17.12.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক পিতাৰ ওচৰলৈ নিজৰ সৌভাগ্য উদয় কৰিবলৈ আহিছা, পৰম সৌভাগ্য সেইসকল সন্তানৰ যিসকলৰ ঈশ্বৰে সকলো স্বীকাৰ কৰে"
 

প্ৰশ্ন:
সন্তানসকলৰ কোনটো এটা ভুলৰ বাবে মায়া বহুত শক্তিশালী হৈ যায়?

উত্তৰ:
সন্তানসকলে ভোজনৰ সময়ত বাবাক পাহৰি যায়, বাবাক নুখুউৱাৰ বাবে ভোজন মায়াই খাই পেলায়, যাৰ বাবে মায়া শক্তিশালী হৈ যায়, তাৰপাছত সন্তানসকলকে হায়ৰাণ কৰে। এইটো সৰু ভুলে মায়াৰ হাতত পৰাজিত কৰি দিয়ে সেয়েহে পিতাৰ আজ্ঞা হৈছে – সন্তানসকল, পিতাৰ স্মৃতিত থাকি খোৱা। দৃঢ় প্ৰতিজ্ঞা কৰা - তোমাৰ সৈতে খাওঁ…… যেতিয়া স্মৰণ কৰিবা তেতিয়া তেওঁ ৰাজি হ'ব।

গীত:
আজ নেহী তো কল বিখৰেঙ্গে য়হ বাদল…… (আজি নহ’লেও কাইলৈ এই ডাৱৰ আঁতৰিব……)

