18.06.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – অতিন্দ্ৰীয় সুখৰ অনুভৱ কৰিবলৈ নিতৌ এইটো স্মৃতিত থাকা যে আমি কাৰ সন্তান, যদি পিতাক পাহৰা তেন্তে সুখ নাইকিয়া হৈ যাব”

প্ৰশ্ন:
পিতাক পোৱাৰ স্থায়ী আনন্দ কোনসকল সন্তানৰ থাকে?

উত্তৰ:
যিসকল সন্তানে এজনৰ সৈতে নিজৰ সৰ্ব সম্বন্ধ গঢ়িছে, যিয়ে এজন পিতাৰ স্মৃতিত থকাৰহে পৰিশ্ৰম কৰে, কোনো দেহধাৰীক স্মৃতিত নাৰাখে তেওঁলোকৰহে স্থায়ী আনন্দ থাকে। যদি দেহধাৰীৰ স্মৃতি থাকে তেন্তে বহুত কান্দিব লাগিব। বিশ্বৰ মালিক হওঁতাসকলে কেতিয়াও নাকান্দে।

গীত:
বচপন কে দিন ভুলা ন দেনা..... (শৈশৱৰ দিনবোৰ পাহৰি নাযাবা…..)

ওঁম্শান্তি।
পিতাই কয় মৰমৰ সন্তানসকল - "আমি বেহদৰ পিতাৰ সন্তান", এইটো পাহৰি নাযাবা। এইটো পাহৰিলে নিজকে কন্দুৱাবা। ছিঃ ছিঃ সৃষ্টিৰ ফালে বুদ্ধি গুচি যাব। পিতাৰ স্মৃতি থাকিলে অতিন্দ্ৰীয় সুখৰ আভাস হয়। সেই সুখ, পিতাক পাহৰি গ’লে নাইকিয়া হৈ যাব। সকলো সময়তে স্মৃতিত থাকিব লাগে যে মই বাবাৰ সন্তান, অন্যথা নিজকে কন্দুৱাবা। সকলো ভগৱানৰ সন্তান, সকলোৱে কয়, হে বাবা, হে পৰমপিতা পৰমাত্মা ৰক্ষা কৰা। কিন্তু পিতাৰ দ্বাৰা ৰক্ষা কেতিয়া হয় - এইটো কোনেও নাজানে। সাধু-সন্ত আদি কোনেও নাজানে যে পিতাৰ পৰা আমি মুক্তি-জীৱন মুক্তি কেতিয়া পাওঁ, কিয়নো ভগৱানকেই কণ কণত আছে বুলি কৈ দিছে। এতিয়া তোমালোক সন্তানসকলে বেহদৰ পিতাক জানি গ'লা। আটাইতকৈ মৰমৰ পিতা, তেওঁতকৈ মৰমৰ বস্তু আৰু একো নাথাকে। এনেকুৱা পিতাক নজনাতো অতি ডাঙৰ ভুল। শিৱ জয়ন্তী কিয় পালন কৰে, তেওঁ কোন? এইটোও কোনেও নাজানে। পিতাই কয় - তোমালোক কিমান অবোধ হৈ গৈছা। মায়া ৰাৱণে তোমালোকক কি কৰি দিলে! এতিয়া তোমালোক সন্তানসকলে জানা যে এয়া আমাৰ জন্মভুমি। মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহোঁ। তেওঁলোকে আকৌ কৈ দিয়ে 40 হাজাৰ বছৰৰ পাছত যেতিয়া এই কলিযুগ পূৰা হ’ব তেতিয়া আহিব। ত্রিমূৰ্তিৰ চিত্ৰও দেখুওৱা হয়। ‘ত্রিমূৰ্তি মাৰ্গ’ নামো ৰাখিছে কিন্তু তিনিটা মূৰ্তি ব্ৰহ্মা, বিষ্ণু, শংকৰক কোনেও নাজানে। ব্ৰহ্মাই কি কৰি গ’ল? বিষ্ণু আৰু শঙ্কৰে কি কৰে, ক’ত থাকে একোৱে নাজানে। একেবাৰে ঘোৰ অন্ধকাৰত আছে। পিতা হৈছে ৰচয়িতা। এয়া তেওঁৰ কিমান বিশাল ৰচনা। কিমান বেহদৰ ড্ৰামা। ইয়াত বেহদৰ মনুষ্য থাকে। আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে যেতিয়া সত্যযুগ আছিল, ভাৰতত যেতিয়া লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল তেতিয়া অন্য কোনো ৰাজ্য নাছিল। ভগৱতী শ্ৰী লক্ষ্মীক, ভগৱান শ্ৰী নাৰায়ণক কোৱা হয়। ৰাম-সীতাকো ভগৱান ৰাম, ভগৱতী সীতা বুলি কয়। এতিয়া এই ভগৱান নাৰায়ণ, ভগৱতী লক্ষ্মী ক’ৰ পৰা আহিল? ৰাজত্ব কৰি গৈছে। কিন্তু তেওঁলোকৰ জীৱন কাহিনীতো এজনেও নাজানে। কেৱল গায়ন কৰি থাকে - হে ভগৱান দুখ হৰ্তা, সুখ কৰ্তা। কিন্তু এইটো কাৰো বুদ্ধিত উদয় নহয় যে তেওঁ দুখ হৰ্তা, সুখ কৰ্তা কেনেকৈ হয়। কেনেকুৱা সুখ সকলোকে দিলে? আৰু কেতিয়া সকলোৰে দুখ হৰণ কৰিলে? একোৱে নাজানে।

