17.11.24    Avyakt Bapdada     Assame Murli     30.11.2002     Om Shanti     Madhuban


“*“প্ৰতিদান শব্দৰ স্মৃতিৰে সমান হোৱা আৰু ওভতনি যাত্ৰাৰ স্মৃতি স্বৰূপ হোৱা”*”


আজি বাপদাদাই নিজৰ চাৰিওফালৰ অন্তৰ আসনধাৰী, ভ্ৰূকুটিৰ আসনধাৰী, বিশ্বৰাজ্যৰ আসনধাৰী, স্বৰাজ্য অধিকাৰী সন্তানসকলক চাই হৰ্ষিত হৈ আছেহঁক। পৰমাত্ম অন্তৰ আসন গোটেই কল্পত এতিয়া তোমালোক অতিকৈ মৰমৰ সন্তানসকলৰ প্ৰাপ্ত হয়। ভ্ৰূকুটিৰ আসনতো সকলো আত্মাৰে আছে কিন্তু পৰমাত্ম অন্তৰ আসন ব্ৰাহ্মণ আত্মাসকলৰ বাহিৰে আন কোনেও প্ৰাপ্ত নকৰে। এই অন্তৰ আসনেই বিশ্বৰ আসন প্ৰাপ্ত কৰায়। বৰ্তমান সময়ত স্বৰাজ্য অধিকাৰী হৈছা, স্বৰাজ্য প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ ডিঙি মালা। স্বৰাজ্য তোমালোকৰ জন্মসিদ্ধ অধিকাৰ। এনেকৈ নিজক এনেকুৱা স্বৰাজ্য অধিকাৰী বুলি ভাবানে? অন্তৰত এইটো দৃঢ় সংকল্প আছে যে আমাৰ এই জন্মসিন্ধ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। লগতে এইটোও আত্মিক নিচা আছে যে আমি পৰমাত্ম অন্তৰ আসনধাৰীও হওঁ। মানৱ জীৱনত, শৰীৰৰ ক্ষেত্ৰতো বিশেষকৈ হৃদয়কে মহান বুলি কোৱা হয়। হৃদয় বন্ধ হৈ গলে জীৱন সমাপ্ত। তেনেকৈ আধ্যাত্মিক জীৱনতো হৃদয় আসনৰ বহুত মহত্ব আছে। যিসকল অন্তৰ আসনধাৰী সেই আত্মাসকলকেই বিশ্বত বিশেষ আত্মা ৰূপে গায়ন কৰা হয়। সেই আত্মাসকলকেই ভক্তসকলে মালাৰ মণি ৰূপত স্মৰণ কৰে। সেই আত্মাসকলকেই কোটিৰ মাজত কোনোবা, কোনোবাৰ মাজতো কোনোবাৰ ৰূপত গায়ন কৰা হয়। তেন্তে তেওঁলোক কোন? তোমালোকনে? পাণ্ডৱো হয়নে? মাতাসকলো হয়নে? (হাত লৰাই আছে) গতিকে পিতাই কয় - হে অতি মৰমৰ সন্তানসকল কেতিয়াবা কেতিয়াবা অন্তৰ আসন এৰি দেহ ৰূপী মাটিৰ প্ৰতি কিয় আকৰ্ষিত হোৱা? শৰীৰ হৈছে মাটি। তেন্তে মৰমৰ সন্তানসকলে কেতিয়াও মাটিত ভৰি নিদিয়ে, সদায় আসনত, কোলাত বা অতীন্দ্ৰিয় সুখৰ দোলনাত দোলে। তোমালোকৰ বাবে বাপদাদাই বিভিন্ন দোলা দিছে, কেতিয়াবা সুখৰ দোলাত দুলি থাকা, কেতিয়াবা আনন্দৰ দোলনাত দুলি থাকা। কেতিয়াবা আনন্দময় দোলাত দুলি থাকা।

