17.07.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই শৰীৰক নাচাই আত্মাক চোৱা, নিজক আত্মা বুলি বুজি আত্মাৰ লগত কথা পাতা, এইটো অৱস্থা স্থায়ী কৰিব লাগে, এয়াই হ’ল উচ্চ লক্ষ্য”

প্ৰশ্ন:
তোমালোক সন্তানসকল পিতাৰ সৈতে ওপৰলৈ (ঘৰলৈ) কেতিয়া যাবা?

উত্তৰ:
যেতিয়া অপৱিত্ৰতা লেখ মাত্ৰও নাথাকিব। যেনেকৈ পিতা পৱিত্ৰ তেনেকৈ তোমালোক সন্তানসকলো যেতিয়া পৱিত্ৰ হ’বা তেতিয়া ওপৰলৈ যাব পাৰিবা। এতিয়া তোমালোক সন্তানসকল পিতাৰ সন্মুখত আছা। জ্ঞান সাগৰৰ পৰা জ্ঞান শুনি শুনি যেতিয়া পৰিপূৰ্ণ হৈ যাবা, পিতাক জ্ঞানেৰে খালী কৰি দিবা তেতিয়া তেৱোঁ শান্ত হৈ যাব আৰু তোমালোক সন্তানসকলো শান্তিধামলৈ গুচি যাবা। তাত জ্ঞানৰ প্ৰবাহ বন্ধ হৈ যায়। সকলো দি দিয়াৰ পাছত তেওঁৰ ভূমিকা হৈছে শান্ত হৈ যোৱা।

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ। যেতিয়া শিৱ ভগৱানুবাচ বুলি কোৱা হয় তেতিয়া বুজি পোৱা উচিত – একমাত্ৰ শিৱই হৈছে ভগৱান বা পৰমপিতা। তেওঁকে তোমালোক সন্তানসকলে বা আত্মাসকলে স্মৰণ কৰা। ৰচয়িতা পিতাৰ পৰিচয়তো পাইছা। এইটোতো অৱশ্যে হয় যে পুৰুষাৰ্থৰ ক্ৰম অনুসৰিহে স্মৰণ কৰিব। সকলোৱে একৰস হৈ স্মৰণ নকৰে। এয়া বহুত সূক্ষ্ম কথা। নিজক আত্মা বুলি বুজি আনকো আত্মা বুলি ভবা, এইটো অৱস্থা স্থায়ী কৰিবলৈ সময় লাগে। সেইসকল মনুষ্যইতো একো নাজানে। নাজানে বাবে সৰ্বব্যাপি বুলি কৈ দিয়ে। যেনেকৈ তোমালোক সন্তানসকলে নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা, তেনেকৈ আন কোনেও স্মৰণ কৰিব নোৱাৰে। কোনো আত্মাৰ যোগসূত্ৰ পিতাৰ সৈতে নাই। এই কথাবোৰ বৰ গুপ্ত, সূক্ষ্ম। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। এনেকৈ কয়ো যে আমি ভাই ভাই তেন্তে আত্মাকে চোৱা উচিত। শৰীৰক চাব নালাগে। এয়া বহুত উচ্চ লক্ষ্য। বহুত আছে যিসকলে কেতিয়াও পিতাক স্মৰণ নকৰে। আত্মা মলিয়ন হৈ গৈছে। মুখ্যতঃ আত্মাৰে কথা। আত্মাহে এতিয়া তমোপ্ৰধান হৈছে, যি সতোপ্ৰধান আছিল – আত্মাত এই জ্ঞান আছে। জ্ঞানৰ সাগৰ পৰমাত্মাই হয়। তোমালোকে নিজক জ্ঞান সাগৰ বুলি নোকোৱা। তোমালোকে জানা – আমি বাবাৰ পৰা পূৰা জ্ঞান ল’ব লাগে। তেওঁ নিজৰ ওচৰত ৰাখি কি কৰিব। অবিনাশী জ্ঞান ৰত্নৰ ধনতো সন্তানসকলকে দিব লাগে। সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি আহৰণ কৰে। যিসকলে বেছিকৈ আহৰণ কৰে তেওঁলোকেই অধিক সেৱা কৰিব পাৰে। বাবাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। তেৱোঁ আত্মা, তোমালোকো আত্মা। তোমালোক আত্মাসকলে গোটেই জ্ঞান আহৰণ লোৱা। যেনেকৈ তেওঁ সৰ্বদা পৱিত্ৰ, তোমালোকো সৰ্বদা পৱিত্ৰ হ’বা। আকৌ যেতিয়া অপৱিত্ৰতা লেখ মাত্ৰও নাথাকিব তেতিয়া ওপৰলৈ গুচি যাবা। পিতাই স্মৃতিৰ যাত্ৰাৰ যুক্তি শিকায়। এয়াতো জানে – গোটেই দিন স্মৃতিত নাথাকে। ইয়াত তোমালোক সন্তানসকলক পিতাই সন্মুখত বহি বুজায়, আন সন্তানসকলেতো সন্মুখত নুশুনে। মুৰুলী পঢ়ে। ইয়াত তোমালোক সন্মুখত আছা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা আৰু জ্ঞানো ধাৰণ কৰা। আমি পিতাৰ দৰে সম্পূৰ্ণ জ্ঞানৰ সাগৰ হ’ব লাগে। সম্পূৰ্ণ জ্ঞান বুজি গ’লে তেতিয়া যেন পিতাক জ্ঞানেৰে খালী কৰি দিবা, তেতিয়া তেওঁ শান্ত হৈ যাব। এনেকুৱা নহয় যে তেওঁৰ ভিতৰত জ্ঞান প্ৰবাহিত হৈ থাকিব। সকলো দি দিলে পাছত তেওঁৰ ভূমিকা হ’ব শান্তিৰ (শান্তিধামৰ)। যেনেকৈ তোমালোক যেতিয়া শান্তিত থাকা তেতিয়া জ্ঞান প্ৰবাহিত হ’ব জানো। এয়াও পিতাই বুজাইছে – আত্মাই সংস্কাৰ লৈ যায়। কোনোবা সন্ন্যাসীৰ আত্মা হ’লে সৰুকালতে তেওঁৰ শাস্ত্ৰ কণ্ঠস্থ হৈ যাব। সেয়েহে তেওঁৰ নাম বহুত জনাজাত হৈ যায়। এতিয়া তোমালোকতো নতুন সৃষ্টিলৈ যাবৰ কাৰণে আহিছা। তালৈতো জ্ঞানৰ সংস্কাৰ লৈ যাব নোৱাৰা। এই সংস্কাৰ সুপ্ত হৈ যায়। বাকী আত্মাই পুৰুষাৰ্থৰ ক্ৰম অনুসৰি নিজৰ আসন ল’ব। আকৌ তোমালোকৰ শৰীৰৰ নাম দিয়া হয়। শিৱবাবাতো হয়েই নিৰাকাৰ। তেওঁ কয় – এই কৰ্মেন্দ্ৰিয় ঋণত লওঁ। তেওঁতো কেৱল শুনাবলৈয়ে আহে। তেওঁ কাৰো জ্ঞান নুশুনে কিয়নো স্বয়ং জ্ঞানৰ সাগৰ হয়। কেৱল মুখৰ দ্বাৰাহে তেওঁ মুখ্য কাম কৰে। আহেই সকলোকে ৰাস্তা দেখুৱাবলৈ। বাকী শুনি কি কৰিব। তেওঁ সদায় শুনায়ে থাকে যে এনেকুৱা এনেকুৱা কৰা। গোটেই বৃক্ষৰ ৰহস্য শুনায়। