18.01.25 Avyakt Bapdada
Assame
Murli
18.01.2025 Om Shanti Madhuban
“*“পিতাশ্ৰী জীৰ
পুণ্য স্মৃতি দিৱসত প্ৰাতঃ ক্লাচত শুনাবৰ কাৰণে বাপদাদাৰ মধুৰ অমূল্য মহাবাক্য”*”
ওঁম্ শান্তি। আত্মিক
পিতাই এতিয়া তোমালোক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰি আছে, শিক্ষা প্ৰদান কৰি আছে।
শিক্ষকৰ কাম হৈছে শিক্ষা প্ৰদান কৰা আৰু গুৰুৰ কাম হৈছে লক্ষ্য দেখুৱাই দিয়া।
লক্ষ্য হৈছে মুক্তি জীৱনমুক্তিৰ। মুক্তিৰ কাৰণে স্মৃতিৰ যাত্ৰা বহুত জৰুৰী আৰু
জীৱনমুক্তিৰ কাৰণে ৰচনাৰ আদি-মধ্য-অন্তক জনা জৰুৰী। এতিয়া 84 ৰ চক্ৰ পূৰা হৈছে,
এতিয়া ঘৰলৈ উভতি যাব লাগে। নিজৰ লগত এনেধৰণৰ কথা পাতিলে বৰ আনন্দিত হ’বা আৰু আনকো
আনন্দিত কৰি তুলিবা। আনৰ ওপৰতো মাৰ্গ-দৰ্শন কৰাৰ, তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি
তোলাৰ কৃপা কৰিব লাগে। বাবাই তোমালোক সন্তানসকলক পুণ্য আৰু পাপৰ গহন গতিও বুজাইছে।
পুণ্য কি আৰু পাপ কি! সকলোতকৈ ডাঙৰ পুণ্য হৈছে – পিতাক স্মৰণ কৰা আৰু আনকো স্মৃতি
সোঁৱৰাই দিয়া। সেৱাকেন্দ্ৰ খোলা, তন-মন-ধন আনৰ সেৱাত লগোৱা, এয়া হৈছে পুণ্য। সংগ
দোষত আহি ব্যৰ্থ চিন্তন, পৰচিন্তনত নিজৰ সময় নষ্ট কৰা এয়া হৈছে পাপ। যদি কোনোবাই
পুণ্য কৰোঁতে কৰোঁতে পাপ কৰি দিয়ে তেন্তে কৰি থোৱা গোটেই উপাৰ্জন শেষ হৈ যায়। যি
কিছু পুণ্য কৰিছিল সেয়া সকলো শেষ হৈ যায়, তেতিয়া জমাৰ সলনি উদং হৈ যায়। পাপ কৰ্মৰ
শাস্তিও জ্ঞানী আত্মাৰ কাৰণে 100 গুণ কিয়নো সৎগুৰুৰ নিন্দুক হৈ যায় সেইবাবে পিতাই
শিক্ষা দিয়ে হে মৰমৰ সন্তানসকল, কেতিয়াও পাপ কৰ্ম নকৰিবা। বিকাৰৰ আঘাতৰ পৰা সাৱধানে
থাকিবা।
পিতাৰ সন্তানসকলৰ প্ৰতি স্নেহ আছে সেয়েহে দয়াও ওপজে। পিতাই (ব্ৰহ্মাই) অনুভৱ শুনায়
- যেতিয়া একান্তত বহে তেতিয়া প্ৰথমে অনন্য সন্তানসকল স্মৃতিলৈ আহে। যদিওবা বিলাতত
আছে নতুবা য’তেই নাথাকক। কোনোবা ভাল সেৱাধাৰী সন্তানে শৰীৰ ত্যাগ কৰিলে তেতিয়া
তেওঁৰ আত্মাকো স্মৰণ কৰি শক্তিৰ কিৰণ দিয়ে। এইটো তোমালোক সন্তানসকলে জানা ইয়াত দুগচি