গতিকে আজি বাপদাদাই এনেকুৱা শ্ৰেষ্ঠ সন্তানসকলক চাই আছিল যে কেনেকৈ নিচাত দোলাত দুলি আছে। দুলি থাকানে? দুলি থাকা? মাটিলৈতো নোযোৱা! কেতিয়াবা কেতিয়াবা মাটিত ভৰি দিবলৈ মন যায় নেকি? কিয়নো 63 জন্ম মাটিতেই ভৰি দিয়া, মাটিৰেই খেলা। এতিয়াতো মাটিৰে নেখেলা নহয়? কেতিয়াবা কেতিয়াবা মাটিত ভৰি যায় নে নাযায়? কেতিয়াবা কেতিয়াবা গুচি যায়। দেহবোধো হৈছে মাটিত ভৰি দিয়াৰ দৰে। দেহ অভিমানতো মাটিৰ একেবাৰে গভীৰতাত ভৰি দিয়াৰ দৰে। কিন্তু দেহবোধ অৰ্থাৎ দেহ সচেতনতা এয়াও মাটি। যিমানে সংগমৰ সময়ত বেছিকৈ আসনধাৰী হ’বা সিমানে আধাকল্প সূৰ্যবংশৰ ৰাজধানীত আৰু চন্দ্ৰবংশতো, সূৰ্যবংশৰ ৰাজপৰিয়ালত থাকিবা। যদি এতিয়া সংগমত কেতিয়াবা কেতিয়াবা আসনধাৰী হোৱা তেন্তে সূৰ্যবংশৰ ৰাজকীয় পৰিয়ালতো সিমানে অলপ সময় থাকিবা। আসনধাৰী লাগিলে পাল পাতি হ’বা কিন্তু ৰাজকীয় পৰিয়াল, ৰাজবংশৰ আত্মাসকলৰ সম্বন্ধত সদায় থাকিব। তেন্তে পৰীক্ষা কৰা যে সংগমযুগৰ আদি সময়ৰ পৰা এতিয়ালৈকে লাগিলে 10 বছৰে হওঁক, 50 বছৰ হওঁক বা 66 বছৰে হৈ গ’ল কিন্তু যেতিয়াৰ পৰা ব্ৰাহ্মণ হ’লা আদিৰ পৰা এতিয়ালৈকে কিমান সময় অন্তৰ আসনধাৰী স্বৰাজ্য আসনধাৰী হৈ থাকিলা? বহুকাল হৈ থাকিলা, নিৰন্তৰ হৈ থাকিলা নে কেতিয়াবা কেতিয়াবা হৈ থাকিলা? যি পৰমাত্ম আসনধাৰী হ’ব তাৰ চিন – প্ৰত্যক্ষ ৰূপত চলন আৰু চেহেৰাৰে সদায় নিশ্চিন্ত বাদশ্বাহ হ’ব। নিজৰ মনত, স্থূল বোজাতো মূৰত থাকে কিন্তু সূক্ষ্ম বোজা মনত থাকে। গতিকে মনত একো বোজা নাথাকিব। চিন্তা হৈছে বোজা, নিশ্চিন্ত হৈছে ডবল লাইট। যদি কোনো প্ৰকাৰৰ সেৱাৰে হওঁক, সম্বন্ধ-সম্পৰ্কৰে হওঁক বা স্থূল সেৱাৰে হওঁক, আত্মিক সেৱাৰো বোজা নাই, কি হ’ব, কেনেকুৱা হ’ব... সফলতা প্ৰাপ্ত হ’ব নে নহয়! ভবা, পৰিকল্পনা কৰা সেয়া বেলেগ কথা, বোজা বেলেগ কথা। বোজাধাৰীৰ লক্ষণ সদায় চেহেৰাত কম বেছি পৰিমাণে ক্লান্তিৰ চিন থাকিব। ক্লান্ত হোৱাটো বেলেগ কথা, ক্লান্তিৰ লেখমাত্ৰও চিন, এয়াও বোজাৰ লক্ষণ। আৰু নিশ্চিন্ত বাদশ্বাহৰ অৰ্থ এয়া নহয় যে অমনোযোগী হৈ থাকিবা, হয় অমনোযোগী আৰু ক’ব মইতো নিশ্চিন্ত হৈ থাকো। অমনোযোগিতা, ই বহুত প্ৰৱঞ্চনা কৰোঁতা হয়। তীব্ৰ পুৰুষাৰ্থৰো সেয়াই শব্দ আৰু অমনোযোগিতাৰো সেয়াই শব্দ। তীব্ৰ পুৰুষাৰ্থী সদায় দৃঢ় নিশ্চয়তা থকাৰ বাবে এয়াই ভাবে - প্ৰতিটো কাৰ্য সাহস আৰু পিতাৰ সহায়েৰে সফল হৈয়েই আছে আৰু অমনোযোগিতাৰো এয়াই শব্দ, হৈ যাব, হৈ যাব, হয়েই আছে। কিবা কাৰ্য বাকী আছে জানো, হৈ যাব। গতিকে শব্দ একেই কিন্তু ৰূপ বেলেগ বেলেগ।

