17.10.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – স্মৃতিৰ যাত্ৰাৰ প্ৰতি পূৰা মনোযোগ দিয়া, ইয়াৰ দ্বাৰাহে তোমালোক সতোপ্ৰধান হ’বাগৈ”

প্ৰশ্ন:
পিতাই নিজৰ সন্তানসকলৰ প্ৰতি কোনটো কৃপা কৰে?

উত্তৰ:
পিতাই সন্তানসকলৰ কল্যাণৰ হেতু যি নিৰ্দেশনা দিয়ে এই নিৰ্দেশনা দিয়াটোৱে হৈছে তেওঁৰ কৃপা। পিতাৰ প্ৰথম নিৰ্দেশনা হৈছে - মৰমৰ সন্তানসকল, দেহী-অভিমানী হোৱা। দেহী-অভিমানীসকল বহুত শান্ত হৈ থাকে তেওঁলোকৰ কেতিয়াও ওলোটা খেয়াল চলিব নোৱাৰে।

প্ৰশ্ন:
সন্তানসকলে পৰস্পৰ কি আলচ কৰিব লাগে?

উত্তৰ:
যেতিয়াই পৰিক্ৰমা লগাবলৈ যোৱা তেতিয়া স্মৃতিত থকাৰ দৌৰ লগোৱা, আকৌ বহি পৰস্পৰ আলচ কৰা যে কোনে কিমান সময় পিতাৰ স্মৃতিত থাকিলা। ইয়াত স্মৰণ কৰাৰ কাৰণে বহুত ভাল একান্ত অৱস্থাও আছে।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক সোধে - তোমালোকে কি কৰি আছা? আত্মিক সন্তানসকলে কয় - বাবা, আমি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হ’লোঁ আকৌ বাবা আপোনাৰ শ্ৰীমত অনুসৰি আমি সতোপ্ৰধান নিশ্চয় হ’ম। এতিয়া বাবা আপুনি মাৰ্গ-দৰ্শন কৰিছে। এয়া কোনো নতুন কথা নহয়। পুৰণিতকৈও পুৰণি কথা। সকলোতকৈ পুৰণি হৈছে স্মৃতিৰ যাত্ৰা, ইয়াত একো প্ৰদৰ্শন কৰাৰ কথা নাই। প্ৰত্যেকে নিজেই নিজৰ অন্তৰক সোধা যে মই পিতাক কিমান সময় স্মৰণ কৰোঁ? কিমানলৈকে সতোপ্ৰধান হৈছোঁ? কি পুৰুষাৰ্থ কৰি আছোঁ? অন্তিম সময়তহে সতোপ্ৰধান হ’বাগৈ। তাৰো সাক্ষাৎকাৰ হৈ থাকিব। যিয়ে যি কৰে সেয়া নিজে নিজৰ কাৰণেই কৰে। পিতায়ো কোনো দয়া নকৰে। বাবাই সন্তানসকলক তেওঁলোকৰ কল্যাণৰ কাৰণে নিৰ্দেশনা দিয়ে, বাবাই এয়াই দয়া কৰে। পিতাতো হৈছে কল্যাণকাৰী। কিছুমান সন্তানে জ্ঞান ওলোটাকৈ বুজি লয়। বাবাই অনুভৱ কৰে – দেহ-অভিমানীসকল অহংকাৰী হয়। দেহী-অভিমানীসকল বহুত শান্ত হৈ থাকিব। তেওঁলোকৰ কেতিয়াও অদৰকাৰী খেয়াল নাহে। পিতাইতো সকলো প্ৰকাৰে পুৰুষাৰ্থ কৰাই থাকে। মায়াও বহুত শক্তিশালী ভাল ভাল সন্তানসকলকো প্ৰহাৰ কৰে, সেইকাৰণে ব্ৰাহ্মণৰ মালা হ’ব নোৱাৰে। আজি বহুত ভালদৰে স্মৰণ কৰে, কাইলৈ দেহ অহংকাৰত এনেকৈ আহি যায় যেন ষাঁড় গৰুহে। ষাঁড়ৰ বহুত অহংকাৰ থাকে। ইয়াৰ ওপৰত এটা যোজনাও আছে – দেহ-অভিমানী ষাঁড়ে স্বৰ্গৰ সংগীত কি বুজিব…..। দেহ-অভিমান বৰ বেয়া। