18.07.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সেৱাৰ বাৰ্তা শুনাৰ, পঢ়াৰ চখ থকা উচিত, কিয়নো ইয়াৰ দ্বাৰা উৎসাহ-উদ্দীপনা বাঢ়ে, সেৱা
কৰাৰ সংকল্প উদয় হয়”
প্ৰশ্ন:
সঙ্গমযুগত
পিতাই তোমালোকক সুখ নিদিয়ে কিন্তু সুখৰ ৰাস্তা দেখুৱাই দিয়ে - কিয়?
উত্তৰ:
কিয়নো সকলো পিতাৰে সন্তান, যদি এটি সন্তানক সুখ দিয়ে তেন্তে এয়াও ঠিক নহয়। লৌকিক
পিতাৰ পৰা সন্তানে সম পৰিমাণত নিজৰ অংশ লাভ কৰে, বেহদৰ পিতাই অংশ ভগাই নিদিয়ে, সুখৰ
ৰাস্তা দেখুৱাই দিয়ে। যিয়ে সেই ৰাস্তাত চলে, পুৰুষাৰ্থ কৰে, তেওঁলোকে উচ্চ পদ লাভ
কৰে। সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে, সকলো পুৰুষাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে।
ওঁম্শান্তি।
সন্তানসকলে
জানে পিতাই মুৰুলী শুনায়। মুৰুলী সকলোৰে ওচৰলৈ যায় আৰু যিয়ে মুৰুলী পঢ়ি সেৱা কৰে
তেওঁলোকৰ খবৰ আলোচনীত প্ৰকাশ হয়। যিসকল সন্তানে আলোচনী পঢ়ে, তেওঁলোকে সেৱাকেন্দ্ৰৰ
সেৱাৰ খবৰ জানিব – অমুক অমুক ঠাইত এনেকুৱা সেৱা হৈ আছে। যিয়ে নপঢ়িব তেওঁলোকে খবৰ
একোৱেই নাজানিব আৰু পুৰুষাৰ্থও নকৰিব। সেৱাৰ খবৰ শুনি অন্তৰত উদয় হ’ব যে ময়ো এনেকৈ
সেৱা কৰোঁ। আলোচনীৰ পৰা জনা যায়, আমাৰ ভাই-ভনীসকলে কিমান সেৱা কৰে। এয়াতো সন্তানসকলে
বুজি পায় - যিমান সেৱা, সিমানে উচ্চ পদ পোৱা যাব সেয়েহে সেৱা কৰিবলৈ আলোচনীয়েও
উৎসাহিত কৰে। এই আলোচনীবোৰ অযথা প্ৰকাশ কৰা নহয়। অযথা বুলি তেওঁলোকে ভাবে যিয়ে নিজে
নপঢ়ে। কোনোৱে কয় আমি আখৰ চিনি নাপাওঁ, হেৰ’ ৰামায়ণ, মহাভাৰত, গীতা আদি শুনিবলৈ যোৱা,
এয়াও শুনা উচিত। নহ’লে সেৱাৰ উৎসাহ-উদ্দীপনা নাবাঢ়িব। অমুক ঠাইত এইটো সেৱা হ’ল। চখ
থাকিলে যিকোনো লোককে ক’লে তেওঁ পঢ়াই শুনাই দিব। বহুত সেৱাকেন্দ্ৰত এনেকুৱা সন্তানো
আছে যিয়ে আলোচনী নপঢ়ে। বহুত আছে যাৰ সেৱাৰ নাম চিহ্নই নাথাকে। গতিকে পদো এনেকুৱাই
