18.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই সময়ত তোমালোকৰ এইটো জীৱন বহুত অমূল্য কিয়নো তোমালোক হদৰ পৰা ওলাই বেহদত আহিছা, তোমালোকে জানা যে আমি এই জগতৰ কল্যাণ কৰোঁতা হওঁ”

প্ৰশ্ন:
পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰ কোনটো পুৰুষাৰ্থৰ দ্বাৰা প্ৰাপ্ত হয়?

উত্তৰ:
সদায় ভাই ভাইৰ দৃষ্টি থাকিব লাগে। স্ত্ৰী-পুৰুষৰ যি বোধ আছে সেয়া আঁতৰি যাব লাগে, তেতিয়া পিতাৰ উত্তৰাধিকাৰৰ সম্পূৰ্ণ অধিকাৰ প্ৰাপ্ত হ’ব। কিন্তু স্ত্ৰী-পুৰুষৰ বোধ বা এই দৃষ্টি আঁতৰি যোৱাতো অতি কঠিন। ইয়াৰ বাবে আত্ম-অভিমানী হোৱাৰ অভ্যাসৰ প্ৰয়োজন। যেতিয়া পিতাৰ সন্তান হ’বা তেতিয়া উত্তৰাধিকাৰ পাবা। এজন পিতাৰ স্মৃতিৰে সতোপ্ৰধান হওঁতাসকলেহে মুক্তি-জীৱনমুক্তিৰ উত্তৰাধিকাৰ লাভ কৰে।

গীত:
আখিৰ ৱহ দিন আয়া আজ... (অৱশেষত আজি সেই দিনটি আহিল...)

