18.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – অৱগুণসমূহ দূৰ কৰাৰ পূৰা পুৰুষাৰ্থ কৰা, যিটো গুণৰ অভাৱ আছে তাৰ খতিয়ান ৰাখা, গুণসমূহ দান কৰিলে গুণৱান হৈ যাবা”

প্ৰশ্ন:
গুণৱান হ’বলৈ কোনটো প্ৰাৰম্ভিক শ্ৰীমত প্ৰাপ্ত হৈছে?

উত্তৰ:
মৰমৰ সন্তানসকল - গুণৱান হ’বলৈ হ’লে – 1) কাৰো শৰীৰক নাচাবা। নিজক আত্মা বুলি বুজা। একমাত্ৰ পিতাৰ পৰা শুনা, এজন পিতাকেই চোৱা। মনুষ্য মতক গুৰুত্ব নিদিবা। 2) দেহ-অভিমানৰ বশ হৈ এনেকুৱা কোনো কাৰ্য যাতে নকৰা যাৰ দ্বাৰা পিতা বা ব্ৰাহ্মণ কুলৰ নাম বদনাম হয়। ওলোটা আচৰণ কৰোঁতাসকল গুণৱান হ’ব নোৱাৰে। তেওঁলোকক কুলৰ কলংক বুলি কোৱা হয়।

