17.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“তোমালোকে মন-বচন-কৰ্মৰে অতি আনন্দিত হৈ থাকিব লাগে, সকলোকে আনন্দিত কৰিব লাগে,
কাকোৱে দুখ দিব নালাগে ”
প্ৰশ্ন:
দ্বৈত অহিংসক
হ'বলগীয়া সন্তানসকলে কোনটো ধ্যান ৰাখিব লাগে?
উত্তৰ:
1) ধ্যান ৰাখিব লাগে যে মুখেৰে যাতে এনেকুৱা কোনো বাণী উচ্চাৰিত নহয় যাৰ দ্বাৰা
কোনোবাই দুখ পায় কিয়নো বাণীৰে দুখ দিয়াটোও হিংসা। 2) আমি দেৱতা হ’বলৈ গৈ আছোঁ,
সেইবাবে চলন বহুত মাৰ্জিত হ'ব লাগে। খোৱা-বোৱা অতি উচ্চও হ’ব নালাগে আৰু অতি নীচো
হ’ব নালাগে।
গীত:
নিৰ্বল চে
লড়াই বলৱান কি…….. (নিৰ্বলীৰ সৈতে বলবানৰ যুদ্ধ……….)
ওঁম্শান্তি।
অতিকৈ মৰমৰ
সন্তানসকলক পিতাই নিতৌ প্ৰথমে বুজায় যে নিজক আত্মা বুলি বুজি বহা আৰু পিতাক স্মৰণ
কৰা। এনেকৈ কয় নহয় যে অনুগ্ৰহ কৰি মনোযোগ দিয়া! গতিকে পিতাই কয় - এটা হ'ল পিতাৰ ফালে
মনোযোগ দিয়া। পিতা কিমান মৰমিয়াল, তেওঁক কোৱা হয় প্ৰেমৰ সাগৰ, জ্ঞানৰ সাগৰ। গতিকে
তোমালোকো মৰমিয়াল হোৱা উচিত। মন-বচন-কৰ্মৰে সকলো কথাত তোমালোক আনন্দিত হৈ থকা উচিত।
কাকোৱে দুখ দিব নালাগে। পিতায়ো কাকো দুখী নকৰে। পিতা আহিছেই সুখী কৰিবলৈ। তোমালোকেও
কোনো প্ৰকাৰৰ কাকো দুখ দিব নালাগে। কোনোধৰণৰ এনেকুৱা কৰ্ম কৰিব নালাগে। মনতো উদয়
হ’ব নালাগে। কিন্তু এইটো অৱস্থা অন্তিমৰ ফালে হ'বগৈ। কৰ্মেন্দ্ৰিয়ৰে কিবা নহয় কিবা
ভুল হয়। নিজক আত্মা বুলি বুজিলে, আনকো আত্মা ভাই ৰূপত চালে তেতিয়া কাকো দুখ দিবলগীয়া
নহ’ব। শৰীৰকেই যদি নোচোৱা তেন্তে দুখ কেনেকৈ দিবা। এই ক্ষেত্ৰত গুপ্ত পৰিশ্ৰম হয়।
এই সকলোবোৰ বুদ্ধিৰ কাম। এতিয়া তোমালোক পাৰস বুদ্ধিৰ হৈ আছা। তোমালোক যেতিয়া
পাৰসবুদ্ধিৰ আছিলা তেতিয়া তোমালোকে বহুত সুখ দেখিলা। তোমালোকেই সুখধামৰ মালিক আছিলা
নহয়। এয়া হল দুখধাম। এয়াতো বহুত সাধাৰণ। সেই শান্তিধাম আমাৰ মৰমৰ ঘৰ। আকৌ তাৰ পৰা
ভূমিকা পালন কৰিবলৈ আহিছা, দুখৰ ভূমিকা বহুত সময় পালন কৰিলা, এতিয়া সুখধামলৈ যাব