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। শিৱবাবাইতো কয় – মই একান্ত বাধ্য সেৱক। এনেকুৱা নহয়, নিজকে সেৱক বুলি কৈ নবাবৰ দৰে আচৰণ কৰি থাকিবা। পিতাই কয় - মৰমৰ সন্তানসকল, সতোপ্ৰধান নিশ্চয় হ’ব লাগে। এয়াতো বহুত সহজ, ইয়াত কোনো হৈ-চৈ কৰিবলগীয়া কথা নাই। মুখেৰে একো ক’ব নালাগে। য’লৈকে নোযোৱা মনে মনে স্মৰণ কৰিব লাগে। এনেকুৱা নহয় যে ইয়াত যেতিয়া বহা তেতিয়া পিতাই সহায় কৰে। পিতাতো আহিছেই সহায় কৰিবৰ বাবে। পিতাৰ এইটো খেয়াল থাকে – সন্তানসকলে যাতে কোনো ভুল নকৰে। মায়াই ইয়াতে ঘোচা মাৰি দিয়ে। দেহ-অভিমান বহুত বেয়া। দেহ-অভিমানত অহা বাবে একেবাৰে অৱনমিত হৈ গৈছে। বাবাই কয় - ইয়াত আহি বহিলেও আটাইতকৈ মৰমৰ পিতাক স্মৰণ কৰিবা। পিতাই কয় - মইহে পতিত-পাৱন, মোক স্মৰণ কৰিলে, এই যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম হ’ব। সন্তানসকলৰ এতিয়া এনেকুৱা অৱস্থা হোৱা নাই যে যিকোনো লোককে ভালদৰে বুজাব পাৰে। জ্ঞান তৰোৱালতো যোগৰ ধাৰ লাগে। নহ’লে তৰোৱাল কোনো কামৰ নহয়। মূল কথা হয়েই স্মৃতিৰ যাত্ৰা। বহুত সন্তান অদৰকাৰী ধান্দাত লাগি থাকে। স্মৃতিৰ যাত্ৰাত নাথাকে আৰু নপঢ়ে সেইকাৰণে ইয়াৰ বাবে সময় নাপায়। পিতাই কয় - এনেকুৱা পৰিশ্ৰম নকৰিবা যে ধান্দা আদিৰ বাবে নিজৰ পদ হেৰুৱাবলগীয়া হয়। নিজৰ ভৱিষ্যত গঢ়িব নালাগে জানো। কিন্তু সতোপ্ৰধান হ’ব লাগে। ইয়াতেই বহুত যত্ন কৰিবলগীয়া হয়। বহুত ডাঙৰ ডাঙৰ সংগ্ৰহালায় আদি চম্ভাল কৰোঁতা আছে কিন্তু স্মৃতিৰ যাত্ৰাত নাথাকে। বাবাই বুজাইছে - গৰিব, বন্ধনত থাকোঁতাসকল স্মৃতিৰ যাত্ৰাত বেছিকৈ থাকে। বাৰে বাৰে শিৱবাবাক স্মৰণ কৰি থাকে। শিৱবাবা, আমাৰ এই বন্ধন আঁতৰাই দিয়ক। অৱলাসকলৰ ওপৰত অত্যাচাৰ হয়, ইয়াৰো গায়ন আছে।

