17.08.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা আৰু দাদাৰো অপূৰ্ব কাহিনী আছে, পিতা যেতিয়া দাদাৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া
তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকল উত্তৰাধিকাৰৰ অধিকাৰী হোৱা”
প্ৰশ্ন:
নিশ্চিত
ড্ৰামাক জানিও তোমালোক সন্তানসকলে কোনটো লক্ষ্য অৱশ্যে ৰাখিব লাগে?
উত্তৰ:
পুৰুষাৰ্থ কৰি তীব্ৰ গতিৰে আগবাঢ়ি যোৱা অৰ্থাৎ বিনাশৰ আগতে পিতাৰ স্মৃতিত থাকি
কৰ্মাতীত হোৱাৰ লক্ষ্য অৱশ্যে ৰাখিব লাগে। কৰ্মাতীত অৰ্থাৎ লৌহযুগীৰ পৰা
স্বৰ্ণিমযুগী হোৱা। পুৰুষাৰ্থৰ বাবে এয়াই অলপ সময় আছে সেইকাৰণে বিনাশৰ আগতে নিজৰ
অৱস্থা অচল-অটল কৰি তুলিব লাগে।
গীত:
তু প্যাৰ কা
সাগৰ হে….. (তুমি প্ৰেমৰ সাগৰ….)
ওঁম্শান্তি।
ওঁম্ শান্তি।
এয়া কোন দুজনে কয়? এজন আছিল বাবা, আনজন আছিল দাদা। কাহিনী শুনায় নহয় – এজন ৰজা আছিল,
এগৰাকী ৰাণী আছিল। এতিয়া এয়া আকৌ হৈছে নতুন কথা। এজন বাবা আনজন দাদা তোমালোকে ক’বা
5 হাজাৰ বছৰ পূৰ্বেও এজন আছিল শিৱবাবা, আনজন আছিল ব্ৰহ্মা দাদা। এতিয়া শিৱৰ সন্তানতো
সকলো হয়। সকলো আত্মা এজন পিতাৰ সন্তান। সেয়াতো হয়েই। ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণো
আছিল, প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰহ্মাকুমাৰ-কুমাৰীসকল আছিল। তেওঁলোকক কোনে
পঢ়াইছিল? শিৱবাবাই। প্ৰজাপিতা ব্ৰহ্মাৰ এয়া ব্ৰহ্মাকুমাৰ-কুমাৰী অনেক সন্তান আছে
নহয়। ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে মানি লয় যথাযথ আমি শিৱবাবাৰ সন্তানো হওঁ, নাতিও হওঁ।
সন্তানতো হয়েই এতিয়া নাতি হৈছোঁ। ব্ৰহ্মাৰ দ্বাৰা ককাৰ পৰা উত্তৰাধিকাৰ ল’বলৈ। এতিয়া
তোমালোকে ককাৰ পৰা উত্তৰাধিকাৰ পোৱা, যাক শিৱবাবা বুলি কয়। কিন্তু
ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱাৰ কাৰণে তেওঁক আমি দাদা (ককা) বুলি কওঁ। উত্তৰাধিকাৰ ককাৰ।
ব্ৰহ্মা দাদাৰ নহয়। বৈকুণ্ঠবাসী হোৱাৰ উত্তৰাধিকাৰ সেইজন পিতাৰ পৰা পোৱা যায়।