লাগে সেইবাবে ইজনে-সিজনক ভাই ভাই বুলি বুজিব লাগে। আত্মাই আত্মাক দুখ দিব নোৱাৰে।
নিজক আত্মা বুলি বুজি আত্মাৰ সৈতে কথা পাতি আছা। আত্মাহে আসনত বিৰাজমান হৈ আছে। এৱোঁ
শিৱবাবাৰ ৰথ নহয় জানো। কন্যাসকলে কয় - আমি শিৱবাবাৰ ৰথক অলংকৃত কৰোঁ, শিৱবাবাৰ ৰথক
খুৱাওঁ। গতিকে শিৱবাবাহে স্মৃতিত থাকে। তেওঁ হয়েই কল্যাণকাৰী পিতা। তেওঁ কয় - মই 5
তত্ত্বৰো কল্যাণ কৰোঁ। তাত কোনো বস্তুৱে কেতিয়াও কষ্ট নিদিয়ে। ইয়াততো কেতিয়াবা
ধুমুহা, কেতিয়াবা ঠাণ্ডা, কেতিয়াবা কি কি হৈ থাকে। তাততো সদায় বসন্ত ঋতু চলি থাকে।
দুখৰ নাম নাই। সেইখন হয়েই স্বর্গ। পিতা আহিছে তোমালোকক স্বর্গৰ মালিক কৰি তুলিবলৈ।
উচ্চতকৈও উচ্চ হৈছে ভগৱান, উচ্চতকৈও উচ্চ পিতা উচ্চতকৈও উচ্চ পৰম শিক্ষকো হয় তেন্তে
নিশ্চয় উচ্চতকৈও উচ্চ কৰিয়ে তুলিব। তোমালোক এই লক্ষ্মী-নাৰায়ণ আছিলা নহয়। এই
সকলোবোৰ কথা পাহৰি গৈছা। এওঁ পিতাইহে বহি বুজায়। ঋষি-মুনি আদিক সুধিছিল - আপোনালোকে
ৰচয়িতা আৰু ৰচনাক জানেনে তেতিয়া নাজানো নাজানো বুলি কৈছিল, যিহেতু তেওঁলোকৰ ওচৰতেই
জ্ঞান নাছিল তেন্তে পৰম্পৰা কেনেকৈ চলিব পাৰে। পিতাই কয় - এই জ্ঞান মই এতিয়াহে দিওঁ।
তোমালোকৰ সৎগতি হৈ গ’লে তেতিয়া জ্ঞানৰ দৰকাৰ নাথাকে। দুৰ্গতি নহয়েই। সত্যযুগক কোৱা
হয় সৎগতি। ইয়াত হৈছে দুৰ্গতি। কিন্তু এইটোও কোনেও নাজানে যে আমি দুৰ্গতিত আছোঁ।
পিতাৰ বাবে গোৱা হয় - মুক্তিদাতা, মাৰ্গ-দৰ্শক, নাৱৰীয়া। বিষয় সাগৰৰ পৰা সকলোৰে নাও
পাৰ কৰায়, সেইখনক কোৱা হয় ক্ষীৰসাগৰ। বিষ্ণুক ক্ষীৰসাগৰত দেখুৱায়। এই সকলোবোৰ হৈছে
ভক্তিমাৰ্গৰ গায়ন। ডাঙৰ ডাঙৰ পুখুৰী আছে, য'ত বিষ্ণুৰ ডাঙৰ চিত্ৰ দেখুৱায়। পিতাই
বুজায়, তোমালোকেই গোটেই বিশ্বত ৰাজত্ব কৰিছিলা। অনেক বাৰ পৰাজিত হ’লা আৰু জয়ী হ’লা।
পিতাই কয় - কাম মহাশত্রু, তাৰ ওপৰত জয়ী হ’লে তোমালোক জগতজিৎ হ’বা, গতিকে আনন্দেৰে
হোৱা উচিত নহয় জানো। লাগিলে গৃহস্থালিত, প্ৰবৃত্তি মাৰ্গতেই থাকা কিন্তু পদুম ফুলৰ