পাব। এয়াতো বুজি পায় ৰাজধানী স্থাপনা হৈ আছে, ইয়াত যিয়ে যিমান যত্ন কৰিব, সিমানে পদ
পাব। পঢ়াত মনোযোগ নিদিলে অনুত্তীৰ্ণ হৈ যাব। সকলো এই সময়ৰ পঢ়াৰ ওপৰতে নিৰ্ভৰ কৰে।
যিমানে পঢ়িবা আৰু পঢ়াবা সিমান নিজৰেই লাভ। বহুত সন্তান আছে যাৰ আলোচনী পঢ়াৰ খেয়ালো
নাহে। তেওঁলোকে পাই-পইচাৰ পদ পাব। তাত এইটো খেয়াল নাথাকে যে এওঁ পুৰুষাৰ্থ নকৰিলে
সেইবাবে এই পদ পাইছে। নহয়। কৰ্ম-বিকৰ্মৰ কথা সকলো ইয়াতহে বুদ্ধিত থাকে।
কল্পৰ সংগমযুগতহে
পিতাই বুজায়, যিয়ে নুবুজে তেওঁৰ বুদ্ধি যেন পাথৰৰ দৰে। তোমালোকেও বুজি পোৱা যে আমি
তুচ্ছ বুদ্ধিৰ আছিলোঁ আকৌ তাতো শতাংশৰ হিচাপ থাকে। বাবাই সন্তানসকলক বুজাই থাকে,
এতিয়া হৈছে কলিযুগ, ইয়াত অপাৰ দুখ। এয়া এয়া দুখ, যিসকল বিচাৰ বুদ্ধি সম্পন্ন হ’ব
তেওঁলোকে তৎক্ষণাৎ বুজি পাব যে এয়াতো ঠিকেই কয়। তোমালোকেও জানা যে কালি আমি কিমান
দুখী আছিলোঁ, অপাৰ দুখত আছিলোঁ। এতিয়া আকৌ অপাৰ সুখলৈ গৈ আছোঁ। এয়া হয়েই ৰাৱণৰাজ্য
কলিযুগ - এয়াও তোমালোকে জানা। যিয়ে জানে কিন্তু অন্যক নুবুজায় তেন্তে বাবাই ক’ব -
একোৱে নাজানা। যেতিয়া সেৱা কৰিব তেতিয়াহে জনা বুলি ক’ব, আলোচনীত খবৰ ওলাব।
দিনে-প্ৰতিদিনে বাবাই বহুত সহজ কথাও শুনাই থাকে। তেওঁলোকেতো ভাবে কলিযুগ এতিয়াও শিশু,
যেতিয়া সংগম বুলি ভাবিব তেতিয়াহে সত্যযুগ আৰু কলিযুগৰ পাৰ্থক্য বুজিব পাৰিব।
কলিযুগত হৈছে অপাৰ দুখ, সত্যযুগত অপাৰ সুখ। এনেকৈ কোৱা যে, পিতাই আমাক সন্তানসকলক
অপাৰ সুখ দি আছে যাৰ বিষয়ে আমি বৰ্ণনা কৰি আছোঁ। অন্য কোনেও এনেকৈ বুজাব নোৱাৰে।
তোমালোকে নতুন কথা শুনা আৰু অন্য কোনেওতো এনেকৈ সুধিব নোৱাৰে যে আপোনালোক স্বৰ্গবাসী
নে নৰকবাসী? তোমালোক সন্তানসকলৰ মাজতো ক্ৰমানুসৰি আছে, ইমান কথা স্মৃতিত ৰাখিব
নোৱাৰে, বুজোৱাৰ সময়ত দেহ-অভিমান আহি যায়। আত্মাইহে শুনে বা ধাৰণ কৰে। ভাল ভাল
মহাৰথীয়েও অকৌ এয়া পাহৰি যায়। দেহ-অভিমানৰ বশীভূত হৈ ক’বলৈ ধৰে, এনেকুৱা সকলোৰে হয়।
