17.10.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
যেনেকৈ পিতাই ভৱিষ্যত 21 জন্মৰ বাবে সুখ দিয়ে তেনেকৈ তোমালোক সন্তানসকলো পিতাৰ
সহায়কাৰী হোৱা, প্রীতি বুদ্ধিৰ হোৱা, দুখ দিয়াৰ কেতিয়াও খেয়ালো যাতে নাহে”
প্ৰশ্ন:
তোমালোক
জ্ঞানী-যোগী সন্তানসকলৰ কৰ্তব্য কি? তোমালোকে পিতাৰ কি শিক্ষা পাইছা?
উত্তৰ:
তোমালোক জ্ঞানী-যোগী সন্তানসকলৰ কৰ্তব্য হ'ল মুখেৰে সদায় ৰত্ন উলিওৱা, তোমালোকৰ
মুখেৰে কেতিয়াও পাথৰ ওলাব নালাগে। সকলো সন্তানৰ প্রতি পিতাৰ শিক্ষা হ'ল যে
সন্তানসকল - (1) পৰস্পৰ কেতিয়াও ইজনে সিজনক অশান্ত নকৰিবা, খং নকৰিবা, এয়া আসুৰিক
মনুষ্যৰ কাম। (2) মনতো যাতে কাৰোবাক দুখ দিয়াৰ খেয়াল নাহে। (3) নিন্দা-স্তুতি,
মান-অপমান সকলো সহ্য কৰিবা। যদি কোনোবাই কিবা কয় তেন্তে শান্ত হৈ থাকিবা। হাতত আইন
তুলি নল'বা।
গীত:
তু প্যাৰ কা
সাগৰ হে…… (তুমি মৰমৰ সাগৰ....)
ওঁম্শান্তি।
জ্ঞান আৰু
অজ্ঞান। তোমালোক সন্তানসকলৰ এতিয়া জ্ঞান আছে যে ভক্তসকলে কাৰ মহিমা কৰে আৰু তোমালোক
সন্তানসকল যিসকল ইয়াত বহি আছা তোমালোকে কাৰ মহিমা শুনা? ৰাতি-দিনৰ পাৰ্থক্য আছে।
তেওঁলোকেতো এনেয়ে কেৱল মহিমা গাই থাকে। ইমান মৰম নাই কিয়নো পৰিচয় নাই। তোমালোকক
পিতাই পৰিচয় দিছে, মই মৰমৰ সাগৰ আৰু তোমালোকক মৰমৰ সাগৰ কৰি আছোঁ। পিতা মৰমৰ সাগৰ -
সকলোৰে কিমান মৰমৰ হয়। তাতো সকলোৱে ইজনে সিজনক মৰম কৰে। এয়া তোমালোকে ইয়াত শিকা।
কাৰো সৈতে বিৰোধ হ'ব নালাগে, যাক বাবাই লুণীয়া পানী (অপ্ৰীতিকৰ) বুলি কয়। ভিতৰত কাৰো
প্রতি ঘৃণাৰ ভাৱ থাকিব নালাগে। ঘৃণা কৰাজন কলিযুগী নৰকবাসী। জানা যে আমি সকলো
ভাই-ভনী। শান্তিধামত থাকিলে ভাই ভাই হওঁ। ইয়াত যেতিয়া কৰ্মক্ষেত্রত ভূমিকা পালন কৰা
তেতিয়া ভাই-ভনী হোৱা। ঈশ্বৰীয় সন্তান হোৱা। ঈশ্বৰৰ মহিমা হ'ল - তেওঁ জ্ঞানৰ সাগৰ,
প্রেমৰ সাগৰ অৰ্থাৎ সকলোকে সুখ দিয়ে। তোমালোক সকলোৱে অন্তৰক সোধা - যেনেকৈ পিতাই
ভৱিষ্যত 21 জন্মৰ বাবে সুখ দিয়ে তেনেকৈ আমিও সেইটো কাৰ্য কৰোঁনে? যদি পিতাৰ সহায়কাৰী
নহয়, মৰম নকৰে, ইজনৰ সিজনৰ প্রতি প্রীতি নাথাকে, অপ্ৰীতিকৰ বুদ্ধিৰ হৈ থাকে তেন্তে
বিনাশ হৈ যায়। অপ্ৰীতিকৰ বুদ্ধি হোৱাটো অসুৰৰ কাম। নিজকে ঈশ্বৰীয় সম্প্রদায়ৰ বুলি
কৈ ইজনে সিজনক দুখ দিয়া - তাক অসুৰ বুলি কোৱা হয়। তোমালোক সন্তানসকলে কাকোৱে দুখ
দিব নালাগে। তোমালোক হোৱাই দুখহৰ্তা, সুখকৰ্তা পিতাৰ সন্তান। গতিকে দুখ দিয়াৰ খেয়ালো
তোমালোকৰ আহিব নালাগে। তেওঁলোকতো হয়েই আসুৰিক সম্প্রদায়ৰ, ঈশ্বৰীয় সম্প্রদায়ৰ নহয়
কিয়নো দেহ-অভিমানী হয়। তেওঁলোক কেতিয়াও স্মৃতিৰ যাত্রাত থাকিব নোৱাৰে। স্মৃতিৰ
যাত্রা অবিহনে কল্যাণ নহয়। উত্তৰাধিকাৰ দিওঁতা পিতাকতো নিশ্চয় স্মৰণ কৰিব লাগে
তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। আধাকল্পতো ইজনে সিজনক দুখ দি আহিছা। ইজনে সিজনৰ লগত
কাজিয়া কৰি, অশান্ত কৰি থাকে, তেওঁলোকক আসুৰিক সম্প্রদায়ত গণনা কৰা হয়। যদিও
পুৰুষাৰ্থী তথাপি কেতিয়ালৈকে দুখ দি থাকিব, সেইবাবে পিতাই কয় নিজৰ খতিয়ান ৰাখা।
খতিয়ান ৰাখিলে গম পাবা - মোৰ ৰেজিষ্টাৰ শুধৰণি হৈছেনে নে সেয়াই আসুৰিক চলন আছে?
বাবাই সদায় কয় যে কেতিয়াও কাকো দুখ নিদিবা। নিন্দা-স্তুতি, মান-অপমান, ঠাণ্ডা-গৰম
সকলো সহ্য কৰিব লাগে। কোনোবাই কিবা ক'লে শান্ত হৈ থাকিব লাগে। এনেকুৱা নহয় যে তেওঁৰ
প্রতি আৰু দুআষাৰ কৈ দিব লাগে। কোনোবাই কাৰোবাক দুখ দিলে তেতিয়া পিতাই বুজাব নহয়।
সন্তানে সন্তানক ক'ব নোৱাৰে। নিজৰ হাতত আইন তুলি ল'ব নালাগে। কিবা কথা থাকিলে পিতাৰ
ওচৰলৈ আহিব লাগে। চৰকাৰৰো নিয়ম আছে - কোনেও এজনে আনজনক ঘোচা মাৰিব নোৱাৰে। অভিযোগ
দিব পাৰে। আইন তুলি লোৱাটো চৰকাৰৰ কাম। তোমালোকো চৰকাৰৰ ওচৰলৈ আহা। হাতত আইন তুলি
নল'বা। এয়াতো হয়েই নিজৰ ঘৰ সেইবাবে বাবাই কয় - নিতৌ আদালত বহুওৱা। এয়াও বুজি নাপায়
যে শিৱবাবাই আদেশ দিয়ে। বাবাই কৈছে - সদায় বুজিবা যে শিৱবাবাই শুনায়। এনেকৈ নাভাবিবা
যে ব্রহ্মাই শুনায়। সদায় শিৱবাবা বুলিয়ে বুজিবা তেতিয়া তেওঁৰ স্মৃতি থাকিব। এয়া
শিৱবাবাই ৰথ লৈছে, তোমালোকক জ্ঞান শুনাবৰ কাৰণে। সতোপ্রধান হোৱাৰ ৰাস্তা পিতাই
বুজাই আছে। তেওঁ হৈছে গুপ্ত। তোমালোক হৈছা প্রত্যক্ষ। যিয়েই নিৰ্দেশনা ওলায়, বুজিবা
যে সেয়া শিৱবাবাৰ তেতিয়া তোমালোক নিৰাপদ হৈ থাকিবা। তোমালোকে বাবা বাবা বুলি শিৱকেই
কোৱা। উত্তৰাধিকাৰো তেওঁৰ পৰাই পোৱা যায়। তেওঁৰ সৈতে কিমান সন্মান সহকাৰে, মাৰ্জিত
হৈ চলিব লাগে। তোমালোকে কোৱা নহয় - বাবা আমিতো লক্ষ্মী-নাৰায়ণ হ'ম। আকৌ দ্বিতীয়,
