17.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সূৰ্যবংশী ৰাজ্য পদ ল’বৰ কাৰণে নিজৰ সকলো পিতাৰ প্ৰতি অৰ্পণ কৰা, সূৰ্যবংশী ৰাজ্য পদ অৰ্থাৎ বাতানুকুল টিকট”

প্ৰশ্ন:
এইখন সৃষ্টিত তোমালোক সন্তানসকলতকৈ অধিক সৌভাগ্যশালী কোনোৱেই নহয় - কেনেকৈ?

উত্তৰ:
তোমালোক সন্তানসকলৰ সন্মুখত বেহদৰ পিতা আছে। তেওঁৰ পৰা তোমালোকে বেহদৰ উত্তৰাধিকাৰ পাই আছা। তোমালোকে এই সময়ত বেহদৰ পিতা, শিক্ষক আৰু সৎগুৰুৰ হৈ তেওঁৰ পৰা বেহদৰ প্ৰাপ্তি কৰা। জগতবাসীয়েতো তেওঁক নাজানেই গতিকে তোমালোকৰ নিচিনা ভাগ্যশালী কেনেকৈ হ'ব পাৰে।

গীত:
বড়া খুচনচিব হে….. (অতিকৈ সৌভাগ্যশালী….)

ওঁম্শান্তি।
ব্ৰাহ্মণ কুল ভূষণ সন্তানসকলে জানে যে আমি এতিয়া ব্ৰাহ্মণ সম্প্ৰদায়ৰ হওঁ আকৌ দৈৱী সম্প্ৰদায়ৰ হ’মগৈ। সন্তানসকলক পিতাই বহি বুজায় - যিহেতু বেহদৰ পিতা সন্মুখত আছে আৰু তেওঁৰ পৰা বেহদৰ উত্তৰাধিকাৰ প্ৰাপ্ত হৈ আছে। বাকী আৰু কি লাগে। ভক্তিমাৰ্গ কেতিয়াৰ পৰা আৰম্ভ হয়, এয়া কোনেও গম নাপায়। ভক্তিমাৰ্গৰ ভক্তই ভগৱানক অথবা দৰাই কইনাক স্মৰণ কৰে। কিন্তু আচৰিত কথা যে তেওঁক নাজানে। এনেকুৱা কেতিয়াবা দেখিছানে যে প্ৰেমিকাই প্ৰেমিকক নাজানে। নহ’লে স্মৰণ কেনেকৈ কৰিব পাৰিব। ভগৱানতো সকলোৰে পিতা হয়। সন্তানে পিতাক স্মৰণ কৰে। কিন্তু পৰিচয় অবিহনে স্মৰণ কৰিলে সকলো ব্যৰ্থ হৈ যায় সেইবাবে স্মৰণ কৰিলে কোনো লাভ নহয়। স্মৰণ কৰি কোনেও সেই লক্ষ্য-উদ্দেশ্যত উপনীত নহয়। ভগৱান কোন, তেওঁৰ পৰা কি পাম। একোৱে নাজানে। যীশুখ্ৰীষ্ট, বৌদ্ধ আদি ইমানবোৰ ধৰ্ম গুৰু অথবা ধৰ্ম প্ৰতিষ্ঠা কৰোঁতাসকলক তেওঁলোকৰ অনুগামীসকলে স্মৰণ কৰে কিন্তু তেওঁলোকক স্মৰণ কৰিলে আমি কি পাম, একোৱে গম নাপায়। ইয়াতকৈতো পাৰ্থিৱ পঢ়া বেছি ভাল। লক্ষ্য-উদ্দেশ্যতো বুদ্ধিত থাকে নহয়। পিতাৰ পৰা কি পোৱা যায়? শিক্ষকৰ পৰা কি পোৱা যায়? আৰু গুৰুৰ পৰা কি পোৱা যায়? এয়া অন্য কোনেও বুজিব নোৱাৰে। তোমালোকে ইয়াত পিতাৰ তাৰপাছত শিক্ষকৰ আকৌ তাৰপাছত সৎগুৰুৰ হোৱা। পিতা আৰু শিক্ষকতকৈ গুৰু উচ্চ হয়। তোমালোক সন্তানসকলৰ এতিয়া নিশ্চয়তা জন্মিছে যে আমি পিতাৰ হৈছোঁ। পিতাই আমাক 5 হাজাৰ বছৰ পূৰ্বৰ দৰেই আহি স্বৰ্গৰ মালিক কৰি তোলে অথবা শান্তিধামৰ মালিক কৰি তোলে। পিতাই কয় – অতি মৰমৰ সন্তানসকল, তোমালোকে মোৰ পৰা নিজৰ উত্তৰাধিকাৰ ল’বা নহয়! সকলোৱে কয়, হয় বাবা কিয় নল’ম। বাৰু - চন্দ্ৰবংশী ৰামৰ পদ ল’বলৈ ৰাজী হ'বানে? তোমালোকে