17.04.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পাৱন হোৱা তেতিয়া আত্মিক সেৱাৰ যোগ্য হ’বা, দেহী-অভিমানী সন্তানসকল আত্মিক যাত্ৰাত
থাকিব আৰু আনকো এই যাত্ৰাই কৰাব”
প্ৰশ্ন:
সংগমত তোমালোক সন্তানসকলে যি উপাৰ্জন কৰা সেয়াই প্ৰকৃত উপাৰ্জন - কেনেকৈ?
উত্তৰ:
এতিয়াৰ যি উপাৰ্জন সেয়া 21 জন্মলৈকে চলে, ইয়াৰ কেতিয়াও দেউলীয়া অৱস্থা নহয়। জ্ঞান
শুনা আৰু শুনোৱা, স্মৰণ কৰা আৰু কৰোৱা - এয়াই হৈছে সঁচা সেৱা, যিটো সত্য পিতাইহে
তোমালোকক শিকায়। এনেকুৱা উপাৰ্জন গোটেই কল্পত কোনেও কৰিব নোৱাৰে। অন্য কোনো উপাৰ্জন
লগত নাযায়।
গীত:
হমে উন ৰাহো
পৰ চলনা হে..... (আমি সেইটো মাৰ্গত চলিব লাগে…..)
ওঁম্শান্তি।
ভক্তিমাৰ্গততো
সন্তানসকলে বহুত দুখ-কষ্ট সহ্য কৰিছে। ভক্তিমাৰ্গত বহুত ভাৱনাৰে যাত্ৰা কৰিবলৈ যায়,
ৰামায়ণ আদি শুনে। ইমান প্ৰেমেৰে বহি কাহিনী শুনে যে কান্দোনো আহি যায়। আমাৰ ভগৱানৰ
সীতা ভগৱতীক ৰাৱণ ডাকুৱে লৈ গ’ল। আকৌ শুনাৰ সময়ত বহি কান্দে। এই সকলোবোৰ হৈছে
মুখৰোচক কথা, যাৰপৰা একো লাভ নহয়। আহ্বানো জনায় - হে পতিত-পাৱন আহক, আহি আমাক দুখী
আত্মাসকলক সুখী কৰি তোলক। এইটো বুজি নাপায় যে আত্মা দুখী হয় কিয়নো তেওঁলোকেতো
আত্মাক নিৰ্লেপ বুলি কৈ দিয়ে। এনেকৈ ভাবে যে আত্মা সুখ দুখৰপৰা উৰ্দ্ধত। এনেকৈ কিয়
কয়? কিয়নো ভাবে যে পৰমাত্মা সুখ-দুখৰ পৰা উৰ্দ্ধত, তেন্তে আকৌ সন্তানসকল সুখ দুখত
কেনেকৈ আহিব? এই সকলোবোৰ কথা এতিয়া সন্তানসকলে বুজি পাইছে। এই জ্ঞানমাৰ্গতো কেতিয়াবা
গ্ৰহচাৰী বহে, কেতিয়াবা কিবা হয়। কেতিয়াবা প্ৰফুল্লিত হৈ থাকে আকৌ কেতিয়াবা মৰহি
যোৱা চেহেৰা। এয়া হৈছে মায়াৰ লগত যুদ্ধ। মায়াৰ ওপৰতে জয় লাভ কৰিব লাগে। যেতিয়া
বেহুচ হৈ যায় তেতিয়া সঞ্জীৱনী দৰব দিয়া হয় – ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি
পৰমপিতা শিৱক স্মৰণ কৰা)। ভক্তিমাৰ্গত বাহ্যিক প্ৰদৰ্শন বহুত। দেৱতাসকলৰ মূৰ্তি
কিমান অলংকৃত কৰে, আচল অলংকাৰ পিন্ধায়। সেই অলংকাৰবোৰতো ঠাকুৰৰ সম্পত্তি। ঠাকুৰৰ