চাকি আছে, দুয়োটাৰে পোহৰ একত্ৰিত হৈ আছে। এই দুয়োটা শক্তিশালী ‘লাইট’। ৰাতিপুৱাৰ
সমখিনি ভাল, স্নান কৰি একান্তত গুচি যাব লাগে। ভিতৰি বহুত আনন্দিতও হৈ থাকিব লাগে।
বেহদৰ পিতাই বহি সন্তানসকলক বুজায় – মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজি মোক
পিতাক আৰু নিজৰ ঘৰক স্মৰণ কৰা। সন্তানসকল, এই স্মৃতিৰ যাত্ৰা কেতিয়াও পাহৰিব নালাগে।
স্মৃতিৰ দ্বাৰাই তোমালোক পাৱন হ’বা। পাৱন নোহোৱাকৈ তোমালোক ঘৰলৈ উভতি যাব নোৱাৰা।
মুখ্য হৈছে জ্ঞান আৰু যোগ। পিতাৰ ওচৰত এয়াই বৰ ডাঙৰ সম্পদ যিটো সন্তানসকলক দিয়ে,
ইয়াত যোগৰ বিষয়টি বৰ ডাঙৰ। সন্তানসকলে ভালকৈ স্মৰণ কৰিলে তেতিয়া স্মৃতিৰ দ্বাৰা
পিতাৰো স্মৃতি পায়। স্মৃতিৰ যোগেদি সন্তানে পিতাক আকৰ্ষিত কৰে। শেষৰ ফালে অহাসকলে
যিসকলে উচ্চ পদ পায়, তাৰ আধাৰো হৈছে স্মৃতি। তেওঁলোকে আকৰ্ষিত কৰে। এনেকৈ কয় নহয় –
বাবা ৰহম কৰক, কৃপা কৰক ইয়াতো মুখ্যত স্মৃতিয়েই লাগে। স্মৃতিৰ দ্বাৰাহে শক্তি পাই
থাকিব, ইয়াৰ দ্বাৰা আত্মা স্বাস্থ্যৱান হয়, ভৰপূৰ হৈ যায়। কোনোবা সময়ত পিতাই কোনো
সন্তানক শক্তিৰ কিৰণ দিবলগীয়া হ’লে তেতিয়া টোপনিও নোহোৱা হৈ যায়। এইটো চিন্তা থাকে
যে অমুকক শক্তিৰ কিৰণ দিব লাগে। তোমালোকে জানা শক্তিৰ কিৰণ পালে আয়ুস বাঢ়ে, সৰ্বদা
স্বাস্থ্যৱান হয়। এনেকুৱাও নহয় একেটা স্থানতে বহি স্মৰণ কৰিব লাগে। পিতাই বুজায় –
চলোঁতে-ফুৰোঁতে, ভোজন খাওঁতে, কাৰ্য কৰোঁতেও পিতাক স্মৰণ কৰা। আনক শক্তিৰ কিৰণ দিবলৈ
হ’লে ৰাতিও জাগি থাকা। সন্তানসকলক বুজোৱা হৈছে – ৰাতিপুৱা সোনকালে উঠি যিমানে পিতাক
স্মৰণ কৰিবা সিমানে আকৰ্ষিত হ’ব। পিতায়ো শক্তিৰ কিৰণ দিব। আত্মাক স্মৰণ কৰা অৰ্থাৎ
শক্তিৰ কিৰণ দিয়া, আকৌ ইয়াক কৃপা বুলি কোৱা বা আশীৰ্বাদ বুলি কোৱা।
তোমালোক সন্তানসকলে জানা যে এইখন অনাদি ৰচি থোৱা ড্ৰামা। এয়া জয়-পৰাজয়ৰ খেল। যি হয়
সেয়া ঠিক। ৰচয়িতাৰ ড্ৰামা নিশ্চয় পচন্দ হ’ব নহয়। সেয়েহে ৰচয়িতাৰ সন্তানসকলৰো পচন্দ
হ’ব। এই ড্ৰামাখনত পিতাই এবাৰে সন্তানসকলৰ ওচৰলৈ গভীৰ আন্তৰিক প্ৰেমেৰে সেৱা কৰিবলৈ