কি বিচৰা? পিতাই উপহাৰ লৈ আহিছে। তোমালোকে সূৰ্যবংশী লক্ষ্মীক বৰণ কৰিবা নে চন্দ্ৰবংশী সীতাক? তোমালোকে নিজৰ চেহেৰাতো চোৱা। শ্ৰীনাৰায়ণক বা শ্ৰীলক্ষ্মীক বৰণ কৰাৰ যোগ্য হোৱানে? যোগ্য নোহোৱাকৈ কেনেকৈ বৰণ কৰিব পাৰিবা? এতিয়া পিতাই বহি বুজায় - হুবহু যিদৰে কল্প পূৰ্বে বুজাইছিলোঁ পুনৰাই বুজাই আছোঁ। তোমালোকে পুনৰ আহি উত্তৰাধিকাৰ লৈ আছা। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হ'ল বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱাৰ। সেয়া হ'ল সূৰ্যবংশী ৰাজ্য পদ, দ্বিতীয় শ্ৰেণীত হ'ল চন্দ্ৰবংশী। যিদৰে বাতানুকুল, প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী থাকে নহয় জানো। গতিকে সত্যযুগৰ পূৰা ৰাজধানী বাতানুকুল বুলি ধৰি লোৱা। বাতানুকুলতকৈ উত্তমতো একো নাথাকে। তাৰপাছত প্ৰথম শ্ৰেণী। গতিকে এতিয়া পিতাই কয় - তোমালোকে বাতানুকুলৰ সূৰ্যবংশী ৰাজ্য ল’বা নে চন্দ্ৰবংশী প্ৰথম শ্ৰেণীৰ? ইয়াতকৈও কম হ’লে তেন্তে দ্বিতীয় শ্ৰেণীত ক্ৰমানুসৰি উত্তৰাধিকাৰী হোৱা তেতিয়া তোমালোকে পিছে-পিছে আহি ৰাজ্য পাবা। নহ’লে তৃতীয় শ্ৰেণীৰ প্ৰজা আকৌ তাতো টিকট সংৰক্ষণ (ৰিজাৰ্ভ) হয়। প্ৰথম শ্ৰেণীৰ সংৰক্ষণ, দ্বিতীয় শ্ৰেণীৰ সংৰক্ষণ, ক্ৰমানুসৰি শ্ৰেণী থাকে নহয় জানো। বাকী সুখতো তাত আছেই। বেলেগ বেলেগ কুঠৰীতো আছে নহয় জানো। ধনৱান ব্যক্তিয়ে বাতানুকুলৰ টিকট ল’ব। তোমালোকৰ মাজত ধনৱান কোন হয়? যিয়ে পিতাক সৰ্বস্ব দি দিয়ে। বাবা এয়া সকলো আপোনাৰ। ভাৰততেই মহিমা গোৱা হৈছে - সদাগৰ, ৰত্নাকৰ, যাদুকৰ এয়া হৈছে পিতাৰ মহিমা, কৃষ্ণৰ নহয়। কৃষ্ণইতো উত্তৰাধিকাৰ ল’লে, সত্যযুগত প্ৰালব্ধ পালে। তেৱোঁ বাবাৰ হ’ল। প্ৰালব্ধ ক’ৰবাৰ পৰাতো পাইছে নহয় জানো। লক্ষ্মী-নাৰায়ণে সত্যযুগত প্ৰালব্ধ ভোগ কৰে। এতিয়া তোমালোক সন্তানসকলে ভালদৰে জানা, নিশ্চয় এওঁলোকে অতীতত প্ৰালব্ধ গঢ়িছে নহয় জানো। নেহেৰুৰ প্ৰালব্ধ কিমান ভাল আছিল। নিশ্চয় ভাল কৰ্ম কৰিছিল। মুকুট বিহীন ভাৰতৰ সম্ৰাট আছিল। ভাৰতৰ মহিমাতো বহুত আছে। ভাৰতৰ নিচিনা উচ্চ দেশ কোনো হ'ব নোৱাৰে। ভাৰত পৰমপিতা পৰমাত্মাৰ জন্মস্থান। এইটো ৰহস্য কাৰো বুদ্ধিত ধাৰণ নহয়। পৰমাত্মাইহে সকলোকে আধাকল্পৰ কাৰণে সুখ-শান্তি দিয়ে। ভাৰতেই এক নম্বৰ তীৰ্থস্থান। কিন্তু নাটক অনুসৰি একমাত্ৰ পিতাক পাহৰি যোৱাৰ বাবে সৃষ্টিৰ অৱস্থা কেনেকুৱা হৈ গৈছে সেইবাবে শিৱবাবা আকৌ আহে। নিমিত্ততো কোনোবা হয় নহয় জানো।