সম্পত্তি মানে পূজাৰী বা ন্যাসৰ হৈ যায়। তোমালোক সন্তানসকলে জানা যে আমি চৈতন্য
ৰূপত বহুত হীৰা মুকুতাৰে সুশোভিত আছিলোঁ। পাছত যেতিয়া পূজাৰী হওঁ তেতিয়াও বহুত
অলংকাৰ পিন্ধোঁ। এতিয়া একোৱেই নাই। চৈতন্য ৰূপতো পিন্ধোঁ আৰু জড় ৰূপতো পিন্ধোঁ।
এতিয়া কোনো অলংকাৰ নাই। একেবাৰে সাধাৰণ। পিতাই কয় - মই সাধাৰণ শৰীৰত আহোঁ। কোনো
ৰাজকীয় আড়ম্বৰ নাই। সন্ন্যাসীসকলৰো বহুত আড়ম্বৰ থাকে। এতিয়া তোমালোকে বুজি পাইছা যে
যথাযথ সত্যযুগত কেনেকৈ আমি আত্মাসকল পৱিত্ৰ আছিলোঁ। শৰীৰো আমাৰ পৱিত্ৰ আছিল। শৰীৰৰ
শোভাও বহুত ভাল আছিল। কোনোবা ধুনীয়া হ’লে তেওঁলোকৰ সাজ-সজ্জাৰো চখ থাকে। তোমালোকো
যেতিয়া ধুনীয়া আছিলা তেতিয়া বহুত ভাল ভাল অলংকাৰ পিন্ধিছিলা। হীৰাৰ বহুত ডাঙৰ হাৰ
আদি পিন্ধিছিলা। ইয়াত সকলো বস্তু কুশ্ৰী। চোৱা, গাই গৰুও কুশ্ৰী হৈ গৈছে। বাবা (ব্ৰহ্মা
বাবা) যেতিয়া শ্ৰীনাথ দ্বাৰলৈ গৈছিল তেতিয়া তাত বহুত ভাল গাই গৰু আছিল। শ্ৰীকৃষ্ণৰ
বহুত ভাল গৰু দেখুৱায়। ইয়াততো চোৱা কোনোবাতো কেনেকুৱা কোনোবাতো কেনেকুৱা, কিয়নো
কলিযুগ হয়। এনেকুৱা গৰু তাত নাথাকে। তোমালোক সন্তানসকল বিশ্বৰ মালিক হোৱা। তোমালোকৰ
সাজ-সজ্জাও তাত এনেকুৱা সুন্দৰ হয়। বিচাৰ কৰা - গৰুতো নিশ্চয় থকা উচিত। তাৰ গৰুৰ
গোৱৰো কেনেকুৱা হ’ব চাগৈ। কিমান শক্তি থাকিব। মাটিক সাৰ লাগে নহয়। সাৰ দিলে ভাল
শস্য উৎপাদন হয়। তাত সকলো বস্তু ভাল শক্তিসম্পন্ন হয়। ইয়াততো একো বস্তুতেই শক্তি
নাই। প্ৰতিটো বস্তু একদম শক্তিহীন হৈ গৈছে। কন্যাসকল সূক্ষ্মলোকলৈ গৈছিল। কিমান ভাল
ভাল ডাঙৰ ফল খাইছিল, আমৰ ৰস আদি পান কৰিছিল। এই সকলোবোৰৰ সাক্ষাৎকাৰ কৰাইছিল। মালীয়ে
তাত কেনেকৈ ফল আদি কাটি দিয়ে। সূক্ষ্মলোকততো ফল আদি থাকিব নোৱাৰে। এইবোৰ সাক্ষাৎকাৰ
হয়। বৈকুণ্ঠতো তথাপিও ইয়াতেই হ’ব নহয়। মনুষ্যই ভাবে বৈকুণ্ঠ ওপৰত আছে। বৈকুণ্ঠ
সূক্ষ্মলোকতো নাই, মূললোকতো নাই। ইয়াতেই হয়। ইয়াত কন্যাসকলে যি সাক্ষাৎকাৰ কৰে সেয়া