ওঁম্শান্তি।
সন্তানসকলে এইটো জানে – ‘ওঁম্‌’ মানে মই আত্মা এয়া মোৰ শৰীৰ। এতিয়া তোমালোকে এই ড্ৰামাখনক, সৃষ্টি চক্ৰক আৰু এই সৃষ্টি চক্ৰক জানোঁতা পিতাক জানি গৈছা কিয়নো চক্ৰক জানোঁতাজনক ৰচয়িতা বুলিয়ে কোৱা হ’ব। ৰচয়িতা আৰু ৰচনাক আন কোনেও নাজানে। যদিও লিখা-পঢ়া কৰা ডাঙৰ ডাঙৰ বিদ্বান-পণ্ডিত আদি আছে, তেওঁলোকৰ নিজৰ অহংকাৰতো থাকেই নহয়। কিন্তু তেওঁলোকে এয়া নাজানেই, তেওঁলোকে কয়ো – জ্ঞান, ভক্তি আৰু বৈৰাগ্য। এতিয়া এয়া তিনিটা বস্তু হৈ যায়, ইয়াৰ অৰ্থও বুজি নাপায়। সন্ন্যাসীসকলৰ ঘৰৰ প্ৰতি বৈৰাগ্য জন্মে। তেওঁলোকৰো উচ্চ আৰু নীচৰ ঈৰ্ষা থাকে। এওঁ উচ্চ কুলৰ, এওঁ মধ্যম কুলৰ - ইয়াৰ ওপৰত তেওঁলোকৰ বহুত কথা চলে। কুম্ভ মেলাতো তেওঁলোকৰ বহুত কাজিয়া লাগি যায় যে প্ৰথমে কাৰ সমদল যাব। ইয়াৰ ওপৰত বহুত কাজিয়া কৰে পাচত পুলিচ আহি এৰুৱাই দিয়ে। তেন্তে এয়াও দেহ-অভিমান নহ’ল জানো। জগতত যিয়েই মনুষ্য মাত্ৰ আছে, সকলো হৈছে দেহ-অভিমানী। তোমালোকতো এতিয়া আত্ম-অভিমানী হ’ব লাগে। পিতাই কয় – দেহ-অভিমান ত্যাগ কৰা, নিজক আত্মা বুলি বুজা। আত্মাই পতিত হৈছে, তাত খাদ (বিকাৰৰ লেপ) পৰিছে। আত্মাহে সতোপ্ৰধান, তমোপ্ৰধান হয়। যেনেকুৱা আত্মা তেনেকুৱা শৰীৰ লাভ কৰে। শ্ৰীকৃষ্ণৰ আত্মা সুন্দৰ সেয়েহে শৰীৰো বহুত সুন্দৰ, তেওঁৰ শৰীৰৰ প্ৰতি বহুতৰে আকৰ্ষণ হয়। পৱিত্ৰ আত্মাইহে আকৰ্ষণ কৰে। লক্ষ্মী-নাৰায়ণৰ ইমান মহিমা নাই যিমান শ্ৰীকৃষ্ণৰ আছে কিয়নো শ্ৰীকৃষ্ণতো পৱিত্ৰ সৰু বালক। ইয়াতো কোৱা হয় সৰু বালক আৰু মহাত্মা একে সমান। মহাত্মাসকলে তথাপিও জীৱনৰ অনুভৱ কৰি পাছত বিকাৰ ত্যাগ কৰে। ঘৃণা জন্মে, বালকতো হয়েই পৱিত্ৰ। তেওঁলোকক উচ্চ মহাত্মা বুলি ভাবে। সেয়েহে পিতাই বুজাইছে – এই নিবৃত্তি মাৰ্গৰ সন্ন্যাসীসকলেও অৱনমিত হোৱাৰ পৰা কিছু ধৰি ৰাখে। যেনেকৈ ঘৰ আধা পুৰণা হ’লে তেতিয়া পুনৰ মেৰামতি কৰা হয়। সন্ন্যাসীসকলেও মেৰামতি কৰে, পৱিত্ৰ হোৱা বাবে ভাৰত অধিক অৱনমিত নোহোৱাকৈ থাকে। ভাৰতৰ নিচিনা পৱিত্ৰ আৰু ধনৱান খণ্ড আন একো হ’ব নোৱাৰে। এতিয়া পিতাই তোমালোকক ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ স্মৃতি সোঁৱৰাই দিয়ে কিয়নো এওঁ পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। ‘গীতা’ত শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলি লিখি দিছে, তেওঁক জানো কেতিয়াবা বাবা বুলি ক’ব! নতুবা পতিত-পাৱন বুলি ক’ব! যেতিয়া মনুষ্যই পতিত-পাৱন বুলি কয় তেতিয়া শ্ৰীকৃষ্ণক স্মৰণ নকৰে তেওঁলোকেতো ভগৱানক স্মৰণ কৰে, আকৌ কৈ দিয়ে পতিত-পাৱন সীতাৰাম, ৰঘূপতি ৰাঘৱ ৰজা ৰাম। কিমান বিভ্ৰান্ত হৈ আছে। পিতাই কয় – মই আহি তোমালোক সন্তানসকলক যথাৰ্থ ৰীতিৰে সকলো বেদ-শাস্ত্ৰ আদিৰ সাৰমৰ্ম শুনাওঁ। প্ৰথম মুখ্য কথাটি বুজাওঁ যে তোমালোকে নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। তোমালোক হৈছা ভাই ভাই, আকৌ ব্ৰহ্মাৰ সন্তান কুমাৰ-কুমাৰী সেয়েহে ভাই-ভনী হৈ গ’লা। এইটো স্মৃতি বুদ্ধিত থাকিব লাগে। আচলতে আত্মা ভাই ভাই, আকৌ ইয়াত শৰীৰত অহা বাবে ভাই-ভনী হৈ যায়। বুজিবলৈ ইমানখিনিও বুদ্ধি নাই। তেওঁ আমাৰ আত্মাসকলৰ পিতা গতিকে আমি ভাই নহ’লো জানো। তেন্তে সৰ্বব্যাপি বুলি কেনেকৈ কয়। উত্তৰাধিকাৰতো সন্তানসকলেহে পাব, পিতাইতো নাপায়। পিতাৰ পৰা সন্তানসকলে উত্তৰাধিকাৰ লাভ কৰে। ব্ৰহ্মাও শিৱবাবাৰ সন্তান হয় নহয়, এৱোঁ তেওঁৰ পৰা উত্তৰাধিকাৰ লাভ কৰে। তোমালোক নাতি-নাতিনী হৈ যোৱা। তোমালোকৰো অধিকাৰ আছে। সেয়েহে আত্মিক ৰূপত সকলো সন্তান হোৱা আকৌ শৰীৰত আহিলে তেতিয়া ভাই-ভনী বুলি কোৱা। আন কোনো সম্পৰ্ক নাই। সদায় ভাই ভাইৰ দৃষ্টি থাকিব