ওঁম্শান্তি।
বাপদাদাৰ হাতত জুহি (জেছমিন) ফুল আছিল] এনেকুৱা সুবাসিত ফুল হোৱাৰ বাবে বাবাই সাক্ষাৎকাৰ কৰায়। সন্তানসকলে জানে আমি নিশ্চয় ফুল হৈছিলোঁ। গোলাপ ফুল, জুহি ফুলো হৈছিলোঁ অথবা হীৰাও হৈছিলোঁ, এতিয়া। পুনৰ হৈ আছোঁ। এয়া হৈছে সঁচা, আগতেতো মিছা আছিল। মিছাই মিছা, সঁচাৰ এক ৰতিও নাছিল। এতিয়া তোমালোক সৎ হোৱা সেয়েহে আকৌ সত্যত সকলো গুণো থাকিব লাগে। যাৰ যিমান গুণ আছে, সেয়া আনকো দান দি নিজৰ সমান কৰি তুলিব পাৰি সেইবাবে পিতাই সন্তানসকলক কৈ থাকে - সন্তানসকল, নিজৰ গুণৰ খতিয়ান ৰাখা। মোৰ কোনো অৱগুণতো নাই? দৈৱীগুণৰ কি অভাৱ আছে? ৰাতি নিতৌ নিজৰ খতিয়ান উলিওৱা। জগতৰ মনুষ্যৰতো কথাই বেলেগ। তোমালোকতো এতিয়া মনুষ্য নহয়। তোমালোক হৈছা ব্ৰাহ্মণ। যদিও মনুষ্যতো সকলো মনুষ্যই হয় কিন্তু প্ৰত্যেকৰে গুণত, চাল-চলনত পাৰ্থক্য থাকে। মায়াৰ ৰাজ্যতো কোনো কোনো মনুষ্য বহুত ভাল গুণৱান থাকে কিন্তু পিতাক নাজানে। বৰ ধাৰ্মিক মনৰ, কোমল অন্তৰৰ হয়। জগতততো মনুষ্যৰ ভিন্ন প্ৰকাৰৰ গুণ থাকে। আৰু যেতিয়া দেৱতা হয় তেতিয়া দৈৱীগুণতো সকলোৰে থাকে। বাকী পঢ়াৰ কাৰণে মৰ্যাদা কম হৈ যায়। এটাতো পঢ়িব লাগে, দ্বিতীয়তে অৱগুণসমূহ দূৰ কৰিব লাগে। এয়াতো সন্তানসকলে জানে যে আমি গোটেই জগতৰ পৰা উপৰাম। ইয়াত যেনিবা এক ব্ৰাহ্মণ কুলহে বহি আছে। শূদ্ৰ কুলত হৈছে মনুষ্য মত। ব্ৰাহ্মণ কুলত হৈছে ঈশ্বৰীয় মত। পোন-প্ৰথমে তোমালোকে পিতাৰ পৰিচয় দিব লাগে, তোমালোকে কোৱা অমূকে তৰ্ক কৰে। বাবাই বুজাইছিল, লিখি দিয়া যে আমি ব্ৰাহ্মণ অথবা বি.কে. ঈশ্বৰীয় মতত চলোঁ তেতিয়া বুজি পাই যাব এওঁলোকতকৈ উচ্চতো আন কোনো নাই। উচ্চতকৈও উচ্চ ভগৱান, গতিকে আমি তেওঁৰ সন্তানসকলো তেওঁৰ মতত আছোঁ। মনুষ্যৰ মতত আমি নচলোঁ, ঈশ্বৰীয় মতত চলি আমি দেৱতা হ’ম। মনুষ্য মত একেবাৰে এৰি দিছোঁ। তেতিয়া তোমালোকৰ লগত কোনেও তৰ্ক কৰিব নোৱাৰে। কোনোবাই ক’ব এয়া ক'ৰ পৰা শুনিলা, কোনে শিকালে? তোমালোকে ক’বা - আমি ঈশ্বৰীয় মতত আছোঁ। প্ৰেৰণাৰ কথা নাই। বেহদৰ পিতা ঈশ্বৰৰ পৰা আমি শিকিছোঁ। কোৱা, ভক্তিমাৰ্গৰ শাস্ত্ৰৰ মতততো আমি বহুত সময় চলিলোঁ। এতিয়া আমি ঈশ্বৰীয় মত পাইছোঁ। তোমালোক সন্তানসকলে পিতাৰহে মহিমা কৰিব লাগে। পোন-প্ৰথমে বুদ্ধিত ধাৰণ কৰিব লাগে, আমি ঈশ্বৰীয় মতত আছোঁ। মনুষ্য মতত আমি নচলোঁ, নুশুনোঁ। ঈশ্বৰে কৈছে - বেয়া নুশুনিবা, বেয়া নাচাবা.... মনুষ্য মত। আত্মাক চোৱা, শৰীৰক নাচাবা। এয়াতো হৈছে পতিত শৰীৰ। এই শৰীৰ চাবলৈনো কি আছে, এই দুচকুৰে এয়া নাচাবা। এই শৰীৰতো একেবাৰে পতিত। ইয়াৰ এই শৰীৰতো শুধৰণি নহয় আৰুহে পুৰণি হৈ যাব। দিনে-প্ৰতিদিনে আত্মা শুধৰণি হয়। আত্মাহে অবিনাশী, সেইবাবে পিতাই কয় - বেয়া নাচাবা। শৰীৰকো চাব নালাগে। দেহ সহিত দেহৰ যি সম্বন্ধ আছে, সেয়া পাহৰি যাব লাগে। আত্মাক চোৱা, একমাত্ৰ পৰমাত্মা পিতাৰ পৰা শুনা, ইয়াতেই পৰিশ্ৰম হয়। তোমালোকে অনুভৱ কৰা এইটো ডাঙৰ বিষয়। যিসকল বিচাৰ বুদ্ধি সম্পন্ন হ’ব, তেওঁলোকে পদো ইমান উচ্চ পাব। চেকেণ্ডত জীৱনমুক্তি প্ৰাপ্ত হ’ব পাৰে। কিন্তু যদি পূৰা পুৰুষাৰ্থ নকৰা তেন্তে শাস্তিও বহুত ভোগ কৰিবলগীয়া হ’ব।