বৰ্তমান সময়ত মায়াৰ বিশেষ দুটা ৰূপে সন্তানসকলৰ পৰীক্ষা লয়। এটা হৈছে ব্যৰ্থ সংকল্প, নেতিবাচক সংকল্প নহয়, ব্যৰ্থ সংকল্প। দ্বিতীয়তে – “ময়েই শুদ্ধ”। যি কৰিলোঁ, যি ক’লোঁ, যি ভাবিলোঁ… মই কম নহয়, ঠিক হওঁ। বাপদাদাই সময় অনুসৰি এতিয়া এয়াই বিচাৰে যে এটা শব্দ সদায় স্মৃতিত ৰাখা- পিতাৰ পৰা প্ৰাপ্ত সৰ্ব শক্তিৰ, স্নেহৰ, সহযোগৰ প্ৰতিদান দিব লাগে। প্ৰতিদান দিয়া অৰ্থাৎ সমান হোৱা। দ্বিতীয়তে এতিয়া আমাৰ ওভতনি যাত্ৰা। এয়াই শব্দ ‘ওভতনি’ সদায় যাতে স্মৃতিত থাকে। ইয়াৰ বাবে বহুত সহজ সাধন হ’ল - প্ৰতিটো সংকল্প বাণী আৰু কৰ্মক পিতা ব্ৰহ্মাৰ সৈতে মিলাই চোৱা। পিতাৰ সংকল্প কি আছিল? পিতাৰ বাণী কি আছিল? পিতাৰ কৰ্ম কি আছিল? ইয়াকে কোৱা হয় পিতাক অনুসৰণ কৰা। অনুসৰণ কৰাতো সহজ নহয় জানো! নতুনকৈ ভবা, নতুনকৈ কৰা তাৰ আৱশ্যকতাই নাই। যি পিতাই কৰিলে তাক অনুসৰণ কৰা। সহজ হয় নহয়!