ওঁম্শান্তি।
সন্তানসকলে বুজি পায় যে আমাৰ দুৰ্ভাগ্যৰ দিন সলনি হৈ এতিয়া সদাকালৰ বাবে সৌভাগ্যৰ দিন আহি আছে। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ভাগ্য সলনি হৈয়েই থাকে। স্কুলতো ভাগ্য সলনি হৈ থাকে নহয় অৰ্থাৎ উচ্চ হৈ গৈ থাকে। তোমালোকে ভালদৰে জানা - এতিয়া এই ৰাত্ৰি সমাপ্ত হ’ব, এতিয়া ভাগ্য সলনি হৈ আছে। জ্ঞানৰ বৰ্ষা হৈ থাকে। বিচাৰ বুদ্ধি সম্পন্ন সন্তানসকলে বুজি পায় যে যথাযথ আমি দুৰ্ভাগ্যৰ পৰা সৌভাগ্যশালী হৈ আছোঁ অৰ্থাৎ স্বৰ্গৰ মালিক হৈ আছোঁ। পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে আমি নিজৰ দুৰ্ভাগ্যৰ পৰা সৌভাগ্য গঢ়ি আছোঁ। এতিয়া ৰাত্ৰিৰ পৰা দিন হৈ আছে। এয়া তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও গম নাপায়। বাবা গুপ্ত গতিকে তেওঁৰ কথাবোৰো গুপ্ত। যদিও মনুষ্যই বহি সহজ ৰাজযোগ আৰু সহজ জ্ঞানৰ কথা শাস্ত্ৰত লিখিছে কিন্তু যিয়ে লিখিছে তেওঁতো মৰি গ’ল। বাকী যিসকলে পঢ়ে তেওঁলোকে একো বুজি নাপায় কিয়নো অবোধ। কিমান পাৰ্থক্য আছে। তোমালোকেও পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে বুজি পোৱা। সকলোৱে একেধৰণে পুৰুষাৰ্থ নকৰে। দুৰ্ভাগ্য কাক, সৌভাগ্য কাক কোৱা হয় - এয়া কেৱল তোমালোক ব্ৰাহ্মণেহে জানা। বাকী সকলো ঘোৰ অন্ধকাৰত আছে। তেওঁলোকক বুজাই জগাব লাগে। সৌভাগ্যশালী বুলি সূৰ্যবংশীসকলক কোৱা হয়, 16 কলা সম্পূৰ্ণ তেওঁলোকেই হয়। আমি পিতা যিজন স্বৰ্গৰ ৰচয়িতা হয় তেওঁৰ দ্বাৰা স্বৰ্গৰ কাৰণে সৌভাগ্য উদয় কৰি আছোঁ। ইংৰাজী জনাসকলকো তোমালোকে বুজাব পাৰা যে “হেভেনলী গড্‌ ফাদাৰ”ৰ দ্বাৰা ‘হেভেন’ৰ সৌভাগ্য উদয় কৰি আছোঁ। ‘হেভেন’ত সুখ, ‘হেল’ত দুখ। “গ’ল্ডেন এজ” মানে সত্যযুগ সুখ, “আইৰণ এজ” মানে কলিযুগ দুখ। একেবাৰে সহজ কথা। আমি এতিয়া পুৰুষাৰ্থ কৰি আছোঁ। ইংৰাজ, খ্ৰীষ্টিয়ান আদি বহুত আহিব। কোৱা, আমি এতিয়া কেৱল এজন “হেভেনলী গড্‌ ফাদাৰ”কে স্মৰণ কৰোঁ কিয়নো মৃত্যু সমাগত। পিতাই কয় - তোমালোক মোৰ ওচৰলৈ আহিব লাগে। যেনেকৈ তীৰ্থলৈ যায় নহয়। বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ নিজা তীৰ্থ স্থান আছে, খ্ৰীষ্টানসকলৰ নিজা। প্ৰত্যেকৰে নিজা নিজা ৰীতি-প্ৰথা থাকে। আমাৰ হৈছে বুদ্ধিযোগৰ কথা। য’ৰ পৰা ভূমিকা পালন কৰিবলৈ আহিছোঁ, তালৈ পুনৰ যাব লাগে। তেওঁ হৈছে ‘হেভেন’ স্থাপনা কৰোঁতা “গড্‌ ফাদাৰ”। তেওঁ আমাক কৈছে আমিও আপোনালোকক সঁচা মাৰ্গৰ বিষয়ে কৈছোঁ। পিতা “গড্‌ ফাদাৰ”ক স্মৰণ কৰিলে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। যেতিয়া কোনোবা বেমাৰত পৰে তেতিয়া সকলোৱে গৈ তেওঁক সাৱধান কৰে যে ‘ৰাম’ নাম উচ্চাৰণ কৰা। বংগত যেতিয়া কোনোবা মৃত্যু শয্যাত পৰে তেতিয়া গঙ্গালৈ লৈ গৈ কয় – ‘হৰি’ বুলি কোৱা, ‘হৰি’ বুলি কোৱা…… তেতিয়া হৰিৰ ওচৰলৈ গুচি যাবা। কিন্তু কোনো নাযায়। সত্যযুগততো এনেকৈ কোৱা নহ’ব যে “ৰাম ৰাম” বুলি কোৱা বা “হৰি হৰি” বুলি কোৱা। দ্বাপৰৰ পৰা আকৌ এই ভক্তিমাৰ্গ আৰম্ভ হয়। এনেকুৱা নহয় যে সত্যযুগত কোনোবা ভগৱান বা গুৰুক স্মৰণ কৰা হয়। তাততো কেৱল নিজ আত্মাক স্মৰণ কৰা হয়, মই আত্মাই এটা শৰীৰ ত্যাগ কৰি অন্য এটা ল’ম। নিজৰ বাদশ্বাহী স্মৃতিলৈ আহে। বুজি পায় যে মই বাদশ্বাহীত গৈ জন্ম ল’ম। এতিয়া এইটো দৃঢ় নিশ্চয়তা আছে, বাদশ্বাহীতো পামেই। বাকী কাক স্মৰণ কৰিবা বা দান-পুণ্য কৰিবা? তাত কোনো গৰিব নাথাকে যাক দান-পুণ্য কৰিবা। ভক্তিমাৰ্গৰ নীতি-প্ৰথা ভিন্ন, জ্ঞানমাৰ্গৰ নীতি-প্ৰথা ভিন্ন। এতিয়া পিতাক সকলো দি 21 জন্মৰ উত্তৰাধিকাৰ লৈ ল’লা। বচ্‌, ইয়াৰ পাছত দান-পুণ্য কৰাৰ দৰকাৰ নাই। ঈশ্বৰ পিতাক আমি সকলো দি দিওঁ। ঈশ্বৰেহে স্বীকাৰ কৰে। স্বীকাৰ নকৰিলে তেন্তে আকৌ কেনেকৈ দিব? স্বীকাৰ নকৰিলে সেয়াও দুৰ্ভাগ্য। স্বীকাৰ কৰিবলগীয়া হয় যাতে তেওঁৰ মমত্ব নোহোৱা হৈ যায়। এইটো ৰহস্যও তোমালোক সন্তানসকলে জানা। যেতিয়া দৰকাৰেই নাথাকিব তেতিয়া কি স্বীকাৰ কৰিব? ইয়াততো একোৱে একত্ৰিত কৰিব নালাগে। ইয়াৰ পৰাতো মমত্ব আঁতৰাই দিবলগীয়া হয়।

বাবাই বুজাইছে - ক’ৰবাত বাহিৰলৈ গ’লে তেতিয়া নিজক বহুত পাতল (বোজামুক্ত) বুলি ভাবিবা। মই পিতাৰ সন্তান, মই আত্মা ৰকেটতকৈও বেগী। এনেকৈ দেহী-অভিমানী হৈ খোজ কাঢ়িলে কেতিয়াও ভাগৰি নপৰা। দেহৰ বোধ নাহিব। এনেকুৱা লাগিব যেন এই ভৰি চলাই নাই, মই উৰি গৈ আছোঁ। দেহী-অভিমানী হৈ তোমালোক যিকোনো ঠাইলৈকে যোৱা। আগতেতো মনুষ্যই তীৰ্থ আদিলৈ খোজ কাঢ়িয়েই গৈছিল। সেই সময়ত মনুষ্যৰ বুদ্ধি তমোপ্ৰধান নাছিল। বহুত শ্ৰদ্ধাৰে গৈছিল, ভাগৰি নপৰিছিল। বাবাক স্মৰণ কৰিলে সহায়তো পাবাই নহয়। যদিও সেয়া পাথৰৰ মূৰ্তি কিন্তু বাবাই সেই সময়ত অল্পকালৰ বাবে মনোকামনা পূৰ্ণ কৰি দিয়ে। সেই সময়ত ৰজোপ্ৰধান স্মৃতি আছিল গতিকে তাৰপৰাও শক্তি পোৱা গৈছিল, ভাগৰ লগা নাছিল। এতিয়াতো ডাঙৰ ব্যক্তিসকল তৎক্ষণাৎ ভাগৰি পৰে। বহুত গৰিবলোক তীৰ্থলৈ যায়। চহকীলোক বহুত জাকজমকতাৰে ঘোঁৰা আদিত যাব। সেই গৰিবসকলতো খোজকাঢ়ি যাব। গৰিবে ভাৱনাৰ ভাড়া যিমান পায় সিমান চহকীয়ে নাপায়। এই সময়তো তোমালোকে জানা – বাবা হৈছে গৰিবৰ ত্ৰাণকৰ্তা তেন্তে বিভ্ৰান্ত কিয় হোৱা? পাহৰি কিয় যোৱা? বাবাই কয় তোমালোকে কোনো কষ্ট কৰিব নালাগে। কেৱল এজন প্ৰেমিকক স্মৰণ কৰিব লাগে। তোমালোক সকলো প্ৰেমিকা গতিকে প্ৰেমিকক স্মৰণ কৰিব লাগে। সেইজন প্ৰেমিকক ভোগ আগনবঢ়োৱাকৈ খাব লাজ নালাগেনে? তেওঁ প্ৰেমিকো হয়, পিতাও হয়। তেওঁ কয় - মোক তোমালোকে নুখুৱাবানে! তোমালোকেতো মোক খুৱাব লাগে নহয়! চোৱা, বাবাই যুক্তি শুনায়। তোমালোকে পিতা অথবা প্ৰেমিক বুলি মানা নহয়। যিজনে খুৱায় প্ৰথমে তেওঁক খুৱাব লাগে। বাবাই কয় - মোক ভোগ আগবঢ়াই, মোৰ স্মৃতিত খোৱা। এই ক্ষেত্ৰত বহুত যত্ন কৰিবলগীয়া হয়। বাবাই বাৰে বাৰে বুজায়, বাবাক নিশ্চয় স্মৰণ কৰিব লাগে। বাবাই (ব্ৰহ্মা বাবই) নিজেও বাৰে বাৰে পুৰুষাৰ্থ কৰি থাকে। তোমালোক কুমাৰীসকলৰ বাবেতো বহুত সহজ। তোমালোকে ছিৰি বগোৱা নাই। কন্যাৰতো প্ৰেমিকৰ সৈতে বাগদান হয়েই। গতিকে এনেহেন প্ৰেমিকক স্মৰণ কৰি ভোজন খোৱা উচিত। তেওঁক আমি স্মৰণ কৰোঁ আৰু তেওঁ আমাৰ ওচৰলৈ আহি যায়। স্মৰণ কৰিলে সুবাস ল’ব। গতিকে বাবাৰ সৈতে এনেকুৱা কথা পাতিব লাগে। ৰাতি জাগিলেহে তোমালোকৰ এইটো অভ্যাস হ’ব। অভ্যাস হৈ গ’লে তেতিয়া দিনতো স্মৃতি থাকিব। ভোজনৰ সময়তো