সমান পৱিত্ৰ হৈ থাকা। তোমালোকে এতিয়া কাঁইটৰ পৰা ফুল হৈ আছা। বুজি পোৱা যে এয়া হৈছে
কাঁইটৰ জংঘল ইজনে সিজনক কিমান বিৰক্ত কৰে, মাৰি পেলায়। গতিকে পিতাই মৰমৰ সন্তানসকলক
কয় - তোমালোক সকলোৰে এতিয়া বানপ্ৰস্থ অৱস্থা। সৰু-ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা।
তোমালোকে বাণীৰ সিপাৰে যাবলৈ পঢ়া নহয়। তোমালোকে এতিয়া সৎগুৰু পাইছা। তেওঁতো
তোমালোকক বানপ্ৰস্থলৈ লৈয়েই যাব। এইখন হৈছে বিশ্ব বিদ্যালয়। ভগৱানুবাচ আছে নহয়। মই
তোমালোকক ৰাজযোগ শিকাই ৰজাৰো ৰজা কৰি তোলোঁ। যিসকল পূজ্য ৰজা আছিল তেওঁলোকেই পুনৰ
পূজাৰী ৰজা হয়। গতিকে পিতাই কয় - সন্তানসকল, ভালদৰে পুৰুষাৰ্থ কৰা। দৈৱীগুণ ধাৰণ কৰা।
খোৱা-বোৱা কৰা, শ্ৰীনাথ দ্বাৰলৈ যোৱা। তাত ঘিউৰ বস্তু বহুত পোৱা যায়, ঘিউৰ কুঁৱাই
তৈয়াৰ হৈ আছে। আকৌ খায় কোনে? পূজাৰীয়ে। শ্ৰীনাথ আৰু জগন্নাথ দুয়োকে ক’লা বৰণীয়াকৈ
সাজিছে। জগন্নাথ মন্দিৰত দেৱতাসকলৰ লেতেৰা চিত্ৰ আছে, তাত হাণ্ডীত (গোলাকাৰ ডাঙৰ
পাত্ৰত) চাউল সিজায়। সেয়া তৈয়াৰ হোৱাৰ পাছত 4 ভাগ হয়। কেৱল চাউলৰে ভোগ আগবঢ়ায় কিয়নো
এতিয়া সাধাৰণ হয় নহয়। এইফালে গৰিব আৰু সেইফালে চহকী। এতিয়াতো চোৱা কিমান গৰিব আছে।
খোৱা-বোৱাৰ কাৰণে একো নাপায়। সত্যযুগততো সকলো আছে। গতিকে পিতাই আত্মাকসকলক বহি
বুজায়। শিৱবাবা অতি মৰমিয়াল। তেওঁতো হৈছে নিৰাকাৰ, স্নেহ আত্মাক কৰা হয় নহয়। আত্মাকে
আহ্বান জনোৱা হয়। শৰীৰতো জ্বলি গ’ল। মৃতকৰ আত্মাক আহ্বান জনায়, জ্যোতি জ্বলায়, ইয়াৰ
দ্বাৰা সিদ্ধ হয় যে আত্মা অন্ধকাৰত থাকে। আত্মা হয়েই শৰীৰ ৰহিত তেন্তে আকৌ অন্ধকাৰ
আদিৰ কথা কেনেকৈ হ’ব পাৰে। তাত এইবোৰ কথা নাথাকে। এই সকলোবোৰ হৈছে ভক্তিমাৰ্গ।
পিতাই কিমান ভালদৰে বুজায়। জ্ঞান বহুত মধুৰ। ইয়াত চকু মেলি শুনিবলগীয়া হয়। পিতাকতো
দেখিবা নহয়। তোমালোকে জানা যে শিৱবাবা ইয়াত বিৰাজমান হৈ আছে গতিকে চকু মেলি বহিব
লাগে নহয়। বেহদৰ পিতাক চাব লাগে নহয়। আগতে কন্যাসকলে পিতাক দেখাৰ লগে লগে ধ্যানত