শিক্ষকসকল হাত দাঙা। অনুসৰণ কৰা সহজ নে কঠিন? সহজ হয় নহয়! বচ্‌ পিতাক অনুসৰণ কৰা। প্ৰথমে পৰীক্ষা কৰা, যেনেকৈ প্ৰবাদ আছে প্ৰথমে ভাবা তাৰপাছত কৰা, প্ৰথমে চালি জাৰি চোৱা তাৰপাছত কোৱা। তেন্তে সকলো শিক্ষকে এইটো বছৰত, এতিয়া এইটো বছৰৰ শেষৰ মাহ চলি আছে, পুৰণা যাব নতুন আহিব। নতুন অহাৰ আগতে কি কৰিব লাগে, তাৰ তৈয়াৰী কৰি লোৱা। এইটো সংকল্প কৰা যে পিতাৰ খোজত খোজ দিয়াৰ বাহিৰে অন্য এখোজো নিদিওঁ। কেৱল পদ চিহ্ন। খোজে প্ৰতি খোজ দিয়াতো সহজ হয় নহয়! তেন্তে নৱবৰ্ষৰ বাবে এতিয়াৰ পৰা সংকল্পত পৰিকল্পনা কৰা, যেনেকৈ পিতা ব্ৰহ্মা সদায় নিমিত্ত আৰু নম্ৰ আছিল, তেনেকৈ নিমিত্ত ভাৱ আৰু নম্ৰ ভাৱ। কেৱল নিমিত্ত ভাৱ নহয়। নিমিত্ত ভাৱৰ লগতে নম্ৰ ভাৱ, দুয়োটাৰে আৱশ্যকতা আছে কিয়নো শিক্ষকসকলতো নিমিত্ত হয় নহয়। গতিকে সংকল্পতো, বাণীতো আৰু যিকোনো লোকৰ সৈতে সম্বন্ধ, সম্পৰ্কত, কৰ্মত, প্ৰতিষাৰ বাণীত সদায় নম্ৰ। যি নম্ৰ হয় তেৱেঁ নিমিত্ত ভাৱত থাকে। যি নম্ৰ নহয় তেওঁৰ কম বেছি পৰিমাণে সূক্ষ্ম, মহান ৰূপত অভিমান নাথাকিলেও প্ৰভূত্ব দেখুওৱাৰ প্ৰৱণতা থাকিব। এই প্ৰভূত্ব দেখুওৱাৰ প্ৰৱণতা এয়াও অভিমানৰ অংশ হয় আৰু বাণীত সদায় নিৰ্মল ভাষী, মধুৰ ভাষী। যেতিয়া সম্বন্ধ সম্পৰ্কত আত্মিক ৰূপৰ স্মৃতি থাকে তেতিয়া সদায় নিৰাকাৰী আৰু নিৰহংকাৰী হৈ থাকে। পিতা ব্ৰহ্মাৰ অন্তিমৰ তিনিটা শব্দ স্মৃতিত থাকেনে? নিৰাকাৰী, নিৰহংকাৰী, তেৱেঁই নিৰ্বিকাৰী। বাৰু, পিতাক অনুসৰণ কৰা। দৃঢ় হৈ থাকিল নহয়!

অহা বছৰৰ মুখ্য লক্ষ্য স্বৰূপৰ স্মৃতি হ’ল- এই তিনিটা শব্দ, নিৰাকাৰী, নিৰহংকাৰী, নিৰ্বিকাৰী। অংশও যাতে নাথাকে। স্থূল ৰূপবোৰতো ঠিক হৈ গ’ল কিন্তু অংশও যাতে নাথাকে কিয়নো অংশই প্ৰবঞ্চনা কৰে। পিতাক অনুসৰণ কৰাৰ অৰ্থই হ’ল - এই তিনিটা শব্দক সদায় স্মৃতিত ৰখা। ঠিক আছেনে? বাৰু।