স্মৰণ কৰিব লাগে। প্ৰেমিকৰ সৈতে তোমালোকৰ বাগদান হৈছে। তোমাৰ সৈতে খাওঁ… এইটো দৃঢ় প্ৰতিজ্ঞা কৰিব লাগে। যেতিয়া স্মৰণ কৰিবা তেতিয়াহে তেওঁ খাব নহয়। তেওঁতো সুবাসহে লয় কিয়নো তেওঁৰ নিজৰ শৰীৰ নাই। কুমাৰীসকলৰ কাৰণেতো বহুত সহজ, তেওঁলোকৰ বেছি সুবিধা আছে। শিৱবাবা মোৰ মৰমৰ প্ৰেমিক কিমান মিঠা। আধাকল্প মই আপোনাক স্মৰণ কৰিছোঁ, এতিয়া আপুনি আহি সাক্ষাৎ কৰিছে! মই যি খাওঁ, আপুনিও খাওঁক। এনেকুৱা নহয় যে এবাৰ স্মৰণ কৰিলা আৰু হৈ গ’ল, পাছত তোমালোকে নিজে খাই থাকিবা। তেওঁক খুৱাবলৈ পাহৰি যাবা। তেওঁক পাহৰিলে তেওঁ নাপাব। বস্তুতো বহুত খোৱা, খিছিৰি খাম, আম খাম, মিঠাই খাম…। এনেকুৱা জানো হ’ব লাগে যে আৰম্ভণিতে স্মৰণ কৰিলা আৰু হৈ গ’ল তাৰপাছত অন্য বস্তুবোৰ তেওঁ কেনেকৈ খাব। প্ৰেমিকে নাখালে মাজত মায়া আহি খাব, তেওঁক খাবলৈ নিদিব। দেখিবলৈ পোৱা যায় মায়াই খাই পেলায় তেতিয়া মায়া শক্তিশালী হৈ যায় আৰু তোমালোকক পৰাজিত কৰাই থাকে। বাবাই সকলো যুক্তি শুনায়। বাবাক স্মৰণ কৰা তেন্তে পিতা অথবা প্ৰেমিক বহুত ৰাজি হ’ব। এনেকৈ কোৱাও যে বাবা তোমাৰ সৈতে বহোঁ, তোমাৰ সৈতে খাওঁ। মই আপোনাক স্মৰণ কৰি খাওঁ। জ্ঞানেৰে জানো যে আপুনিতো সুবাসহে ল’ব। এয়াতো ঋণত লোৱা শৰীৰ। স্মৰণ কৰিলে তেওঁ আহে। সকলো তোমালোকৰ স্মৃতিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াকে যোগ বুলি কোৱা হয়। যোগতেই পৰিশ্ৰম কৰিবলগীয়া হয়। সন্ন্যাসী-উদাসীয়ে কেতিয়াও এনেকৈ নকয়। তোমালোকে যদি পুৰুষাৰ্থ কৰিব বিচৰা বাবাৰ শ্রীমত টুকি ৰাখা। সম্পূৰ্ণ পুৰুষাৰ্থ কৰা। বাবাই নিজৰ অনুভৱ শুনায় – কয় যি কৰ্ম মই কৰোঁ, তোমালোকেও কৰা। সেই কৰ্মই মই তোমালোকক শিকাওঁ। বাবাইতো কৰ্ম কৰিব নালাগে। সত্যযুগত কৰ্মৰ বাবে কৰ্মভোগ ভুগিবলগীয়া নহয়। বাবাই বহুত সহজ কথা শুনায়। আপোনাৰ সৈতে বহোঁ, শুনোঁ, আপোনাৰ সৈতে খাওঁ…… এয়া তোমালোকৰেই গায়ন। প্ৰেমিকৰ ৰূপত বা পিতাৰ ৰূপত স্মৰণ কৰা। গায়ন কৰা হৈছে নহয় - বিচাৰ সাগৰ মন্থন কৰি জ্ঞানৰ সাৰ কথা উলিয়ায়। এইটো অভ্যাসেৰে বিকৰ্মও বিনাশ হ’ব, স্বাস্থ্যৱানো হ’বা। যিয়ে পুৰুষাৰ্থ কৰিব তেওঁৰ লাভ হ’ব, যিয়ে নকৰে তেওঁৰ লোকচান হ’ব। গোটেই জগতৰ লোকসকলতো স্বৰ্গৰ মালিক নহয়গৈ। এয়াও হিচাপ-নিকাচ আছে।

