18.02.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল - তোমালোক এই বিশ্ব বিদ্যালয়লৈ পুৰণি সৃষ্টিৰ পৰা মৰি নতুন সৃষ্টিলৈ যাবলৈ আহিছা, এতিয়া তোমালোকৰ প্ৰীতি এক ভগৱানৰ সৈতে গঢ়ি উঠিছে”

প্ৰশ্ন:
কোনটো বিধিৰ দ্বাৰা পিতাৰ স্মৃতিয়ে তোমালোকক চহকী কৰি তোলে?

উত্তৰ:
পিতা হ’ল বিন্দু৷ তোমালোকে বিন্দু হৈ বিন্দুক স্মৰণ কৰিলে চহকী হৈ যাবা৷ যেনেকৈ একৰ পাছত বিন্দু (শূন্য) বহুৱালে তেতিয়া 10 হয়, আকৌ বিন্দু বহুৱালে তেতিয়া 100 হয়, আকৌ 1000 হৈ যাব৷ এনেকৈ পিতাৰ স্মৃতিৰে বিন্দু লাগি গৈ থাকে৷ তোমালোক ধনৱান হৈ গৈ থাকা৷ স্মৃতিত থাকিলেই সঁচা উপার্জন হয়৷

গীত:
মেহফিল মে জ্বল উঠী শমা……. (ৰঙ্গশালাত জ্বলি উঠিল বন্তি শিখা…….)

