18.02.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকৰ দায়িত্ব হৈছে ঘৰে ঘৰে পিতাৰ বাৰ্তা দিয়া, যিকোনো পৰিস্থিতিত যুক্তি ৰচনা কৰি সকলোকে পিতাৰ পৰিচয় নিশ্চয় দিবা"

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ কোনটো এটা কথাৰ চখ থাকিব লাগে?

উত্তৰ:
যিবোৰ নতুন নতুন সাৰ কথা ওলায়, সেয়া নিজৰ লগত টুকি ৰখাৰ চখ থাকিব লাগে কিয়নো ইমানবোৰ সাৰ কথা স্মৃতিত ৰখা কঠিন। টোকা লৈ আকৌ কাৰোবাক বুজাব লাগে। এনেকুৱাও নহয় যে লিখাৰ পাছত টোকাবহী তেনেকৈয়ে পৰি থাকিব। যিসকল সন্তানে ভালকৈ বুজি পায় তেওঁলোকৰ টোকা ৰখাৰ বহুত চখ থাকে।

গীত:
লাখ জমানে ৱালে দালে দিল’ পে টালে....... (জগতৰ লাখ লাখ লোকে অন্তৰত তলা লগালে.…..)

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলে। “আত্মিক সন্তানসকল”, এনেকৈ এজন পিতাইহে ক'ব পাৰে। আত্মিক পিতাৰ বাহিৰে কেতিয়াও কোনেও কাৰোবাক “আত্মিক সন্তান” বুলি ক'ব নোৱাৰে। সন্তানসকলে জানে সকলো আত্মাৰ এজনেই পিতা, আমি সকলো ভাই ভাই। গায়নো কৰে –সকলো ভাই ভাই, তথাপিও মায়া এনেকৈ প্ৰৱেশ কৰে যে পৰমাত্মাক সৰ্বব্যাপি বুলি কৈ দিয়ে তেতিয়া সকলো পিতা হৈ যায়। ৰাৱণৰাজ্য পুৰণি সৃষ্টিতহে হয়। নতুন সৃষ্টিত ৰামৰাজ্য অথবা ঈশ্বৰীয় ৰাজ্য বুলি কোৱা হয়। এয়া বুজিবলগীয়া কথা। দুখন ৰাজ্য নিশ্চয় আছে - ঈশ্বৰীয় ৰাজ্য আৰু আসুৰি ৰাজ্য। নতুন সৃষ্টি আৰু পুৰণি সৃষ্টি। নতুন সৃষ্টি নিশ্চয় পিতাইহে ৰচনা কৰিব। এই সৃষ্টিত মনুষ্যই নতুন সৃষ্টি আৰু পুৰণি সৃষ্টিকো বুজি নাপায়। তাৰমানে একোৱেই নাজানে। তোমালোকেও একো নাজানিছিলা, অজ্ঞানী আছিলা। নতুন সুখৰ সৃষ্টি কোনে স্থাপনা কৰে, আকৌ পুৰণি সৃষ্টিত দুখ কিয় হয়, স্বৰ্গৰ পৰা নৰক কেনেকৈ হয়, এয়া কোনেও নাজানে। এই কথাবোৰতো মনুষ্যইহে জানিব নহয়। দেৱতাসকলৰ চিত্ৰও আছে তেন্তে নিশ্চয় আদি সনাতন দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। এই সময়ত নাই। এয়া হৈছে প্ৰজাৰ প্ৰজাৰ ওপৰত ৰাজ্য। পিতা ভাৰতলৈকেহে আহে। মনুষ্যই এইটো নাজানে যে শিৱবাবা ভাৰতত আহি কি কৰে। নিজৰ ধৰ্মকেই পাহৰি