তৃতীয় হ’ম, সূৰ্যবংশী যদি নহওঁ তেন্তে চন্দ্রবংশী হ’ম। এনেকুৱাতো নহয় যে মই দাস-দাসী
হ’লেও হ’ব। প্রজা হোৱাতো ভাল নহয়। তোমালোকেতো ইয়াত দৈৱীগুণ ধাৰণ কৰিব লাগে। আসুৰিক
চলনতো থকা উচিত নহয়। নিশ্চয়তা নাথাকিলে আকৌ বহি বহি এনেকৈ কৈ দিয়ে, এওঁৰ শৰীৰত
শিৱবাবা আহে - মইতো বুজি নাপাওঁ। মায়াৰ ভূত আহিলে পৰস্পৰ এনেকৈ কৈ দিয়ে। পৰস্পৰ
আসুৰিক স্বভাৱৰসকল মিলিত হ’লে এনেকৈ ক’বলৈ আৰম্ভ কৰি দিয়ে, আসুৰিক কথাই মুখেৰে
উচ্চাৰিত হয়। পিতাই কয় - তোমালোক আত্মাসকল জ্ঞানী-যোগী। তোমালোকৰ মুখেৰে ৰত্ন
উচ্চাৰিত হ’ব লাগে। যদি পাথৰ উচ্চাৰিত হয় তাৰমানে আসুৰিক বুদ্ধিৰ হ’লা।
গীতটিও সন্তানসকলে শুনিলা। সন্তানসকলে কয় - বাবা মৰমৰ সাগৰ, সুখৰ সাগৰ। শিৱবাবাৰেই
মহিমা আছে। পিতাই কয় - তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ইয়াতেই বহুত
ভাল ভাল সন্তান অকৃতকাৰ্য হৈ যায়। দেহী-অভিমানী স্থিতিত স্থিৰ হৈ থাকিব নোৱাৰে।
দেহী-অভিমানী হ’লেহে ইমান উচ্চ পদ পাবা। বহুত সন্তানে অদৰকাৰী কথাত বহুত সময় নষ্ট
কৰে। জ্ঞানৰ কথাই ধ্যানত নাহে। এইটোও গায়ন আছে যে ঘৰৰ গংগাৰ মান নাৰাখে। ঘৰৰ বস্তুৰ
প্ৰতি ইমান সন্মান নাৰাখে। যিহেতু শ্ৰীকৃষ্ণ আদিৰ চিত্ৰ ঘৰতো আছে তেন্তে শ্ৰীনাথ
দ্বাৰ আদি ইমান দূৰ-দূৰণিলৈ কিয় যায়। শিৱৰ মন্দিৰবোৰতো পাথৰৰ লিংগহে আছে। পাহাৰৰ পৰা
পাথৰ ওলায়, সেয়া ঘঁহনি খাই খাই লিংগ হৈ যায়, তাত কোনো কোনো পাথৰত সোণো লগাই থোৱা
থাকে। কোৱা হয় সোণৰ কৈলাশ পৰ্বত। সোণ পাহৰৰ পৰা ওলায় নহয়। সেয়েহে অলপ অলপ সোণ লাগি
থকা পাথৰো থাকে যি পাছত বহুত ভাল গোলাকাৰ হৈ যায়, সেয়া বিক্ৰী কৰে। মাৰ্বলৰো
বিশেষভাৱে সাজে। এতিয়া ভক্তি মাৰ্গৰসকলক যদি কোৱা যে আপোনালোকে বাহিৰত ইমান হাবাথুৰি
কিয় খায়, তেতিয়া বিতুষ্ট হৈ যাব। পিতাই নিজেই কয় - তোমালোক সন্তানসকলে বহুত পইচা
নষ্ট কৰিলা। এয়াও ড্ৰামাত ভূমিকা আছে যে তোমালোক হাবাথুৰি খাবলগীয়া হয়। এয়া হয়েই
জ্ঞান আৰু ভক্তিৰ খেল। এতিয়া সন্তানসকলৰ সকলো বোধগম্য হয়। জ্ঞান হৈছে সুখৰ পথ,
জ্ঞানেৰে সত্যযুগৰ ৰাজ্য-ভাগ্য পোৱা যায়। এই সময়ত ৰজা ৰাণী তথা প্ৰজা সকলো নৰকৰ
মালিক। যেতিয়া কাৰোবাৰ মৃত্যু হয় তেতিয়া কয় যে স্বৰ্গবাসী হ’ল। এই কথাবোৰ এতিয়া