তোমালোক সন্তানসকল বহুত অমায়িক হ’ব লাগে। সঁচা সঁচা বিদ্যাৰ্থী হোৱা। যি ভাল বিদ্যাৰ্থী তেওঁ একান্তত বাগিছাত গৈ পঢ়ে। তোমালোককো পিতাই কয় – য’লৈকে পৰিক্ৰমা লগাবলৈ নোযোৱা নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিবা। স্মৃতিৰ যাত্ৰাৰ প্ৰতি আগ্ৰহ ৰাখিবা। সেই ধন উপাৰ্জনৰ তুলনাত এই অবিনাশী ধন বহুত শ্ৰেষ্ঠ। সেই বিনাশী ধনতো ছায় হৈ যাব। বাবাই জানে - সন্তানসকলে পূৰা সেৱা নকৰে, কাচিৎহে স্মৃতিত থাকে। যিটো প্ৰকৃত সেৱা কৰিব লাগে সেইটো নকৰে। বাকী স্থূল সেৱাৰ ফালে ধ্যান গুচি যায়। যদিও ড্ৰামা অনুসৰি হয় কিন্তু পিতাই পুৰুষাৰ্থতো কৰাবই নহয় জানো। পিতাই কয় – যি কামেই নকৰা - কাপোৰ চিলোৱা, পিতাক স্মৰণ কৰা। স্মৃতিত থকাৰ ক্ষেত্ৰতে মায়াই বিঘনি আনে। বাবাই বুজাইছে শক্তিশালীজনৰ সৈতে মায়ায়ো শক্তিশালী হৈ যুদ্ধ কৰে। বাবায়ো (ব্ৰহ্মায়ো) নিজৰ বিষয়ে শুনায়। মই শক্তিশালী, এইটো জানে যে মই ভিকহুৰ পৰা ৰাজকুমাৰ হ’মগৈ তেতিয়াও মায়াই বিৰুদ্ধাচৰণ কৰে। মায়াই কাকো ৰেহাই নিদিয়ে। শক্তিশালীসকলৰ সৈতে আৰু বেছিকৈহে যুদ্ধ কৰে। কোনো কোনো সন্তান বহুত নিজৰ দেহৰ অহংকাৰত থাকে। পিতা কিমান নিৰহংকাৰী হৈ থাকে। পিতাই কয় - ময়ো তোমালোক সন্তানসকলক নমস্কাৰ কৰোঁতা সেৱক। তেওঁলোকে নিজকে বহুত উচ্চ বুলি গণ্য কৰে। এই দেহ- অহংকাৰ সকলো আঁতৰাব লাগে। বহুতৰ মাজত অহংকাৰৰ ভূত বহি আছে। পিতাই কয় – নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকা। ইয়াততো বহুত ভাল সুযোগ আছে। ফুৰা-চকা কৰিবলৈও ভাল। আজৰিও আছে, পৰিক্ৰমাও লগোৱা আকৌ ইজনে-সিজনক সুধিবা যে কিমান সময় স্মৃতিত থাকিল, অন্য কোনোফালে বুদ্ধিতো নগ’ল? এনেকৈ নিজৰ মাজত আলচ কৰিব লাগে। লাগিলে মহিলাসকলে বেলেগ, পুৰুষসকলে বেলেগে কৰা। মহিলাক আগত, পুৰুষ পিছত থাকিব লাগে কিয়নো মাতাসকলক চম্ভালিব লাগে সেইকাৰণে মাতাসকলক আগত ৰাখিব লাগে। বহুত ভাল একান্ত অৱস্থা আছে। সন্ন্যাসীসকলো একান্তত গুচি যায়। যিসকল সতোপ্ৰধান সন্ন্যাসী আছিল তেওঁলোক বহুত নিৰ্ভিক আছিল। পশু আদি একোলৈ ভয় কৰা নাছিল। সেই নিচাত আছিল। এতিয়া তমোপ্ৰধান হৈ গৈছে। সকলো ধৰ্মই যিবোৰ প্ৰতিষ্ঠা হয় প্ৰথমে সতোপ্ৰধান হয় পাছত ৰজো, তমোত আহে। যিসকল সতোপ্ৰধান সন্ন্যাসী আছিল তেওঁলোক ব্ৰহ্মৰ আনন্দত মতলীয়া হৈ আছিল। তেওঁলোকে বহুত আকৰ্ষিত কৰিছিল। জংঘলত ভোজন পাইছিল। দিনে-প্ৰতিদিনে তমোপ্ৰধান হোৱাৰ কাৰণে শক্তি কম হৈ যায়।