তোমালোক সন্তানসকলে এতিয়া ইয়াত ৰাজযোগ শিকি আছা - ভগৱতী লক্ষ্মী, ভগৱান নাৰায়ণ হ’বলৈ। এইটো জানা যে ভগৱতী সীতা, ভগৱান ৰামো হ’বলগীয়া আছে। সত্যযুগত 8 (আঠ) জন্ম পূৰা কৰি আকৌ ৰাম-সীতাৰ ৰাজ্যত আহিবলগীয়া হয়। 21 জন্মৰ কাৰণে বেহদৰ বাদশ্বাহী তোমালোকে ইয়াত স্থাপন কৰি আছা। তোমালোক ভগৱতী ভগৱান স্বৰ্গৰ মালিক হৈ আছা। স্বৰ্গ কোনো আকাশত নাই। এইটোও কোনেও গম নাপায়। একেবাৰে তুচ্ছ বুদ্ধিৰ। কয় - অমুক স্বৰ্গলৈ গ’ল। কিন্তু একোৱে বুজি নাপায়। বাৰু, খ্ৰীষ্টিয়ান, বৌদ্ধ সকলো স্বৰ্গলৈ যাবনে? তেওঁলোক পাছত আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। তেন্তে আকৌ তেওঁলোক স্বৰ্গত কেনেকৈ আহিব পাৰে? স্বৰ্গ বুলি কাক কোৱা হয়, এইটোও তেওঁলোকে গম নাপায়। সন্ন্যাসী লোকসকলে কয় জ্যোতি জ্যোতিত সমাহিত হ’ল। কোনোৱে আকৌ কয় নিৰ্বাণধামলৈ গ’ল। নিৰ্বাণধামো লোক হয় নহয়। সেয়াতো হৈছে নিবাস স্থান। জ্যোতি জ্যোতিত লীন হৈ যোৱাৰ কথাই নাই। জ্যোতিত সমাহিত হৈ গ’লে তেতিয়াতো আকৌ আত্মাই নাশ হৈ যাব। খেলেই শেষ হৈ যায়। এই ড্ৰামাৰ পৰা কোনো আত্মাই আঁতৰি যাব নোৱাৰে। কোনেও মোক্ষ পাব নোৱাৰে। গীতটিৰ অৰ্থও কোনেও নুবুজে। জীৱন মুক্তিৰ অৰ্থও নুবুজে, আত্মা-পৰমাত্মাৰ অৰ্থও নুবুজে। পিতাই কয় - তোমালোকৰ চেহেৰাতো মনুষ্যৰ, যিটো এই দেৱতাসকলৰো আছিল। সত্যযুগৰ আদিত দেৱতাসকল আছিল। তেওঁলোকৰ 2500 বছৰ ৰাজত্ব চলিল। বাকী 2500 বছৰৰ কথা, যেতিয়া অন্য সকলো ধৰ্ম আহে। 5000 বছৰৰ সলনি মনুষ্যই কৈ দিয়ে যে কল্প বৃক্ষৰ আয়ুস লাখ লাখ বছৰ। কিন্তু তোমালোকৰ কথা বুজিবলৈও নাহিব। অৱশ্যে হয়, আহিবও তেওঁলোক, যিসকলে কল্প পূৰ্বে আহি বুজিছিল। প্ৰথমতেতো বুজাব লাগে – এটা হৈছে হদৰ সন্ন্যাস, য’ত সন্ন্যাসীলোকে ঘৰ-সংসাৰ ত্যাগ কৰি জংঘলত থাকেগৈ, প্ৰথমতে তেওঁলোক সতোপ্ৰধান আছিল। আকৌ এতিয়া তমোপ্ৰধান হৈছে গতিকে জংঘলৰ পৰা উভতি আহি ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছে। এই সন্ন্যাসীসকলেও পৱিত্ৰতাৰ আধাৰত ভাৰতক অধিক অৱনতি হোৱাৰ পৰা নিশ্চয় ৰক্ষা কৰিছে। ভাৰতৰ সেৱা কৰিছে। এই সন্ন্যাস ধৰ্ম নথকাহেঁতেন ভাৰত একেবাৰে বিকাৰত জ্বলি মৰিলহেঁতেন, পতিত হৈ গ’লহেঁতেন। এয়াও ড্ৰামা ৰচি থোৱা আছে। তেওঁলোকৰ প্ৰথমে পৱিত্ৰতাৰ শক্তি আছিল, যাৰ দ্বাৰা ভাৰতক অধিক অৱনতি হোৱাৰ পৰা ৰক্ষা কৰিলে। এই দেৱতাসকলৰ যেতিয়া ৰাজ্য আছিল তেতিয়া ভাৰত কিমান চহকী আছিল। এওঁলোকৰ ইমান ডাঙৰ ডাঙৰ হীৰা-মুকুতাৰ মহল আছিল। সেই সকলোবোৰ ক’লৈ গ’ল? সকলো তলত গুচি গ’ল। লংকা আৰু দ্বাৰকাৰ ক্ষেত্ৰত কয় - সমুদ্ৰৰ তলত গুচি গ’ল। এতিয়াতো নাই। সোণৰ মহল আদি সকলো আছিল নহয়। যিহেতু মন্দিৰ আদিত হীৰা-মুকুতা খচিত কৰিব পাৰে, তেন্তে তাত কি নাথাকিব! তোমালোক সন্তানসকল