পিতাইতো কয় - সকলো পুৰুষাৰ্থী। এনেকুৱা নহয় যে নিজক আত্মা বুলি বুজি কথা পাতে। নহয়,
পিতাই আত্মা বুলি বুজি জ্ঞান দিয়ে। বাকী যি ভাই ভাই আছে, তেওঁলোকে এনেকুৱা অৱস্থাত
স্থিৰ হৈ থাকিবলৈ পুৰুষাৰ্থ কৰি আছে। গতিকে সন্তানসকলকো বুজাব লাগে, কলিযুগত অপাৰ
দুখ, সত্যযুগত অপাৰ সুখ। এতিয়া সঙ্গমযুগ চলি আছে। পিতাই ৰাস্তা দেখুৱায়, এনেকুৱা
নহয় যে পিতাই সুখ দিয়ে। সুখৰ ৰাস্তা দেখুৱাই দিয়ে। ৰাৱণেও দুখ নিদিয়ে, দুখৰ ওলোটা
ৰাস্তা দেখুৱায়। পিতাই দুখো নিদিয়ে আৰু সুখো নিদিয়ে, সুখৰ ৰাস্তা দেখুৱাই দিয়ে। আকৌ
যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমানে সুখ পাব। সুখ নিদিয়ে। পিতাৰ শ্রীমতত চলিলে সুখ
পোৱা যায়। পিতাইতো কেৱল ৰাস্তা দেখুৱায়, ৰাৱণৰ পৰা দুখৰ ৰাস্তা পোৱা যায়। যদিহে
পিতাই দিয়ে তেন্তে সকলোৱে একে সমানে উত্তৰাধিকাৰ পোৱা উচিত। যেনেকৈ লৌকিক পিতায়ো
উত্তৰাধিকাৰ ভগাই দিয়ে। ইয়াত আকৌ যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰে। পিতাই বহুত সহজ
ৰাস্তা দেখুৱায়। এনেকুৱা কৰিলে ইমান উচ্চ পদ প্ৰাপ্ত হ’ব। সন্তানসকলে পুৰুষাৰ্থ
কৰিবলগীয়া হয় - মই যাতে সকলোতকৈ উচ্চ পদ পাওঁ তাৰ বাবে পঢ়িব লাগে। এনেকুৱা নহয় যে
এওঁ উচ্চ পদ পাওঁক, মই বহি থাকোঁ। নহয়, প্ৰথমে পুৰুষাৰ্থ। ড্ৰামা অনুসৰি পুৰুষাৰ্থ
নিশ্চয় কৰিব লাগে। কোনোৱে তীব্ৰ পুৰুষাৰ্থ কৰে, কোনোৱে কম। সকলো পুৰুষাৰ্থৰ ওপৰত
নিৰ্ভৰ কৰে। পিতাইতো ৰাস্তা দেখুৱাইছে - মোক স্মৰণ কৰা। যিমানে মোক স্মৰণ কৰিবা
সিমানে বিকৰ্ম বিনাশ হ’ব। ড্ৰামাৰ ওপৰত এৰি দিব নালাগে। এয়াতো বুজিবলগীয়া কথা।
বিশ্বৰ ইতিহাস-ভূগোল
পুনৰাবৃত্তি হয়। গতিকে নিশ্চয় যি ভূমিকা পালন কৰিলা সেয়াই পুনৰাবৃত্তি কৰিব লাগিব।
সকলো ধৰ্ম পুনৰ নিজৰ সময়ত আহিব। ধৰি লোৱা খ্ৰীষ্টিয়ানৰ এতিয়া 100 কোটি আকৌ ইমানেই
ভূমিকা পালন কৰিবলৈ আহিব। আত্মাৰ বিনাশো নহয় আৰু আত্মাৰ ভূমিকাও কেতিয়াও বিনাশ হ’ব
