17.07.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – উচ্চ হ’বলৈ হ’লে সদায় নিজৰ খতিয়ান চোৱা, কোনো কৰ্মেন্দ্ৰিয়ই যাতে প্ৰতাৰণা নকৰে, এই দুচকু বহুত প্ৰতাৰক ইয়াৰ পৰা সাৱধান হোৱা”

প্ৰশ্ন:
সকলোতকৈ বেয়া অভ্যাস কোনটো, তাৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

উত্তৰ:
সকলোতকৈ বেয়া অভ্যাস হ’ল - জিভাৰ সোৱাদ। কিবা ভাল বস্তু দেখিলে তেতিয়া লুকুৱাই খাই দিব। লুকুওৱা অৰ্থাৎ চুৰ কৰা। চোৰ ৰূপী মায়ায়ো বহুতৰে নাক কাণত ধৰি লয়। ইয়াৰ পৰা ৰক্ষা পোৱাৰ সাধন হৈছে যেতিয়াই কোনোবাফালে বুদ্ধি যায় তেতিয়া নিজেই নিজক শাস্তি দিয়া। বেয়া অভ্যাসবোৰ দূৰ কৰিবলৈ নিজেই নিজক খুব ভৰ্ৎসনা কৰা।

ওঁম্শান্তি।
আত্ম-অভিমানী হৈ বহিছানে? প্ৰতিটো কথা নিজে নিজক সুধিব লাগে। মই আত্ম-অভিমানী হৈ বহিছোঁনে আৰু পিতাক স্মৰণ কৰি আছোঁনে? গায়নো কৰা হৈছে “শিৱ শক্তি পাণ্ডৱ সেনা”। এয়া শিৱবাবাৰ সেনা বহি আছা নহয়। সেই পাৰ্থিৱ সেনাত অকল ডেকা থাকে, বুঢ়া বা শিশু আদি নাথাকে। এই সেনাততো বুঢ়া, শিশু, ডেকা আদি সকলো বহি আছে। এই সেনা হ’ল মায়াৰ ওপৰত বিজয় পাবৰ কাৰণে। প্ৰত্যেকে মায়াৰ ওপৰত বিজয়ী হৈ পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। সন্তানসকলে জানে যে মায়া বৰ শক্তিশালী। কৰ্মেন্দ্ৰিয়বোৰেই সকলোতকৈ বেছি প্ৰতাৰণা কৰে। খতিয়ানত এইটোও লিখা যে আজি কোনটো কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণা কৰিলে? আজি অমুকক দেখিলোঁ তেতিয়া মন গ’ল চুই চাওঁ, এইটো কৰোঁ। দুচকুৱে বহুত ক্ষতি কৰে। প্ৰতিটো কৰ্মেন্দ্ৰিয়ক চোৱা, কোনটো কৰ্মেন্দ্ৰিয়ই বহুত ক্ষতি কৰে? এই ক্ষেত্ৰত সুৰদাসৰো দৃষ্টান্ত দিয়ে। নিজক পৰীক্ষা কৰিব লাগে। এই দুচকু বহুত প্ৰতাৰণা কৰোঁতা হয়। ভাল ভাল সন্তানসকলকো মায়াই প্ৰতাৰণা কৰি দিয়ে। যদিও সেৱা ভালেই কৰে কিন্তু দুচকুৱে প্ৰতাৰণা কৰি দিয়ে। দুচকুক ভালদৰে পৰীক্ষা কৰিব লাগে কিয়নো শত্ৰু হয় নহয়। আমাৰ পদো ভ্ৰষ্ট কৰি দিয়ে। যিসকল বিচাৰ বুদ্ধি সম্পন্ন সন্তান তেওঁলোকে ভালদৰে টুকি ৰাখিব লাগে। ডায়েৰী জেপত থাকিব লাগে। যেনেকৈ ভক্তিমাৰ্গত বুদ্ধি আনফালে গ’লে তেতিয়া নিজকে চিকুটি দিয়ে। তোমালোকেও শাস্তি দিব লাগে। বৰ সাৱধান হ’ব লাগে। কৰ্মেন্দ্ৰিবোৰে প্ৰতাৰণাতো নকৰে! ফালৰি কাটি যাব লাগে। ঠিয় হৈ চাবও নালাগে। স্ত্ৰী-পুৰুষৰে বহুত গণ্ডগোল হয়। দেখিলেই কাম বিকাৰৰ দৃষ্টি যায় সেইকাৰণে সন্ন্যাসীসকলে চকু বন্ধ কৰি বহে। কোনো কোনো সন্ন্যাসীয়েতো স্ত্ৰীলৈ পিঠি দি বহে। সেই সন্ন্যাসীসকলে কি পায়? খুব বেছি 10-20 লাখ, কোটিৰ হিচাপত জমা কৰিব। মৰি