আকৌ এই দুচকুৰে দেখিব। যেনেকুৱা পদমৰ্যাদা তেনেকুৱা সামগ্ৰীও থাকে। ৰজাসকলৰ মহল চোৱা
কিমান সুন্দৰ। জয়পুৰত বহুত ভাল ভাল মহল নিৰ্মাণ কৰা আছে। কেৱল মহল চাবলৈ মনুষ্য যায়
তাৰ বাবে টিকট থাকে। বিশেষকৈ মহল চোৱাৰ ক্ষেত্ৰত টিকট থাকে। নিজে আকৌ বেলেগ মহলত
থাকে। তাকো এই কলিযুগত। এইখন হৈছেই পতিত সৃষ্টি। কোনোবাই জানো নিজক পতিত বুলি ভাবে।
তোমালোকে এতিয়া বুজি পোৱা - আমিতো পতিত আছিলোঁ। কোনো কামৰ নাছিলোঁ, আকৌ আমি সুন্দৰ
হ’ম। সেইখন জগতেই অতি উত্তম হ’ব। ইয়াত যদিও আমেৰিকা আদিত অতি উত্তম মহল আছে কিন্তু
তাৰ তুলনাত এয়াতো একোৱেই নহয় কিয়নো এইবোৰতো অল্পকালৰ সুখ দিওঁতা। তাততো অতি উত্তম
মহল থাকে। অতি উত্তম গৰু থাকে। তাত গোৱালো থাকে। শ্ৰীকৃষ্ণক গোৱাল বুলি কয় নহয়।
ইয়াত যিসকল গৰুৰ তত্ত্বাৱধান লওঁতা আছে তেওঁলোকে কয় - আমি গোৱাল। শ্ৰীকৃষ্ণৰ বংশাৱলী
হওঁ। বাস্তৱত শ্ৰীকৃষ্ণৰ বংশাৱলী বুলি কোৱা নহ’ব। শ্ৰীকৃষ্ণৰ ৰাজধানীৰ বুলি কোৱা
হ’ব। চহকীলোকসকলৰ গৰু থাকিলে তাৰ তত্ত্বাৱধান ল’বলৈ গোৱালো থাকিব। এই ‘গোৱাল’ নামটি
সত্যযুগৰ। কালিৰ কথা। কালি আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ আকৌ পতিত হৈ যোৱা
বাবে নিজক হিন্দু বুলি কৈ দিওঁ। সোধা - তোমালোক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ নে
হিন্দু ধৰ্মৰ? আজিকালি সকলোৱে হিন্দু বুলি লিখি দিয়ে। হিন্দু ধৰ্ম কোনে প্ৰতিষ্ঠা
কৰিলে? দেৱী-দেৱতা ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? এয়াও কোনেও নাজানে। বাবাই এইটো
প্ৰশ্ন সোধে যে কোৱা আদি সনাতন দেৱী-দেৱতা ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? শিৱবাবাই
ব্ৰহ্মাৰ দ্বাৰা কৰি আছে। ৰাম বা শিৱবাবাৰ শ্ৰীমতত আদি সনাতন দেৱী-দেৱতা ধৰ্ম
প্ৰতিষ্ঠা হ’ল। আকৌ ৰাৱণৰাজ্য হয়, বিকাগ্ৰস্ত হয়। ভক্তিমাৰ্গ আৰম্ভ হোৱাৰ লগে লগে
হিন্দু বুলি ক’বলৈ ধৰে। এতিয়া কোনেও নিজক দেৱতা বুলি ক’ব নোৱাৰে। ৰাৱণে বিকাৰী কৰি