ওঁম্শান্তি।
এই গীতটিৰ অর্থ কিমান বিচিত্ৰ – প্ৰীতি জাগি উঠিছে কাৰ প্ৰতি? কাৰ হৈছা? ভগৱানৰ প্ৰতি কিয়নো এইখন সৃষ্টিৰ পৰা মৰি তেওঁৰ ওচৰলৈ যাব লাগে৷ এনেকৈ কেতিয়াবা কাৰোবাৰ প্ৰতি প্ৰীতি গঢ়ি উঠে জানো? এনেকুৱা প্ৰীতি যাৰ বাবে এইটো খেয়াল আহিব যে মৰি যাম৷ তেতিয়া কোনোবাই প্ৰীতি ৰাখিব জানো? গীতটিৰ অর্থ কিমান আচৰিত৷ বন্তিৰ শিখাৰ (পৰমাত্মাৰ) সৈতে চগা পোকে (আত্মাসকলে) প্ৰীতি ৰাখি পৰিক্ৰমা লগাই লগাই জ্বলি মৰে৷ তোমালোকেও পিতাৰ স্নেহত এই শৰীৰ ত্যাগ কৰিব লাগে অর্থাৎ পিতাক স্মৰণ কৰি কৰি শৰীৰ ত্যাগ কৰিব লাগে৷ এই গায়ন কেৱল এজনৰ বাবে৷ সেই পিতা যেতিয়া আহে তেতিয়া তেওঁৰ সৈতে যিসকলে প্ৰীতি গঢ়ি তোলে, তেওঁলোক এইখন জগতৰ পৰা মৰিবলগীয়া হয়৷ ভগৱানৰ সৈতে প্ৰীতি ৰাখে তেন্তে মৰি ক’লৈ যাব৷ নিশ্চয় ভগৱানৰ ওচৰলৈকে যাব৷ মনুষ্যই ভগৱানৰ ওচৰলৈ যাবলৈ দান-পুণ্য তীর্থ যাত্ৰা আদি কৰে৷ শৰীৰ ত্যাগ কৰাৰ সময়তো মনুষ্যক কোৱা হয় – ভগৱানক স্মৰণ কৰা৷ ভগৱান কিমান প্ৰসিদ্ধ৷ তেওঁ যেতিয়া আহে তেতিয়া গোটেই সৃষ্টি নাশ কৰি দিয়ে৷ তোমালোকে জানা – আমি এই বিশ্ব বিদ্যালয়লৈ আহোঁ পুৰণি সৃষ্টিৰ পৰা মৰি নতুন সৃষ্টিলৈ যাবলৈ৷ পুৰণি সৃষ্টিক পতিত সৃষ্টি, নৰক বুলি কোৱা হয়৷ পিতাই নতুন সৃষ্টিলৈ যোৱাৰ ৰাস্তা দেখুৱায়৷ কেৱল মোক স্মৰণ কৰা, মই হৈছোঁ স্বৰ্গ স্থাপন কৰোঁতা ঈশ্বৰ পিতা৷ সেই পিতাৰ পৰা তোমালোকে ধন পোৱা, সম্পত্তি, ঘৰ আদি পোৱা৷ কন্যাসকলেতো উত্তৰাধিকাৰ নাপায়৷ তেওঁলোকক আনৰ ঘৰলৈ পঠিয়াই দিয়ে৷ অৰ্থাৎ তেওঁলোক উত্তৰাধিকাৰী নহ’ল৷ এই ভগৱানতো হ’ল সকলো আত্মাৰে পিতা, এওঁৰ ওচৰলৈ সকলোৱে আহিব লাগে৷ কোনোবা সময়ত নিশ্চয় পিতা আহে, সকলোকে ঘৰলৈ লৈ যায় কিয়নো নতুন সৃষ্টিত বহুত কম মনুষ্য থাকে৷ পুৰণি সৃষ্টিততো বহুত থাকে৷ নতুন সৃষ্টিত মনুষ্যও কম আৰু সুখো বহুত৷ পুৰণি সৃষ্টিততো বহুত মনুষ্য সেয়েহে দুখো বহুত, সেইবাবে মিনতি কৰে৷ বাপু গান্ধীয়েও কৈছিল – হে পতিত-পাৱন আহক৷ কেৱল তেওঁক জনা নাছিল৷ বুজিও পায় – পতিত-পাৱন পৰমপিতা পৰমাত্মা, তেৱেঁই বিশ্বৰ মুক্তিদাতা৷ ৰাম-সীতাকতো গোটেই জগতে নামানে৷ গোটেই জগতে পৰমপিতা পৰমাত্মাক মুক্তিদাতা, মাৰ্গ-দৰ্শক বুলি মানে৷ দুখৰ পৰা মুক্তি দিয়ে৷ বাৰু দুখ দিওঁতাজন কোন? পিতাইতো দুখ দিব নোৱাৰে কিয়নো তেওঁতো পতিত-পাৱন হয়৷ পাৱন সৃষ্টি সুখধামলৈ লৈ যাওঁতা হয়৷ তোমালোক হ’লা সেই আত্মিক পিতাৰ আত্মিক সন্তান৷ যেনেকুৱা পিতা, তেনেকুৱা সন্তান৷ লৌকিক পিতাৰ হৈছে লৌকিক অর্থাৎ পাৰ্থিৱ (দৈহিক) সন্তান৷ এতিয়া তোমালোক সন্তানসকলে এইটো বুজিব লাগে যে আমি আত্মা, পৰমপিতা পৰমাত্মা আমাক উত্তৰাধিকাৰ দিবলৈ আহিছে৷ আমি তেওঁৰ সন্তান হ’লে স্বর্গৰ উত্তৰাধিকাৰ নিশ্চয় পাম৷ তেওঁ হয়েই স্বর্গ স্থাপন কৰোঁতা৷ আমি বিদ্যার্থী, এইটো পাহৰা উচিত নহয়৷ সন্তানসকলৰ বুদ্ধিত থাকে – শিৱবাবাই মধুবনত মুৰুলী শুনায়৷ সেই (কাঠৰ) মুৰুলীতো ইয়াত নাই৷ কৃষ্ণই নৃত্য কৰা, মুৰুলী বজোৱা – সেই সকলোবোৰ ভক্তিমার্গৰ৷ বাকী জ্ঞানৰ মুৰুলীতো শিৱবাবাইহে বজায়৷ তোমালোকৰ ওচৰলৈ ভাল ভাল গীত প্ৰস্তুত কৰোঁতা আহিব৷ গীত সাধাৰণতে পুৰুষেহে প্ৰস্তুত কৰে৷ তোমালোকে জ্ঞানৰ গীতহে গোৱা উচিত যাৰ দ্বাৰা শিৱবাবাৰ স্মৃতি আহে৷