গ’লে তেতিয়া শেষ। আকৌ পৰৱৰ্তী জন্মত একত্ৰিত কৰিব লাগিব। তোমালোক সন্তানসকলেতো যি কিছু পোৱা সেয়া অবিনাশী সম্পত্তি হৈ যায়। তাত ধনৰ লালসা নাথাকেই। এনেকুৱা কোনো অপ্ৰাপ্তি নাথাকে যাৰ কাৰণে মগজ খটুৱাব লাগিব। কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। তাততো অপাৰ সুখ থাকে। ইয়াত একোৱে নাই। বাবাই সদায় কয় – ‘সংগম’ শব্দটিৰ লগত ‘পুৰুষোত্তম’ শব্দটি নিশ্চয় লিখিবা। স্পষ্ট কথা ক’ব লাগে। বুজাবলৈ সহজ হয়। মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে….. তেন্তে নিশ্চয় সংগমতেই দেৱতা কৰি গঢ়ি তুলিবলৈ আহিব নহয়, নৰকবাসীক স্বৰ্গবাসী কৰি তুলিবলৈ। মনুষ্যতো ঘোৰ অন্ধকাৰত আছে। স্বৰ্গ কি, নাজানেই। অন্য ধৰ্মৰ সকলেতো স্বৰ্গক চাবও নোৱাৰে সেইকাৰণে বাবাই কয় - তোমালোকৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। তাক কোৱাই হয় স্বৰ্গ। কিন্তু এইটো জানো বুজি পায় যে আমিও স্বৰ্গলৈ যাব পাৰোঁ। কোনেও গম নাপায়। ভাৰতবাসীয়ে এইটো পাহৰি গ’ল। স্বৰ্গক লাখ লাখ বছৰ বুলি কৈ দিয়ে। খ্ৰীষ্টানসকলে নিজেই কয় 3 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল। লক্ষ্মী-নাৰায়ণক কোৱাই হয় ভগৱান-ভগৱতী। নিশ্চয় ভগৱানেই ভগৱান-ভগৱতী কৰি তুলিব। গতিকে পৰিশ্ৰম কৰিব লাগে। নিতৌ নিজৰ খতিয়ান চাব লাগে। কোনটো কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণা কৰিলে? জিভাও কোনো কম নহয়। কোনো ভাল বস্তু দেখিলে লুকুৱাই খাই দিব। এইটো বুজি পায় জানো এয়াও পাপ। চুৰ কৰা নহ’ল জানো। তাকো শিৱবাবাৰ যজ্ঞৰ পৰা চুৰ কৰাতো বহুত বেয়া। এনেকৈ কোৱা হয় যে খেৰকুটা চুৰ কৰাজনো চোৰ লাখ টকা চুৰ কৰাজনো চোৰ। বহুতকে মায়াই নাকত ধৰি থাকে। এই সকলোবোৰ বেয়া অভ্যাস এৰিব লাগে। নিজকে ভৰ্ৎসনা কৰিব লাগে। যেতিয়ালৈকে বেয়া অভ্যাস থাকিব তেতিয়ালৈকে উচ্চ পদ পাব নোৱাৰিবা। স্বৰ্গলৈ যোৱাতো কোনো ডাঙৰ কথা নহয়। কিন্তু ক’ত ৰজা-ৰাণী ক’ত প্ৰজা! সেয়েহে পিতাই কয় - কৰ্মেন্দ্ৰিয়বোৰ ভালকৈ পৰীক্ষা কৰিব লাগে। কোনটো কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণা কৰে? খতিয়ান উলিয়াব লাগে। বেপাৰ নহয় জানো। পিতাই বুজায় - মোৰ সৈতে বেপাৰ কৰিব লাগে, উচ্চ পদ পাবলৈ হ’লে শ্ৰীমতত চলা। পিতাই নিৰ্দেশনা দিব তাতো মায়াই বিঘিনি আনিব। কৰিবলৈ নিদিব। পিতাই কয় - এইটো নাপাহৰিবা। গাফিলতি কৰিলে তেতিয়া বহুত অনুতাপ কৰিবা। কেতিয়াও উচ্চ পদ নাপাবা। এতিয়াতো আনন্দেৰে কয় - আমি নৰৰ পৰা নাৰায়ণ হ’ম কিন্তু নিজকে সুধি থাকা - ক’ৰবাত কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণাতো নকৰে?