গুচি গৈছিল, একেলগে বহি বহিয়েই ধ্যানত গুচি গৈছিল। চকু বন্ধ আৰু দৌৰি আছিল। আচৰিততো
আছিল নহয়। পিতাই বুজাই থাকে ইজনে সিজনক চালে তেতিয়া এনেকৈ বুজিবা - আমি ভাইৰ (আত্মাৰ)
সৈতে কথা পাতো, ভাইক বুজাওঁ। তোমালোকে বেহদৰ পিতাৰ ৰায় নামানিবানে? তোমালোক এই
অন্তিম জন্ম পৱিত্ৰ হ’লে পৱিত্ৰ সৃষ্টিৰ মালিক হ'বাগৈ। বাবাই বহুতক বুজায়। কোনোৱেতো
তৎক্ষণাৎ কৈ দিয়ে বাবা আমি নিশ্চয় পৱিত্ৰ হ’ম। পৱিত্ৰতো হৈ থকাতো ভাল। কুমাৰীসকল
পৱিত্ৰ সেইবাবে সকলোৱে মূৰ দোৱায়। বিবাহ হোৱাৰ পাছত পূজাৰী হৈ যায়। সকলোৰে আগত মূৰ
দোৱাবলগীয়া হয়। গতিকে পৱিত্ৰতা ভাল নহয় জানো। পৱিত্ৰতা থাকিলে শান্তি-সমৃদ্ধি থাকে।
সকলো পৱিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। আহ্বানো জনায় - হে পতিত-পাৱন আহক। পাৱন সৃষ্টিত
ৰাৱণ নাথাকেই। সেয়া হয়েই ৰামৰাজ্য, সকলো মিলাপ্ৰীতিৰে থাকে। ধৰ্মৰ ৰাজ্য তেন্তে
ৰাৱণ আকৌ ক’ৰ পৰা আহিল। ৰামায়ণ আদি কিমান প্ৰেমেৰে বহি শুনায়। এই সকলোবোৰ হৈছে ভক্তি।
গতিকে কন্যাসকল সাক্ষাৎকাৰত নৃত্য কৰিবলৈ ধৰে। সত্যৰ নাওৰতো গায়ন আছে - টুলুংভুটুং
কৰিব কিন্তু ডুবি নাযায়। অন্য কোনো সৎসংগলৈ যোৱাত বাধা নিদিয়ে। ইয়ালৈ অহাত কিমান
বাধা দিয়ে। পিতাই তোমালোকক জ্ঞান দিয়ে। তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱা।
ব্ৰাহ্মণতো নিশ্চয় হ'ব লাগে। পিতা হয়েই স্বৰ্গ স্থাপনা কৰোঁতা গতিকে নিশ্চয় আমিও
স্বৰ্গৰ মালিক হোৱা উচিত। আমি ইয়াত নৰকত কিয় পৰি আছোঁ। এতিয়া বুজি পোৱা গৈছে যে আগতে
আমিও পূজাৰী আছিলোঁ, এতিয়া পুনৰ 21 জন্মৰ কাৰণে পূজ্য হওঁ। 63 জন্ম পূজাৰী হ’লোঁ,
এতিয়া পুনৰ আমি পূজ্য স্বৰ্গৰ মালিক হ’মগৈ। এয়া হৈছে নৰৰ পৰা নাৰায়ণ হোৱাৰ জ্ঞান।
ভগৱানুবাচ মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। পতিত ৰজাসকলে পাৱন ৰজাসকলক নমস্কাৰ
বন্দনা কৰে। প্ৰত্যেক মহাৰজাৰ মহলত মন্দিৰ নিশ্চয় থাকিব। সেয়াও ৰাধা-কৃষ্ণ অথবা