আধাকল্প উত্তৰাধিকাৰ পোৱা আকৌ তোমালোকে অভিশাপ পোৱা – ৰাৱণৰ পৰা। অৱনমিত হৈ আহা।
যেনিবা অৱনমিত হোৱাৰ গ্ৰহচাৰী বহে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা – আমাৰ
গ্ৰহচাৰী ৰাহুৰ দশা পূৰা হ’ল। ৰাহুৰ দশা সকলোতকৈ বেয়া। উচ্চতকৈও উচ্চ বৃহস্পতিৰ দশা
আকৌ ৰাহুৰ দশা বহাত তেতিয়া 5 বিকাৰৰ কাৰণে আমি ক’লা হৈ গ’লোঁ। এতিয়া আকৌ পিতাই কয় -
দান দিলে গ্ৰহণ আঁতৰিব। তোমালোকৰেই কথা। তেওঁলোকে আকৌ সূৰ্য চন্দ্ৰমাৰ গ্ৰহণ বুলি
বুজি লৈছে। যেতিয়া গ্ৰহণ লাগে তেতিয়া দান বিচাৰে। ইয়াত পিতাই তোমালোকক কয় - 5
বিকাৰৰ দান দিয়া তেতিয়া গ্ৰহচাৰী আঁতৰিব। এই বিকাৰবোৰৰ কাৰণেই তোমালোক পাপাত্মা হ’লা।
মুখ্য হ’ল দেহ-অভিমান। প্ৰথমে এনেকুৱা সতোপ্ৰধান আছিলা, আকৌ সতো, ৰজো, তমো হ’লা। 84
জন্ম ল’লা। এইটোতো দৃঢ় নিশ্চয়তা আছে যথাযথ দেৱতাসকলেহে 84 জন্ম লয়। প্ৰথমে
তেওঁলোকেহে পিতাক লগ পাব লাগে। গোৱাও হয় আত্মাসকল আৰু পৰমাত্মা পৃথকে থাকিল বহুকাল…।
পিতাই কয় – পোন-প্ৰথমে তোমালোকক সত্যযুগলৈ পঠিয়াইছিলোঁ। আকৌ এতিয়া তোমালোকেই আহি
মিলিত হৈছা। আগতেতো কেৱল গাইছিলা তাৰ যথাৰ্থ অৰ্থ এতিয়া পিতাই বহি বুজায়। সকলো বেদ
শাস্ত্ৰ, জপ, তপ, শ্লোগান আদি যি আছে সকলোৰে সাৰ পিতাই বহি বুজায়। চক্ৰতো একেবাৰে
সহজ। এতিয়া হৈছে কলিযুগ আৰু সত্যযুগৰ সংগম। যুদ্ধও সন্মুখত থিয় হৈ আছে। এইটোও
তোমালোকৰ নিশ্চয় আছে – সত্যযুগৰ স্থাপনা হয়। কলিযুগত যিমানবোৰ আছে, সকলোৰে শৰীৰ নাশ
হৈ যাব, বাকী আত্মাসকল পৱিত্ৰ হৈ হিচাপ-নিকাচ নিষ্পত্তি কৰি যাবগৈ। এয়া সকলোৰে
হিচাপ-নিকাচ নিষ্পত্তি কৰাৰ সময়। আত্মাসকল শৰীৰ এৰি গুচি যাব। এয়া তোমালোকৰ বুদ্ধিত
এতিয়া আছে। যেতিয়ালৈকে আমি কৰ্মাতীত অৱস্থা নাপাওঁ তেতিয়ালৈকে সংগমত থিয় আছোঁ। এফালে
কোটি কোটি মনুষ্য, আনফালে কেৱল তোমালোক কিছুসংখ্যক। তোমালোকৰ ভিতৰতো কিমান আছে
যিসকল নিশ্চয়বুদ্ধিৰ হৈ গৈ থাকে। নিশ্চয়বুদ্ধিৰ বিজয় তেতিয়া গৈ বিষ্ণুৰ ডিঙিৰ মালা
হ’ব। এডাল হ’ল ৰুদ্ৰাক্ষ মালা, আনডাল হ’ল ৰুণ্ড মালা। সেই ৰুণ্ড মালাত সৰু সৰু