নিজৰ উন্নতি কৰিবলৈ হ’লে পিতাই যি নিৰ্দেশনা দিয়ে সেয়া কাৰ্যত ৰূপায়িত কৰা। গোটেই দিনটোৰ খতিয়ান চোৱা। ভুলতো বহুত হৈ থাকে। দুচকুৱে বহুত প্ৰতাৰণা কৰে। দয়া উপজিব - এওঁক খুৱাওঁ, উপহাৰ দিওঁ। নিজৰ বহুত সময় নষ্ট কৰি দিয়ে। মালাৰ মণি হ’বলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। 8 (আঠ) ৰত্ন হ’ল মুখ্য। 9 ৰত্ন বুলি কয়। এক হ’ল বাবা বাকী হ’ল 8 (আঠ) বাবাৰ চিনতো মাজত থকা উচিত নহয় জানো, গ্ৰহগতি বেয়া হ’লে তেতিয়া 9 ৰত্নৰ আঙুঠি আদি পিন্ধায়। ইমানবিলাক পুৰুষাৰ্থ কৰোঁতাৰ মাজৰ পৰা 8 (আঠ) গৰাকী সন্মান সহকাৰে উত্তীৰ্ণ হৈ ওলায়। 8 (আঠ) ৰত্নৰ বহুত মহিমা আছে। দেহ-অভিমানত আহিলে কৰ্মেন্দ্ৰিয়ই বহুত প্ৰতাৰণা কৰে। ভক্তিতো চিন্তা থাকে নহয়, শিৰত পাপ বহুত আছে - দান-পুণ্য কৰিলে তেতিয়া পাপ খণ্ডন হ’ব। সত্যযুগত কোনো চিন্তাৰ কথা নাই কিয়নো তাত ৰাৱণৰাজ্যই নাই। তাতো যদি এনেকুৱা কথা থাকে তেন্তে নৰক আৰু স্বৰ্গৰ মাজত একো পাৰ্থক্যই নাথাকিব। তোমালোকক ইমান উচ্চ পদ পাবৰ কাৰণে ভগৱানে বহি পঢ়ায়। বাবা স্মৃতিলৈ নাহে, ঠিক আছে পঢ়োৱা শিক্ষকতো স্মৃতিলৈ আহক। বাৰু, লাগিলে এইটো স্মৰণ কৰা যে আমাৰ এজনেই বাবা সৎগুৰু। মনুষ্যই আসুৰিক মতত পিতাৰ কিমান তিৰস্কাৰ কৰিছে। পিতাই এতিয়া সকলোৰে উপকাৰ কৰে। তোমালোক সন্তানসকলেও উপকাৰ কৰিব লাগে। কাৰো প্ৰতি অপকাৰ নহয়, আসুৰিক দৃষ্টিও থাকিব নালাগে। নিজৰেই লোকচান কৰে। সেই প্ৰকম্পনে আকৌ আনৰ ওপৰতো প্ৰভাৱ পেলায়। পিতাই কয় - বহুত উচ্চ লক্ষ্য। নিতৌ নিজৰ খতিয়ান চোৱা - কোনো বিকৰ্মতো নকৰিলোঁ? এইখন হয়েই বিকৰ্মী সৃষ্টি, বিকৰ্মী চন। বিকৰ্মাজিৎ দেৱতাসকলৰ চনৰ বিষয়ে কোনেও নাজানে। পিতাই বুজায় – বিকৰ্মাজিৎ চনৰ 5 হাজাৰ বছৰ হ’ল আকৌ পাছত বিকৰ্ম চন আৰম্ভ হয়। ৰজাসকলেও বিকৰ্মই কৰি থাকে, সেইবাবে পিতাই কয় - কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি মই তোমালোকক বুজাওঁ। ৰাৱণৰাজ্যত তোমালোকৰ কৰ্ম বিকৰ্ম হৈ যায়। সত্যযুগত কৰ্ম অকৰ্ম হয়। বিকৰ্ম নহয়। তাত বিকাৰৰ নামেই নাই। এই জ্ঞানৰ তৃতীয় নেত্ৰ এতিয়া তোমালোকে পাইছা। এতিয়া তোমালোক সন্তানসকল পিতাৰ দ্বাৰা ত্ৰিনেত্ৰী-ত্ৰিকালদৰ্শী হৈছা। কোনো মনুষ্যই ত্ৰিনেত্ৰী-ত্ৰিকালদৰ্শী কৰি তুলিব নোৱাৰে। তোমালোকক গঢ়ি তোলোঁতাজন হৈছে পিতা। প্ৰথমে যেতিয়া আস্তিক হ’বা তেতিয়া ত্ৰিনেত্ৰী-ত্ৰিকালদৰ্শী হ’বা। গোটেই ড্ৰামাৰ ৰহস্য বুদ্ধিত আছে। মূললোক, সূক্ষ্মলোক, 84ৰ চক্ৰ সকলো বুদ্ধিত আছে। আকৌ পাছৰফালে অন্য ধৰ্ম আহে। বৃদ্ধি হৈ গৈ থাকে। সেই ধৰ্ম প্ৰতিষ্ঠাপকসকলক গুৰু বুলি কোৱা নহ’ব। সকলোৰে সৎগতি কৰোঁতা সৎগুৰু এজনেই। বাকী তেওঁলোক কোনো সৎগতি কৰিবলৈ আহে জানো। তেওঁলোক হ’ল ধৰ্ম প্ৰতিষ্ঠাপক। যীশুখ্ৰীষ্টক স্মৰণ কৰিলে সৎগতি হ’ব জানো। বিকৰ্ম বিনাশ হ’ব জানো। একো নহয়। সেই সকলোকে ভক্তিৰ শাৰীত আছে বুলি কোৱা হ’ব। জ্ঞানৰ শাৰীত কেৱল তোমালোকহে আছা। তোমালোক হৈছা পাণ্ডা। সকলোকে শান্তিধাম সুখধামৰ ৰাস্তা দেখুৱাই দিয়া। পিতাও হৈছে মুক্তিদাতা, মাৰ্গ-দৰ্শক। সেই পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হ’ব।