ডবল বিদেশীসকল উঠা- ভাল দল আহিছে। বাপদাদাই ডবল বিদেশীসকলৰ এটা কথাত আনন্দিত হয়, জানানে কোনটো কথা? চোৱা, কিমান দূৰণিৰ দেশৰ পৰা আহা, নিৰ্দেশনা পালা যে এইটো পালত আহিব লাগে তেন্তে আহি উপস্থিত হ’লাহি নহয়। যেনেকৈ নহ’লেও পুৰুষাৰ্থ কৰি ডাঙৰেই দল আহি উপস্থিত হৈ গ’লা। দাদীৰ নিৰ্দেশনা ভালকৈ পালন কৰিলা নহয়! ইয়াৰ বাবে অভিনন্দন। বাপদাদাই প্ৰতিগৰাকীক চাই আছে, দৃষ্টি দি আছে। এনেকুৱা নহয় যে মঞ্চতে দৃষ্টি প্ৰাপ্ত হয়। দূৰণিৰ পৰা আৰু ভালকৈহে দেখিবলৈ পোৱা গৈছে। ডবল বিদেশীসকলে ইতিবাচক সঁহাৰি জনোৱাৰ পাঠ ভাল পঢ়িছে। বাপদাদাৰ ডবল বিদেশীসকলৰ প্ৰতি স্নেহতো আছেই লগতে গৌৰৱো কৰে, কিয়নো বিশ্বৰ চুকে কোণে বাৰ্তা দিবৰ বাবে ডবল বিদেশীসকলেই নিমিত্ত হৈছে। বিদেশত এতিয়া কোনো বিশেষ স্থান আছে নেকি, গাঁও গাঁও বাকী আছে নে বিশেষ স্থান বাকী থাকি গৈছে? গাঁৱে গাঁৱে চুকে-কোণে সৰু স্থান ৰৈ গৈছে নে বিশেষ স্থান ৰৈ গৈছে? কি স্থান বাকী থাকি গৈছে? (মধ্য প্ৰাচ্যৰ কিছু দেশ বাকী থাকি গৈছে)। তথাপি চোৱা এয়া যি দল আহিছে, কিমান দেশৰ দল? তথাপি বাপদাদাই জানে যে বিশ্বৰ অনেক ভিন্ন ভিন্ন দেশত তোমালোক আত্মাসকল নিমিত্ত হৈছা। বাপদাদাই সদায় কয় যে পিতাৰ বিশ্ব কল্যাণকাৰীৰ উপাধি ডবল বিদেশীসকলেই প্ৰত্যক্ষ কৰিছে। ভাল কথা। প্ৰত্যেকে নিজৰ নিজৰ স্থানত নিজে নিজৰ পুৰুষাৰ্থত আৰু সেৱাত আগবাঢ়ি গৈ আছে আৰু সদায় আগবাঢ়ি গৈ থাকিব। সফলতাৰ তৰা হয়েই। বহুত ভাল।