লক্ষ্মী-নাৰায়ণৰ অথবা ৰাম-সীতাৰ। আজিকালিতো গণেশ, হনুমান আদিৰো মন্দিৰ নিৰ্মাণ কৰি
থাকে। ভক্তিমাৰ্গত কিমান অন্ধশ্ৰদ্ধা। তোমালোকে এতিয়া বুজি পোৱা যথাযথ আমি ৰাজত্ব
কৰিলোঁ আকৌ বাম (বিকাৰী) মাৰ্গত অধঃপতিত হওঁ, এতিয়া পিতাই বুজায় - তোমালোকৰ এয়া
অন্তিম জন্ম। মৰমৰ সন্তানসকল তোমালোক প্ৰথমে স্বৰ্গত আছিলা। পুনৰ অৱনমিত হৈ হৈ তলত
আহি পৰিলাহি। তোমালোকে ক’বা - আমি বহুত উচ্চ আছিলোঁ পুনৰ পিতাই আমাক উচ্চলৈ লৈ যায়।
আমি প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত পঢ়িয়েই আহিছোঁ। ইয়াকে কোৱা হয় বিশ্বৰ ইতিহাস-ভূগোলৰ
পুনৰাবৃত্তি।
বাবাই কয় - মই
তোমালোক সন্তানসকলক বিশ্বৰ মালিক কৰি তোলোঁ। গোটেই বিশ্বত তোমালোকৰ ৰাজত্ব হ'ব।
গীততো আছে নহয় - বাবা আপুনি এনেকুৱা ৰাজ্য দিয়ে যাক কোনেও কাঢ়ি নিব নোৱাৰে। এতিয়াতো
কিমান খণ্ড। পানীক লৈ, মাটিক লৈ যুঁজ-বাগৰ লাগি থাকে। নিজৰ নিজৰ প্ৰান্তৰ
তত্ত্বাৱধান লৈ থাকে। নকৰিলে চেমনীয়াসকলে পাথৰ মাৰিবলৈ ধৰে। তেওঁলোকে ভাবে এই
তৰুণসকলে বলৱান হৈ ভাৰতক ৰক্ষা কৰিব। গতিকে এতিয়া শক্তি প্ৰদৰ্শন কৰি থাকে। জগতৰ
অৱস্থা চোৱা কেনেকুৱা। ৰাৱণৰাজ্য নহয় জানো।
পিতাই কয় - এয়া হয়েই
আসুৰি সম্প্ৰদায়। তোমালোক এতিয়া দৈৱী সম্প্ৰদায়ৰ হৈ আছা। দেৱতা আৰু অসুৰৰ আকৌ কেনেকৈ
যুদ্ধ হ’ব। তোমালোকতো দ্বৈত অহিংসক হোৱা। তেওঁলোক (দেৱী-দেৱতাসকল) হৈছে দ্বৈত
অহিংসক। দেৱী-দেৱতাসকলক দ্বৈত অহিংসক বুলি কোৱা হয়। অহিংসা পৰম দেৱী-দেৱতা ধর্ম বুলি
কোৱা হয়। বাবাই বুজাইছে - কাৰোবাক বাণীৰে দুখ দিয়াটোও হিংসা। তোমালোক দেৱতা হোৱা
গতিকে প্ৰতিটো কথাত মাৰ্জিত হোৱা উচিত। খোৱা-বোৱা আদি অতি উচ্চও হ’ব নালাগে আৰু অতি
নীচো হ’ব নালাগে। একৰস। ৰজাসকলে বহুত কম কথা কয়। প্ৰজাৰো ৰজাৰ প্ৰতি বহুত স্নেহ থাকে
। ইয়াত চোৱা কি হৈ আছে। কিমান আন্দোলন। পিতাই কয় - যেতিয়া এনেকুৱা অৱস্থা হৈ যায়
তেতিয়া মই আহি বিশ্বত শান্তি স্থাপনা কৰোঁ। চৰকাৰে বিচাৰে - সকলো লগ হৈ এক হৈ যাওক।