বাবাই বহুত ভালকৈ বুজায়। গীতটিতো শুনিলা যে আমি যথাযথ যাত্ৰাত গৈ আছোঁ। যাত্ৰাততো ভোজন আদি খাবলগীয়া হয়েই, প্ৰেমিকাই প্ৰেমিকৰ সৈতে, সন্তানে পিতাৰ সৈতে খাব। ইয়াতো তেনেকুৱা। তোমালোকৰ প্ৰেমিকৰ প্ৰতি যিমানে নিচা থাকিব সিমানে সুখৰ সীমা বাঢ়ি যাব। নিশ্চয়বুদ্ধি বিজয়ন্তী হৈ যাবা। যোগ মানে দৌৰ। এয়া বুদ্ধিযোগৰ দৌৰ। আমি বিদ্যাৰ্থী, শিক্ষকে আমাক দৌৰিবলৈ শিকায়। পিতাই কয় - এনেকৈ নুবুজিবা যে দিনত কেৱল কৰ্মই কৰিব লাগে। কাছৰ দৰে কৰ্ম কৰি আকৌ স্মৃতিত বহি যোৱা। ভোমোৰাৰ দৰে গোটেই দিন ভোঁ ভোঁ কৰি (জ্ঞান শুনাই) থাকিব লাগে। আকৌ কোনোবা উৰি যায়, কোনোবা মৰি যায়, সেয়াতো হৈছে এটা দৃষ্টান্ত। ইয়াত তোমালোকে ভোঁ ভোঁ কৰি নিজৰ সমান কৰি তোলা। তাৰ ভিতৰত কিছুমানৰ বহুত মৰম থাকে। কিছুমান সৰি যায়, কিছুমান আধাৰুৱা হৈ থাকি যায়, আঁতৰি গুচি যায় পুনৰ গৈ পোক হৈ যায়। এই ভোঁ ভোঁ কৰাতো বহুত সহজ। মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে...। এতিয়া আমি যোগসূত্ৰ গঢ়ি আছোঁ, দেৱতা হ’বলৈ পুৰুষাৰ্থ কৰি আছোঁ। এয়াই জ্ঞান ‘গীতা’ত আছিল। তেওঁ মনুষ্যৰ পৰা দেৱতা কৰি গৈছিল। সত্যযুগততো সকলো দেৱতা আছিল। নিশ্চয় তেওঁলোকক সংগমযুগতে আহি দেৱতা কৰি তুলিছিল। তাততো দেৱতা হোৱাৰ যোগ নিশিকাব। সত্যযুগৰ আদিত দেৱী-দেৱতা ধৰ্ম আছিল আৰু কলিযুগৰ অন্তত হৈছে আসুৰি ধৰ্ম। এইটো কথা কেৱল ‘গীতা’তহে লিখা আছে। মনুষ্যক দেৱতা কৰি তুলিবলৈ দেৰি নালাগে কিয়নো লক্ষ্য-উদ্দেশ্য শুনাই দিয়ে। তাত গোটেই সৃষ্টিত এটাই ধৰ্ম হ’ব। সৃষ্টিতো গোটেইখনেই থাকিব নহয়। এনেকুৱা নহয় চিন, ইউৰোপ নাথাকিব, থাকিব কিন্তু তাত মনুষ্য নাথাকিব। কেৱল দেৱতা ধৰ্মাৱলম্বীসকল থাকিব, অন্য ধৰ্মৰ লোক নাথাকিব। এতিয়া হৈছে কলিযুগ। আমি ভগৱানৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। পিতাই কয় তোমালোকে 21 জন্ম সদায় সুখী হৈ থাকিবা। এই ক্ষেত্ৰত কষ্টৰ কোনো কথা নাই। ভক্তিমাৰ্গত ভগৱানৰ ওচৰলৈ যাবলৈ কিমান পৰিশ্ৰম কৰে। এনেকৈ কয় - সিপাৰে নিৰ্ৱাণত গ’ল। এনেকৈ কেতিয়াও নকয় যে ভগৱানৰ ওচৰলৈ গ’ল। কয় - স্বৰ্গলৈ গ’ল। এজন গ’লেতো স্বৰ্গ হৈ নাযাব। সকলো যাব লাগিব। ‘গীতা’ত লিখা আছে যে ভগৱান হৈছে কালৰো কাল। মহৰ দৰে সকলোকে উভতাই লৈ যায়। বুদ্ধিয়েও কয় চক্ৰ পুনৰাবৃত্তি হ’ব। গতিকে প্ৰথমে নিশ্চয় সত্যযুগী দেৱী-দেৱতা ধৰ্মৰ পুনৰাবৃত্তি হ’ব। তাৰপাছত আন ধৰ্মবোৰৰ পুনৰাবৃত্তি হ’ব। বাবাই কিমান সহজকৈ শুনায় – ‘মনমনাভৱ’। বচ্‌। 5 হাজাৰ বছৰ পূৰ্বেও ‘গীতা’ৰ ভগৱানে কৈছিল - মৰমৰ সন্তানসকল। যদি শ্ৰীকৃষ্ণই কয় তেন্তে অন্য ধৰ্মাৱলম্বীসকলে শুনিব নোৱাৰে। ভগৱান বুলি ক’লে তেতিয়া সকলোৱে অনুভৱ কৰিব – গড্‌ ফাদাৰে হেভেন স্থাপনা কৰে য’ত আকৌ আমি গৈ চক্ৰৱতী ৰজা হ’মগৈ। ইয়াত কোনো খৰচ আদিৰ কথা নাই মাথো সৃষ্টিৰ আদি-মধ্য-অন্তক জানিব লাগে।