পিতাই কয় – মোক ‘অল্ফ’ক (পিতাক) স্মৰণ কৰা৷ শিৱক বিন্দু বুলি কোৱা হয়৷ বেপাৰীসকলে বিন্দু লিখিলে তেতিয়া ক’ব শিৱ৷ একৰ পাছত বিন্দু (শূন্য) বহুৱালে তেতিয়া 10 হ’ব, আকৌ বিন্দু বহুৱালে তেতিয়া 100 হ’ব। আকৌ বিন্দু বহুৱালে 1000 হৈ যাব৷ গতিকে তোমালোকেও শিৱক স্মৰণ কৰিব লাগে৷ যিমান শিৱক স্মৰণ কৰিবা বিন্দু লাগি গৈ থাকিব৷ তোমালোক আধাকল্পৰ বাবে চহকী হৈ যোৱা৷ তাত গৰিব নাথাকেই৷ সকলো সুখী৷ দুখৰ নাম নাই৷ পিতাৰ স্মৃতিৰে বিকর্ম বিনাশ হৈ গৈ থাকিব৷ তোমালোক বহুত ধনৱান হৈ যাবা৷ ইয়াক কোৱা হয় সঁচা পিতাৰ দ্বাৰা সঁচা উপার্জন৷ এয়াই লগত যাব৷ মনুষ্য সকলো খালী হাতেৰে যায়৷ তোমালোক ভৰপূৰ হাতেৰে যাব লাগে৷ পিতাক স্মৰণ কৰিব লাগে৷ পিতাই বুজাইছে – পৱিত্ৰতা থাকিলে তেতিয়া শান্তি, সমৃদ্ধি পাবা৷ তোমালোক আত্মা প্ৰথমে পৱিত্ৰ আছিলা আকৌ অপৱিত্ৰ হ’লা৷ সন্ন্যাসীসকলকো অর্ধ-পৱিত্ৰ বুলি কোৱা হ’ব৷ তোমালোকৰ হ’ল সম্পূর্ণ সন্ন্যাস৷ তোমালোকে জানা – তেওঁলোকে কিমান সুখ পায়৷ অলপ সুখ তাৰ পাছততো দুখেই হয়৷ আগতে তেওঁলোকে সর্বব্যাপী বুলি কোৱা নাছিল৷ সর্বব্যাপী বুলি ক’লে অৱনমিত হৈ গৈ থাকে৷ জগতত অনেক প্ৰকাৰৰ মেলা অনুস্থিত হয় কিয়নো লাভতো হয় নহয়৷ এয়াও তেওঁলোকৰ বেপাৰ৷ কোৱা হয় – নৰৰ পৰা নাৰায়ণ হোৱাৰ বেপাৰৰ বাহিৰে বাকী সকলো বেপাৰ৷ এই বেপাৰ কোনোবা বিৰলজনহে কৰিব৷ পিতাৰ হৈ দেহ সহিত সকলো পিতাক দি দিব লাগে কিয়নো তোমালোকে বিচৰা যাতে নতুন শৰীৰ পাওঁ৷ পিতাই কয় – তোমালোক কৃষ্ণপুৰীলৈ যাব পাৰা কিন্তু আত্মা যেতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব তেতিয়াহে৷ কৃষ্ণপুৰীত এনেকৈ নকয় – আমাক পাৱন কৰি তোলক৷ ইয়াত সকলো মনুষ্য মাত্ৰেই মিনতি কৰে – হে মুক্তিদাতা আহক৷ এই পাপ আত্মাৰ জগতৰ পৰা আমাক মুক্ত কৰক৷