লাগে, স্ত্ৰী-পুৰুষৰ বোধ আঁতৰি যাব লাগে। যেতিয়া পুৰুষ-মহিলা দুয়োজনে কয় - হে ঈশ্বৰ পিতা তেন্তে ভাই-ভনী নহ’ল জানো। ভাই-ভনী তেতিয়া হয় যেতিয়া পিতা সংগমত আহি ৰচনা ৰচে। কিন্তু স্ত্ৰী-পুৰুষৰ দৃষ্টি কাচিৎহে আঁতৰি যায়। পিতাই কয় – তোমালোক দেহী-অভিমানী হ’ব লাগে। পিতাৰ সন্তান হ’লেহে উত্তৰাধিকাৰ লাভ কৰিবা। মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। সতোপ্ৰধান নহ’লে তোমালোক মুক্তি-জীৱনমুক্তিত উভতি যাব নোৱাৰিবা। এইটো যুক্তি সন্ন্যাসী আদিয়ে কেতিয়াও নিদিয়ে। তেওঁলোকে এনেকৈ কেতিয়াও নকয় যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। পিতাক কোৱা হয় – পৰমপিতা পৰমাত্মা, সৰ্বোচ্চ। আত্মা বুলিতো সকলোকে কোৱা হয় কিন্তু সেই পিতাই কয় – সন্তানসকল, মই তোমালোক সন্তানসকলৰ ওচৰলৈ আহিছোঁ। মোক কথা ক’বলৈ মুখৰতো প্ৰয়োজন হয় নহয়। আজিকালি য’তে-ত’তে গো-মুখ নিশ্চয় ৰাখে। আকৌ কয় – গো-মুখৰ পৰা অমৃত ওলায়। প্ৰকৃততে অমৃত বুলিতো কোৱা হয় জ্ঞানক। জ্ঞান অমৃত মুখেৰে ওলায়। এই ক্ষেত্ৰত পানীৰ কথা নাই। এওঁ (ব্ৰহ্মা) গো মাতাও হয়। বাবাই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছে। পিতাই এওঁৰ দ্বাৰা তোমালোকক নিজৰ কৰি লৈছে। এওঁৰ দ্বাৰা জ্ঞান শুনায়। তেওঁলোকেতো পাথৰৰ সাজি তাত মুখ দি দিছে, য’ৰ পৰা পানী ওলায়। সেয়াতো ভক্তিৰ নিয়ম হৈ গ’ল নহয়। যথাৰ্থ কথা তোমালোকে জানা। ভীষ্ম পিতামহ আদিক তোমালোক কুমাৰীসকলে বাণ মাৰিছা। তোমালোকতো হৈছআ ব্ৰহ্মাকুমাৰ-কুমাৰী। সেয়েহে কাৰোবাৰ কুমাৰী হ’বই নহয়। অৰ্দ্ধকুমাৰী আৰু কুমাৰী দুয়োৰে মন্দিৰ আছে। বাস্তৱত মন্দিৰ তোমালোকৰ স্মৃতিচিহ্ন নহয় জানো। এতিয়া পিতাই বহি বুজায় – যিহেতু তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱা সেয়েহে আসুৰি দৃষ্টি যাব নোৱাৰে। নহ’লেতো বহুত ডাঙৰ শাস্তি হৈ যাব। দেহৰ আভিমানত অহা বাবে এয়া পাহৰি যায় যে আমি ভাই-ভনী। এৱোঁ বী.কে., আমিও বী.কে. সেয়েহে বিকাৰী দৃষ্টি যাব নোৱাৰে। কিন্তু আসুৰি সম্প্ৰদায়ৰ মনুষ্যই বিকাৰ অবিহনে থাকিব নোৱাৰে সেয়েহে বিঘিনি ঘটায়। এতিয়া তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। পিতাৰ শ্ৰীমতত চলিব লাগে, পৱিত্ৰ হ’ব লাগে। এয়া হ’ল এই বিকাৰী মৃত্যুলোকত অন্তিম জন্ম। এয়াও কোনেও নাজানে। অমৰলোকত কোনো বিকাৰ নাথাকে। তাক কোৱাই হয় সতোপ্ৰধান সম্পূৰ্ণ নিৰ্বিকাৰী। ইয়াত হ’ল তমোপ্ৰধান সম্পূৰ্ণ বিকাৰী। মনুষ্যই গায়নো কৰে - তেওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী, আমি বিকাৰী, পাপী। সম্পূৰ্ণ নিৰ্বিকাৰীসকলৰ পূজা কৰে। পিতাই বুজাইছে – তোমালোক ভাৰতবাসীয়েহে পূজ্যৰ পৰা পুনৰ পূজাৰী হোৱা। এই সময়ত ভক্তিৰ প্ৰভাৱ বহুত। ভক্তই ভগৱানক স্মৰণ কৰে যে আহি ভক্তিৰ ফল দিয়ক। ভক্তি কৰি কি অৱস্থা হৈ গৈছে। পিতাই বুজাইছে মুখ্য ধৰ্মশাস্ত্ৰ 4 খন। এটাতো হ’ল দৈৱী ধৰ্ম, ইয়াত ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয় তিনিওটাই আহি যায়। পিতাই ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰে। ব্ৰাহ্মণৰ টিকনি হৈছে সংগমযুগৰ। তোমালোক ব্ৰাহ্মণসকল এতিয়া পুৰুষোত্তম হৈ আছা। ব্ৰাহ্মণ হৈ আকৌ দেৱতা হোৱা। সেই ব্ৰাহ্মণসকলো বিকাৰী। তেওঁলোকেও এই ব্ৰাহ্মণৰ আগত নমস্কাৰ জনায়, ব্ৰাহ্মণ দেৱতায়ে নমঃ বুলি কয় কিয়নো বুজি পায় তেওঁলোক ব্ৰহ্মাৰ সন্তান আছিল, আমিতো ব্ৰহ্মাৰ সন্তান। এতিয়া তোমালোক ব্ৰহ্মাৰ সন্তান হোৱা। তোমালোকক সকলোৱে নমন কৰিব। পাচত তোমালোক দেৱী-দেৱতা হোৱা। এতিয়া তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী হৈছা তাৰ পাছত দৈৱী কুমাৰ-কুমাৰী হ’বা।