কিমান আনন্দিত হ’ব লাগে। বাবা পুনৰ আহিছে। তেওঁ কয় - পিতাক স্মৰণ কৰা। স্মৰণ এজনকহে কৰিব লাগে, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হয়। কিন্তু তেওঁক পাহৰি যায় আৰু দেহধাৰীৰ স্মৃতি আহি যায়। দেহধাৰীৰ স্মৃতিৰেতো একো লাভ নহয়। পিতাই কয় – মামেকম্‌ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। কোনো দেহধাৰীক স্মৰণ নকৰিবা। মা মৰিলে তেতিয়াও হালোৱা খাবা… এজন পিতাৰ স্মৃতিৰেহে উপাৰ্জন হয়। আমি শিৱবাবাৰ সন্তান, তেওঁৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। এতিয়া যদি পিতাক স্মৰণ নকৰা তেন্তে পাছত বহুত অনুতাপ কৰিব লাগিব, কান্দিব লাগিব। বিশ্বৰ মালিক হওঁতাসকলৰ কন্দাৰ কি দৰকাৰ। তোমালোকে পিতাক পাহৰি যোৱা তেতিয়াই মায়াই থাপৰ মাৰে সেইবাবে বাবাই বাৰে বাৰে বুজায় যে পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। অমৰনাথে অমৰপুৰীত এগৰাকী পাৰ্ৱতীকতো বহি অমৰকথা শুনোৱা নাই। নিশ্চয় বহুত থাকিব। যিয়েই মনুষ্য মাত্ৰ আছে সকলোকে পিতাই বুজায় যে এতিয়া পতিত নহ’বা, এই অন্তিম জন্মত পৱিত্ৰ হোৱা। তাত স্বৰ্গত কোনো বিকাৰ নাথাকে। যদি তাতো বিকাৰ থাকে তেন্তে আকৌ স্বৰ্গ আৰু নৰকৰ পাৰ্থক্য কি থাকিল? দেৱী-দেৱতাসকলৰ মহিমাৰ গায়ন কৰে - সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ, সম্পুৰ্ণ নিৰ্বিকাৰী, মৰ্যাদা পুৰুষোত্তম, অহিংসা পৰমধৰ্ম। ভগৱান আহি ভগৱান-ভগৱতী কৰিয়ে তুলিব, ভগৱানৰ বাহিৰে অন্য কোনেও তেনেকৈ গঢ়ি তুলিব নোৱাৰে। ভগৱানতো এজনেই। গায়নো কৰা হয় - ভগৱান-ভগৱতীৰ ৰাজধানী। যেনেকুৱা ৰজা-ৰাণী প্ৰজাও তেনেকুৱাই হ'ব। কিন্তু ভগৱান-ভগৱতী বুলি কোৱা নহয় সেইবাবে কোৱা হয় আদি সনাতন দেৱী-দেৱতা ধৰ্ম। এইটো কোনেও গম নাপায়। এওঁৰ (ব্ৰহ্মাৰ) আত্মাকো পিতাই বুজায়। এটা পিতাৰ, এটা দাদাৰ - দুটা আত্মা আছে নহয়। এটা আত্মাই (ব্ৰহ্মাৰ) 84 জন্ম লয়, আনটো আত্মা পুনৰ্জন্ম ৰহিত। পিতাই কেতিয়াও পুনৰ্জন্ম নলয়। এবাৰেই আহি গোটেই বিশ্বক পৱিত্ৰ কৰি তুলিবলৈ আমাক ৰাজযোগ শিকায়। পিতাই তোমালোকক বুজায় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ। এওঁ 84 জন্ম ভোগ কৰি আহিছে। এতিয়া এইটো এওঁৰ বহুত জন্মৰ অন্তিম জন্ম। এতিয়া মই হৈছোঁ নিৰাকাৰ তেন্তে নিৰাকাৰে কেনেকৈ আহি সন্তানসকলক ৰাজযোগ শিকাওঁ? প্ৰেৰণাৰেতো একো হ’ব নোৱাৰে। শ্ৰীকৃষ্ণ ভগৱানুবাচতো (ভগৱানৰ বাণীতো) হ’ব নোৱাৰে। তেওঁ কেনেকৈ আহিব পাৰে? তেওঁতো হয়েই সত্যযুগৰ ৰাজকুমাৰ, 16 কলা সম্পূৰ্ণ… আকৌ ত্ৰেতাত 14 কলা সম্পূৰ্ণ হয়, তেন্তে দ্বাপৰত শ্ৰীকৃষ্ণক কিয় লৈ গৈছে? তেওঁতো প্ৰথমতে আহিব লাগে। পিতাই বুজায় - প্ৰথমতে পিতাক স্মৰণ কৰা। নহ’লেতো মায়াই একদম থাপৰ মাৰি দিব। নিলাজী বন নামেৰে এজোপা