চেহেৰা থাকে। এয়া হৈছে প্ৰতীক। আমি আত্মাসকলহে আহি আকৌ পিতাৰ ডিঙিৰ মালাৰ মণি হ’ম
আকৌ ইয়ালৈ ক্ৰমানুসৰি আহিম। মালা 8 (আঠ) ৰো আছে, 108 ৰো আছে, 16108 ৰো আছে। এতিয়া
16 হাজাৰ নে 5-10 হাজাৰ, তাৰ কোনো হিচাপ উলিওৱা নহয়। এই মালাসমূহৰ গায়ন কৰা হয়।
বাবাই কয় - এইবিলাক বিচাৰ তোমালোকে কিয় কৰা। যিমান ৰজা কল্প পূৰ্বে সত্যযুগ ত্ৰেতাত
হৈছিল, সিমানেই হ’ব। 100 হ’ব নে 2-3 শ হ’ব – এয়া সুধিব নালাগে।
পিতাই কয় – তোমালোক
যিমান সমীপত আহি থাকিবা তেতিয়া এই সকলোবোৰ বুজি যাবা। আজি আমি ইয়াত আছোঁ কালিলৈ
বিনাশ হ’ব আকৌ সত্যযুগত কিছুসংখ্যক দেৱী-দেৱতা থাকিব। পাছলৈ বৃদ্ধি হয়। সত্যযুগৰ
লক্ষণো দেখিবলৈ পোৱা যায়। বাকী লাখ লাখ থাকে নে লাখৰ হিচাপত থাকে বা 9-10 লাখ থাকে,
তোমালোকে সঠিককৈ ক’ব নোৱাৰা। অৱশ্যে হয় তোমালোক যেতিয়া সঠিকভাৱে সম্পূৰ্ণ হোৱাৰ
লায়ক (যোগ্য) হ’বা তেতিয়া তোমালোকৰ আৰু বেছি সাক্ষাৎকাৰ হ’ব। এতিয়াতো বহুখিনি
বুজিবলৈ সময় বাকী আছে। বহুত সাক্ষাৎকাৰ কৰি থাকিবা। যুদ্ধৰ প্ৰস্তুতিও বহুত হৈ থাকে।
সকলো বস্তুৰ দাম বাঢ়ি যাব। বিলাতততো এতিয়া খুব কৰ (টেক্স) আদি আৰোপ কৰি থাকিব। দাম
বহুত বাঢ়ি বাঢ়ি একেবাৰে সস্তা হৈ যাব। সত্যযুগত কোনো বস্তুৰ কাৰণে খৰচ কৰিবলগীয়া
নহ’ব। সকলো খনি আদি ভৰপূৰ হৈ যাব। নতুন সৃষ্টিত বৈভৱ বহুত থাকে। লক্ষ্মী-নাৰায়ণৰ
বহুত বৈভৱ আছিল নহয়। শ্ৰীনাথ দ্বাৰত মূৰ্তিৰ আগতো কিমান বৈভৱৰ ভোগ আগবঢ়ায়। তাত বহুত
ভোগ ৰান্ধে আৰু খাই থাকে। এনেকৈ ক’ব আমি দেৱতাসকলক ভোগ আগবঢ়াওঁ। আকৌ ক’ব দেৱতাসকলক
ভোগ আগনবঢ়ালে তেওঁলোক বিতুষ্ট হৈ যাব। এতিয়া ইয়াত বিতুষ্ট হোৱাৰতো কথাই নাই।
তোমালোক কাৰো প্ৰতি বিতুষ্ট নোহোৱা। জানা যে নাটক অনুসৰি এই বিনাশ হ’বই। কলিযুগৰ
পৰিৱৰ্তন হৈ সত্যযুগ হ’ব। আমি ড্ৰামাখন বুজি পাওঁ যে ড্ৰামা অনুসৰি এতিয়া নতুন চক্ৰ
আৰম্ভ হ’ব। তোমালোকো ড্ৰামাৰ বশীভূত হোৱা। ড্ৰামা অনুসৰি পিতাও আহিছে। ড্ৰামাত এক
মিনিটো হীনডেঢ়ি হ’ব নোৱাৰে। যেনেকৈ পিতা আহিল তোমালোকে দেখিলা কল্পৰ পাছতো হুবহু