নোৱাৰে। এয়া বুজিবলগীয়া কথা। যিয়ে বুজে তেওঁ নিশ্চয় আনকো বুজাব। ধন দিলে ধন নকমে।
ধাৰণা হৈ থাকিব, অন্যকো চহকী কৰি থাকিব কিন্তু ভাগ্যত নাথাকিলে আকৌ নিজকো অসহায় বুলি
ভাবে। শিক্ষকে ক’ব – তুমি যদি বুজাব নোৱাৰা তেন্তে তোমাৰ ভাগ্যত পাই-পইচাৰ পদ আছে।
যদি ভাগ্যত নাই তেন্তে কি পুৰুষাৰ্থ কৰিব পাৰে। এয়া হ’ল বেহদৰ পাঠশালা। প্ৰত্যেক
শিক্ষকৰ নিজা নিজা বিষয় থাকে। পিতাৰ পঢ়োৱা পদ্ধতি পিতাইহে জানে আৰু তোমালোক
সন্তানসকলে জানা, অন্য কোনেও জানিব নোৱাৰে। তোমালোক সন্তানসকলে কিমান চেষ্টা কৰা
তথাপিও কোনোবাই বুজিলেহে। বুদ্ধিত ধাৰণেই নহয়। যিমানে সমীপত আহি থাকিব, দেখা যায়
তেতিয়া বুদ্ধিমান হৈ গৈ থাকে। এতিয়া সংগ্ৰাহালয়, আত্মিক কলেজ আদিও স্থাপনা কৰে।
তোমালোকৰতো নামেই অনন্য “আত্মিক বিশ্ব বিদ্যালয়”। চৰকাৰেও দেখিব। কোৱা - আপোলোকৰ
হৈছে পাৰ্থিৱ বিশ্ববিদ্যালয়, এয়া হ’ল আত্মিক। আত্মাই পঢ়ে। গোটেই 84 চক্ৰত এবাৰেই
আত্মিক পিতা আহি আত্মিক সন্তানসকলক পঢ়ায়। তোমালোকে যেতিয়া ড্ৰামা (চলচিত্ৰ) চোৱা
সেয়া 3 ঘণ্টা পাছত হুবহু পুনৰাবৃত্তি হ’ব। এয়াও 5 হাজাৰ বছৰৰ চক্ৰ হুবহু পুনৰাবৃত্তি
হয়। এয়া তোমালোক সন্তানসকলে জানা। তেওঁলোকেতো কেৱল ভক্তিৰ শাস্ত্ৰবোৰকে শুদ্ধ বুলি
মানে। তোমালোকৰতো কোনো শাস্ত্ৰ নাই। পিতাই বহি বুজায়, পিতাই কোনো শাস্ত্ৰ পঢ়িছে জানো?
তেওঁলোকেতো ‘গীতা’ পঢ়ি শুনাব। মাকৰ পেটৰ পৰাই পঢ়িতো ওলাই নাহিব। বেহদৰ পিতাৰ ভূমিকা
হ’ল পঢ়োৱা। নিজৰ পৰিচয় দিয়ে। জগতৰ লোকেতো গমেই নাপায়। গায়নো কৰে - পিতা জ্ঞানৰ সাগৰ।
শ্ৰীকৃষ্ণক জ্ঞানৰ সাগৰ বুলি কোৱা নহয়। এই লক্ষ্মী-নাৰায়ণ জ্ঞানৰ সাগৰ হয় জানো? নহয়।
এয়াই চমৎকাৰ, আমি ব্ৰাহ্মণেহে শ্ৰীমতত এই জ্ঞান শুনাওঁ। তোমালোকে বুজোৱা এইটো
হিচাপত আমি ব্ৰাহ্মণসকলহে প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হৈ গ’লোঁ। অনেক বাৰ হৈছিলোঁ,