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে নতুন সৃষ্টি বহুত সৰু হ’ব। এই পুৰণি সৃষ্টিতো বহুত ডাঙৰ। গোটেই সৃষ্টিত কিমান ‘লাইট’ জ্বলে? ‘লাইট’ৰ দ্বাৰা কি কি হয়? তাততো সৃষ্টিও সৰু, লাইটো কম হ’ব। যেন এখন সৰু গাওঁ হ’ব। এতিয়াতো কিমান ডাঙৰ ডাঙৰ গাওঁ আছে। তাত ইমান নাথাকিব। অতি কম সংখ্যক মুখ্য মুখ্য ভাল ৰাস্তা থাকিব। 5 তত্ত্বও সতোপ্ৰধান হৈ যায়। কেতিয়াও চঞ্চল নহ’ব। সুখধাম বুলি কোৱা হয়। তাৰ নামেই স্বৰ্গ। আগলৈ গৈ তোমালোক যিমানে সমীপত আহি গৈ থাকিবা সিমানে বৃদ্ধি হৈ থাকিব। পিতায়ো সাক্ষাৎকাৰ কৰাই থাকিব। তেতিয়া সেই সময়ত যুদ্ধতো সৈন্য অথবা এৰোপ্লেন আদিৰ দৰকাৰ নাথাকিব। তেওঁলোকেতো কয় – আমি ইয়াত বহি সকলোকে শেষ কৰি দিব পাৰোঁ। তেতিয়া জানো এই এৰোপ্লেন আদি কামত আহিব। আকৌ এই চন্দ্ৰ আদিলৈ ভূমিখণ্ড আদি চাবলৈ নাযাব। এয়া সকলো বিজ্ঞানৰ অযথা অভিমান। কিমান প্ৰদৰ্শন কৰি আছে। জ্ঞানত কিমান শান্তি, ইয়াক ঈশ্বৰীয় দান বুলি কয়। বিজ্ঞানৰ ক্ষেত্ৰততো হুলস্থুলেই হুলস্থুল। তেওঁলোকে শান্তিক নাজানেই।

তোমালোকে বুজি পোৱা যে বিশ্বত শান্তি নতুন সৃষ্টিত আছিল, সেয়া হ’ল সুখধাম। এতিয়াতো দুখ-অশান্তি। এয়াও বুজাব লাগে আপোনালোকে শান্তি বিচাৰে, কেতিয়াও অশান্তি নহ’বই, সেয়াতো আছে শান্তিধাম আৰু সুখধামত। স্বৰ্গতো সকলোৱে বিচাৰে। ভাৰতবাসীয়েহে বৈকুণ্ঠ স্বৰ্গক স্মৰণ কৰে। আন ধম্বাৱলম্বীসকলে বৈকুণ্ঠক স্মৰণ নকৰে। তেওঁলোকে কেৱল শান্তিক স্মৰণ কৰিব। সুখকতো স্মৰণ কৰিব নোৱাৰে। বিধিয়ে নকয়। সুখকতো তোমালোকেহে স্মৰণ কৰা সেইবাবে আহ্বান জনোৱা – আমাক দুখৰ পৰা মুক্ত কৰক। আত্মাসকল আচলতে শান্তিধামৰ নিবাসী। এইটোও কোনেও নাজানে। পিতাই বুজায় - তোমালোক অবোধ আছিলা। কেতিয়াৰ পৰা অবোধ হ’লা? 