এই সময়ত তোমালোকৰ এইতো জীৱন বহুত অমূল্য কিয়নো তোমালোকৰ জগত মাতা বুলি গায়ন আছে। তোমালোক হদৰ পৰা ওলাই বেহদত আহিছা। তোমালোকে জানা যে আমি এই সময়ত জগতৰ কল্যাণ কৰোঁতা হওঁ। সেয়েহে প্ৰত্যেকে জগত অম্বা হৈ গ’ল। এই নৰকত মনুষ্য বহুত দুখী, আমি তেওঁলোকৰ সেৱা কৰিবলৈ আহিছোঁ। আমি তেওঁলোকক স্বৰ্গবাসী কৰিহে এৰিম। তোমালোক হৈছা সেনা। ইয়াক যুদ্ধক্ষেত্ৰ বুলিও কোৱা হয়। যাদৱ, কৌৰৱ আৰু পাণ্ডৱ একেলগে থাকে। ভাই ভাই নহয় জানো। এতিয়া তোমালোকৰ যুদ্ধ ভাই-ভনীৰ লগত নহয়, তোমালোকৰ ৰাৱণৰ লগত যুদ্ধ। মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তুলিবলৈ ভাই-ভনীসকলক বুজোৱা। সেয়েহে পিতাই বুজাইছে দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰিব লাগে। এয়া হ’ল পুৰণি সৃষ্টি। কিমান ডাঙৰ বান্ধ, নলা আদি খান্দে, কিয়নো পানী নাই। প্ৰজাতো বহুত বাঢ়ি গৈছে। তাততো তোমালোক বহুত কম সংখ্যক থাকা। নদীততো পানী বহুত থাকে, শস্যও বহুত হয়। ইয়াততো পৃথিৱীত কোটি কোটি মনুষ্য। তাততো আৰম্ভণিতে গোটেই পৃথিৱীত 9-10 লাখ থাকে, আন কোনো খণ্ড নাথাকে। তোমালোক কম সংখ্যকহে তাত থাকা। তোমালোক ক’লৈকো যোৱাৰ প্ৰয়োজন নাথাকে। তাত হয়েই নাতিশীতোষ্ণ জলবায়ু। 5 তত্বই কোনো কষ্ট নিদিয়ে, আদেশ অনুসৰি চলে। দুখৰ নাম নাথাকে। সেয়া হয়েই বৈকুণ্ঠ। এতিয়া হ’ল নৰক। এয়া মাজৰ পৰা আৰম্ভ হয়। দেৱতাসকল বাম (বিকাৰী) মাৰ্গত অৱনমিত হয় তেতিয়া পুনৰ ৰাৱণৰাজ্য আৰম্ভ হৈ যায়। তোমালোকে বুজি পাইছা – আমি দ্বৈত মুকুটধাৰী পূজ্য হওঁ পাছত একক মুকুটধাৰী হওঁ। সত্যযুগত পৱিত্ৰতাৰো স্মৃতিচিহ্ন থাকে, দেৱতাসকলতো সকলো পৱিত্ৰ। ইয়াত পৱিত্ৰ কোনো নাথাকে। জন্মতো তথাপিও বিকাৰৰ দ্বাৰা লয় নহয় সেইবাবে ইয়াক ভ্ৰষ্টাচাৰী সৃষ্টি বুলি কোৱা হয়। সত্যযুগ হৈছে শ্ৰেষ্ঠাচাৰী। বিকাৰকে ভ্ৰষ্টাচাৰ বুলি কোৱা হয়। সন্তানসকলে জানা যে সত্যযুগত পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল, এতিয়া অপৱিত্ৰ হৈ গৈছে। এতিয়া পুনৰ পৱিত্ৰ শ্ৰেষ্ঠাচাৰী সৃষ্টি হ’ব। সৃষ্টিৰ চক্ৰ ঘূৰে নহয়। পৰমপিতা পৰমাত্মাকে পতিত-পাৱন বুলি কোৱা হয়। মনুষ্যই কৈ দিয়ে ভগাৱানে প্ৰেৰণা দিয়ে, এতিয়া প্ৰেৰণা মানে বিচাৰ, ইয়াত প্ৰেৰণাৰতো কথাই নাই। তেওঁ নিজেই কয় – মই শৰীৰৰ আধাৰ ল’বলগীয়া হয়। মুখ আবিহনে শিক্ষা কেনেকৈ দিম। প্ৰেৰণাৰ দ্বাৰা কিবা শিক্ষা দিয়া হয় জানো! ভগৱানে প্ৰেৰণাৰে একোৱেই নকৰে। পিতাইতো সন্তানসকলক পঢ়ায়। প্ৰেৰণাৰে পঢ়া-শুনা হ’ব নোৱাৰে। পিতাৰ বাহিৰে সৃষ্টিৰ আদি, মধ্য, অন্তৰ ৰহস্য আন কোনেও ক’ব নোৱাৰে। পিতাকে নাজানে, কোনোৱে কয় লিংগ, কোনোৱে কয় অখণ্ড জ্যোতি। কোনোৱে কয় – ব্ৰহ্মই ঈশ্বৰ। তত্ব জ্ঞানী ব্ৰহ্ম জ্ঞানীও আছে নহয়। শাস্ত্ৰত দেখুৱাইছে 84 লাখ যোনি। এতিয়া যদি 84 লাখ জন্ম হয় তেন্তে বহুত ডাঙৰ কল্পৰ প্ৰয়োজন। কোনেও হিচাপে উলিয়াব নোৱাৰিব। তেওঁলোকেতো সত্যযুগকে লাখ লাখ বছৰ বুলি কৈ দিয়ে। পিতাই কয় – গোটেই সৃষ্টি 5000 বছৰৰ। 84 লাখ জন্মৰ বাবে সময়ো ইমানে প্ৰয়োজন হয় নহয়। এই সকলো শাস্ত্ৰ ভক্তিমাৰ্গৰ। পিতাই কয় – মই আহি তোমালোকক এই সকলো শাস্ত্ৰৰ সাৰ বুজাওঁ। এয়া সকলো ভক্তিমাৰ্গৰ সামগ্ৰী, ইয়াৰ দ্বাৰা কোনেও মোক প্ৰাপ্ত কৰিব নোৱাৰে। মই যেতিয়া আহোঁ তেতিয়া সকলোকে লৈ যাওঁ। মোক মাতেই – হে পতিত-পাৱন আহক। পৱিত্ৰ কৰি লৈ আমাকো পৱিত্ৰ জগতলৈ লৈ ব’লক। কিন্তু বিচাৰি পাবলৈ কিয় হাবাথুৰি খোৱা? কিমান দূৰ-দূৰণিৰ পাহাৰ আদিলৈ যায়। আজিকালিতো কিমান মন্দিৰ খালী হৈ পৰি আছে, কোনেও নাযায়। এতিয়া তোমালোক সন্তানসকলে উচ্চতকৈও উচ্চ পিতাৰ জীৱন বৃত্তান্ত জানিছা। পিতাই সন্তানসকলক সকলো দি 60 বছৰ পাছত বানপ্ৰস্থী হৈ বহি যায়। এই নিয়মো এতিয়াৰে, সকলো উৎসৱো এই সময়ৰে।