আহে। পিতাৰ বাবেতো সকলো সন্তানেই মৰমৰ। তোমালোকে জানা যে সত্যযুগত সকলোৱে
ইজনে-সিজনক অতি মৰম-চেনেহ কৰে। জীৱ-জন্তুৰ মাজতো মৰম-চেনেহ থাকে। এনেকুৱা কোনো
জীৱ-জন্তু নাথাকে যি মৰম-চেনেহেৰে নাথাকে। সেয়েহে তোমালোক সন্তানসকলো ইয়াত মাষ্টৰ
প্ৰেমৰ সাগৰ হ’ব লাগে। ইয়াত হ’লেহে সেই সংস্কাৰ অবিনাশী হৈ যাব। পিতাই কয় – কল্প
পূৰ্বৰ দৰে হুবহু পুনৰাই মৰমিয়াল কৰি তুলিবলৈ আহিছোঁ। কেতিয়াবা কোনোবা সন্তানৰ
ক্ৰোধৰ আৱাজ শুনিলে পিতাই শিক্ষা দিয়ে যে - হে সন্তান, ক্ৰোধ কৰা ভাল কথা নহয়, ইয়াৰে
তুমিও দুখী হ’বা, আনকো দুখী কৰিবা। পিতা হৈছে সদাকালৰ বাবে সুখ দিওঁতা সেয়েহে
সন্তানসকলো পিতাৰ সমান হ’ব লাগে। ইজনে-সিজনক কেতিয়াও দুখ দিব নালাগে। অতিকৈ মৰমিয়াল
হ’ব লাগে। মৰমৰ পিতাক বহুত মৰমেৰে স্মৰণ কৰিলে নিজৰো কল্যাণ লগতে আনৰো কল্যাণ কৰিবা।
এতিয়া বিশ্বৰ মালিক তোমালোকৰ ওচৰলৈ অতিথি হৈ আহিছে। তোমালোক সন্তানসকলৰ সহযোগেৰেহে
বিশ্বৰ কল্যাণ হ’ব। যেনেকৈ তোমালোক আত্মিক সন্তানসকলৰ পিতা অতি প্ৰিয়, তেনেকৈ পিতাৰো
তোমালোক আত্মিক সন্তানসকল অতি মৰমৰ কিয়নো তোমালোকেহে শ্ৰীমতত গোটেই বিশ্বৰ কল্যাণ
কৰোঁতা হোৱা। এতিয়া তোমালোক ইয়াত ঈশ্বৰীয় পৰিয়ালত বহি আছা। পিতা সন্মুখত বহি আছে।
তোমাৰ সৈতেই খাওঁ, তোমাৰ সৈতেই বহোঁ... তোমালোকে জানা যে শিৱবাবা এওঁৰ শৰীৰত আহি কয়
- হে মৰমৰ সন্তানসকল, দেহ সহিত দেহৰ সকলো সম্বন্ধীয়ক পাহৰি মামেকম্ স্মৰণ কৰা। এয়া
অন্তিম জন্ম, এয়া হৈছে পুৰণি সৃষ্টি, পুৰণি দেহ শেষ হৈ যাব। প্ৰবাদো আছে তুমি মৰি
গ’লা মানে তোমাৰ বাবে জগতখনো মৰি গ’ল। পুৰুষাৰ্থৰ বাবে সংগমৰ অলপ সময় আছে।
সন্তানসকলে সোধে - বাবা এই পঢ়া কেতিয়ালৈকে চলিব! যেতিয়ালৈকে দৈৱী ৰাজধানী স্থাপনা
নহয় তেতিয়ালৈকে শুনাই থাকিব। তাৰ পাছত নতুন সৃষ্টিলৈ স্থানান্তৰ হ’বা। বাবা কিমান
নিৰহংকাৰেৰে তোমালোক সন্তানসকলৰ সেৱা কৰে, সেয়েহে তোমালোক সন্তানসকলেও ইমান সেৱা
কৰিব লাগে। শ্ৰীমতত চলিব লাগে। ক’ৰবাত নিজৰ মত দেখুৱালে ভাগ্য ৰেখা খণ্ডিত হৈ যাব।