এতিয়া তোমালোকে জানা যে পিতা আহিছে আমাক নিজৰ লগত লৈ যাবলৈ৷ তালৈ যোৱা সেইটোতো ভালেই নহয় জানো৷ মনুষ্যই শান্তি বিচাৰে৷ এতিয়া শান্তি বুলি কাক কয়? কর্ম অবিহনেতো কোনেও থাকিব নোৱাৰে৷ শান্তিতো আছেই শান্তিধামত৷ তথাপিও শৰীৰ ধাৰণ কৰি কর্মতো কৰিবই লাগে৷ সত্যযুগত কর্ম কৰিও শান্তিত থাকে৷ অশান্তিত মনুষ্যৰ দুখ হয়, সেইবাবে কয় - শান্তি কেনেকৈ পোৱা যায়৷ এতিয়া তোমালোক সন্তানসকলে জানা, শান্তিধামতো আমাৰ ঘৰ হয়৷ সত্যযুগত শান্তিও আছে, সুখো আছে৷ সকলো আছে৷ এতিয়া সেয়া লাগে নে কেৱল শান্তি লাগে৷ ইয়াততো দুখ, সেইবাবে পতিত-পাৱন পিতাকো ইয়াত মিনতি কৰে৷ ভক্তি কৰেই ভগৱানক পাবলৈ৷ ভক্তিও প্ৰথমে অব্যভিচাৰী পাছত ব্যভিচাৰী হয়৷ ব্যভিচাৰী ভক্তিত চোৱা কি কি কৰে৷ ছিৰিৰ চিত্ৰত কিমান ভালকৈ দেখুওৱা হৈছে, কিন্তু প্ৰথমেতো সিদ্ধ কৰা উচিত - ভগৱান কোন? শ্ৰীকৃষ্ণক এনেকৈ কোনে গঢ়ি তুলিলে? পূৰ্বৰ জন্মত কি আছিল? বুজাবলৈ বহুত যুক্তিৰ প্ৰয়োজন৷ যিসকলে ভাল সেৱা কৰে তেওঁলোকৰ অন্তৰেও সাক্ষ্য দিয়ে৷ বিশ্ব বিদ্যালয়ত যিসকলে ভালদৰে পঢ়িব তেওঁলোক নিশ্চয় তীক্ষ্ন হ’ব৷ ক্ৰমানুসৰিতো হয়েই৷ কোনো কোনো ভোদা বুদ্ধিৰো হয়৷ শিৱবাবাক আত্মাসকলে কয় – মোৰ বুদ্ধিৰ তলা খোলা৷ পিতাই কয় – বুদ্ধিৰ তলা খুলিবলৈকেতো আহিছোঁ৷ কিন্তু তোমালোকৰ কর্ম এনেকুৱা যে তলা নোখোলেই৷ বাবাই আকৌ কি কৰিব? বহুত পাপ কৰিছে৷ এতিয়া বাবাই তেওঁলোকক কি কৰিব? শিক্ষকক যদি বিদ্যাৰ্থীয়ে কয় যে মই কমকৈ পঢ়োঁ তেন্তে শিক্ষকে কি কৰিব? শিক্ষকে কোনো কৃপাতো নকৰে! খুব বেছি তেওঁলোকৰ বাবে অতিৰিক্ত সময় ৰাখিব৷ সেই ক্ষেত্ৰততো তোমালোকৰ বাধা নাই৷ প্ৰদর্শনী মুকলি কৰি ৰখা হৈছে, বহি অভ্যাস কৰা৷ ভক্তিমার্গততো কোনোৱে ক’ব – মালা জপ কৰা, কোনোৱে ক’ব – এইটো মন্ত্ৰ স্মৰণ কৰা৷ ইয়াততো পিতাই নিজৰ পৰিচয় দিয়ে৷ পিতাক স্মৰণ কৰিব লাগে, যাৰ দ্বাৰা উত্তৰাধিকাৰ পোৱা যায়৷ গতিকে ভালদৰে পিতাৰ পৰা সম্পূর্ণ উত্তৰাধিকাৰ ল’ব লাগে নহয়৷ ইয়াতো পিতাই কয় – বিকাৰগ্ৰস্ত কেতিয়াও নহ’বা৷ যদি বিকাৰৰ অলপো স্বাদ লাগিল তেন্তে পুনৰ বৃদ্ধি হৈ গৈ থাকিব৷ চিগাৰেট আদিৰ এবাৰো স্বাদ ল’লে তেতিয়া সংগৰ ৰং তৎক্ষণাৎ লাগি যায়৷ তাৰ পাছত অভ্যাস এৰাও মস্কিল হৈ যায়৷ কিমান অজুহাত উলিয়ায়৷ একোৰে অভ্যাস হ’ব নালাগে৷ ছিঃ ছিঃ অভ্যাসবোৰো ত্যাগ কৰিব লাগে৷ পিতাই কয় – জীৱন্তে শৰীৰৰ বোধ ত্যাগ কৰি মোক স্মৰণ কৰা৷ দেৱতাসকলক সদয় পৱিত্ৰ ভোগেই আগবঢ়োৱা হয়, গতিকে তোমালোকেও পৱিত্ৰ ভোজন খোৱা৷ আজিকালিতো খাঁটি ঘিউ পোৱা নাযায়, তেল খায়৷ তাত তেল আদি নাথাকে৷ ইয়াততো দুগ্ধশালাত দেখিবা খাঁটি ঘিউ ৰাখে, নকলো ৰাখে৷ দুয়োটাতে লিখা থাকে – খাঁটি ঘিউ, দামত পার্থক্য আহি যায়৷ এতিয়া তোমালোক সন্তানসকল ফুলৰ দৰে প্ৰস্ফুটিত হৈ হৰ্ষিত হৈ থকা উচিত৷ স্বর্গততো প্ৰাকৃতিক সৌন্দৰ্য থাকে৷ তাত প্ৰকৃতিও সতোপ্ৰধান হৈ যায়৷ লক্ষ্মী-নাৰায়ণৰ নিচিনা প্ৰাকৃতিক সৌন্দৰ্য ইয়াত কোনেও সৃষ্টি কৰিব নোৱাৰে৷ তেওঁলোকক এই দুচকুৰে কোনোবাই চাব পাৰে জানো। অৱশ্যে সাক্ষাৎকাৰ হয় কিন্তু সাক্ষাৎকাৰ হ’লেই কোনেও হুবহু চিত্ৰ তৈয়াৰ কৰিব নোৱাৰে৷ যদি কোনোবা চিত্ৰকৰৰ সাক্ষাৎকাৰ হৈ যায় আৰু সেই সময়ত বহি অংকন কৰে... কিন্তু সেয়া বহুত মস্কিল৷ গতিকে তোমালোক সন্তানসকলৰ বহুত নিচা থকা উচিত৷ এতিয়া বাবা আমাক লৈ যাবলৈ আহিছে৷ পিতাৰ পৰা আমি স্বর্গৰ উত্তৰাধিকাৰ পাম৷ এতিয়া আমাৰ 84 জন্ম সম্পূর্ণ হ’ল৷ এনেকুৱা খেয়াল বুদ্ধিত থাকিলে আনন্দিত হ’বা৷ বিকাৰৰ অলপো খেয়াল আহিব নালাগে৷ পিতাই কয় – কাম মহাশত্ৰু৷ দ্ৰৌপদীয়েও এইকাৰণেই মিনতি কৰিছিল নহয়৷ তেওঁৰ কোনো 5 গৰাকী স্বামী নাছিল৷ তেওঁতো মিনতি কৰিছিল যে মোক এই দুঃশাসনে নাঙঠ কৰে, ইয়াৰ পৰা ৰক্ষা কৰক৷ তেন্তে 5 গৰাকী স্বামী কেনেকৈ থাকিব পাৰে৷ এনেকুৱা কথা হ’ব নোৱাৰে৷ বাৰে বাৰে তোমালোক সন্তানসকলে নতুন নতুন সাৰ কথা শুনি থাকা সেয়েহে সলনি কৰিবলগীয়া হয়, কিবা নহয় কিবা সলনি কৰি শব্দ সংযোজন কৰি দিয়া উচিত৷