পিতাৰ পৰিচয় দিবৰ বাবে তোমালোক সন্তানসকল অন্ধৰ লাখুটি হোৱা। আত্মাক দেখা নাযায়, জনাহে যায়। আত্মা কিমান সূক্ষ্ম। এই আকাশ তত্বত চোৱা মনুষ্যই কিমান ঠাই লয়। মনুষ্যতো অহা-যোৱা কৰি থাকে। আত্মা ক’ৰবালৈ অহা-যোৱা কৰে জানো? আত্মাৰ কিমান কম ঠাই থাকিব! বিচাৰ কৰিবলগীয়া কথা। আত্মাৰ জাক হ’ব। শৰীৰৰ তুলনাত আত্মা কিমান সূক্ষ্ম, কিমান কম ঠাই ল’ব। তোমালোকক থাকিবৰ বাবেতো বহুত ঠাই লাগে। এতিয়া তোমালোক সন্তানসকল বিশাল বুদ্ধিৰ হৈছা। পিতাই নতুন কথা শুনায় নতুন সৃষ্টিৰ বাবে আৰু শুনাওঁতাজনো নতুন। মনুষ্যইতো সকলোৰে পৰা দয়া বিচাৰি থাকে। নিজৰ শক্তি নাই যে নিজৰ ওপৰতে দয়া কৰিব। তোমালোকে শক্তি পোৱা। তোমালোকে পিতাৰ পৰা আশীৰ্বাদ লৈছা আন কাকো দয়াশীল বুলি কোৱা নহয়। মনুষ্যক কেতিয়াও দেৱতা বুলি কোৱা নহয়। দয়াশীল এজনেই পিতা, যিয়ে মনুষ্যক দেৱতা কৰি তোলে সেইবাবে কোৱা হয় পৰমপিতা পৰমাত্মাৰ মহিমা পাৰাপাৰহীন, তেওঁৰ কোনো সীমা নাই। এতিয়া তোমালোকে জানা, তেওঁৰ কৃপাৰ পাৰাপাৰ নাই। বাবাই যি নতুন সৃষ্টি স্থাপনা কৰে, তাত সকলোবোৰ নতুন হয়। মনুষ্য, পশু, পক্ষী সকলো সতোপ্ৰধান। পিতাই বুজাইছে - তোমালোক উচ্চ হৈ গ’লে তোমালোকৰ আচবাবো এনেকুৱা উচ্চৰো উচ্চ হয় বুলি গায়ন কৰা হয়। পিতাকো কোৱা হয় উচ্চৰো উচ্চ যাৰ পৰা বিশ্বৰ বাদশ্বাহী পোৱা যায়। পিতাই স্পষ্টকৈ কয় - মই হাতত স্বৰ্গ লৈ আহিছোঁ। তেওঁলোকে হাতৰ পৰা কেশৰ আদি উলিয়ায়, ইয়াততো হৈছে পঢ়াৰ কথা। এয়া হৈছে প্ৰকৃত শিক্ষা। তোমালোকে বুজি পোৱা আমি পঢ়ি আছোঁ। পাঠশালালৈ আহিছোঁ, পাঠশালা তোমালোকে বহুত খোলা তেতিয়া তোমালোকৰ কৰ্মকাণ্ড দেখিব। কোনোবাই আকৌ ওলোটা আচৰণ কৰি নাম বদনাম কৰে। দেহ-অভিমানীসকলৰ কৰ্মকাণ্ডই বেলেগ হ’ব। এনেকুৱা কৰ্মকাণ্ড হ’লে তেতিয়া সকলোৰে কলংক লাগি যায়। এনেকৈ ভাবে যে এওঁলোকৰ কৰ্মকাণ্ডততো কোনো পাৰ্থক্য নাই, তাৰমানে পিতাৰ নিন্দা নকৰালে জানো। সময় লাগে। সকলো দোষ তেওঁৰ ওপৰতে আহি যায়। আচাৰ-ব্যৱহাৰ বহুত ভাল হ’ব লাগে। তোমালোকৰ চৰিত্ৰ সলনি হ’বলৈ কিমান সময় লাগে। তোমালোকে বুজি পোৱা কিছুমানৰ চৰিত্ৰ বহুত ভাল। সেয়া দেখাও পোৱা যাব। বাবাই এটি এটি সন্তানক বহি প্ৰত্যক্ষ কৰে, এওঁৰ কি ত্ৰুটি আছে যিটো দূৰ হ’ব লাগে। এজন এজনৰ পৰীক্ষা কৰে। ত্ৰুটিতো সকলোৰে আছে। সেয়েহে পিতাই সকলোকে চাই থাকে। ফলাফল চাই থাকে। পিতাৰতো সন্তানসকলৰ প্ৰতি মৰম থাকে নহয়। জানে এওঁৰ এইটো ত্ৰুটি আছে, এইটো কাৰণে তেওঁ ইমান উচ্চ পদ পাব নোৱাৰে। যদিহে ত্ৰুটি দূৰ নহয় তেন্তে বৰ কঠিন হয়। দেখিলেই গম পোৱা যায়। এইটোতো জানে যে এতিয়া সময় বাকী আছে। এজন এজনৰ পৰীক্ষা কৰোঁতে পিতাৰ দৃষ্টি প্ৰত্যেকৰে গুণৰ ফালে যাব। সুধিব - তোমাৰ কোনো অৱগুণতো নাই? বাবাৰ আগততো সঁচা কথা কৈ দিয়ে। কাৰোবাৰ দেহ-অভিমান থাকিলে নকয়। পিতাইতো কৈয়েই থাকে - নিজেই যিয়ে কৰে তেওঁ দেৱতা। ক'লেহে কৰোঁতাজন মনুষ্য, যি ক'লেও নকৰে.......। বাবাই কৈ থাকে এইটো জন্মৰ যিয়েই দোষ আছে সেয়া পিতাৰ আগত নিজেই কৈ দিয়া। বাবাইতো সকলোকে কৈ দিয়ে যে ত্ৰুটিসমূহ চাৰ্জনক কৈ দিব লাগে। শৰীৰৰ বেমাৰ নহয়, ভিতৰৰ বেমাৰৰ বিষয়ে জনাব লাগে। তোমালোকৰ ভিতৰত কি কি আসুৰি খেয়াল থাকে? তেতিয়া ইয়াৰ ওপৰত বাবাই বুজাব। এইটো অৱস্থাত তুমি ইমান উচ্চ পদ পাব নোৱাৰিবা, যেতিয়ালৈকে অৱগুণ দূৰ নহয়, অৱগুণে বহুত নিন্দা কৰায়। মনুষ্যৰ ভুল ধাৰণা হয় - ভগৱানে এওঁলোকক পঢ়ায়! ভগৱানতো নাম-ৰূপৰ পৰা উপৰাম, সৰ্বব্যাপি হয়, তেওঁ কেনেকৈ এওঁলোকক পঢ়াব, এওঁলোকৰ চাল-চলন কেনেকুৱা। এয়াতো পিতাই জানে - তোমালোকৰ গুণ কিমান উত্তম হ’ব লাগে। অৱগুণ লুকুৱাই ৰাখিলে তেতিয়া কাকো ইমান তীৰে আঘাত নকৰিব সেইবাবে যিমান সম্ভৱ নিজৰ যি অৱগুণ আছে সেইবোৰ আঁতৰাই যোৱা। টুকি ৰাখা, মোৰ এইটো এইটো ত্ৰুটি আছে তেতিয়া ভিতৰি অন্তৰ দহিব। লোকচান হ’লে অন্তৰ দহে। বেপাৰীসকলে নিজৰ হিচাপ নিতৌ উলিয়ায় - আজি কিমান লাভ হ’ল, প্ৰতিদিনৰ হিচাপ চায়। এই পিতায়ো কয় - প্ৰতিদিনে নিজৰ চাল-চলন চোৱা। নহ’লে নিজৰেই লোকচান কৰি দিবা। পিতাৰ সন্মান হেৰুৱাই পেলাবা।