হওতে সকলো ভাই ভাই কিন্তু এয়াতো হৈছে খেল। পিতাই সন্তানসকলক কয় - তোমালোকে কোনো
চিন্তা নকৰিবা। শস্যৰ এতিয়া অভাৱ। তাততো শস্য ইমান হৈ যাব, পইচা অবিহনে যিমান বিচৰা
সিমান পাই থাকিবা। এতিয়া সেই দৈৱী ৰাজধানী স্থাপনা কৰি আছে। আমি স্বাস্থ্যও এনেকুৱা
কৰি দিওঁ যে কেতিয়াও কোনো ৰোগ নহ’বই, নিশ্চয়তা আছে। আমি চৰিত্ৰও এই দেৱী-দেৱতাসকলৰ
দৰে গঠন কৰোঁ। যেনেকুৱা মন্ত্ৰী তেনেকুৱাকৈয়ে তেওঁক বুজাব পাৰা। যুক্তিৰে বুজাব লাগে।
মন্তব্যত বহুত ভাল বুলি লিখে। কিন্তু হেৰ’ আপুনিওতো বুজক। তেতিয়া কয় - সময় নাই।
আপোনালোক গণ্যমান্য লোকসকলে অলপ আৱাজ কৰিলে গৰিবসকলৰো ভাল হ'ব।
পিতাই বুজায় - এতিয়া
সকলোৰে শিৰত কাল (মৃত্যু) থিয় হৈ আছে। আজি-কালি কৰোঁতে কৰোঁতে কালে খাই পেলাব।
তোমালোক কুম্ভকৰ্ণৰ দৰে হৈ গৈছা। সন্তানসকলে বুজাওঁতে বহুত আমোদো পায়। বাবাইহে এই
চিত্ৰ আদি তৈয়াৰ কৰাইছে। দাদাৰ (ব্ৰহ্মা বাবাৰ) এই জ্ঞান আছিল জানো। তোমালোকে
উত্তৰাধিকাৰ লৌকিক আৰু পাৰলৌকিক পিতাৰ পৰা পোৱা। অলৌকিক পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা
নাযায়। এওঁতো হৈছে দালাল, এওঁৰ সম্পত্তি নাই। প্ৰজাপিতা ব্ৰহ্মাক স্মৰণ কৰিব নালাগে।
মোৰ পৰাতো তোমালোকে একো নোপোৱা। ময়ো পঢ়োঁ, উত্তৰাধিকাৰ হয়েই এক হদৰ, দ্বিতীয়তে
বেহদৰ পিতাৰ। প্রজাপিতা ব্ৰহ্মাই কি উত্তৰাধিকাৰ দিব। পিতাই কয় – মামেকম্ (কেৱল
মোক) স্মৰণ কৰা, এওঁতো ৰথ হয় নহয়। ৰথকতো স্মৰণ কৰিব নালাগে। উচ্চতকৈও উচ্চ বুলি
ভগৱানক কোৱা হয়। পিতাই আত্মাসকলক বহি বুজায়। আত্মায়ে সকলোবোৰ কৰে নহয়। এটা শৰীৰ এৰি
অন্য এটা লয়। যেনেকৈ সাপৰ দৃষ্টান্ত আছে। ভোমোৰাও তোমালোক হোৱা। জ্ঞানৰ ভোঁ ভোঁ কৰা।
তোমালোকে জ্ঞান শুনাই শুনাই যিকোনো লোককে বিশ্বৰ মালিক কৰি তুলিব পাৰা। পিতা যিয়ে
তোমালোকক বিশ্বৰ মালিক কৰি তোলে এনেহেন পিতাক কিয় স্মৰণ নকৰিবা। এতিয়া যিহেতু পিতা
আহিছে তেন্তে উত্তৰাধিকাৰ কিয় ল’ব নালাগে। এনেকৈ কিয় কয় যে সময়ে নাপাওঁ। ভাল ভাল