তোমালোক ব্ৰাহ্মণসকল হৈছা ঈশ্বৰীয় সন্তান। ব্ৰহ্মাৰ সন্তান ভাই-ভনী হোৱা, ঈশ্বৰীয়
নাতি-নাতিনী হোৱা, তেওঁৰ পৰা উত্তৰাধিকাৰ লৈ আছা। যিমানে পুৰুষাৰ্থ কৰিবা সিমানে পদ
পাবা। ইয়াত সাক্ষী হৈ থকাৰো বহুত অভ্যাস লাগে। পিতাৰ প্ৰথম আদেশ হৈছে অশৰীৰী হোৱা,
দেহী-অভিমানী হোৱা। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা তেতিয়াহে যি খাদ (বিকাৰৰ
লেপ) পৰিছে সেয়া আঁতৰিব, সঁচা সোণ হৈ যাবা। তোমালোক সন্তানসকলে অধিকাৰেৰে ক’ব পাৰা
বাবা – অ’ মৰমৰ বাবা, আপুনি মোক নিজৰ কৰি লৈ উত্তৰাধিকাৰত সকলো দি দিলে। এই
উত্তৰাধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে, তোমালোক সন্তানসকলৰ ইমানখিনি নিচা থাকিব লাগে।
তোমালোকেই সকলোকে মুক্তি-জীৱনমুক্তিৰ মাৰ্গ-দৰ্শন কৰোঁতা ‘লাইট-হাউচ’ হোৱা,
উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে তোমালোকে ‘লাইট-হাউচ’ হৈ থাকা।
পিতাই কয় - সন্তানসকল, এতিয়া সময় বহুত কম, গায়নো কৰা হয় – এঘণ্টা, আধা ঘণ্টা...
যিমান পাৰি এক পিতাক স্মৰণ কৰিবলৈ লাগি যোৱা আৰু খতিয়ানৰ তালিকা বঢ়াই গৈ থাকা। ভাল
বাৰু!
অতিকৈ মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা ভাগ্যৱান আৰু মৰমৰ সন্তানসকলৰ প্ৰতি
মাতা-পিতা বাপদাদাৰ গভীৰ আন্তৰিক প্ৰেমসহিত স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক
পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
অব্যক্ত
মহাবাক্য - নিৰন্তৰ যোগী হোৱা
যেনেকৈ এক চেকেণ্ডত শ্বুইট্চ অফ্ আৰু অন্ কৰা হয়, তেনেকৈ এক চেকেণ্ডত শৰীৰৰ আধাৰ
ল’লা আকৌ এক চেকেণ্ডত শৰীৰৰ পৰা উৰ্দ্ধত অশৰীৰী স্থিতিত স্থিৰ হৈ যোৱা। এতিয়াই
শৰীৰত আহিলা আকৌ এতিয়াই অশৰীৰী হৈ গ’লা, এইটো অভ্যাস কৰিব লাগে, ইয়াকে কৰ্মাতীত
অৱস্থা বুলি কোৱা হয়। যেনেকৈ কোনো বস্ত্ৰ ধাৰণ কৰা বা নকৰা সেয়া নিজৰ হাতত থাকে।
আৱশ্যক হ’ল ধাৰণ কৰিলা, আৱশ্যক নহ’লে খুলি দিলা। এনেকুৱাই অনুভৱ এই শৰীৰ ৰূপী
বস্ত্ৰ ধাৰণ কৰা নকৰাৰ ক্ষেত্ৰত হ’ব লাগে। কৰ্ম কৰিও এনেকুৱা অনুভৱ হ’ব লাগে যেন