তোমালোক সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰিব লাগে। কৰ্ম কৰি দিনে-ৰাতিয়ে এনেকুৱা পুৰুষাৰ্থ কৰি থাকা। যদি বিচাৰ সাগৰ মন্থন নকৰা বা পিতাক স্মৰণ নকৰা, কেৱল কৰ্ম কৰি থাকা তেন্তে ৰাতিও সেয়াই খেয়াল আহি থাকিব। ঘৰ নিৰ্মাণ কৰোঁতাসকলৰ ঘৰৰে খেয়াল আহি থাকিব। যদিও বিচাৰ সাগৰ মন্থন কৰাৰ দ্বায়িত্ব এওঁৰ (ব্ৰহ্মাৰ) ওপৰত আছে কিন্তু কোৱা হয় কলহ লক্ষ্মীক দিয়া হৈছে তেন্তে তোমালোক লক্ষ্মী হোৱা নহয়। ভাল আৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্ৰীমত টুকি ৰাখি পুৰুষাৰ্থ কৰিব লাগে। পিতাই যি কৰ্ম কৰি শিকাইছে, সেয়াই কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰি জ্ঞানৰ সাৰ কথা উলিয়াব লাগে।

(2) নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে যে মই পিতাৰ স্মৃতিতেই ভোজন গ্ৰহণ কৰিম। আপোনাৰ লগতেই বহোঁ, আপোনাৰ লগতেই খাওঁ... এইটো প্ৰতিজ্ঞা দৃঢ়তাৰে ৰক্ষা কৰিব লাগে।