সন্তানেতো চেকেণ্ডত বুজি পাই যায়। বাবাই বুজাইছে - মনুষ্যই লক্ষ্মীক পূজা কৰে, এতিয়া
লক্ষ্মীৰ পৰা কি পোৱা যায় আৰু অম্বাৰ পৰা কি পোৱা যায়? লক্ষ্মীতো হয়েই স্বৰ্গৰ দেৱী।
তেওঁৰ পৰা পইচা ভিক্ষা মাগে। অম্বাইতো বিশ্বৰ মালিক কৰি তোলে। সকলো কামনা পূৰ্ণ কৰি
দিয়ে। শ্ৰীমতৰ দ্বাৰা সকলো কামনা পূৰ্ণ হৈ যায়। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই
কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা যাতে কোনো ভুল নহয় তাৰ বাবে “মই আত্মা”, এইটো স্মৃতি দৃঢ়
কৰিব লাগে। শৰীৰক চাব নালাগে। একমাত্ৰ পিতাৰ প্ৰতি মনোযোগ দিব লাগে।
(2) এতিয়া বানপ্ৰস্থ
অৱস্থা সেইবাবে বাণীৰ সিপাৰে যোৱাৰ পুৰুষাৰ্থ কৰিব লাগে, পৱিত্ৰ নিশ্চয় হ'ব লাগে।
বুদ্ধিত থাকিব লাগে যে সত্যৰ নাও টুলুংভুটুং কৰিব, ডুবি নাযায়... সেইবাবে বিঘিনিলৈ
ভয় কৰিব নালাগে।
বৰদান:
ড্ৰামাৰ
জ্ঞানেৰে অবিচলিত স্থিতি গঢ়ি কৰি তোলোঁতা প্ৰকৃতি আৰু মায়াজিৎ হোৱা
প্ৰকৃতি আৰু মায়াৰ
দ্বাৰা যেনেকুৱাই কাকত নাহক কিন্তু অলপো যাতে অস্থিৰ নোহোৱা। এইটো কি, এইটো কিয়, এই
প্ৰশ্নও যদি উদয় হয়, অলপো কোনো সমস্যা প্ৰহাৰ কৰোঁতা হৈ গ’ল তেন্তে অকৃতকাৰ্য হৈ
যাবা সেই কাৰণে যিয়েই নহওক কিন্তু ভিতৰৰ পৰা এইটো আৱাজ উচ্চাৰিত হওক যে বাঃ! মিঠা
ড্ৰামা, হায়! কি হ’ল- এইটো সংকল্পও যাতে উদয় নহয়। এনেকুৱা স্থিতি হওক যে যাতে
সংকল্পতো কোনো অস্থিৰতা নাহে। সদায় অচল-অটল স্থিতি হওক তেতিয়া প্ৰকৃতিজিৎ বা
মায়াজিতৰ বৰদান প্ৰাপ্ত হ’ব।
স্লোগান:
শুভ বাৰ্তা শুনাই আনন্দিত কৰা এইটোৱেই সকলোতকৈ শ্ৰেষ্ঠ কৰ্তব্য।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
বৰ্তমান এইটো
অভ্যাসেই মহাৰথীসকলৰ পুৰুষাৰ্থ। এতিয়াই কৰ্মযোগী, এতিয়াই কৰ্মাতীত স্থিতি। পুৰণি
জগতত পুৰণা অন্তিম শৰীৰৰ যিকোনো প্ৰকাৰৰ ব্যাধিয়ে যাতে নিজৰ শ্ৰেষ্ঠ স্থিতি বিচলিত
নকৰে। স্ব-চিন্তন, জ্ঞান-চিন্তন, শুভ-চিন্তক হোৱাৰ চিন্তনেই যাতে চলে তেতিয়া
কৰ্মাতীত স্থিতি বুলি কোৱা হ’ব।