17.06.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
স্মৃতি আৰু পঢ়াৰ দ্বাৰাহে দ্বৈত মুকুট পাবা, সেই কাৰণে নিজৰ লক্ষ্য-উদ্দেশ্য
সন্মুখত ৰাখি দৈৱীগুণ ধাৰণ কৰা”
প্ৰশ্ন:
বিশ্ব ৰচিয়তা
পিতাই তোমালোক সন্তানসকলৰ কোনটো সেৱা কৰে?
উত্তৰ:
1) সন্তানসকলক বেহদৰ উত্তৰাধিকাৰ দি সুখী কৰি তোলা, এইটো সেৱা কৰে। পিতাৰ দৰে
নিষ্কাম সেৱা কোনেও কৰিব নোৱাৰে। 2) বেহদৰ পিতাই ভাড়াত আসন (শৰীৰ) লৈ তোমালোকক
বিশ্বৰ সিংহাসনাধিকাৰী কৰি তোলে। নিজে ময়ুৰ সিংহাসনত নবহে কিন্তু সন্তানসকলক ময়ুৰ
সিংহানত বহুৱায়। পিতাৰতো জড় মন্দিৰ নিৰ্মাণ কৰে, তাত তেওঁৰ কি মজা লাগিব। মজাতো
সন্তানসকলে পায় যিয়ে স্বৰ্গৰ ৰাজ্য-ভাগ্য লয়।
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলক পিতাই কয় যে নিজক আত্মা বুজি পিতাক স্মৰণ কৰা। ‘ওঁম্ শান্তি’ৰ অৰ্থতো
তোমালোকক বুজোৱা হৈছে। পিতায়ো কয়, সেয়েহে সন্তানেও ‘ওঁম্ শান্তি’ বুলি কয় কিয়নো
আত্মাৰ স্বধৰ্ম হৈছে শান্তি। তোমালোকে এতিয়া জানা যে আমি শান্তিধামৰ পৰা ইয়ালৈ আহোঁ,
প্ৰথমে সুখধামলৈ, আকৌ 84 পুনৰ্জন্ম লৈ লৈ দুখ ধামলৈ আহোঁ। এইটো স্মৃতিত থাকে নহয়।
সন্তানসকলে 84 জন্ম লয়, জীৱ আত্মা হয়। পিতা জীৱ আত্মা নহয়। তেওঁ কয় - মই অলপ সময়ৰ
বাবে এওঁৰ আধাৰ লওঁ। নহ’লে পঢ়াম কেনেকৈ? সন্তানসকলক বাৰে বাৰে কেনেকৈ কম যে
‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি মোক; পিতাক স্মৰণ কৰা), নিজৰ বাদশ্বাহীক স্মৰণ কৰা?