তোমালোকে লিখা – কম সময়ৰ ভিতৰত আমি এই ভাৰতক পৰিস্তান কৰি গঢ়ি তুলিম৷ তোমালোকে প্ৰত্যহ্বান জনোৱা৷ পিতাই সন্তানসকলক ক’ব, সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়, পিতাকে সন্তানক প্ৰত্যক্ষ কৰায়৷ কোনজন পিতা? শিৱ আৰু শালগ্ৰাম, ইয়াৰে গায়ন আছে৷ শিৱবাবাই যি বুজায় সেয়া অনুসৰণ কৰা৷ তেওঁৰ কাৰণেই গায়ন কৰা হয় - পিতাক অনুসৰণ কৰা। লৌকিক পিতাক অনুসৰণ কৰিলে তোমালোক পতিত হৈ যোৱা৷ এওঁতো পাৱন কৰি তুলিবলৈ অনুসৰণ কৰায়৷ পাৰ্থক্য আছে নহয়। পিতাই কয় – মৰমৰ সন্তানসকল, অনুসৰণ কৰি পৱিত্ৰ হোৱা৷ অনুসৰণ কৰিলেহে স্বর্গৰ মালিক হ’বা৷ লৌকিক পিতাক অনুসৰণ কৰা বাবে 63 জন্ম তোমালোক ছিৰি তললৈ নামি আহিলা৷ এতিয়া পিতাক অনুসৰণ কৰি আৰোহণ কৰিব লাগে৷ পিতাৰ লগত যাব লাগে৷ পিতাই কয় – এই এটি এটি ৰত্ন লাখ টকা মুল্যৰ৷ তোমালোকে পিতাক জানি পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা৷ তেওঁলোকেতো কয় – ব্ৰহ্মত লীন হৈ যাম৷ লীনতো হ’ব নালাগে, পুনৰ আহিবা৷ পিতাই নিতৌ বুজাই থাকে – মৰমৰ সন্তানসকল, প্ৰথমতে সকলোকে পিতাৰ পৰিচয় দিব লাগে৷ পাৰলৌকিক পিতাই পাৱন কৰি তোলাৰ উত্তৰাধিকাৰ দিয়ে, সেইবাবে বেহদৰ পিতাক কয়ো – পাৱন কৰি তোলা৷ তেওঁ হ’ল পতিত-পাৱন৷ লৌকিক পিতাক পতিত-পাৱন বুলি কোৱা নহ’ব৷ তেওঁ নিজেই মিনতি কৰে – হে পতিত-পাৱন আহক৷ গতিকে দুজন পিতাৰ পৰিচয় সকলোকে দিব লাগে৷ লৌকিক পিতাই ক’ব – বিয়া কৰাই পতিত হোৱা, পাৰলৌকিক পিতাই কয় – পাৱন হোৱা৷ মোক স্মৰণ কৰিলে তোমালোক পাৱন হৈ যাবা৷ এজন পিতা সকলোকে পাৱন কৰি তোলোঁতা হয়৷ এই কথাবোৰ বুজাবলৈ বহুত ভাল৷ ভিন্ন ভিন্ন প্ৰকাৰৰ সাৰ কথাবোৰ বিচাৰ সাগৰ মন্থন কৰি বুজাই থাকা৷ এয়া তোমালোকৰে বেপাৰ হ’ল৷ তোমালোক হোৱাই পতিতক পাৱন কৰি তোলোঁতা৷ পাৰলৌকিক পিতাই এতিয়া কয় – পাৱন হোৱা, যিহেতু বিনাশ সমাগত৷ এতিয়া কি কৰা উচিত? নিশ্চয় পাৰলৌকিক পিতাৰ মতত চলা উচিত নহয় জানো৷ প্ৰদর্শনীত এইটোও প্ৰতিজ্ঞা লিখাব লাগে- পাৰলৌকিক পিতাক অনুসৰণ কৰিম, পতিত হোৱা এৰি দিম৷ লিখা – মই পিতাক প্ৰতিশ্ৰুতি দিছোঁ৷ সকলো হৈছে পৱিত্ৰতাৰ কথা৷ তোমালোক সন্তানসকল দিনে-ৰাতিয়ে আনন্দিত হোৱা উচিত – পিতাই আমাক স্বর্গৰ উত্তৰাধিকাৰ দি আছে৷ ‘অল্ফ’ (পিতা) আৰু ‘বে’, বাদশ্বাহী৷ এতিয়া তোমালোকে বুজি পোৱা – শিৱ জয়ন্তী মানেই ভাৰতৰ স্বর্গৰ জয়ন্তী৷ ‘গীতা’ই হ’ল সকলো শাস্ত্ৰৰ ভিতৰত শিৰোমণি৷ গীতা মাতা৷ উত্তৰাধিকাৰতো পিতাৰ পৰাই পাবা৷ গীতাৰ ৰচয়িতা হয়েই শিৱবাবা৷ পাৰলৌকিক পিতাৰ পৰা পাৱন হোৱাৰ উত্তৰাধিকাৰ পোৱা যায়৷ ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি ঈশ্বৰীয় বিদ্যার্থী, সদায় এইটো স্মৃতিত ৰাখিব লাগে৷ কোনোধৰণৰ ছিঃ ছিঃ অভ্যাস গঠন কৰিব নালাগে৷ সেইবোৰ আঁতৰাব লাগে৷ বিকাৰৰ অলপো খেয়াল আহিব নালাগে৷