গুৰুৰ নিন্দা কৰোঁতাজনে পাৰ নাপায় (লক্ষ্যত উপনীত নহয়)। দেহ-অভিমানীয়ে পাৰ পাব নোৱাৰে। দেহী-অভিমানীয়ে ভালদৰে পাৰ পায়। দেহী-অভিমানী হ’বৰ বাবেই সকলোৱে পুৰুষাৰ্থ কৰে। প্ৰতিদিনে শুধৰাই গৈ থাকে। দেহ-অভিমানৰ দ্বাৰা যি কৰ্তব্য হয়, সেয়া সমাপ্ত কৰি গৈ থাকিব লাগে। দেহ-অভিমানৰ দ্বাৰা পাপ নিশ্চয় হয় সেইবাবে দেহী-অভিমানী হৈ থাকা। এয়াতো বুজি পোৱা জন্মতেই কোনো ৰজা নহয়। দেহী-অভিমানী হওঁতে সময়তো লাগে। এয়াও তোমালোকে বুজি পোৱা, এতিয়া আমি উভতি যাব লাগে। বাবাৰ ওচৰলৈ সন্তানসকল আহে। কোনোবা 6 মাহৰ পাছত আহে, কোনোবা 8 (আঠ) মাহৰ পাছতো আহে তেতিয়া বাবাই চায় ইমান সময়ে কিমান উন্নতি হ’ল? প্ৰতিদিনে কিবা শুধৰণি হৈ থাকে নে কিবা খেলি-মেলি আছে? কোনোৱে আগবাঢ়ি গৈ গৈ পঢ়িবলৈ এৰি দিয়ে। বাবাই কয় - এয়া কি, ভগৱানে ভগৱান-ভগৱতী কৰি তুলিবলৈ তোমালোকক পঢ়ায়, এনেকুৱা পঢ়া তোমালোকে এৰি দিয়া! হেৰ’! বিশ্বৰ ঈশ্বৰ পিতাই পঢ়ায়, ইয়াত অনুপস্থিত! মায়া কিমান প্ৰৱল। অতি উচ্চ পঢ়াৰ পৰা তোমালোকক বিমুখ কৰি দিয়ে। বহুত আছে যিসকল আগবাঢ়ি গৈ থাকে, আকৌ পঢ়াক লঠিয়াই দিয়ে। এয়াতো তোমালোকে বুজি পোৱা এতিয়া আমাৰ মুখ স্বৰ্গৰ ফালে, ভৰি আছে নৰকৰ ফালে। তোমালোক হৈছা সংগমযুগী ব্ৰাহ্মণ। এইখন পুৰণা ৰাৱণৰ সৃষ্টি। আমি শান্তিধাম হৈ সুখধামৰ ফালে যাম। সন্তানসকলে এইটোৱে স্মৃতিত ৰাখিব লাগে। সময় বহুত কম, কালিলৈও শৰীৰ এৰিবলগীয়া হ’ব পাৰে। পিতাৰ স্মৃতি নাথাকিলে তেতিয়া আকৌ অন্তকালত.... পিতাই বহুত বুজায়। এয়া সকলো গুপ্ত কথা। জ্ঞানো গুপ্ত। এয়াও জানে কল্প পূৰ্বে যিয়ে যিমান পুৰুষাৰ্থ কৰিছিল, সেয়াই কৰি আছে। ড্ৰামা অনুসৰি পিতায়ো কল্প পূৰ্বৰ দৰেই বুজাই আছে, এই ক্ষেত্ৰত হীনডেঢ়ি হ’ব নোৱাৰে। পিতাক স্মৰণ কৰি থাকিলে তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ থাকিব। শাস্তি ভুগিব নালাগে। পিতাৰ সন্মুখত বহি শাস্তি ভোগ কৰিবলগীয়া হ’লে পিতাই কি ক’ব! তোমালোকে সাক্ষাৎকাৰো কৰিছা, সেই সময়ত ক্ষমা কৰিব নোৱাৰিব। এওঁৰ দ্বাৰা পিতাই পঢ়াইছে যেতিয়া এওঁৰেই সাক্ষাৎকাৰ হ’ব। এওঁৰ দ্বাৰা তাতো বুজাই থাকিব - তোমালোকে এনেকুৱা কৰিলা তেতিয়া তোমালোকে বহুত কান্দিবা, চিঞৰিবা, পশ্চাতাপো কৰিবা। সাক্ষাৎকাৰ নকৰোৱাকৈ শাস্তি দিব নোৱাৰে। ক'ব তোমালোকক ইমান পঢ়াইছিলোঁ আকৌ তোমালোকে এনেকুৱা কাম কৰিলা। তোমালোকেও বুজি পোৱা ৰাৱণৰ মত অনুসৰি আমি কিমান পাপ কৰিলোঁ। পূজ্যৰ পৰা পূজাৰী হৈ গ’লোঁ। পিতাক সৰ্বব্যাপি বুলি কৈ আহিলোঁ। এয়াতো এক নম্বৰৰ অপমান। ইয়াৰ হিচাপ-নিকাচো বহুত। পিতাই অভিযোগ দিয়ে, তোমালোকে নিজকে কেনেকৈ চৰ মাৰিলা। ভাৰতবাসীয়েই কিমান তললৈ গ'ল। পিতা আহি বুজায়। এতিয়া তোমালোকে কিমান বোধশক্তি পাইছা। ড্ৰামা অনুসৰি সেয়াও ক্ৰমানুসৰি বুজি পোৱা। আগতেও এনেকৈয়ে এই সময়লৈকে শ্ৰেণীৰ এয়াই ফলাফল আছিল। পিতাইতো সঁচা কথাই ক'ব। সেয়েহে সন্তানসকলে যাতে উন্নতি কৰি থাকে। মায়া এনেকুৱা যে দেহী-অভিমানী হৈ থাকিবলৈ নিদিয়ে। এইটো ডাঙৰ বিষয়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে পাপ ভস্ম হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দেহ-অভিমানত আহিলে পাপ নিশ্চয় হয়, দেহ-অভিমানীয়ে পাৰ নাপায় (লক্ষ্যস্থানত উপনীত নহয়), সেয়েহে দেহী-অভিমানী হোৱাৰ পূৰা পুৰুষাৰ্থ কৰিব লাগে। পিতাৰ নিন্দা কৰোৱা কোনো কৰ্মই যাতে নহয়।