গতিকে বাবাই ৰায় দিয়ে - ইয়াত সন্তানসকলৰ নিজৰ উন্নতি কৰাৰ বহুত ভাল সুযোগ আছে। ইয়ালৈ তোমালোকে উপাৰ্জন কৰিবলৈকে আহা। কেৱল পিতাক লগ কৰিলেই উপাৰ্জন হ’ব জানো! পিতাক স্মৰণ কৰিলে তেতিয়াহে উপাৰ্জন হ’ব। এনেকৈ নাভাবিবা যে পিতাই আশীৰ্বাদ কৰিব। কেতিয়াও নকৰে। সেই সাধু লোকসকলে আশীৰ্বাদ দিয়ে, কিন্তু তোমালোক অৱনমিত হ’বই লাগে। এতিয়া পিতাই কয় – জিন হৈ নিজৰ বুদ্ধিযোগ ওপৰত লগোৱা। জিনৰ কাহিনী আছে নহয়। ক’লে যে মোক কাম দিয়া। পিতায়ো কয় - তোমালোকক নিৰ্দেশনা দিওঁ, স্মৃতিত থাকা তেতিয়া বৈতৰণী পাৰ হৈ যাবা। তোমালোক সতোপ্ৰধান নিশ্চয় হ’ব লাগে। মায়াই যিমানেই মাথা নামাৰক আমিতো শ্ৰেষ্ঠ পিতাক নিশ্চয় স্মৰণ কৰিম। এনেকৈ অন্তৰত পিতাৰ মহিমা গাই পিতাক স্মৰণ কৰি থাকা। কোনো মনুষ্যক স্মৰণ নকৰিবা। ভক্তিমাৰ্গৰ যি ৰীতি-প্ৰথা আছে সেয়া জ্ঞানমাৰ্গত থাকিব নোৱাৰে। পিতাই শিক্ষা দিয়ে যে স্মৃতিৰ যাত্ৰাত তীব্ৰ বেগেৰে যাব লাগে। এইটোৱে হৈছে মূল কথা। সতোপ্ৰধান হ’ব লাগে। পিতাৰ নিৰ্দেশনা পোৱা যায় – ঘূৰিব-ফুৰিব গ’লে তেতিয়াও স্মৃতিত থাকা। তেতিয়া ঘৰো স্মৃতিত থাকিব, ৰাজ্য-ভাগ্যও স্মৃতিত থাকিব। এনেকুৱা নহয় যে স্মৃতিত বহি বহি বাগৰি পৰিব লাগে। সেয়াতো আকৌ হঠযোগ হৈ যাব। এয়াতো চিধা কথা - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। কোনো কোনো সন্তান বহি বহি বাগৰি পৰে সেই কাৰণে বাবাইতো কয় – চলোঁতে-ফুৰোঁতে, খাওঁতে-লওঁতে স্মৃতিত থাকা। এনেকুৱা নহয় যে বহি বহি বেহুঁচ হৈ যাবা। ইয়াৰ দ্বাৰা তোমালোকৰ কোনো পাপ খণ্ডন নহ’ব। এনেকৈও মায়াৰ বহুত বিঘিনি আহে। এই ভোগ আদি আগবঢ়োৱাৰো নিয়ম আছে বাকী ইয়াত একো নাই। এয়া জ্ঞানো নহয়, যোগো নহয়। সাক্ষাৎকাৰৰ কোনো প্ৰয়োজন নাই। বহুতৰে সাক্ষাৎকাৰ হৈছিল, সেইসকল আজি নাই। মায়া বহুত শক্তিশালী। সাক্ষাৎকাৰৰ কেতিয়াও আশাও ৰাখিব নালাগে। ইয়াততো সতোপ্ৰধান হ’বৰ বাবে পিতাক স্মৰণ কৰিব লাগে। ড্ৰামাৰ বিষয়েও জানা, এয়া অনাদি ড্ৰামা ৰচি থোৱা আছে যি পুনৰাবৃত্তি হৈ থাকে, ইয়াকো বুজিব লাগে আৰু পিতাই যি নিৰ্দেশনা দিয়ে সেইমতেও চলিব লাগে। সন্তানসকলে জানে - আমি ৰাজযোগ শিকিবলৈ পুনৰ আহিছোঁ। এয়া ভাৰতৰে কথা। এওঁলোকেই তমোপ্ৰধান হৈছে আৰু এওঁলোকেই সতোপ্ৰধান হ’ব লাগে। পিতাও ভাৰততে আহি সকলোৰে সৎগতি কৰে। এইখন বৰ আচৰিত খেল। এতিয়া পিতাই কয় - মৰমৰ আত্মিক সন্তানসকল, নিজক আত্মা বুলি বুজা। তোমালোকে 84 চক্ৰ লগোৱাৰ পূৰা 5000 বছৰ হ’ল। এতিয়া আকৌ উভতি যাব লাগে। এই কথাবোৰ আন কোনেও শুনাব নোৱাৰে। তোমালোক সন্তানসকলৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি নিশ্চয়বুদ্ধিৰ হৈ যায়। এইখন হৈছে বেহদৰ পাঠাশালা। সন্তানসকলে জানে যে বেহদৰ পিতাই আমাক পঢ়ায়, তেওঁ অতি সুদক্ষ শিক্ষক, বহুত সুদক্ষ। অতি স্নেহেৰে বুজায়। কিমান ভাল ভাল সন্তান বৰ আৰামত 6 বজালৈ শুই থাকে। মায়াই একদম নাকত ধৰি লয়। আদেশ দি থাকে। আৰম্ভণিতে তোমালোক যেতিয়া ভাতীত আছিলা মম্মা-বাবায়ো সকলো প্ৰকাৰৰ সেৱা কৰিছিল। যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। বাবাইতো জানে মহাৰথী, অশ্বাৰোহী, পদাতিক সকলো ক্ৰমানুসৰি আছে। কোনো কোনো সন্তান বৰ আৰামত থাকে। ভিতৰত শুই থাকে। বাহিৰত যদি কোনোবাই সোধে অমুক ক’ত আছে? তেতিয়া কয় - ইয়াত নাই। কিন্তু ভিতৰত শুই থাকে। কি কি হৈ থাকে, পিতাই বুজায়। সম্পূৰ্ণতো কোনো হোৱা নাই, কিমান অহিত কৰে। এনেয়েতো পিতাৰ বাবে গায়ন আছে - মাৰা বা মৰম কৰা, মই আপোনাৰ দুৱাৰদলি নেৰোঁ। ইয়াততো সৰু কথাতে বিতুষ্ট হৈ যায়। যোগত বহুত দুৰ্বল। পিতাই সন্তানসকলক কিমান বুজাই থাকে, কিন্তু কাৰো শক্তি নাই যে সেয়া লিখিব। যোগ থাকিলে লিখিবলৈও শক্তি পাব। পিতাই কয় - এইটো ভালদৰে সিদ্ধ কৰা যে গীতাৰ ভগৱান শিৱ, শ্ৰীকৃষ্ণ নহয়।