এনেকুৱা হ’ব। শাস্ত্ৰততো কল্পৰ আয়ুস দীঘলীয়া কৰি লিখি দিছে। এতিয়া তোমালোক
সন্তানসকলৰ বুদ্ধিত আছে যথাযথ বিনাশ সন্মুখত থিয় হৈ আছে। এতিয়া তোমালোকে তীব্ৰ গতিৰে
আগবাঢ়ি গৈ আছা। জানা যে পিতাক স্মৰণ কৰি আমি কৰ্মাতীত অৱস্থা নিশ্চয় পাব লাগে অৰ্থাৎ
লৌহযুগীৰ পৰা স্বৰ্ণিমযুগী হ’ব লাগে। এতিয়া যদি পুৰুষাৰ্থ নকৰা তেন্তে পদ ভ্ৰষ্ট হৈ
যাব। হে আত্মাসকল, তোমালোক এতিয়া পতিত হৈ গৈছা। এয়াও জানা যে বহুত ধৰণৰ লোক আহিব
যিসকল অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে তেওঁলোক ওলাই আহি থাকিব। আহি পিতাৰ পৰা
উত্তৰাধিকাৰ পাবৰ কাৰণে নিজৰ পুৰুষাৰ্থ কৰি থাকিব। ব্ৰাহ্মণ ধৰ্মত আহি পুনৰ দেৱতা
ধৰ্মত আহিব। ব্ৰাহ্মণ ধৰ্মত নাহিলে তেতিয়া দেৱতা ধৰ্মত কেনেকৈ আহিব। ব্ৰাহ্মণ
দিনে-প্ৰতিদিনে বৃদ্ধি হৈ গৈ থাকিব। দেখিব যে বিনাশ সন্মুখত আহি গ’ল, এয়াতো ঠিকেই
কয় তেতিয়া বৃদ্ধি হৈ গৈ থাকিব। ব্ৰাহ্মণৰ বৃক্ষ বৃদ্ধি হৈ পূৰ্ণ হৈ যাব তেতিয়া উভতি
যাব। দেৱতাসকলৰ বৃক্ষ বৃদ্ধি হ’ব।
এতিয়া তোমালোকে সংগমত
ৰাজযোগ শিকি আছা। এই সংগমক কল্যাণকাৰী যুগ বুলি কোৱা হয়। সংগমৰেই গায়ন আছে – গংগা
সাগৰৰ মেলা দেখুৱায়। সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ। এয়া হৈছে সাগৰ আৰু জ্ঞান সাগৰৰ
পৰা ওলোৱা জ্ঞান গংগা। ‘জ্ঞান সাগৰ’ শব্দটিৰ লগত ‘পতিত-পাৱন’ শব্দটিৰ সম্পৰ্ক আছে।
তেওঁলোকে ভাবে – পতিত-পাৱনী গংগা হয় সেয়েহে গংগাত স্নান কৰিয়েই আহি থাকে। এই
নদীবোৰৰ অস্তিত্বতো সত্যযুগৰ পৰাই আছে, আজিকালিতো ক’ৰবাত ক’ৰবাত নদীয়ে ডুবায়ো দিয়ে।
প্ৰকৃতিও তমোপ্ৰধান, সাগৰো তমোপ্ৰধান হৈ গৈছে। সাগৰ অলপ উথলি উঠিলে সকলো শেষ কৰি
দিব। সত্যযুগত কেৱল আমি কিছুসংখ্যকহে ভাৰতত নিবাস কৰোঁ – যমুনাৰ পাৰত। দিল্লী
পৰীস্থান আছিল পুনৰ হ’ব। সত্যযুগত কিছুসংখ্যকহে জীৱ আত্মা থাকে পুনৰ লাহে লাগে আহি
থাকে। এতিয়া হৈছে কলিযুগৰ অন্ত। কিমান অনেক মনুষ্য হৈ গৈছে, বেহদৰ নাটক, যাক ভালদৰে
বুজিব লাগে। যদিও কিছুমানে নিজক ভাৱৰীয়া বুলি বুজেও কিন্তু কল্প 5 হাজাৰ বছৰৰ হয়,