16 কলাৰ পৰা 12-14 কলা হৈ যায়, অৰ্থাৎ অবোধ হৈ যোৱা। এতিয়া কোনো কলা নাই। সন্মিলন অনুষ্ঠিত কৰি থাকে। স্ত্ৰীসকলৰ দুখ কিয় হৈছে? হেৰ’, দুখতো গোটেই জগততে আছে। সীমাহীন দুখ। এতিয়া বিশ্বত শান্তি কেনেকৈ হ’ব? এতিয়াতো অনেক ধৰ্ম। গোটেই বিশ্বত শান্তিতো এতিয়া হ’ব নোৱাৰে। সুখকতো নাজানেই। তোমালোক কন্যাসকলে বহি বুজাবা – এইখন জগতত অনেক প্ৰকাৰৰ দুখ, অশান্তি আছে! য’ৰপৰা আমি আত্মাসকল আহিছোঁ সেইখন হৈছে শান্তিধাম আৰু য’ত এই আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, সেইখন আছিল সুখধাম। আদি সনাতন হিন্দু ধৰ্ম বুলি নকয়। আদি মানে প্ৰাচীন। সেয়াতো সত্যযুগত আছিল। সেই সময়ত সকলো পৱিত্ৰ আছিল। সেইখন হয়েই নিৰ্বিকাৰী সৃষ্টি, বিকাৰৰ নাম নাই। পাৰ্থক্য আছে নহয়নে। প্ৰথমেতো নিৰ্বিকাৰী অৱস্থা লাগে নহয় সেইবাবে পিতাই কয় – মৰমৰ সন্তানসকল, কামৰ ওপৰত বিজয়ী হোৱা। নিজক আত্মা বুলি বুজা। এতিয়া আত্মা অপৱিত্ৰ, আত্মাত মামৰৰ প্ৰলেপ পৰিছে সেইবাবে অলংকাৰো তেনেকুৱা হৈছে। আত্মা পৱিত্ৰ হ’লে অলংকাৰো পৱিত্ৰ হ’ব, সেইখনকে নিৰ্বিকাৰী সৃষ্টি বুলি কোৱা হয়। বট বৃক্ষৰ উদাহৰণো তোমালোকে দিব পাৰা। গোটেই বৃক্ষজোপা থিয় হৈ আছে, আধাৰ নাই। এই আদি সনাতন দেৱী-দেৱতা ধৰ্ম নাই বাকী সকলো থিয় হৈ আছে। সকলো অপৱিত্ৰ, ইয়াক মনুষ্য বুলি কোৱা হয়। মই মনুষ্যক দেৱতা কৰি তুলিবলৈ আহিছোঁ। 84 জন্মও মনুষ্যই লয়। ছিৰিৰ চিত্ৰ দেখুৱাব লাগে যে তমোপ্ৰধান হ’লে তেতিয়া হিন্দু বুলি কৈ দিয়ে। দেৱতা বুলি ক’ব নোৱাৰে কিয়নো পতিত। ড্ৰামাত এইটো ৰহস্য আছে নহয়। নহ’লেতো হিন্দু বুলি কোনো ধৰ্ম নাই। আদি সনাতন আমিয়েই দেৱী-দেৱতা আছিলোঁ। ভাৰতেই পৱিত্ৰ আছিল, এতিয়া অপৱিত্ৰ, সেয়েহে নিজক হিন্দু বুলি কয়। হিন্দু ধৰ্মতো কোনেও প্ৰতিষ্ঠা কৰা নাই। এয়াতো ভালদৰে ধাৰণ কৰি বুজাব লাগে। আজিকালি ইমান সময়তো নিদিয়ে। অতি কমেও আধা ঘণ্টা দিয়ক তেতিয়া মূল কথা শুনাব পাৰি। সাৰ কথাতো বহুত আছে। আকৌ তাৰ পৰা মুখ্য কথাবোৰ শুনোৱা হয়। পঢ়াৰ ক্ষেত্ৰতো একাদিক্ৰমে পঢ়ি গৈ থাকিলে তেতিয়া অল্‌ফ-বে (পিতা-বাদশ্বাহী) আদি