তোমালোকে বুজিছা। এতিয়া তোমালোকে কোৱা যে আমি স্বৰ্গবাসী হ’বলৈ স্বৰ্গ স্থাপনা
কৰোঁতা পিতাৰ ওচৰত বহি আছোঁ। জ্ঞানৰ টোপাল পোৱা যায়। অলপো যদি জ্ঞান শুনে তেন্তে
স্বৰ্গলৈ নিশ্চয় আহিব…. বাকী হৈছে পুৰুষাৰ্থৰ ওপৰত। এনেকৈ ভাবে গংগাজলৰ এক লোটাও
মুখত ঢালিলে পতিতৰ পৰা পাৱন হৈ যায়। লোটা ভৰাই লৈ যায় নিতৌ এটোপাল এটোপাল পানীত
মিহলাই স্নান কৰে। সেয়া যেন গংগা স্নান হৈ যাব। বিদেশলৈও গংগাজল ভৰাই লৈ যায়। এই
সকলোবোৰ হৈছে ভক্তি।
পিতাই সন্তানসকলক
বুজায় - সন্তানসকল মায়াই বহুত জোৰেৰে থাপৰ মাৰে, বিকৰ্ম কৰাই দিয়ে সেইবাবে আদালত
বহুওৱা, নিজেই নিজৰ বিচাৰ কৰাতো ভাল। তোমালোকে নিজেই নিজক ৰাজতিলক দিয়া গতিকে নিজক
পৰীক্ষণ কৰিব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। পিতাই শ্ৰীমত দিয়ে এনেকৈ
এনেকৈ কৰা, দৈৱীগুণ ধাৰণ কৰা। যিয়ে কৰিব তেৱেঁ পাব। তোমালোকতো আনন্দত পুলকিত হৈ যাব
লাগে। বেহদৰ পিতাক পাইছা, তেওঁৰ সেৱাত সহায়কাৰী হ’ব লাগে। অন্ধৰ লাখুটি হ’ব লাগে।
যিমান বেছিকৈ হ’বা, সিমান নিজৰে কল্যাণ হ’ব। বাবাকতো ঘনে ঘনে স্মৰণ কৰিব লাগে। একে
ঠাইত যোগত বহাৰ কথা নাই। চলোঁতে ফুৰোঁতে স্মৰণ কৰিব লাগে। ট্ৰেইন আদিতো তোমালোকে
সেৱা কৰিব পাৰা। তোমালোকে যিকোনো লোককে বুজাব পাৰা যে উচ্চতকৈও উচ্চ কোন? তেওঁক
স্মৰণ কৰক। উত্তৰাধিকাৰ তেওঁৰ পৰাহে পাব। আত্মাই পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পায়।
কোনোৱে দান পুণ্য কৰিলে ৰজাৰ ঘৰত জন্ম লয় তাকো অলপ সময়ৰ বাবে। সদাকালৰ বাবেতো ৰজা
হ’ব নোৱাৰে। সেয়েহে পিতাই কয় - ইয়াততো 21 জন্মৰ নিশ্চয়তা আছে। তাত এইটো কথা গম পোৱা
নাযায় যে আমি বেহদৰ পিতাৰ পৰা এয়া উত্তৰাধিকাৰ লৈ আহিছোঁ। এই জ্ঞান এই সময়ত তোমালোকে
পোৱা সেয়েহে কিমান ভালদৰে পুৰুষাৰ্থ কৰিব লাগে। পুৰুষাৰ্থ যদি নকৰে তেন্তে নিজৰ
ভৰিত কুঠাৰ মাৰে (নিজে নিজৰ অনিষ্ট কৰে)। খতিয়ান লিখি থাকিলে ভয় থাকিব। কোনো-কোনোৱে
লিখেও, বাবাই দেখিলে কি ক’ব। চাল-চলনত বহুত পাৰ্থক্য থাকে। সেয়েহে পিতাই কয় -
গাফিলতি নকৰিবা। নহ’লেতো বহুত অনুতাপ কৰিব লাগিব। নিজৰ পুৰুষাৰ্থৰ অন্তিম সময়ত আকৌ
সাক্ষাৎকাৰ নিশ্চয় হ’ব তেতিয়া বহুত কান্দিব লাগিব। কল্পই কল্পই জানো এয়াই
উত্তৰাধিকাৰ পাম। দাস-দাসী হ’মগৈ। আগতেতো ধ্যানত গৈ শুনাইছিল - অমুক দাসী হয়, এয়া