পিতা আহি তোমালোক সন্তানসকলক সকলো কথাৰ অৰ্থ বুজায়। সন্তানসকলৰ ইয়াত নিচা লাগে আকৌ বাহিৰলৈ গ’লে সেই নিচা শেষ হৈ যায়। বহুত সময় নষ্ট কৰে। আমি উপাৰ্জন কৰি যজ্ঞ সেৱাত দিম এনেকুৱা খেয়াল ৰাখি নিজৰ সময় নষ্ট কৰিব নালাগে। পিতাই কয় - মইতো তোমালোক সন্তানসকলৰ কল্যাণ কৰিবলৈ আহিছোঁ, তোমালোকে আকৌ নিজৰ লোকচান কৰি আছা। যজ্ঞত যিসকলে কল্প পূৰ্বে সহায় কৰিছিল তেওঁলোকে কৰি থাকে, কৰি থাকিব। তোমালোকে কিয় মগজ খটুৱাই থাকা - এইটো কৰোঁ, সেইটো কৰোঁ। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে - যিসকলে বীজ সিঁচিছে সেইসকলে এতিয়াও সিঁচিব। যজ্ঞৰ বিষয়ে তোমালোকে চিন্তা নকৰিবা। নিজৰ কল্যাণ কৰা। নিজকে সহায় কৰা। ভগৱানক তোমালোকে সহায় কৰা জানো? ভগৱানৰ পৰা তোমালোকে লোৱা নে দিয়া? এইটো খেয়ালো আহিব নালাগে। বাবাইতো কয় - অতি মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব। এতিয়া তোমালোক সংগমযুগত থিয় হৈ আছা। সংগমযুগতে তোমালোকে দুয়োফালে চাব পাৰা। ইয়াত কিমান অনেক মনুষ্য আছে। সত্যযুগত কিমান কম মনুষ্য থাকিব। গোটেই দিন সংগমত থিয় হৈ থাকিব লাগে। পিতাই আমাক কিহ’ৰ পৰা কি কৰি তোলে! পিতাৰ ভূমিকা কিমান বিচিত্ৰ। ঘূৰা-ফুৰা কৰা কিন্তু স্মৃতিৰ যাত্ৰাত থাকিবা। বহুত সন্তানে সময় নষ্ট কৰে। স্মৃতিৰ যাত্ৰাৰেই বৈতৰণী পাৰ হ’ব লাগে। কল্প পূৰ্বেও সন্তানসকলক এনেকৈ বুজাইছিল। ড্ৰামা পুনৰাবৃত্তি হৈ থাকে। উঠোঁতে-বহোঁতে গোটেই কল্পবৃক্ষৰ স্মৃতি যাতে বুদ্ধিত থাকে, এয়া হৈছে পঢ়া। বাকী পেছাগত কাম-কাজ আদি লাগিলে কৰা। পঢ়াৰ কাৰণে সময় উলিয়াব লাগে। মৰমৰ পিতা আৰু স্বৰ্গক স্মৰণ কৰা। যিমান স্মৰণ কৰিবা তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। বচ্‌ বাবা, এতিয়া আপোনাৰ ওচৰলৈ গ’লোৱেই। পিতাৰ স্মৃতিত আকৌ শ্বাসো সুখময় হৈ যাব। ব্ৰহ্মজ্ঞানীসকলৰ শ্বাসো সুখময় হৈ যায়। ব্ৰহ্মৰে স্মৃতিত থাকে, কিন্তু ব্ৰহ্মলোকলৈ কোনো নাযায়। নিজেই শৰীৰ ত্যাগ কৰিব পাৰে। কোনোৱে উপবাসত থাকি শৰীৰ এৰে, তেওঁলোক দুখী হৈ মৃত্যুবৰণ কৰে। পিতাইতো কয় – খোৱা-বোৱা কৰা পিতাক স্মৰণ কৰা তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। মৰিবতো লাগিবই নহয় জানো। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় যাতে স্মৃতিত থাকে – যি কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব.... এনেকুৱা আৰাম পচন্দৰ হ’ব নালাগে যাৰ বাবে অহিত হয়। বহুত নিৰহংকাৰী হৈ থাকিব লাগে। নিজেই নিজক সহায় কৰি কল্যাণ নিজৰ কৰিব লাগে।