পুনৰ হ’ম। মনুষ্যই যেতিয়া বুজিব তেতিয়া মানিব। তোমালোকে জানা কল্পই কল্পই আমি
প্ৰজাপিতা ব্ৰহ্মাৰ তোলনীয়া সন্তান হওঁ। যিসকলে বুজি পায় তেওঁলোক নিশ্চয়বুদ্ধিৰো হৈ
যায়। ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা কেনেকৈ হ’ব। প্ৰত্যেকৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰে।
স্কুলত এনেকুৱা হয় - কোনোবাইতো জলপানি পায়, কোনোবা অনুত্তীৰ্ণ হৈ যায়। আকৌ নতুনকৈ
পঢ়িবলগীয়া হয়। পিতাই কয় – বিকাৰগ্ৰস্ত হ’লে কৰা উপাৰ্জন সকলো শেষ হৈ যায়, তেতিয়া
বুদ্ধিত ধাৰণ নহ’ব। অন্তৰ দহি থাকিব।
তোমালোকে বুজি পোৱা
যে এইটো জন্মত যি পাপ কৰিছা, সেয়াতো সকলোৱে জানা। বাকী পূৰ্বৰ জন্মবোৰত কি কি কৰিছা
সেয়াতো স্মৃতিত নাই। পাপ নিশ্চয় কৰিছা। যিসকল পুণ্য আত্মা আছিল তেওঁলোকেই আকৌ পাপ
আত্মা হয়। হিচাপ-নিকাচ পিতাই বহি বুজায়। বহুত সন্তান আছে যিয়ে পাহৰি যায়, নপঢ়ে।
যদিহে পঢ়ে তেন্তে নিশ্চয় পঢ়াবও। কিছুমান ভোদা বুদ্ধিৰ সন্তানো চোকা বুদ্ধিৰ হৈ যায়,
এই পঢ়া কিমান উচ্চ। এই পিতাৰ পঢ়াৰ দ্বাৰাই সূৰ্যবংশী-চন্দ্ৰবংশী কুলত আহিব লাগিব।
তেওঁলোকে এইটো জন্মতে পঢ়ে আৰু পদ প্ৰাপ্ত কৰে। তোমালোকেতো জানা যে এই পঢ়াৰ পদ আকৌ
নতুন সৃষ্টিত প্ৰাপ্ত হয়। সেয়া কোনো বেছি দূৰৈত নাই। যেনেকৈ কাপোৰ সলনি কৰা হয়
তেনেকৈ পুৰণি সৃষ্টি এৰি নতুন সৃষ্টিলৈ যাব লাগে। বিনাশো নিশ্চয় হ’ব। তোমালোক এতিয়া
নতুন সৃষ্টিৰ বাবে তৈয়াৰ হৈ আছা। আকৌ এই পুৰণা চোলা এৰি যাব লাগে। ক্ৰমানুসৰি
ৰাজধানী স্থাপনা হৈ আছে, যিসকলে ভালকৈ পঢ়িব তেওঁলোকেই প্ৰথমে স্বৰ্গলৈ আহিব।
বাকীসকল পাছৰ ফালে আহিব। স্বৰ্গলৈ জানো আহিব পাৰিব। স্বৰ্গত যিসকল দাস-দাসী হ’ব
তেওঁলোকো অন্তৰত অধিষ্ঠিত হৈ থাকিব। এনেকুৱা নহয় যে সকলো আহি যাব। এতিয়া আত্মিক
কলেজ আদি স্থাপনা কৰি থাকে, সকলোৱে আহি পুৰুষাৰ্থ কৰিব। যিসকল পঢ়াত চোকা হ’ব উচ্চলৈ