এতিয়া তোমালোক সন্তানসকলে নিজৰ বিকৰ্ম বিনাশ কৰাৰ পুৰুষাৰ্থ কৰি আছা গতিকে তোমালোকে ধ্যান দিব লাগে যে এফালে পুৰুষাৰ্থ, আনফালে যাতে বিকৰ্ম হৈ নাথাকে। পুৰুষাৰ্থৰ সমানে সমানে বিকৰ্মও যদি কৰা তেন্তে এশগুণ হৈ যাব। যিমান দূৰ সম্ভৱ বিকৰ্ম নকৰিবা। নহ’লে আৰু বাঢ়ি যাব। নামো বদনাম কৰিবা। যিহেতু এইটো জানা যে ভগৱানে আমাক পঢ়ায় গতিকে পুনৰ কোনো বিকৰ্ম কৰিব নালাগে। সৰু চুৰি বা ডাঙৰ চুৰি পাপতো হৈ যায় নহয়। এই দুচকুৱে বৰ প্ৰতাৰণা কৰে। বাবাই সন্তানসকলৰ চলনৰ পৰা বুজি যায়, কেতিয়াও খেয়ালো আহিব নালাগে যে এওঁ মোৰ স্ত্ৰী, আমি ব্ৰহ্মাকুমাৰ-কুমাৰী, শিৱবাবাৰ নাতি। আমি বাবাৰ ওচৰত প্ৰতিজ্ঞা কৰিছোঁ, ৰাখী বান্ধিছোঁ, আকৌ দুচকুৱে কিয় প্ৰতাৰণা কৰে? স্মৃতিৰ বলেৰে যিকোনো কৰ্মেন্দ্ৰিয়ৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাব পাৰা। বহুত পৰিশ্ৰম কৰিব লাগে। পিতাৰ নিৰ্দেশনা কাৰ্যত ৰূপায়ণ কৰি কৰি খতিয়ান লিখা। স্ত্ৰী-পুৰুষেও পৰস্পৰ এয়াই কথা পাতা - আমিতো বাবাৰ পৰা পূৰা উত্তৰাধিকাৰ ল’ম, শিক্ষকৰ পৰা পূৰা পঢ়িম। এনেকুৱা শিক্ষক কেতিয়াও পাব নোৱাৰা, যিয়ে বেহদৰ জ্ঞান দিয়ে। লক্ষ্মী-নাৰায়ণেই নাজানে তেনেস্থলত তেওঁলোকৰ পাছত অহাসকলে কেনেকৈ জানিব পাৰিব। পিতাই কয় - এই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান কেৱল তোমালোকেহে সংগমত জানা। বাবাই বহুত বুজায় - এইটো কৰা, এনেকৈ কৰা। আকৌ ইয়াৰ পৰা উঠি গ’লেই শেষ। এইটো নুবুজে যে শিৱবাবাই আমাক কয়। সদায় বুজিবা শিৱবাবাই কয়, এওঁৰ (ব্ৰহ্মাৰ) ফটোও নাৰাখিবা। এই ৰথতো ঋণত লৈছোঁ। এৱোঁ পুৰুষাৰ্থী, এৱোঁ কয় - মই বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোকৰ নিচিনাকৈ এৱোঁ বিদ্যাৰ্থী জীৱনত আছে। আগলৈ গৈ তোমালোকৰ মহিমা হ’ব। এতিয়াতো তোমালোকে পূজ্য দেৱতা হ’বৰ কাৰণে পঢ়া। পাছত সত্যযুগত তোমালোক দেৱতা হ’বাগৈ। এই সকলোবোৰ কথা পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। ভাগ্যত নাথাকিলে সংশয় জাগে - শিৱবাবা কেনেকৈ আহি পঢ়াব! মই নামানো। যদি নামানেই তেন্তে শিৱবাবাক স্মৰণ কেনেকৈ কৰিব। বিকৰ্ম বিনাশ হ’ব নোৱাৰে। এয়া সকলো ক্ৰমানুসাৰে ৰাজধানী স্থাপনা হৈ আছে। দাস-দাসীও লাগে নহয়। ৰজাসকলে দাসীবিলাকো যৌতুক হিচাপে পায়। ইয়াতেই ইমান দাসী ৰাখে তেন্তে সত্যযুগত কিমান থাকিব। এনেকুৱা ঢিলা পুৰুষাৰ্থ কৰিব লাগে জানো যে গৈ দাস-দাসী হওঁ। বাবাক সুধিব পাৰা - বাবা এতিয়া মৰি গ’লে কি পদ পাম? বাবাই তৎক্ষণাৎ কৈ দিব। নিজৰ খতিয়ান নিজেই চোৱা। শেষত ক্ৰমানুসৰি কৰ্মাতীত অৱস্থা হৈ যাব। এয়া হ’ল প্ৰকৃত উপাৰ্জন। সেই উপাৰ্জনত ৰাতি-দিন কিমান ব্যস্ত হৈ থাকে। কোম্পানীৰ অংশ বেচা-কিনা কৰা লোকসকলে এহাতে আহাৰ গ্ৰহণ কৰি থাকে, আনখন হাতেৰে ফোনত ব্যৱসায় চলাই থাকে। এতিয়া কোৱা এনেকুৱা মনুষ্য জ্ঞানত চলিব পাৰিবনে? কয় মোৰ আজৰি ক’ত। হেৰ’ সঁচা ৰাজ্য-ভাগ্য পোৱা যায়। পিতাক কেৱল স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। অষ্ট দেৱতা আদিকো স্মৰণ কৰে নহয়। তেওঁলোকৰ স্মৃতিৰেতো একো প্ৰাপ্তি নহয়। বাবাই বাৰে বাৰে প্ৰতিটো কথাৰ ওপৰত বুজাই থাকে। যাতে পাছত এনেকৈ কোনেও ক’ব নোৱাৰে যে অমুক কথাটিৰ ওপৰততো বুজোৱা নাই। তোমালোক সন্তানসকলে বাৰ্তাও সকলোকে দিব লাগে। এৰোপ্লেনৰ পৰাও প্ৰচাৰ-পত্ৰিকা পেলাবলৈ চেষ্টা কৰিব লাগে। তাত লিখা - শিৱবাবাই এনেকৈ কয়। ব্ৰহ্মাও শিৱবাবাৰ সন্তান। প্ৰজাপিতা হয় যেতিয়া তেৱোঁ পিতা, এৱোঁ পিতা। শিৱবাবা বুলি ক’লেই বহুত সন্তানৰ প্ৰেমৰ চকুলো নিগৰি আহে। কেতিয়াও দেখাই নাই। লিখে বাবা কেতিয়া আহি আপোনাক সাক্ষাৎ কৰিম, বাবা বন্ধনৰ পৰা মুক্ত কৰক। বহুতৰে বাবাৰ, আকৌ ৰাজকুমাৰৰো সাক্ষাৎকাৰ হয়। আগলৈ গৈ বহুতৰে সাক্ষাৎকাৰ হ’ব তথাপিও পুৰুষাৰ্থতো কৰিব লাগে নহয়। মনুষ্যৰ মৃত্যুৰ সময়তো কয় ভগৱানক স্মৰণ কৰা। তোমালোকেও দেখিবা অন্তিম সময়ত খুব পুৰুষাৰ্থ কৰিব। স্মৰণ কৰিবলৈ লাগি যাব।