গ'ল। তোমালোকে এতিয়া ত্ৰিমূৰ্তি আৰু শিৱ পিতাৰ পৰিচয় দিব লাগে। ব্ৰহ্মা দেৱতা, বিষ্ণু দেৱতা, শংকৰ দেৱতা বুলি কোৱা হয় আকৌ কয় - শিৱ পৰমাত্মায়ে নমঃ গতিকে তোমালোক সন্তানসকলে ত্ৰিমূৰ্তি শিৱৰহে পৰিচয় দিব লাগে। এনেকুৱা সেৱা কৰিব লাগে। যিকোনো পৰিস্থিতিতে পিতাৰ পৰিচয় সকলোৱে পালে তেতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ লৈ ল’ব। তোমালোকে জানা আমি এতিয়া উত্তৰাধিকাৰ লৈ আছোঁ। আৰু বহুতেই উত্তৰাধিকাৰ ল'বলৈ আছে। আমাৰ ওপৰত ঘৰে-ঘৰে পিতাৰ বাৰ্তা দিয়াৰ দায়িত্ব আছে। আচলতে বাৰ্তা দিওঁতা এজন পিতাই হয়। পিতাই নিজৰ পৰিচয় তোমালোকক দিয়ে। তোমালোকে আকৌ আনক পিতাৰ পৰিচয় দিব লাগে। পিতাৰ জ্ঞান দিব লাগে। মুখ্য হ’ল ত্ৰিমূৰ্তি শিৱ, ইয়াৰেই প্ৰতীক চিহ্নও তৈয়াৰ কৰিছে। চৰকাৰে ইয়াৰ যথাৰ্থ অৰ্থ বুজি নাপায়। ইয়াত যঁতৰৰ নিচিনা চক্ৰও দিয়া হৈছে আকৌ তাত আকৌ লিখিছে - সত্যমেৱ জয়তে। ইয়াৰ একো অৰ্থতো নোলায়। এয়াতো সংস্কৃত শব্দ। এতিয়া পিতাতো হয়েই সত্য। পিতাই যি বুজায় তাৰ দ্বাৰা তোমালোক গোটেই বিশ্বত বিজয়ী হোৱা। পিতাই কয় - মই সত্য কথা কওঁ তোমালোকে এই পঢ়াৰ দ্বাৰা প্ৰকৃতাৰ্থত নাৰায়ণ হ’ব পাৰা। তেওঁলোকে কি কি অৰ্থ উলিয়াই থাকে। সেয়াও তেওঁলোকক সুধিব লাগে। পিতাইতো অনেক প্ৰকাৰে বুজায়। যি ঠাইত মেলা বহে তাত নদীৰ পাৰলৈ গৈও বুজোৱা। পতিত-পাৱন গংগাতো হ’ব নোৱাৰে। নদীবোৰ সাগৰৰ পৰা ওলায়। সেয়া হ’ল পানীৰ সাগৰ। তাৰ পৰা পানীৰ নদী ওলায়। জ্ঞান সাগৰৰ পৰা জ্ঞানৰ নদী ওলাব। তোমালোক মাতাসকলৰ এতিয়া জ্ঞান আছে, গোমুখলৈ যায়, সেই মুখৰ পৰা পানী ওলায়, তাকে গংগাৰ জল বুলি ভাবে। ইমান লিখা-পঢ়া কৰা মনুষ্যই বুজি নাপায় যে ইয়াত গংগা জল ক’ৰ পৰা ওলাব। শাস্ত্ৰত আছে যে বাণ মাৰিলে আৰু গংগা ওলাই আহিল। এতিয়া এয়াতো হৈছে জ্ঞানৰ কথা। এনেকুৱা নহয় যে অৰ্জুনে বাণ মাৰিলে আৰু গংগা ওলাই আহিল। কিমান দূৰ-দূৰণিলৈ তীৰ্থ কৰিবলৈ যায়। এনেকৈ কয় যে শংকৰৰ জঁটাৰ পৰা গংগা ওলাল, য’ত স্নান কৰিলে মনুষ্যৰ পৰা পৰী হৈ যায়। মনুষ্যৰ পৰা দেৱতা হৈ যায়, এয়াও পৰীৰ নিচিনাই নহয় জানো।

এতিয়া তোমালোক সন্তানসকলে পিতাৰেই পৰিচয় দিব লাগে সেইকাৰণে বাবাই এই চিত্ৰ অংকন কৰাইছে। ত্ৰিমূৰ্তি শিৱৰ চিত্ৰত গোটেই জ্ঞান আছে। মাত্ৰ তেওঁলোকৰ ত্ৰিমূৰ্তিৰ চিত্ৰত জ্ঞান দিওঁতা (শিৱ)ৰ চিত্ৰ নাই। জ্ঞান লওঁতাৰ চিত্ৰ আছে। এতিয়া তোমালোকে ত্ৰিমূৰ্তি শিৱৰ চিত্ৰৰ ওপৰত বুজোৱা। ওপৰত আছে জ্ঞান দিওঁতা। ব্ৰহ্মাই তেওঁৰ পৰা জ্ঞান পায় যি জ্ঞান আকৌ বিয়পাই দিয়ে। ইয়াক কোৱা হয় ঈশ্বৰৰ ধৰ্ম প্ৰতিষ্ঠাৰ কাৰ্য ব্যৱস্থা। এই দেৱী-দেৱতা ধৰ্ম বহুত সুখ দিওঁতা হয়। তোমালোক সন্তানসকলে নিজৰ সত্য ধৰ্মৰ পৰিচয় পালা। তোমালোকে জানা যে আমাক ভগৱানে পঢ়ায়। তোমালোক কিমান আনন্দিত হোৱা। পিতাই কয় - তোমালোক সন্তানসকলৰ আনন্দৰ সীমা থাকিব নালাগে কাৰণ তোমালোকক পঢ়াওঁতাজন স্বয়ং ভগৱান, ভগৱানতো হৈছে নিৰাকাৰ শিৱ, শ্ৰীকৃষ্ণ নহয়। পিতাই বহি বুজায় - সকলোৰে সৎগতি দাতা এজনেই। সৎগতি সত্যযুগক কোৱা হয়, দুৰ্গতি কলিযুগক কোৱা হয়। নতুন জগতক নতুন, পুৰণিক পুৰণি বুলিয়ে ক’ব। মনুষ্যই ভাবে যে এতিয়া জগতখনক পুৰণি হ’বলৈ 40 হাজাৰ বছৰ লাগিব। কিমান বিভ্ৰান্ত হৈ আছে। পিতাৰ বাহিৰে এই কথাবোৰ আন কোনেও বুজাব নোৱাৰে। পিতাই কয় - মই তোমালোক সন্তানসকলক ৰাজ্য-ভাগ্য দি বাকী সকলোকে ঘৰলৈ লৈ যাওঁ, যিসকল মোৰ মতত চলে তেওঁলোক দেৱতা হৈ যায়। এই কথাবোৰ তোমালোক সন্তানসকলে জানা, নতুন কোনোবাই কি বুজিব।

তোমালোক মালীসকলৰ কৰ্তব্য হৈছে বাগিচা লগাই তৈয়াৰ কৰা। বাগিচাৰ মালিকেতো নিৰ্দেশনা দিয়ে। এনেকুৱা নহয় যে পিতাই কোনোবা নতুন ব্যক্তিক লগ কৰি জ্ঞান দিব। এয়া মালীসকলৰ কাম। উদাহৰণ স্বৰূপে, বাবা কলিকতালৈ (এতিয়া কোলকাতা) গ'লে সন্তানসকলে ভাবিব যে আমি নিজৰ বিষয়াক, অমুক মিত্ৰক বাবাৰ ওচৰত লৈ যাওঁ। বাবাই ক'ব, তেওঁলোকেতো একোৱে বুজি নাপাব। এয়া যেন বুদ্ধিহীনক সন্মুখত আনি বহুৱাৰ নিচিনা, সেইবাবে বাবাই কয় - নতুনসকলক কেতিয়াও বাবাৰ আগত লৈ নাহিবা। এয়াতো তোমালোক মালীসকলৰ কাম, বাগিচাৰ মালিকৰ কাম নহয়। মালীৰ কাম হৈছে বাগিছা লগোৱা। পিতাইতো নিৰ্দেশনা দিয়ে - এনেকৈ কৰা সেইবাবে বাবাই কেতিয়াও নতুনসকলক লগ নকৰে। কিন্তু কেতিয়াবা আলহী হৈ ঘৰলৈ আহিলে দৰ্শন কৰিব বিচাৰে। আপোনালোকে আমাক কিয় বাবাক সাক্ষাৎ কৰিব নিদিয়ে? শংকৰাচাৰ্য আদিৰ ওচৰলৈ কিমান যায়। আজিকালি শংকৰাচাৰ্যৰ পদমৰ্যাদা বহুত। লিখা-পঢ়া জানে, তথাপিও জন্মতো বিকাৰৰ দ্বাৰাই নলয় জানো। নিমিত্ত লোকসকলে যি কোনো লোককে গাদীত বহুৱাই দিয়ে। সকলোৰে নিজা নিজা মত। পিতাই নিজে আহি সন্তানসকলক নিজৰ পৰিচয় দিয়ে যে মই কল্পই কল্পই এই পুৰণা দেহত আহোঁ। এৱোঁ নিজৰ জন্মক নাজানে। শাস্ত্ৰততো কল্পৰ আয়ুসেই লাখ লাখ বছৰ বুলি লিখি দিছে। মনুষ্যইতো ইমান জন্ম ল'ব নোৱাৰে সেয়েহে জন্তু আদিৰো যোনি মিলাই 84 লাখ কৰি দিছে। মনুষ্যইতো যি শুনে তাকেই সত্য বুলি কৈ থাকে। শাস্ত্ৰবোৰততো সকলো ভক্তিমাৰ্গৰ কথা আছে। কলিকতাত দেৱীসকলৰ বহুত শোভনীয়, সুন্দৰ মূৰ্তি তৈয়াৰ কৰে, সজাই তোলে। আকৌ সেইবোৰ ডুবাই দিয়ে। এওঁলোকো পুতলাৰ পূজা কৰা শিশুৱেই হ'ল। একেবাৰে নিৰীহ। তোমালোকে জানা যে এইখন হৈছে নৰক। স্বৰ্গততো অপাৰ সুখ আছিল। এতিয়াও কোনো মৰিলে কয় যে অমুক স্বৰ্গগামী হ'ল, তেন্তে নিশ্চয় কোনোবা সময়ত স্বৰ্গ আছিল, এতিয়া নাই। নৰকৰ পাছত আকৌ নিশ্চয় স্বৰ্গ আহিব। এই কথাবোৰো তোমালোকে জানা। মনুষ্যইতো অলপো নাজানে। গতিকে নতুন কোনোবাই পিতাৰ সন্মুখত বহি কি কৰিব সেইকাৰণে মালীৰ আৱশ্যক হয় যিয়ে ভালকৈ গঢ়ি তুলিব। ইয়াততো মালীও অনেক লাগে। মেডিকেল কলেজত কোনোবা নতুন গৈ বহিলে একোৱেই বুজি নাপাব। এই জ্ঞানো হৈছে নতুন। পিতাই কয় - মই আহিছোঁ সকলোকে পৱিত্ৰ কৰি তুলিবলৈ। মোক স্মৰণ কৰিলে পাৱন হৈ যাবা। এই সময়ত সকলো তমোপ্ৰধান আত্মা, সেইবাবেতো কৈ দিয়ে - আত্মাই পৰমাত্মা, সকলোতে পৰমাত্মা আছে। তেন্তে পিতাই জানো বহি এওঁলোকৰ কাৰণে মগজ খটুৱাই থাকিব। এয়া তোমালোক মালীসকলৰ কাম - কাঁইটক ফুল কৰি তোলা।