এইটো কোনেও গম নাপায়। ক’ত 84 জন্ম, ক’ত 84 লাখ। এতিয়া তোমালোক আলোকত আছা। তোমালোকে
পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। পিতাই কয় – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক
স্মৰণ কৰা)। পিতাক স্মৰণ কৰিব লাগে। শিৱ ভগৱানুবাচ (ভগৱানৰ বাণী), শ্ৰীকৃষ্ণ জানো
জ্ঞানৰ সাগৰ হয়। ভগৱানৰ মহিমাত আৰু দেৱতাসকলৰ মহিমাত বহুত পাৰ্থক্য আছে। পিতাই যি
নতুন ৰচনা ৰচে, তেওঁৰ (শ্ৰীকৃষ্ণৰ) মহিমা হৈছে সৰ্বগুণ সম্পন্ন… এতিয়া তোমালোক
এনেকুৱা হৈ আছা। পিতাৰ মহিমা আৰু শ্ৰীকৃষ্ণৰ মহিমাৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে।
এয়া ৰাজযোগ হয় নহয়। গায়নো কৰা হয় - ভগৱানে ৰাজযোগ শিকায়। তেওঁ হৈছে নিৰাকাৰ, তেন্তে
নিশ্চয় নিৰাকাৰৰ পৰা সাকাৰত আহিবলগীয়া হয়। ভগৱানৰ ইমান মহিমা আছে তেন্তে নিশ্চয়
আহিব লাগিব। তেওঁৰ জন্ম দিব্য অলৌকিক আৰু আন কাৰো বাবে দিব্য জন্ম বুলি গায়ন কৰা
নহয়। এয়াও সন্তানসকলক বুজোৱা হৈছে - এজন হৈছে লৌকিক পিতা, আনজন হৈছে পাৰলৌকিক পিতা,
যিজনকে ভগৱান বুলি কৈ স্মৰণ কৰে আৰু তৃতীয়জন হৈছে অলৌকিক পিতা, এইজন আকৌ আচৰিত পিতা।
যেতিয়া পাৰলৌকিক পিতাই সন্তানসকলক তুলি লয় তেতিয়া মাজত এইজন অলৌকিক আহি যায়।
প্ৰজাপিতা ব্ৰহ্মাৰ কিমান অনেক সন্তান আছে। শিৱবাবা আহি ব্ৰহ্মাৰ দ্বাৰা তোমালোকক
নিজৰ কৰি লয়। কিমান ব্ৰহ্মাকুমাৰ-কুমাৰী হয়। লৌকিক পিতাৰতো অতি বেছি 8-10টা সন্তান
থাকিব। বাৰু শিৱবাবাও হৈছে পাৰলৌকিক পিতা। তেওঁৰতো অনেক সন্তান আছে। সকলো আত্মাই কয়
- আমি সকলো ভাই ভাই। এতিয়া এই সংগমত আকৌ অলৌকিক পিতাক পোৱা যায়। এই জ্ঞান তোমালোকৰ
তাত নাথাকিব। প্ৰজাপিতা পিতা ব্ৰহ্মাক তেতিয়াহে পোৱা যায় যেতিয়া পিতা আহি নতুন
সৃষ্টি ৰচে। গতিকে এয়া অলৌকিক জন্ম হ’ল নহয় জানো, ইয়াক কোনেও বুজিব নোৱাৰে। তেওঁ
লৌকিক তেওঁ পাৰলৌকিক আৰু এওঁ হৈছে সংগমযুগী অলৌকিক পিতা। লৌকিক পিতাতো সত্যযুগৰ পৰা
হৈ আহিছে। পাৰলৌকিক পিতাক তাত কোনেও স্মৰণ নকৰে, তাত এজনেই পিতা থাকে। “হে ভগৱান,