ইয়াকে ছেকেণ্ডত বিশ্বৰ বাদশ্বাহী বুলি কোৱা হয়। বেহদৰ পিতা নহয় জানো গতিকে নিশ্চয়
বেহদৰ সুখ, বেহদৰ উত্তৰাধিকাৰ দিব। পিতাইতো বহুত সহজ ৰাস্তা দেখুৱাই দিয়ে। কয় -
এতিয়া এই দুখধামক বুদ্ধিৰ পৰা আঁতৰাই দিয়া। যি নতুন সৃষ্টি স্বৰ্গ স্থাপনা কৰি আছোঁ,
তাৰ মালিক হ’বলৈ মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হ’ব। তোমালোক পুনৰাই
সতোপ্ৰধান হৈ যাবা, ইয়াকে সহজ স্মৃতি বুলি কোৱা হয়। যেনেকৈ সন্তানে লৌকিক পিতাক
কিমান সহজে স্মৰণ কৰে, তেনেকৈ তোমালোক সন্তানসকলেও বেহদৰ পিতাক স্মৰণ কৰিব লাগে।
পিতাইহে দুখৰ পৰা মুক্ত কৰি সুখধামলৈ লৈ যায়। তাত দুখৰ কোনো নাম-চিহ্ন নাই। পিতাই
বহুত সহজ কথা কয় - নিজৰ শান্তিধামক স্মৰণ কৰা, যি পিতাৰ ঘৰ সেয়া তোমালোকৰো ঘৰ আৰু
নতুন সৃষ্টিক স্মৰণ কৰা, সেয়া হৈছে তোমালোকৰ ৰাজধানী। পিতাই তোমালোক সন্তানসকলৰ
কিমান নিষ্কাম সেৱা কৰে। তোমালোক সন্তানসকলক সুখী কৰি পুনৰ বানপ্ৰস্থ, পৰমধামত বহি
যায়। তোমালোকো পৰমধামৰ নিবাসী। সেইখনক নিৰ্বাণধাম, বানপ্ৰস্থ বুলিও কোৱা হয়। পিতা
আহে সন্তানসকলৰ সেৱা কৰিবলৈ অৰ্থাৎ উত্তৰাধিকাৰ দিবলৈ। এওঁ নিজেও পিতাৰ পৰা
উত্তৰাধিকাৰ লয়। শিৱবাবাতো হয়েই উচ্চতকৈও উচ্চ ভগৱান, শিৱৰ মন্দিৰো আছে। তেওঁৰ কোনো
পিতা বা শিক্ষক নাই। তেওঁৰ গোটেই সৃষ্টিৰ আদি, মধ্য, অন্তৰ জ্ঞান আছে। ক’ৰ পৰা আহিল?
কোনো বেদ শাস্ত্ৰ আদি পঢ়িলে জানো? নহয়। পিতাতো জ্ঞানৰ সাগৰ, সুখ-শান্তিৰ সাগৰ।
পিতাৰ মহিমা আৰু দৈৱীগুণধাৰী মনুষ্যৰ মহিমাৰ কিমান পাৰ্থক্য আছে। তোমালোকে দৈৱীগুণ
ধাৰণ কৰি এই দেৱতা হোৱা। আগতে আসুৰি গুণ আছিল। অসুৰৰ পৰা দেৱতা কৰি তোলা, এয়াতো
পিতাৰহে কাম। লক্ষ্য-উদ্দেশ্যও তোমালোকৰ সন্মুখত আছে। নিশ্চয় এনেকুৱা শ্ৰেষ্ঠ কৰ্ম
কৰিছিল। কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি অথবা প্ৰতিটো কথা বুজাবলৈ এক ছেকেণ্ড লাগে।
পিতাই কয় - মৰমৰ সন্তানসকলে ভূমিকা পালন কৰিবই লাগে। এই ভূমিকা তোমালোকে অনাদি,
অবিনাশী ৰূপত প্ৰাপ্ত কৰিছা। তোমালোকে কিমান বাৰ সুখ-দুখৰ খেলত আহিছা। কিমান বাৰ