দিলে, পিতা আহি নিৰ্বিকাৰী কৰি তোলে। তোমালোক ঈশ্বৰীয় মতেৰে দেৱতা হোৱা। পিতাহে আহি
তোমালোক ব্ৰাহ্মণসকলক দেৱতা কৰি তোলে। ছিৰি কেনেকৈ নামে, এইটো তোমালোক সন্তানসকলৰ
বুদ্ধিত ক্ৰমানুসৰি ধাৰণ হয়। তোমালোকে জানা অন্য সকলো মনুষ্য আসুৰিক মতত চলি আছে আৰু
তোমালোক ঈশ্বৰীয় মতত চলি আছা। ৰাৱণৰ মতত ছিৰি নামি (অৱনমিত হৈ) আহিছা। 84 জন্মৰ
পাছত পুনৰ প্ৰথম নম্বৰৰ জন্ম হ’ব। ঈশ্বৰীয় বুদ্ধিৰে তোমালোকে গোটেই সৃষ্টিৰ
আদি-মধ্য-অন্তক জানি যোৱা। তোমালোকৰ এই জীৱন বহুত অমূল্য, ইয়াৰ বাহাদুৰি আছে। যিহেতু
পিতা আহি আমাক ইমান পাৱন কৰি তোলে। আমি আত্মিক সেৱাৰ যোগ্য হওঁ। তেওঁলোক হৈছে
পাৰ্থিৱ সমাজ সেৱক, যিসকল দেহ-অভিমানত থাকে। তোমালোক হৈছা দেহী-অভিমানী। আত্মাসকলক
আত্মিক যাত্ৰাত লৈ যোৱা। পিতাই বুজায় - তোমালোক সতোপ্ৰধান আছিলা, এতিয়া তমোপ্ৰধান
হৈছা। সতোপ্ৰধানক পাৱন আৰু তমোপ্ৰধানক পতিত বুলি কোৱা হয়। আত্মাতেই খাদ (বিকাৰ লেপ)
পৰিছে। আত্মাকহে সতোপ্ৰধান কৰিব লাগে। যিমান স্মৃতিত থাকিবা সিমানে পৱিত্ৰ হ’বা।
নহ’লে কম পৱিত্ৰ হ’বা। পাপৰ বোজা শিৰত থাকি যাব। আত্মাতো সকলো পৱিত্ৰ হয়, আকৌ
প্ৰত্যেকৰে ভূমিকা বেলেগ। সকলোৰে একে নিচিনা ভূমিকা হ’ব নোৱাৰে। সকলোতকৈ শ্ৰেষ্ঠ
বাবাৰ ভূমিকা, তাৰপাছত ব্ৰহ্মা-সৰস্বতীৰ কিমান ভূমিকা আছে। যিয়ে স্থাপনা কৰে,
তেৱেঁই প্ৰতিপালনো কৰে। শ্ৰেষ্ঠ ভূমিকা তেওঁৰ (শিৱবাবাৰ)। প্ৰথমতে হ’ল শিৱবাবা,
তাৰপাছত ব্ৰহ্মা-সৰস্বতী, যি পুনৰ্জন্মত আহে। শংকৰেতো কেৱল সূক্ষ্ম ৰূপ ধাৰণ কৰে।
এনেকুৱা নহয় যে শংকৰে কোনো শৰীৰ ধাৰলৈ লয়। শ্ৰীকৃষ্ণৰ নিজৰ শৰীৰ আছে। ইয়াত কেৱল
শিৱবাবাই শৰীৰ ধাৰত লয়। পতিত শৰীৰ, পতিত সৃষ্টিত আহি সেৱা কৰে, মুক্তি-জীৱনমুক্তিত
লৈ যাবলৈ। প্ৰথমতে মুক্তিত যাব লাগে। জ্ঞানপূৰ্ণ এজনেই পিতা পতিত-পাৱন হয়, তেওঁকেই
শিৱবাবা বুলি কোৱা হয়। শংকৰক বাবা বুলি ক’লে শোভা নাপায়। ‘শিৱবাবা’ শব্দটি বহুত মিঠা।
শিৱক কোনোবাই আকন ফুল অৰ্পণ কৰে, কোনোবাই আন কিবা অৰ্পণ কৰে। কোনোবাই গাখীৰো অৰ্পণ
কৰে।