(2) ভিতৰুৱা বেমাৰসমূহৰ বিষয়ে পিতাক সঁচাকৈ কৈ দিব লাগে, অৱগুণ লুকুৱাই ৰাখিব নালাগে। নিজৰ পৰীক্ষা কৰিব লাগে যে মোৰ কি কি অৱগুণ আছে? পঢ়াৰ দ্বাৰা নিজক গুণৱান কৰি তুলিব লাগে।

বৰদান:
হদৰ মাৰ্জিত ইচ্ছাবোৰৰ পৰা মুক্ত হৈ সেৱা কৰোঁতা নিঃস্বাৰ্থ সেৱাধাৰী হোৱা

যেনেকৈ পিতা ব্ৰহ্মাই কৰ্ম বন্ধনৰ পৰা মুক্ত, উপৰাম হোৱাৰ প্ৰমাণ দিলে, কেৱল সেৱাৰ স্নেহৰ বাহিৰে আন কোনো বন্ধন নাই। সেৱাত হদৰ যি মাৰ্জিত ইচ্ছা থাকে সেইবোৰেও হিচাপ-নিকাচৰ বন্ধনত বান্ধ দিয়ে, সঁচা সেৱাধাৰী এই হিচাপ-নিকাচৰ পৰা মুক্ত হৈ থাকে। যেনেকৈ দেহৰ বন্ধন, দেহৰ সম্বন্ধৰ বন্ধন, তেনেকৈ সেৱাত স্বাৰ্থ - এয়াও বন্ধন। এই বন্ধনৰ পৰা অথবা মাৰ্জিত হিচাপ-নিকাচৰ পৰাও মুক্ত নিঃস্বাৰ্থ সেৱাধাৰী হোৱা।

স্লোগান:
প্ৰতিশ্ৰুতিসমূহ ‘ফাইল’তে নাৰাখিবা, চুড়ান্ত (সম্পূৰ্ণ) কৰি দেখুওৱা।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

শেষত আহিও তীব্ৰতাৰে আগবাঢ়ি যোৱাৰ সাধন হৈছে – সদায় কৰ্মযোগী হৈ থকা। কৰ্মও কৰা আৰু স্মৃতিতো থাকা, কৰ্মত ইমান ব্যস্ত হৈ নাযাবা যে নিজৰ প্ৰকৃত স্বৰূপো বিস্মৃতি হৈ যায়। নিজৰ আত্মিক স্থিতিত থাকি, শৰীৰৰ আধাৰ লৈ, কৰ্মেন্দ্ৰিয়সমূহেৰে কৰ্ম কৰালা, কৰ্ম পূৰা হ’ল আৰু উপৰাম হৈ গ’লা, এই কৰ্মযোগী স্থিতিয়েই সহজে কৰ্মাতীত কৰি দিব। যেতিয়াই বিচৰা কৰ্মত আহা আৰু যেতিয়াই বিচৰা উপৰাম হৈ যোৱা।


 
`