যাব, তেওঁলোকে উচ্চ পদ পাব। ভোদা বুদ্ধিৰসকলে কম পদ পাব। হ’ব পাৰে, আগলৈ গৈ ভোদা
বুদ্ধিৰসকলেও ভাল পুৰুষাৰ্থ কৰিবলৈ লাগি যাব। কিছুমান বিচাৰ বুদ্ধি সম্পন্ন সন্তান
অৱনমিতও হৈ যায়। পুৰুষাৰ্থৰ পৰা বুজি পোৱা যায়। এয়া গোটেই ড্ৰামা চলি আছে। আত্মাই
শৰীৰ ধাৰণ কৰি ইয়াত ভূমিকা পালন কৰে, নতুন চোলা ধাৰণ কৰি নতুন ভূমিকা পালন কৰে।
কেতিয়াবা কিবা, কেতিয়াবা আন কিবা হয়। সংস্কাৰ আত্মাত থাকে। বাহিৰত কাৰো অলপো জ্ঞান
নাই। পিতা যেতিয়া আহি পঢ়াব তেতিয়াহে জ্ঞান পাব। শিক্ষকেই যদি নাই তেন্তে জ্ঞান ক’ৰ
পৰা আহিব। তেওঁলোক হ’ল ভক্ত। ভক্তিত অপাৰ দুখ, মীৰাৰ যদিও সাক্ষাৎকাৰ হ’ল কিন্তু
সুখ পাইছিল জানো। বেমাৰ জানো হোৱা নাছিল। তাততো কোনো প্ৰকাৰৰ দুখৰ কথা নাথাকেই।
ইয়াত অপাৰ দুখ, তাত অপাৰ সুখ। ইয়াত সকলো দুখী হয়, ৰজাসকলৰো দুখ নাই জানো, নামেই হ’ল
দুখধাম। সেয়া হ’ল সুখধাম। সম্পূৰ্ণ দুখ আৰু সম্পূৰ্ণ সুখৰ এয়া হ’ল সংগমযুগ।
সত্যযুগত সম্পূৰ্ণ সুখ, কলিযুগত সম্পূৰ্ণ দুখ। দুখৰ যি ভিন্নতা আছে সেয়া সকলো বৃদ্ধি
হৈ গৈ থাকে। আগলৈ কিমান দুখ হৈ থাকিব। অথাহ দুখৰ পাহাৰ খহিব।
তেওঁলোকেতো তোমালোকক
ক’বলৈ বহুত কম সময় দিয়ে। দুই মিনিট দিলে তথাপি বুজোৱা, সত্যযুগত অপাৰ সুখ আছিল যি
পিতাই দিয়ে। ৰাৱণৰ পৰা অপাৰ দুখ পোৱা যায়। এতিয়া পিতাই কয় - কামক জয় কৰা তেতিয়া
জগতজিৎ হ’বা। এই জ্ঞানৰ বিনাশ নহয়। অলপ শুনিলেও স্বৰ্গলৈ আহিবা। প্ৰজাতো বহুত হয়।
ক’ত ৰজা, ক’ত প্ৰজা। প্ৰত্যেকৰে নিজা নিজা বুদ্ধি। যিসকলে বুজি আকৌ আনক বুজায়,
তেওঁলোকেই ভাল পদ পায়। এই স্কুলো একেবাৰে অসাধাৰণ। ভগৱান আহি পঢ়ায়। শ্ৰীকৃষ্ণতো
তথাপি দৈৱী গুণধাৰী দেৱতা। পিতাই কয় - মই দৈৱীগুণ আৰু আসুৰি গুণৰ পৰা উপৰাম। মই
তোমালোকৰ পিতা পঢ়াবলৈ আহোঁ। আত্মিক জ্ঞান পৰম আত্মাইহে দিয়ে। ‘গীতা’ৰ জ্ঞান কোনো
দেহধাৰী মনুষ্য বা দেৱতাই দিয়া নাই। বিষ্ণু দেৱতা নমঃ বুলি কয়, তেন্তে কৃষ্ণ কোন?