কুমাৰসকলৰো প্ৰতি:- মধুবনৰ কুমাৰো আছে। চোৱা, কুমাৰৰ সংখ্যা চোৱা কিমান? আধা ক্লাচতো কুমাৰৰেই। কুমাৰ এতিয়া সাধাৰণ কুমাৰ নহয়। কেনে ধৰণৰ কুমাৰ? ব্ৰহ্মাকুমাৰতো হোৱাই। কিন্তু ব্ৰহ্মাকুমাৰসকলৰ বিশেষত্ব কি? কুমাৰসকলৰ বিশেষত্ব হ’ল যে সদায় য’তেই অশান্তি হ’ব ত’ত শান্তি বিয়পাই দিওঁতা শান্তিদূত হয়। মনৰ অশান্তিও নাই, বাহিৰৰ অশান্তিও নাই। কুমাৰসকলৰ কাৰ্যই হ’ল কঠিন কাম কৰা, কঠোৰ পৰিশ্ৰম কৰোঁতা হয় নহয়! তেন্তে আজি সকলোতকৈ কঠিনতকৈও কঠিন কাম হ’ল অশান্তি দূৰ কৰি শান্তিদূত হৈ শান্তি বিয়পোৱা। এনেকুৱা কুমাৰ হোৱানে? বিশ্বতে হওঁক বা তোমালোকৰ সমন্ধ-সম্পৰ্কতে হওঁক অশান্তিৰ নাম-চিহ্ন যাতে নাথাকে। এনেকুৱা শান্তিদূত হোৱানে? যেনেকৈ অগ্নি নিৰ্বাপন কৰোঁতাই য’তেই জুই নালাগক জুই নুমুৱাব নহয়। গতিকে শান্তিদূতৰ কাৰ্যই হ’ল অশান্তিক শান্তিলৈ পৰিৱৰ্তিত কৰা। তেন্তে শান্তিদূত হোৱা নহয়! দৃঢ়নে! দৃঢ় হোৱানে? দৃঢ় হোৱানে? বহুত ভাল লাগিছে, বাপদাদাই ইমানবোৰ কুমাৰক দেখি আনন্দিত হৈছে। আগতেও বাপদাদাই পৰিকল্পনা কৰিবলৈ দিছিল যে দিল্লীত অধিকতকৈও অধিক কুমাৰ, যাক চৰকাৰে ভাবে কুমাৰ (যুৱ) অৰ্থাৎ কাজিয়া কৰোঁতা, কুমাৰলৈ ভয় কৰে। এনেকুৱা ভীতিগ্ৰস্ত চৰকাৰে, প্ৰতিগৰাকী ব্ৰহ্মাকুমাৰক শান্তিদূত উপাধিৰে স্বাগত জনাওঁক, তেতিয়াহে কুমাৰৰ চমৎকাৰ হ’ব। গোটেই বিশ্বত বিয়পি পৰক যে ব্ৰহ্মাকুমাৰ হৈছে শান্তিদূত। হ’ব পাৰে নহয়? দিল্লীত কৰিবা। কৰিব লাগে নহয় - দাদীসকলে কৰিবনে? এটা দলত ইমান কুমাৰ আছে তেন্তে সকলো দলত কিমান হ’ব? বিশ্বত কিমান হ’ব? (প্ৰায় এক লাখ) তেন্তে কুমাৰসকল চমৎকাৰ কৰা। চৰকাৰৰ কুমাৰৰ (যুৱকসকলৰ) প্ৰতি যি ওলোটা ধাৰণা আছে সেয়া চিধা কৰি দিয়া। কিন্তু মনতো যাতে অশান্তি নাথাকে, সংগীসকলৰো অশান্তি নাথাকে আৰু নিজৰ স্থানতো অশান্তি নাথাকে। নিজৰ চহৰতো অশান্তি নাথাকে। বচ্ কুমাৰসকলে চেহেৰাত ফলক লগোৱাৰ প্ৰয়োজন নাই কিন্তু মস্তকত স্বতঃ লিখি থোৱা অনুভৱ হওঁক যে এয়া শান্তিদূত। ঠিক আছে নহয়!

কুমাৰীসকলৰ প্ৰতি:- কুমাৰীও বহুত আছে। এই সকলো কুমাৰীৰ লক্ষ্য কি? চাকৰি কৰিব লাগে নে বিশ্ব সেৱা কৰিব লাগে? শিৰত মুকুট ৰাখিব লাগে নে টুকুৰি ৰাখিব লাগে? কি ৰাখিব লাগে? চোৱা, সকলো কুমাৰী দয়াশীল হ’ব লাগে। বিশ্বৰ আত্মাসকলৰ কল্যাণ হৈ যাওঁক, কুমাৰীসকলৰ বাবে গায়ন আছে 21 কুলৰ উদ্ধাৰ কৰোঁতা, তেন্তে আধাকল্প 21 কুল হৈ যাব। তেন্তে এনেকুৱা কুমাৰী হোৱানে? যিসকলে 21 কুলৰ উদ্ধাৰ কৰিবা তেওঁলোকে হাত দাঙা। এটা পৰিয়ালৰ নহয়, 21 পৰিয়ালৰ। কৰিবানে? চোৱা, তোমালোকৰ নাম টুকি ৰখা হ’ব আৰু তাৰপাছত চোৱা যাব যে দয়াশীল হোৱা নে হিচাপ-নিকাচ বাকী আছে? এতিয়া সময়ে সূচনা দি আছে যে সময়ৰ পূৰ্বে প্ৰস্তুত হৈ যোৱা। সময়ক চাই থাকিলে সময় পাৰ হৈ যাব, সেয়েহে লক্ষ্য ৰাখা যে আমি সকলো বিশ্ব কল্যাণকাৰী দয়াশীল পিতাৰ সন্তান দয়াশীল হওঁ। ঠিক আছে নহয়? দয়াশীল হোৱা নহয়! আৰু দয়াশীল হোৱা। আৰু অলপ তীব্ৰ গতিৰ হোৱা। কুমাৰীসকলেতো বহুত সহজে পিতাৰ আসন প্ৰাপ্ত কৰে। চাম, নৱবৰ্ষত কি চমৎকাৰ কৰি দেখুওৱা। বাৰু।