এতিয়া পিতাই কয় - অশৰীৰী হোৱা, নিজক আত্মা বুলি নিশ্চয় কৰা। মই আত্মা কাৰ সন্তান, এয়া কোনেও নাজানে। আচৰিত নহয়নে। এনেকৈ কয়ো, হে ঈশ্বৰ পিতা দয়া কৰা। শিৱ জয়ন্তীও পালন কৰে, কিন্তু তেওঁ কেতিয়া আহিছিল, কোনেও গম নাপায়। আৰু এয়া হৈছে 5 হাজাৰ বছৰৰ কথা। পিতাহে আহি নতুন সৃষ্টি সত্যযুগ স্থাপনা কৰে। সত্যযুগৰ আয়ুস লাখ লাখ বছৰতো নহয়। তেন্তে ঘোৰ অন্ধকাৰ নহয় জানো। গীতাৰ উপদেশ কিমানে আহি শুনে। কিন্তু পঢ়াওঁতা আৰু পঢ়োঁতা কোনেও একো বুজি নাপায়। পিতাই কিমান সহজকৈ বুজায়, কেৱল পিতাক স্মৰণ কৰা। গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান হোৱা। বিষ্ণুকহে সকলো অলংকাৰ দিছে। শঙ্খও দিছে, ফুলো দিছে। বাস্তৱত দেৱতাসকলক জানো দিয়া হয়। এয়া কিমান গূঢ় গম্ভীৰ কথা। হওঁতে ব্ৰাহ্মণৰ অলংকাৰ। কিন্তু ব্ৰাহ্মণক কেনেকৈ দিব, আজি ব্ৰাহ্মণ, কাইলৈ শূদ্ৰ হৈ যায়। ব্ৰহ্মাকুমাৰে শূদ্ৰ কুমাৰ হৈ যায়। মায়াই পলম নকৰে। যদি কোনোবাই ভুল কৰিলে, পিতাৰ শ্ৰীমতত নচলিলে, বুদ্ধি ভ্রষ্ট হ’ল তেন্তে মায়াই ভালদৰে থাপৰ লগাই মুখ ঘূৰাই দিয়ে। মনুষ্যই খঙত কয় নহয় - থাপৰ মাৰি মুখ ঘূৰাই দিম। গতিকে মায়াও এনেকুৱা। পিতাক পাহৰিলা আৰু মায়াই এক চেকেণ্ডত থাপৰ মাৰি মুখ ঘূৰাই দিয়ে। এক চেকেণ্ডত জীৱনমুক্তি পায়। মায়াই চেকেণ্ডত জীৱনমুক্তি সমাপ্ত কৰি দিয়ে। কিমান ভাল ভাল সন্তানক মায়াই ধৰি লয়। চাই থাকে ক’ৰবাত গাফিলতি কৰিলে তেতিয়া তৎক্ষণাৎ থাপৰ লগাই দিয়ে। পিতাতো আহি পুৰণি সৃষ্টিৰ পৰা মুখ ঘূৰাই দিয়ে। লৌকিক পিতা কোনোবা গৰিব হয়, পুৰণি পঁজাত থাকে আকৌ যেতিয়া ঘৰ নতুন সাজে তেতিয়া সন্তানসকলৰ বুদ্ধিত বহি যায় বচ্‌ এতিয়া নতুন ঘৰ তৈয়াৰ হ’ব, আমি গৈ থাকিম। এই পুৰণি ঘৰ ভাঙি দিব। পিতাই এতিয়া তোমালোকৰ বাবে হাতত স্বর্গ অথবা বৈকুণ্ঠ আনিছে। কয় – অতি মৰমৰ সন্তানসকল, আত্মাসকলৰ সৈতে কথা পাতে। এই দুচকুৰে (ব্ৰহ্মাৰ) তোমালোক সন্তানসকলক চাই আছে। পিতাই বুজায় - ময়ো নাটকৰ বশীভূত হওঁ। এনেকুৱা নহয় যে নাটক অবিহনে কিবা কৰিব পাৰোঁ। নহয়, সন্তান বেমাৰত পৰে, এনেকুৱা নহয় যে মই ঠিক কৰি দিম। অস্ত্ৰোপচাৰ কৰাৰ পৰা হাত সৰাই দিম। নহয়, কর্মভোগতো সকলোৱে ভুগিবই লাগিব। তোমালোকৰ ওপৰততো বোজা বহুত আছে কিয়নো তোমালোক সকলতকৈ পুৰণা। সতোপ্ৰধানৰ পৰা একেবাৰে তমোপ্ৰধান হৈছা। এতিয়া তোমালোক সন্তানসকলে পিতাক পাইছা গতিকে পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। তোমালোকে জানা কল্পই কল্পই নাটক অনুসৰি আমি পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। যিসকল সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজবংশৰ হ'ব তেওঁলোক নিশ্চয় আহিব। যিসকল দেৱতা আছিল আকৌ শূদ্ৰ হৈ গৈছে আকৌ তেওঁলোকেই ব্ৰাহ্মণ হৈ দৈৱী সম্প্ৰদায়ৰ হ'বগৈ। এই কথাবোৰ পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে।