হয়। পাছত বাবাই বন্ধ কৰি দিলে। অন্তিমত আকৌ তোমালোক সন্তানসকলৰ সাক্ষাৎকাৰ হ’ব।
সাক্ষাৎকাৰ নোহোৱাকৈ শাস্তি কেনেকৈ পাব। নিয়মেই নাই।
সন্তানসকলক যুক্তিও
বহুত শুনোৱা হয় তোমালোকে নিজৰ স্বামীক কোৱা, বাবাই কয় - সন্তানসকল কাম মহাশত্ৰু,
ইয়াৰ ওপৰত বিজয়ী হোৱা। মায়াজিৎ হৈ জগতজিৎ হোৱা। এতিয়া মই স্বৰ্গৰ মালিক হ’ম নে
তোমাৰ কাৰণে অপৱিত্ৰ হৈ নৰকত যাম। বহুত মৰেমেৰে নম্ৰতাৰে বুজোৱা। মোক নৰকলৈ কিয় ঠেলি
দিয়া। এনেকুৱা বহুত কন্যা আছে - বুজাই বুজাই শেষত স্বামীক লৈ আহে। তেতিয়া স্বামীয়ে
কয় এওঁ মোৰ গুৰু, এওঁ মোক বহুত ভাল ৰাস্তা দেখুৱালে। বাবাৰ আগত চৰণত আহি পৰে।
কেতিয়াবা জয় কেতিয়াবা পৰাজয়ো হয়। সেয়েহে সন্তানসকল বৰ অমায়িক হ’ব লাগে। যিয়ে সেৱা
কৰিব তেৱেঁই মৰমৰ হ’ব। ভগৱান পিতা সন্তানসকলৰ ওচৰলৈ আহিছে তেওঁৰ শ্ৰীমতত চলিব লাগে।
শ্ৰীমতত নচলিলে ধুমুহা আহিলে বাগৰি পৰে। এনেকুৱাও আছে - তেওঁলোক কি কামৰ হৈ থাকিব।
এই পঢ়া কোনো গতানুগতিক পঢ়া নহয় অন্য সকলো সৎসঙ্গ আদিততো হৈছে কাণেৰে শুনি পোৱা ৰস,
যাৰ দ্বাৰা অলপ সময় সুখ পোৱা যায়। এই পিতাৰ দ্বাৰাতো 21 জন্মৰ সুখ পোৱা যায়। বাবা
সুখ-শান্তিৰ সাগৰ, আমিও পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। সেৱা কৰিলে তেতিয়াহে পাবা,
সেইবাবে বেজ সদায় পিন্ধি থাকিব লাগে। আমি এনেকুৱা সৰ্বগুণ সম্পন্ন হ’ব লাগে।
পৰীক্ষণ কৰিব লাগে যে মই কাকো দুখতো নিদিওঁ? অসুৰিক আচৰণতো নকৰোঁ? মায়াই এনেকুৱা
কাম কৰায়, কথাই নুসুধিবা। ভাল ভাল ঘৰৰ সকলেও কয়, মায়াই এইটো বিকর্ম কৰালে। কোনোৱে
সঁচা কথা কয়, কোনোৱে সঁচা কথা নক’লে এশগুণ শাস্তি পায়। পাছত সেইটো অভ্যাস বাঢ়ি যাব।
বাবাক শুনালে তেতিয়া বাবাই সাৱধান কৰি দিব। বাবাই কয় পাপ কৰিছা যদি ৰেজিষ্টাৰত লিখা
আৰু কৈ দিয়া তেতিয়া তোমালোকৰ পাপ আধা নাইকিয়া হৈ যাব। নুশুনাই, লুকুৱাই ৰাখিলে আকৌ
কৰিয়ে থাকিবা। অভিশাপ পাই যায়। নক’লে এবাৰৰ ঠাইত 100 বাৰ কৰি থাকিব। বাবাই কিমান
ভাল ৰায় দিয়ে কিন্তু কিছুমানৰ ওপৰত অলপো প্ৰভাৱ নপৰে। নিজৰ ভাগ্যক যেন লঠিয়াই থাকে।
বহুত লোকচান কৰে। অন্তিমত সকলোৰে সাক্ষাৎকাৰ হ’ব। এয়া এয়া হ’মগৈ, শ্রেণীত
