুদ্ধিৰ যোগসূত্ৰ যাতে পিতা বা নতুন সৃষ্টিৰ সৈতে থাকে। ধ্যান ৰাখিব
লাগে - কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা যাতে কোনো বিকৰ্ম হৈ নাযায়। সদায় শুদ্ধ কৰ্ম কৰিব লাগে,
ভিতৰত যদি কিবা বেমাৰ আছে তেন্তে ছাৰ্জনৰ পৰা ৰায় ল'ব লাগে।
(2) সংগদোষ বৰ বেয়া,
ইয়াৰ পৰা নিজক বহুত সাৱধানে ৰাখিব লাগে। নিজক আৰু পৰিয়ালক সুখদায়ী কৰি তুলিব লাগে।
পঢ়াৰ ক্ষেত্ৰত কেতিয়াও অজুহাত দেখুৱাব নালাগে।
বৰদান:
শ্ৰেষ্ঠ
ভাৱনাৰ আধাৰত সকলোকে শান্তি আৰু শক্তিৰ কিৰণ দিওঁতা বিশ্ব কল্যাণকাৰী হোৱা
যেনেকৈ পিতাৰ সংকল্প
বা বাণীত, নয়নত সদায় কল্যাণৰ ভাৱনা বা কামনা আছে তেনেকৈ তোমালোক সন্তানসকলৰ সংকল্প
বিশ্ব কল্যাণৰ ভাৱনা বা কামনা ভৰপূৰ হৈ থাকক। যিকোনো কাৰ্য কৰোঁতে বিশ্বৰ সকলো আত্মা
যাতে প্ৰকট হৈ থাকে। মাষ্টৰ জ্ঞান সূৰ্য হৈ শুভ ভাৱনা বা শ্ৰেষ্ঠ কামনাৰ আধাৰত
শান্তি আৰু শক্তিৰ কিৰণ দি থাকা তেতিয়া বিশ্ব কল্যাণকাৰী বুলি কোৱা হ’ব। কিন্তু
ইয়াৰ বাবে সকলো বন্ধনৰ পৰা মুক্ত, স্বতন্ত্ৰ হোৱা।
স্লোগান:
‘মই’ বোধ আৰু ‘মোৰ’ বোধ - এয়াই দেহ-অভিমানৰ দুৱাৰ। এতিয়া এই দুৱাৰ বন্ধ কৰা।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সত্যতাৰ চিনাক্তকৰণ
হৈছে সংকল্প, বাণী, কৰ্ম, সম্বন্ধ-সম্পৰ্ক সকলোতে দিব্যতাৰ অনুভৱ হোৱা। কোনোৱে কয়
মইতো সদায় সত্য কথা কওঁ কিন্তু বাণী বা কৰ্মত যদি দিব্যতা নাই তেন্তে তোমাৰ সত্য
আনৰ কাৰণে সত্য যেন নালাগিব সেই কাৰণে সত্যতাৰ শক্তিৰে দিব্যতা ধাৰণ কৰা। যিয়েই
সহ্য কৰিবলগীয়া নহওঁক কিয়, ভয় নকৰিবা। সত্য সময়ত স্বয়ং সিদ্ধ হ’ব।