তোমালোক সন্তানসকল পিতাৰ কিমান মৰমৰ হোৱা। কয়, তোমালোকেই সেই কল্প পূৰ্বৰ মোৰ সন্তান। মই কল্পই কল্পই আহি তোমালোকক পঢ়াওঁ। কিমান আচৰিত কথা। নিৰাকাৰ ভগৱানুবাচ। শৰীৰৰ দ্বাৰাই কথা ক’ব নহয় জানো। শৰীৰ পৃথক হৈ গ'লে আত্মাই কথা ক’ব নোৱাৰে। আত্মা উপৰাম হৈ যায়। এতিয়া পিতাই কয় - অশৰীৰী হোৱা। এনেকুৱা নহয় যে প্ৰাণায়াম আদি কৰিব লাগে। নহয়, বুজিব লাগে মই আত্মা অবিনাশী হওঁ। মোৰ অৰ্থাৎ আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। পিতাই নিজে কয় - মোৰ আত্মায়ো যি ভূমিকা পালন কৰে, সেই সকলো ভূমিকা নিহিত হৈ আছে। ভক্তি মাৰ্গত তাত ভূমিকা চলে আকৌ জ্ঞান মাৰ্গত ইয়াত আহি জ্ঞান দিওঁ। ভক্তি মাৰ্গৰসকলে জ্ঞানৰ কথা গমেই নাপায়। কোনোবাই মদ্যপান নকৰিলে সোৱাদৰ কথা কেনেকৈ গম পাব। জ্ঞানো যেতিয়া ল’ব তেতিয়াহে গম পাব। জ্ঞানৰ দ্বাৰা সৎগতি হয় তেন্তে নিশ্চয় জ্ঞান সাগৰেহে সৎগতি কৰিব পাৰে। পিতাই কয় - মই সকলোৰে সৎগতি দাতা হওঁ। সৰ্বোদয়া নেতা থাকে নহয়। কিমান অনেক প্ৰকাৰৰ থাকে। বাস্তৱততো সকলোৰে ওপৰত দয়া কৰোঁতা পিতা হয়। পিতাক কয় - হে ভগৱান দয়া কৰা। গতিকে সকলোৰে ওপৰত দয়া তেওঁ কৰে, বাকী সকলো হৈছে হদৰ দয়া কৰোঁতা। পিতাইতো গোটেই সৃষ্টিক সতোপ্ৰধান কৰি তোলে। ইয়াত তত্ত্বও সতোপ্ৰধান হৈ যায়। এই কাম হৈছেই পৰমাত্মাৰ। গতিকে সৰ্বোদয়াৰ অৰ্থ কিমান বিশাল। একেবাৰে সকলোৰে ওপৰত দয়া কৰি দিয়ে। স্বৰ্গৰ স্থাপনাত কোনেও দুখী নহয়। তাত অতি উত্তম আচবাব, বৈভৱ আদি পায়। দুখ দিয়া জন্তু, মাখি আদি একো নাথাকে। তাতো গণ্যমান্য ব্যক্তিৰ ঘৰত কিমান পৰিষ্কাৰ-পৰিচ্ছন্নতা থাকে। তোমালোকে কেতিয়াও মাখি দেখা নোপোৱা। মহ আদি কেতিয়াও সোমাব নোৱাৰে। স্বৰ্গত কাৰো শক্তি নাথাকে যে আহিব পাৰিব। লেতেৰা কৰা কোনো বস্তু নাথাকে। প্ৰাকৃতিক ফুল আদিৰ সুবাস থাকে। তোমালোকক সূক্ষ্মবতনত বাবাই সোমৰস পান কৰায়। এতিয়া সূক্ষ্মবতনততো একোৱে নাই। এয়া সকলো সাক্ষাৎকাৰ। বৈকুণ্ঠত কিমান ধুনীয়া ধুনীয়া ফুল, বাগিচা আদি থাকে। সূক্ষ্মবতনত জানো বাগিচা আছে। এই সকলোবোৰ হৈছে সাক্ষাৎকাৰ। ইয়াত বহিয়ে তোমালোকে সাক্ষাৎকাৰ কৰা।