তোমালোক বিশ্বৰ মালিক হৈছা। পিতাই কিমান উচ্চ কৰি তোলে। পৰমাত্মা যি সৰ্বোচ্চ আত্মা,
তেৱোঁ ইমানেই সূক্ষ্ম। সেই পিতা হৈছে জ্ঞানৰ সাগৰ। গতিকে আত্মাসকলকো নিজৰ সমান কৰি
তোলে। তোমালোক প্ৰেমৰ সাগৰ, সুখৰ সাগৰ হোৱাগৈ। দেৱতাসকলৰ পৰস্পৰ কিমান প্ৰেম থাকে।
কেতিয়াও কাজিয়া নহয়। গতিকে পিতা আহি তোমালোকক নিজৰ সমান কৰি তোলে। আন কোনেও এনেকুৱা
কৰি তুলিব নোৱাৰে। খেল স্থূললোকত হয়। প্ৰথমে আদি সনাতন দেৱী-দেৱতা ধৰ্ম তাৰপাছত
ইছলাম, বৌদ্ধ আদি ক্ৰমান্বয়ে এই মঞ্চত বা নাটশালাত আহে। 84 জন্ম তোমালোকে লোৱা।
গায়নো আছে আত্মা আৰু পৰমাত্মা পৃথকে থাকিল বহুকাল…….। পিতাই কয় - মৰমৰ সন্তানসকল,
পোন-প্ৰথমে বিশ্বত ভূমিকা পালন কৰিবলৈ তোমালোক আহা। মইতো অলপ সময়ৰ কাৰণে এওঁৰ শৰীৰত
প্ৰৱেশ কৰো। এয়াতো হৈছে পুৰণা জোতা (শৰীৰ)। পুৰুষৰ এগৰাকী স্ত্ৰীৰ মৃত্যু হ’লে কয়
পুৰণা জোতা গ’ল, এতিয়া পুনৰ নতুন ল’ম। এইটোও (ব্ৰহ্মাৰ) পুৰণা শৰীৰ নহয় জানো। 84
জন্মৰ চক্ৰ পৰিক্ৰমা লগালে। ততত্বম্ (তোমালোকৰ ক্ষেত্ৰতো একে কথা), সেয়েহে মই আহি
এই ৰথৰ আধাৰ লওঁ। পৱিত্ৰ সৃষ্টিলৈ মই কেতিয়াও নাহোঁ। তোমালোক পতিত হৈ, মোক আহ্বান
কৰা যে আহি পৱিত্ৰ কৰি তোলক। অৱশেষত তোমালোকৰ স্মৃতি ফলপ্ৰসু হ’ব। যেতিয়া পুৰণি
সৃষ্টি অন্ত হ’বৰ সময় হয় তেতিয়া মই আহোঁ। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। ব্ৰহ্মাৰ দ্বাৰা
অৰ্থাৎ ব্ৰাহ্মণসকলৰ দ্বাৰা। প্ৰথমে টিকনি অৰ্থাৎ আটাইতকৈ উচ্চ ব্ৰাহ্মণ, তাৰপাছত
ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ…. গতিকে লুটিবাগৰ মৰা খেল খেলা। এতিয়া দেহ-অভিমান এৰি
দেহী-অভিমানী হ’ব লাগে। তোমালোকে 84 জন্ম লোৱা। মইতো মাথো এবাৰেই এই দেহ ধাৰত লওঁ।
ভাড়াত লওঁ। মই এই ঘৰৰ (ব্ৰহ্মাৰ শৰীৰৰ) মালিক নহয়। এওঁকতো আকৌ মই এৰি দিম। ভাড়াতো
দিবলগীয়া হয় নহয়। পিতায়ো কয়, মই ঘৰৰ ভাড়া দিওঁ। বেহদৰ পিতা, কিবাতো ভাড়া দিব নহয়।
এইখন আসন লয়, তোমালোকক বুজাবলৈ। এনেকৈ বুজায় যে তোমালোকো বিশ্বৰ সিংহাসনাধিকাৰী হৈ
যোৱা। নিজেই কয় - মই নহওঁ। সিংহাসনাধিকাৰী অৰ্থাৎ ময়ুৰ সিংসাহনত বহুৱায়। শিৱবাবাৰ