তোমালোকে জানা – এতিয়া আমি সংগমত থিয় হৈ আছোঁ। ৰাতিৰ পাছত দিনো হ’ব। এতিয়াতো ঘোৰ অন্ধকাৰ। মনুষ্যই গায়নো কৰে – জ্ঞান সূৰ্য প্ৰকট হ’ল... তোমালোকে পিতাক আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানিছা। যেনেকৈ পিতা জ্ঞানৱান, তোমালোকো মাষ্টৰ জ্ঞানৱান হৈ গৈছা। তোমালোক সন্তানসকলে পিতাৰ পৰা বেহদ সুখৰ উত্তৰাধিকাৰ লাভ কৰিছা। লৌকিক পিতাৰ পৰাতো হদৰ (সীমিত) উত্তৰাধিকাৰ পোৱা যায়, যাৰ দ্বাৰা অল্পকালৰ সুখ পোৱা যায়। যাক সন্ন্যাসীসকলে কাউৰীৰ বিষ্ঠাৰ সমান সুখ বুলি কৈ দিয়ে। কিন্তু তেওঁলোক ইয়ালৈ আহি সুখৰ বাবে পুৰুষাৰ্থ কৰিব নোৱাৰে। তেওঁলোক হ’ল হঠযোগী, তোমালোক হ’লা ৰাজযোগী। তোমালোকৰ যোগ পিতাৰ লগত, তেওঁলোকৰ তত্বৰ লগত। এয়াও ড্ৰামা ৰচি থোৱা আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পাৱন হোৱাৰ বাবে “আমি আত্মা ভাই ভাই হওঁ, আকৌ পিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী হওঁ”, এইটো দৃষ্টি দৃঢ় কৰিব লাগে। আত্মা আৰু শৰীৰ দুয়োটাকে পাৱন সতোপ্ৰধান কৰি তুলিব লাগে। দেহ-অভিমান ত্যাগ কৰিব লাগে।