সংবাদ মাধ্যমৰ 108 ৰত্ন আহিছে:- ভাল কথা, সংবাদ মাধ্যমৰসকলে চমৎকাৰ কৰি দেখুৱাওঁক যাতে সকলোৰে বুদ্ধিত উদয় হয় যে পিতাৰ পৰা উত্তৰাধিকাৰ ল’বই লাগিব। কোনো বঞ্চিত হৈ যাতে নাথাকে। সংবাদ মাধ্যমৰ কামেই হ’ল আৱাজ বিয়পোৱা। তেন্তে এইটো আৱাজ বিয়পোৱা যে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লওঁক। কোনো যাতে বঞ্চিত হৈ থাকি নাযায়। এতিয়া বিদেশতো সংবাদ মাধ্যমৰ অনুষ্ঠান চলি থাকে নহয়! ভাল কথা। ভিন্ন ভিন্ন ৰূপত যি অনুষ্ঠান কৰা তেতিয়া ভাল আগ্ৰহ থাকে। ভাল কৰি আছা আৰু কৰি থাকিবা আৰু সফলতাতো আছেই। সকলো বৰ্গৰসকলে যি সেৱা কৰি আছে বাপদাদাৰ ওচৰলৈ তাৰ খবৰ আহি থাকে। প্ৰতিটো বৰ্গৰ নিজৰ নিজৰ সেৱাৰ সাধন আৰু সেৱাত ৰূপৰেখা আছে কিন্তু এয়া দেখা গ’ল যে বৰ্গ বেলেগ বেলেগ হোৱাৰ বাবে প্ৰত্যেক বৰ্গই ইটোৱে সিটোৰ লগত প্ৰতিযোগিতাও কৰে, ভাল কথা। ঈৰ্ষা নকৰিবা, প্ৰতিযোগিতা লাগিলে কৰা। প্ৰতিটো বৰ্গৰ ফলাফল, বৰ্গৰ সেৱাৰ পাছত যথেষ্ট সংখ্যক আই.পি. আৰু ভি.আই.পি. সম্পৰ্কত আহিছে, এতিয়া প্ৰভাৱশালী ব্যক্তি অনা নাই কিন্তু সমন্ধ-সম্পৰ্কত আহিছে। বাৰু।

বাপদাদাৰ কচৰৎ স্মৃতিত আছেনে? এতিয়াই নিৰাকাৰী, এতিয়াই ফৰিস্তা... এয়া হ’ল চলোঁতে-ফুৰোঁতে পিতা আৰু দাদাৰ স্নেহৰ প্ৰতিদান। গতিকে এতিয়াই এইটো আত্মিক কচৰৎ কৰা। চেকেণ্ডত নিৰাকাৰী, চেকেণ্ডত ফৰিস্তা। (বাপদাদাই ড্ৰিল কৰালে) বাৰু - চলোঁতে-ফুৰোঁতে গোটেই দিনটোত এইটো অভ্যাসে সহজে পিতাৰ স্মৃতি সোঁৱৰাই দিব।