স্মৃতিতেই সোমনাথ মন্দিৰ নিৰ্মাণ কৰিছে। পিতাই কয় - ইয়াৰ পৰা মই কি মজা পাম। জড়
পুতলা ৰাখি দিয়ে। মজাতো তোমালোক সন্তানসকলে স্বৰ্গত পোৱা। মইতো স্বৰ্গলৈ নাহোঁৱেই।
আকৌ যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হয় তেতিয়া এই মন্দিৰ আদি নিৰ্মাণত কিমান খৰচ কৰিলে।
সেয়াও আকৌ চোৰে লুটি লৈ গ’ল। ৰাৱণৰ ৰাজ্যত তোমালোকৰ ধন-সম্পত্তি আদি সকলো শেষ হৈ
যায়। এতিয়া সেই ময়ুৰ সিংসাহন আছেনে? পিতাই কয় - মোৰ যি মন্দিৰ নিৰ্মাণ কৰিছিল, সেয়া
মহম্মদ গজনবীয়ে আহি লুটি লৈ গ’ল।
ভাৰতৰ দৰে চহকী আৰু অন্য কোনো দেশ নাই। ইয়াৰ দৰে তীৰ্থ আৰু অন্য কোনো হ’ব নোৱাৰে।
কিন্তু এতিয়াতো হিন্দু ধৰ্মৰ অনেক তীৰ্থ হৈ গৈছে। বাস্তৱত পিতা যিয়ে সকলোৰে সৎগতি
কৰে, তীৰ্থতো তেওঁৰহে হ’ব লাগে। এয়াও ড্ৰামা ৰচি থোৱা আছে। বুজিবলৈ বহুত সহজ। কিন্তু
ক্ৰমানুসৰিহে বুজে কিয়নো ৰাজধানী স্থাপনা হৈ আছে। স্বৰ্গৰ মালিক হৈছে এই
লক্ষ্মী-নাৰায়ণ। এওঁলোক হৈছে উত্তমতকৈও উত্তম পুৰুষ যাক দেৱতা বুলি কোৱা হয়।
দৈৱীগুণ থকাসকলক দেৱতা বুলি কোৱা হয়। এই উচ্চ দেৱতা ধৰ্মৰ লোকসকল প্ৰবৃত্তি মাৰ্গৰ
আছিল। সেই সময়ত তোমালোকৰে প্ৰবৃত্তি মাৰ্গ থাকে। পিতাই তোমালোকক দ্বৈত মুকুটধাৰী কৰি
তুলিলে। ৰাৱণে আকৌ দুয়োটি মুকুট আঁতৰাই দিলে। এতিয়াতো মুকুটো নাই, পৱিত্ৰতাৰ মুকুটো
নাই, ধনৰ মুকুটো নাই, দুয়োটা ৰাৱণে আঁতৰাই দিলে। পুনৰ পিতা আহি তোমালোকক এই স্মৃতি
আৰু পঢ়াৰ দ্বাৰা দুয়োটা মুকুট দিয়ে। সেই কাৰণে গায়ন কৰে – হে ঈশ্বৰ পিতা আমাৰ
মাৰ্গ-দৰ্শক হওঁক, মুক্তিও দিয়ক। সেয়েহে তোমালোকৰ নামো পাণ্ডা ৰখা হৈছে। পাণ্ডৱ,
কৌৰৱ, যাদৱে কি কৰে। কয় - বাবা আমাক দুখৰ ৰাজ্যৰ পৰা মুক্ত কৰি লগত লৈ যাওঁক।
পিতাইহে সত্যখণ্ড স্থাপনা কৰে, যাক স্বৰ্গ বুলি কোৱা হয়। আকৌ ৰাৱণে মিছাখণ্ড কৰি
দিয়ে। তেওঁলোকে কয় - শ্ৰীকৃষ্ণ ভগৱানুবাচ (ভগৱানে কয়)। পিতাই কয় - শিৱ ভগৱানুবাচ।
ভাৰতবাসীয়ে নাম সলনি কৰি দিয়া বাবে গোটেই জগতে সলনি কৰি দিলে। শ্ৰীকৃষ্ণতো হৈছে
দেহধাৰী, বিদেহীতো একমাত্ৰ শিৱবাবাহে। এতিয়া পিতাৰ দ্বাৰা তোমালোক সন্তানসকলে শক্তি