পিতাই সন্তানসকলক
অনেক প্ৰকাৰে বুজনি দি থাকে। সন্তানসকলৰ বাবে বুজোৱা হয়, সকলো যোগৰ ওপৰত নিৰ্ভৰ কৰে।
যোগৰ দ্বাৰাহে বিকৰ্ম বিনাশ হ’ব। যোগীসকলৰ জ্ঞানৰ ধাৰণাও ভাল হ’ব। নিজৰ ধাৰণাত চলি
থাকিব কিয়নো আকৌ শুনাবও লাগিব। এইটো হৈছে নতুন কথা- ভগৱানে যাক প্ৰত্যক্ষভাৱে শুনালে,
যদি তেওঁলোকেই শুনে তেন্তে এই জ্ঞান নাথাকিলেইহেতেঁন। এতিয়া পিতাই তোমালোকক যি
শুনায় সেয়া এতিয়া তোমালোকে শুনা। ধাৰণা হয় আকৌ প্ৰালব্ধৰ ভূমিকা পালন কৰিবলগীয়া হয়।
জ্ঞান শুনা, শুনোৱা এতিয়া (সংগমযুগত) হয়। সত্যযুগত এইটো ভূমিকা নাথাকিব। তাততো হয়েই
প্ৰালব্ধৰ ভূমিকা। মনুষ্যই বেৰিষ্টাৰী পঢ়ে, তাৰপাছত বেৰিষ্টাৰ হৈ উপাৰ্জন কৰে। এয়া
কিমান শ্ৰেষ্ঠ উপাৰ্জন, ইয়াক জগতৰ লোকে নাজানে। তোমালোকে জানা যে সত্য বাবাই আমাৰ
সঁচা উপাৰ্জন কৰাই আছে। ইয়াৰ কেতিয়াও দেউলীয়া অৱস্থা হ’ব নোৱাৰে। এতিয়া তোমালোকে
সঁচা উপাৰ্জন কৰা। সেয়া আকৌ 21 জন্ম লগত থাকে। সেই (লৌকিক) উপাৰ্জন লগত নাযায়। এই
উপাৰ্জন লগত যাব গতিকে এনেকুৱা উপাৰ্জন কৰিব লাগে। এই কথাবোৰ তোমালোকৰ বাহিৰে আন
কাৰো বুদ্ধিত নাই। তোমালোকৰ মাজতো কোনো কোনোৱে বাৰে বাৰে পাহৰি যায়। পিতা আৰু
উত্তৰাধিকাৰক পাহৰি যাব নালাগে। বচ্, কথা একেটাই। পিতাক স্মৰণ কৰা। যিজন পিতাৰ পৰা
21 জন্মৰ উত্তৰাধিকাৰ পোৱা যায়, 21 জন্মলৈ কায়া নিৰোগী হৈ থাকে। বৃদ্ধকাললৈকে অকাল
মৃত্যু নহয়। সন্তানসকল কিমান আনন্দিত হ’ব লাগে। পিতাৰ স্মৃতি হৈছে মুখ্য, ইয়াতেই
মায়াই বিঘিনি আনে। ধুমুহা আনে। অনেক প্ৰকাৰৰ ধুমুহা আনে। তোমালোকে ক’বা যে পিতাক
স্মৰণ কৰোঁ, কিন্তু কৰিব নোৱাৰিবা। স্মৃতিত থকাৰ ক্ষেত্ৰতেই বহুত অনুত্তীৰ্ণ হয়।
বহুতৰে যোগৰ অভাৱ আছে। যিমান সম্ভৱ যোগত মজবুত হ’ব লাগে। বাকী বীজ আৰু বৃক্ষৰ জ্ঞান
কোনো ডাঙৰ কথা নহয়।
পিতাই কয় মোক স্মৰণ
কৰা। মোক স্মৰণ কৰিলে, মোক জানিলে তোমালোকে সকলো জানি যাবা। স্মৃতিতেই সকলো নিহিত
হৈ আছে। মৰমৰ বাবা, শিৱবাবাক স্মৰণ কৰিব লাগে। উচ্চতকৈও উচ্চ হৈছে ভগৱান।
শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ তেওঁ হয়। উচ্চতকৈও উচ্চ উত্তৰাধিকাৰ দিয়ে 21 জন্মৰ বাবে। সৰ্বদা
সুখী অমৰ কৰি তোলে। তোমালোক এতিয়া অমৰপুৰীৰ মালিক হোৱাগৈ। গতিকে এনেহেন পিতাক বহুত
স্মৰণ কৰিব লাগে। পিতাক স্মৰণ নকৰিলে তেতিয়া বাকী সকলো স্মৃতিলৈ আহি যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই
ঈশ্বৰীয় জীৱন বহুত অমূল্য, এই জীৱনত আত্মা আৰু শৰীৰ দুয়োটাকে পাৱন কৰি তুলিব লাগে।
আত্মিক যাত্ৰাত থাকি আনক এই যাত্ৰা শিকাব লাগে।
(2) যিমান সম্ভৱ -
সঁচা উপাৰ্জনত লাগি যাব লাগে। নিৰোগী হ’বলৈ স্মৃতিত শক্তিশালী হ’ব লাগে।
বৰদান:
শৰীৰটো
ঈশ্বৰীয় সেৱাৰ অৰ্থে প্ৰাপ্ত সম্পদ বুলি বুজি কাৰ্যত লগাওঁতা নষ্টোমোহা হোৱা
যেনেকৈ সম্পদ অন্য
কাৰোবাৰ হ'লে তেতিয়া অন্যৰ সম্পদৰ প্ৰতি নিজস্ববোধ নাথাকে, মমত্বও নাথাকে তেনেকৈ এই
শৰীৰটোও ঈশ্বৰীয় সেৱাৰ বাবে প্ৰাপ্ত এক সম্পদ। এই সম্পদ আত্মিক পিতাই দিছে তেন্তে
নিশ্চয় আত্মিক পিতাৰ স্মৃতি থাকিব। প্ৰাপ্ত সম্পদ বুলি বুজিলে আত্মিকতা আহিব,
নিজস্ববোধৰ মমত্ব নাথাকিব। এইটোৱেই নিৰন্তৰ যোগী, নষ্টোমোহা হোৱাৰ সহজ উপায়। গতিকে
এতিয়া আত্মিকতাৰ স্থিতি প্ৰত্যক্ষ কৰা।
স্লোগান:
বানপ্ৰস্থ স্থিতিত উপনীত হ’বলৈ দৃষ্টি-বৃত্তিতো পৱিত্ৰতাৰ ওপৰত বিশেষ মনোযোগ দিয়া।
অব্যক্ত ইংগিত: মহান
হ’বলৈ মধুৰতা আৰু নম্ৰতাৰ গুণ ধাৰণ কৰা
তোমালোকৰ প্ৰতিষাৰ কথা
মহান হওক। মনৰ প্ৰতিটো সংকল্প প্ৰত্যেক আত্মাৰ প্ৰতি মধুৰ হওক। প্ৰত্যেকৰে উৎকৰ্ষ
সাধন কৰাৰ স্বভাৱ, মধুৰতাৰ স্বভাৱ আৰু নম্ৰতাৰ স্বভাৱ হওক। "মোৰ স্বভাৱ এনেকুৱা"—
এনেকৈ কেতিয়াও নক’বা। ‘মোৰ’ ক’ৰপৰা আহিল! "মোৰ উচ্চ স্বৰত কোৱাৰ স্বভাৱ", "মোৰ
অত্যাধিক আৱেগ প্ৰৱণতাত অহাৰ স্বভাৱ"। স্বভাৱৰ বশ হোৱা এয়াই মায়া। এতিয়া মায়াজিৎ
হোৱা। অভিমান বা নিৰাশ হোৱা, ঈৰ্ষা বা অত্যাধিক আৱেগ প্ৰৱণতাত অহাৰ স্বভাৱ পৰিৱৰ্তন
কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]