গছ আছে। স্পৰ্শ কৰিলে জঁয় পৰি যায়। তোমালোকৰো এনেকুৱাই অৱস্থা হয়, পিতাক স্মৰণ নকৰিলে তেন্তে শেষ। গীতটিতো শুনিলা - শৈশৱৰ দিনবোৰ পাহৰি নাযাবা। পিতাক পাহৰিলে তেন্তে ক’ৰবাত নহয় ক’ৰবাত আঘাত লাগি যাব। পিতাই কয় - তোমালোক মোৰ সন্তান হোৱা নহয়। এই শৰীৰতো বিহেৰে (বিকাৰেৰে) জন্ম হৈছে। তেওঁলোক এওঁৰ লৌকিক মাতা-পিতা। এয়াতো হৈছে পাৰলৌকিক পিতা আৰু এওঁক আকৌ অলৌকিক পিতা বুলি কোৱা হয়। এওঁ হদৰ আছিল, পাছত বেহদৰ হৈ গ’ল। এতিয়া চোৱা এই লৌকিক কন্যাটি (নিৰ্মলশান্তা) বহি আছে। এওঁৰ লৌকিকো আছে, অলৌকিকো আছে, পাৰলৌকিকো আছে। বাকী শিৱবাবাৰতো ভাই-ভনী নাই। লৌকিক, অলৌকিক, পাৰলৌকিক কোনোটোৱে নাই। কিমান পাৰ্থক্য আছে। একমাত্ৰ পিতাৰ হোৱাতো মাহীৰ ঘৰ নহয় (ইমান উজু নহয়)। এনেকুৱা পিতাৰ সৈতে সম্বন্ধ গঢ়িব লাগে, সময় লাগে। শিৱবাবাৰ স্মৃতিত থাকিবলৈ বহুত পৰিশ্ৰম হয়। বহুত 50 বছৰৰ পৰা থকাসকলেও গোটেই দিন শিৱবাবাক স্মৰণো নকৰে, এনেকুৱাও আছে। অন্য সকলোকে পাহৰি এজনক স্মৰণ কৰা – এই ক্ষেত্ৰত বহুত পৰিশ্ৰম আছে। কোনোবাই 1 শতাংশ স্মৰণ কৰে, কোনোবাই 2 শতাংশ, কোনোৱাই আধা শতাংশও কাচিৎহে স্মৰণ কৰে। এইটো অতি উচ্চ লক্ষ্য। গতিকে পিতাই বুজায় - শৈশৱক পাহৰি নাযাবা। পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়। তোমালোকে জানা আমি জীৱন্তে মৰি পিতাৰ হৈছোঁহি - নতুন সৃষ্টিলৈ যাবৰ বাবে। গতিকে তোমালোকৰ স্থায়ী আনন্দত থাকিব লাগে, অহো! আমি দ্বৈত-মুকুটধাৰী হ’মগৈ! মনুষ্যই জানে জানো যে সত্যযুগত এই দেৱতাসকলক 16 কলা সম্পূৰ্ণ আৰু 14 কলা সম্পূৰ্ণ বুলি কিয় কয়? একোৱে নাজানে। এই ভক্তিমাৰ্গৰ শাস্ত্ৰ আদি আকৌ ৰচিত হ’ব। এই হঠযোগ, তীৰ্থ যাত্ৰা আদি সকলো আকৌ হ’ব। কিন্তু ইয়াৰ পৰা কি হ’ব? স্বৰ্গলৈ যাব জানো? নাযায়, বহুত তন্ত্ৰ-মন্ত্ৰৰে কাম কৰে। তন্ত্ৰ-মন্ত্ৰ কৰোঁতা বহুত আছে। হাজাৰ হাজাৰ মনুষ্য তেওঁলোকৰ পিছত পৰি থাকে। তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা বহুত ঘড়ী আদি বস্তু উলিয়ায়। এইটো জানো বুজি পায় যে এয়া অল্পকালৰ বাবে। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এই তন্ত্ৰ-মন্ত্ৰ আদি শিকিবলৈও কিতাপ থাকে। কিমান লাখ লাখ মনুষ্য তেওঁলোকৰ পিছত পৰি থাকে। তোমালোক সন্তানসকলে জানা আমি বাবাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰোঁ। এই দুচকুৰে যি কিছু দেখিবলৈ পোৱা সেয়া নাথাকিব। পিতাই বুজায় - তোমালোক অশৰীৰী হৈ আহিছিলা আকৌ শৰীৰ সহিত ভূমিকা পালন কৰিলা। যদি 84 লাখৰ হিচাপ-নিকাচ শুনায় তেন্তে 12 মাহ লাগি যাব। হ’বই নোৱাৰে। 84 জন্মৰ হিচাপ-নিকাচ শুনোৱাতো একেবাৰে সহজ। তোমালোকে 84 জন্মৰ চক্ৰ পৰিক্ৰমা কৰি থাকা। সূৰ্যবংশী কুল সম্পূৰ্ণ হ’ল আকৌ চন্দ্ৰবংশী….. হ’ল।