প্ৰাপ্ত কৰা। গোটেই বিশ্বৰ তোমালোক মালিক হোৱা। গোটেই আকাশ, ধৰণী তোমালোকে প্ৰাপ্ত
কৰা। কল্পৰ তিনি চতুৰ্থাংশ সময় কাৰো শক্তি নাই যে সেয়া তোমালোকৰ পৰা কাঢ়ি ল’ব পাৰে।
তেওঁলোকৰ যেতিয়া বৃদ্ধি হৈ কোটিৰ ঘৰত হয় তেতিয়া সৈন্য লৈ আহি তোমালোকৰ ওপৰত জয়ী হয়।
পিতাই সন্তানসকলক কিমান সুখ দিয়ে। তেওঁৰ গায়নেই হৈছে দুখ হৰ্তা, সুখ কৰ্তা। এই সময়ত
পিতাই তোমালোকক কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি বুজায়। ৰাৱণৰাজ্যত কৰ্ম বিকৰ্ম হৈ যায়।
সত্যযুগত কৰ্ম অকৰ্ম হৈ যায়। এতিয়া তোমালোকে এক সৎগুৰু পাইছা, যাক পতিসকলৰো পতি বুলি
কোৱা হয় কিয়নো সেই পতিসকলেও তেওঁক স্মৰণ কৰে। সেয়েহে পিতাই বুজায় এইখন কিমান অপূৰ্ব
ড্ৰামা। ইমান সূক্ষ্ম আত্মাত অবিনাশী ভূমিকা নিহিত হৈ থাকে, যি কেতিয়াও শেষ হৈ
নাযায়। ইয়াকে অনাদি-অবিনাশী ড্ৰামা বুলি কোৱা হয়। ঈশ্বৰ এজনেই। ৰচনা অথবা ছিৰি আৰু
চক্ৰ সকলো একেই। ৰচয়িতা আৰু ৰচনাক কোনেও নাজানে। ঋষি-মুনিসকলেও কৈ দিয়ে যে আমি
নাজানো। এতিয়া তোমালোক সংগমত বহি আছা, তোমালোকৰ যুদ্ধ হৈছে মায়াৰ লগত। মায়াই
কেতিয়াও এৰি নিদিয়ে। সন্তানসকলে কয় - বাবা, মায়াৰ থাপৰ লাগি গ’ল। বাবাই কয় -
সন্তানসকল, উপাৰ্জন কৰাখিনি শেষ কৰি দিলা! তোমালোকক ভগৱানে পঢ়ায় গতিকে ভালকৈ পঢ়িব
লাগে। এনেকুৱা পঢ়াতো আকৌ 5 হাজাৰ বছৰ পাছত পাবা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই দুখধামৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি নতুন সৃষ্টি স্থাপনা কৰোঁতা পিতাক স্মৰণ
কৰিব লাগে, সতোপ্ৰধান হ’ব লাগে।
(2) পিতাৰ সমান
প্ৰেমৰ সাগৰ, শান্তি আৰু সুখৰ সাগৰ হ’ব লাগে। কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ গতি জানি
সদায় শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে।
বৰদান:
সদায়
উৎসাহ-উদ্দীপনাত থাকি মনেৰে আনন্দৰ গীত গাঁওতা অবিনাশী সৌভাগ্যশালী হোৱা
তোমালোক সৌভাগ্যশালী
আত্মাই অবিনাশী বিধিৰে অবিনাশী সিদ্ধি প্ৰাপ্ত কৰা। তোমালোকৰ মনত সদায়েই “বাঃ!