লঘু পাঠবোৰ স্মৃতিত নাথাকে। সেয়া পাহৰি যায়। তোমালোককো ক’ব – এতিয়া তোমালোকৰ জ্ঞান সলনি হ’ল। হেৰ’, পঢ়াত ওপৰৰ শ্ৰেণীলৈ গ’লে তেতিয়া আগৰ পাঠ পাহৰি যায় নহয়। পিতায়ো আমাক নিতৌ নতুন নতুন কথা শুনায়। প্ৰথমে লঘু পাঠ আছিল, এতিয়া পিতাই গূঢ় গূঢ় কথা শুনাই থাকে। জ্ঞানৰ সাগৰ হয় নহয়। শুনাই শুনাই আকৌ শেষত দুটা শব্দ কৈ দিয়ে ‘অল্ফ’ক (পিতাক) বুজিলে সেয়াও যথেষ্ট। ‘অল্ফ’ অৰ্থাৎ পিতাক জানিলে ‘বে’ অৰ্থাৎ বাদশ্বাহীক জানিয়ে যাবা। কেৱল ইমানখিনি বুজোৱা সেয়াও ঠিক। যিয়ে বেছি জ্ঞান ধাৰণ কৰিব নোৱাৰে তেওঁ উচ্চ পদো পাব নোৱাৰে। সন্মান সহকাৰে উত্তীৰ্ণ হ’ব নোৱাৰে। কৰ্মাতীত অৱস্থাত উপনীত হ’ব নোৱাৰে, এই ক্ষেত্ৰত বহুত পৰিশ্ৰমৰ প্ৰয়োজন। স্মৃতিত থকাৰ ক্ষেত্ৰতো পৰিশ্ৰম কৰিবলগীয়া হয়। জ্ঞান ধাৰণ কৰিবলৈও পৰিশ্ৰম হয়। দুয়োটাতে সকলো বুদ্ধিমান হৈ যাব সেয়াওতো হ’ব নোৱাৰে। ৰাজধানী স্থাপনা হৈ আছে। সকলো নৰৰ পৰা নাৰায়ণ কেনেকৈ হ’ব! এই গীতা পাঠশালাৰ লক্ষ্য-উদ্দেশ্যতো এয়াই। সেয়াই গীতা জ্ঞান। সেয়াও কোনে দিয়ে, এয়াতো তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। এতিয়া হৈছে কবৰস্তান আকৌ পৰিস্তান হ’ব।

এতিয়া তোমালোক জ্ঞান চিতাত বহি পূজাৰীৰ পৰা পূজ্য নিশ্চয় হ’ব লাগে। বৈজ্ঞানিকসকলো কিমান বুদ্ধিমান হৈ গৈ থাকে। উদ্ভাৱন কৰি থাকে। ভাৰতবাসীয়ে প্ৰতিটো কথাৰ কলা-কৌশল তাৰ পৰা শিকি আহে। তেওঁলোকো পাছৰ ফালে আহিব সেয়েহে ইমান জ্ঞান আহৰণ নকৰিব। আকৌ তাতো আহি এয়াই অভিযান্ত্ৰিক আদি কাম কৰিব। ৰজা-ৰাণীতো হ’ব নোৱাৰে, ৰজা-ৰাণীৰ আগত সেৱাত ব্ৰতী হৈ থাকিব। এনেকুৱা এনেকুৱা উদ্ভাৱন কৰি থাকিব। ৰজা-ৰাণী হয়েই সুখৰ বাবে। তাততো সকলো সুখ পোৱা যায়। সেয়েহে সন্তানসকলে পূৰা পুৰুষাৰ্থ কৰিব লাগে। সম্পূৰ্ণ উত্তীৰ্ণ হৈ কৰ্মাতীত অৱস্থাত উপনীত হ’ব লাগে। সোনকালে যোৱাৰ খেয়াল আহিব নালাগে। এতিয়া তোমালোক হৈছা ঈশ্বৰীয় সন্তান। পিতাই পঢ়াই আছে। এয়া হৈছে মনুষ্যক পৰিৱৰ্তন কৰাৰ অভিযান। যেনেকৈ বৌদ্ধিসকলৰ, খ্ৰীষ্টানসকলৰ অভিযান থাকে নহয়। কৃষ্ণ আৰু খ্ৰীষ্টানৰো ৰাশি মিলে। তেওঁলোকৰ লেন-দেনৰো বহুত সম্পৰ্ক আছে। যিয়ে ইমান সহায় কৰে, তেওঁলোকৰ ভাষা আদি এৰি দিয়া এয়াও তিৰস্কাৰ কৰা হয়। তেওঁলোকেতো আহেই পাছৰ ফালে। বহুত সুখো নাপায়, বহুত দুখো নাপায়। গোটেই উদ্ভাৱন তেওঁলোকে কৰে। ইয়াত যদিও চেষ্টা কৰে কিন্তু সঠিককৈ কেতিয়াও তৈয়াৰ কৰিব নোৱাৰে। বিদেশৰ বস্তুবোৰ ভাল। সততাৰে তৈয়াৰ কৰে। ইয়াততো অসততাৰে তৈয়াৰ কৰে, অপাৰ দুখ। সকলোৰে দুখ হৰণ কৰোঁতা একমাত্ৰ পিতাৰ বাহিৰে আন কোনো মনুষ্য হ’ব নোৱাৰে। যিমানেই সন্মিলন অনুষ্ঠিত কৰে, বিশ্বত শান্তি হওঁক, ঠেকা-খুন্দা খাই থাকে। কেৱল মাতাসকলৰ দুখৰ কথা নহয়, ইয়াততো অনেক প্ৰকাৰৰ দুখ আছে। গোটেই জগতত কাজিয়া, মৰামৰিৰহে কথা। পাই-পইচাৰ কথাত মৰামৰি কৰে। তাততো দুখৰ কথা নাথাকে। এয়াও হিচাপ উলিয়াব লাগে। যুদ্ধ যিকোনো সময়তে আৰম্ভ হ’ব পাৰে। ভাৰতত ৰাৱণ যেতিয়াৰ পৰা আহে তেতিয়া প্ৰথমে ঘৰত যুদ্ধ আৰম্ভ হয়। এৰা এৰি হৈ যায়, পৰস্পৰ যুঁজি মৰে তেতিয়া বাহিৰৰসকল আহে। প্ৰথমে জানো ব্ৰিটিছ আছিল পাছত তেওঁলোক আহি মাজতে ঘোচ আদি দি নিজৰ ৰাজ্য কৰি লয়। কিমান ৰাতি-দিনৰ পাৰ্থক্য। নতুন কোনেও বুজিব নোৱাৰে। নতুন জ্ঞান নহয় জানো, যি আকৌ প্ৰায় লোপ হৈ যায়। পিতাই জ্ঞান দিয়ে আকৌ সেয়া লোপ হৈ যায়। এয়া একেই পঢ়া, এবাৰেই, একমাত্ৰ পিতাৰ পৰা পোৱা যায়। আগলৈ গৈ তোমালোক সকলোৰে সাক্ষাৎকাৰ হৈ থাকিব যে তুমি এয়া হ’বাগৈ। কিন্তু সেই সময়ত কি কৰিব পাৰিবা। উন্নতি কৰিব নোৱাৰিবা। ফলাফল ঘোষণা কৰাৰ পাছত স্থানান্তৰ হোৱাৰ কথা আহি যাব। তেতিয়া কন্দা-কটা কৰিব। আমি নতুন সৃষ্টিলৈ বদলি হৈ যাম। তোমালোকে পৰিশ্ৰম কৰা, সোনকালে চাৰিওফালে আৱাজ বিয়পি যাওঁক। তেতিয়া আপোনাআপুনি সেৱাকেন্দ্ৰলৈ দৌৰি আহি থাকিব। কিন্তু যিমান দেৰী হৈ যাব, “অতি পলম” হৈ গৈ থাকিব। তেতিয়া একো জমা নহ’ব। পইচাৰ দৰকাৰ নাথাকিব। তোমালোকে বুজাবলৈ এই বেজেই যথেষ্ট। এই ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই আকৌ ব্ৰহ্মা হয়। এই বেজ এনেকুৱা যে সকলো শাস্ত্ৰৰ সাৰ ইয়াত আছে। বাবাই বেজৰ বহুত মহিমা কৰে। সেই সময় আহিব যেতিয়া তোমালোকৰ এই বেজ সকলোৱে নয়নত ৰাখিব। মনমনাভৱ, ইয়াত আছে – মোক স্মৰণ কৰিলে এনেকুৱা হ’বা। এৱেঁই আকৌ 84 জন্ম লয়। একমাত্ৰ পিতাই আছে যিয়ে পুনৰ্জন্ম নলয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্মৃতিত থকাৰ পৰিশ্ৰম আৰু জ্ঞানৰ ধাৰণাৰে কৰ্মাতীত অৱস্থাত উপনীত হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে। জ্ঞান সাগৰৰ সম্পূৰ্ণ জ্ঞান নিজৰ মাজত ধাৰণ কৰিব লাগে।

(2) আত্মাত যি মামৰ লাগিছে সেয়া আঁতৰাই সম্পূৰ্ণ নিৰ্বিকাৰী হ’ব লাগে। লেখ মাত্ৰও যাতে অপৱিত্ৰতাৰ অংশ নাথাকে। আমি আত্মা ভাই ভাই… এইটো অভ্যাস কৰিব লাগে।

বৰদান:
সময় আৰু সংকল্প ৰূপী সম্পদৰ প্ৰতি মনোযোগ দি জমাৰ পুঁজি বৃদ্ধি কৰোঁতা পদ্মাপদমপতি হোৱা

এনেয়ে সম্পদতো বহুত আছে কিন্তু সময় আৰু সংকল্প বিশেষকৈ এই দুটি সম্পদৰ প্ৰতি মনোযোগ দিয়া। সকলো সময়ত সংকল্প শ্ৰেষ্ঠ আৰু শুভ হওঁক তেতিয়া জমাৰ পুঁজি বাঢ়ি গৈ থাকিব। এই সময়ত জমা কৰা একৰ বিপৰীতে পদমৰ হিচাপত পাবা, হিচাপ আছে। একৰ বিপৰীতে পদমগুণ কৰি দিয়াৰ এইটো বেংক, সেয়েহে যিয়েই নহওঁক কিয় ত্যাগ কৰিব লাগে, তপস্যা কৰিব লাগে, নম্ৰ হ’ব লাগে, যিয়েই নহওঁক… এই দুটি কথাৰ প্ৰতি মনোযোগ থাকিলে তেতিয়া পদ্মাপদমপতি হৈ যাবা।

স্লোগান:
মনোবলেৰে সেৱা কৰা তেতিয়া তাৰ প্ৰালব্ধ অনেক গুণ অধিক পাবা।


পৰোপকাৰৰ ভাৱনাৰে সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

নিজৰ সকলো সম্পদ অন্য আত্মাৰ প্ৰতি দান দিয়া – এয়াই হৈছে পৰোপকাৰ কৰা। এনেকুৱা পৰোপকাৰীয়ে নিজক সৰ্ব সম্পদেৰে সম্পন্ন ‘বেগমপুৰ’ৰ বাদশ্বাহ অনুভৱ কৰিব। তেওঁৰ সংকল্পতো দুখৰ সংস্কাৰ জাগ্ৰত হ’ব নোৱাৰে। তাৰ বাবে বৃত্তিৰেও ‘মোৰ বোধ’ ত্যাগ কৰা, স্মৃতিত যাতে সদায় পিতা আৰু বাপদাদা থাকে, মুখৰে যাতে এয়াই বচন উচ্চাৰিত হয় তেতিয়া বিশ্বপতি হৈ বিশ্বৰ সেৱা কৰিব পাৰিবা।