(2) মাষ্টৰ জ্ঞানৱান হৈ সকলোকে ৰচয়িতা আৰু ৰচনাৰ জ্ঞান শুনাই ঘোৰ অন্ধকাৰৰ পৰা মুক্ত কৰিব লাগে। নৰকবাসী মনুষ্যৰ আত্মিক সেৱা কৰি স্বৰ্গবাসী কৰি তুলিব লাগে।

বৰদান:
মাষ্টৰ জ্ঞান সাগৰ হৈ জ্ঞানৰ গভীৰতাত যাওঁতা অনুভৱ ৰূপী ৰত্নৰে সম্পন্ন হোৱা

যিসকল সন্তান জ্ঞানৰ গভীৰতাত যায় তেওঁলোকে অনুভৱ ৰূপী ৰত্নৰে সম্পন্ন হয়। এক হৈছে জ্ঞান শুনা আৰু শুনোৱা, দ্বিতীয়তে হৈছে অনুভৱী মূৰ্ত হোৱা। অনুভৱী সদায় অবিনাশী আৰু নিৰ্বিঘ্ন হৈ থাকে। তেওঁক কোনেও অস্থিৰ কৰিব নোৱাৰে। অনুভৱীৰ আগত মায়াৰ কোনো প্ৰয়াস সফল হব নোৱাৰে। অনুভৱী কেতিয়াও প্ৰতাৰিত হ’ব নোৱাৰে। সেই কাৰণে অনুভৱ বঢ়াই প্ৰতিটো গুণৰ অনুভৱী মূৰ্ত হোৱা। মনন শক্তিৰ দ্বাৰা শুদ্ধ সংকল্পৰ ৰ্পুঁজি জমা কৰা।

স্লোগান:
ফৰিস্তা তেওঁ যিয়ে দেহৰ সূক্ষ্ম অভিমানৰ সম্বন্ধৰ পৰাও উৰ্দ্ধত।


সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সম্পুৰ্ণ সত্যতাও পৱিত্ৰতাৰ আধাৰত হয়। যদি পৱিত্ৰতা নাই তেন্তে সদায় সত্যতাত থাকিব নোৱাৰে। কেৱল কাম বিকাৰেই অপৱিত্ৰতা নহয়, কাম বিকাৰৰ অন্য সংগীও আছে। গতিকে মহান পৱিত্ৰ অৰ্থাৎ অপৱিত্ৰতাৰ নাম-চিহ্ন নাথাকক তেতিয়াহে পৰমাত্ম প্ৰত্যক্ষতাৰ নিমিত্ত হ’ব পাৰিবা।