কোনো বস্ত্ৰ ধাৰণ কৰি কাৰ্য কৰি আছোঁ, কাৰ্য সম্পূৰ্ণ হ’ল আৰু বস্ত্ৰৰ পৰা পৃথক হ’লা।
শৰীৰ আৰু আত্মা দুয়োটাৰ ভিন্নতাৰ বোধ চলোঁতে-ফুৰোঁতে অনুভৱ হওঁক। যেনেকৈ কোনো
অভ্যাস গঢ়ি উঠে নহয়, কিন্তু এইটো অভ্যাস কাৰ হ’ব পাৰে? যিয়ে শৰীৰৰ লগত বা শৰীৰৰ
সম্বন্ধৰ যিবোৰ কথা আছে, শৰীৰৰ সৃষ্টি, সম্বন্ধ বা অনেক যি বস্তু আছে সেইবোৰৰ পৰা
সম্পূৰ্ণ পৃথক হ’ব, অলপো আকৰ্ষণ নাথাকিব তেতিয়াহে উৰ্দ্ধত থাকিব পাৰিবা। যদি
সূক্ষ্ম সংকল্পতো পাতলবোধ নাই, পৃথক হ’ব নোৱাৰা তেন্তে উৰ্দ্ধত থকাৰ অনুভৱ হ’ব
নোৱাৰে। সেয়েহে প্ৰত্যেকে এইটো অভ্যাস কৰিব লাগে, একেবাৰে উৰ্দ্ধত থকাৰ অনুভৱ হওঁক।
এইটো অৱস্থাত থাকিলে অন্য আত্মাসকলৰো তোমালোকৰ দ্বাৰা উৰ্দ্ধত থকাৰ অনুভৱ হ’ব,
তেওঁলোকেও উপলব্ধি কৰিব। যেনেকৈ যোগত বহাৰ সময়ত বহুত আত্মাৰ অনুভৱ হয় নহয়, এই ড্ৰিল
কৰাওঁতাগৰাকী উৰ্দ্ধত অৱস্থাত আছে, তেনেকৈ চলোঁতে-ফুৰোঁতে ফৰিস্তাবোধৰ সাক্ষাৎকাৰ
হ’ব। ইয়াত বহিও অনেক আত্মাক, যিসকল তোমালোকৰ সত্যযুগৰ পৰিয়ালত সমীপত আহিবলগীয়া হ’ব,
তেওঁলোকৰ তোমালোকৰ ফৰিস্তা ৰূপ আৰু ভৱিষ্যত ৰাজ্য পদ দুয়োটাৰে একেলগে সাক্ষাৎকাৰ
হ’ব। যেনেকৈ আৰম্ভণিত ব্ৰহ্মাৰ মাজত সম্পূৰ্ণ স্বৰূপ আৰু শ্ৰীকৃষ্ণ দুয়োজনৰে একেলগে
সাক্ষাৎকাৰ কৰিছিল, তেনেকৈ এতিয়া তেওঁলোকেও তোমালোকৰ দ্বৈত ৰূপৰ সাক্ষাৎকাৰ কৰিব।
যিমানে ক্ৰমানুসৰি এইটো উৰ্দ্ধত অৱস্থা আহি গৈ থাকিব তেতিয়া তোমালোকৰো এই দ্বৈত
সাক্ষাৎকাৰ হ’ব। এতিয়া এইটো পূৰা অভ্যাস হৈ গ’লে তেতিয়া অ’ৰ-ত’ৰ পৰা এয়াই বাতৰি অহা
আৰম্ভ হৈ যাব। যেনেকৈ আৰম্ভণিত ঘৰত বহি থাকিও সমীপত আহিবলগীয়া অনেক আত্মাৰ
সাক্ষাৎকাৰ হ’ল নহয়। তেনেকৈ এতিয়াও সাক্ষাৎকাৰ হ’ব। ইয়াত বহি থাকিও বেহদত তোমালোকৰ
সূক্ষ্ম স্বৰূপে সেৱা কৰিব। এতিয়া এইটোৱে সেৱা বাকী আছে। সাকাৰত সকলো উদাহৰণতো
দেখিলা। সকলো কথা ক্ৰম অনুযায়ী ড্ৰামা অনুসৰি হ’ব। যিমানে স্বয়ং আকাৰী ফৰিস্তা
স্বৰূপত থাকিবা সিমানে তোমালোকৰ ফৰিস্তা ৰূপেও সেৱা কৰিব। আত্মাৰ গোটেই বিশ্ব
পৰিক্ৰমা লগাবলৈ কিমান সময় লাগে? গতিকে এতিয়া তোমালোকৰ সূক্ষ্ম স্বৰূপেও সেৱা কৰিব