তোমালোকে জানা যে ভক্তি হৈছে ৰাতি, জ্ঞান হৈছে দিন। গায়নো কৰা হয় - ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। প্ৰজাপিতা ব্ৰহ্মাৰতো নিশ্চয় সন্তানো থাকিব নহয়। কাৰো ইমানখিনিও বুদ্ধি নাই যে এনেকৈ সুধিব - ইমান ব্ৰহ্মাকুমাৰ-কুমাৰী আছে, এওঁলোৰ ব্ৰহ্মা কোন? হেৰ’ প্ৰজাপিতা ব্ৰহ্মাতো প্ৰসিদ্ধ, তেওঁৰ দ্বাৰাই ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা হয়। কয়ো যে ব্ৰহ্মা দেৱতায়ে নমঃ। পিতাই তোমালোক সন্তানসকলক ব্ৰাহ্মণ কৰি পুনৰ দেৱতা কৰি তোলে।

যিবোৰ নতুন নতুন সাৰ কথা ওলায়, সেয়া নিজৰ লগত টুকি কৰি ৰখাৰ চখ সন্তানসকলৰ থাকিব লাগে। যিসকল সন্তানে ভালদৰে বুজে তেওঁলোকৰ টুকি ৰখাৰ বহুত চখ থাকে। টোকা লোৱাতো ভাল কথা, কিয়নো ইমানবোৰ সাৰ কথা স্মৃতিত ৰখাতো কঠিন। টুকি ৰাখি আকৌ কাৰোবাক বুজাব লাগে। এনেকুৱা নহয় যে লিখি আকৌ টোকাবহী পেলাই থৈ দিবা। নতুন নতুন সাৰ কথা পাই থাকা সেয়েহে পুৰণি সাৰ কথাবোৰৰ টোকাবহী পৰি থাকে। স্কুলতো পঢ়ি গৈ থাকিলে, আগৰ শ্ৰেণীৰ কিতাপবোৰ পৰি থাকে। যেতিয়া তোমালোকে বুজোৱা তেতিয়া শেষৰ ফালে এইটো বুজোৱা যে ‘মনমনাভৱ’। পিতাক আৰু সৃষ্টিৰ চক্ৰক স্মৰণ কৰা। মুখ্য কথা হৈছে - মামেকম স্মৰণ কৰা (কেৱল মোক স্মৰণ কৰা), ইয়াকে যোগ অগ্নি বুলি কোৱা হয়। ভগৱান হৈছে জ্ঞানৰ সাগৰ। মনুষ্য হৈছে শাস্ত্ৰৰ সাগৰ। পিতাই কোনো শাস্ত্ৰ নুশুনায়, তেৱোঁ যদি শাস্ত্ৰ শুনায় তেন্তে ভগৱান আৰু মনুষ্যৰ মাজত কি পাৰ্থক্য থাকিল? পিতাই কয় - এই ভক্তিমাৰ্গৰ শাস্ত্ৰৰ সাৰ মই তোমালোকক বুজাওঁ।