এতিয়া তোমালোকে জানা আমি হৈছোঁ ব্ৰাহ্মণ বংশী আকৌ দেৱতা বংশী হ’ব লাগে, সেইবাবে আমি পঢ়া পঢ়ি আছোঁ। আকৌ ছিৰি তললৈ নামি নামি (অৱনমিত হৈ হৈ) বৈশ্য, শূদ্ৰ বংশী হ’মগৈ। এতিয়া নিজৰ 84 জন্মৰ স্মৃতি উদয় হৈছে। এই চক্ৰও স্মৃতিলৈ আনিব লাগে। পিতাক স্মৰণ কৰিলে সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিমান হ’মগৈ। পাপ খণ্ডন হৈ যাব। চক্ৰক জানিলে চক্ৰৱতী হৈ যাবাগৈ। তোমালোকে জানা এই পুৰণি সৃষ্টি কবৰস্থান হৈ যাব। একোৱে নাথাকিব। নাশ হৈ যাব। ৰাম গ’ল, ৰাৱণ গ’ল…. সত্যযুগত ৰামৰ কিমান সৰু পৰিয়াল হ’ব। এতিয়া ৰাৱণৰ কিমান ডাঙৰ পৰিয়াল। সন্তানসকলে জানে যে এয়া ৰাজ্যধানী স্থাপন হৈ আছে। প্ৰত্যেক কথাত পুৰুষাৰ্থ প্ৰথম। পিতাই পুৰুষাৰ্থ কৰায় – সন্তানসকল, মোক স্মৰণ কৰা। যিজন পিতাৰ পৰা স্বৰ্গৰ অপৰিসীম বাদশ্বাহী প্ৰাপ্ত হয়, তেওঁক স্মৰণ নকৰিবানে? পিতাই স্মৃতি সোঁৱৰাই দিয়ে যে তোমালোক স্বৰ্গৰ মালিক আছিলা। এতিয়া পুনৰাই পুৰুষাৰ্থ কৰি স্বৰ্গৰ মালিক হোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও কোনো কথাত নিলাজী বনৰ দৰে হ’ব (স্পৰ্শকাতৰ) নালাগে। ঈশ্বৰীয় শৈশৱক পাহৰি জঁই পৰি যাব নালাগে। এই দুচকুৰে যি দেখিবলৈ পোৱা যায়, সেয়া দেখিও চাব নালাগে।