কিন্তু যিসকল এইটো উৰ্দ্ধত অৱস্থাত থাকিব তেওঁলোকৰহে। স্বয়ং ফৰিস্তা ৰূপত থাকিব।
আৰম্ভণিত সকলো সাক্ষাৎকাৰ হৈছে। ফৰিস্তা ৰূপত সম্পূৰ্ণ অৱস্থা আৰু পুৰুষাৰ্থী অৱস্থা
দুয়োটাৰে বেলেগে বেলেগে সাক্ষ্যৎকাৰ হৈছিল। যেনেকৈ সাকাৰ ব্ৰহ্মা আৰু সম্পূৰ্ণ
ব্ৰহ্মাৰ ভিন্ন ভিন্ন সাক্ষাৎকাৰ হৈছিল, তেনেকৈ অনন্য সন্তানসকলৰো সাক্ষাৎকাৰ হ’ব।
হুলস্থুল যেতিয়া হ’ব তেতিয়া সাকাৰ শৰীৰৰ দ্বাৰা একো কৰিব নোৱাৰিবা আৰু প্ৰভাৱো এই
সেৱাৰ দ্বাৰাই পৰিব। যেনেকৈ আৰম্ভণিতো সাক্ষাৎকাৰৰ দ্বাৰাই প্ৰভাৱ পৰিল নহয়।
পৰোক্ষ-অপৰোক্ষভাৱে অনুভৱে প্ৰভাৱ পেলালে। তেনেকৈ অন্তিমতো এয়াই সেৱা হ’ব। নিজৰ
সম্পূৰ্ণ স্বৰূপৰ সাক্ষাৎকাৰ নিজৰ ক্ষেত্ৰত হয়নে? এতিয়া শক্তিসমূহক আহ্বান জনোৱা
আৰম্ভ হৈ গৈছে। এতিয়া পৰামাত্মাক কমকৈ আহ্বান জনায়, শক্তিসমূহক আহ্বান জনোৱা তীব্র
গতিৰে আৰম্ভ হৈ গৈছে। সেয়েহে এনেকুৱা অভ্যাস মাজে মাজে কৰিব লাগে। অভ্যাস হ’লে
তেতিয়া বহুত আনন্দৰ অনুভৱ হ’ব। এক চেকেণ্ডত আত্মা শৰীৰৰ পৰা পৃথক হৈ যাব, অভ্যাস হৈ
যাব। এতিয়া এইটোৱে পুৰুষাৰ্থ কৰিব লাগে।
বৰ্তমান সময়ত মনন শক্তিৰে আত্মাত সৰ্ব শক্তি আহৰণ কৰাৰ আৱশ্যকতা আছে তেতিয়াহে মগন
অৱস্থা থাকিব আৰু বিঘিনি নোহোৱা হৈ যাব। বিঘিনিৰ লহৰ তেতিয়াহে আহে যেতিয়া আত্মিকতাৰ
ফালে তীব্ৰতা কম হৈ যায়। সেয়েহে বৰ্তমান সময়ত শিৱৰাত্ৰিৰ সেৱাৰ পূৰ্বে নিজৰ মাজত
শক্তি আহৰণ কৰাৰ তীব্ৰতাৰ প্ৰয়োজন। যোগৰ কাৰ্যসূচী যদিও ৰাখা কিন্তু যোগৰ দ্বাৰা
শক্তিসমূহৰ অনুভৱ কৰা, কৰোৱা এতিয়া এনেকুৱা ক্লাচৰ আৱশ্যকতা আছে। প্ৰত্যক্ষভাৱে
নিজৰ শক্তিৰ আধাৰত আনক শক্তি দিয়া। কেৱল বাহিৰৰ সেৱাৰ পৰিকল্পনাৰ কথা ভাবিব নালাগে
কিন্তু সকলো ফালেই পূৰা মনোযোগ দিব লাগে। যিসকল নিমিত্ত হৈছে তেওঁলোকৰ এইটো খেয়াল
আহিব লাগে যে আমাৰ বাগিচা কোনোটো কথাত দুৰ্বল। যিকোনো ৰীতিৰে নিজৰ বাগিচাৰ
দুৰ্বলতাৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগে। সময় দিও দুৰ্বলতাবোৰ দূৰ কৰিব লাগে।