স্থানান্তৰ হ’লে নম্বৰ ওলায় নহয়। স্থানান্তৰ হোৱাৰ আগতে ফলাফল ওলায়। তোমালোকো যেতিয়া
নিজৰ শ্রেণীলৈ যাবা নিজৰ নম্বৰৰ বিষয়ে জানিবা তেতিয়া বৰ জোৰেৰে কান্দিবা। তেতিয়া কি
কৰিব পাৰিবা? ফলাফল ওলাই গ'ল। যি ভাগ্যত আছিল সেয়া লৈ ল’লা। পিতাই সকলো সন্তানক
সাৱধান কৰে। কৰ্মতীত অৱস্থা এতিয়া হ’ব নোৱাৰে। কৰ্মতীত অৱস্থা হৈ গ’লে আকৌ শৰীৰ
এৰিব লাগিব, এতিয়া কিবা নহয় কিবা বিকৰ্ম বাকী আছে, হিচাপ-নিকাচ আছে সেয়েহে পূৰা যোগ
নালাগে। এতিয়া কোনেও ক’ব নোৱাৰে যে মই কৰ্মতীত অৱস্থাত আছোঁ। সন্মুখত আহিলে বহুত
লক্ষণ দেখা দিব। সকলো নিজৰ অৱস্থাৰ ওপৰত আৰু বিনাশৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকৰ পঢ়া
যেতিয়া সম্পূৰ্ণ হ’বৰ হ’ব তেতিয়া দেখিবা যুদ্ধ শিৰত থিয় হৈ আছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ বশ
হৈ কোনো আসুৰিক আচৰণ কৰিব নালাগে। নিজৰ চলনৰ ৰেজিষ্টাৰ ৰাখিব লাগে। এনেকুৱা কোনো
কৰ্ম কৰিব নালাগে যাৰ বাবে অনুতাপ কৰিবলগীয়া হয়।
(2) অতি স্নেহ আৰু
নম্ৰতাৰে সেৱা কৰিব লাগে। অমায়িক হ’ব লাগে। মুখেৰে আসুৰিক বচন উচ্চাৰিত কৰিব নালাগে।
সংগৰ পৰা বহুত সাৱধান হ’ব লাগে। শ্ৰীমতত আগবাঢ়ি গৈ থাকিব লাগে।
বৰদান:
সংগঠিত ৰূপত
একৰস স্থিতিৰ অভ্যাসৰ দ্বাৰা বিজয়ৰ নাগাৰা বজাওঁতা সদাপ্ৰস্তুত হোৱা
বিশ্বত বিজয়ৰ নাগাৰা
তেতিয়া বাজিব যেতিয়া সকলোৰে সকলো সংকল্প এটা সংকল্পত সমাহিত হৈ যাব। সংগঠিত ৰূপত
যেতিয়া এক চেকেণ্ডত সকলো একৰস স্থিতিত স্থিৰ হৈ যাব তেতিয়া সদাপ্ৰস্তুত বুলি কোৱা
হ’ব। এক চেকেণ্ডত একমত, একৰস স্থিতি আৰু এক সংকল্পত স্থিত হোৱাৰে চিহ্ন হিচাপে আঙুলি
দেখুৱাইছে, যি আঙুলিৰে কলিযুগী পৰ্বত ওফৰি যায়, সেই কাৰণে সংগঠিত ৰূপত একৰস স্থিতি
গঢ়ি তোলাৰ অভ্যাস কৰা তেতিয়াহে বিশ্বত শক্তি সেনাৰ নাম প্ৰসিদ্ধ হ’ব।
স্লোগান:
শ্ৰেষ্ঠ পুৰুষাৰ্থত ভাগৰি পৰা - এয়াও এলাহৰ চিন।
অব্যক্ত সংকেত: নিজৰ
আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা
তোমালোকে নিজৰ আত্মিক
দৃষ্টিৰে নিজৰ সংকল্প সিদ্ধ কৰিব পাৰা। সেই তন্ত্ৰ-মন্ত্ৰৰে পোৱা সিদ্ধি হৈছে
অল্পকালৰ, কিন্তু স্মৃতিৰ বিধিৰে সংকল্প আৰু কৰ্মৰ সিদ্ধি হৈছে অবিনাশী। তেওঁলোকে
তন্ত্ৰ-মন্ত্ৰ ব্যৱহাৰ কৰে আৰু তোমালোকে স্মৃতিৰ বিধিৰে সংকল্প আৰু কৰ্মৰ সিদ্ধি
প্ৰাপ্ত কৰা।