(2) জীৱন্তে শৰীৰৰ বোধ পাহৰি পিতাক স্মৰণ কৰিব লাগে৷ জ্ঞানৰ ভিন্ন ভিন্ন কথা বিচাৰ সাগৰ মন্থন কৰি পতিতক পাৱন কৰি তোলাৰ বেপাৰ কৰিব লাগে৷

বৰদান:
সন্তুষ্টতাৰ ত্ৰিমূৰ্তি প্ৰমাণপত্ৰৰ দ্বাৰা সদায় সফলতা প্ৰাপ্ত কৰোঁতা উচ্চ পদৰ অধিকাৰী হোৱা

সদায় সফল হ'বলৈ পিতা আৰু পৰিয়ালৰ সৈতে সঠিক সম্পৰ্কৰ প্ৰয়োজন। প্ৰত্যেকে তিনিখন প্ৰমাণপত্ৰ ল’ব লাগে- পিতাৰ পৰা, নিজৰ পৰা আৰু পৰিয়ালৰ পৰা। পৰিয়ালক সন্তুষ্ট কৰিবলৈ এই সৰু কথাটি স্মৃতিত ৰাখা যে সন্মান দিয়াৰ ৰেকৰ্ড যাতে নিৰন্তৰ চলি থাকে, এই ক্ষেত্ৰত নিষ্কাম হোৱা। পিতাক সন্তুষ্ট কৰিবলৈ সৎ হোৱা। আৰু নিজৰ প্ৰতি সন্তুষ্ট থাকিবলৈ সদায় শ্ৰীমতৰ সীমাৰ ভিতৰত থাকা। এই তিনিখন প্ৰমাণপত্ৰই উচ্চ পদৰ অধিকাৰী কৰি দিব।

স্লোগান:
যিয়ে চিত্ৰক নাচাই চৈতন্য আৰু চৰিত্ৰক চায়, তেৱেঁই শ্ৰেষ্ঠ চৰিত্ৰৱান।


অব্যক্ত ইংগিত: একতা আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা

যেনেকৈ সকলো আত্মাক জ্ঞানৰ কিৰণ দিবলৈ সদায় শুভ-ভাৱনা আৰু কল্যাণৰ ভাৱনা ৰাখা। তেনেকৈ নিজৰ এই দেৱী সংগঠনকো একৰস স্থিতিত স্থিৰ কৰি সংগঠনৰ শক্তি বৃদ্ধি কৰাৰ প্ৰযত্ন কৰা তেতিয়া তোমালোকৰ এই দৈৱিক সংগঠনৰ মূৰ্তত একতা আৰু একৰস স্থিতিৰ প্ৰত্যক্ষ ৰূপত সাক্ষাৎকাৰ হ’ব।