গীতো অতি উত্তম। তোমালোকে জানা - আমি পিতাক পাইছোঁ আৰু কি লাগে? বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱা তেন্তে পিতাক স্মৰণ কৰা উচিত। পিতাৰ মত প্ৰসিদ্ধ। শ্রীমতৰ দ্বাৰা আমি শ্ৰেষ্ঠতকৈও শ্রেষ্ঠ হ'মগৈ। বাকী হৈছে সকলোৰে অসুৰিক মত, সেইবাবে তেওঁলোকে নাজানে যে সত্যযুগত সদায় সুখ আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। সৰুকালত তেওঁলোকেই ৰাধা-কৃষ্ণ, তেওঁলোকৰ চৰিত্ৰ আদি একো নাই। স্বৰ্গততো সকলো সন্তান অতি উত্তম হয়। চঞ্চলতাৰ কোনো কথাই নাথাকে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যিহেতু এই পুৰণি সৃষ্টিৰ পৰা মুখ ঘূৰাই ল’লা তাৰপাছত আকৌ এনেকুৱা কোনো ভুল কৰিব নালাগে যাৰ বাবে মায়াই মুখ নিজৰ ফালে কৰি লয়। শ্রীমতৰ অৱজ্ঞা কৰিব নালাগে। পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ব লাগে।

(2) পিতাৰ প্ৰতি নিজৰ সকলো অৰ্পণ কৰি প্ৰকৃত উত্তৰাধিকাৰী হৈ সত্যযুগী বাতানুকুল টিকট ল’ব লাগে। লক্ষ্য-উদ্দেশ্য বুদ্ধিত ৰাখি পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
স্ব-স্থিতিৰ দ্বাৰা সকলো পৰিস্থিতিৰ সন্মুখীন হওঁ‌তা অব্যক্ত স্থিতিৰ অভ্যাসী হোৱা

যেতিয়া অব্যক্ত স্থিতিৰ অভ্যাসী হৈ যাবা তেতিয়া স্ব-স্থিতিৰ দ্বাৰা সকলো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিবা। আৰু এইটো অভ্যাসে আদালতত যোৱাৰ পৰা ৰক্ষা কৰিব সেয়েহে যেতিয়া এইটো অভ্যাস স্বভাৱসিদ্ধ আৰু স্বভাৱ কৰি ল'বা তেতিয়া প্ৰাকৃতিক দুৰ্যোগ আহক কিয়নো যেতিয়া সন্মুখীন হওঁ‌তাজনে স্ব-স্থিতিৰে যিকোনো পৰিস্থিতি অতিক্ৰম কৰাৰ শক্তি ধাৰণ কৰি ল'ব তেতিয়া আঁৰকাপোৰ আঁতৰিব। ইয়াৰ বাবে পুৰণা অভ্যাসৰ পৰা, পুৰণা সংস্কাৰৰ পৰা, পুৰণা কথাবোৰৰ পৰা… পূৰা বৈৰাগ্য জন্মিব লাগে।