বাঃ!” গীত বাজি থাকিব লাগে। বাঃ বাবা! বাঃ ভাগ্য! বাঃ! মৰমৰ পৰিয়াল! বাঃ! শ্ৰেষ্ঠ
সংগমৰ সুন্দৰ সময়! প্ৰতিটো কৰ্ম বাঃ! বাঃ! সেইবাবে তোমালোক অবিনাশী সৌভাগ্যশালী।
তোমালোকৰ মনত কেতিয়াও ‘ৱাই’ (কিয়, মই) আদি প্ৰশ্ন আহিব নোৱাৰে। ‘কিয় ’ৰ পৰিৱৰ্তে
“বাঃ বাঃ” আৰু আৰু ‘মই’ ৰ পৰিৱৰ্তে “বাবা বাবা” শব্দহে আহে।
স্লোগান:
যিয়েই সংকল্প কৰা সেয়া অবিনাশী চৰকাৰৰ মোহৰ লগাই দিয়া তেতিয়া অবিচলিত হৈ থাকিবা।
মাতেশ্বৰী জীৰ মধুৰ
মহাবাক্য - “জীৱনৰ আশা পূৰ্ণ হোৱাৰ সুন্দৰ সময়”
আমাৰ অৰ্থাৎ সকলো
আত্মাৰ বহু সময়ৰে পৰা এইটো আশা আছিল যাতে জীৱনত সদায় সুখ-শান্তি প্ৰাপ্ত হয়, এতিয়া
বহু জন্মৰ আশা কেতিয়াবাতো পূৰ্ণ হ’ব। এতিয়া এইটো হৈছে আমাৰ অন্তিম জন্ম, সেই অন্তিৰ
জন্মৰো অন্তৰ সময়। এনেকৈ কোনেও নুবুজে যে মইতো এতিয়া সৰু, সৰু ডাঙৰ সকলোকে সুখতো
লাগে নহয়, কিন্তু দুখ কি বস্তুৰ পৰা পোৱা যায় প্ৰথমতে তাৰো জ্ঞান থকা উচিত। এতিয়া
তোমালোকে জ্ঞান পাইছা যে এই পাঁচ বিকাৰত বান্ধ খাই যোৱাৰ কাৰণে এয়া যি কৰ্মবন্ধনৰ
সৃষ্টি হৈছে, সেয়া পৰমাত্মাৰ স্মৃতি ৰূপী অগ্নিৰে ভস্ম কৰিব লাগে, এয়া হৈছে
কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ সহজ উপায়। এই সৰ্বশক্তিমান বাবাক চলা-ফুৰা কৰোঁতে
প্ৰতিটো শ্বাসত স্মৰণ কৰা। এতিয়া স্বয়ং পৰমাত্মা আহি এইটো উপায় শুনাই সহায় কৰে,
কিন্তু এই ক্ষেত্ৰত পুৰুষাৰ্থ প্ৰত্যেক আত্মাই কৰিব লাগে। পৰমাত্মাতো পিতা, শিক্ষক,
গুৰু ৰূপত আহি আমাক উত্তৰাধিকাৰ দিয়ে। গতিকে প্ৰথমে সেইজন পিতাৰ হৈ যোৱা, আকৌ
শিক্ষকৰ পৰা পঢ়া যাৰ দ্বাৰা ভৱিষ্যত জন্ম-জন্মন্তৰ সুখৰ প্ৰালব্ধ গঢ়ি উঠে অৰ্থাৎ
জীৱনমুক্তি পদত পুৰুষাৰ্থ অনুসৰি পদৱী পোৱা যায়। আৰু গুৰুৰ ৰূপত পৱিত্ৰ কৰি মুক্তি
দিয়ে, গতিকে এইটো ৰহস্য বুজি এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। পুৰণা হিচাপ শেষ কৰি
নতুন জীৱন গঢ়াৰ এয়াই সময়, এই সময়ত যিমানে পুৰুষাৰ্থ কৰি নিজ আত্মাক পৱিত্ৰ কৰি