হে পৰমাত্মা” বুলি কৈ স্মৰণ নকৰে আকৌ দ্বাপৰত যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হয় তেতিয়া
দুজন পিতা হয়। সংগমত হৈছে 3 জন পিতা। প্ৰজাপিতা ব্ৰহ্মাকো এতিয়া পোৱা যায়, এতিয়া
তোমালোক তেওঁৰ হৈছা। জানা যে এয়া অলৌকিক পিতা। এতিয়া তোমালোকে এই কথাবোৰ ভালদৰে জানা
আৰু স্মৰণ কৰা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। সত্যযুগত স্মৰণ কৰাৰ দৰকাৰেই
নাই। দুখত পাৰলৌকিক পিতাক সকলোৱে স্মৰণ কৰে। এইটোতো একেবাৰে সহজ কথা। সত্যযুগ,
ত্ৰেতাত এজন পিতা থাকে, দ্বাপৰত দুজন পিতা থাকে। এই সময়ত তোমালোক অলৌকিক পিতাৰ
সন্তান হৈছা যাৰ দ্বাৰা তোমালোকে উত্তৰাধিকাৰ লাভ কৰা। তোমালোক সন্তানসকলেই
ব্ৰাহ্মণ হোৱা যিসকল আকৌ দেৱতা হ’বাগৈ। বিনাশো তোমালোকেই দেখিবা, যিটো তোমালোকে এই
দুচকুৰে দেখিবা, বোমা বৰ্ষণ কৰিব। মনুষ্যতো মৰিব নহয়। জাপানতো বোমা পেলালে, দেখিলা
নহয় কিমান মনুষ্য মৰিল। এতিয়া ইয়াত যুদ্ধ লাগি থাকে। নিজেও কয় - আমি অতিষ্ঠ হৈ যাওঁ।
10-10 বছৰলৈকেও যুদ্ধ লাগি থাকে। বোমা পৰিলেতো চেকেণ্ডত সকলো চাৰখাৰ হৈ যাব।
ফিৰিঙতিৰ পৰা চহৰ নষ্ট হৈ যায়। এয়াতো হৈছে বোমা। জুয়ো লাগিব।
তোমালোক সন্তানসকলে
জানা যে পিতা আহিছেই স্থাপনা আৰু বিনাশ কৰাবলৈ। গতিকে নিশ্চয় এই সকলোবোৰ হ’ব।
পুৰুষাৰ্থ কৰাৰ এতিয়াই সময় আছে। মায়াই বাৰে বাৰে তোমালোকৰ বুদ্ধিযোগ ছিঙি দিয়ে।
এতিয়া তোমালোক অটল স্থিৰ ক’ত হৈছা। কয় - বাবা মায়াৰ ধুমুহা বহুত আহে। কোনোৱেতো
গোটেই দিনটোত আধা ঘণ্টাও স্মৰণ নকৰে। পিতাই কয় - তোমালোক কৰ্মযোগী হোৱা। 8 (আঠ)
ঘণ্টাতো এই সেৱা কৰিবা। 8 (আঠ) ঘণ্টা যাতে স্মৰণ কৰিব পাৰা সিমান পুৰুষাৰ্থ কৰিব
লাগে। স্মৰণ কৰি থাকিলে বিকৰ্ম বিনাশ হৈ গৈ থাকিব, ইয়াকেই যোগ অগ্নি বুলি কোৱা হয়।
এই ক্ষেত্ৰত পৰিশ্ৰম আছে। গৃহস্থ ব্যৱহাৰত থাকি কেৱল স্মৰণ কৰিব লাগে। এইটোও বাবাই
কয় যে যিসকলে গৃহস্থালি ত্যাগ কৰিছে, সন্তান হৈছে, তেওঁলোকেও ইমান স্মৰণ নকৰে। ঘৰত