যেনেকৈ সাকাৰ ৰূপ দেখিলা, এনেকুৱা যিকোনো লহৰ অহাৰ সময়ত, তেতিয়া দিনে-ৰাতিয়ে শক্তিৰ
কিৰণ দিয়াৰ বিশেষ সেৱা, বিশেষ পৰিকল্পনা চলিছিল। নিৰ্বল আত্মাসকলক শক্তি দিয়াৰ প্ৰতি
বিশেষ মনোযোগ দিছিল যাৰ দ্বাৰা অনেক আত্মাৰ অনুভৱো হৈছিল। ৰাতি ৰাতিও সময় উলিয়াই
আত্মাসকলক শক্তিৰ কিৰণ দিয়াৰ সেৱা চলিছিল। গতিকে এতিয়া বিশেষ শক্তিৰ কিৰণ দিয়াৰ সেৱা
কৰিব লাগে। ‘লাইট-হাউচ’, ‘মাইট- হাউচ’ হৈ এই সেৱা বিশেষভাৱে কৰিব লাগে, তেতিয়া
চাৰিওফালে ‘লাইট-মাইট’ৰ প্ৰভাৱ বিয়পি পৰিব। এতিয়া ইয়াৰে আৱশ্যকতা আছে। যেনেকৈ কোনোবা
চহকী হ’লে তেওঁ নিজৰ সমীপৰ সম্বন্ধীয়সকলক সহায় কৰি উন্নতিৰ ফালে লৈ আনে, তেনেকৈ
বৰ্তমান সময়ত যিসকল দুৰ্বল আত্মা সম্পৰ্ক আৰু সম্বন্ধত আছে, তেওঁলোকক বিশেষ শক্তিৰ
কিৰণ দিব লাগে। ভাল বাৰু!
বৰদান:
হাজাৰ ভূজাধাৰী
পিতা ব্ৰহ্মাৰ সান্নিধ্য নিৰন্তৰ অনুভৱ কৰোঁতা সঁচা স্নেহী হোৱা
বৰ্তমান সময়ত হাজাৰ
ভূজাধাৰী পিতা ব্ৰহ্মাৰ ৰূপৰ ভূমিকা চলি আছে। যেনেকৈ আত্মা অবিহনে ভূজাই একো কৰিব
নোৱাৰে, তেনেকৈ বাপদাদা অবিহনে ভূজাৰূপী সন্তানসকলে একো কৰিব নোৱাৰে। প্ৰতিটো
কাৰ্যত প্ৰথমে পিতাৰ সহযোগ থাকে। যেতিয়ালৈকে স্থাপনাৰ ভূমিকা আছে তেতিয়ালৈকে
বাপদাদাই সন্তানসকলৰ প্ৰতিটো সংকল্পত আৰু চেকেণ্ডত লগত আছে সেই কাৰণে কেতিয়াও
বিচ্ছেদৰ আঁৰকাপোৰ আঁৰি বিয়োগী নহ’বা। প্ৰেমৰ সাগৰৰ ঢৌত খেলা, গুণগান কৰা কিন্তু
আঘাতপ্ৰাপ্ত নহ’বা। পিতাৰ স্নেহৰ প্ৰত্যক্ষ স্বৰূপ সেৱাৰ স্নেহী হোৱা।
স্লোগান:
অশৰীৰী স্থিতিৰ অনুভৱ
আৰু অভ্যাসেই আগত স্থান লোৱাৰ আধাৰ।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সকলো সময়ত, প্ৰত্যেক
আত্মাৰ প্ৰতি মনেৰে স্বতঃ শুভ-ভাৱনা আৰু শুভ-কামনাৰ শুদ্ধ প্ৰকম্পন দিওঁতা - এইটো
অনুভৱ নিজৰো আৰু আনৰো হওঁক। মনেৰে সকলো সময়ত সকলো আত্মাৰ প্ৰতি আশীৰ্বাদ নিগৰি থাকক।
মন সদায় এইটো সেৱাত ব্যস্ত হৈ থাকক। যেনেকৈ বাণীৰ সেৱাত ব্যস্ত হৈ থকাৰ অনুভৱী হৈ
গ’লা। যদি সেৱা নোপোৱা তেতিয়া নিজকে খালী যেন অনুভৱ কৰা। তেনেকৈ সকলো সময়ত বাণীৰ
লগতে মনৰ সেৱা যাতে স্বতঃ চলি থাকে।