বৰদান:
কৰ্ম আৰু সম্বন্ধ দুয়োটাতে স্বাৰ্থ ভাৱৰ পৰা মুক্ত হৈ থাকোঁতা পিতাৰ সমান কৰ্মাতীত হোৱা

তোমালোক সন্তানসকলৰ সেৱা হৈছে সকলোকে মুক্ত কৰা। কিন্তু আনক মুক্ত কৰি নিজক বান্ধোনত বান্ধি নেপেলাবা। যেতিয়া পাৰ্থিৱ সীমিত ‘মোৰ মোৰ’ৰ পৰা মুক্ত হ’বা তেতিয়া অব্যক্ত স্থিতিৰ অনুভৱ কৰিব পাৰিবা। যিসকল সন্তান লৌকিক আৰু অলৌকিক, কৰ্ম আৰু সম্বন্ধ দুয়োটাতে স্বাৰ্থ ভাৱৰ পৰা মুক্ত তেওঁলোকেই পিতাৰ সমান কৰ্মাতীত স্থিতিৰ অনুভৱ কৰিব পাৰে। গতিকে পৰীক্ষা কৰা যে কিমানলৈকে কৰ্মৰ বন্ধনৰ পৰা উপৰাম হৈছোঁ? ব্যৰ্থ স্বভাৱ-সংস্কাৰৰ বশ হোৱাৰ পৰা মুক্ত হৈছোঁ।

স্লোগান:
যিসকল সৰলচিত আৰু সহজ স্বভাৱৰ তেওঁলোকেই সহজযোগী, ভোলানাথৰ প্ৰিয়।


সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমণি হ’বলৈ আজিৰ অব্যক্ত সংকেত:

ব্ৰাহ্মণ জীৱনৰ আন্তৰিক সম্পদ হৈছে সদায় সুখ স্বৰূপ, শান্ত স্বৰূপ, মনৰ সন্তুষ্টতা। ইয়াৰ অনুভৱ কৰিবলৈ মনৰ পৱিত্ৰতাৰ প্ৰয়োজন। বাহ্যিক সাধনৰ দ্বাৰা বা সেৱাৰ দ্বাৰা নিজে নিজক আনন্দিত বা সন্তুষ্ট কৰি ৰখা – এয়াও নিজক প্ৰতাৰণা কৰা হয়।