(2) এজন পিতাৰ স্মৃতিতহে উপাৰ্জন আছে, সেইবাবে দেহধাৰীসকলক স্মৃতিলৈ আনি কান্দিব নালাগে। পিতা আৰু উত্তৰাধিকাৰক স্মৃতিত ৰাখি বিশ্বৰ বাদশ্বাহী ল’ব লাগে।

বৰদান:
শ্ৰেষ্ঠ মতৰ আধাৰত মায়াৱী সংগদোষৰ পৰা নিলগত থাকোঁতা শক্তি স্বৰূপ হোৱা

সন্তানসকলৰ এটা অভিযোগ থাকে যে সমন্ধীয়সকলে নুশুনে, সংগ ভাল নহয়, সেইকাৰণে শক্তিশালী হ'ব নোৱাৰোঁ। কিন্তু শ্ৰেষ্ঠ মতৰ আধাৰত জ্ঞান স্বৰূপ, শক্তি স্বৰূপৰ বৰদানী হৈ নিজৰ স্থিতি অচল কৰি তোলা। সাক্ষী হৈ প্ৰত্যেকৰে ভূমিকা প্ৰত্যক্ষ কৰা। নিজৰ সতোগুণী ভূমিকাত স্থিৰ হৈ থাকা। সদায় পিতাৰ সংগত থাকা তেতিয়া তমোগুণী আত্মাৰ সংগৰ ৰঙৰ প্ৰভাৱ পৰিব নোৱাৰে।

স্লোগান:
কৰ্মযোগী তেওঁ হয় যিয়ে কৰ্মৰ কল্প বৃক্ষৰ ডালত বহি কৰ্ম কৰিও অনাসক্ত স্থিতিত থাকে।


অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

যেনেকৈ কাৰোবাৰ বিশেষ স্বভাৱ থাকে, সেই স্বভাৱৰ বশৱৰ্তী হৈ নিবিচাৰা সত্ত্বেও চলি থাকে। কয় যে মই নিবিচাৰোঁ কিন্তু মোৰ এইটোৱেই স্বভাৱ। তেনেকৈ তোমালোক সন্তানসকলৰ স্বভাৱ সৰল হ’ব লাগে, যাতে সকলোৰে অনুভৱ হয় যে এওঁলোক সহজ যোগী, স্বতঃ যোগী। কি কৰিম, কেনেকৈ যোগযুক্ত হওঁ.. এইবোৰ কথা শেষ। হয়েই সদায় সহযোগী অৰ্থাৎ যোগী। এই এটা কথাক স্বভাৱ আৰু স্বভাৱসিদ্ধ কৰি ল’লে সকলো বিষয়তে নিখুঁত হৈ যাবা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]