থকাসকলে আৰু বেছিকৈ স্মৰণ কৰে। অৰ্জুন আৰু ভীলৰ দৃষ্টান্ত দিয়ে নহয়। পিতাক স্মৰণ
কৰাৰ ক্ষেত্ৰত পৰিশ্ৰম হয় আৰু চক্ৰক বুজি পাব লাগে। মহাভাৰতৰ যুদ্ধও নিশ্চয় লাগিব।
সত্যযুগত জানো লাগিব। গতিকে তোমালোক সন্তানসকল অন্ধৰ লাখুটিও হ’ব লাগে। সকলোকে
মাৰ্গ-দৰ্শন কৰাব লাগে যে পিতাক স্মৰণ কৰা, চক্ৰক স্মৰণ কৰা। স্বদৰ্শন চক্ৰধাৰী হোৱা।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অতি কমেও
8 (আঠ) ঘণ্টা স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। নিজৰ স্থিতি অচল-অটল কৰিব ৰাখিবৰ
বাবে স্মৃতিত থকাৰ অভ্যাস বঢ়াব লাগে। গাফিলতি কৰিব নালাগে।
(2) এই ড্ৰামাখন
একেবাৰে সঠিককৈ ৰচি থোৱা আছে সেইবাবে কাৰো প্ৰতি বিতুষ্ট হ’ব নালাগে। নিশ্চয়বুদ্ধিৰ
হ’ব লাগে
বৰদান:
ভাঙা, ভাঁজ
দিয়া আৰু জোৰা লগোৱা — এই তিনিটা শব্দৰ স্মৃতিৰে সদায় বিজয়ী হোৱা
গোটেই পঢ়া আৰু
শিক্ষাসমূহৰ সাৰমৰ্ম হৈছে এই তিনিটা শব্দ:- 1) কৰ্মবন্ধন ভাঙিব অৰ্থাৎ ছিঙিব লাগে,
2) নিজৰ সংস্কাৰ-স্বভাৱ ভাঁজ দিব অৰ্থাৎ পৰিবৰ্তন কৰিব লাগে আৰু 3) এক পিতাৰ সৈতে
সৰ্ব সম্বন্ধ জুৰিব অৰ্থাৎ স্থাপন কৰিব লাগে - এই তিনিটা শব্দই সম্পূৰ্ণ বিজয়ী কৰি
তুলিব। ইয়াৰ বাবে সদায় যাতে এইটো স্মৃতি থাকে যে এই দুচকুৰে যিয়েই বিনাশী বস্তু
দেখিবলৈ পোৱা, সেই সকলোবোৰ বিনাশ হোৱাৰ পথত। সেইবোৰ দেখিও নিজৰ নতুন সম্বন্ধ, নতুন
সৃষ্টিক চাই থাকা, তেতিয়া কেতিয়াও পৰাজয় হ'ব নোৱাৰে।
স্লোগান:
যোগীৰ চিন হ'ল — সদায় নিকা আৰু স্বচ্ছ।
অব্যক্ত ইংগিত:
অপৱিত্ৰতাৰ বীজো সমাপ্ত কৰি সম্পূৰ্ণ স্বচ্ছ (পৱিত্ৰ) হোৱা
যদি ব্ৰাহ্মণ জীৱনত
সংকল্পতো অপৱিত্ৰতা বা অমৰ্যাদা আহি যায়, তেন্তে সিংহাসনত অধিষ্ঠিত হোৱাৰ পৰিৱৰ্তে
অৱৰোহণ কলাত অৰ্থাৎ তললৈ আহি যোৱা। কোনো বিকৰ্ম নহ'ল কিন্তু ব্যৰ্থ কৰ্মও যদি হয়,
তেন্তে অনুতাপৰ পৰিৱৰ্তে উপলব্ধিৰ অৱস্থা জাগ্ৰত হয়। উপলব্ধি হয় যে এইটো ভুল, হ'ব
নালাগিছিল... সেই কথাটিয়ে কাঁইটৰ দৰে বিন্ধি থাকিব, সেয়েহে এই ব্যৰ্থৰ পৰাও মুক্ত
হোৱা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]