স্লোগান:
নিজক নিমিত্ত কৰণহাৰ (কৰোঁতা) বুলি বুজা তেতিয়া যিকোনো কৰ্মত ক্লান্ত হ’বলগীয়া নহ’ব।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য

"মনুষ্য-লোক, দেৱ-লোক, ভূত-প্ৰেতৰ জগতৰ বিস্তাৰ"

বহুত মনুষ্যই প্ৰশ্ন কৰে - এয়া যি অশুদ্ধ জীৱাত্মাসকল আছে যাক ভূত বুলি কোৱা হয়, এয়া সঁচা নে কল্পনা? অথবা ভ্ৰম? ইয়াৰ ওপৰত আজি স্পষ্টকৈ বুজোৱা হৈছে

যে মনুষ্য আত্মাই যেতিয়া বিকৰ্ম কৰে তেতিয়া তেওঁ অনেক প্ৰকাৰেৰে শাস্তি অৱশ্যেই ভুগিবলগীয়া হয় আৰু মনুষ্য জন্মতে ভুগিবলগীয়া হয়, জন্তু, পক্ষী আৰু পশুৰ যোনিত নহয়। মনুষ্য, মনুষ্যই হয়। মনুষ্যৰ আত্মা বেলেগ আৰু জন্তুৰ আত্মা বেলেগ, মনুষ্য কেতিয়াও জন্তু নহয় আৰু জন্তু কেতিয়াও মনুষ্য হ'ব নোৱাৰে। সিহঁতৰ জগত বেলেগ, এইখন মনুষ্য আত্মাসকলৰ জগত নিজৰ। দুখ-সুখ ভোগ কৰাৰ উপলব্ধি মনুষ্যৰ অধিক, জন্তুৰ নহয়। যিহেতু আমি শুদ্ধ কর্ম কৰিলে সুখো মনুষ্য শৰীৰত পাওঁ তেন্তে দুখো নিশ্চয় মনুষ্য শৰীৰতে আহি ভুগিব লাগে। আৰু এই জ্ঞান শুনাৰ বুদ্ধিও মনুষ্য শৰীৰতে থাকে, জন্তুৰ নাথাকে, গতিকে এই সৃষ্টি খেলত মুখ্য ভূমিকা হৈছে মনুষ্যৰ। এই জন্তু পক্ষী আদিতো যেন সৃষ্টি নাটকৰ শোভা, গোটেই কল্পৰ ভিতৰত সত্যযুগৰ আদিৰ পৰা কলিযুগৰ অন্তলৈকে মনুষ্য আত্মাসকলৰ 84