পিতাই ৰায় দিয়ে - সন্তানসকল, যি সময় পোৱা সেইখিনি সময়ত পুৰুষাৰ্থ কৰি ঘাটি পূৰাই লোৱা। পিতাৰ স্মৃতিত থাকি বিকৰ্ম বিনাশ কৰা তেতিয়া পাছত আহিও আগত যাব পাৰিবা। যেনেকৈ ট্ৰেইন পলম হ’লে তেতিয়া ঘাটি পূৰাই লয় নহয়। তোমালোকেও ইয়াত সময় পোৱা গতিকে ঘাটি পূৰাই লোৱা। ইয়ালৈ আহি উপাৰ্জন কৰিবলৈ লাগি যোৱা। বাবাই ৰায়ো দিয়ে – এনেকৈ এনেকৈ কৰা, নিজৰ কল্যাণ কৰা। পিতাৰ শ্ৰীমতত চলা। এৰোপ্লেনৰ পৰা প্ৰচাৰ-পত্ৰিকা পেলোৱা, যাতে মনুষ্যই বুজে যে এওঁলোকেতো যথাযথ সঠিক বাৰ্তাই দি থাকে। ভাৰত কিমান বিশাল, সকলোৱে গম পোৱা উচিত যাতে পাছত এনেকৈ নকয় যে বাবা আমিতো গমেই নাপালোঁ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিচাৰ বুদ্ধি সম্পন্ন হৈ নিজৰ পৰীক্ষা কৰিব লাগে যে দুচকুৱে প্ৰতাৰণাতো নকৰে। কোনো কৰ্মেন্দ্ৰিয়ৰ বশৱৰ্তী হৈ ওলোটা কৰ্ম কৰিব নালাগে। স্মৃতিৰ বলেৰে কৰ্মেন্দ্ৰিয়ৰ প্ৰতাৰণাৰ পৰা মুক্ত হ’ব লাগে।