তুলিবা সিমানে শুদ্ধতা বাণীৱদ্ধ হ’ব আকৌ গোটেই কল্প চলিব, গতিকে গোটেই কল্পৰ আধাৰ
হৈছে এই সময়ৰ পঢ়াৰ ওপৰত। চোৱা, এই সময়তেই তোমালোকে আদি-মধ্য-অন্তৰ জ্ঞান পোৱা,
আমিয়েই সেই দেৱতা হ’ব লাগে আৰু এতিয়া আমাৰ হৈছে উৰন্ত কলা পুনৰ তাত গৈ প্ৰালব্ধ ভোগ
কৰিম। তাত দেৱতাসকল এই বিষয়ে জ্ঞাত নহয় যে আমি অৱনমিত হ’ম, যদি এইটো কথা জ্ঞাত হৈ
যায় যে সুখ ভোগ কৰি পুনৰ অৱনমিত হ’ব লাগিব তেন্তে অৱনমিত হোৱাৰ চিন্তাত সুখো ভোগ
কৰিব নোৱাৰিব। সেয়েহে এইটো ঈশ্বৰীয় নিয়ম ৰচি থোৱা আছে যে মনুষ্যই সদায় আৰোহণ কৰিবলৈ
পুৰুষাৰ্থ কৰে অৰ্থাৎ সুখৰ কাৰণে উপাৰ্জন কৰে। কিন্তু ড্ৰামাত আধা আধা ভূমিকা
নিৰ্ধাৰিত হৈ আছে যিটো ৰহস্যক আমি জানো, কিন্তু যিখিনি সময় সুখৰ বাবে তেন্তে
পুৰুষাৰ্থ কৰি সুখ ল’ব লাগে, এয়া হৈছে পুৰুষাৰ্থৰ বিশেষত্ব। ভাৱৰীয়াৰ কাম হৈছে
ভূমিকা পালন কৰাৰ সময়ত সম্পূৰ্ণ বিশেষত্বৰে ভূমিকা পালন কৰা, যাতে দৰ্শকসকলে বাঃ!
বাঃ! কৰে, সেই কাৰণে মুখ্য নায়ক-নায়িকাৰ ভূমিকা দেৱতাসকলে প্ৰাপ্ত কৰিছে যাৰ স্মাৰক
চিত্ৰৰ গায়ন আৰু পূজা কৰা হয়। নিৰ্বিকাৰী প্ৰবৃত্তিত থাকি পদুম ফুলৰ দৰে অৱস্থা গঢ়ি
তোলা, এয়াই দেৱতাসকলৰ বিশেষত্ব। এই বিশেষত্বক পাহৰাৰ কাৰণেই ভাৰতৰ এই দুৰ্দশা হৈছে।
এতিয়া পুনৰাই এনেকুৱা জীৱন গঢ়ি তোলোঁতা স্বয়ং পৰমাত্মাৰ আগমন হৈছে, এতিয়া তেওঁৰ
হাতত ধৰিলে জীৱন ৰূপী নাও পাৰ হৈ যাব। বাৰু – ওঁম্ শান্তি।
কৰ্মযোগী হ’বলৈ
আজিৰ অব্যক্ত সংকেত:
কৰ্মযোগীৰ প্ৰতিটো কৰ্ম চৰিত্ৰৰ সমান গায়ন যোগ্য হয়। প্ৰতিটো কৰ্মৰ মহিমা কীৰ্তন
কৰাৰ যোগ্য হয়। যেনেকৈ ভক্তসকলে কীৰ্তনত বৰ্ণনা কৰে যে এওঁৰ দৃষ্টি অলৌকিক, চলন
অলৌকিক, প্ৰতিটো কাৰ্যই ইন্দ্ৰিয়ৰ সীমাহীন মহিমা কৰে, এনেকুৱা প্ৰতিটো কৰ্ম মহান
অৰ্থাৎ মহিমা যোগ্য হওঁক। প্ৰতিটো কৰ্ম ত্ৰিকালদৰ্শী হৈ কৰিলে কেতিয়াও কোনো কৰ্ম
বিকৰ্ম হ’ব নোৱাৰে, সদায় সুকৰ্ম হয়।