জন্ম হয়, বাকী এই 84

লাখতো জন্তু পক্ষী আদিৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। এতিয়া এই সকলোবোৰ ৰহস্য পৰমাত্মাৰ অবিহনে কোনেও বুজাব নোৱাৰে। আত্মাসকলৰ নিবাসস্থান হ'ল ব্ৰহ্ম তত্ত্ব অৰ্থাৎ নিৰাকাৰী সৃষ্টি, বাকী এই জন্তুবোৰৰ আত্মা ব্ৰহ্ম তত্ত্বলৈ যাব নোৱাৰে, সিহঁতে এই আকাশ তত্ত্বৰ ভিতৰতে ভূমিকা পালন কৰে, সিহঁতৰো সুপ্ত আৰু প্ৰকট হোৱাৰ আৰু সতো, ৰজো, তমোত অহাৰ ভূমিকা থাকে সেইবাবে আমি প্ৰকৃতিৰ বেছি বিস্তাৰত নগৈ প্ৰথমে নিজৰ আত্মাৰ কল্যাণ কৰিব লাগে অৰ্থাৎ ‘মনমনাভৱ’। এতিয়া আহোঁ মনুষ্য আত্মাৰ কথাত, গতিকে যিসকল আত্মাই অশুদ্ধ কর্ম কৰাৰ ফলত বিকৰ্ম জমা কৰে তেওঁলোকে নিজৰ অশুদ্ধ সংস্কাৰ অনুসৰি জন্ম-মৃত্যুৰ চক্ৰত আহি আদি-মধ্য-অন্ত অৰ্থাৎ মৃত্যুৰ সময়ত নিজে কৰা বিকর্মসমূহৰ সাক্ষাৎকাৰ কৰি সূক্ষ্ম ৰূপত শাস্তি ভোগ কৰে। এই অলপ সময়তে অনেক জন্মৰ দুখ অনুভৱ হয় তাৰপাছত শৰীৰ এৰি গৰ্ভ কাৰাগাৰত দুখ ভোগ কৰে আৰু তাৰপাছত সংস্কাৰ অনুসৰি এনেকুৱা মাতা-পিতাৰ ওচৰত জন্ম লৈ তাতো নিজৰ জীৱনত সুখ-দুখ ভোগ কৰে, ইয়াক কোৱা হয় আদি-মধ্য-অন্ত। কিন্তু কিছুমান আত্মাই শৰীৰ ধাৰণ নকৰি আকাৰী ৰূপত এই আকাশ তত্ত্বৰ ভিতৰত ভূত হৈ দিগভ্ৰান্ত হৈ ঘূৰি ফুৰে, এয়াও এক প্ৰকাৰৰ শাস্তি অৰ্থাৎ ভুগিবলগীয়া। সেই অশুদ্ধ জীৱাত্মাৰ সৈতে কাৰোবাৰ হিচাপ-নিকাচ থাকিলে তেতিয়া সেই আত্মাটি তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁক দুখ দিয়ে অৰ্থাৎ হিচাপ-নিকাচ নিষ্পত্তি কৰি আকৌ গৈ নিজৰ শৰীৰ ধাৰণ কৰে। কিছুমান জীৱাত্মাতো য'ত প্ৰৱেশ কৰে তেওঁক বহুত মাৰেও, বহুত কষ্ট দিয়ে কিন্তু এই সকলোবোৰ হিচাপ-নিকাচৰ ভিতৰত ভুগিবলগীয়া প্ৰকাৰ, গতিকে সকলো মনুষ্য শৰীৰতে সুখ-দুখ অনুভৱ হয়। এয়াতো তোমালোকক বুজোৱা হৈছে যে যিসকল আত্মা মুক্তিধামৰ পৰা এই সাকাৰী খেলত আহে তেওঁলোক মাজতে মুক্তিধামলৈ উভতি যাব নোৱাৰে, কিন্তু নিজে কৰা অশুদ্ধ, শুদ্ধ কর্ম অনুসৰি সংস্কাৰ লৈ দুখ-সুখৰ চক্ৰত আহে। সকলো আত্মাৰ পুনৰ্জন্ম হয় কেৱল এক পৰমাত্মাৰ নহয়। বাৰু। ওঁম্ শান্তি।

অব্যক্ত ইংগিত: সদায় অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা

বাপদাদাৰ বাবে আটাইতকৈ মৰমৰ হ’ল নিকা অন্তৰৰ সন্তানসকল। নিকা অন্তৰৰ সন্তানসকল সদায় বাপদাদাৰ অন্তৰ-সিংহাসনত বিৰাজমান হৈ থাকে। তেওঁলোকক বৃত্তি, দৃষ্টি, বাণী আৰু সম্বন্ধ-সম্পৰ্কত সৰল আৰু স্পষ্ট ৰূপত এক সমান দেখা পোৱা যায়। সৰলতাৰ চিন হ’ল – অন্তৰ, ৰ্মগজ আৰু বাণী এক সমান হোৱা। অন্তৰত এটা আৰু বাণীত আন এটা - এয়া সৰলতাৰ চিন নহয়। সৰল স্বভাৱৰ ব্যক্তিসকল সদায় নম্ৰচিত্ত, নিৰহংকাৰী আৰু স্বাৰ্থ ৰহিত হয়। তেওঁলোক সৰল-চিত্ত, সৰল বাণী, সৰল বৃত্তি আৰু সৰল দৃষ্টিৰ হয়।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]