সেই মুৰুলি বজোৱাসকলে সাপ ধৰে তেতিয়া তাৰ দাঁত উলিয়াই দিয়ে। পিতায়ো তোমালোকক বিষ পান কৰাৰ পৰা এৰুৱাই দিয়ে। এই বিষৰ দ্বাৰাই মনুষ্য পতিত হয়। পিতাই কয় - ইয়াক ত্যাগ কৰা তথাপিও ত্যাগ নকৰে। পিতাই বগা (পৱিত্ৰ) কৰি তোলে তথাপি পতিত হৈ মুখ কলা কৰি দিয়ে। পিতা আহিছে তোমালোক সন্তানসকলক জ্ঞান চিতাত বহুৱাবলৈ। জ্ঞান চিতাত বহিলে তোমালোক বিশ্বৰ মালিক, জগতজিৎ হৈ যোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় আনন্দিত হৈ থাকিব লাগে যে আমি সত্য ধৰ্ম প্ৰতিষ্ঠাৰ নিমিত্ত হওঁ। স্বয়ং ভগৱানে আমাক পঢ়ায়। আমাৰ দেৱী-দেৱতা ধৰ্ম বহুত সুখ দিওঁতা হয়।

(2) মালী হৈ কাঁইটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে। ভালকৈ প্ৰতিপালন কৰি তাৰপাছত আকৌ পিতাৰ সন্মুখত আনিব লাগে। পৰিশ্ৰম কৰিব লাগে।

বৰদান:
পুৰণি দেহ আৰু জগতক পাহৰি যাওঁতা বাপদাদাৰ অন্তৰ আসনধাৰী হোৱা

সংগমযুগী শ্ৰেষ্ঠ আত্মাসকলৰ স্থান হৈছে বাপদাদাৰ অন্তৰ আসন। এনেকুৱা আসন গোটেই কল্পত প্ৰাপ্ত কৰিব নোৱাৰে। বিশ্বৰ ৰাজ্য বা ৰাজ্যৰ আসনতো পাই থাকিব কিন্তু এই আসন নাপাব - এয়া ইমান বিশাল আসন যে চলা-ফুৰা কৰা, খোৱা-শোৱা কিন্তু সদায় আসনধাৰী হৈ থাকিব পাৰা। যিসকল সন্তান সদায় বাপদাদাৰ অন্তৰ আসনধাৰী হৈ থাকে তেওঁলোক এই পুৰণি দেহ বা দেহৰ জগতৰ পৰা বিস্মৃতিত থাকে, ইয়াক দেখিও নেদেখে।

স্লোগান:
হদৰ নাম, মান, সম্ভ্ৰমৰ পিছত দৌৰা মানে প্ৰছায়াৰ পিছত দৌৰা।


একান্তপ্ৰিয় হ’বলৈ, একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ কোনো নতুন আৱিষ্কাৰ অন্তৰ্মুখী অৱস্থাত গ’লেহে কৰিব পাৰে তেনেকৈ তোমালোকো যিমানে অন্তৰ্মুখী হৈ থাকিবা সিমানে নতুন নতুন আৱিষ্কাৰ বা পৰিকল্পনা কৰিব পাৰিবা। অন্তৰ্মুখী হৈ থাকিলে একটো বায়ুমণ্ডলৰ পৰা সুৰক্ষা হৈ যাব, দ্বিতীয়তে একান্ত অৱস্থা প্ৰাপ্ত হোৱাৰ কাৰণে মনন শক্তিও বাঢ়িব। তৃতীয়তে যিকোনো মায়াৰ বিঘিনিৰ পৰা সুৰক্ষাৰ সাধন হৈ যাব।