(2) এই সঁচা উপাৰ্জনৰ কাৰণে সময় উলিয়াব লাগে, পাছত আহিও পুৰুষাৰ্থৰ দ্বাৰা ঘাটি পূৰাব লাগে। এয়া বিকৰ্ম বিনাশ কৰাৰ সময় সেইকাৰণে কোনো বিকৰ্ম কৰিব নালাগে।

বৰদান:
“বালক তথা মালিক”ৰ পাঠৰ দ্বাৰা নিৰহংকাৰী আৰু নিৰাকাৰী হোৱা

বালক হোৱা অৰ্থাৎ হদৰ জীৱন পৰিৱৰ্তন হোৱা। কোনোবা যিমানে ডাঙৰ দেশৰ মালিক নহওঁক, ধন বা পৰিয়ালৰ মালিক নহওঁক কিন্তু পিতাৰ আগত সকলো বালক। তোমালোক ব্ৰাহ্মণ সন্তানসকলো বালক সেয়েহে নিচিন্ত বাদশ্বাহ আৰু ভৱিষ্যতে বিশ্বৰ মালিক হোৱাগৈ। “বালক তথা মালিক হওঁ” – এইটো স্মৃতিয়ে সদায় নিৰহংকাৰী-নিৰাকাৰী স্থিতিৰ অনুভৱ কৰায়। বালক অৰ্থাৎ সন্তান হোৱা মানে মায়াৰ পৰা হাত সাৰি যোৱা।

স্লোগান:
প্ৰসন্নতাই ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব – সেয়েহে সদায় প্ৰসন্নচিত হৈ থাকা।


অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা

যিটো কাৰ্য বৰ্তমানৰ অনেক পদমপতিয়ে কৰিব নোৱাৰে সেয়া তোমালোকৰ এটা সংকল্পই আত্মাক পদ্মাপদমপতি কৰি তুলিব পাৰে সেয়েহে শ্ৰেষ্ঠ সংকল্প শক্তি জমা কৰা। শ্ৰেষ্ঠ সংকল্প শক্তি এনেকুৱা স্বচ্ছ কৰি তোলা যাতে লেখমানো ব্যৰ্থৰ অস্বচ্ছতাও নাথাকে তেতিয়া এই শক্তিয়ে চমৎকাৰ কাৰ্য কৰিব।