(2) পেছাগত কাম-কাজত ইমান ব্যস্ত হ’ব নালাগে যাৰ বাবে স্মৃতিৰ যাত্ৰা বা পঢ়াৰ বাবে সময়েই নোপোৱা। দেহ-অভিমান বহুত অযথাৰ্থ আৰু বেয়া, ইয়াক ত্যাগ কৰি দেহী-অভিমানী হৈ থাকিবলৈ যত্ন কৰিব লাগে।

বৰদান:
যিকোনো পৰিস্থিতিক কল্যাণৰ ভাৱনাৰে চাওঁতা আৰু আৰু শুনাওঁতা পৰদৰ্শন মুক্ত হোৱা

যিমানে সংগঠন ডাঙৰ হৈ গৈ থাকে, পৰিস্থিতিও সিমানে ডাঙৰ হ’ব। কিন্তু নিজৰ সুৰক্ষা তেতিয়াহে হ’ব যেতিয়া দেখিও নাচাবা, শুনিও নুশুনিবা। নিজৰ স্বচিন্তত থাকা। স্বচিন্তন কৰোঁতা আত্মা পৰদৰ্শনৰ পৰা মুক্ত হৈ যায়। যদি কোনো কাৰণত শুনিবলগীয়া হয়, নিজে নিজক দ্বায়িত্বশীল বুলি ভাবা তেন্তে প্ৰথমে নিজৰ ‘ব্ৰেক’ শক্তিশালী কৰি তোলা। দেখিলা-শুনিলা, যিমান দূৰ সম্ভৱ কল্যাণ কৰিলা আৰু পূৰ্ণ যতি লগালা।

স্লোগান:
নিজৰ সন্তুষ্ট, আানন্দময় জীৱনেৰে খোজে প্ৰতি সেৱা কৰোঁতাজনেই সঁচা সেৱাধাৰী।


পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

পুৰণা কথা, পুৰণা সংস্কাৰ এনেকুৱা অনুভৱ হওঁক যেন গ’মেই নাপাওঁ কিমান পুৰণা কথা। এনেকৈ নাম-চিহ্ন সমাপ্ত হৈ যাওঁক। ইয়াৰ বাবে – 1) নিজৰ বুদ্ধিৰ পৰা উপৰাম, 2) সংস্কাৰৰ পৰা উপৰাম। “মোৰ সংস্কাৰ” এই ‘মোৰ বোধ’ৰ পৰাও উপৰাম। মই এনেকৈ ভাবোঁ, এই ‘মই বোধ’ৰ পৰাও উপৰাম। য’ত ‘মই’ শব্দ আহে ত’ত যাতে বাপদাদা স্মৃতিলৈ আহে। য’ত “মই ভাবোঁ” আহে ত’ত শ্ৰীমত স্মৃতিলৈ আহে।