চাৰিওফালৰ সন্তানসকলৰ স্মৃতি সকলো ফালৰ পৰা বাপদাদাৰ ওচৰত আহি পাইছে। প্ৰতিগৰাকী সন্তানে বুজি পায় মোৰ স্মৃতি দিবা, মোৰ স্মৃতি দিবা। কোনোৱে পত্ৰৰ দ্বাৰা পঠিয়ায়, কোনোৱে কাৰ্ডৰ দ্বাৰা, কোনোৱে মুখৰ দ্বাৰা কিন্তু বাপদাদাই চাৰিওফালৰ সন্তানসকলক, এজন এজনক নয়নত সমাহিত কৰি স্মৃতিৰ প্ৰতিদানত পদমগুণ স্নেহপূৰ্ণ স্মৰণ কৰি আছে। বাপদাদাই চাই আছে যে এতিয়া সময় যিমানেই নহওঁক কিন্তু গৰিষ্ঠসংখ্যকৰ মনত মধুবন আৰু মধুবনৰ বাপদাদা আছে। বাৰু!

চাৰিওফালৰ তিনিওখন আসনধাৰী, স্বৰাজ্য অধিকাৰী সন্তানসকলক, সদায় বাপদাদাৰ প্ৰতি প্ৰতিদানত পিতাৰ সমান হওঁতা সন্তানসকলক, সদায় ওভতনি যাত্ৰাৰ স্মৃতি স্মৰণ সন্তানসকলক, সদায় সংকল্প, বাণী আৰু কৰ্মত পিতাক অনুসৰণ কৰোঁতা, প্ৰতিগৰাকী সন্তানক বাপদাদাৰ বহুত বহুত বহুত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
সকলো আত্মাৰ ভিতৰত নিজৰ শুভ ভাৱনাৰ বীজ সিচোঁতা মাষ্টৰ দাতা হোৱা

ফলৰ অপেক্ষা নকৰি তোমালোকে নিজৰ শুভ ভাৱনাৰ বীজ প্ৰত্যেক আত্মাৰ মাজত সিঁচি যোৱা। সময়ত সকলো আত্মা জাগ্ৰত হ’বই। কোনোবাই যদি বিৰোধিতাও কৰে তথাপিও তোমালোকে দয়াৰ ভাৱনা এৰি দিব নালাগে, এই বিৰোধিতা, অপমান, গালিয়ে সাৰৰ কাম কৰিব আৰু ভাল ফল দিব। যিমান গালি দিয়ে সিমানে গুণ গাব, সেয়েহে প্ৰত্যেক আত্মাক নিজৰ বৃত্তিৰ দ্বাৰা, প্ৰকম্পনৰ দ্বাৰা, বাণীৰ দ্বাৰা মাষ্টৰ দাতা হৈ দি যোৱা।

স্লোগান:
সদায় প্ৰেম, সুখ, শান্তি আৰু আনন্দৰ সাগৰত সমাহিত হৈ থকা সন্তানসকলেই সঁচা তপস্বী।

জাননী:- আজি মাহৰ তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈকে বিশেষ বৰদাতা ভাগ্য বিধাতা বাপদাদাৰ লগত সংযুক্ত স্বৰূপত স্থিত হৈ, অব্যক্ত লোকৰ পৰা সকলো আত্মাক সুখ শান্তিৰ বৰদান দিয়াৰ সেৱা কৰে যেন।

সফলতামূৰ্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সদায় আমি এক – এইটোৱে শ্লোগান সফলতাৰ সাধন। “একতা আৰু একব্ৰতা” এয়া যিকোনো কাৰ্যত সফলতাৰ শ্ৰেষ্ঠ ভুজা। একাগ্ৰতা অৰ্থাৎ সদায় ব্যৰ্থ ৰহিত সংকল্প, নিৰ্বিকল্প। য’ত একতা আৰু একাগ্ৰতা আছে ত’ত সফলতা ডিঙিৰ হাৰ হয়। যি ব্যৰ্থ ৰহিত আৰু নিৰ্বিকল্প স্থিতিত থাকে তেওঁৰ দ্বাৰা ব্ৰাহ্মণ তথা ফৰিস্তা স্বৰূপৰ সাক্ষাৎকাৰ হয়।