দেৱতা কৃষ্ণই বিষ্ণু হয় - এয়া কোনেও নাজানে। তোমালোকৰ মাজতো কিছুমানে পাহৰি যায়।
নিজে পূৰা বুজিলেহে অন্যকো বুজাব। সেৱা কৰি প্ৰমাণ লৈ আহিলে তেতিয়াহে বুজিম যে সেৱা
কৰিলা সেয়েহে বাবাই কয় - দীঘলীয়া বাৰ্তা নিলিখিবা, অমুক আহিবলগীয়া আছে, এনেকৈ কৈ
গৈছে…… এইবোৰ লিখাৰ প্ৰয়োজন নাই। কমকৈ লিখিব লাগে। চোৱা যেতিয়া আহে, তিষ্ঠি থাকেনে?
বুজি আকৌ সেৱা কৰিবলৈ লাগি গ’লে তেতিয়া বাৰ্তা লিখিবা। কিছুমানে নিজৰ বহুত প্ৰদৰ্শন
কৰে। বাবাক প্ৰতিটো কথাৰ ফলাফল লাগে। বাবাৰ ওচৰলৈ এনেকুৱা বহুত আহে, আকৌ গুচি যায়,
তাৰ পৰা কি লাভ। তেওঁলোকক বাবাই কি কৰিব। তেওঁলোকৰো একো লাভ নহয়, তোমালোকৰো একো লাভ
নহয়। তোমালোকৰ অভিযানৰ বৃদ্ধিতো নহ’ল। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো কথাত অসহায় হ’ব নালাগে। নিজে জ্ঞান ধাৰণ কৰি আনক দান কৰিব লাগে। অন্যৰো
ভাগ্য জগাই তুলিব লাগে।
(2) কাৰোবাৰ সৈতে
বাৰ্তালাপ কৰাৰ সময়ত নিজক আত্মা বুলি বুজি আত্মাৰ সৈতে বাৰ্তালাপ কৰিব লাগে। অলপো
যাতে দেহ-অভিমান নাহে। পিতাৰ পৰা যি অপাৰ সুখ পাইছা সেয়া আনক বিলাই দিব লাগে।
বৰদান:
অন্তৰ আৰু মগজ
দুয়োটাৰ সন্তুলনেৰে সেৱা কৰোঁতা সৰ্বদা সফলতামূৰ্ত হোৱা
বহুক্ষেত্ৰত
সন্তানসকলে সেৱাত কেৱল মগজ ব্যৱহাৰ কৰে কিন্তু অন্তৰ আৰু মগজ দুয়োটা মিলাই সেৱা কৰা
তেতিয়া সেৱাত সফলতামূৰ্ত হৈ যাব। যিয়ে কেৱল মগজেৰে সেৱা কৰে তেওঁৰ মগজ অলপ সময়
পিতাৰ স্মৃতি থাকে যে হয় বাবাহে কৰাওঁতা কিন্তু কিছু সময়ৰ পাছত পুনৰ সেয়াই “মই বোধ”
আহি যাব। আৰু যিয়ে অন্তৰেৰে কৰে তেওঁৰ অন্তৰত বাবাৰ স্মৃতি সদায় থাকে। ফল অন্তৰেৰে
সেৱা কৰিলেহে পোৱা যায়। আৰু যদি এই দুয়োটাৰ সন্তুলন থাকে তেন্তে সফলতা সদায় আছে।
স্লোগান:
বেহদত থাকা তেতিয়া হদৰ কথাবোৰ স্বতঃ সমাপ্ত হৈ যাব।
পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
বিশেষ ৰূপত নিজৰ মনেৰে
অৰ্থাৎ সংকল্প শক্তিৰে, বাণীৰ শক্তিৰে, নিজৰ সংগৰ ৰঙেৰে, সম্বন্ধৰ স্নেহেৰে, আনন্দৰ
অক্ষয় সম্পদেৰে অখণ্ড দান কৰি থাকিবা – এয়াই হৈছে পৰোপকাৰ কৰা। যিকোনো আত্মা
সম্পৰ্কত আহিলে আনন্দৰ সম্পদেৰে সম্পন্ন হৈ যাওঁক, এনেকুৱা অখণ্ড দানী হোৱা।